প্ৰথম
অধ্যায়:- প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু
১.১
পাতনি
*
বায়ুমণ্ডলৰ ভিতৰতে বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিবর্তন সংঘটিত হয়৷ বায়ুমণ্ডল হৈছে
পৃথিৱীৰ পৃষ্ঠৰ পৰা ওপৰলৈ চাৰিওফালে ১০,০০০ কি: মি: উচ্চতা পর্যন্ত প্ৰসাৰিত হৈ থকা
গেছীয় আৱৰণ৷ মধ্যাকর্ষণ শক্তিৰ বাবে বায়ুমণ্ডলটো পৃথিৱীৰ গাতে লাগি আছে৷
*
বায়ুমণ্ডলৰ ভাগ চাৰিটা:- ট্ৰপ’স্ফিয়েৰ, ষ্ট্ৰেট’স্ফিয়েৰ, মেছ’স্ফিয়েৰ আৰু থার্মোস্ফিয়েৰ৷
ইয়াৰে একেবাৰে তলত থকা ট্ৰপ’স্ফিয়েৰত জলীয়বাষ্প অধিক থাকে আৰু তাৰ বাবে এই অংশত মেঘ,
বৰষুণ সৃষ্টিৰ লগতে বতৰৰ কার্য্য-কলাপ সংঘটিত হয়৷
*
বায়ুমণ্ডল পৰিবর্তনশীল আৰু সূর্য্যৰ তাপে বায়ুমণ্ডল পৰিবর্তন হোৱাত অৱদান আগবঢ়ায়৷ বায়ুমণ্ডলৰ
উত্তাপৰ তাৰতম্যৰ ফলত বায়ুৰ চাপ আৰু আর্দ্ৰতাৰ কম বেছি হয়৷
১.২
বতৰ আৰু জলবায়ুৰ সংজ্ঞা
*
বতৰ:- কোনো এখন ঠাইত কম সময়ৰ বাবে (কেইঘণ্টামান দিনটো/কেইদিনমান/কেইসপ্তাহমান)
পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থানকে বতৰ বুলি কোৱা হয়৷ যেনে- দিনটোৰ বতৰ, আজিৰ
বা কালিৰ বতৰ, সপ্তাহটোৰ বতৰ৷
*
জলবায়ু:- দীর্ঘ সময়ৰ বাবে কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ
অধীনত কোনো এখন ঠাইৰ বতৰৰ উপাদান যেনে- উত্তাপ, চাপ, আর্দ্ৰতা আদিৰ অধ্যয়নৰ ফলত পোৱা
নির্ণয় মানক অঞ্চলটো বা ঠাইখনৰ জলবায়ু বোলা হয়৷ জলবায়ু নির্ণয়ৰ বাবে অতি কমেও ৩০ বছৰ
নির্ধাৰণ কৰা হয়৷ উদাহৰণ- ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ জলবায়ু মূলতঃ ক্ৰান্তীয় মৌচুমী
জলবায়ু (কাৰণ দীর্ঘ সময় ধৰি অঞ্চলটোত এই জলবায়ুৱে বিৰাজ কৰি আছে৷)
*
দুয়োটাৰ মাজৰ পার্থক্য:-
১.
বতৰ বুলিলে কোনো ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাক বুজায়৷ আনহাতে
জলবায়ু বুলিলে কোনো এখন ঠাইত দীর্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজায়৷
২.
বতৰে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজায়৷ কিয়নো বতৰৰ
উপাদান সমূহ যেনে উত্তাপ, চাপ, আর্দ্ৰতা আদিবোৰ কম দূৰর্ত্বৰ ব্যৱধানত সংঘটিত হয়৷ আনহাতে
জলবায়ুৰ ধাৰণাটোৱে একোটা বৃহৎ অঞ্চলক সামৰি লয়৷ উদাহৰণ স্বৰূপে- অসমৰ জলবায়ু, ব্ৰক্ষ্মপুত্ৰ
উপত্যকাৰ জলবায়ু, বৰাকৰ জলবায়ু আদি৷
১.৩
বতৰ আৰু জলবায়ুৰ
উপাদান
১. উত্তাপ:- সূর্যৰ
পৰা অহা তাপ শক্তি বায়ুমণ্ডলৰ চাৰিওটা স্তৰৰ মাজেদি পাৰ হৈ আহোঁতে বাটতে বায়ুৱে কিছু
তাপ শোষণ কৰে৷ অৱশিষ্টখিনি ভূপৃ্ষ্ঠত পৰেহি৷ সেইখিনি পুনৰ প্ৰতিফলিত হৈ ভূপৃষ্ঠৰ গাতে
লাগি থকা ট্ৰপ’স্ফিয়েৰৰ বায়ুৱে শোষণ কৰে৷ এই প্ৰক্ৰিয়াৰ ফলত নিম্ন স্তৰৰ বায়ুৰাশি
ক্ৰমাৎ উত্তপ্ত হয়৷
*
তাপ পালে বায়ু পাতল হয় আৰু তেতিয়া পাতল বায়ুখিনি উর্ধগামী হয়৷ উর্ধগামী বায়ুৰ খালী
ঠাই পূৰাবলৈ চৌদিশৰ পৰা তুলনামূলক ভাৱে চেঁচা বায়ু প্ৰবাহিত হ’বলৈ ধৰে৷ ইয়াৰ ফলত তাপৰ
তাৰতম্য ঘটি বায়ুৰ উচ্চচাপ বা নিম্নচাপ সৃষ্টি হয় আৰু বায়ুপ্ৰবাহৰ সৃষ্টি হয়৷
*
বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰির্বতন হয়৷ সূর্য্যৰ ৰশ্মি দুপৰীয়া কোনো
এখন ঠাইত লম্বভাৱে পৰে৷ পোনপটীয়াকৈ বায়ুমণ্ডলৰ মাজেদি আঁহতে সুর্যৰ লম্ব ৰশ্মিয়ে কম
দূৰত্ব অতিক্ৰম কৰিলে তীব্ৰতা বেছি হয়৷
*
আৱেলি আৰু পুৱা সূর্যৰ ৰশ্মি হেলনীয়াকৈ পৰা বাবে ইয়াৰ তীব্ৰতা কম হয়, ফলত উত্তাপ কমকৈ
অনুভূত হয়৷
*
পৃথিৱীয়ে ইয়াৰ নিজ মেৰুদণ্ডৰ ২৩ ১/২ ° কোণ
কৰি হেলনীয়া হৈ সূর্যক প্ৰদক্ষিণ কৰে৷ ফলত কেতিয়াবা উত্তৰ গোলার্ধ সূর্যৰ ওচৰ চাপি
আহে আৰু দক্ষিণ গোলার্ধ সূর্যৰ পৰা আঁতৰি যাত আৰু কেতিয়াবা তাৰ ওলোটা পৰিঘটনা হয়৷ সূর্যৰ
ওচৰ চপা গোলার্ধত গ্ৰীষ্মকাল হোৱাৰ বিপৰীতে অন্যটা গোলার্ধত শীতকাল হয়৷
*
বিষুৱীয় অঞ্চলত গোটেই বছৰ ধৰি সূর্য্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে বাবে উক্ত অঞ্চলৰ বায়ু
গৰম৷ ইয়াৰ পৰা যিমানেই আঁতৰি যোৱা হয় উত্তাপ কমি যায় আৰু শেষত মেৰু অঞ্চলত বৰফৰ আৱৰণেৰে
ঘেৰি থাকে৷
*
ত্ৰুটি-হাৰ:- ট্ৰপ’স্ফিয়েৰ স্তৰত ভুপৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ মাজেৰে ওপৰলৈ প্ৰতি
এক কিলোমিটাৰ বায়ুৰ উত্তাপ গড় হিচাপত ৬ ডিগ্ৰী চেলচিয়াছ হাৰত কমিবলৈ ধৰে৷ বায়ুৰ উত্তাপ
হ্ৰাস হোৱা এই কাণ্ডক কোৱা হয় ত্ৰুটি-হাৰ৷
২. বায়ুৰ চাপ:- * বায়ু ভৰ আৰু
চাপযুক্ত গেছীয় পদার্থ৷ ই সংকোচনশীল৷ ফলত তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকোচিত হয় আৰু
ফনত্ব বৃদ্ধি পায়৷ ঘনত্ব বাঢ়িলে চাপ বাঢ়ে৷
*
বায়ুমণ্ডলৰ নিম্নভাগত চাপ বেছি৷ ইয়াৰ বিপৰীতে যিমানেই ওপৰলৈ যোৱা যায় বায়ুমণ্ডলৰ গভীৰতা
কমি আহে আৰু চাপ কমি যায়৷
*
বায়ুমণ্ডলৰ চাপ হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল৷ দৰাচলতে সাগৰপৃষ্ঠৰ
উচ্চতাত বায়ুমণ্ডলৰ চাপৰ জোখ বেৰোমিটাৰ পাৰাস্তম্ভৰ উচ্চতাৰ দ্বাৰা জোখা হয়৷ প্ৰতি
বর্গ ইঞ্চিত ১৪.৭ পাউণ্ড বা বর্গ চেণ্টিমিটাৰত এক কিলোগ্ৰাম৷
*
বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিবর্তনশীল৷ পৃথিৱীৰ দুই মেৰু অঞ্চলত বায়ুৰ চাপ
আধিক৷ কিয়নো সেই অঞ্চলৰ বায়ু শীতল আৰু নিম্নগামী৷ উত্তাপ বাঢ়িগলে বায়ুৰ চাপ কমি যায়৷
আৰু উদ্ধগামী হয়৷ (উদাহৰণ- হট এয়াৰ বেলুন)
*
ঋতু অনুসৰিও বায়ুৰ চাপৰ হ্ৰাস বৃদ্ধি হয়৷ বায়ুতৰ উত্তাপৰ তাৰতম্য হোৱাৰ বাবেই বায়ুৰ
চাপ কম-বেছি হয়৷
*
ঘাইকৈ দুটা কাৰণৰ বাবে বায়ুমণ্ডলত চাপৰ তাৰতম্য হয়- ক) বায়ুৰ উষ্ণতা আৰু খ)
পৃথিৱী পৃষ্ঠৰ উচ্চতা
৩. আর্দ্ৰতা:- * সূর্য্য ৰশ্মিৰ
উত্তাপত বাবে বৰফ স্তূপ, বৰফাবৃত অঞ্চল, সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, জলাশয় আদিৰ পানী
ভাৱ হৈ অবিৰতভাৱে ওপৰলৈ গৈ থকা প্ৰক্ৰিয়াক বাষ্পীভৱন বোলা হয়৷ এনে পানী বায়ুমণ্ডলত
মিহলি হয়৷
*
অধঃক্ষেপ:- বষ্পীভৱনৰ যোগেদি যোৱা পানী বায়ুমণ্ডলত মিহলি হোৱাৰ পিছত বায়ুৰ উত্তাপ
হ্ৰাস হয়৷ বায়ুত থকা জলীয় বাষ্পখিনি ঘনীভূত হৈ কুঁৱলী, নিয়ৰ, বৰষুণ, বৰফ কণা আদিৰ মাধ্যমেৰে
তললৈ নামি আহি ভূ-পৃষ্ঠত পৰাকে অধঃক্ষেপ বোলে৷
*
জলচক্ৰ:- ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ মাজত হোৱা জলৰাশিৰ বিনিময় প্ৰক্ৰিয়াকে জলচক্ৰ
বোলা হয়৷ অবিৰতভাৱে চলি থকা জলচক্ৰৰ বাবেই বায়ুৱে জলীয়বাষ্প লাভ কৰে৷
*
বায়ুৰ আর্দ্ৰতা হৈছে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণ৷ বায়ুভেদে ইয়াৰ অৱস্থান
বেলেগ৷ উষ্ণ বায়ুৰ জলীয়বাষ্প ধাৰণ ক্ষমতা বেছি আৰু ঠাণ্ডা বায়ুৰ কম৷
*
সংপৃক্ত বায়ু:- কোনো নিদিষ্ট আয়তনৰ বায়ুৱে নিদিষ্ট উত্তাপত যিমানখিনি জলীয়বাষ্প
ধাৰণ কৰিব পাৰে তাকে সংপৃক্ত বায়ু বোলে৷ ইয়াক দুই প্ৰকাৰে প্ৰকাশ কৰা হয়- ক) চৰম
আর্দ্ৰতা:- কোনো নির্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ প্ৰকৃত পৰিমাণকে বুজোৱা
হয়৷ ইয়াক গ্ৰাম ওজনত প্ৰকাশ কৰা হয় খ) আপেক্ষিক আর্দ্ৰতা:- কোনো নিদিষ্ট উষ্ণতাত
সেই আয়তনৰ বায়ুখিনি সংপৃক্ত হ’বলৈ প্ৰয়োজনীয় জলীয় বাস্পৰ ভৰৰ যি অনুপাত তাকে বুজোৱা হয়৷
৪. বতাহ:- * কোনো কাৰণত ভুপৃষ্ঠৰ
কোনো ঠাইত বায়ুৰ নিম্ন চাপ আৰু উচ্চ চাপ সৃষ্টিৰ ফলত হোৱা বায়ু চলাচলকে বতাহ বোলে৷
বতাহ উচ্চচাপৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে৷ পৃথিৱীৰ উপৰিভাগত হোৱা বায়ুৰ চাপৰ তাৰতম্যৰ
ভিত্তিত উত্তৰ আৰু দক্ষিণ গোলার্ধত হোৱা কেইটামান বায়ুৰ চাপ-বলয় হৈছে- ক) নিৰক্ষীয়
নিম্ন চাপ বলয় খ) উপ-ক্ৰান্তীয় উচ্চ চাপ বলয় গ) উপ মেৰুদেশীয় নিম্ন চাপ
বলয় ঘ) মেৰুদেশীয় উচ্চ চাপ বলয়৷
*
ভূপৃষ্ঠত বায়ুৰ চাপৰ সমতা ৰক্ষা কৰিবলৈ বায়ুপ্ৰবাহ হয়৷ যিমানে উচ্চ চাপ আৰু নিম্ন চাপ
কেন্দ্ৰৰ মাজত চাপৰ পার্থক্য বেছি হয় সিমানে বতাহৰ গতি বেছি হয়৷
*
উচ্চ চাপ আৰু নিম্ন চাপ কেন্দ্ৰৰ মাজৰ দূৰত্ব ক’ম হ’লে বতাহৰ গতি বাঢ়ে আৰু দূৰত্ব বেছি
হ’লে বতাহৰ গতি কম হয়৷ বতাহ সদায় বায়ুৰ উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি
কৰে৷
*
বায়ু উত্তপ্ত হ’লে পাতল হৈ উর্ধগামী হয় আৰু চেঁচা হ’লে গধুৰ হৈ নিম্নগামী হয়৷
*
পৃথিৱীৰ আহ্নিক গতিৰ বাবে বায়ুপ্ৰবাহ ঘটে৷ পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ নিজ মেৰুদণ্ডত
ঘূৰি থকাৰ বাবে বায়ুৱে গতি লাভ কৰে আৰু বতাহৰ দিশৰ পৰিৱর্তন হয়৷
*
চাপ-বলয়ৰ ওপৰত ভিত্তি কৰি বতাহৰ ভাগ কেইটা হৈছে- খ) নিয়ত বতাহ খ) সাময়িক বতাহ গ) অনিয়মিত
বতাহ আৰু ঘ) স্থানীয় বতাহ
৫.
অধঃক্ষেপ:- * বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে
ঘনীভুত হৈ জলকণা বিলাকৰ আকাৰ বৃদ্ধি আৰু মধ্যাকর্ষণ বলৰ প্ৰভাৱত বায়ুস্তৰৰ মাজেৰে ভু-পৃষ্ঠলৈ
নামি আহে৷ তাকে অধঃক্ষেপ বোলে৷ ইয়াৰ ভাগবোৰ হৈছে- নিয়ৰ, হিম, ঘনকুঁৱলী, পাতল কুঁৱলী,
তুষাৰ কণা-বৃষ্টি, তুষাৰপাত, বৰষুণ, কিনকিনিয়া বৰষুণ আদি৷
*
বৰষুণৰ প্ৰকাৰ- পৰিচলন বৃষ্টি (সূর্য্যৰ
প্ৰখৰ তাপত ভূপৃষ্টৰ বায়ু উত্তপ্ত হৈ উর্ধগামী হয় আৰু তেনে বায়ু জলীয়বাষ্প হৈ শীতল
ঘনীভৱন প্ৰক্ৰিয়াৰে হোৱা বৰষুণ৷ বিষুৱীয় অঞ্চলত অধিক পৰিমাণে হয়৷), শৈল্যোৎক্ষেপ
বৃষ্টি (ভুপৃষ্ঠৰ ওপৰেৰে বৈ যোৱা বতাহ যেতিআয় পর্বত-পাহাৰৰ ঢালত বাধাপ্ৰাপ্ত হৈ
হোৱা প্ৰচুৰ বৰষুণ), ঘূর্ণী বৃষ্টি (কোনো এখন ঠাইত যেতিয়া বায়ু উত্তপ্ত হৈ নিম্ন
চাপৰ সৃষ্টি কৰে তেতিয়া কাষৰীয়া ঠাইৰ পৰা শীতল বায়ুপ্ৰবাহ চাৰিওফালৰ আহি পকনীয়াৰ সৃষ্টি
কৰি দিয়া বৰষুণ), অক্ষীয় বৃষ্টি (পৃথিৱীৰ কোনো কোনো অক্ষাংশত জলীয়বাষ্প গোটেই
বছৰ ধৰি প্ৰবাহিত হয়৷ তেনে বায়ুপ্ৰবাহৰ ফলত সৃষ্টি হোৱা বৰষুণ) আৰু অৰণ্য বৃষ্টি (অৰণ্য অঞ্চলত গছ-গছনিৰ শ্বাস-প্ৰশ্বাস
প্ৰক্ৰিয়াৰ ফলত মিহলি হোৱা জলীয়বাষ্প ঘনীভূত হৈ দিয়া বৰষুণ)
১.৪
বতৰ আৰু জলবায়ুৰ
কাৰকসমূহ
১.
অক্ষাংশ:- অক্ষাংশ অনুপাতে পৃথিৱীপৃষ্ঠত সূর্যৰ কিৰণ
পোন বা হেলনীয়া হৈ পৰে৷ ইয়াৰ ফলত দিন-ৰাতি হ্ৰাস-বৃদ্ধি হয়৷ লম্বভাৱে পৰিলে উত্তাপ
বৃদ্ধি হয়৷ বিষুৱ ৰেখাৰ পৰা উত্তৰলৈ আৰু দক্ষিণলৈ অক্ষাংশ বাঢ়ি গলেই সূর্যৰ কিৰণ ক্ৰমে
বেঁকা হৈ পৰে৷
২.
উচ্চতা:- গড় হিচাপত প্ৰতি এক কিলোমিটাৰ উচ্চতা বৃদ্ধিত
উত্তাপ ৬.৫° কমি যায়৷ সেইবাবে একে অক্ষাৎশত
থাকিলেও অধিক উচ্চতাৰ ঠাইত জলবায়ু শীতল. উদাহৰণ এলাহবাদ আৰু শ্বিলং একে অক্ষাংশত থাকিলেও
শ্বিলঙৰ জলবায়ু শীতল৷
৩.
সমুদ্ৰৰ সান্নিধ্য:- সমুদ্ৰৰ কাষৰ ঠাইবোৰত বেছি গৰম
বা বেছি ঠাণ্ডা অনুভূত নহয়. জলবতাহ আৰু স্থলবতাহৰ বাবে এনে হয়৷ সামদ্ৰিক জলবায়ু কোনো
দেশ বা মহাদেশৰ ভিতৰলৈ সোমাই যোৱাৰ লগে লগে তাৰতম্য কমি যায়৷
৪.
সমুদ্ৰ সোঁত:- উপকূলৰ যিবোৰ ঠাইৰ কাষেদি গৰম সামুদ্ৰিক
সোঁত বৈ যায় তেনে ঠাইত উত্তাপ বৃদ্ধি পায় আৰু ইয়াৰ বিপৰীতে ঠাণ্ডা সোঁতৰ সমুদ্ৰৰ পানী
শীতল৷
৫.
পর্বত পাহাৰৰ অৱস্থান;- পর্বত-পাহাৰৰ অৱস্থানে বায়ু
চলাচলত বাধা সৃষ্টি কৰে৷ জলীয় বাষ্প ঠেকা খাই তাৰ ঢালত প্ৰচুৰ বৰষুণ দিয়ে৷ যি ফাললৈ বৰষুণ নহয় তেনে অঞ্চলত খৰাঙে দেখা দিয়ে৷ চাৰিওফালে
পাহাৰে আৱৰি থকা অঞ্চলে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পৰে৷
৬.
বায়ুপ্ৰবাহ:- বৈশিষ্ট্যৰ ভিত্তিত বতাহৰ প্ৰকাৰবোৰ হৈছে-
শুকান বতাহ, জলীয়বাষ্পযুক্ত বতাহ, গৰম বতাহ, শীতল বতাহ আদি৷ বতাহৰ ওপৰত ভিত্তি কৰিও
ঠাইখনৰ জলবায়ু নির্ভৰ কৰে৷ কিছুমান তাহে বৰষুণ সৃষ্টি কৰে৷
৭.
ভূমিৰ প্ৰকৃতি:- মাটিসমূহক- বালিময়, শিলাময়, পলসুৱা
আদি ভাগত ভাগ কৰা হয়৷ যিবোৰ মাটি সোনকালে গৰম হয় তেনে মাটি অধিক গৰম আৰু নিশাৰ ভাগত
বেছি ঠাণ্ডা অনুভূত হয়৷ যেনে মৰুভূমি৷ আকৌ গছ-গছনিৰে ভৰা অঞ্চলৰ মাটি সোনকালে গৰম নহয়৷
৮.
ভূমিৰ ঢাল:- সূর্য্যৰ ৰশ্মি এঢলীয়াকৈ পৰা অঞ্চলতকৈ
পোনকৈ পৰা অঞ্চলত অধিক গৰম অনুভূত হয়৷ জলীয়বাষ্প পূর্ণ বায়ুৰ গতিৰ দিশে মুখ কৰি থকা
ভূমিৰ ঢালত বৃষ্টিপাত অধিক হয় আৰু আনটি দিশত কম হয়৷
৯.
উদ্ভিদ:- উদ্ভিদেৰে পৰিপূর্ণ অঞ্চলত অধিক বৰষুণ হয়৷
উদ্ভিদ নাথাকিলে বৃ্ষ্টিপাতৰ পৰিমাণ কমি যায় আৰু উত্তাপ বৃদ্ধি পায়৷
১.৫
জলবায়ুৰ প্ৰকাৰ
১.
বিষুৱীয় জলবায়ু;-
বিষুৱৰেখাৰ পৰা ১০° উঃ
আৰু দঃ অক্ষৰেখাৰ মাজৰ অঞ্চলত বিৰাজ কৰা উষ্ণ আৰু আর্দ্ৰ জলবায়ু৷ এই অঞ্চলত সূর্য্যৰ
ৰশ্মি লম্বভাৱে পৰে আৰু উষ্ণতা বেছি৷ গড়ে বছৰত ২০০ চেণ্টিমিটাৰ অধিক বৰষুণ দিয়ে৷ এই
অঞ্চলত ঋতু পৰিৱর্তন নহয় বুলিব পাৰি৷ চিৰসেউজীয়া ডাঠ অৰণ্যৰে ভৰা আৰু জনবসতিৰ বাবে
উপযোগী নহয়৷ অর্ন্তগত অঞ্চল- উত্তৰ অষ্ট্ৰেলিয়া, নিউ গুইনা,
ইণ্ডোনেছিয়া, মালয়ছিয়া, কংগো আৰু আমাজান অৱবাহিকা৷
২.
মৌচুমী জলবায়ু:- উত্তৰ আৰু দক্ষিণ গোলার্ধৰ ১০° উঃ আৰু ৪০° উঃ
অক্ষাংশৰ মাজৰ দেশবোৰত বিৰাজ কৰা জলবায়ু৷ গ্ৰীষ্মকালত অধিক উত্তাপ আৰু বৰষুণ দিয়াৰ
বিপৰীতে শীত কালত কম উত্তাপ আৰু বৰষুণ হয়৷ গড়ে বছৰত ২০০ চেণ্টিমিটাৰ অধিক বৰষুণ দিয়ে৷
বেছি বৰষুণ দিয়া অঞ্চলত চিৰসেউজীয়া আৰু পর্ণপাতী উদ্ভিদ পোৱা যায়৷ আনহাতে কম বৰষুণ
হোৱা ঠাইত ঘাঁহ আৰু জোপোহা উদ্ভিদ গছে৷ অর্ন্তগত অঞ্চল- ক) উত্তৰ গোলার্ধত- ভাৰতবর্ষ,
বাংলাদেশ, দক্ষিণ-পূব এছিয়া, দক্ষিণ-চীন, দক্ষিণ জাপান, উত্তৰ পূব আফ্ৰিকা, মেক্সিকো
আৰু ফ্লৰিডা৷ খ) দক্ষিণ গোলার্ধত- অষ্ট্ৰেলিয়া আৰু মালাগাচিৰ উত্তৰ অংশ৷
৩.
ছাভানা জলবায়ু:- এনে অঞ্চলত গ্ৰীষ্মকালৰ গড় উত্তাপ-
২৭-২৮° চেণ্টিগ্ৰেড আৰু শীতকালত ১০° ৰ পৰা ১৫° চেণ্টিগ্ৰেড
বৰষুণ হয়৷ বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে গছ-গছনিৰ পৰিৱর্তে ওখ ঘাঁহ আৰু জোপোহা
উদ্ভিদ বেছিকৈ গজে৷ উদাহৰণ- আফ্ৰিকাৰ ছাভানা, ব্ৰাজিলৰ কেম্প’চ৷ ঘাঁহনি অঞ্চলবোৰত পশুপালন
কৰা হয় আৰু বেছি বৰষুণ দিয়া অঞ্চলবোৰত কৃষিকার্যও কৰা হয়৷ অর্ন্তগত অঞ্চল- ছুডান,
মধ্য ভাৰত, আফ্ৰিকাৰ উত্তৰ আৰু মধ্য ভাগ, ব্ৰাজিলৰ দক্ষিণাংশ, আর্জেন্টিনা, ভেনিজুৱেলা
আৰু উত্তৰ অ্ষ্ট্ৰেলিয়াৰ মধ্যভাগ৷ ছাভানা জলবায়ুৰ অন্য নাম ছুডান জলবায়ু৷
৪.
উষ্ণ মৰ অঞ্চল:- যিবোৰ মৰু অঞ্চলত বার্ষিক বৃষ্টিপাত
গঢ়ে ১০ চেণ্টিমিটাৰৰ কম, তেনে অঞ্চলতই বিৰাজ কৰে. উষ্ণ মেৰু অঞ্চলত গ্ৰীষ্মকালত গড়
উত্তাপ ৩০° চেণ্টিমিটাৰৰ অধিক আৰু শীতকালত
কেৱল ১০° চেণ্টিগ্ৰেড৷ এনে অঞ্চলত
উষ্ণ ধুলি বতাহ বলে৷ বায়ু গৰম আৰু জলীয় বাষ্পৰ পৰিমাণ কম হোৱাৰ বাবে বৰষুণৰ পৰিমাণ
কম৷ বৰষুণ নোহোৱাত উদ্ভিদৰ পৰিমাণ কম৷ যিখিনি আছে সেইবোৰ জোপোহা আৰু কাঁইটীয়া
কেকটাছ জাতীয় উদ্ভিদ৷ অর্ন্তগত অঞ্চল- মকৰ ক্ৰান্তিৰ কাষৰীয় অষ্ট্ৰেলিয়া
মৰুভুমি অঞ্চল, কালাহাৰি আৰু আটাকামা মৰুভুমি৷ কর্কট ক্ৰান্তিৰ কাষৰীয় মৰুভুমি অঞ্চল
যেনে থৰ চৌডি আৰৱ, চাহাৰা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ পশ্চিম অঞ্চল আৰু মেক্সিকোৰ
পশ্চিমাংশ৷
৫.
নাতিশীতোষ্ণ মৰু জলবায়ু:- বিষুৱৰ উত্তৰ আৰু
দক্ষিণৰ ৩০° ৰ পৰা ৪০° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ অর্ন্তগত অঞ্চলত
এই জলবায়ু পোৱা যায়৷ বার্ষিক গড় বৰষুণ ১০ ছেণ্টিমিটাৰৰ কম৷ গ্ৰীষ্মকালত গড় উত্তাপ ৩০° ৰ পৰা ৪২° চেণ্টিগ্ৰেড৷
শীতকালত সঘনাই বৰফ পৰে৷ অর্ন্তগত অঞ্চল- গোবি মৰুভুমি, তাৰিম, টাৰফান,
টুর্কমেন আৰু ইৰানৰ কিছু অংশ, উত্তৰ আমেৰিকাৰ ইদাহু, উটাহ আৰু নেভাদা আৰু দক্ষিণ আমেৰিকাৰ
পাটাগনিয়া মৰু অঞ্চল৷
৬.
ভুমধ্যসাগৰীয় জলবায়ু:- বিষুৱৰেখাৰ উত্তৰ আৰু দক্ষিণৰ
৩০° ৰ পৰা ৪৫° অক্ষাংশৰ
মাজৰ মহাদেশসমূহৰ পশ্চিম উপকূল অঞ্চলত পোৱা যায়৷ উত্তাপ কম৷ গ্ৰীষ্মকালত গড়ে ২১° ৰ পৰা ২৭° চেণ্টিগ্ৰেড৷
এনে অঞ্চলত চিৰসেউজীয়া আৰু পর্ণপাতী উদ্ভিদ পোৱা যায়৷ ফল-মূলৰ খেতিৰ বাবে উপযোগী আৰু
যথেষ্ট পৰিমাণে উৎপাদন হয়৷ অর্ন্তগত অঞ্চল- উত্তৰ গোলার্ধত- ভুমধ্য সাগৰৰ
কাষৰ আমেৰিকাৰ কলিফর্ণিয়া আৰু দক্ষিণ গোলার্ধত চিলেন উপকূল, আফ্ৰিকাৰ দক্ষিণ
উপকূল আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ-পশ্চিম উপকূল৷
৮.
নাতিশীতোষ্ণ আর্দ্ৰ জলবায়ু:- মহাদেসমূহৰ পূব উপকূলৰ
২৫° আৰু ৪০° অক্ষাংর্শৰ মাজৰ অঞ্চলসমূহত পোৱা যায়৷ এই জলবায়ুক চীনদেশীয় জলবায়ু নামেৰেও জনা যায়৷ বার্ষিক গড় বৰষুণ ৬০
ৰ পৰা ১০০ চেণ্টিমিটাৰ৷ শীতকালত বৰফ পৰে৷ গ্ৰীষ্মকালত বৰষুণ হয়৷ চিৰসেউজীয়া আৰু পর্ণপাতী
উদ্ভিদ দেখিবলৈ পোৱা যায়৷
৯.
নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু:- বিষুৱৰেখাৰ
উত্তৰ আৰু দক্ষিণৰ ১৫° ৰ পৰা ৪০° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ মধ্যভাগত পোৱা যায়৷
অতি কম পৰিমাণৰ বৰষুণ আৰু গ্ৰীষ্মকালৰ অধিক উত্তাপৰ বাবে এনে অঞ্চলত বিস্তৃতভাৱে ঘাঁহনি
আৰু তৃণভুমি গজে৷ গ্ৰীষ্মকালত গড় উত্তাপ ১৫° ৰ পৰা
২০° চেণ্টিগ্ৰেড আৰু শীতকালত উত্তাপ ০° তললৈ নামে৷ অর্ন্তগত অঞ্চলৰ তৃণভূমি অঞ্চলবোৰ হৈছে-
কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেইৰী, ৰাছিয়াৰ ষ্টেপছ, অষ্ট্ৰেলিয়াৰ
ডাইনচ, দক্ষিণ আফ্ৰিকাৰ ভেলড্, আজের্ণ্টিনাৰ পম্পাচ৷
১০.
নাতিশীতোষ্ণ সাগৰীয় জলবায়ু;- মহাদেশ সমূহৰ পশ্চিমাংশৰ
প্ৰায় ৪০° উত্তৰ বা দক্ষিণ আৰু ৬০° উত্তৰ বা দক্ষিণ অক্ষাংশৰ ভিতৰত এই অঞ্চলসমূহ পোৱা
যায়. গ্ৰীষ্মকালত গড় উত্তাপ ১৫°-১৮° চেণ্টিগ্ৰেড আৰু শীতকালত ৫° ১০° চেন্টিগ্ৰেড৷
জলবায়ু মৃদু ভাৱাপন্ন৷ গৰমকালি অধিক গৰমো নহয় আৰু শীতকালিও অধিক ঠাণ্ডা অনুভৱ নহয়.
পশ্চিমাবায়ুৰ প্ৰভাৱত গোটেই বছৰ জুৰি বৰষুণ দিয়ে৷
১১.
পূব উপকূলীয় আর্দ্ৰ জলবায়ু:- মহাদেশসমূহৰ পূন উপকূলৰ
৫০° ৰ পৰা ৬০° অক্ষাংশৰ
মাত এই জলবায় পোৱা যায়৷ গ্ৰীষ্মকালত ১৫° ৰ পৰা
২০° চেণ্টিগ্ৰেড আৰু শীতকালত ৬°-৭° চেণ্টিগ্ৰেড
উত্তাপ অনুভূত হয়৷ গড় বৰষুণ ১০০ চেণ্টিমিটাৰ৷ কিছু অংশত গোটেই বছৰজুৰি আৰু কিছু অংশত
কেৱল গ্ৰীষ্মকালত বৰষুণ হয়৷ অর্ন্তগত অঞ্চল- কানাডা মাঞ্চুৰিয়া, কোৰিয়া, উত্তৰ
জাপানৰ পূব উপকুল আৰু দক্ষিণ আমেৰিকাৰ দক্ষিণ-পূব উপকুল৷
১২.
উপমেৰুদেশীয় (টাইগা) জলবায়ু;- পৃথিৱীৰ ৫০° আৰু ৬০° অক্ষাংশৰ
মাজৰ উপমেৰু অঞ্চলবোৰত বিৰাজ কৰে৷ গ্ৰীষ্মকালত উত্তাপ ১০° ৰ পৰা ৩০° চেণ্টিগ্ৰেডৰ
ভিতৰ আৰু শীতকালত ২.৫ ৰ কম৷ কিছুমান ঠাইত ০° চেণ্টিগ্ৰেডৰ
তলত৷ গ্ৰীষ্মকালত সামান্য বৰষুণ আৰু শীতকালত প্ৰচুৰ তুষাৰপাত হয়৷ গড় বৰষুণ ২৫ ৰ পৰা
৩০ চেণ্টি মিটাৰ৷ সৰলবর্গীয় উদ্ভিদ বিস্তৃতভাৱে পোৱা যায়৷ চাইবেৰিয়াত তেনে গছক
‘টাইগা’ বুলি কোৱা হয়৷ পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই ‘ভাৰখয়নক্স’ ইয়াৰ
অর্ন্তগত৷
১৩.
তুন্দ্ৰা জলবায়ু;- সুমেৰু আৰু কুমেৰু অঞ্চলত এই জলবায়ু
বিৰাজমান৷ ছমাহ সূর্য্য ক্ষীণ ফওহৰ পৰে বাকী ছমাহ ৰাতি হয়. গ্ৰীষ্মকালত উত্তাপ ১০° চেণ্টিগ্ৰেড আৰু শীতকালত ০° তলত বিৰাজকৰে৷ ৯ মাহ বৰফেৰে আবৃত হৈ থাকে৷ জনবসতি সেৰেঙা৷
কেৱল শেলুৱৈ জাতীয় উদ্ভিদহে গজে৷ এনে জলবায়ুত ‘এক্সিম’সকলে কষ্টকৰ জীৱন-যাপন
কৰে৷ অর্ন্তগত অঞ্চল- এছিয়া, কানাডা আৰু এণ্টার্কটিকা৷
এইবোৰ জলবায়ুৰ বাদেও পৃথিৱীৰ বিভিন্ন উচ্চ পর্বত-পাহাৰত
এক সুকীয়া জলবায়ু বিৰাজ কৰে৷ তেনে জলবায়ু উচ্চতা ভেদে ভিন্ন আৰু অক্ষাংশৰ ভিত্তিক শ্ৰেণীভুক্ত
কৰিব নোৱাৰি৷ পর্বতৰ পাদদেশত বিষুৱীয় জলবায়ু আৰু ক্ৰমে উচ্চতা বাঢ়িলে ৫৫০০ মিটাৰ উচ্চতাত
তুষাৰ ৰেখাৰ ওপৰত তুন্দ্ৰা জলবায়ু আৰু তাৰ তলত আল্পীয় (আলপাইন) জলবায়ু পোৱা যায়৷ এনে
বায়ু ঠাণ্ডা আৰু মজলীয়া বৰষুণৰ অর্ন্তগত৷ ঘাঁহজাতীয় জোপোহা আৰু সৰলবর্গীয় উদ্ভিদ গজে৷
ভেৰা আৰু অনান্য জীৱ জন্তু পোহ পালনৰ বাবে উপযোগী৷ পার্বত্য জলবায়ুৰ অন্তৰগত স্থানসমূহ
হৈছে- হিমালয়, ৰকি, আল্পচ, এণ্ডিছ আদি সুউচ্চ পার্বতয় অঞ্চল.
0 মন্তব্যসমূহ