কিতাপ ১০০০০

 

  • মোল্লা নাচিৰুদ্দিনৰ কাহিনী- দীপজ্যোতি নেওঁগ

অৰুণোদয় প্ৰকাশন, যোৰহাট/ প্ৰথম প্ৰকাশ- ১৯৯৯/ প্ৰচ্ছদ ও অলঙ্কৰণ- ৰবীন বৰুৱা৷
মূল্য- ১৮.০০/ পৃষ্ঠা-৪২
গ্ৰন্থখনৰ পৰা এটা কাহিনী




 




 স্বর্গলৈ যোৱাৰ সহজ উপায়:- বাদশ্বাহে এদিন নাচিৰুদ্দিনক দৰবাৰলৈ মাতি নি সুধিলে- “তুমি এনে কোনো সহজ উপায় জানা নেকি যাৰ দ্বাৰা মই ৰাজ দৰবাৰৰ পৰা পোনচাটেই র্স্বগলৈ যাব পাৰো ?” নাচিৰুদ্দিনে মূৰ দুপিয়াই উত্তৰ দিলে- “হয় জাহাপনা, আপুনি কাম-বন বাদ দি কেৱল শুই থাকক৷ তেতিয়া বিচনাৰ পৰাই যাব পাৰিব স্বর্গলৈ৷” “কি ল’ৰা ধেমালি কৰিবলৈ আহিছা ? বিচনাত শুই থাকিনো স্বর্গলৈ যাব পাৰিনে কৰবাত ? বাদশ্বাহে ভেকাহি মাৰি ক’লে৷ “বিশ্বাস কৰক জাহাপনা, স্বর্গলৈ যোৱাৰ এইটোৱেই আটাইতকৈ সহজ উপায়৷ কাৰণ শুই থাকিলে আপুনি কোনোধৰণৰ পাপ কাম কৰিব নোৱাৰিব আৰু এটা সময়ত শুই শুইয়ে স্বর্গ পাবগৈ৷” (পৃষ্ঠা-২১)

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ