ৰাইজৰ মুখৰ মাত- চৈয়দ আব্দুল মালিক
ষ্টুডেণ্টচ
ষ্ট’ৰচ্/ প্ৰথম প্ৰকাশ:- ১৯৯৮( নতুন সংস্কৰণ ২০১৮)/ প্ৰচ্ছদ:- সুধীৰ মৈত্ৰ/ মূল্য:- ৯০.০০/ পৃষ্ঠা:
১১২
চৈয়দ আব্দুল মালিক

কিতাপখনৰ আঁৰৰ কাহিনী:-
অসম
প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত ‘প্ৰকাশ’ আলোচনীৰ ষষ্ঠ বছৰ ২য় সংখ্যা, ৩য় সংখ্যা আৰু
৫ম সংখ্যাত চৈয়দ আব্দুল মালিকে ‘ৰাইজৰ মুখৰ মাত’ নাম দি তিনিটা ভাগত এটা প্ৰৱন্ধ লিখিছিল৷
প্ৰৱন্ধটোত একোটা বিষয়ৰ ওপৰত অসমীয়া ৰাইজে বেলেগ বেলেগ উপলক্ষত বিভিন্ন পৰিৱেশ আৰু
পৰিস্থিতিত আগবঢ়োৱা বেলেগ বেলেগ মন্তব্য আৰু অভিমতবোৰ প্ৰকাশ কৰিছিল৷ প্ৰৱন্ধটোৰ লগত
কিছু যোগ-বিয়োগ কৰি চন্দ্ৰপ্ৰসাদ শইকীয়াৰ উদগনিত কিতাপৰূপে প্ৰকাশ কৰিছিল৷
কিতাপখনৰ
সর্ম্পকে মালিকে মোখনিতে উল্লেখ কৰিছে, “অসমৰ উজনি-নামনি সকলো অঞ্চলতে স্থানীয় পর্যৱেক্ষণ
আৰু অভিজ্ঞতাক ভিত্তি কৰি অৱলম্বন কৰি এনেবোৰ যোজনাই ৰূপ লৈছিল৷ ডাকৰ বচনৰ উৎপত্তি
স্থল ভাটি অসম হ’লেও, সেইবোৰক অসমৰ সকলোৱে ডাকৰ বচন বেদৰ বাণী ৰূপে শ্ৰদ্ধাৰে গ্ৰহণ
কৰিছিল, কিন্তু ডাকৰ বচনবোৰ প্ৰধানতঃ অৱলম্বন কৰি ৰচিত৷ সেইবিলাক সংগ্ৰহ কৰা হৈছে আৰু
পুথি আকাৰে প্ৰকাশো হৈছে৷ আমি প্ৰাসঙ্গিক কোনো কোনো ‘বচন’ৰ কথা উল্লেখ কৰিছো, কিন্তু
সমগ্ৰ ‘ডাকৰ বচন’ ইয়াৰ বিষয় বস্তুৰ মাজলৈ অনা নাই৷ ভাটি অসমত উদ্ভৱ হোৱা বা সেই অঞ্চলত
মৌখিকভাৱে চলি থকা এনেধৰণৰ ফকৰা যোজনা আদিৰ সর্ম্পকে নজনাৰ কাৰণে সকলোবোৰ যিজনাৰ উল্লেখ
আমি কৰিব পৰা নাই৷”….আমাৰ জীৱন ধাৰণ পদ্ধতি, আমাৰ আচাৰ-বিচাৰ, লিখিত আৰু কথিত ভাষা
আদিৰ যিদৰে ক্ষিপ্ৰ পৰিৱর্তন ঘটিছে, হয়তো আমাৰ ভৱিয্যত বংশধৰ সকলে এই যোজনা বোৰক আচহুৱা
বুলি পৰিহাৰ কৰিবলৈকে আৰম্ভ কৰিব৷ এই পৰিবর্তনক বাধা দিয়াৰ উপায় নাই৷ কিন্তু অসমীয়া
জাতিটোত অস্তিত্বক আগুৰি থকা এই প্ৰবচনবোৰৰ কথাও মাজে মাজে মনত পেলাব—সেই আশাৰেই এইবোৰ
থূপাই থোৱাৰ চেষ্টা কৰা হ’ল৷”
কিতাপখনৰ
পৰা পোক পৰুৱাক লৈ থকা ফকৰা যোজনা সমূহৰ কিছু অংশ দিয়া হ’ল-
পৰুৱা:-
·
মাউখে
উটিলে গুৰি পৰুৱাৰো মৰণ নাই৷
·
অকলশৰীয়া
পহু, বাঁহতলত ঘৰ,/ টোকাপৰুৱাই কামুৰিলে/ ধৰ ফৰাই মৰ৷
·
পৰুৱাই
পোৱা
·
মূৰত
নলয় ওকণিয়ে খায় বুলি,/ মাটিত নথয় পৰুৱাই খায় বুলি৷
চেলা:-
·
এলাতকৈ
চেলাৰ বিষ বেছি হোৱা৷
·
চেলা
চাললৈ, বিছা বেৰলৈ যোৱা৷
সাপ
·
মাকে
নেপাহৰে পুত্ৰৰ শোক,/ সাপে নেপাহৰে কঁকালৰ কোব৷
·
সাপৰ
সৰু বৰ নাই৷
·
বল
নাইকিয়া ঢোৰা সাপৰ/ ফোপাউৰিয়েই সাৰ৷
·
সাপো
ওলাল, বেঙেও দেখিলে৷
·
শোৱনী
ঘৰত ফেটী সাপ৷
·
নাই
বুলিলে সাপতো বিষ নাই৷
·
সাপ
হৈও খায়, বেজ হৈও জাৰে৷
·
সাপেহে
সাপৰ ঠেং দেখে৷
·
সাপক
গাখীৰ খুউওৱা৷
·
সাপৰ
নেগুৰ ছিগা সোঁত৷
·
মাজ
তালুত সাপে খুটিলে/ ধৰণী ধৰিবলৈ ঠাই নাই৷
·
সাপে
খায়, কাপে খায়৷
·
খাই
কার্শলা ডালত উঠিল,/ কাঠি চেলেকাৰ মৰণ মিলিল৷
·
উপকাৰীক
অজগৰে খায়৷
·
বৰ-ঘৰত
গোম সাপ সোমাৱা৷
·
সাপ
মাৰি নেগুৰত বিষ থোৱা৷
·
সাপ
যেন চেঁচা৷
·
লৰত
ফেটী সাপৰ মূৰ ছিগা৷
·
গাখীৰ
খুৱাই সাপ পোহা৷
·
এবাৰ
সাপে খালে, ঘূৰি বাৰ লেজুলৈকে ভয়৷
·
কোদো
বাহত জুই দিয়া৷
·
বাটৰ
কাষৰ কোদো, কোনোবাই জোকায়, কাৰোবাক খায়৷
বিছা:-
·
গা
বিচাই ডকাদি ডকা
·
দুর্যোগীয়া
হাবিলৈ যায়, দা সুলকি বৰলে খায়৷
উঁই:-
·
উঁইৰ
মৰিবলৈ বাখি গজে
·
উঁয়ে
মাটি তোলা৷
উৰহ:-
·
উৰহৰ
খং ভগা ঢাৰিত কোবোৱা
বেং,
ভেকুলী:--
·
ভেকুলীৰ
পিঠিত নোম গজা
·
মাৰৰ
নিচিনা নহলি./ বাপেৰৰ নিচিনা নহলি,/ খালত আছিলে ভেকুলী বেং,/ তাৰে নিচিনা দুখনি ঠেং/
নাদৰ ভেকুলী৷
·
চুক
ভেকুলী৷
·
চুকৰ
ভেকুলীয়ে সান্দহৰ গোন্ধ লোৱা৷
·
চুকৰ
ভেকুলীয়ে চুক চিনি পায়৷
·
লালুকীলৈ
তপত পানী নেলাগে৷
·
জোকৰ
মুখত চূণ দিয়া৷
·
জোক
লগাদি লগা (নেৰানেপেৰাকৈ লগা)
·
মাখিৰ
মূৰৰ ঘিউ কাঢ়ি খোৱা (কির্পিণ)
·
সোলাৰ
মুখত মাখি পৰে,/ সিও লাভৰ ভিতৰ৷
·
মাখি
ছাল ছিগা৷
·
মাখিৰে
ছালেৰে জয়ঢোল সাজিলে/ ফৰিঙৰ ঠেঙেৰে বায়৷
·
মকৰা
শিপিনী৷
·
মকৰা
জালত পৰা৷
·
মকৰা
হিচাপে৷
·
জীয়াৰী
ছোৱালী জিৰণীয়া মৌ
·
ঔৰে
গছতে মৌৱে বাহ ললে,/ ককাই পাৰি দিয়া খাওঁ৷
·
মৌ
চেপা বৰষুণ৷
·
মৌসনা
মিঠা মাত৷
·
মুখত
মৌ, পেটত গৰল৷
·
কুমজেলেকুৱাৰ
গা যেন পিছল৷
·
কেঁকোৰা
খোলা দিয়া৷
·
কেঁকোৰা
চেপা দিয়া৷
·
ভয়ত
কেঁকোৰা গাঁত বিচৰা৷
· শামুকৰ
সাহটো৷
·
লেধাই
শামুকৰ পোকৰ, খৈয়াবৈ মৰিছে লোকৰ৷
·
শামুকীয়া
গতি৷
·
ফৰিং-ছিটিকা
দিয়া
·
ফৰিং
ফুটা জোনাক৷
কুমটি:-
·
নাইত
কুমটি মেলা৷
বালিচাঁহী:-
·
বালিচাঁহীৰ
পৰা গজহস্তীলৈকে৷
·
মূৰত
নলয় ওকণিয়ে খায় বুলি
·
ওকণি
শিৰা
0 মন্তব্যসমূহ