অসম দিৱসৰ কথাৰে

 

অসম দিৱসৰ কথাৰে:-



অসমত আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা চুকাফাৰ সোঁৱৰণত প্ৰতি বছৰে ২ ডিচেম্বৰ দিনটো অসম দিৱস উৎযাপন কৰা হয়৷ কিয়নো ১২২৮ চনৰ ১৬ আঘোণত অথাৎ ২ ডিচেম্বৰত তেওঁ টিপামত উপস্থিত হৈ এখন স্বাধীন ৰাজ্য প্ৰতিষ্ঠাৰ সপোন সাকাৰ কৰিব পাৰিছিল৷

১১৯০:- মংমাও সামাজ্যৰ ৰজা পামেঙমুঙৰ ভগ্নী তথা মুংখুমুংজাও ৰাজ্যৰ ৰজা চাওচাংন্যেত্তৰ পুত্ৰ ৰূপে তুলি তালি ডাঙৰ দীঘল কৰে৷ সেই বছৰতে তেওঁৰ জন্ম৷

১২১৫:- পামেওপুঙৰ মৃত্যৰ পিছত তেখেতৰ পুত্ৰ চুখানফা মংমাওৰ সিংহাসখনত বহে৷ বুঢ়ীমাকৰ নিদের্শক্ৰমে একে বছৰে চুকাফাই মুংমাওৰ ৰাজধানী মাওলুং ত্যাগ কৰি নতুন ৰাজ্য প্ৰতিষ্ঠাৰ আঁচনি গ্ৰহণ কৰে৷

Ø          ন হেজাৰ সৈনিক, তিনিগৰাকী পত্নী, বুঢ়াগোঁহাই আৰু বৰগোঁহাইকে ধৰি ১৫ জন সম্ভ্ৰান্ত বংশীয় লোক, এহাল হাতী, এজন হাতীৰ মাউত আৰু তিনিশ ঘোঁৰা, উপাস্য দেৱতা চোমদেৱৰ মূর্তি লগত লৈ পশ্চিম দিশলৈ যাত্ৰা আৰম্ভ কৰে৷ ১৩ বছৰ কাল পাটকাই পর্বতৰ (ডই-কাউ-ৰঙ্গ) সিপাৰৰ নগাসকলৰ লগত যুঁজ-বাগৰ কৰি খামজাং নদীৰ পাৰ হৈ নাংয়ান হ্ৰদৰৰ কাষত উপস্থিত হয়৷

আহোমসকলৰ প্ৰতীক


১২২৮- নগাসকলৰ লগত যুদ্ধত জয় লাভ কৰি চুকাফাই তেওঁলোকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰে৷ বহু নগাক হত্যা কৰি সেই মাংস ৰন্ধাই সিহঁতৰ অঙহী বঙহীক খাবলৈ বাধ্য কৰাইছিল৷ আতংকিত হৈ তেওঁলোকৰ নেতাসকলে চুকাফাৰ ওচৰত আত্মসমর্পণ কৰিছিল৷ তেওঁ নিজৰ লগত অহা বিষয়া এজনক ‘খামজঙ্গীয়া গোহাঁই’ উপাধি দি সেই অঞ্চলটো শাসনৰ দায়িত্ব দিয়ে৷

পাটকাই পর্বত


Ø      ১৬ আঘোণত পাটকাই পর্বত (ডই-কাউ-ৰঙ্গ) পাৰ হৈ চুকাফাই সৌমাৰখণ্ডত প্ৰৱেশ কৰি চেঁচা নৈ পাৰ হৈদিহিং নৈ পায় নামৰূপ আৰু তিপামৰ ফালে আগবাঢ়ে৷ ভৈয়াম পাই নিজৰ ৰাজধানী পাতিবৰ বাবে সুচল ঠাইৰ অনুসন্ধানত নামি পৰে৷

টিপাম


১২৩৬:-  অভয়াপুৰ নামে ঠাইত কেইবছৰমান থাকিল৷

Ø      ব্ৰক্ষ্মপুত্ৰ নদীয়েদি গৈ হাবুংত দুবছৰ থাকি বানপানীৰ উপদ্ৰবৰ বাবে আকৌ ব্ৰক্ষ্মপুত্ৰৰে নামনিলৈ গৈ শিমলুগুৰিত সোমায়৷ নদীপৰীয়া ঠাই হোৱাৰ বাবে সঘনাই স্থান সলাই ফুৰিছিল৷

চৰাইদেউ মৈদাম


১২৫৩:- ওখ অঞ্চল চৰাইদেউ বা লাংকুৰি দেৱৰ পর্বত বানপানীৰ পৰা মুক্ত দেখি নিজ ৰাজ্যৰ ৰাজধানী স্থাপন কৰে৷ ৰাজ্যৰ সীমা আছিল পূবে বুঢ়ীদিহিং নদী, পশ্চিমে দিখৌ নদী, উত্তৰে ব্ৰক্ষ্মপুত্ৰ আৰু দক্ষিণে নগা পর্বত৷ চুকাই ৰাজধানীৰ নাম ৰাখিছিল, “চে-ৰাই-ডয়’ অথাৎ টাই ভাষাত পাহাৰৰ পৰা জিলিকি থকা নগৰ৷

Ø      নিজকে স্বর্গৰ ৰজা লেংডন বা ইন্দ্ৰৰ বংশধৰ বুলি চিনাকি দি টাই ভাষাত চাও-ফা (চাও-ৰজা, ফা- স্বর্গ) নাম লৈছিল৷ চাওলুং মানে আকৌ- স্বর্গদেউ৷ চৰাইদেউত চোমদেওৰ মন্দিৰ সজাৰ লগতে মন্দিৰৰ টিলাটোৰ কাষতে থকা চাপৰ টিলাটোত চাও-চেং-ৰেন পাতি লাংকুৰি পূজা পতাৰ প্ৰথা আৰম্ভ কৰে৷

Ø      অঞ্চলটোত পূর্বৰে পৰা বসবাস কৰা মৰাণসকলৰ ৰজা ‘বদৌচা’ আৰু বৰাহীসকলৰ ৰজা ‘থাকুমথা’ৰ লগত মিত্ৰতা স্থাপন কৰে৷ দুয়ো ৰাজবংশৰ কুঁৱৰীৰ পাণিগ্ৰহণ কৰে৷ তেওঁলোকৰ ভাষা শিকি লয়৷ সাতৰাজ মাৰি একৰাজ কৰা’ আর্দশৰে ৰাজ্যবিস্তাৰ কৰে৷

Ø      নামদাং নদী পর্যন্ত আহোম সাম্ৰাজ্য স্থাপন কৰি বুঢ়াগোহাঁই আৰু বৰগোহাঁইক ডাঙৰীয়া বা মন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰে৷ স্থানীয় লোকক ৰান্ধনী, চাংমাই, ভৰালী, বেজ, জৰাধৰা, কুকুৰাচোৱা বনুৱা পাতিছিল৷

Ø      দুয়োজন ডা-ডাঙৰীয়াৰ বাবে ক্ৰমে দিলিহি আৰু মাদুৰীত একো-একোখনকৈ ৰজাবাৰী পাথি থাপিবলৈ দিছিল৷



Ø      তেওঁ প্ৰথমবাৰৰ বাবে অসমত ম’হেৰে হালবাই শালি খেতি কৰাৰ কৃষি পদ্ধতি অসমত আৰম্ভ কৰিছিল৷

Ø      মৃতক আৰু উপৰিপুৰুষসকলৰ স্মৰণৰ বাবে চুকাফাই মাংগলিক অনুষ্ঠান মে-ডাম মে-ফি’ আয়োজন কৰিছিল৷ বর্তমান ৩১ জানুৱাৰীত ইয়াক পালন কৰা হয়৷

Ø      চুকাফাৰ প্ৰতি সন্মান জনাই পিছৰ ৰজাসকলে চৰাইদেউতে ‘শিঙৰি ঘৰত উঠা উৎসৱ বা ৰাজ অভিষেক আয়োজন কৰিছিল৷

Ø      চুকাফাৰ ৰাণী কাঞ্চনীৰ লগত নাহৰ নামৰ ডেকা এজনৰ গোপন প্ৰণয়ৰ কাহিনীয়েই হৈছে অসমত প্ৰচলিত নাহৰৰ গীত মালিতাৰ ঘাই উপজীব্য৷

Ø      সৰু সৰু জান জুৰি পাৰ হউতে ভৰি নিতিতিবলৈ চুকাফাৰ দিনতে পেঙলাখুটি খেলৰ আৱিস্কাৰ হৈছিল৷

১২৬৮:- ৪০ বছৰ শাসনৰ অন্তত চুকাফাৰ মৃত্যু৷



Ø      চুকাফাৰ মৃত্যুৰ পিছত তেওঁৰ বৰপুত্ৰ চুতেওফা (১২৬৮-৮১ খ্ৰীঃ) ৰজা হয়৷ তেওঁ কছাৰীৰ হাতৰ পৰা দিখৌ নদীৰ পূব অঞ্চলটো নিজ ৰাজ্যৰ ভিতৰুৱা কৰিছিল৷

১৯৭২:- শদিয়াৰ পাটীদৈ নগাঁও ৰাজগড় প্ৰাথমিক বিদ্যালয়ত ছৈখোৱা অঞ্চলৰ সমাজকর্মী পাছলৈ আলফাৰ ৰাজনৈতিক পৃষ্ঠপোষক ভীমকান্ত বুঢ়াগোহাঁইৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অসম দিৱস পালন কৰা হৈছিল৷ এই ক্ষেত্ৰত শদিয়াৰ মৌজাদাৰ আৰু স্থানীয় ছাত্ৰ সন্থাই সহায় কৰিছিল৷ পিছৰ বছৰো তেওঁলোকে দিৱসটি উৎযাপন কৰে৷

১৯৭৪:- শদিয়াত আড়ম্বৰপূর্ণভাৱে চুকাফা দিৱস পালন কৰে৷ অনুষ্ঠানত সভাপতিত্ব কৰা সাহিত্যিক ড° লীলা গগৈয়ে চুকাফা দিৱসত চৰকাৰী বন্ধ ঘোষণাৰ দাবী জনোৱাৰ প্ৰস্তাৱ ঘোষণা কৰে৷ সভাত মহেন্দ্ৰ বৰা আৰু নগেন শইকীয়া উপস্থিত আছিল৷  

১৯৮১:- ভালেকেইটা দল-সংগঠনৰ সহযোগত চৰাইদেউত চুকাফা দিৱস উৎযাপন৷

১৯৮৩:- চুকাফাৰ ৰাজধানী চৰাইদেউ শিৱসাগৰ জিলাৰ এটা মহকুমা ৰূপে ঘোষিত হয়৷

১৯৮৭:- ১ মার্চৰ আজিৰ সময় কাকতত চুকাফাৰ বিষয়ে বিভিন্ন লেখা সংগ্ৰহ কৰি লীলা গগৈ, পদ্ম বৰকটকী আৰু ধ্ৰুৱজ্যোতি বৰাই চুকাফা সংখ্যাৰূপে প্ৰকাশ কৰে৷

Ø  অসম আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী উদ্যোগত গুৱাহাটীৰ জজ খেলপথাৰত চুকাফা দিৱস পালন৷ সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চুকাফা দিৱসটি অসম দিৱস ৰূপে পালন কৰাৰ কথা ঘোষণা কৰে৷ চৰকাৰী স্বীকৃতিৰে ২ ডিচেম্বৰটো জাতীয় দিৱসত পৰিণত হয়৷

২০০৫:- অসম চৰকাৰে প্ৰতি তিনি বছৰৰ মূৰত এই দিৱসত সমাজৰ ঐক্য সংহতিৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা ব্যক্তিক চুকাফা বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

২০০৬- ২০ জানুৱাৰীত যোৰহাটৰ মহবন্ধাত চাওঁলুং চুকাফা ক্ষেত্ৰৰ আধাৰশিলা স্থাপন৷



২০১২:- উক্ত বর্ষত সাহিত্য অকাডেমী লাভ কৰা চন্দনা গোস্বামীৰ উপন্যাস ‘পাটকাই ইপাৰে মোৰ দেশ’ ত চুকাফাৰ বিষয়ে বহু কথা উল্লেখ আছে৷



২০১৫:- ১৫ আগষ্টত চুকাফাৰ ৰাজধানী চৰাইদেউ অসমৰ অসমৰ এখন জিলাৰূপে ঘোষিত হয়৷



২০১৬:- আহোম পুথি, বুৰঞ্জীবিদ, আহোম জনগোষ্ঠীয় সংগঠন, টাই পণ্ডিত-গৱেষকৰ তথ্যৰ ভিত্তিত চৰাইদেউ সংৰক্ষণ আৰু উন্নয়ণ মঞ্চই  চৰাইদেউ মৈদামস্থলীৰ পৰা কিছু নিলগৰ লাংকুৰি দেওশালৰ উত্তৰ দিশত থকা এঙেৰা হাবি গাঁও অঞ্চলত তিনিটা মৈদাম উদ্ধাৰ কৰে৷ ইয়াৰে প্ৰথমটো চুকাফাৰ মৈদাম বুলি ঠাৱৰ কৰি উলিওৱা হয়৷



একটি মন্তব্য পোস্ট করুন

2 মন্তব্যসমূহ

  1. সুন্দৰ চিৰঞ্জীৱদা। উপকৃত হ'লোঁ। এটা কথা- 'সাত ৰাজ মাৰি একৰাজ কৰা' বুলি কোৱাতকৈ আমি নতুন ধৰণেৰে ভাবি চিন্তি 'সাতৰাজ সামৰি একৰাজ কৰা' বুলি ক'লেহে সঠিক হ'ব বুলি ভাবোঁ।

    উত্তরমুছুন