ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ সমাজ বিজ্ঞান৷ গোলাঘাট জিলা/ ২০২২

 

ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ গোলাঘাট জিলা/ ২০২২




প্ৰথম অংশ

১. শুদ্ধ উত্তৰটো বাছি উলিওৱা

১. “বর্জনৰ অর্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ সমার্থ হ’ল ইংৰাজৰ লগত সর্বতোপ্ৰকাৰে অসহযোগীতা কৰা’- এই কথাষাৰ কৈছিল ?

অৰবিন্দ ঘোষ


ক) ৰবীন্দ্ৰনাথ ঠাকুৰ খ) বাল গংগাধৰ তিলক গ) অৰবিন্দ ঘোষ ঘ) বিপিনচন্দ্ৰ পাল

২. ‘নাইটহুড’ উপাধি ব্ৰিটিছ চৰকাৰক পোনপ্ৰথমে ঘূৰাই দিছিল-

ক) গোপালকৃষ্ণ গোখলে খ) ৰবীন্দ্ৰনাথ ঠাকুৰ গ) লালা লাজপত ৰায় ঘ) অৰবিন্দ ঘোষ

৩. তলত উল্লেখিত কাৰ লিখনিৰ দ্বাৰা গান্ধীজীৰ সত্যাগ্ৰহৰ ধাৰণাটো প্ৰভাৱিত হৈছিল-

সত্যাগ্ৰহ স্মাৰক ডাকটিকট

হেনৰি ডেভিদ থ'ৰো


ক)  টলষ্টয় আৰু থ’ৰো খ) টলষ্টয় আৰু দস্তয়ভস্কি গ) থ’ৰো আৰু হুইটমেন ঘ) ওপৰৰ এজনো নহয়৷

৪. পূর্ণ স্বৰাজ দিৱস পালন কৰা হৈছিল-

পূর্ণ স্বৰাজ দিৱসত নেহেৰুৰ ভাষণ



ক) ২৬ নৱেম্বৰ, ১৯৩০ খ) ২৬ নৱেম্বৰ ১৯৩৫ গ) ২৬ জানুৱাৰী ১৯৩০ ঘ) ২৬ অক্টোৱৰ ১৯৩০

৫. তলৰ কোনটো উক্তি ভুল


ক) লর্ড ডেলহাউচীয়ে স্বর্ত্ব বিলোপ নীতি প্ৰৱর্তন কৰিছিল

লাইট ইনফেণ্ট্ৰিৰ সেনা

খ) প্ৰথম আসাম লাইট ইনফেণ্ট্ৰি গুৱাহাটীত আছিল

গ) তাঁতিয়া টোপে মাৰাঠা নেতা আছিল৷  

ঘ) কেপ্তেইন হলৰইডে মণিৰাম দেৱানে লিখা চিঠি ধৰা পেলাইছিল৷

** প্ৰথম আসাম লাইট ইনফেণ্ট্ৰী ডিব্ৰুগড়ত আৰু দ্বিতীয় আসাম লাইট ইনফেন্ট্ৰী গুৱাহাটীত আছিল৷

৬. ব্ৰিটিছ চৰকাৰে ফাঁচী দিয়া মণিপুৰৰ জনপ্ৰিয় নেতাজন আছিল-

ক) যুৱৰাজ কুলচন্দ্ৰ খ) মহাৰাজ সুৰচন্দ্ৰ গ) দেৱচন্দ্ৰ ঘ) টিকেন্দ্ৰজিৎ

৭. মুছলীম লীগ গঠনত লর্ড মিণ্টোক সহায় কৰা ব্ৰিটিছ বিষয়াজন হ’ল-

মুছরিম লীগৰ প্ৰথম অধিবেশনত উপস্থিত নেতা


ক) এন্দ্ৰু ফ্ৰেজাৰ খ) ব্যামফিল্ড ফুলাৰ গ) হার্বাট ৰিজলী ঘ) জর্ন মর্লে

৮. সীমান্ত গান্ধী বুলি কাক কোৱা হয়

ক) মহম্মদ আলি জিন্না খ) ভীমৰাও আম্বেদকাৰ গ) চৰদাৰ বল্লভ ভাই পেটেল ঘ) খান আব্দুল গফুৰ খান

৯. বংগদেশ পুনৰ একত্ৰীকৰণ হৈছিল-

ক) ১৯১১ চনৰ ১১ ডিচেম্বৰ খ) ১৯১১ চনৰ ১২ নৱেম্বৰ গ) ১৯১১ চনৰ ১০ ডিচেম্বৰ  ঘ) ১৯১১ চনৰ ১২ ডিচেম্বৰ

১০. তলৰ কোনজন কেবিনেট মিছনৰ সদস্য নাছিল ?

মহম্মদ আলি জিন্নাৰ লগত কেবিনেট মিছনৰ তিনিও সদস্য


ক) লর্ড ৱাভেল খ) ষ্টেফোর্ড ক্ৰীপছ গ) লর্ড পেথিক লৰেন্স ঘ) এ. ভি. আলেকজেণ্ডাৰ

** বাকী তিনিজনক ক্লিমেণ্ট এটলিয়ে সদস্য হিচাপে পঠাইছিল

১১. অসমৰ দূৰৱস্থাৰ বিষয়ে আনন্দৰাম ঢ়েকিয়াল ফুকনে কাৰ ওচৰত আর্জি পেছ কৰিছিল-

মফট মিলচ




ক) লর্ড ওৱেলেচলি খ) কেপ্তেইন লউদাৰ গ) মহাৰাণী ভিক্তোৰিয়া ঘ) মফট মিলচ

১২. তলৰ কোনটো প্ৰতিৰোধক-



ক) বৰষুণ খ) কৃষি গ) খনিজ তেল ঘ) বানপানী জর্জৰিত অঞ্চল

১৩. অর্থনৈতিক ভূগোলৰ পিতৃ কোন আছিল?

ক) চি. এফ. জন্স খ) জর্জ চিজহ’ম গ) ডার্কেন ৱাল্ড ঘ) পিটাৰ হেগেট

১৪. বিশাল উদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা এটা-

ক) আঞ্চলিক সমস্যা খ) স্থানীয় সমস্যা গ) গোলকীয় সমস্যা ঘ) ওপৰৰ আটাইকেইটা

১৫. তলৰ কোনবিধ পৰিৱেশৰ সমস্যা বিশেষকৈ ক্ৰান্তীয় অঞ্চলৰ-

মৰুকৰণৰ প্ৰভাৱ


ক) বায়ু প্ৰদূষণ খ) মাটি প্ৰদূষণ গ) মৰুকৰণ ঘ) আটাইকেইটা

১৬. তলত কেইটামান গেছৰ নাম উল্লেখ কৰা হ’ল-

ক) কার্বন ডাই অক্সাইড খ) মিথেন গ) অক্সিজেন ঘ) নাইট্ৰজেন

ওপৰৰ কোনটো/ কোনেকেইটা সেউজ গৃহ গেছ নহয় ?

ক) (খ) খ) (ক) আৰু (গ) গ) (গ) আৰু (ঘ) ঘ) (ক) আৰু (ঘ)

১৭. তলৰ কোনজন সংবিধানৰ খচৰা কমিটিৰ সদস্য আছিল-


এন মাধৱ ৰাও



ক) গোপাল কৃষ্ণ গোখলে খ) জৱাহৰলাল নেহেৰু গ) এন মাধৱ ৰাও ঘ) মহাত্মা গান্ধী

১৮. শাসনৰ সর্ব্বোচ্চ ক্ষমতা থকা জনপ্ৰতিনিধিৰে গঠিত সন্থাক ভাৰতবর্ষত কোৱা হয়-



ক) সংসদ খ) কংগ্ৰেছ গ) ছিনেট ঘ) কাউন্সিলৰ

১৯. তলৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য নহয়-

ক) মুদ্ৰাৰ সাধাৰণ গ্ৰহণ যোগ্যতা থাকিব লাগিব

খ) মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নালাগিব

গ) মুদ্ৰাৰ তাৰল্য গুণ থাকিব নালাগিব৷

ঘ) মুদ্ৰা হস্তান্তৰযোগ্য হ’ব লাগিব৷ 

২০. গ্ৰাম্য ঋণৰ ক্ষেত্ৰত ৰিজার্ভ বেংকে যিবোৰ কার্য সম্পাদন কৰি আহিছিল সেই আটাইবোৰ কার্য তলৰ কোনটো বেংকলৈ হস্তান্তৰ কৰা হ’ল-

ক) ভাৰতীয় ঔদ্যোগিক উন্নয়ণ বেংক খ) কৃষি আৰু গ্ৰাম্য উন্নয়ণ বেংক গ) ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক ঘ) ওপৰৰ এটাও নহয়

দ্বিতীয় অংশ

প্ৰথম খণ্ড

২. অখণ্ড বংগদেশক খণ্ডিত কৰি পূর্ববংগৰ লগত অসম সংলগ্ন কৰা হ’ল৷ পশ্চিম বংগৰ লগত পূর্বৰ কোন দুটা খণ্ড থাকি গ’ল ?




উত্তৰ:- বিহাৰ আৰু উৰিষ্যা৷

৩. স্বদেশী আন্দোলনৰ সময়ত আয়াৰলেণ্ডৰ এগৰাকী মহিলাই নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টি কৰিবলৈ প্ৰচুৰ বৰঙণি যোগাইছিল৷ তেওঁ কোন আছিল ?

ভগিনী নিবেদিতা


উত্তৰ:-  ভগিনী নিবেদিতা৷

৪. স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল ?

বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত



উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ৷

৫. ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটাবলৈ প্ৰতিষ্ঠা কৰা ৰাজনৈতিক অনুষ্ঠানটোৰ নাম কি আছিল ?

উত্তৰ:- মুছলিম লীগ৷

৬. গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?

উত্তৰ:- ১৯৩১ চন৷

৭. গান্ধীজীয়ে কোনখন দেশত সত্যাগ্ৰহৰ আৰম্ভণি ঘটাইছিল?

উত্তৰ:- দক্ষিণ আফ্ৰিকা৷

৮. কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্ল’গান দিছিল ?

উত্তৰ:- ভাৰত ত্যাগ আন্দোলন৷

৯. চৌৰিচৌৰা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ?

চৌৰী চৌৰাত অগ্নিদগ্ধ মৃতদেহ

চৌৰী চৌৰা স্মাৰক


উত্তৰ:- উত্তৰ প্ৰদেশ৷

১০. উত্তৰ কাছাৰৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল ক’ত আছিল ?

মাইবংৰ শিলৰ ঘৰ


উত্তৰ:- মাইবং৷

১১. জয়ন্তীয়া সকল ইংৰাজৰ বিৰুদ্ধে কিয় থিয় হৈছিল ? এটা কাৰণ লিখা

জয়ন্তীয়া সকলৰ পোছাক


উত্তৰ:- ধর্মীয় আৰু পৰম্পৰাগত অনুষ্ঠানত হস্তক্ষেপ৷

১২.  ফুলগুৰি ধাৱাত হত্যা কৰা ব্ৰিটিছ বিষয়াজনৰ নামটো উল্লেখ কৰা ?

উত্তৰ:- লেফটেনেণ্ট ছিংগাৰ৷

১৩. ব্ৰিটিছ চৰকাৰে আৰম্ভ কৰা নতুন মুদ্ৰা অর্থনীতিয়ে অসমত এক নতুন শ্ৰেণীৰ সৃষ্টি কৰিছিল৷ শ্ৰেণীটোৰ নাম লিখা?

উত্তৰ:- সুদখোৰ শ্ৰেণী (মাৰোৱাৰী কেঞা আৰু র্বঅলী মহাজন)

১৪. জেনেৰেল ডায়াৰ কোনটো হত্যাকাণ্ড ৰ মূল নায়ক আছিল? ই কেতিয়া সংঘটিত হৈছিল ? (২)

জেনেৰেল ডায়াৰ


উত্তৰ:- জালিৱানৱালাবাগৰ হত্যাকাণ্ড৷ ১৩ এপ্ৰিল, ১৯১৯৷

১৫. বংগ এখন বিশাল প্ৰদেশ আছিল ৷ লর্ড কার্জনে শাসনৰ সুবিধার্থে বংগদেশৰ আয়তন সৰু আৰু অসমৰ ভৌগোলিক আয়তন বৃদ্ধি কৰাৰ যুক্তি দাঙি ধৰিছিল৷ তোমাৰ দৃষ্টিত এই যুক্তি সত্যনে ? যুক্তি দর্শোৱা৷ (৩)

উত্তৰ:- লর্ড কার্জনে শাসনৰ সুবিধার্থে বংগদেশৰ আয়তন সৰু আৰু অসমৰ ভৌগোলিক আয়তন বৃদ্ধি কৰাৰ যুক্তি ডাঙি ধৰিছিল যদিও মোৰ দৃষ্টিত এই যুক্তি সত্য নহয়৷ বংগ ভংগ আঁচনিৰ অন্তৰালত দূৰভিসন্ধি সোমাই আছিল৷ হিন্দু নেতৃত্বত পৰিচালিত হিন্দু-মুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল৷ হিন্দু-মুছলমানৰ মাজত একতা ভাঙি সাম্প্ৰদায়িক মনোভাবৰ বিস্তাৰ ঘটোৱাই আছিল কার্জনৰ বংগভংগ মূল উদ্দেশ্য৷ প্ৰদেশখন দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱী সকলক দুয়োখন প্ৰদেশতে সংখ্যালঘূত পৰিণত কৰিব খোজাটো আছিল বংগ বিভাজনৰ অন্যতম উদ্দেশ্য৷

১৬. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ তিনিটা গুৰুপ্ত লিখা৷ (৩)

উত্তৰ:- ১৮৫৭ চনৰ বিদ্ৰোহক অসমৰ বাবে ঐতিহাসিক গুৰুপ্তপূর্ণ বুলি অভিহিত কৰিব পৰা যায়৷ তাৰে তিনিটা কাৰণ উল্লেখ কৰা হল-

ক) ব্ৰিটিছে কঠোৰ হাতেৰে দমন কৰিলেও এই বিদ্ৰোহে অসমক সর্বভাৰতীয় ঘটনাৰ লগত জড়িত কৰিছিল৷ ১৮৬১ চনৰ পৰা আৰম্ভ হোৱা অসমৰ কৃষক বিদ্ৰোহ সমূহক চিপাহী বিদ্ৰোহৰ অনুপ্ৰাণিত কৰিছিল৷

খ) এই বিদ্ৰোহে অসমত হিন্দু আৰু মুছলমানৰ মাজত সম্বন্ধ ৰক্ষা কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল৷

গ) একেদৰে ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অনান্য সংগ্ৰামীৰ দৰে মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী সকলৰ কর্মই সকলোকে অনুপ্ৰাণিত কৰিছে৷

 সেইবাবে অসমত ১৯৫৭ চনৰ বিদ্ৰোহৰ গুৰুপ্ত আছে বুলিব পাৰি৷

নাইবা

অসমৰ ইতিহাসত ফুলগুৰি ধাৱাৰ তিনিটা গুৰুপ্ত লিখা

উত্তৰ:- চৰকাৰৰ আফু খেতি বন্ধকৰণৰ প্ৰতিবাদ ৰূপে আৰম্ভ হোৱা ফুলগুৰি ধাৱাৰ গুৰুপ্ত আছে৷ তাৰে তিনিটা উল্লেখ কৰা হ’ল-

ক) বিদ্ৰোহত প্ৰথমে লালুং (তিৱা) জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ে অংশগ্ৰহণ কৰিলেও অনান্য শ্ৰেণীৰ পৰাও সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল৷ আঢ়্যৱন্ত অসমীয়া মধ্যবিত্ত শ্ৰেণী, ব্যৱসায়ী, মৌজাদাৰ আদিয়ে আন্দোলনকাৰীক সহায় কৰিছিল৷

খ) ফুলগুৰিৰ বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা মুক্ত হোৱা সাধাৰণ জনগণৰ এক নিদর্শন আছিল৷ আহোম ৰাজতন্ত্ৰৰ অধীনৰ অভিজাত শ্ৰেণীৰ কিছু লোকেও সা-সুবিধাৰ পৰা বঞ্চিত হৈ বিদ্ৰোহত যোগ দিছিল৷

গ) ফুলগুৰিৰ কৃষক বিদ্ৰোহে অসমৰ অনান্য অঞ্চলৰ কৃষককো তেওঁলোকৰ ওপৰত শাসকে চলোৱা দুর্দশাৰ কথা সাংগঠনিকভাৱে ভাৱিবলৈ অনুপ্ৰেৰণা যোগাইছিল৷ ফুলগুৰি ধাৱাৰ পিছতে ব্ৰিটিছৰ বিপক্ষে বহুকেইটা অঞ্চলত কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল৷   

১৭. ১৯০৫ চনৰ স্বদেশী আন্দোলনে ইংৰাজী শিক্ষা ব্যৱস্থাই দমন কৰা ভাৰতীয় জাতীয় শিক্ষাক জাগ্ৰত কৰি তুলিছিল৷ কেনেদৰে ? যুক্তি দর্শাই লিখা৷ (৪)

উত্তৰ:- বংগ বিভাজনৰ বিপক্ষে ভাৰতীয়ই আৰম্ভ কৰা স্বদেশী আন্দোলনত ভাৰতীয় ছাত্ৰসকলেও অংশগ্ৰহণ কৰিছিল৷ সেই কাৰনে বংগ প্ৰদেশৰ চৰকাৰৰ মূখ্য সচিব আৰ ডব্লিউ কার্লাইলে ছাত্ৰসকলত আন্দোলনৰ পৰা বিৰত থাকিবলৈ জাননী জাৰি কৰে৷ ৰবীন্দ্ৰনাথৰ আহ্বানত কিন্তু চৰকাৰৰ আদেশ অমান্য সিদ্ধান্ত গ্ৰহণ কৰে৷ বিশ্ববিদ্যালয়সমূহক গোলামখানা আখ্যা দি ছাত্ৰ সকল ওলাই আহি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

         কলিকতাৰ এখন জনসভাত কবিগুৰুৱে ‘বংগ জাতীয় বিদ্যালয়’ আৰম্ভ কৰে৷ পিছলৈ ৰংপুৰ আৰু অনান্য স্থানত চৰকাৰী বিদ্যালয় ত্যাগ কৰা শিক্ষার্থীক লৈ জাতীয় বিদ্যালয় স্থাপন কৰে৷ ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাত জাতীয় শিক্ষাৰ শীর্ষ অনুষ্ঠান ‘জাতীয় শিক্ষা পৰিষদ’ গঠন হয়৷

অৰবিন্দ ঘোষৰ অধ্যক্ষতাত ১৯০৬ চনত বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হৈছিল৷ ডিচেম্বৰত সেইখন বংগ জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়৷ একেদৰে তাৰকনাথ পালিতৰ অর্থসাহার্য্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠান গঢ়ি উঠিছিল৷ বর্তমান এইখনক যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে জনা যায়৷ আন্দোলনৰ সময়খিনিত ৬২ খন মাধ্যমিক আৰু ৩০০০ প্ৰাথমিক জাতীয় বিদ্যালয় গঠন হয়৷ কেৱল বংগদেশতেই নহয় ভাৰতৰ অন্য প্ৰান্তটো জাতীয় বিদ্যালয় স্বদেশী আন্দোলনৰ সময়ত স্থাপন হৈছিল৷ এইবোৰে জাতীয় শিক্ষালৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল৷ 

নাইবা

য’ত আত্মশক্তি বিকাশৰ মানসিকতা থাকে তাত আত্ম নির্ভৰশীলতাৰ বাতাবৰণ গঢ়ি উঠে আৰু উদ্যোগীকৰণ সম্ভৱ হয়৷” ১৯০৫ চনৰ স্বদেশী আন্দোলনৰ সময়ত বংগদেশত এনেদৰে শিল্পৰ বিকাশ ঘটিছিলনে? যদি ঘটিছিল উদাহৰণসহ লিখা৷ (৪)

উত্তৰ:- বংগ বিভাজনৰ বিৰোধিতাৰে আৰম্ভ হোৱা স্বদেশী আন্দোলনৰ সময়ছোৱাত বংশদেশত আত্মনির্ভৰশীলতাৰ বাতাবৰণ ৰূপে জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি হৈছিল৷ স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পোৱাত কুটিৰ শিল্প আৰু ডাঙৰ শিল্প, জাতীয় বেংক, স্বদেশী বীমা কোম্পানীৰ চাহিদা বৃদ্ধি পাইছিল৷ তাৰ ফলস্বৰূপে বংগদেশত আত্মশক্তি আৰু আত্মনির্ভশীলতাৰ বাতাবৰণ গঢ়িবলৈ বহুতো ব্যক্তিয়ে স্বদেশী উদ্যোগ-প্ৰতিষ্ঠান স্থাপন কৰিছিল৷ ব্যৱসায় বাণিজ্য আৰু শিল্পৰ ক্ষেত্ৰত বংগদেশত স্থাপিত স্বদেশী প্ৰতিষ্ঠানৰ বিকাশ  তলত উল্লেখ কৰা হ’ল-

ক) ৰবীন্দ্ৰনাথ ঠাকুৰৰ- স্বদেশী ভাণ্ডাৰ (১৮৯৭) বস্ত্ৰ প্ৰতিষ্ঠান৷

খ) যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেন- বউবজাৰৰ ‘ইণ্ডিয়ান ষ্টোৰছ’ (১৯০৫) ত সকলো স্বদেশী সামগ্ৰী৷

গ) সৰলা দেৱী- বিধান সৰণীত স্থাপিত ‘লক্ষী ভাণ্ডাৰ’ (১৯০৩)৷

ঘ) আব্দুল হালিম গজনবি- লাল বজাৰত প্ৰতিষ্ঠিত ‘ইউনাইটেড বেংগল ষ্টোৰছ’ (১৯০৬)৷

ঙ) নীলৰতন সৰকাৰ- ‘বংগলক্ষী কটন মিল’ (১৯০৬, ১ আগষ্ট)৷

চ) আচার্য প্ৰফুল্লচন্দ্ৰ ৰায়- ‘বেংগল কেমিকেলছ’ (১৯০৬, ২৫ জুলাই)৷

ছ) জামছেদজী টাটা- লৌহ শিল্প কাৰখানা (১৯০৭) ইত্যাদি৷

এনেদৰে স্বদেশী আন্দোলনৰ সময়ত বংগদেশত জাতীয় শিল্পৰ বিকাশ হৈছিল৷

১৮. অসহযোগ আন্দোলনৰ আঁৰত থকা কাৰণ সমূহ কি কি আছিল ? বর্ণনা কৰা৷ (৫)

উত্তৰ:- ১৯২০-২২ চনত মহাত্মা গান্ধীজীৰ সবল নেতৃত্বত অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা ভাৰতক মুক্ত কৰাৰ দৃঢ় প্ৰতিজ্ঞাৰে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল৷ আন্দোলনকাৰীসকলে ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা শিল্পৰ সামগ্ৰীহে ব্যৱহাৰ কৰিছিল৷ তেওঁলোকে সুৰাৰ বিপণীসমূহ বন্ধ কৰিছিল৷ হাজাৰ হাজাৰ মানুহে অংশ লোৱা অসহযোগ  আন্দোলন গান্ধীয়ে কেইবাটাও কাৰণে আৰম্ভ কৰিছিল৷ অসহযোগ আন্দোলনৰ আঁৰত বহুকেইটা কাৰক আছে৷  তলত কেইটামান কাৰণ উল্লেখ কৰা হ’ল-

ক) প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি৷ ইয়াৰ ফলত ভাৰতৰ অর্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল৷  

খ) ৰাওলাট এক্টৰ দমনমূলক নীতি৷ আইনৰ অধীনত যিকোনো লোকক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কতৃত্ব ইংৰাজ চৰকাৰক প্ৰদান কৰিছিল৷

গ) ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড৷ 

ঘ) ব্ৰিটিছসকলৰ অর্থনৈতিক শোষণ আদি৷

ঙ) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফৎ আন্দোলনৰ প্ৰতি সমর্থন৷

নাইবা

ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কেনে পৰিস্থিতিত হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাৰত ত্যাগ আন্দোলনৰ গুৰুপ্ত কি আছিল ?

উত্তৰ:- গান্ধীজীৰ তৃতীয় বৃহৎ ‘ভাৰত ত্যাগ আন্দোলন’ সূচনা হোৱাৰ ঘাই কাৰণবোৰ আছিল দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূর্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয় সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভয়৷  

ভাৰত ত্যাগ আন্দোলনক ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক গুৰুপ্তপূর্ণ অধ্যায়৷ যদিও আন্দোলন দীর্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদর্শনৰ এক অনন্য উদাহৰণ আছিল৷ বহুকেইটা কাৰণৰ বাবে ভাৰতত্যাগ আন্দোলনৰ গুৰুপ্ত আছে৷   

ক) এইটো জাতীয়তাবাদী সংগ্ৰামত ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিক সকলোৱে অংশগ্ৰহণ কৰি গুৰুপ্তপূর্ণ ভুমিকা গ্ৰহণ কৰিছিল৷

খ) এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কার্য্যসূচীলৈ পৰিণত কৰিছিল৷  জনতাই বিদেশী সামগ্ৰী ধ্বংস কৰাৰ লগতে কিছু কিছু স্থানত স্বাধীন চৰকাৰ গঠনৰ বাবে আন্দোলন কৰিছিল৷

গ) ভাৰত ত্যাগ আন্দোলনৰ পিছত স্বাধীনতা দৰদামৰ বিষয় হৈ নাথাকি ক্ষমতা হস্তান্তৰ কেতিয়া হ’ব সেই পর্যায়লৈ লৈ গৈছিল৷ ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰৰ লগত কৰিবলগীয়া এটাই বুজাপৰা বাকী আছিল সেয়া হ’ল কেৱল ক্ষমতাৰ হস্তান্তৰ৷

দ্বিতীয় খণ্ড

১৯. অর্থনৈতিক ভুগোল কাক বোলে ?

উত্তৰ:- ভুগোলৰ যি অংশই সম্পদ আৰু মানুহৰ কাম-কান আদিৰ লগত জড়িত কার্যকলাপসমূহ আলোচনা কৰে তাকে অর্থনৈতিক ভূগোল বোলে৷

২০. বিলুপ্ত হ’ব ধৰা অসমৰ এবিধ মূল্যবান উদ্ভিদৰ নাম লিখা৷

শতমূলৰ শিপা


উত্তৰ:- শতমূল

(আন কেইবিধ হৈছে- শুকলতি, সর্পগন্ধা, কালমেঘ, অর্জুন, অগৰু, চিৰতা আদি)

২১. সম্পদ সংৰক্ষণ বুলিলে কি বুজা ?

উত্তৰ:- সম্পদ সংৰক্ষণ বুলিলে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূর্ণ ব্যৱহাৰৰ কার্যকে বুজা যায়৷

২২. সম্পদৰ এটা বৈশিষ্ট্য লিখা ?

উত্তৰ:- সম্পদ পৰিৱর্তনশীল৷

২৩. উদ্যোগিক আর্বজনাই নদ-নদী প্ৰদূষিত কৰাটো কি প্ৰদূষণৰ অন্তর্গত ?

উত্তৰ:- পানী প্ৰদূষণ৷

২৪. বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ কিমান ?

উত্তৰ:- ০.০১%৷

২৫. মেৰু অঞ্চলৰ বিশাল বৰফ স্তুপ গলিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ কাৰণ কি ?

উত্তৰ:- বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি৷

২৬. পশ্চিম ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূব কানাডাৰ অঞ্চলবোৰ উদ্যোগৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত আগবঢ়া৷ গতিকে বায়ু প্ৰদূষণো অধিক৷ ইয়াৰ ফলত এই অঞ্চলবোৰত কি ভয়াবহ পৰিণতি হৈছে ?

উত্তৰ:- এচিড বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে৷

২৭. মানুহৰ কেনেধৰণৰ কার্য্যকলাপে মৰুকৰণ প্ৰক্ৰিয়া ভয়াবহ কৰি তুলিছে ? (২)

উত্তৰ:- মানুহৰ অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংস আদিৰ দৰে কার্য্যকলাপে মৰুকৰণ প্ৰক্ৰিয়া ভয়াবহ কৰি তুলিছে৷

২৮. মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদৰ মাজৰ পার্থক্য কি কি ? (২)

উত্তৰ:- মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদৰ মাজৰ দুটা  পার্থক্য দিয়া হ’ল-

ক) মানৱ সৃষ্ট সম্পদবোৰ প্ৰকৃতিৰ পৰা আহৰণ কৰি বিজ্ঞান প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি সৃষ্টি কৰা হয়৷ উদাহৰণ- বাঁহৰ পৰা কাগজ৷ কিন্তু মানৱ সম্পদৰ বাবে ব্যক্তিৰ কার্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়৷

খ) মানৱসৃষ্ট সম্পদবোৰ মানুহৰ চেষ্টাৰ ফলত সৃষ্টি হয় আৰু সেইবোৰ সামগ্ৰী৷ কিন্তু মানৱ সম্পদ সামগ্ৰীৰ পৰির্ৱতে সম্পদ সৃষ্টিকর্তা৷ মানৱ সম্পদে কেঁচা সমাগ্ৰীৰ অভাৱতো নতুন ধাৰণা সৃষ্টি কৰিব পাৰে৷

২৯. গোলকীয় উত্তাপ বৃদ্ধি বর্তমান বিশ্বৰ আটাইতকৈ ভয়াবহ সমস্যা৷ এই সমস্যা সমাধানৰ বাবে তিনিটা পৰামর্শ আগবঢ়োৱা৷ (৩)

উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধি বর্তমান বিশ্বৰ আটাইতকৈ ভয়াবহ সমস্যা৷ এই সমস্যা সমাধান কৰাৰ দুটা পৰামর্শ আগবঢ়োৱা হ’ল-

ক) বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰিবলৈ সকলোৱে উমৈহতীয়া চেষ্টা কৰা৷ ভূ-পৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপ যাতে নাবাঢ়ে তাৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ পৃথিৱীৰ ৰাষ্ট্ৰসমূহ কম বেছি পৰিমাণে সাজু হ’ব লাগিব৷

খ) গোলকীয় উত্তাপ বৃদ্ধিয়ে ভৱিয্যতে সৃষ্টি কৰিব পৰা সমস্যা সমূহৰ বিষয়ে বিশ্ববাসীক সজাগ সৃষ্টি কৰা৷ মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন, শস্য উৎপাদন হ্ৰাস, মৰুকৰণ আদি সমস্যাৰ বিষয়ে সমন্বিত সজাগতাৰ ব্যৱস্থা কৰা৷

গ) ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠানে কঠোৰ আইন প্ৰণয়ণ কৰি গোলকীয় উত্তাপ সমস্যা সমাধানৰ ক্ষেত্ৰত নেতৃত্ব গ্ৰহণ কৰিব লাগিব৷

৩০. কৃষিৰ আধুনিকীকৰণ মাটি প্ৰদূষণৰ বাবে প্ৰধানকৈ জগৰীয়া৷ কেনেকৈ লিখা ? (৩)



উত্তৰ:- অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয়৷ মাটি প্ৰদূষণো এক প্ৰকাৰৰ প্ৰদূষণ৷ কৃষিৰ আধুনিকীকৰণে কৃষিৰ ক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰব আদিৰ প্ৰয়োগ বৃদ্ধি কৰিছে৷ ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ সলনি ঘটায়৷ ভু-গর্ভস্থ পানী কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰিলেও ভূমিৰ গুণাগুণৰ পৰিৱর্তন ঘটায়৷ তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰৱ প্ৰয়োগ কৰিলেও অনিষ্টকাৰী কীট পতংগ আৰু অলাগতিয়াল উদ্ভিদৰ উপৰি মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰি প্ৰাকৃতিক গুণৰ পৰিৱর্তন ঘটাই মাটিক প্ৰদূষিত কৰে৷  ইয়াৰ দ্বাৰা ক’ব পাৰি যে কৃষিৰ আধুনিকীকৰণ মাটি প্ৰদূষণৰ বাবে প্ৰধানকৈ জগৰীয়া৷

৩১.  সম্পদ সংৰক্ষণৰ তিনিটা পদ্ধতিৰ বিষয়ে লিখা৷ (৩)

উত্তৰ:- সম্পদ সংৰক্ষণৰ তিনিটা পদ্ধতিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

ক) বিকল্প সম্পদৰ সন্ধান:- বহুলভাৱে ব্যৱহৃত সম্পদ এটাৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্ভাৱনা উদঘাটৰ বাবে জৰীপ আৰু উদঘাটৰ বাবে গৱেষণা কৰাৰ প্ৰয়োজন আছে৷ উদাহৰণ- কয়লা, খনিজ তেল ব্যৱহাৰৰ সময়তে সৌৰশক্তি, বতাহ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা৷

খ) অভিযোজন বা নৱপ্ৰচলন:- প্ৰকৃতিৰপৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন  প্ৰক্ৰিয়াৰে প্ৰয়োগ কৰি সম্পদ সংৰক্ষণ কৰিব পাৰি৷ উদাহৰণ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ সলনি জৈৱ সাৰ আৰু জৈৱ কীটনাশক আদি প্ৰয়োগ কৰিব পাৰি৷

গ) সংৰক্ষণ সর্ম্পকীয় আইনৰ কার্যকৰীকৰণ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত কৰাৰ লগতে সঠিকভাৱে ৰূপায়ণকৰণ৷

৩২. সম্পদ আৰু মানুহৰ মাজত থকা সর্ম্পকৰ বিষয়ে লিখা? (৪)

উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়৷ প্ৰকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান-প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়৷ সম্পদ আৰু মানুহৰ মাজত ওতপ্ৰোত সর্ম্পক আছে৷ মানুহ সম্পদৰ লগত উৎপাদক আৰু উপভোক্তা দুই ধৰণে জড়িত৷ মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছিভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয়৷ তদুপৰি প্ৰকৃতিত থকা সামগ্ৰী সমূহৰ কার্যকৰীতা আৰু উপকাৰিতা সম্পকীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদঘাটন হয়৷ মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰে সৃষ্টি হোৱাৰ লগতে ব্যৱহাৰ হৈছে৷ প্ৰাকৃতিক সম্পদসমূহক মানুহে নিজৰ সুবিধার্থে প্ৰস্তুত কৰিলে তাক মানৱ-সৃষ্ট সম্পদ বোলে৷ তদুপৰি সম্পদৰ উৎপাদক হিচাপে মানুহক মানৱ সম্পদ বুলিও কোৱা হয়৷ সম্পদ সংৰক্ষণৰ বাবেও মানুহে কাম কৰি আহিছে৷  

নাইবা

সম্পদ সংৰক্ষণৰ লগত জড়িত সন্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা৷



উত্তৰ:- সমগ্ৰ বিশ্বজুৰি দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা বৃদ্ধি পাইছে৷ সম্পদ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পর্য্যায়ত বহুবোৰ সন্থা গঠন হৈছে৷

        ৰাষ্ট্ৰসংঘৰ অর্ন্তগত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংন্থা (International Union for Conservation of Nature চমুকৈ ICUN) গঠন কৰি বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, অধ্যয়ন, গৱেষণাৰ ব্যৱস্থা কৰিছে৷ ICUN ৰ নেতৃত্বত WWF for Nature (World Wide Fund for Nature) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ (World Conservation Monitoring Centre) স্থাপিত কৰিছে৷ ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্ৰণালয়েও ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সন্থা গঠন কৰিছে৷ ইয়াৰ উপৰিও বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্ৰীণপিচ ইণ্ডিয়া, ৱাইল্ড লাইফ ট্ৰাষ্ট অব্ ইণ্ডিয়া আদি সংগঠনেও সম্পদ সংৰক্ষণৰ বাবে কাম কৰি আছে৷ অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যক আদিৰ দৰে বেচৰকাৰী সংগঠনে সম্পদ সংৰক্ষণৰ কাম কৰি আছে৷ ৰাষ্ট্ৰসংঘৰ আহ্বানত সমগ্ৰ বিশ্বজুৰি ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷

তৃতীয় খণ্ড

৩৩. ১৯৪৫ চনত জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নির্বাচনত কোনটো ৰাজনৈতিক দ’লে জয় লাভ কৰিছিল ?

শ্ৰমিক দলৰ প্ৰতীক


উত্তৰ:- শ্ৰমিক দল৷

৩৪. পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম লিখা৷

উত্তৰ:- ভাৰতবর্ষ৷

৩৫. জোনবিল মেলাৰ বিশেষত্ব কি?

মৰিগাঁৱৰ জোনবিল মেলা


উত্তৰ:- পৰম্পৰাগত বিনিময় প্ৰথাৰ যোগেদি জোনবিল মেলা পৰিচালিত হয়৷

৩৬. দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক বুলিলে কোনটো বেংকক বুজা যায় ?

উত্তৰ:- কেন্দ্ৰীয় বেংক৷

৩৭. আঞ্চলিক গ্ৰাম্য বেংকৰ এটা মূল কার্য্য উল্লেখ কৰা৷

উত্তৰ:- গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা৷

৩৮. অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অর্থত বেলেগ? (২)

উত্তৰ:- অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ বেলেগ কিয়নো- ক) বেংকত চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ ধন উলিয়াব পাৰে কিন্তু অনা বেংক প্ৰতিষ্ঠানত সেই সুবিধা নাই৷  

খ) বেংকত জমাকাৰীৰ সঞ্চয় বীমা অঁচনি থকাৰ দৰে অনা বেংক প্ৰতিষ্ঠানত সেই সুবিধা নাই৷

৩৯. সার্বভৌম বুলিলে কি বুজা ? ভাৰতর্ষক কিয় এখন সার্বভৌম দেশ বুলি কোৱা হয় ? (২)

উত্তৰ:- ৰাষ্ট্ৰ এখনৰ সর্বোচ্চ ক্ষমতাকে সার্বভৌম বুলি বুজা যায়৷

ভাৰতর্ষক কিয় এখন সার্বভৌম দেশ বুলি কোৱা হয় কিয়নো দেশখন কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়৷  

৪০. মুদ্ৰাৰ তিনিটা অসুবিধা উল্লেখ কৰা৷ (৩)

উত্তৰ:- মুদ্ৰাক বিনিময়ৰ মাধ্যম ৰূপে সকলো দেশতে ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ বহুতো অসুবিধা আছে৷ তলত তাৰে  তিনিটা প্ৰধান অসুবিধা উল্লেখ কৰা হ’ল-

ক) মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়৷ ক’লা মুদ্ৰাই অর্থনৈতিক অপৰাধ সৃষ্টি কৰে৷ ফলত চৰকাৰে ৰাজহ হেৰুৱায়৷

খ) মুদ্ৰাৰ প্ৰতি থকা দুর্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণত পৰিণত হয়৷ দুর্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতে মুদ্ৰা৷

গ)  মুদ্ৰা অর্থনৈতিক সম্পাদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ’ব পাৰে৷ মুদ্ৰা সর্বস্ব অর্থনীতিক মুদ্ৰা অর্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ সামাজিক বৈষম্য সৃষ্টি কৰে৷

 

৪১. সংসদীয় গণতন্ত্ৰ কি ? ভাৰতবর্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা পার্থক্য তিনিটা লিখা৷ (৪)

উত্তৰ:- সংসদীয় গণতন্ত্ৰ হ’ল এবিধ শাসন ব্যৱস্থা য’ত  জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সর্বোচ্চ ক্ষমতা অর্পণ কৰা হয়৷ দেশভেদে এনে সন্থাক ভিন্ন নাম দিয়া হয়- আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ, ভাৰত আৰু ইংলেণ্ডত সংসদ আদি৷

যদিও ভাৰতবর্ষৰ আৰু ইংলেণ্ডৰ শাসন ব্যৱস্থা সংসদীয় গণতন্ত্ৰৰ তথাপি দুয়োখনে দেশৰ মাজত কিছুমান পার্থক্য দেখা পোৱা যায়৷ তলত তিনিটা পার্থক্য উল্লেখ কৰা হ’ল-  

ক) ভাৰতবর্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য হোৱাৰ বিপৰীতে ইংলেণ্ডৰ গণতন্ত্ৰ গণৰাজ্য নহয়৷ ইংলেণ্ডৰ ৰজা বা ৰাণীৰ বিপৰীতে আমাৰ দেশত ৰাষ্ট্ৰপতিক জনগণৰ দ্বাৰা নির্বাচিত কৰা হয়৷

খ) ভাৰতবর্ষৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অব লর্ডছতকৈ বহু পৃথক৷

গ) ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী হোৱাৰ বিপৰীতে ভাৰতবর্ষত শক্তিশালী নহয়৷ 

নাইবা

ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ যিকোনো চাৰিটা আদর্শ আলোচনা কৰা৷

উত্তৰ:- ভাৰতবর্ষৰ সংবিধানৰ আদর্শ আৰু লক্ষ্যৰ বিষয়ে  প্ৰস্তাৱনাত সন্নিবিষ্ট কেইটামান শব্দ ব্যৱহাৰ কৰিছে৷ প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা বুলি কোৱা হয়৷ সংবিধান প্ৰণেতা সকলে প্ৰস্তাৱনাত ব্যৱহাৰ কৰা চাৰিটা আদর্শ তলত আলোচনা কৰা হ’ল-

ক) সার্ভভৌম:- সার্বভৌমে দেশখনক সর্বোচ্চ ক্ষমতা অপর্ণ কৰিছে৷ দেশখন কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়৷

খ) সমাজবাদী:- সমাজবাদী শব্দটোৱে ভাৰতৰ সকলো নাগৰিকক সমান মর্যদা দিয়াৰ লগতে বৈষম্য আৰু অসমতা নথকাৰ কথা প্ৰকাশ কৰিছে৷ জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অর্থনীতিৰ জৰিয়তে সমাদ প্ৰতিষ্ঠা হোৱাৰ কথা  উল্লেখ কৰিছে৷ এই শব্দটো সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে ১৯৭৬ চনত সংযোজন কৰা হৈছিল৷

গ) গণতান্ত্ৰিক:- গণতান্ত্ৰিক শব্দটোৱে দেশখন জনতাৰ দ্বাৰা পৰিচালিত তাক প্ৰকাশ কৰিছে৷ জনসধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব৷

ঘ) গণৰাজ্য:- গণৰাজ্য শব্দই দেশখনৰ ৰাষ্ট্ৰপ্ৰধানক জনতাৰ ভোটৰ দ্বাৰা নির্বাচিত কৰাৰ কথা প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰপতি পদটো বংশানুক্ৰমিক বা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহ’ব৷

ইয়াৰ বাদেই প্ৰস্তাৱনাত উল্লেখ থকা ধর্মনিৰপেক্ষ, ন্যায়, স্বাধীনতা, সমতা অৰু ভাতৃত্ববোধ শব্দকেইটাইও সংবিধানৰ আদর্শ আৰু লক্ষ্যক বিশেষভাৱে প্ৰতিফলিত কৰিছে৷

 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ