আন্তর্জাতিক সন্থা- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
অতি চমু উত্তৰৰ প্ৰশ্ন
১. ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ?
উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ
পিছত সৃষষটি হোৱা ভয়াৱহতা আৰু অবর্ণনীয় ধ্বংসলীলাৰ পৰা বিশ্ববাসীক সকাহ দিয়াৰ লগতে
শান্তি স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল৷
২.
ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা৷
উত্তৰ:-
ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা
বজাই ৰখা আৰু খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ
সর্ম্পক প্ৰতিষ্ঠা কৰা৷
৩.
ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা৷
উত্তৰ:-
ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটা
ক্ৰমে- ক) সাধাৰণ সভা, খ) নিৰাপত্তা পৰিষদ, গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ ঘ) ন্যাসৰক্ষী
পৰিষদ, ঙ) আন্তর্জাতিক ন্যায়ালয় চ) ন্যাসৰক্ষী পৰিষদ আৰু ছ) সচিবালয়৷
৪.
ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা৷
উত্তৰ:-
আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ
আৰু বিশ্ব স্বাস্থ্য সংস্থা
৫.
নিৰস্ত্ৰীকৰণৰ সর্ম্পকত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা৷
উত্তৰ:-
ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি (১৯৯৩) আৰু ৰাষ্ট্ৰসংঘৰ ‘বহিঃ মহাকাশ চুক্তি (১৯৬৭)
৬.
মানৱ অধিকাৰ মানে কি বুজা ?
উত্তৰ:-
বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে
মর্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াই মানৱ অধিকাৰ৷
দীঘল উত্তৰৰ প্ৰশ্ন
১.
ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা৷
উত্তৰ
:- দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্বত
শান্তি স্থাপনৰ বাবে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ স্থাপন কৰা হৈছিল৷
ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু শৃংখলা প্ৰতিষ্ঠা কৰি বিবাদমান বিষয়সমূহৰ শান্তিপূর্ণ
সমাধানৰ বাট মুকলি কৰাৰ পথ সুগম কৰে৷ ৰাষ্ট্ৰসংঘ গঠনৰ ৪ টা উদ্দেশ্য আছে৷ তলত উল্লেখ
কৰা হ’ল-
ক)
আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা
বজাই ৰখা৷
খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ
মাজত বন্ধুত্বপূর্ণ সর্ম্পক প্ৰতিষ্ঠা কৰা৷
গ) আন্তঃৰাষ্ট্ৰীয়
সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন
ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা৷
ঘ)
উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে
কার্য সম্পাদনা কৰা৷
ৰাষ্ট্ৰসংঘৰ কেইটামান নীতিও আছে৷ তলত উল্লেখ কৰা হ’ল-
ক)
সকলো সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ’ব৷
খ)
ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন
কৰিব লাগিব৷
গ)
আর্ন্তজাতিক সর্ম্পক ৰক্ষা কৰাৰ স্বার্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব৷
ঘ)
আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই
সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব৷
ঙ)
ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই
শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব৷
চ)
ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব৷
২.
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা৷
উত্তৰ
:- নিৰাপত্তা পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ
এটা গুৰুপ্তপূর্ণ অংগ৷ গঠনৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল ৫ জন৷ ক্ৰমে আমেৰিকা, গ্ৰেট
বৃটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন৷ আৰু ৬ জন অস্থায়ী সদস্য৷ ১৯৬৩ চনত ১০ জন অস্থায়ী সদস্যলৈ বৃদ্ধি কৰে৷
অস্থায়ী সদস্য ৰাষ্ট্ৰকেইখনক সাধাৰণ সভাই নির্বাচিত কৰে৷ কোনো গুৰুপ্তপূর্ণ বিষয়ত সিদ্ধান্ত
ল’বলৈ স্থায়ী সদস্য সহ মুঠ ৯ জন সদস্যৰ সন্মতি থাকিব লাগিব৷ স্থায়ী সদস্যসকলৰ ‘ভেটো’
প্ৰয়োগৰ ক্ষমাতা আছে৷ কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো’ দিলে নিৰাপত্তা পৰিষদত সিদ্ধান্ত
গ্ৰহণ নহয়৷
৩.
বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা৷
উত্তৰ
:- বিশ্বত যুদ্ধৰ বিভীষিকা আঁতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন পৃথিৱী গঠন কৰাৰ লক্ষ্যৰে
স্থাপন কৰা ৰাষ্ট্ৰসংঘই আৰম্ভণিৰে
পৰা কাম কৰি আহিছে৷ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নোহোৱা কৰাৰ অর্থে বহুতো পদক্ষেপ
গ্ৰহণ কৰিছে৷ তলত তাৰে কিছুমান আয়োগ আৰু চুক্তিৰ তালিকা দিয়া হ’ল-
১৯৫২:-
জানুৱাৰী ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে৷
১৯৬৩:-
ৰাষ্ট্ৰসংঘৰ তৎপৰতাত ‘আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’
১৯৬৭:-
ৰাষ্ট্ৰসংঘৰ ‘বহিঃ মহাকাশ চুক্তি’ ৷
১৯৬৮:-
ৰাষ্ট্ৰসংঘৰ ‘পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি’
১৯৭১:-
ৰাষ্ট্ৰসংঘৰ সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি৷
১৯৭২:-
ৰাষ্ট্ৰসংঘৰ ‘ছল্ট-১’ চুক্তি৷
১৯৭৯:-
ৰাষ্ট্ৰসংঘৰ ‘ছল্ট-২’ চুক্তি
১৯৯১:-
ৰাষ্ট্ৰসংঘৰ START-1 চুক্তি৷
১৯৯৩:-
ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি৷
১৯৯৬:-
১৫৮ খন ৰাষ্ট্ৰৰ সমর্থতন ৰাষ্ট্ৰসংঘৰ ‘পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ’ চুক্তি
২০০৭:-
ৰাষ্ট্ৰসংঘই ‘প্ৰতিৰোধমূলক কূটনীতি’ গ্ৰহণ কৰি বিবাদ মীমাংসা কৰা পন্থা অৱলম্বন৷
এনেদৰে
ৰাষ্ট্ৰসংঘই শান্তি ৰক্ষাৰ বাবে কাম কৰি আহিছে৷ এই ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহে সদিচ্ছা,
সহযোগিতা আৰু অনুগত্য প্ৰদর্শন কৰিব লাগিব৷
৪.
ভাৰতবর্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সর্ম্পকত এটা টোকা লিখা৷
উত্তৰ:-
ৰাষ্ট্ৰসংঘৰ আহ্বানমতে ভাৰত চৰকাৰেও ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ
আয়োগ গঠন কৰিছিল৷ পিছৰ বছৰৰ ৮ জানুৱাৰীৰ পৰা অইনখনত ‘মানৱ অধিকাৰ সুৰক্ষা আইন-১৯৯৩’
নামেৰে জনা গৈছিল৷ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মূখ্য ন্যায়াধীশ হোৱাৰ
বাদেও সদস্য সকলৰ এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ; এজন সদস্য
কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু দুজন সদস্য
মানৱ অধিকাৰ সর্ম্পকীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি৷ ইয়াৰ উপৰিও সংখ্যালঘূ আয়োগৰ
সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ
সভাপতিও আয়োগৰ সদস্য পদত থাকিব৷ সকলোকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৫ বছৰৰ বাবে নিযুক্তি দিয়ে৷
ভাৰতবর্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পর্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ
ওচৰত প্ৰতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই দিসত অতন্দ্ৰ প্ৰহৰীৰ
ভূমিকা ল’ব লাগে৷
৫,
মানৱ অধিকাৰ সর্ম্পকত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা৷
উত্তৰ:-
বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহ সুৰক্ষা দিবলৈ ৰাষ্ট্ৰসংঘই ১৯৪৬ চনত মানৱ অধিকাৰ আয়োগ
গঠন কৰে৷ বর্তমান ইয়াৰ সদস্য সংখ্যা ৫৩ জন৷ সংখ্যা গৰিষ্ঠতাৰ ওপৰত ভিত্তি কৰি অয়োগে
সিদ্ধান্তবোৰ গ্ৰহণ কৰে৷
বিশ্বত শান্তিৰ বাতাবৰণ অনাৰ উদ্দেশ্যে আৰু ৰাষ্ট্ৰসমুহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে গঠিত ৰাষ্ট্ৰসংঘই অতি গুৰুপ্তপূর্ণভাৱে মানৱ অধিকাৰ ৰক্ষাৰ দিশটোত বিশেষ গুৰুপ্ত প্ৰদান কৰি আহিছে৷ বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মর্য্যদাপূর্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অর্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৪৮ খন ৰাষ্ট্ৰৰ সমর্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে৷ সেই দিনটো মানৱ অধিকাৰ দিৱস হিচাপেও পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ঘোষণাপত্ৰৰ দুটা উদ্দেশ্য আছিল ক্ৰমে- বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিবিষ্ট হৈছে আৰু দ্বিতীয়তে এই ঘোষণাপত্ৰত উল্লীখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে৷ এনেদৰে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কাম কৰিছে৷
১৯১৪:-
প্ৰথম বিশ্বযুদ্ধ৷ বিশ্বত শান্তি স্থাপন আৰু যুদ্ধক বিদায় দিয়াৰ বাবে আন্তর্জাতিক সংগঠন
‘জাতি সংঘ’ স্থাপন৷
১৯৩৯:-
দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ৷
১৯৪৫:-
২৪ অক্টোবৰত ৫১ খন ৰাষ্ট্ৰ লগ হৈ ছানফ্ৰান্সিকো সন্মিলনৰ চনদত চহী কৰি ৰাষ্ট্ৰসংঘৰ
(United Nations Organisation) জন্ম দিয়ে৷ ২৪ অক্টোবৰ ৰাষ্ট্ৰসংঘ
দিৱস৷
· মুখ্য কার্যালয়-
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউর্য়ক৷
·
চনদৰ মুঠ অনুচ্চেদ-
১১১ টা
·
প্ৰথম সচিবপ্ৰধান:-
নৰ’ৱেৰ ট্ৰাইভহাল্ডান লী৷
·
বর্তমানৰ সদস্য
ৰাষ্ট্ৰ- ১৯৩ আৰু সচিবপ্ৰধান পর্তুগালৰ এনটনিও গুৱেটেৰেছ৷
· প্ৰধান অংগ- ৬
টা ক্ৰমে-ক) সাধাৰণ সভা, খ) নিৰাপত্তা পৰিষদ, গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ ঘ) ন্যাসৰক্ষী
পৰিষদ, ঙ) আন্তর্জাতিক ন্যায়ালয় চ) ন্যাসৰক্ষী পৰিষদ আৰু ছ) সচিবালয়৷
·
সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই ৫ জনকৈ প্ৰতিনিধি পঠাব পাৰে
যদিও ৰাষ্ট্ৰখনৰ ভোট এটা৷ বছেৰেকত এবাৰ সভা অনু্ষ্ঠিত হয়৷
·
নিৰাপত্তা
পৰিষদত স্থায়ী সদস্য ৫ জন (আমেৰিকা,
গ্ৰেট বৃটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন) আৰু অস্থায়ী প্ৰথমে ৬ জন৷ কিন্তু ১৯৬৩ ৰ পৰা
১০ জন কৰে৷ স্থায়ী সদস্যই ‘ভেটো’ প্ৰয়োগৰ ক্ষমতা আছে৷ (২৩ নং অনুচ্চেদ মতে গঠিত)
·
অর্থনৈতিক
আৰু সামাজিক পৰিষদৰ প্ৰথমে সদস্য ১৮
জন যদিও বর্তমান ৫৪ জন৷ কার্য্যকাল ৩ বছৰ৷ সদস্য সকলক সাধাৰণ সভাই নির্বাচন কৰে৷ (৫৫
নং অনুচ্চেদ মতে গঠিত)
·
ন্যাসৰক্ষী
পৰিষদত ৩ ধৰণৰ সদস্য থাকে৷ (৭৬ নং
অনুচ্চেদ মতে গঠিত)
·
আন্তর্জাতিক
ন্যায়ালয় ১৫ জন ন্যায়ধীশৰ দ্বাৰা গঠিত৷
সকলো সদস্য ৰাষ্ট্ৰ এই আদালতৰ সদস্য৷
· সচিবালয় ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ৷ নিৰাপত্তা পৰিষদৰ
অনুমোদন ক্ৰমে সাধাৰন সভাই সচিব প্ৰধানক নিয়োগ কৰে৷ কার্য্যকাল ৫ বছৰ৷ পুনৰ নির্বাচিত
হোৱাৰ সুবিধা আছে৷ (৯৭ নং অনুচ্চেদ মতে গঠিত)
১৯৪৬:-
১৬ ফেব্ৰুৱাৰী- ১৮ জন সদস্যৰে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন৷ বর্তমান সদস্য
৫০ জন৷
১৯৪৮:-
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমর্থনত মানৱ অধিকাৰ ঘোষণা পত্ৰত
চহী কৰে৷ ১০ ডিচেম্বৰ মানৱ অধিকাৰ দিৱস৷
১৯৫২:- জানুৱাৰী ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ
(Dis- armmament Commission) গঠন কৰে৷
১৯৬৩:- ৰাষ্ট্ৰসংঘৰ তৎপৰতাত ‘আংশিকভাৱে আণৱিক অস্ত্ৰৰ
বিস্ফোৰণ নিষিদ্ধ চুক্তি’ (Partial Nuclear Test Ban Treaty) সম্পাদন৷
১৯৬৭:- ৰাষ্ট্ৰসংঘৰ ‘বহিঃ মহাকাশ চুক্তি’ (Outer
Space Treaty) সম্পাদন৷
১৯৬৮:- ৰাষ্ট্ৰসংঘৰ ‘পাৰমাণৱিক
অস্ত্ৰ সংকোচন চুক্তি’ (Nuclear Non-proliferation Treaty) সম্পাদন৷
১৯৭১:- ৰাষ্ট্ৰসংঘৰ সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি’ (Seabed
Control Treaty) সম্পাদন৷
১৯৭২:- ৰাষ্ট্ৰসংঘৰ ‘ছল্ট-১’ (Strategic Arms
Limitation Treaty) চুক্তি সম্পাদন৷
১৯৭৯:- ৰাষ্ট্ৰসংঘৰ ‘ছল্ট-২’ চুক্তি সম্পাদন৷
১৯৯১:- ৰাষ্ট্ৰসংঘৰ চুক্তি Strategic Arms reduction Treaty- START-1 সম্পাদন
(1993- START-2)
১৯৯৩:- ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি
(Nuclear Arms Contron Treaty) সম্পাদন৷
·
ভিয়েনাত অনুষ্ঠিত
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সর্ম্পকীয় অধিৱেশনত সকলো সদস্য ৰাষ্ট্ৰক মানৱ অধিকাৰ গঠনত
গুৰুপ্ত দিবলৈ দোহাৰে৷
·
১২ অক্টোবৰত ভাৰতবর্ষত
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে৷ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য
ন্যায়ধীশ৷ কার্য্যকাল ৫ বছৰ৷
১৯৯৬:- ১৫৮ খন ৰাষ্ট্ৰৰ সমর্থতন ৰাষ্ট্ৰসংঘৰ ‘পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ’ (Comprehensive Test Ban Treaty- CTBT) চুক্তি সম্পাদন৷
২০০৭:- ৰাষ্ট্ৰসংঘই ‘প্ৰতিৰোধমূলক কূটনীতি’ গ্ৰহণ কৰি
বিবাবদ মীমাংসা কৰা পন্থা অৱলম্বন৷
ৰাষ্ট্ৰসংঘৰ কেইটামান অভিকৰণ:-
২.
বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation- WHO)
৩.
ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি (United Nations
Development Programme- UNDP)
৪.
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ (United Nations Human Right Commission- UNHRC)
৫.
ৰাষ্ট্ৰসংঘৰ শিশু পূঁজি (United Nations International Childern’s Emergency Fund-
UNICEF)
৬.
ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন (United Nations Educational,
Scientific and Cultural Organization- UNESCO)
৭.
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি ((International Monetary Fund- IMF)
৮.
খাদ্য আৰু কৃষি সংগঠন (Food and Agriculture Organisation- FAO)
কেইটামান গুৰুপ্তপূর্ণ
আন্তর্জাতিক অনুষ্ঠান আৰু মূখ্য কার্যালয়
১.
জাতি সমূহৰ সংঘ (Commonwealth of Nations) - লণ্ডন
২.
এমনেষ্টি ইণ্টাৰনেছনেল (Amnesty international-AI)- লণ্ডন
৪.
আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি অভিকৰণ (International Renewable Energy Agency)
- সংযুক্ত আৰৱ এমিৰেটছ
৫.
এছিয়া প্ৰশান্ত মহাসাগৰীয় অর্থনৈতিক নিগম (APEC)- ছিংগাপুৰ
৬. দক্ষিণ- পূৱ এছীয়া জাতিসমূহৰ
সংস্থা (ASEAN) – জাকার্টা
৭. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট
পৰিষদ (ICC)- ডুবাই
৮. আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন (FIFA) - জুৰিক
৯.
বিশ্ব অর্থনৈতিক মঞ্চ (World Economic Forum- WEF) - জেনেভা
১০. আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচন (International Hockey Federation) - লৌচেন, ছুইজাৰলেণ্ড
১১.
দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা (South Asian Association for Regional Cooperation-
SAARC) - কাঠমাণ্ড
শব্দার্থ:-
ভেটো:-
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য
৫ খন ৰাষ্ট্ৰৰ বিশেষ ক্ষমতা৷ কোনো সদস্যই ‘ভেটো’ দিলে সিদ্বান্ত গ্ৰহণ কৰা নহয়৷
.png)







.png)













0 মন্তব্যসমূহ