জুবিন গার্গে লিখা আৰু জুবিন গার্গ বিষয়ক কিতাপ

 জুবিন গার্গে লিখা আৰু জুবিন গার্গ বিষয়ক কিতাপৰ  অসম্পূর্ণ তালিকা

জুবিনে কৈছিল, "কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে..'


১. শব্দ অনুভুতি:- পৰিৱেশক ৰূমী ৰূপক, নগাঁও৷ মূল্য- ১২৫টকা৷ 


২০০৮ বর্ষত প্ৰকাশিত  জুবিন গার্গৰ এইখন কবিতা পুথিৰ সংকলন আৰু সামগ্ৰিক পৰিকল্পনা  মায়া আলোচনীৰ অমৃত কৃষ্ণ বড়া৷ কিতাপখনৰ পৃষ্ঠাত ননী বৰপূজাৰী, হীৰুদা আৰু দেউতাকে অংকন কৰা ছবি সন্নিবিষ্ট হৈ আছে৷ সংকলনখনত সন্নিবিষ্ট হৈ থকা কবিতাসমূহ হৈছে- শব্দ অনুভূতি, অনুভৱ, চক্ৰ, অহিৰ ভৈৰৱ, অস্থিৰ কাব্য, ?, নৈশ বিলাপ, সুখানুভৱ, কবি, স্বাভিমান, দেৱালী, ভংগুৰ কাব্য; মই (প্ৰথম খণ্ড), অন্য এক আৱেগ, শৰৎঃ তোমাৰ বাবে; দেৱী, তুমি, প্ৰতিটো, শীত, তুমি (কবি হীৰুদালৈ), স্বপ্ন-মিছিল, বন্য ল'ৰালি, ৰোমন্থন, পদধ্বনি, বান্দৰ হোৱাৰ পথত আমি, হুংকাৰ, বিপ্লৱ আজি অভিশাপ, মই তোমাৰ মাজত, মেটামৰফংছিছ, এবুকু শব্দ, শব্দ আৰু উত্তৰ নাই৷

২. জুবিনৰ পদ্য


জুবিন গার্গক বিষয় হিচাপে লৈ লিখিত আৰু সম্পাদিত গ্ৰন্থ

৩. জুবিন গার্গ  জীৱনৰ পৰা গানলৈ.. সম্পাদনা - মণ্টু শইকীয়া/ চন্দ্ৰ প্ৰকাশ/ প্ৰথম প্ৰকাশ ২০০৯


কিতাপখন সম্পর্কে জুবিনে কৈছিল, "কি কৰিলো, কিমান কৰিলো নেজানো৷ যি কৰিছো ৰাইজৰ বাবে কৰিছোঁ আৰু অসমৰ বাবে কৰিছোঁ৷ মোক যিসকল লোকে ভাল দৰে লগ পাইছে বা বুজি পাইছে তেওঁলোকে এই কিতাপখনত মোক বিশ্লেষণ কৰিছে৷" কিতাপখনত ক্ৰমে, হীৰেন ভট্ৰাচার্য (জুবিন অসমীয়া সংগীতৰ ক্ষেত্ৰত এক জোকাৰণি); ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী (এক ঐতিহাসিক দায়িত্ব); পবিত্ৰ কুমাৰ ডেকা (অহিলোঁ, গান গালোঁ, জয় কৰিলোঁ); ডাঃ অজিত বৰুৱা (জুবিন গার্গক ময়ো ভালপাওঁ); মুনিন বৰুৱা (জুবিনৰ কথাৰে); কপিল ঠাকুৰ (গান জুবিন গার্গৰ তেজত আছে); নয়ন প্ৰসাদ (গানৰ জুবিন); বিদ্যুৎ কুমাৰ ভূঞা (জুবিন গার্গকো এদিন কৰা হৈছিল 'ব্লেক আউট'); মণি মহন্ত (সুৰৰ সপোনে সপোনে); পবিত্ৰ মার্ঘেৰিটা (গ'ল্ডী.. এটি সোণালী কণ্ঠ);  মণ্টু শইকীয়া ( গুণী পিতৃ-মাতৃৰ গুণী পুত্ৰ); দেৱ কুমাৰ বৰকটকী (মোৰ দৃষ্টিত জুবিন..জুবিনৰ বিষয়ে কিছু কথা..); ভগৱৎ প্ৰতীম (মোৰ অনুভৱৰ জুবিন); দিগন্ত ভাৰতী (আমাৰ চিনাকিৰ আগলি বেলা); ৰাজেশ ভূঞা (জুবিনৰ মৰম আৰু খং); গৰিমা শইকীয়া গার্গ (জুবিন হেজ গ'ট এ হার্ট অফ গোল্ড); ডনি হাজৰিকা (জুবিনঃ অসমীয়া জাতিৰ আপুৰুগীয়া সম্পদ); গৌতম চক্ৰৱর্তী (সংগীতৰ অমিয়া সন্ধানত জুবিন); গোপাল জালান (লয়ইতৰ পাৰৰ গীত-সুৰক সিন্ধু গংগাৰ পাৰত বিলাইছে জুবিনে); হেমচন্দ্ৰ পাঠক (বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁত);সুশান্ত কোঁৱৰ (নষ্টালজিয়া); মাণিক ৰায় ( সর্বভাৰতীয় প্ৰেক্ষাপটত জুবিনৰ সবল খোজ হিন্দী ছবিত অসমীয়া প্ৰার্থনা); মানস ৰবীন (জুবিন আৰু মই); ৷ লগতে আছে ক্লজ আপত জুবিন, লাভ কৰা বঁটা সমূহ, জীৱন-পঞ্জী, এমুঠি জনপ্ৰিয় গান আৰু ফটো৷ 

৪. পিতৃৰ দৃষ্টিত জুবিন- কপিল ঠাকুৰ৷ দেউতাকে পুতেকক লৈ লিখা প্ৰথমখন জীৱনী৷ 



৫. জুবিন গার্গ...ইত্যাদি



জোনাক যুগান্তৰ বৰাই সম্পাদনা কৰা এইখন কিতাপতৰ বকলাত উল্লেখ আছে- অসমৰ এটা জনপ্ৰিয় ব্যক্তিসত্ত্বা৷ দুটা দশক ধৰি অসমীয়া সংগীত জগতত বৈ থকা এজাক ধুমুহা৷ সমানে বির্তকিতও৷ জুবিন গার্গ আজিও কিয় ইমান জনপ্ৰিয় বাব বির্তকিত তাৰ বহুতো গোপন কাহিনীসংবাদ মাধ্যমে প্ৰচাৰ নকৰিলে৷ যিবোৰ কথা, যিবোৰ ঘটনা কাহানিও মানুহৰ কাণত নপৰিলাথবা সংবাদ মাধ্যমেও নাজানিলে৷ আজিৰ জুবিন গার্গজনক আমি কিমান বুজি পাওঁ ? জুবিন গার্গে মাতলামি কিয় কৰে ? পত্নীৰ দৃষ্টিত জুবিনৰ কেইটামান ভূল আজিও কিয়? জুবিন গার্গৰ অহংকাৰ কাৰ বাবে ? তেনে ঘটনাক সামৰি প্ৰস্তুত 'জুবিন গার্গ..ইত্যাদি৷"কিতাপখনত গৰিমা শইকীয়া গার্গ (তুমি মোৰ মাথোঁ মোৰ..); মুনিন বৰুৱা (মই আৰু জুবিন); ৰতন লহকৰ (স্মৃতি তুমি জীয়াই থাক..); অতনু ভূঞা (জুবিনক গান গাব দিয়া নাছিলোঁ); গৌতম চক্ৰৱর্তী (স্মৃতিৰ টোপালত মই আৰু জুবিন); বিমান বৰুৱা (জানমণি ঐ, পচোৱা ফাগুনৰ..); অনুপ বৰুৱা (যাবলৈ খোজোঁতেই থমকিব দুভৰি...); যতীন বৰা (নহ'লে পৰিচয় হিয়াৰে...); প্ৰস্তুতি পৰাশৰ (কোনে ৰিঙিয়াই..); শিবাণু বৰা (জুবিনৰ Page 3); শান্তনু গৌতম (পাহৰা নাই সেই দিনবোৰ); মানসজ্যোতি বৰা (বুবু) (মনলৈ উভতি আহে ল'ৰালি...); মানস ৰবীন (মোৰ আৰু জুবিনৰ যাত্ৰা); ৰবচন বৰুৱা (ফুল ফুলক অন্য এক ফুল); ৰাজীৱ বৰা (সোণটো...গ'ল্ডী); পবিত্ৰ মার্ঘেৰিটা (জুবিন মানে অন্য এক তীক্ষ্ণ তৰোৱাল); লীনা বেজবৰা (তোমাৰ কৃতকাযর্তাই আকাশ স্পর্শ কৰক); প্ৰসেনজিৎ লাহন (জুবিনৰ কেইটামান অপ্ৰকাশিত মুহূর্ত); অতনু গৌতম (মোৰ অস্তীত্বত গ'ল্ডীৰ প্ৰভাৱ); দুর্গাময়ী বৰা (খেয়ালী জুবিন); জুবলী বৰুৱা (গ'ল্ডীদা'  এজোপা বৃহৎ গছ); পার্থ প্ৰতীম গোস্বামী (পূর্ণ বয়স্ক শিশুসুলভ জুবিন); হিমাংকন দাস (জুবিনঃ সা্ন্নিধ্যৰ আর্শীবাদ); ধনজিৎ কলিতা (জেতিয়া জুবিনক বিতর্কিত কৰি..); বর্ণালী কলিতা (গ'ল্ডীদাৰ বাবে মই ফুটবল); ৰাজদ্বীপ (জুবিনৰ সন্ধানত আৰক্ষী আৰু এটা গান০; পল শেনচোৱা (মেঘৰ বৰণ); কমল বর্মন (ফটোজেনিক জুবিন); অসীম বৈশ্য (এ্ন্ধাৰ হ'ব নোখোজা মানুহজন); উদয় শংকৰ (মোৰ কাণফুলিযোৰ জুবিন দাই পিন্ধিছিল..); গগণাষ্টম (জুবিন গার্গ, জনপ্ৰিয়তা, বির্তক আৰু...); কৈলাশ ৰাভা (মেগা হিট উৎপতীয়া ল'ৰাটো); দেৱেশ্বৰ শইকীয়া (াসমৰ হিয়াৰ আমঠু জুবিন গার্গ); ফণীন্দ্ৰ দেৱ চৌধুৰী (জুবিন); মণ্টু শইকীয়া (জুবিনায়ন); প্ৰণভ কুমাৰ বর্মন (জাতিৰ ঠিকনা); প্ৰাঞ্জল দলৈ (জুবিনবাদ আৰু জুবিনগিৰীত মই); নীলোৎপল বৰুৱা (গীতি সাহিত্জুয, লোকাতায়ন আৰু বিন গার্গ); চাণক্য বৰুৱা (মানুহৰ প্ৰতিনিধি জুবিন গার্গ); অনুপ কুমাৰ বৰুৱা (এক বিশাল ব্যক্তিত্বৰ প্ৰতিভূ জুবিন গার্গ); নৃপেন দাদ (জুবিনৰ মহানুভৱতাই মোক প্ৰভাৱিত কৰে..); সুস্মিতা বৰুৱা (সংগীত আকাশৰ ধ্ৰুৱতৰা জুবিন গার্গ); ৰাতুল ভূঞা (জুবিনঃ এক দূৰন্ত প্ৰতিভাৰ নাম); ৰাতুল তালুকদাৰ (অনন্য জুবিন); নাজমা বেগম (এমুঠি ৰ'দৰ সন্ধানত জুবিনদা); অমৃত চেতিয়া (যাৰ গানে মোক শিল্পী হোৱাৰ..); নীলাক্ষি বৰা (আশা মোৰ আশা...); চাও ৰনেন্দ্ৰকুমাৰ বুঢ়াগোহাঁই (জুবিন গার্গ এক দূৰন্ত প্ৰতিভা); আল্পনা (লনী) বৰুৱা (তোমাৰ গানত); কবিতা আৰু জুবিন গার্গৰ জোনাকী যৌৱন৷ 


৬. জুবিন গার্গঃ সৃষ্টি বির্তক প্ৰাসংগিকতা- সম্পাদনা- ডঃ পদ্মপানি৷ অলিম্পিয়া প্ৰকাশন



এইখন কিতাপত ৯ টা প্ৰবন্ধত জুবিনৰ বি্ষয়ে লিখিছে ক্ৰমে- লোকনাথ গোস্বামী; ডাঃ সৌৰভ কুমাৰ ভূঞা; ৰাহুল গৌতম শর্মা; ডাঃ গায়ত্ৰী গগৈ; ড ভার্গৱজ্যোতি চহৰীয়া; মানসী বৰা; পৰাশৰ কলিতা আৰু ভার্গৱ বৰঠাকুৰে৷ 


৭. জুবিন- মৃণাল শর্মা/ চিত্ৰাচল প্ৰকাশ



৮.  জুবিন গার্গৰ সৃষ্টি আৰু দৃষ্টি-  ড প্ৰাণেশ্বৰ নাথ৷ 



৯. সংগীত সুধাকৰ জুবিন গার্গ-:- ৰাতুল চন্দ্ৰ নাথ/ কবিতা পুথি



১০. জুবিন গার্গৰ গান আৰু কবিতাৰ গল্প- নীলিম আকাশ কাশ্যপ



১১. 

* আলাপ আলোচনীৰ জুবিন সংখ্যা:- ২০২১ চনৰ ১৮ নৱেম্বৰত আলোচনীখন জুবিন গার্গ বিষ্যক বিভিন্ন লিখনি সন্নিবিষ্ট কৰি জুবিন বিশেশ সংখ্যা ৰূপে প্ৰকাশ কৰে৷ 



** প্ৰশান্ত কুমাৰ দাসৰ 'মৃণ্ময়ী ভেনাছ' গল্প সংকলনৰ এটা গল্প  হৈছে 'জুন গার্গক ভাল পোৱা ছোৱালী'জনী'



** জুবিনৰ গীতৰ সংকলন-





 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ