দেশভক্ত তৰুণৰাম ফুকন

   স্বাধীনতা সংগ্ৰামৰ অক্লান্ত যোদ্ধা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট আইনজ্ঞ দেশভক্ত তৰুণৰাম ফুকনদেৱে(২২ জানুৱাৰী ১৮৭৭- ২৮ জুলাই, ১৯৩৯) নিজৰ দক্ষতা, বাগ্মিতা আৰু সমাজ সচেতনতাৰে জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে২০২১ৰ ৭ জুলাইত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকৰ সিদ্ধান্তমৰ্মে প্ৰতিবছৰে ২৮ জুলাইত উদযাপন কৰা হয় দেশভক্তি দিৱস৷ এইবাৰ অসম চৰকাৰে ৰাজ্যিক পর্যায়ত দেশভক্তৰ সোঁৱৰণত ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছে৷ তলত সুদক্ষ চিকাৰী আৰু হাতীৰ ব্যৱসায়ী বলৰাম ফুকন আৰু ভাগীৰথী দেৱীৰ সন্তান কবি, সুবক্তা, আইনজীৱি তৰুণৰাম ফুকন সর্ম্পকীয় কেইটামান লেচেৰী-


 

·                দেশভক্ত তৰুণৰাম ফুকনে অসমত প্ৰথমবাৰৰ বাবে চাইকেল আৰু গাড়ী চলাই বিলাসপ্ৰিয় মানসিকতাৰ পৰিচয় দিয়া তৰুণৰাম ফুকনে মুগা বৰণৰ দুটা আৰৱী ঘোঁৰা আৰু বিলাতী কুকুৰ পুহিছিল৷ জন্তু চিকাৰৰ লগতে বৰশী বাই তেওঁ ডাঙৰ মাছো চিকাৰ কৰাত চখ ৰাখিছিল৷ তেখেতই আছিল প্ৰথম অসমীয়া মাছপোহা আদর্শ খেতিয়ক৷ কুষ্ঠৰোগৰ উন্নত চিকিৎসা প্ৰচলন নথকাত তেওঁ গুৱাহাটীত প্ৰথমবাৰৰ বাবে কুষ্ঠাশ্ৰম প্ৰতিষ্ঠা কৰিছিল৷

·                Ø কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক প্ৰফুল্ল চন্দ্ৰ ৰয়ে এবাৰ ৰাজহুৱাকৈ কৈছিল, ‘গুৱাহাটীত তিনিজনে সুন্দৰ ইংৰাজী জানে৷ তেওঁলোক হ’ল জে বৰুৱা, তৰুণৰাম ফুকন আৰু ললিতমোহন লাহিড়ী৷ ১৮৯৫ চনত কটনকলেজিয়েটৰ পৰা উত্তীর্ণ হৈ ফুকনে কলিকতাৰ প্ৰেছিডেন্সি কলেজত পঢ়িছিল৷ ১৯৮৭ চনত এফ এ পৰীক্ষাত উত্তীর্ণ হৈ স্নাতক মহলাত অধ্যয়ণ কৰে যদিও সফল নহ’ল৷

Ø লণ্ডনত বেৰিষ্টাৰ (তৃতীয়জন অসমীয়া) পঢ়ি থাকোতে ছেণ্ডো নামৰ ব্যামবীৰ এজনে দুই-তিনিযোৰ তাচপাত একে মুঠাতে ধৰি অনায়াসে ফালি পেলোৱা কৌশল দেখি ফুকনো আকৃষ্ট হৈছিল৷ তেওঁ এযোৰ তাচপাত হেলাৰঙে ফালি নিজৰ সামর্থ্যৰ পৰিচয় দিব পাৰিছিল৷ বিলাতত পঢ়িবলৈ যাওতে তেখেতক গোৱালপাৰৰ জমিদাৰ ভোলানাথ চৌধুৰীয়ে আর্থিক সহায় কৰিছিল৷ ১৯০৫ চনত ভাৰতলৈ উভতি আহে৷

Ø জ্ঞানদাভিৰাম বৰুৱাৰ বিবাহ অনুষ্ঠানত বৰযাত্ৰী হিচাপে যোৱা ফুকনে এটা বাংলা কবিতাৰ আবৃত্তি কৰিছিপ। সেয়া শুনি ৰবীন্দ্ৰনাথ ঠাকুৰে নুমলীয়া জীয়েক অতসীলতাক (মীৰা) ফুকনলৈ বিয়া দিবৰ বাবে ককায়েক নবীনৰাম ফুকনৰ সৈতে কথা পাতিছিল৷ একেদৰে লর্ড সত্যেন্দ্ৰ সিংহই তেখেতৰ কন্যাকো ফুকনলৈ যাঁচিছিল৷ কিন্তু স্বাভিমানী ফুকনে অনা অসমীয়া ছোৱালী বিয়া পাতিবলৈ ইচ্ছা নকৰিল৷ ১৯০৯ চনৰ ১৬ জুনত ৰায়বাহাদুৰ পৰশুৰাম খাউণ্ডৰ কন্যা বিদ্যুৎপ্ৰভাক (বিজুলী) বিয়া কৰায়৷ দেশপ্ৰাণ লক্ষ্মীধৰ শর্মাই তেওঁলোকৰ প্ৰথম কন্যা সন্তান প্ৰতিভা দেৱীক বিয়া কৰাইছিল৷ কমবয়সতে প্ৰতিভাৰ মৃত্যু হোৱাত তৰুণৰাম ফুকনে ‘এপাহি ফুল’ নামৰ শোক কবিতা লিখিছিল৷

Ø ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৯২১ চনৰ মুম্বাই অধিবেশনলৈ ফুকন গৈছিল৷ তাত তেওঁ মহাত্মা গান্ধীৰ লগত চিনাকী হৈ অসমলৈ নিমন্ত্ৰণ জনাইছিল৷ আগষ্ট মাহত গান্ধী অসমলৈ আহি ফুকনৰ ঘৰত অতিথি হয়হি৷ তেওঁৰ ঘৰৰ পৰাই বিদেশী বস্ত্ৰ দাহৰ প্ৰথম কার্যসূচী লোৱা হৈছিল৷ গৰুৰ গাড়ীৰে এগাড়ী বিদেশী কাপোৰ ফুকনে জুইত দিয়া দেখি গান্ধীও আচৰিত হৈছিল৷

Ø ৰোহিণীকান্ত হাতীবৰুৱাই আমন্ত্ৰণ কৰি অনা ১৯২৬ চনৰ পাণ্ডু কংগ্ৰেছ অধিবেশনত তৰুণৰাম ফুকনে অভ্যর্থনা সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি পিছত ব্যক্তিগত কোষৰ আর্থিক ক্ষতি ভৰিব লগা হৈছিল৷

Ø তৰুণৰাম ফুকন কেন্দ্ৰীয় সংসদৰ সদস্য হোৱাৰ বাদেও গুৱাহাটী লোকেল বর্ডৰ সভাপতি নির্বাচিত হৈছিল৷

Ø চিকাৰী তৰুণৰামে বিলাতৰ পৰা আহি ককায়েক নবীনৰাম ফুকনৰ প্ৰিয় মাউত দেউকী মাউতক লৈ চিকাৰ কৰিছিল৷ নবীন হাজৰিকা নামৰ ব্যক্তিজৰ হাতীটো লৈ তেওঁ প্ৰথমবাৰৰ বাবে তিনিটা বাঘ আৰু এটা শিয়াল পহু চিকাৰ কৰিছিল৷ দীপৰ বিলত তেওঁ হাতী চিকাৰ কৰিছিল৷ জীৱনত বধ কৰা প্ৰথমটো হাতী আছিল এটা প্ৰকাণ্ড মখনা৷ লগত আছিল তাবাক নামৰ কার্বি চিকাৰী আৰু কুঁহিৰাম৷ কুঁহিৰামে হাতীটোৰ দাত দুটা কাটিলত ঘৰমুৱা হৈছিল৷


Ø তেখেতৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ হৈছে ‘স্তুতিমালা’ নামৰ এখন ভক্তিমূলক কবিতা সংকলন৷ ১৯২৬ চনত প্ৰকাশ পোৱা গ্ৰন্থখন ১৯২০ চনত শিলচৰ কাৰাগাৰত থকা সময়ত লিখিছিল৷

Ø যৌন জীৱন আৰু যৌন সমস্যাৰ ওপৰত আলোকপাত কৰি তেওঁ ‘যৌনতত্ত্ব’ নামৰ গ্ৰন্থখন লিখিছিল৷

Øআৱাহন’ আলোচনীত ১২ টা চিকাৰ কাহিনী লিখা ফুকনে আলোচনীখনত নবীন স্মৃতি, ধর্মনীতি, আমাৰ বিহু, তিৰোতাৰ বর্তমান দুৰবস্থা আদি প্ৰবন্ধ লিখিছিল৷

Ø ১৯২৭ চনৰ অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি আন শুৱনি কৰিছিল৷

Ø ভাৰতীয় ডাক বিভাগে ১৯৭৭ চনৰ ২২ জানুৱাৰীত তেওঁৰ স্মৃতিত এটা ডাক টিকট প্ৰকাশ কৰিছিল৷ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ ইনডৰ ষ্টেডিয়ামখন তেওঁৰ নামত উৎসৰ্গা কৰা হৈছে



·      উনবিংশ শতিকাত অসমত চাইকেলত আৰোহন কৰাটো অসমত সপোন সপোন আছিল৷ গুৱাহাটীত প্ৰথম চাইকেল চলোৱা ব্যক্তি আছিল তৰুণৰাম ফুকন৷ ১৯০০ চনমানত তেওঁ কলিকতাৰ পৰা চাইকেল ক্ৰয় কৰাৰ লগতে চাইকেল কেনেকৈচলাব লাগে তাৰ হাতপুথিও সংগ্ৰহ কৰিছিল৷ ভৰলুমুখৰ নিজৰ বাসগৃহৰ পৰা ভৰলু দলঙলৈ চাইকেল চলোৱাত বাটৰ দুয়োকাষে ৰাইজে চাইকেল ভিৰ কৰি চাইছিল৷ তেওঁ যেতিয়া চাইকেলত জাপ মাৰি উঠিছিল, তেতিয়া আয়তীসকলে উৰুলি দিছিল আৰু পুৰুষসকলে হাতচাপৰিৰে শুভেচ্ছা জনাইছিল৷ ফুকনে চাইকেলত উঠি কেইগজমান গৈ নলাত পৰে আৰু চাইকেলখনে তেওঁক হেঁচা মাৰি ধৰে৷ তেওঁৰ পিছে পিছে যোৱা লগুৱাকেইটাই উঠাই ঘৰলৈ লৈ গৈছিল৷


একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ