Pre-Board Examination, 2023 Sub: Social Science Dhemaji

 

Pre-Board Examination, 2023

Sub: Social Science

Dhemaji



(ক-শাখা)

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১. A. বংগ বিভাজন কার্যকৰী হৈছিল ১৯০৫ চনৰ ৫ অক্টোবৰ৷

   B. বংগ বিভাজনৰ জৰিয়তে হিন্দু-মুছলমানৰ মাজত একতা ভংগ কৰিবলৈ বিচাৰিছিল৷

A.    A শুদ্ধ আৰু B অশুদ্ধ

B.    A আৰু B শুদ্ধ

C.    A আৰু B অশুদ্ধ

D.    A অশুদ্ধ আৰু B শুদ্ধ

*.চৰকাৰী ভাৱে ১৯০৫ চনৰ ১৬ অক্টোবৰত বংগ বিভাজন কার্য্যকৰী কৰা হৈছিল৷

২. তলত দিয়াবোৰ উপযুক্ত পচন্দৰ সৈতে মিলোৱা

1. অৱনীন্দ্ৰনাথ ঠাকুৰ             (a) বংগলক্ষ্মী কটন

2. সতীশ চন্দ্ৰ মুখ্যোপাধ্যায়        (b) বংগীয় কলা সংসদ

3. আব্দুল হালিম গজনবি          (c) ‘দি-ডন’

4. নীলৰতন চৰকাৰ               (d) ইউনাইটেড বেংগল ষ্টোৰছ

A. 1-a, 2-b, 3-c, 4-d

B. 1-c, 2-d, 3-b, 4-a

C. 1-b, 2-c, 3-d, 4-a

D. 1-a, 2-d, 3-b, 4-c

৩. ক্ৰম অনুসৰি সজোৱা

(i) খিলাফৎ আন্দোলন

(ii) লাহোৰ কংগ্ৰেছ অধিৱেশন

(iii) ছাইমন কমিছনৰ আগমন

(iv) চৌৰি-চৌৰাৰ ঘটনা

A. i, ii, iii, iv

B. i, iv, iii, ii *

C. ii, iii, iv, i

D. iii, iv ii, i

* ১৯১৯-খিলাফৎ আন্দোলন৷ প্ৰথম বিশ্বযুদ্ধৰ পাছত

১৯২২- চৌৰী-চৌৰা ঘটনা৷ উত্তৰ প্ৰদেশত সংঘটিত

১৯২৮- ছাইমন কমিছন৷

১৯২৯- লাহোৰ কংগ্ৰেছ অধিৱেশন৷ সভাপতি জৱাহৰলাল নেহেৰু৷

৪. অসহযোগ আন্দোলনৰ কাৰণ হৈছে-

(i) ব্ৰিটিছ চৰকাৰৰ ভাৰতবর্ষত অর্থনৈতিক শোষণ

(ii) জাপানৰ ভাৰত আক্ৰমণ

(iii) ব্ৰিটিছ চৰকাৰৰ ছাইমন কমিছন গঠন

(iv) ৰাওলাট আইন

A. কেৱল (i) আৰু (iv)

B. কেৱল (ii) আৰু (iii)

C. কেৱল (i), (ii) আৰু (iii)

D. কেৱল (ii), (iii) আৰু (iv)

৫. গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে কোন দুগৰাকী ব্যক্তিৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল-

A. ভল্টেয়াৰ আৰু থৰো

B. টলষ্টয় আৰু ভল্টেয়াৰ

C. থৰো আৰু টলষ্টয়

D. ৰুছো আৰু টলষ্টয়

৬. অসমত ব্ৰিটিছ বিৰোধী জাগৰণৰ কাৰণ

A. দাস প্ৰথা বিলুপ্তিকৰণ

B. নিস্কৰ, ভূমিৰ ব্যৱস্থা

C. কৃষি উন্নয়নত ব্ৰিটিছৰ গুৰুপ্ত

D. আধুনিক শিক্ষাৰ প্ৰসাৰ

৭. অসমত গঠিত হোৱা ৰায়ত সভাসমূহ কিমান চনলৈ সক্ৰিয়  আছিল ?

A. ১৯৩৩                B. ১৯৩৪

C. ১৯৩৮                D. ১৯৩৯*

* ১৯৩৩ চনত গঠন হোৱা ৰায়তসভা সমুহ এইবছৰৰ পৰা কংগ্ৰেছ সমূহে সামৰি লৈছিল৷

৮. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ  বিফলতাৰ কাৰণ

(i) বিদ্ৰোহীৰ সংখ্যা তাকৰিয়া আছিল৷

(ii) বিদ্ৰোহী সকলে সময়ৰ মূল্য বুজি পোৱা নাছিল৷

(iii) গোপনীয়তা ৰক্ষা কৰাত ব্যর্থ হৈছিল৷

(iv) অস্ত্ৰ-শস্ত্ৰৰ অভাৱ আছিল৷

A. (i) আৰু (ii)

B. (i), (ii) আৰু (iv)

C. (i), (ii), (iii) আৰু (iv)

D. (iii) আৰু (iv)

৯. পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল-

A. ১৮৯৪, জানুৱাৰী

B. ১৮৯৪, ফেব্ৰুৱাৰী

C. ১৮৯৪, মার্চ

D. ১৮৯৪, এপ্ৰিল

১০. হেমচন্দ্ৰ বৰুৱাৰ অত্যুৎকৃষ্ট কৃতিখন কি আছিল-

A. জোনাকী              B. বীণবৈৰাগী

C. হেমকোষ             D. মোৰ দেশ

১১. অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল-

A. চন্দ্ৰনাথ শর্মা          B. কৃষ্ণকান্ত সন্দিকৈ

C. পদ্মনাথ গোহাঁই বৰুৱা D. লক্ষ্মীনাথ বেজবৰুৱা

১২. তলৰ কোনটো অসমৰ তৃতীয় বৃহত্তম জনজাতি

A. বড়ো                  B. ৰাভা

C. মিচিং                 D. কার্বি

১৩. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

(a) কথাগীতা             (i) কলহন

(b) নামঘোষা             (ii) ভট্ৰদেৱ

(c) ৰাজতৰঙ্গিনী          (iii) জৱাহৰলাল নেহেৰু

(d) ভাৰত-সম্ভেদ         (iv) মাধৱদেৱ

A. a-(ii), b-(iv), c-(i), d-(iii)

B. a-(ii), b-(iv), c-(iii), d-(i)

C. a-(iii), b-(i), c-(iv), d-(ii)

D. a-(i), b-(ii), c-(iii), d-(iv)

১৪. ইউনেস্ক’(UNESCO)ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা-

(i) সাঁচীৰ স্তুপ            (ii) অজন্তাৰ গুহা

(iii) তাজমহল           (iv) লালকিল্লা

A. (i), (ii) আৰু (iv)

B. (i), (ii) আৰু (iii)

C. (ii), (iii) আৰু (iv)

D.  (i), (iii), (iv)

* প্ৰশ্নটো অলপ ভূল আছে৷ বর্তমান আটাইকেইটা স্থান ইউনেস্কৰ হেৰিটেজ চাইটৰ অন্তগর্ত- অজন্তা গুহা (১৯৮৩), তাজমহল (১৯৮৩), সাঁচীৰ স্তুপ (১৯৮৯), লালকিল্লা (২০০৭)

১৫. ‘কালিয় দমন’ ৰ ৰচিয়তা কোন ?

A. মাধৱদেৱ             B. শংকৰদেৱ

C. ভট্ৰদেৱ               D. মাধৱ কন্দলী

১৬. খনন কার্য তলৰ কোনবিধ বৃত্তিৰ অন্তর্গত-

A. প্ৰাথমিক বৃত্তি          B. দ্বিতীয়ক বৃত্তি

C. তৃতীয়ক বৃত্তি          D. চতুর্থক বৃত্তি

১৭. IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত ?

A. UNESCO            B. UNO

C. WWF                D. UNEP

১৮. তলৰ কোনবিধ সম্পদ প্ৰাকৃতিক সম্পদ যিটো জীবিয় আৰু নবীকৰণযোগ্য

A. পানী                  B. মাটি

C. উদ্ভিদ                 D. বায়ু

১৯. জলমণ্ডলৰ অৱস্থা আৰু পৰির্বতন নির্ভৰ কৰে-

A. স্থলমণ্ডলৰ ওপৰত

B.  বায়ুমণ্ডলৰ ওপৰত

C. জীৱমণ্ডলৰ ওপৰত

D. ওপৰৰ আটাইকেইটাৰ ওপৰত

২০. বায়ুমণ্ডলত সর্বাধিক পৰিমাণে থকা গেছ দুবিধ হ’ল-

(i)           হিলিয়াম

(ii)         নাইট্ৰজেন

(iii)        অক্সিজেন

(iv)        কার্বন-ডাই অক্সাইড

A. (i) আৰু (ii)

B. (ii) আৰু (iii)

C. (iii) আৰু (iv)

D. (i) আৰু (iv)

* নাইট্ৰজেন (৭৮.০৮%) আৰু অক্সিজেন (২০.৯৪%)

২১. ছাহাৰা, কালাহাৰী আৰু নামিবিয়া মৰুভূমি পৃথিৱীৰ উল্লেখযোগ্য মৰুভূমিৰ অৱস্থিতি হৈছে-

A. উত্তৰ আমেৰিকা মহাদেশ

B. আফ্ৰিকা মহাদেশ

C. ইউৰোপ মহাদেশ

D. এছিয়া মহাদেশ

২২. ‘চিচিলিজ’ দ্বীপ কোন মহাসাগৰত অৱস্থিত ?

A. ভাৰত মহাসাগৰ       B. দক্ষিণ মহাসাগৰ

C. প্ৰশান্ত মহাসাগৰ      D. আটলাণ্টিক মহাসাগৰ

২৩. প্ৰশান্ত মহাসাগৰৰ গভীৰতম খাত ‘মেৰিয়ানা খাত’ৰ গভীৰতা কিমান ?

A. ১১,০০০ মিটাৰ        B. ১১০০২ মিটাৰ

C. ১১০২২ মিটাৰ          D. ১১০৩২ মিটাৰ

২৪. দৰঙ জিলাৰ লোকনৃত্য হ’ল-

A.ওজাপালি               B. চেৰাও

C. মণিপুৰী               D. মোহিনী আট্ৰাম

২৫. অসমৰ ৮৫% জনবসতি বসবাস কৰা অঞ্চলটো হ’ল-

A. পার্বত্য অঞ্চল                  B. বৰাক অঞ্চল

C. ব্ৰক্ষ্মপুত্ৰ অঞ্চল                 D. উপকূল অঞ্চল

২৬. ’ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

(a) ছফটৱেৰ প্ৰজুক্তি পার্ক        (i) ছয়গাঁও

(b) মৰাপাট উদ্যোগ পার্ক         (ii) গেলা পুখুৰী

(c) চাহ উদ্যোগ পার্ক              (iii) বৰঝাৰ

(d) প্লাষ্টিক উদ্যোগ পার্ক          (iv) ধিং

A. a-(iii), b-(iv), c-(i), d- (ii),

B. a-(i), b- (ii), c- (iii), d- (iv)

C. a-(ii), b- (iii), c- (iv), d- (i),

D. a- (iv) b--(iii), c- (ii), d-(i)

২৭. অসমৰ প্ৰথম শ্ৰেণী নগৰখন চিনাক্ত কৰা৷ তলত দিয়াবোৰৰ পৰা-

A. শিৱসাগৰ             B. উত্তৰ লক্ষিমপুৰ

C. ধুবুৰী                 D. নগাঁও

* লোকপিয়লৰ তথ্যমতে ১ লাখ বা ততোধিক জনসংখ্যা থকা নগৰক প্ৰথম শ্ৰেণীৰ নগৰ বোলা হয়৷
২৮. অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম

A. চীন আৰু বাংলাদেশ

B. বাংলাদেশ আৰু ভূটান

C. নেপাল আৰু ভূটান

D. নেপাল আৰু পাকিস্তান

* উত্তৰ দিশত ভূটান আৰু পশ্চিম দিশত বাংলাদেশ৷

২৯. Assertion (A): ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা হিচাপে জনা যায়৷

Reason (R): ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো প্ৰধানকৈ কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতাৰ ওপৰত বর্তি আছে৷

A. (A) শুদ্ধ (R) অশুদ্ধ

B. (A) অশুদ্ধ (R) শুদ্ধ

C. (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু ‘(R) ‘(A)’ৰ সঠিক ব্যাখ্যা নহয়৷

D. (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু ‘(R)’ ‘(A)’ৰ শুদ্ধ ব্যাখ্যা৷

* কানাডাৰ সংবিধানত থকা ‘ঢিলা যুক্তৰাষ্ট্ৰ’ ব্যৱস্থাৰ অনুকৰণত ব্যক্তিক্ৰমধর্মী ভাৰতীয় যুক্তৰাষ্ট্ৰ ব্যৱস্থাক সংবিধান প্ৰণেতা সকলে ‘অর্ধ-যুক্তৰাষ্ট্ৰ’, ‘ব্যতিক্ৰমধর্মী যুক্তৰাষ্ট্ৰ’, ‘কেন্দ্ৰীভূত যু্ক্তৰাষ্ট্ৰ’ হে আখ্যা দিছিল৷ কিন্তু বর্তমান সময়ত ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলৰ মতেভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ ওপৰত মূলতঃ নির্ভৰশীল৷ সেইবাবে এনে যুক্তৰাষ্ট্ৰ হ’ল ‘সহযোগিতামুলক যুক্তৰাষ্ট্ৰ’৷  

৩০. ‘ছাৰকাৰিয়া আয়োগ’ গঠনৰ মূল কাৰণ হ’ল-

A. দেশৰ সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰা

B. অংগৰাজ্য সমূহক স্বতন্ত্ৰতা প্ৰদানৰ দাবী৷

C. কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতাৰ বাবে

D. কেন্দ্ৰ আৰু ৰাজ্যৰ সংঘাত নিৰাময়ৰ বাবে

৩১. শুদ্ধ উক্তিটো বাছি উলিওৱা

(i)           ৰাষ্ট্ৰসংঘৰ চনদত মুঠ ১১১ টা অনুচ্ছেদ আছে৷

(ii)         ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কার্যকাল ৫ বছৰ৷

(iii)         সাধাৰণ সভাৰ সদস্যসকলৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে৷

A. (i) আৰু (ii)

B. (ii) আৰু (iii)

C. (ii) আৰু (iii)

D. (i), (ii) আৰু (iii)

* নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ হে ভেটোপ্ৰদানৰ ক্ষমতা থাকে৷

৩২. ভাৰতবর্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন-

A. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব লাগিব৷

B. উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব লাগিব৷

C. উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব৷

D. উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব৷

৩৩. ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য-

(i) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা৷

(ii)  সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সর্ম্পক প্ৰতিষ্ঠা কৰা৷

(iii) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান আৰু প্ৰত্যোকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা৷

(iv) সকলো সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ’ব৷

A. (i), (ii) আৰু (iii)

B. (i), (ii), (iii) আৰু (iv)

C. (i) আৰু (ii)

D. (ii), (iii) আৰু (iv)

৩৪. আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ সংখ্যা--- জন৷

A. ১২                   B. ১৩

C. ১৪                    D. ১৫

৩৫. দক্ষিণ পূর্ব এছিয়া জাতিসমূহৰ সংস্থাৰ মুখ্য কার্যালয় ক’ত অৱস্থিত ?

A. লণ্ডন                 B. জাকার্টা

C. ডুবাই                 D. জেনেভা

৩৬. Bank শব্দটো ইটালীত তলত দিয়া কোনটো শব্দত ব্যৱহাৰ হৈছিল ?

A. মন্তে                  B. বেংক

C. বেংকো                D. বেংকি

৩৭. মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম স্তৰটো-

A. বিনিময় প্ৰথা

B. জন্তু মান

C. কাগজী মুদ্ৰা

D. ধনাদেশ

৩৮. চেক মুদ্ৰা--

(a)  অবিহিত মুদ্ৰা        (b) বিহিত মুদ্ৰা

(c)  নিকট মুদ্ৰা          (d) প্ৰতীক মুদ্ৰা         

A. (a) আৰু (c)   

B. (a) আৰু (b) 

C. (b) আৰু (c)  

D. (d) আৰু (a) 

৩৯. ___ মুদ্ৰা চৰকাৰী আদেশ অনুযায়ী বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়৷

A. বিহিত মুদ্ৰা

B. কাগজী মুদ্ৰা

C. উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা

D. আদেশী মুদ্ৰা

৪০. ____ মুদ্ৰাৰ  এটা বৈশিষ্ট্য নহয়৷

A. সাধাৰণ গ্ৰহণযোগ্যতা

B. পূর্ণ সাদৃশ্যতা

C. তাৰল্যৰ গুণ

D. সহজে নষ্ট হোৱা গুণ

৪১. নীতি আয়োগৰ প্ৰথম বৈঠক বহিছিল-

A. ২০১৪ চনৰ ১ জানুৱাৰীত

B. ২০১৪ চনৰ ৮ ফেব্ৰুৱাৰীত

C. ২০১৫ চনৰ ১ জানুৱাৰীত

D. ২০১৫ চনৰ ৮ ফেব্ৰুৱাৰীত

৪২. যি আর্থিক ব্যৱস্থাত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয় সেই আর্থিক ব্যৱস্থাটো হ’ল—ব্যৱস্থা৷

A. গণতান্ত্ৰিক             B. মিশ্ৰিত

C. সমাজবাদী            D. উদাৰীকৰণ

৪৩. ভাৰতবর্ষত পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হয়-

A. ১৯৫০                B. ১৯৫১

C. ১৯৫২                D. ১৯৫৩

৪৪. এটা নিদিষ্ট বিত্তীয় বর্ষত দেশ এখনৰ উৎপাদিত সেৱা আৰু সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ’ল-

A. জাতীয় আয়           B. জনমূৰি আয়

C. ব্যক্তিগত  আয়        D. সামূহিক আয়

৪৫. ভাৰতবর্ষৰ পৰিকল্পনাৰ প্ৰথমচোৱা সময়ত অর্থনীতি উন্নয়নৰ হাৰ আশানুৰূপ নোহোৱাৰ কাৰণ সমূহ-

(i) চীন দেশৰ সৈতে হোৱা যুদ্ধ

(ii)  পাকিস্তানৰ সৈতে হোৱা যুদ্ধ

(iii) অনাবৃষ্টি

(iv) ৰাজনৈতিক দৃষ্টিপট পৰির্বতন

A. (i), (ii) আৰু (iii)

B. (ii), (iii) আৰু (iv)

C. (i), (ii), (iii) আৰু (iv)

D. (i), (iii) আৰু (iv)


একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ