অনুসৃষ্টি (চাৰি শতাধিক দেশী-বিদেশী কবিতাৰ অসমীয়া ভাঙনি)
অনুবাদ
নীলমণি ফুকন/ সংকলক- অৰিন্দম বৰকটকী
অসম প্ৰকাশন পৰিষদ/ প্ৰথম প্ৰকাশ ২০১৪/ মূল্য-৩০০.০০/ পৃষ্ঠা-
৪৮৪
নীলমণি ফুকন

অনুবাদ কবিতা সংকলনটোত নীলমণি
ফুকনে লিখা জাপানী কবিতা (প্ৰথম প্ৰকাশ ১৯৭১/ উচর্গা কৰিছিল নৱকান্ত বৰুৱাৰ
নামত/ জাপানী কবিতা আৰু তাৰ ৰস বিচাৰ নামেৰে পাতনি লিখিছিল হীৰেন গোহাঁই ); গার্থিয়া
লৰকাৰ কবিতা (প্ৰথম প্ৰকাশ ১৯৮১/ উচর্গা কৰিছিল লৰকাৰ কবিতাৰ অনুৰাগী ধনী বৰাৰ
নামত); অৰণ্যৰ গান (প্ৰথম প্ৰকাশ-১৯৯৩/ উচর্গা কৰিছিল চাগ্ৰা আৰু পার্বতিৰ নামত/এই
সংকলনত ছত্তিছগড়ী, ৱাঞ্চু, চাঁওতাল, হো, মিচিং, মুণ্ডা, কার্বি, পৰাজা, আঙ্গামী, বাইগা,
গাৰো, যোৱাঙ, কুকি, কন্ধ, বড়ো, কন্যাক, বণ্ডা, ওৰাওঁ, আৰু গোণ্ড ভাষাৰ অনুবাদ কবিতা
আছে); চীনা কবিতা (প্ৰথম প্ৰকাশ ১৯৯৬/ উচর্গা কৰিছিল ড° মহেন্দ্ৰ বৰাৰ
নামত) আৰু ১৮ টা শেহতীয়া ভাঙনিৰ অনুবাদ কবিতা অর্ন্তভুক্ত হৈ আছে৷ প্ৰতিখন কিতাপৰ কবি
পৰিচয়, টোকা আৰু পৰিশিষ্টই সংকলনখনৰ গৰিমা বৃদ্ধি কৰিছে৷
অনুসৃষ্টিৰ আঁৰৰ কথাত নীলমণি ফুকনে
লিখিছে, “কবিতা এটা যেতিয়া পঢ়ি ভাল লাগে (কিছুমান কবিতা আকৌ বাৰে বাৰে পঢ়াৰ পিছতহে
ভাল লাগিব পাৰে) যিটো কবিতা মোৰ ৰুচি, সংবেদন, কল্পনাশক্তি আৰু অভিজ্ঞতাই মোৰ বুলি
লয়, যিটো কবিতা হয়তো মূল কবিজনৰ তেনেই সাধাৰণ বা অসাধাৰণো হ’ব পাৰে, তেনে কোনো কথা
বিবেচনালৈ নানি কবিতাটো বাৰে বাৰে পঢ়ি থাকো৷ এনেকৈ পঢ়ি থাকোতে কবিতাটো মুখস্থ হৈ যায়৷
পংক্তিবোৰ সময়ে অসময়ে মনলৈ আহি থাকে আৰু কবিতাটোৰ মাজত লাহে লাহে বুৰ যাও৷ আৰু যেতিয়া
হঠাৎ মনৰ মুড অনুসৰি তন্ময়, অনুপ্ৰাণিত বা সৃষ্টিশীল মুহূর্ত এটা অর্নিবচনীয় এক আনন্দ
উপলব্ধি অনুভৱৰ মাজত যি লাগে ছয়াময়ায়েই হওঁক, এটি দুটিকৈ ফুলৰ পাহি মেল খোৱাৰ দৰে-
কবিতাটো উন্মোচিত হৈ প্ৰস্ফুটিত হয় তেতিয়াহে কবিতাটোৰ স্তৱকবোৰ অসমীয়া কৰি গৈ থাকো৷”
কবিতা সংকলনটোৰ পৰা ৪ টা কবিতা
![]() |
জাপানী কবিতা- নীলমণি ফুকন |
টিংবোৰৰ দিগন্তৰ সিপাৰত
তোমাৰ সপোন;
তোমাৰ পিঠিটো আকাশৰ ফান্দ… …
(হয়, সেইটোৱেই সঁচা)
চিম্পেই কুচানো (১৯০৩) :- কেণ্টনৰ লিননাম বিশ্ববিদ্যালয়ৰ স্নাতক৷ কুচানোৱে
বেঙৰ সম্বন্ধে অসংখ্য কবিতা লিখিছে৷ ‘জাপানী ফভ’ বুলি জনাজাত কুচানো বাস্তৱবাদী
কবি গোষ্ঠীত এজন নেতৃস্থানীয় কবি৷
![]() |
গার্থিয়া লৰকাৰ কবিতা-নীলমণি ফুকন |
২. ৰাতি
মমবাতি, চাকি
লেম আৰু জোনাকী৷
সৰু সৰু যাঠিৰ
থুপিতৰা বাহ৷
সোণৰ সৰু খিৰিকীবোৰ
কঁপি থাকে,
আৰু ক্ৰুছৰ ওপৰত ক্ৰুছ
দোকমোকালিত থাকে দুলি৷
মমবাতি, চাকি
(গার্থিয়া লৰকা (১৮৯৮-১৯৩৬) মূল কবিতাৰ পৰা ‘খাইমেই ডে আউগুলা’ই
কৰা ইংৰাজী কবিতাৰ পৰা অনুবাদ৷)
৩. মিচিং (অনুবাদ- নাহেন্দ্ৰ পাদুন)
ক) চৰাই নহ’লোঁ
তোমাক উৰি চাবলৈ
সপোন নহ’লোঁ
তোমাক দেখা পাবলৈ
খ) জুৰিৰ পানীও পানী
চকুৰ পানীও পানী
জুৰিৰ পানী শুকায়
চকুৰ পানী নুশুকায়
গ) পাত নোহোৱা গছৰ পৰা
ছাঁ বিচাৰিলে পাবা জানো
নিমৰমিয়াল প্ৰিয়জনৰ আগত কান্দিলে
দুখৰ কথা বুজি পাব জানো
পাহাৰীয়া জন্তুক
নিমখ দিলে খাব জানো
অবুজন প্ৰিয়জনৰ আগত দুখৰ কথা ক’লে
বুজি পাব জানো৷চীনা কবিতা- নীলমণি ফুকন
৪. অনামী
অৱশেষত মাৰ গ’ল বেলি,
ডাঠ হৈ পৰে ঘাঁহত নিয়ৰ৷
ভৰোৱা ভৰোৱা জেডপাথৰৰ পিয়লা,
সমুখত এতিয়াও নিশা বাকী৷
ওৰে নিশা ডাঠ হৈ পৰি ৰ’ব নিয়ৰ ঘাংহত,
গৰুৰ কাৰণে ৰোৱা তিনি-পতীয়া বনত৷
অচিৰে অচিৰে শুকাব নিয়ৰ,
অচিৰেই নিশা হ’ব শেষ৷
(খ্ৰীঃ পূঃ দ্বাদশ শতিকাত লিখা এই গীতটিক পৃথিৱীৰ প্ৰাচীনতম
সুৰাপানৰ গীত বুলি কোৱা হয়)
0 মন্তব্যসমূহ