কিতাপ ৯৯৯৯

 

বিলাতৰ চিঠি- ধীৰা হাজৰিকা

  • আঁক-বাক/ প্ৰথম প্ৰকাশ ২০১৩
  • ভ্ৰমণ কাহিনী/ মূল্য- ১৬০.০০/ পৃষ্ঠা- ১৭৬

 উত্তৰ পূর্বাঞ্চলৰ প্ৰথম মহিলা বৈমানিক ধীৰা চলিহা হাজৰিকাই যোৰহাটৰ পৰা গৈ লণ্ডন নিবাসী হৈছিল৷ তেওঁৰ স্বামী সুৰকাৰ, গীকাৰ কমল হাজৰিকা৷ লণ্ডনৰ কাহিনী অসম বাণী কাকতত ‘বিলাতৰ চিঠি’ ৰূপে প্ৰকাশ হৈছিল৷ তাৰেই একত্ৰিত সংকলন হৈছে ‘বিলাতৰ চিঠি’৷

গ্ৰন্থখনৰ পৰা একাংশ:-


“ৰাণী এলিজাবেথ কমনৱেলথ অনুষ্ঠানৰ মুৰব্বী৷ সেয়ে ৰাণীয়ে প্ৰত্যক বছৰে জুন মাহত এটা গার্ডেন পার্টী দিয়ে৷ এই পার্টীলৈ গোটেই পৃথিৱীৰ নামজ্বলা লোক, ডিপ্ল’মেট আৰু স্থানীয় লর্ড, লেডী বা বিশেষ পদবী থকা লোক, সংগীত, সাহিত্য জগতৰ অনুৰাগীক নিমন্ত্ৰণ কৰে৷ প্ৰায় ছমাহমান আগৰে পৰা এই আয়োজন আৰম্ভ হয়৷ লর্ড চেইম্বাৰলেইনে এই নিমন্ত্ৰণী-পত্ৰ পঠিয়ায়৷ পকোৱা আখৰৰ বগা ডাঠ কার্ডত সোণালী আখৰত চিঠিখন ৰজাঘৰীয়া বুলি অনুমান কৰিব পাৰি৷ ১৯৬৪ আমি দুয়ো এই গার্ডেন পার্টীলৈ যোৱাৰ সৌভাগ্য ঘটিছিল৷ মোৰ মানুহজনে তেতিয়া ভাৰতীয় দূতাবাসত (হাইকমিছন অৱ ইণ্ডিয়া) চাকৰি কৰিছিল বাবে আমালৈ এই সুবিধা আহিছিল৷ আমাৰ আগেয়ে আৰু আমাৰ পাছতো বহুতো অসমীয়া পৰিয়াল এই গার্ডেন পার্টীলৈ নিমন্ত্ৰিত হৈছিল৷ …. এই গার্ডেন পার্টীলৈ যাবলৈ হ’লে ফর্মেল পোছাক পিন্ধিব লাগে৷ মহিলাৰ বাবে আবেলি পিন্ধা দীঘল গাউন আৰু পুৰুষৰ বাবে ক’লা ছ্যুট আৰু তাৰ লগত মিলা টাই৷ মই ভাৰতীয় মহিলাৰ পোছাক হিচাপে মেখেলা-চাদৰযোৰ পিন্ধিছিলোঁ, লগতে অসমীয়া গহনা৷” (পৃষ্ঠা-৬০)

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ