গুডবাই মিষ্টাৰ চিপছ- জেমছ হিলটন/ অসমীয়া অনুবাদ- নীলিমা গোস্বামী৷
ষ্টুডেণ্টচ ষ্ট’ৰচ/ প্ৰথম প্ৰকাশ-২০২১/ মূল্য-১০০.০০/ পৃষ্ঠা- ৯৬
কিতাপখনৰ আঁৰৰ কাহিনী- 
জেমছ হিলটন
এবাৰ এখন সাপ্তাহিক বাতৰিকাকতে বৰদিন উপলক্ষে মাত্ৰ এসপ্তাহৰ ভিতৰতে এখন উপন্যাসিকা লেখাৰ অনুৰোধেৰে জেমছ হিলটনক (১৯০০-১৯৫৪) চিঠি দিলে৷ উপন্যাসখনৰ বাবে বহু কষ্ট কৰিও মনলৈ কোনো কাহিনী আনিব নোৱাৰি, যথেষ্ট চিন্তাত পৰে৷ এদিন নিশা টোপনি নাহিল, ব্ৰক্ষ্মপুৱাতে উঠি চাইকেলখন লৈ কুঁৱলীয়ে আৱৰি থকা বাট এটিৰে তেওঁ ওলাই গ’ল৷ উভটনি যাত্ৰাত কিছু ভাবৰ গুমগুমনি লৈ আহি কোৱা বোৱা নকৰি চিধাই পঢ়া টেবুলত বহিল৷ মাত্ৰ এসপ্তাহৰ ভিতৰতে চুটি উপন্যাসখন সর্ম্পূণ কৰি উলিয়ালে৷ আচৰিতভাৱে এই উপন্যাসখন ইংলেণ্ডতকৈ আগেয়ে আমেৰিকাত ‘আটলাণ্টিক’ আলোচনীত ধাৰাবাহিক হিচাপে প্ৰকাশ হৈছিল৷ জনপ্ৰিয়তা লাভ কৰাত আমেৰিকাৰ লিটল, ব্ৰাউন এণ্ড কম্পেনীয়ে ১৯৩৪ চনত প্ৰকাশ কৰে৷ দুটা সংস্কৰণ প্ৰকাশ হৈ বিক্ৰীৰে অভিলেখ গঢ়াত ইংলেণ্ডৰ Hodder and Stoughton কোম্পানীয়ে অক্টোবৰ মাহত নিজৰ দেশত প্ৰকাশ কৰে৷
উপন্যাসখনৰ নায়ক চিপছ, অৱসৰপ্ৰাপ্ত
মৰমিয়াল, ৰসিক শিক্ষক৷ তেওঁৰ সুকোমল চিন্তা, নির্মল মন, বিশ্বজনীন আৱেগ, আদর্শবাদ আৰু
মানৱীয় সর্ম্পকৰ সংমিশ্ৰণত গঢ় লোৱা এজন বিৰল শিক্ষক৷ নিজস্ব ভঙ্গীত কথা কোৱা আৰু খোজ
কঢ়া৷ ক্লাছত খয়হুতীয়া গল্প কোৱা, ষ্টিল ৰিমৰ চছমা, পুৰণি ফাটি যোৱা গ্ৰাউন আৰু ব্ৰুকফিল্ড
স্কুলৰ ঘণ্টাৰ মাজেৰে জীৱন যাপন কৰা এজন পৰিচিত শিক্ষক৷
ভিনচেণ্ট ষ্টেৰেটে নামৰ লিখকজনে
লিখা Best Loved Books of the 20th Century নামৰ গ্ৰন্থত Goodbye, Mr.
Chips য়ে স্থান লাভ কৰিছিল৷ উপন্যাসিক জেমছ হিলটনৰ অন্য এখন জনপ্ৰিয় উপন্যাস হৈছে Lost
Horizon৷ এইখনৰ বাবে তেওঁ নর্থডেন পুৰস্কাৰ লাভ কৰিছিল৷ মিছেছ মিনিভাৰ চলচিত্ৰৰ
চিত্ৰনাট্য লিখাৰ বাবে হিলটনে ১৯৪২ চনত অস্কাৰ বঁটা লাভ কৰিছিল৷
![]() |
| একে নামৰ চলচিত্ৰ |
উপন্যাসখন সর্ম্পকে হোমেন বৰগোহাঞিয়ে
‘শিক্ষকৰ কথা’ (৫ ছেপ্তেম্বৰ ২০২১) নামৰ এটা নিবন্ধ লিখিছিল৷ তাৰ পৰা এছোৱা
তুলি ধৰা হ’ল-
“Goodbye, Mr. Chips হ’ল মিঃ
চিপছ নামৰ এজন শিক্ষক আৰু তেওঁৰ স্কুলখন আৰু ছাত্ৰবোৰৰ মাজত স্থাপিত হোৱা জীৱন-জোৰা
গভীৰ প্ৰেমৰ সম্পর্কৰ কাহিনী৷ তেওঁলোকৰ মাজত কেনেকুৱা সর্ম্পক স্থাপিত হৈছিল সেই কথা
বুজাবলৈ মিঃ চিপছে জীৱনৰ অন্তিম মুহূর্তত কোৱা শেষ বাক্যটো উদ্ধৃত কৰিলেই যথেষ্ট হ’ব৷
মিঃ চিপছৰ ডেকা বয়সত তেওঁৰ পত্নীৰ মৃত্যু হৈছিল৷ পুনৰ বিয়া নকৰোৱাৰ ফলত তেওঁ নিঃসন্তান
হৈ থাকিব লগা হ’ল৷ আসন্ন মৃত্যুলৈ অপেক্ষা কৰি তেওঁ বিছনাত শুই থাঁকোতে কাষত বহি থকা
কেইজনমান বন্ধুৱে নিজৰ ভিতৰতে কথা পাতি আছিল- ‘বেচেৰালৈ বৰ দুখ লাগে৷ মানুহজন গোটেই
জীৱন অকলশৰীয়া হৈ থাকিল৷… নিজৰ সন্তানো নহ’ল৷ বন্ধু কেইজনে ভাবিছিল যে মৃত্যু-যন্ত্ৰণাত
অচেতন হৈ থকা মিঃ চিপছে তেওঁলোকৰ কথাবোৰ শুনা নাই৷ কিন্তু তেওঁলোকৰ কথা শুনি মিঃ চিপছে
গাৰুৰ পৰা মূৰটো সামান্য ডাঙি সেহাই সেহাই ক’লে- “হেজাৰ, হেজাৰ, হেজাৰ হেজাৰ ল’ৰা-ছোৱালী….’৷
অর্থাৎ তেওঁ নিঃসঙ্গ নহয়, স্কুলখনলৈ চামে চামে অহা আটাইবোৰ ছাত্ৰই তেওঁৰ নিজৰ সন্তান৷”
উপন্যাসখনৰ পৰা এচোৱা-
মূল ইংৰাজী কিতাপখনৰ কভাৰ
“অলপ পঢ়া-শুনা, আড্ডা মৰা আৰু মাজে মাজে অতীতৰ স্মৃতি ৰোমন্থন৷
সৌম্য শান্ত চিপছৰ মূৰত যদিও এতিয়া পকা চুলি, কিন্তু বৰ বেছি তপা হোৱা নাই; বয়স অনুপাতে
তেওঁ এতিয়াও যথেষ্ট সবল আৰু সুস্থ৷ চাহ খায়, আলহী-অতিথি আহিলে কথা পাতে আৰু ব্ৰুকফিল্ড
স্কুলৰ ডাইৰেক্টৰীৰ নৱতম সংস্কৰণটিৰ ভূল-ভ্ৰান্তিবোৰ শুধৰাই দিয়াত ব্যস্ত থাকে৷ অৱশ্যে
মাজে-সময়ে তেওঁৰ সুন্দৰ, সৰু সৰু মিহি আখৰেৰে কাৰোবালৈ চিঠি লিখাটো ব্যস্ত থকা দেখা
যায়৷
মিষ্টাৰ চিপছে
অকল ছাত্ৰকে নহয়, নতুনকৈ অহা শিক্ষক সকলকো চাহৰ মেললৈ নিমন্ত্ৰণ কৰে৷ সেইবাৰ শৰৎ কালত
তেনে দুজন নতুন শিক্ষকক তেওঁ নিমন্ত্ৰণ কৰিছিল৷ চিপছৰ ঘৰত চাহ জলপান খাই বিদায় লৈ যোৱাৰ
বাটত এজনে আনজনক কৈছিল: বুঢ়াজন বেছ বেলেগ ধৰণৰ; নহয়নে ? চাহখিনি প্ৰস্থুত কৰাৰ ধৰণটো
মন কৰিছিলানে তুমি ? চিৰকুমাৰ হৈ থকা মানুহ বুলিলে যি বুজা যায় তেওঁৰ ধৰণটো মন কৰিছিলানে
তুমি ? চিৰকুমাৰ হৈ থকা মানুহ বুলিলে যি বুজা যায় তেওঁৰ ধৰণবোৰ ঠিক তেনেকুৱাই৷
উল্লেখ কৰিবলগীয়া আমোদজক কথাটো
হ’ল- চিপছ আচলতে বিয়া নকৰোৱা মানুহ নাছিল৷ তেওঁ বিয়া কৰাইছিল, কিন্তু কথাটো ইমান বছৰৰ
অগতে ঘটিছিল যে ব্ৰুকফিল্ডৰ এই শিক্ষকসকলে তেওঁৰ পত্নীৰ বিষয়ে কোনো কথাই জনা নাছিল৷”
(পৃষ্ঠা-২৭)



0 মন্তব্যসমূহ