দশম শ্ৰেণী, ইতিহাস খণ্ড৷ চতুর্থ অধ্যায়- ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

 

চতুর্থ অধ্যায়          

 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ



অতি চমু উত্তৰৰ প্ৰশ্ন:-

১. য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?

উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী৷

২. কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয় ?

উত্তৰ:-  ১৮২৬ চনৰ পৰা ১৮৫৭ চন৷

৩. অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰ:- ১৮৩৭ চনত৷

৪. বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰ:- ১৮৭৩ চনত৷

৫. অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?

উত্তৰ:- মিলন৷

৬. ৰায়ত সভা সমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?

উত্তৰ:- কৃষকৰ বিভিন্ন সমস্যা সমাধান কৰা৷

৭. সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ?

উত্তৰ:- ১৯৩৩ চনত৷

৮. আহোম সভাৰ সম্পাদক কোন আছিল ?

উত্তৰ:- পদ্মনাথ গোহাঁইবৰুৱা৷

৯. যোৰহাট সার্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ?

উত্তৰ:- ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত৷

১০. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ?

উত্তৰ:- সভাপতি- কুলধৰ চলিহা/ সম্পাদক-নবীনচন্দ্ৰ বৰদলৈ

নবীনচন্দ্ৰ বৰদলৈ

১১. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্ৰথমজন সভাপতি কোন আছিল ?

উত্তৰ:- বিষ্ণুৰাম মেধি৷

বিষ্ণুৰাম মেধি

১২.অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নির্বাচিত হৈছিল?

উত্তৰ:- গোপীনাথ বৰদলৈ, ১১ ফেব্ৰুৱাৰি ১৯৪৬৷

গোপীনাথ বৰদলৈ

১৩. কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?

কুশল কোঁৱৰ

উত্তৰ:- সৰুপথাৰত ৰেল বগৰোৱাৰ অপৰাধত৷

১৪. গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?

উত্তৰ:- ২৬ জানুৱাৰী, ১৯৪৮৷

১৫. অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ?

উত্তৰ:- ৩ নৱেম্বৰ, ১৯৪৭৷

১৬. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?

উত্তৰ:- ২০ ছেপ্তেম্বৰ ১৯৬০৷

চমু উত্তৰৰ প্ৰশ্ন

১. ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ বিষয়ে চমুকৈ লিখা৷

উত্তৰ:- উচ্চ শিক্ষাৰ বাবে কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ডেকা দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকন লগ লাগি ১৮৭২ চনত ‘অসমীয়া লিটাৰেৰী ছ’চাইটী গঠন কৰিছিল৷ সংগঠনৰ মুখ্য উদ্দেশ্য আছিল সাহিত্যচর্চা৷ অৱশ্য তেওঁলোকৰ মাজত ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল৷ সংগঠনৰ সদস্য জগন্নাথ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱাই ছ’চাইটীৰ হৈ সেই সময়ৰ ভাইচৰয় লর্ড নর্থব্ৰুকৰ হাতত অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল চলাবলৈ দাবী জনাই স্মাৰক পত্ৰ দাখিল কৰিছিল৷ ১৮৮৫ চনলৈ অসমীয়া ভাষা-সাহিত্য উন্নয়ণৰ বাবে কাম কৰা এইটো সংগঠন সক্ৰিয় হৈ আছিল৷

ভাইচৰয় লর্ড নর্থব্ৰুক

২. জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাষ দিয়া৷

লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ:- অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পৰা প্ৰকাশ কৰা আলোচনী ‘জোনাকী’ত জাতীয়তাবাদৰ উত্তৰণ ঘটিছিল৷ ব্ৰিট্ৰিছৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল৷ আলোচনীখনত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ দেশ’, অসম সংগীত, বীণ-ব’ৰাগীৰ লগতে অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচনাই দেশপ্ৰেমৰ জয়গান গাইছিল৷ কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্ৰাচার্যই নিয়মীয়াকৈ অসমৰ অর্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সর্ম্পকীয় নিবন্ধ প্ৰকাশ কৰিছিল৷ এনেদৰে জোনাকীয়ে সামাজিক চেতনা জাগ্ৰত কৰাৰ লগতে জাতীয়তাবাদী চিন্তা উত্তৰণ ঘটাইছিল৷

কমলাকান্ত ভট্ৰাচার্য

 
৩. আহোম সভাৰ ৰাজনৈতিক দাবী সর্ম্পকে চমুকৈ লিখা৷

পদ্মনাথ গোহাঁইবৰুৱা

উত্তৰ- পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত শিৱসাগৰ জিলাত প্ৰতিষ্ঠা লাভ কৰা আহোম সভাই (১৮৯৩) আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা সভাৰ দাবীবোৰ আছিল-

ক) কানি বিৰোধী আন্দোলন আৰম্ভ কৰি কানিৰ প্ৰচলন একেবাৰে আঁতৰাই জনগোষ্ঠীৰ মানুহক উদ্ধাৰ কৰা৷

খ) আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘূ সম্প্ৰদায়ৰ মর্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰাৰ লগতে পৃথক সমষ্টিৰ গঠন কৰা৷

৪. আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল ?

উত্তৰ-:-  অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়োৱা আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ আছিল ক্ৰমে-

ক) বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰ পৰা পৃথক কৰা৷

খ) বিধানসভাত স্থানীয় প্ৰতিনিধিত্বৰ দাবী উত্থাপন৷

গ) মণ্টেগ’-ছেমছফর্ড ৰিপর্টৰ (১৯১৮) আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী৷ এই দাবীত এছ’চিয়েছনে নবীনচন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাক সঁজাতী হিচাপে লণ্ডনলৈ পঠিয়াইছিল৷

মণ্টেগ-ছেমছফর্ড

ঘ) ১৯২০ চনত অসমত এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবী৷ ইত্যাদি৷

৫. অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা৷

উত্তৰ- মহাত্মা গান্ধীৰ নেতৃত্বত ১৯২০ চনৰ পৰা ১৯২২ চনলৈ সমগ্ৰ দেশতে অসহযোগ আন্দোলন চলিছিল৷ ১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটিও ৰাষ্ট্ৰীয় আন্দোলনটিৰ সৈতে একত্ৰিত হৈ পৰে৷ বহুতো অসমীয়া নেতাই গান্ধীৰ আহ্বানক্ৰমে জনসাধাৰণত বিদেশী বস্ত্ৰ কৰি সেইবোৰৰ মেজি সাজি জুই লগাই বিসর্জন দিয়াত সহায় কৰিছিল৷

অমিয় কুমাৰ দাস

চন্দ্ৰনাথ শর্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমদ আদিৰ নেতৃত্বত চৰকাৰী শিক্ষানু্ষ্ঠান বর্জন কৰি আন্দোলনত নামিছিল৷ সেইসকলৰ অগ্ৰগণ্য কেইজনমান হ’ল- লক্ষীধৰ শর্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনকচন্দ্ৰ বৰুৱা, বেণুধৰ শর্মা, তিলক শর্মা আদি৷ ছাত্ৰসকল দেখি নবীনচন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চান্দ, বিষ্ণুৰাম মেধি আদিয়ে ওকালতি ত্যাগ কৰিছিল৷ বহু চৰকাৰী চাকৰিয়ালে চাকৰি ত্যাগ কৰি আন্দোলনৰ প্ৰতি সমর্থন জনাইছিল৷  

চন্দ্ৰনাথ শর্মা


ৰোহিনীকানত হাতীবৰুৱা

লক্ষ্মীধৰ শর্মা

বেনুধৰ শর্মা

৬. কানিংহাম চার্কুলাৰৰ বিষয়ে লিখা৷

উত্তৰ:-  মহাত্মা গান্ধীৰ নেতৃত্বত সংঘটিত আইন অমান্য আন্দোলন (১৯৩০-৩৪)ৰ প্ৰভাৱ অসমতো পৰিছিল৷ গান্ধী আৰু নেহেৰুক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত অন্য ৰাজ্যৰ লগতে অসমতো ছাত্ৰসকলে হৰতাল কার্যত অংশগ্ৰহণ কৰে৷ সেই সময়তে জে. আৰ.  কানিংহামে এখন চার্কুলাৰ (১৯৩০) জাৰি কৰে৷ চার্কুলাৰ মতে  ছাত্ৰ আৰু তেওঁলোকৰ অভিভাবক সকলে কোন ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিব লাগিব৷ দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা বঞ্চিত হ’ব৷ এই অপমানজনক নিদের্শনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া অসমত পৰিছিল আৰু আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল৷  

৭. গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সর্ম্পকে চমুকৈ লিখা৷

উত্তৰ:- ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পাছত গোপীনাথ বৰদলৈয়ে অসমত প্ৰথমে চৰকাৰ গঠন কৰিছিল৷ তেখেতৰ মন্ত্ৰীসভাত স্থান লাভ কৰা সদস্যসকল আছিল ক্ৰমে- বসন্তকুমাৰ দাস, বিষ্ণুৰাম মেধি, জে. নিকলছ ৰয়, ৰামনাথ দাস, বৈদ্যনাথ মুখার্জী আৰু আব্দুল মতলিব মজুমদাৰ৷ অসমৰ প্ৰথমখন চৰকাৰে মুখামুখি হোৱা সমস্যাবোৰ তলত উল্লেখ কৰা হ’ল-

জে নিকলছ ৰয়

ক) দুর্বল আন্তঃগাঁঠনিৰ লগতে সীমা সমস্য৷ দেশ বিভাজনৰ ফলত উত্তৰ পূবাঞ্চল ভাৰতৰ আন প্ৰান্তৰে সৈতে যোগাযোগ বিচিন্ন হৈ পৰিছিল৷ কৃষিৰ আন্তজাতিক বাণিজ্য একেবাৰে বন্ধ হৈ যোৱাত মন্ত্ৰীসভাই অর্থনৈতিক সমস্যাত পৰিছিল৷

খ) দেশ বিভাজনে অসমৰ ভৌগোলিক পুনৰ গঠনৰ সমস্যা সৃষ্টি কৰাৰ লগতে অনুপ্ৰৱেশকাৰীৰ সমস্যাই গোপীনাথ বৰদলৈ মন্ত্ৰী সভাক জৰুলা কৰিছিল৷ 

গ) গোপীনাথ বৰদলৈৰ কার্য্যকালতে চীনে ১৯৬২ চনত ভাৰত তথা অসম আক্ৰমণ কৰি নিৰাপত্তাৰ প্ৰতি প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিছিল৷

. অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা৷

উত্তৰ:- ইংৰাজ চৰকাৰৰ শাসনকালতে কৰিমগঞ্জ (১৯১৩) আৰু তিতাবৰত (১৯২৩) দুটা কৃষি গৱেষণা কেন্দ্ৰ অসমত স্থাপন কৰা হৈছিল৷ এই কেন্দ্ৰসমূহত গৱেষণা চলাই থাকিলেও এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় হৈ পৰিল৷ সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল৷ ১৯৬৯ চনত দুয়োখন মহাবিদ্যালয়ক সামৰি যোৰহাটত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় ‘অসম কৃষি বিশ্ববিদ্যালয়’ স্থাপন কৰা হৈছিল৷

৯. অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা৷

উত্তৰ:- লখিমপুৰ জিলাৰ চিভিল ছার্জন ইংৰাজ বিষয়া ড° জন বেৰী হোৱাইটে অনুদান আগবঢ়োৱা ৫০০০০ টকাৰ পূজিৰে ১৯০০ চনত ডিব্ৰুগড়ত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল৷ ১৯১০ চনত ইংলেণ্ডৰ পৰা অনা দুটা এক্স-ৰে মেচিনেৰে মহাবিদ্যায়খনৰ ৰেডিঅ’লজি বিভাগ আৰম্ভ কৰিছিল৷ দ্বিতীয় মহাসমৰৰ সময়ত আমেৰিকাৰ সৈন্যই চিকিৎসালয় হিচাপে ব্যৱহাৰ কৰা মহাবিদ্যালয়খন ১৯৪৭ চনৰ ৩ নৱেম্বৰত আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাকৰণ কৰা হৈছিল৷ 


দীঘল উত্তৰৰ প্ৰশ্ন:-

১. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভুমিকা আৰু কার্যাৱলীৰ বিষয়ে আলোচনা কৰা৷

উত্তৰ:- কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষাৰ স্বতন্ত্ৰতা ৰক্ষা কৰি অসমীয়া ভাষা উন্নতি সাধনৰ বাবে ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰিছিল৷ অত্নৰালত আছিল হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতী৷ সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদ ভাৱ গঢ়ি তুলিবলৈ যত্ন কৰাৰ লগতে অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ বাবে কাম কৰিছিল৷ পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণৰ প্ৰয়োগৰ বাবে পদক্ষেপ লৈছিল৷ সংস্কৃত আৰু অনান্য ভাষাৰ উল্লেখযোগ্য গ্ৰন্থসমূহ অসমীয়ালৈ অনুবাদ কৰা আদি৷

অসমীয়া ভাষা উন্নতি সাধিনী সভাই কেইবাটাও উল্লেখযোগ্য কাম কৰিছিল তাৰে দুটা হৈছে-

১) সভা আৰু অসম চৰকাৰৰ প্ৰচেষ্টাত হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ৷

২) সভাৰ মুখপত্ৰ হিছাপে ‘জোনাকী’ আলোচনী প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ বিকাশত গুৰুপ্তপূর্ণ অৱদান অগবঢ়োৱা৷    

২. অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা৷

উত্তৰ:- অসমীয়া ভাষাৰ উন্নতি সাধনৰ উদ্দেশ্যৰে ১৯১৬ চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল৷ সন্মিলনৰ প্ৰথম গুৱাহাটী অধিৱেশনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই৷ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান-প্ৰদান কৰি এক সর্ম্পক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল৷ সন্মিলনে প্ৰথমে ৰাজনৈতিক প্ৰক্ৰিয়াত জড়িত হোৱা নাছিল যদিও পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল৷ সন্মিলনৰ মুখপত্ৰ ‘মিলন’ ত ছাত্ৰসন্মিলনে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি চর্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল৷ সভাৰ বার্ষিক অধিবেশন সমুহত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আচার্য প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ আদি ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল৷

৩. ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সর্ম্পকে এটি খতিয়ান দাঙি ধৰা৷

উত্তৰ:- কৃষকৰ বিভিন্ন সমস্যাৰ সমাধানৰ অর্থে গঠন হোৱা ৰায়ত সভাসমূহে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱর্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতাৰ উদ্দেশ্যৰে গঠন কৰা হৈছিল৷ সভাৰ অন্যতম উদ্দেশ্য আছিল গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূর্ববংগৰ পৰা হোৱা প্ৰবজন ৰোধ কৰা৷

আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ তত্ত্বাবধানত অসমত পুনৰ ৰায়ত সভা সক্ৰিয় হৈ পৰিছিল৷ বিশেষকৈ নদুৱাৰ আৰু ছয়দুৱাৰৰ ৰায়ত সভা দুখন যথেষ্ট শক্তিশালী হৈ পৰিছিল৷ অসমত ৰায়ত সভাই ৫০% ভূমি ৰাজহ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছিল৷ সকলোবোৰ জিলাৰ ৰায়ত সভাক একত্ৰিত কৰিবৰ বাবে ১৯৩৩ চনত সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিল৷ ১৯৩৯ চনলৈ অসমত প্ৰায় ৩০০ খন ৰায়ত সভা আছিল৷ যদিও ১৯৩৯ চনৰ নির্বাচিত কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাত ৰায়ত সভাসমুহৰ কাম-কাজ ক্ৰমান্বয়ে  নোহোৱা হৈ পৰাত বন্ধ হৈ পৰিছিল৷

৪. যোৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কার্যাৱলী সর্ম্পকে লিখা

উত্তৰ:- জগন্নাথ বৰুৱাৰ সম্পাদনাত আৰু ৰজা নৰনাৰায়ণ সিংহৰ দিনত ১৮৮৪ চনত যোৰহাট সার্বজনিক সভা গঠন কৰা হৈছিল৷ সভাৰ মূল উদ্দেশ্যসমূহ হৈছে-

ক) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰৰ অৱগত কৰোৱা৷

খ) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু

গ) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা৷

একেদৰে যোৰহাট সার্বজনীন সভাৰ কিছুমান কার্য্যৱলীও আছিল৷ সেইবোৰ হৈছে-

ক) অসম চৰকাৰৰ ভুমি ৰাজহ ব্যৱস্থা (১৮৮৬) ৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত কৰা৷

খ) কৃষক সমাজৰ লগত একেলগ হৈ বর্ধিত কৰৰ বিপক্ষে চৰকাৰৰ ওপৰত প্ৰতিবাদ সাবস্ত কৰা৷

গ) ৰাজকীয় কানি আয়োগৰ (১৮৯৩) ওচৰত এখন স্মাৰকপত্ৰ দি অসমত প্ৰচলন হৈ থকা কানি ক্ৰমান্বয়ে উঠাই দিবলৈ দাবী তোলা৷

৫. আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সর্ম্পকে লিখা৷

উত্তৰ:- অসমৰ জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে মাণিকচন্দ্ৰ বৰুৱাৰ নেতৃত্বত ১৯০৩ চনত আছাম এছ’চিয়েচন গঠন কৰা হৈছিল৷ অসমৰ মুখপাত্ৰ হিছাপে সেৱা আগবঢ়োৱা এছ’চিয়েছনে চৰকাৰৰ বিৰুদ্ধে কার্যপন্থা লোৱা নাছিল৷ শান্তিপূর্ণভাৱে আৰু সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল৷ এছ’চিয়েছনৰ কেইবাজনো সদস্য আইন সভাৰ সদস্য হোৱা বাবে সভাৰ প্ৰস্তাৱসমূহ আইন সভাত কার্যকৰী কৰোৱাত সুবিধা পাইছিল৷ আছাম এছ’চিয়েছনে অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা কেইটামান অৱদান আছিল এনেধৰণৰ-

ক) এছ’চিয়েছনে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’র্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল৷

খ) স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল৷

গ) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল৷

ঘ) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ আছাম এছ’চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ বাবে মাত মাতিছিল৷

. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভুমিকা সর্ম্পকে সংক্ষিপ্ত বিৱৰণ দিয়া৷

উত্তৰ:- ভাৰতীয় স্বাধীনতা সংগ্ৰামত নতুন অধ্যায়ৰ সূচনাৰে ১৮৮৫ চনত গঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিৰ লগতে অসমৰ প্ৰতিনিধি সকলেও অংশগ্ৰহণ কৰিছিল৷ ১৯২১ চনৰ অসহযোগ আন্দোলনত অসমৰ ৰাইজৰ মুখপাত্ৰ সদৃশ আছাম এছ’চিয়েছনে জাতীয় কংগ্ৰেছৰ লগত চামিল হোৱাত সর্বভাৰতীয় ৰাজনীতিলৈ অগ্ৰসৰ হৈছিল৷ সংগঠনটোৰ এচাম সদস্যই বিৰোধিতা কৰিলেও মধ্যবিত্ত শ্ৰেণীৰ একাংশই ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাম-কাজৰ আর্হিক সমর্থন জনাইছিল৷

         ১৯২১ চনৰ এপ্ৰিলত নবীন চন্দ্ৰ বৰদলৈ, ছবিলাল উপ্যাধায়, কৃষ্ণকান্ত ভট্ৰাচার্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰিছিল৷ সমিতিৰ প্ৰথমজন সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ৷ সমিটিয়ে সেই বছৰতে মহাত্মা গান্ধীক আগষ্ট অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ জনাই আনিছিল৷ গান্ধীৰ ভ্ৰমণে কংগ্ৰেছ কর্মীসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল৷

ছবিলাল উপ্যাধায়

পাণ্ডুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪১তম বার্ষিক অধিৱেশন আয়োজন কৰে৷ বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শর্মা, মৌলানা তৈয়বুল্লা, অম্বিকাগিৰী ৰায়চৌধুৰীকে ধৰি বহুতে ব্যক্তিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত জড়িত আছিল৷ বিষ্ণুৰাম মেধিয়ে ১৯৩০ চনত প্ৰথমবাৰৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নির্বাচিত সভাপতি পদবীত অধিস্থিত হৈছিল৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বতে অসমত অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন সূচাৰুৰূপে সম্পাদন হৈছিল৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ প্ৰথমখন চৰকাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠন কৰিছিল৷    

. স্বদেশী আন্দোলনত অসমৰ ভুমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া৷

উত্তৰ:- ১৯০৫ চনত অসমৰ সৈতে পূর্ববংগত সংলগ্ন কৰি নতুনকৈ গঠন কৰিব বিচৰা প্ৰস্তাবিত প্ৰদেশৰ পৰা ‘অসম’ নামটো বিলুপ্ত কৰিব খুজিছিল৷ এই কার্যত অসমস্থিত ইউৰোপীয় চাহ খেতিয়ক সন্থাই ব্যৱসায়িক লোকচানৰ বাবে আপত্তি দর্শাইছিল৷ কিয়নো আন্তজার্তিক বজাৰত অসমৰ চাহ জনপ্ৰিয় হৈছিল৷ সেইবাবে শেষত নৱগঠিত প্ৰদেশখনৰ নাম দিয়া হৈছিল ‘পূর্ব বংগ আৰু অসম’৷ মুখ্য আয়ুক্ত ব্যামফিল্ড ফুলাৰ (Bamfylde Fuller) নেতৃত্বত শাসন চলাবলৈ দি ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰে৷

বংগ বিভাজনৰ বিৰোধিত কৰিছিল অসমৰ ৰাজনৈতিক অনুষ্ঠান ‘যোৰহাট সার্বজনিক সভা’ আৰু ‘অসম এছ’চিয়েছনে’৷ সভাই বংগ বিভাজনৰ বিৰোধিতা কৰিছিল যদিও ফুলাৰে বংগ ভংগই অসমৰ উপকাৰ সাধন কৰিব বুলি কোৱাত সভাপতি জগন্নাথ বৰুৱাই বংগ ভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল৷ একেদৰে অসম এছ’চিয়েছনেও প্ৰথমে বিৰোধিতা কৰিলেও পিছলৈ সমর্থন জনাইছিল৷

ইয়াৰ বিপৰীতে পদ্মনাথ গোহাইবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, ত্ৰিগুণা বৰুৱা, ৰক্তিম বৰা আদিয়ে ভংগ ভংগৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছিল৷ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় নগৰত প্ৰভাৱ অধিক পৰিছিল৷ ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠন গঢ়ি তুলিছিল৷ স্বদেশী সামগ্ৰী প্ৰচাৰৰ জোৱাৰ উঠিছিল৷ অসমৰ মানুহে নিমখৰ পৰিৱর্তে খাৰ, বিদেশী চেনিৰ ঠাইত বেনাৰসৰ চেনি, বিদেশী কাপোৰৰ ঠাইত এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিছিল৷

অম্বিকাগিৰী ৰায়চৌধুৰী

অম্বিকাগিৰী ৰায়চৌধুৰীয়ে স্বদেশী আন্দোলনৰ সমর্থনত লিখা ‘বন্দিনী ভাৰত’ নামৰ নাটকখন চৰকাৰে বাজেয়াপ্ত কৰে৷ তেওঁ লগতে সেৱা সংঘ নামৰ এটা সংগঠন আৰু ফুলাৰক বধ কৰাৰ বাবে গুৱাহাটী-শ্বিলং পথত এটা বোমা পুতিছিল৷ তেওঁক চৰকাৰে জেৰা কৰাত লগতে অন্তৰীণ বন্দী কৰিছিল৷

আন্দোলনৰ প্ৰভাৱৰ পৰা জনতাক আঁতৰাই ৰাখিবলৈ চৰকাৰে কিছুমান জনহিতকৰ কামো কৰিছিল৷

৮. অসহযোগ আন্দোলনত অসমৰ ভূমিকা সর্ম্পকে এটি খতিয়ান দাঙি ধৰা৷

উত্তৰ:- মহাত্মা গান্ধীৰ সবল নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ (১৯২৯-১৯২২) প্ৰভাৱ অসমতো পৰিছিল৷ গান্ধীৰ আহ্বানক্ৰমে বিদেশী সামগ্ৰীসমূহৰ মেজি সাজি জুই লগাই দি বিসর্জন দিছিল৷ ছাত্ৰসকলে শিক্ষানুষ্ঠান আৰু উকীল সকলে উকালতি এৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল৷ বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল৷ আন্দোলনৰ নেতৃবৃন্দই গঠনমূলক কার্যপ্ৰন্থাও গ্ৰহণ কৰিছিল৷

গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাওঁ, কৰিমগঞ্জ আদি ঠাইত জাতীয় শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল৷

 অসম প্ৰদেশ কংগ্ৰেছৰ কর্মী সকলে অসহযোগ আন্দোলনৰ সময়তে কানিৰ প্ৰচলন বন্ধ কৰিবৰ বাবে বিভিন্ন কার্য্যপন্থা গ্ৰহণ কৰি কানিৰ বিক্ৰী কমাইছিল৷ লগতে খাদীৰ জনপ্ৰিয়তা আৰু উৎপাদন বৃদ্ধি কৰাৰ গুৰুপ্ত দিছিল৷

অসহযোগ আন্দোলনলৈ চাহ বাগিছাৰ বনুৱা সকলেও প্ৰচুৰ সমর্থন আগবঢ়াইছিল৷ তেওঁ ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰু হৰতাল পালন কৰিছিল৷ মজুৰি বৃদ্ধিৰ দাবীত ‘গান্ধী মহাৰাজৰ জয়’ ধ্বনি দি বাগিছাৰ পৰা ওলাই আহিছিল৷

এনেদৰে অসহযোগ আন্দোলনৰ সময়ত অসমে অংশগ্ৰহণ কৰি আন্দোলনৰ প্ৰতি সমর্থন জনাইছিল৷   

৯. আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সর্ম্পকে এটি খতিয়ান দাঙি ধৰা৷

উত্তৰ:- মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশতে আইন অমান্য আন্দোলনৰ (১৯৩০-৩৪) সূচনা হৈছিল৷ ১৯৩০ চনৰ ১২ মার্চত সৰোজিনী নাইদু সহ ৭৮ জন সতীর্থৰে সৱৰমতীৰ পৰা ডাণ্ডিলৈ ২৪০ মাইল দূৰত্ব যাত্ৰা কৰি আন্দোলনৰ সূচনা কৰিছিল৷ ডাণ্ডিত চৰকাৰী লোণ আইন ভংগ কৰিছিল৷

অসমতো হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিয়ে আইন অমান্য আন্দোলনলৈ আনুগত্য প্ৰদর্শন কৰিছিল৷ কলিকতাত টি চি কলেজত পঢ়ি থকা অসমীয়া ছাত্ৰ লীলাধৰ বৰুৱাই ডাণ্ডি যাত্ৰাটো অংশগ্ৰহণ কৰিছিল৷ 

তৰুণৰাম ফুকন

লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত অনুসৰি আইন অমান্য কার্য্যসূচী পালন কৰাৰ ক্ষেত্ৰত প্ৰথমে মতভেদ দেখা দিছিল৷ তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, ৰোহিণী কুমাৰ চৌধুৰী আদিৰ আন্দোলনলৈ উৎসাহ নাছিল৷ আনহাতে বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সীমিত পৰিসৰত আন্দোলনৰ সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছিল৷ জাতীয় কংগ্ৰেছৰ সাংগঠনিক দিশ চাবলৈ বহুতো নতুন সমিতি আৰু উপসমিতি গঠন কৰিছিল৷ সমিতি সমূহৰ উদ্দেশ্য আছিল- পূঁজি বৃদ্ধি কৰা, শোষণ আৰু দমন মূলক আইন অধ্যাদেশৰ বিৰোধ কৰা, বিদেশী বস্তু বর্জন কৰা, কানি আৰু সুৰা ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা৷

আইন অমান্য আন্দোলনৰ সময়ত অসমত ইংৰাজ চৰকাৰে কানিংহাম চার্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু অভিভাৱক সকলক ৰাজনৈতিক কার্য্যকলাপৰ পৰা আঁতৰাই পঠাব খুজিছিল যদিও এইখন অপমানজনক নিদের্শনাৰ বিৰুদ্ধে গৈ আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল৷ ব্ৰক্ষ্মপুত্ৰ আৰু সুৰমা দুয়ো উপত্যকালৈ আন্দোলন প্ৰসাৰিত হৈছিল৷

কার্নিংহাম চার্কুলাৰ বিৰুদ্ধে প্ৰতিবাদ

ছাত্ৰসকলে চৰকাৰী শিক্ষানুষ্ঠান বর্জনৰ সিদ্ধান্ত লৈছিল৷ খেতিয়ক সকলে ৫০ শতাংশ মাটিৰ খাজনা হ্ৰাসৰ দাবীত আন্দোলনত নামিছিল৷ ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা চলিছিল৷ এনেদৰে আইন অমান্য আন্দোলনৰ সময়ত অসমে উল্লেখযোগ্য ভুমিকা পালন কৰিছিল৷  

১০. অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা৷

উত্তৰ:- বোম্বাইৰ গোৱালিয়া টেংকত  (আগষ্ট ক্ৰান্তি মৈদাম) মহাত্মা গান্ধীয়ে  ১৯৪২ চনৰ ৮ আগষ্টত দিয়া ভাষণৰ পৰাই ভাৰতত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল৷ ব্ৰিটিছ শাসনৰ অন্ত পেলাই অনতি পলমে ভাৰতক স্বাধীনতা প্ৰদানৰ দাবীত ‘কৰিম কিম্বা মৰিম’ শ্লোগানেৰে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল৷

অসমতো ভাৰত ত্যাগ আন্দোলনৰ প্ৰভাৱ পৰিছিল৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগতে জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চ সমূহক অবৈধ ঘোষণা কৰিছিল৷ অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ আৰু পিকেটিঙেৰে আন্দোলনৰ কার্য্যসূচী আৰম্ভ হৈছিল৷ কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰিছিল৷ পুলিচৰ অত্যাচাৰ বৃদ্ধি পোৱাত আন্দোলনকাৰী সকলে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল৷ জনতাই চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্ৰ-শস্ত্ৰ সৰবাহৰ কৰা পথসমূহ ধ্বংস কৰিছিল৷ গোলাঘাটৰ সৰুপথাৰ, ৰঙিয়া, শিৱসাগৰৰ চাফ্ৰাই আদি ঠাইত ৰেল বগৰোৱা হৈছিল৷ কুশল কোঁৱৰক সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত ফাঁচি দিছিল৷

ঢেকীয়াজুলি, গহপুৰ, বঢ়মপুৰ, বাৰপুজীয়া, বেবেজিয়া আদি ঠাইত পুলিচৰ গুলিচালনাত বহু লোক ছহিদ হৈছিল৷ শ শ লোকে কাৰাবৰণ খাটিছিল৷ কনকলতা বৰুৱাই ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহি মৃত্যুক আকোঁৱালি লৈছিল৷

কনকলতা বৰুৱাৰ প্ৰতিমূর্তি

আন্দোলনত অংশগ্ৰহণ কৰা লোকসকলক কাৰাগাৰত আৱদ্ধ কৰাত শংকৰচন্দ্ৰ বৰুৱা, মহেন্দ্ৰনাথ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীপ্ৰসাদ গোস্বামী, ব্ৰজনাথ শর্মা আৰু গহনচন্দ্ৰ গোস্বামীয়ে স্বেচ্ছাসেৱী কেন্দ্ৰ গঠন কৰি গোপনে আন্দোলনৰ কার্য্যসূচী আগবঢ়াই নিছিল৷ কংগ্ৰেছৰ নেতাসকল কাৰাগাৰত থকা সময়তে ১৯৪৪ চনত ঔপনিৱেশিক চৰকাৰে সর্বশক্তি প্ৰয়োগ কৰি সমগ্ৰ দেশতে ভাৰত ত্যাগ আন্দোলন দমন কৰিছিল৷   

জ্যোতিপ্ৰসাদ আগৰৱালা

১১. বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানু্ষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া৷

উত্তৰ:- ১৯৪৭ চনত ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছত গোপীনাথ বৰদলৈয়ে অসমত জাতীয় কংগ্ৰেছৰ চৰকাৰ গঠন কৰিছিল৷ আন্তঃগাঠনিৰ লগতে মানৱ সম্পদৰ বিকাশ আছিল বৰদলৈ মন্ত্ৰীসভাৰ আন এক লক্ষ্য৷ বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ তলত সংক্ষিপ্ত বিৱৰণ দিয়া হল-

অসম কৃষি বিশ্ববিদ্যালয়ৰ তোৰণ

ক) অসম কৃষি মহাবিদ্যালয়:- ইংৰাজ চৰকাৰৰ শাসনকালতেই কৰিমগঞ্জ (১৯১৩) আৰু তিতাবৰত (১৯২৩) দুটা কৃষি গৱেষণা কেন্দ্ৰ অসমত স্থাপন কৰা হৈছিল৷ এই কেন্দ্ৰসমূহত গৱেষণা চলাই থাকিলেও এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় হৈ পৰিল৷ সেয়েহে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই কৃষি খণ্ডৰ বিকাশৰ বাবে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতীক

খ) গৌহাটী (গুৱাহাটী) বিশ্ববিদ্যালয় :- অসমত উচ্চ শিক্ষাৰ সুব্যৱস্থাৰে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় ৰূপে গৌহাটী বিশ্ববিদ্যালয় (১৯৪৮ চনৰ ২৬ জানুৱাৰী) স্থাপন কৰিছিল৷ বিশ্ববিদ্যালয় গঠনৰ বাবে চৰকাৰে ১৯১৭ চনতে কলকতা বিশ্ববিদ্যালয়ৰ ছাৰ মাইকেল ছেডলাৰক অধ্যক্ষ নিযুক্ত দিছিল৷ প্ৰতিষ্ঠাকালত গৌহাটী বিশ্ববিদ্যালয়ৰ অধীনত ১৭ খন মহাবিদ্যালয় আৰু ৮ টি স্নাতকোত্তৰ বিভাগ আছিল৷ ১৯৫৫-৫৬ চনত বিশ্ববিদ্যালয়ৰ চৌহদ মহানগৰীৰ কেন্দ্ৰৰ পৰা জালুকবাৰী চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল৷

অসম চিকিৎসা  মহাবিদ্যালয়ৰ নামত ডাকটিকট

গ) অসম চিকিৎসা মহাবিদ্যালয় :- লখিমপুৰ জিলাৰ চিভিল ছার্জন ইংৰাজ বিষয়া ড° জন বেৰী হোৱাইটে আগবঢ়োৱা অনুদান পূজিৰে ১৯০০ চনত ডিব্ৰুগড়ত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল৷ ১৯১০ চনত ইংলেণ্ডৰ পৰা অনা দুটা এক্স-ৰে মেচিনেৰে মহাবিদ্যায়খনৰ ৰেডিঅ’লজি বিভাগ আৰম্ভ কৰিছিল৷ দ্বিতীয় মহাসমৰৰ সময়ত আমেৰিকাৰ সৈন্যই চিকিৎসালয় হিচাপে ব্যৱহাৰ কৰা মহাবিদ্যালয় খন ১৯৪৭ চনৰ ৩ নৱেম্বৰত গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাই আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাকৰণ কৰে৷

টাইমলাইন

১৮২৫:- প্ৰথম ইংগো ব্ৰক্ষ্মী যুদ্ধ৷

১৮২৬, ২৪ ফেব্ৰুৱাৰী:- য়াণ্ডাবু সন্ধি৷ অসম ইংৰাজৰ অধীন৷ ১৮৫৭ চনলৈ অসম ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীন৷

১৮৩৭:- অসমৰ বিদ্যালয়, কার্যালয়, আদালতত অসমীয়াৰ ঠাইত বাংলা ভাষা প্ৰচলন৷

আনন্দৰাম ঢেকিয়াল ফুকন

১৮৫৭:- আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা৷

গুণাভিৰাম বৰুৱা


১৮৫৮:- ৰাণীৰ ঘোষণা পত্ৰ অসনুসৰি ভাৰতৰ শাসন কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ ৰাজমুকুটৰ অধীন৷

দেৱীচৰন বৰুৱা

১৮৭২:- দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত কলিকতাত ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ (Assamese Literary Soceiety) গঠন৷ সদস্য জগন্নাথ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱা

 
মাণিকচন্দ্ৰ বৰুৱা

১৮৭৩:- অসমীয়া ভাষাক স্কুল, অফিচ-কাছাৰীত মাধ্যম হিচাপে পুনৰ ব্যৱহাৰ৷

১৮৮৪:- জগন্নাথ বৰুৱাৰ সম্পাদনাত যোৰহাট সার্বজানিক সভা স্থাপিত৷ প্ৰতিষ্ঠাপক সভাপতি ৰজা কমল নাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা৷

১৮৮৫:- ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন৷

১৮৮৬:- যোৰহাট সার্বজনীন সভাই অসম চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত কৰে৷

১৮৮৮:- হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতীৰ প্ৰচেষ্টাত কলিকতাত  অসমীয়া ভাষা উন্নতি সাধিনী সভা (অঃ ভাঃ উঃ সাঃ) গঠন৷

১৮৮৯:- অঃ ভাঃ উঃ সাঃ দ্বাৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত ‘জোনাকী’ আলোচনী প্ৰকাশ৷

চন্দ্ৰকুমাৰ আগৰৱালা

১৮৯২:- যোৰহাট সার্বজনীন সভাই কৃষক সমাজৰ লগত একেলগ হৈ বর্ধিত কৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত কৰে৷

১৮৯৩:- পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত আহোম সভা গঠন৷ প্ৰথম অধিবেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল৷

যোৰহাট সার্বজনীন সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত অসমত কানিৰ প্ৰচলন বন্ধ কৰিবলৈ অনুৰোধ জনায়৷

১৯০০:- হেমকোষ প্ৰকাশ৷ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা৷

হেমকোষ অভিধান

         জন বেৰী হোৱাইটে প্ৰদান কৰা ৫০০০০ অনুদানেৰে ডিব্ৰুগড়ত ‘বেৰী-হোৱাইট মেডিকেল স্কুল’ স্থাপন৷

জন বেৰী হোৱাইট

১৯০৩:- মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত ‘আছাম এছ’চিয়েছন’ গঠন৷

১৯০৫, ১৬ অক্টোবৰ:- বংগ বিভাজন কার্যকৰী হোৱাৰ লগে লগে ‘পূর্ব বংগ আৰু অসম’ লেফটেনেণ্ট গৱর্ণৰ শাসিত প্ৰদেশত পৰিণত৷ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত৷

ডিব্ৰুগড় জিলাত অসম এছ’চিয়েছনৰ প্ৰথমখন সভা গৌৰীপুৰৰ ৰজা প্ৰভাতচন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত৷

প্ৰভাতচন্দ্ৰ বৰুৱা

১৯০৬:- বংগ বিভাজনৰ বিৰোধিতাৰে অম্বিকাগিৰী ৰায়চৌধুৰীৰ ‘বন্দিনী ভাৰত’ নাটকখন কটন হাইস্কুলত অভিনয় কৰি থাকোতেই বাজেয়াপ্ত৷  

১৯০৭:- বংগ বিভাজনৰ বিৰোধিতা কৰি আছাম এছ’চিয়েছনে অসমক বংগৰ পৰা পৃথক কৰিবলৈ চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল৷

১৯১০:- আহোম সভাক ‘সদৌ অসম আহোম এছ’চিয়েছন’ নামাকৰণ৷

১৯১৬:- অসম ছাত্ৰ সন্মিলন গঠন৷ গুৱাহাটীত অনুষ্ঠিত প্ৰথম অধিবেশনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰে৷ সন্মিলনৰ মুখপত্ৰ ‘মিলন’

১৯১৭:- আছাম এছ’চিয়েছনৰ হৈ এটি সাতজনীয়া সঁজাতি দল কলিকতালৈ গৈ অসমত প্ৰশাসনীয় সংস্কাৰৰ দাবী তুলিছিল৷

১৯১৮:- মণ্টেগ’-ছেমছফর্ড ৰির্পট৷

১৯২০:- অসহযোগ আন্দোলনত অসমৰ যোগদান৷

         আছাম এছ’চিয়েছনে অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তোলে৷

কুলধৰ চলিহা

১৯২১:-  এপ্ৰিল মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন৷ সভাপতি আৰু সম্পাদক ক্ৰমে- কুলধৰ চলিহা আৰু নবীনচন্দ্ৰ বৰদলৈ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত ‘আছাম এছ’চিয়েছন’ চামিল৷

        আগষ্ট:- মহাত্মা গান্ধীৰ অসম ভ্ৰমণ৷

১৯২৩:- অসম কৃষি গৱেষণা কেন্দ্ৰৰ কাম আৰম্ভ৷

১৯২৬:- জাতীয় কংগ্ৰেছৰ ৪১ তম বার্ষিক অধিবেশন গুৱাহাটীৰ পাণ্ডুত আয়োজন৷ মহাত্মা গান্ধীৰ অংশগ্ৰহণ৷

পাণ্ড কংগ্ৰেছৰ পত্ৰিকা

১৯৩০:- বিষ্ণুৰাম মেধি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নির্বাচিত সভাৰূপে কার্য্যভাৰ গ্ৰহণ৷

         জে. আৰ. কানিংহামে প্ৰকাশ কৰা কানিংহাম চার্কুলাৰৰ বিপক্ষে অসমীয়া ছাত্ৰ অভিভাৱকৰ প্ৰতিবাদ৷

১৯৩৩:- সদৌ অসম ৰায়ত সভা গঠন৷ যোৰহাটৰ টিলিকি আমত প্ৰথম অধিবেশন অনুষ্ঠিত৷ সভাপতি নবীনচন্দ্ৰ বৰদলৈ৷

১৯৪২:- ভাৰত ত্যাগ আন্দোলন৷

সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি৷

গহপুৰত কনকলতা বৰুৱা পুলিচৰ গুলিত মৃত্যু৷

১৯৪৬:- সাধাৰণ নির্বাচনত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা৷ গোপীনাথ বৰদলৈ অসমৰ প্ৰথমজন প্ৰধানমন্ত্ৰী নির্বাচিত৷ অসম বিধান সভাৰ মুঠ ১০৮ খন আসনৰ ৫৮ খন কংগ্ৰেছৰ দখলত৷ কেবিনেট মিছনে অসম আৰু উত্তৰ পূবক পূর্ববংগৰ লগত সাঙুৰি ‘গ’ (Group C)  গ্ৰুপত সন্নিবিষ্ট কৰাত বৰদলৈৰ তীব্ৰ প্ৰতিবাদ৷

১৯৪৭:- ভাৰত স্বাধীন৷ দেশ বিভাজন৷ মাত্ৰ ১২ কিলোমিটাৰ বহল এক সংকীণ ভূখণ্ডইহে উত্তৰ পূবক ভাৰতৰ লগত সংযোগ কৰিছিল৷

১৯৪৮:- গৌহাটী (গুৱাহাটী) বিশ্ববিদ্যালয় স্থাপন৷ (২৬ জানুৱাৰী প্ৰতিষ্ঠা দিৱস)

১৯৬২:- চীনৰ ভাৰত আক্ৰমণ৷ অসমত প্ৰভাৱ৷

১৯৬৯:- নগাঁৱৰ অসম পশু মহাবিদ্যালয় আৰু যোৰহাটৰ অসম কৃষি কৃষি মহাবিদ্যালয় লগ লগাই অসম কৃষি বিশ্ববিদ্যালয় স্থাপন৷


টোকা:-

কোম্পানীৰ আমোল :- অসম ১৮২৬ চনৰ পৰা ১৮৫৭ চনলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত আছিল৷ এই সময়ছোৱাক কোম্পানীৰ আমোল বোলে৷

কার্নিমহাম চার্কুলাৰ :- ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱক সকলে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্ৰহণ কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিব লাগিব৷ দোষী সাব্যস্ত হোৱা সকলক জৰিমনা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা বঞ্চিত হ’ব৷ ১৯৩০ চনত জে আৰ কানিংহামে এইখন আইন অসমত জাপিব খুজিছিল৷

তিলক সোঁৱৰণী স্কুল:- অসহযোগ আন্দোলনৰ সময়ত চৰকাৰী স্কুল ত্যাগ কৰা ছাত্ৰসকলৰ বাবে গুৱাহাটীত ১৯২১ চনত স্থাপিত প্ৰথমখন জাতীয় স্কুল৷ স্কুলখনৰ নামটো বাল গংগাধৰ তিলকৰ স্মৃতিত আৰু স্থাপন কৰিছিল ৰোহিনী কুমাৰ চৌধুৰীৰ ভৰলুমুখৰ বাসভৱনত৷ পিছলৈ উজান বজাৰৰ অসম ক্লাবত স্কুলখন স্থাপন কৰা হয়৷

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ