ছমহীয়া পৰীক্ষা ৷ দশম শ্ৰেণী ৷ সমাজ বিজ্ঞান ৷ যোৰহাট জিলা/ ২০২২

 

ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ যোৰহাট জিলা/ ২০২২




ক শাখা

১. শুদ্ধ উত্তৰটো বাছি উলিওৱা

১. ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল ?

ক) ফেব্ৰুৱাৰী ১৯৪৭ খ) জুন ১৯৪৭ গ) জুলাই ১৯৪৭ ঘ) মার্চ ১৯৪৭

২. তলৰ কোনটো স্বদেশী আন্দোলনৰ অংশ নহয় ?


চম্পাৰণ হত্যাগ্ৰত গান্ধী

ক) স্বদেশী খ) বয়কট গ) ৰাষ্ট্ৰীয় শিক্ষা ঘ) সত্যাগ্ৰহ

** সত্যাগ্ৰহ বা অহিংস আন্দোলন ১৯১৯ চনত প্ৰথম হৈছিল৷

৩. বংগদেশ পুনৰ একত্ৰীকৰণ হৈছিল

ক) ১৯১২ চনৰ ২০ জুলাইত খ) ১৯০৫ চনৰ ১৬ অক্টোৱৰত গ) ১৯০৬ চনৰ ৩০ ডিচেম্বৰত ঘ) ১৯১১ চনৰ ১২ ডিচেম্বৰত

৪. ১৯০৬ চনত ‘মুছলিম লীগ’ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল ?

ক) লর্ড মিণ্টো খ) লর্ড কার্জন গ) লর্ড কর্ণৱালিছ ঘ) লর্ড ৰিপণ৷

৫. কোনটো আন্দোলনৰ সময় ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল ?

ক) অসহযোগ আন্দোলন খ) ভাৰত ত্যাগ আন্দোলন গ) খিলাফৎ আন্দোলন ঘ) আইন অমান্য আন্দোলন৷

৬. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল

মণিৰাম দেৱান


ক) মণিৰাম দেৱান খ) কন্দর্পেশ্বৰ সিংহ গ) পিয়লি বৰুৱা ঘ) বাহাদুৰ গাওঁবুঢ়া

৭. চৌৰীচৌৰা সংঘর্ষ কেতিয়া সংঘটিত হৈছিল ?

ক) ৫ ফেব্ৰুৱাৰী, ১৯২২ খ) ৩১ জানুৱাৰী, ১৯৩০ গ) ৮ আগষ্ট, ১৯৪২ ঘ) ৬ এপ্ৰিল, ১৯১৯

৮. ‘জোনাকী’ৰ প্ৰথম সম্পাদক কোন আছিল ?

চন্দ্ৰকুমাৰ আগৰৱালা


ক) চন্দ্ৰকুমাৰ আগৰৱালা খ) লক্ষ্মীনাথ বেজবৰুৱা গ) হেমচন্দ্ৰ গোস্বামী ঘ) অম্বিকাগিৰি ৰায়চৌধুৰী৷

৯. ব্ৰিটিছ চৰকাৰৰ বিপক্ষে কৰা কৃষকসকলৰ প্ৰথম বিদ্ৰোহ আছিল-

ক) ফুলগুৰি বিদ্ৰোহ খ) ৰঙিয়া বিদ্ৰোহ গ) লাচিমা বিদ্ৰোহ  ঘ) পথৰুঘাট বিদ্ৰোহ৷

১০. তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ ?

ক) পানী খ) সূর্য্যৰ ৰশ্মি গ) গছ-গছনি ঘ) প্ৰাকৃতিক গেছ৷

১১. কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে ?

লোহিত সাগৰ

মহাকাষ কেন্দ্ৰৰ পৰা লোহিত সাগৰ


ক) ভূমধ্য সাগৰ খ) লোহিত সাগৰ গ) কাস্পিয়ান সাগৰ ঘ) আৰৱ সাগৰ

১২. পৃথিৱীৰ দীর্ঘতম পর্বতশ্ৰেণীটো হ’ল-

বিশাল এণ্ডিজ পর্বতমালা

এণ্ডিজৰ ৰামধেনু শৃংগ


ক) হিমালয় পর্বতমালা খ) এণ্ডিজ পর্বতমালা গ) ৰ’কি পর্বতমালা ঘ) ইউৰাল পর্বতমালা

** দক্ষিণ আমেৰিকা মহাদেশত পানামা যোজকৰ পৰা হর্ণ অন্তৰীপলৈ আছৰি আছে (৮০০০ কি:মি:)

১৩. তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় ?

ক) কার্বন-ডাই-অক্সাইড খ) অ’জন গ) মিথেন ঘ) নাইট্ৰাছ অক্সাইড

১৪. তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম

মহাকাষৰ পৰা বিশাল প্ৰশান্ত মহাসাগৰ


ক) ভাৰত মহাসাগৰ খ) প্ৰশান্ত মহাসাগৰ গ) আটলাণ্টিক মহাসাগৰ ঘ) দক্ষিণ মহাসাগৰ

১৫. এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়

ক) মেৰু অঞ্চলত খ) অৰণ্য অঞ্চলত গ) ঔদ্যোগিক অঞ্চলত ঘ) ঘাঁহনি অঞ্চলত

১৬. তলৰ কোনটো মানৱসৃষ্ট সম্পদ ?

ডুবাইত খন্দা এটা কৃত্ৰিম জলসিঞ্চন নলা


ক) অৰণ্য খ) জলসিঞ্চন নলা গ) নদ-নদী ঘ) খনিজ তেল

১৭. ভাৰতবর্ষৰ প্ৰথম বেংকটো হ’ল-

ক) ভাৰতীয় ষ্টেট বেংক খ) ভাৰতীয় ৰির্জাভ বেংক গ) গুৱাহাটী বেংক ঘ) বেংক অৱ হিন্দুস্থান

১৮. ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল ?

ক) ড° বি আৰ আম্বেদকাৰ খ) এন গোপালস্বামী গ) ° সচ্চিদানন্দ সিনহা ঘ) চৈয়দ মহম্মদ চাদুল্লা

১৯. তলত উল্লেখ কৰা কোনটো কৃষি উন্নয়ন বেংক ?

নাবার্ডৰ মুর্খ্য কার্য্যলয় 



ক) নাবার্ড খ) আৰ. বি. আই গ) ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ঘ) ভাৰতীয় ষ্টেট বেংক

২০. ভাৰতত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰর্ৱতনৰ কাৰণে সংবিধান প্ৰণেতা সকলে কোনখন সংবিধান অনুসৰণ কৰিছিল ?

ক) আমেৰিকা খ) ইংলেণ্ড গ) কানাডা ঘ) নেদাৰলেণ্ড  

প্ৰথম খণ্ড

২. সত্যাগ্ৰহ শব্দটো কোনে সর্বপ্ৰথমে ব্যৱহাৰ কৰিছিল ?

উত্তৰ:- মহাত্মা গান্ধী৷

৩. ভাৰতত কেতিয়া মুছলিম লীগ গঠন হৈছিল ?

উত্তৰ:- ১৯০৬ চনত৷

৪. দ্বিতীয় ঘুৰণীয়া মেজমেল ক’ত অনুষ্ঠিত হৈছিল ?

জাহাজঘাতত লণ্ডনলৈ সাজু গান্ধী৷ লগত ছাগলী গাখীৰৰ বাবে


উত্তৰ:- লণ্ডনত৷

৫. ‘বন্দে মাতৰম’ গীতটি কোনে ৰচনা কৰিছিল ?

উত্তৰ:- বংকিমচন্দ্ৰ চট্ৰোপাধ্যায়৷

বন্দে মাতৰম


৬. ফুলগুৰি ধাৱা কিমান চনত সংঘটিত হৈছিল ?

উত্তৰ:- ১৮৬১ চনত৷

৭. ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা ডালক কি নামেৰে জনা যায় ?

ৰেডক্লিফ ৰেখা


উত্তৰ:- ৰেডক্লিফ লাইন৷

৮. লর্ড মিণ্টো কোন আছিল ?

উত্তৰ:- লর্ড মিণ্টো লর্ড কার্জনৰ পিছৰ ভাৰতৰ ভাইচৰয় আছিল৷

৯. ‘গান্ধী-আৰউইন’ চুক্তিৰ মূখ্য উদ্দেশ্য কৰি আছিল ?

উত্তৰ:- চর্ত সাপেক্ষে আইন অমান্য আন্দোলনৰ কার্যসূচী প্ৰত্যাহাৰ কৰে৷

১০. বংগ বিভাজনৰ অর্ন্তনিহিত উদ্দেশ্য কি আছিল ?

উত্তৰ:- ভাৰতীয় জাতীয়তাবাদক নিশকতীয়া কৰাৰ প্ৰয়াস আৰু সাম্প্ৰদায়িক ভেদাভেদ সৃষ্টি কৰা৷

১১. কাৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল ?

উত্তৰ:- উকিয়াং নবা৷

১২. কোন চনত মফট মিলছ ভাৰতলৈ আহিছিল ?

উত্তৰ:- ১৮৫৩ চনত৷

১৩. কিয় বংগভংগ আন্দোলক স্বদেশী আন্দোলন নাম দিয়া হৈছিল ? (২)

উত্তৰ: বংগ বিভাজনে বিশাল বংগক দুটা ভাগত বিভক্ত কৰে৷ জনসাধাৰণক বংগচ্ছেদ কার্যই অসন্তুষ্টিৰ ভাৱ জগাই উলিছিল৷ বঙালী জাতীয়তাবাদক ধ্বংস কৰি হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব খুজিছে বুলি জাতীয় আন্দোলন সূচনা কৰিছিল৷

পূর্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগত অনুষ্ঠিত প্ৰতিবাদী সভাত সংঘবদ্ধ ভাৱে বিদেশী বস্তু বর্জন আৰু নিজ দেশত ভাৰতীয়ৰ হাতেৰে প্ৰস্তুত সামগ্ৰী গ্ৰহণৰ সিদ্ধান্ত অনুমোদিত হয়৷ ১৯০৫ চনৰ ২০ জুলাইত দিনজানপুৰত অনুষ্ঠিত বিশাল জন সভাত বিদেশী বস্তু বর্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা আন্দোলনটো ‘স্বদেশী আন্দোলন’ নামেৰে পৰিণত হৈছিল৷

১৪. ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা (২)

উত্তৰ:- ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ হৈছে-

ক) নতুনকৈ ইংৰাজে প্ৰৱর্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা সংগ্ৰহ আৰু কৰ-কাটল সংগ্ৰহ ব্যৱস্থা৷

খ) সুদখোৰ মহাজন শ্ৰেণীৰ বর্ধিত সূদৰ হাৰ আৰু উৎপাদিত সমাগ্ৰী বি্ক্ৰি কৰিবলৈ বজাৰ-সমাৰৰ সীমাবদ্ধতা৷ 

১৫. ১৯২৯-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? (৩)

উত্তৰ:- ১৯২০-২২ চনত মহাত্মা গান্ধীজীৰ সবল নেতৃত্বত অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা ভাৰতক মুক্ত কৰাৰ দৃঢ় প্ৰতিজ্ঞাৰে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল৷ আন্দোলনকাৰীসকলে ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা শিল্পৰ সামগ্ৰীহে ব্যৱহাৰ কৰিছিল৷ তেওঁলোকে সুৰাৰ বিপণীসমূহ বন্ধ কৰিছিল৷ হাজাৰ হাজাৰ মানুহে অংশ লোৱা অসহযোগ  আন্দোলন গান্ধীয়ে কেইবাটাও কাৰণে আৰম্ভ কৰিছিল৷ তলত কেইটামান কাৰণ উল্লেখ কৰা হ’ল-

ক) প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি৷

খ) ৰাওলাট এক্টৰ দমনমূলক নীতি৷

গ) ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড৷ 

ঘ) ব্ৰিটিছসকলৰ অর্থনৈতিক শোষণ আদি৷

১৬. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ চাৰিটা কাৰণ উল্লেখ কৰা ? (৪)

উত্তৰ: অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ বহুকেইটা কাৰণ আছে৷ তলত তাৰে চাৰিটা উল্লেখ কৰা হ’ল-

ক) বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া আৰু মণিৰাম দেৱানৰ সমর্থকসকল কেৱল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল৷ নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমর্থন লাভ কৰিব পৰা নাছিল৷

খ) বিদ্ৰোহী সকলৰ নেতা মণিৰাম দেৱান কলিকতাত থকাত আলোচনা সমূহ চিঠি পত্ৰৰ দ্বাৰা পৰিচালিত হোৱাত যোগাযোগ ব্যৱস্থা দুর্বল হৈছিল৷

গ) নতুন মধ্যবিত্ত শ্ৰেণীটোৰ বিদ্ৰোহৰ প্ৰতি উৎসাহ নাছিল৷ তেওঁলোকে পুনৰ আহোম ৰাজতন্ত্ৰ হোৱাটো বিচৰা নাছিল আৰু বিদ্ৰোহৰ প্ৰতি সমর্থন আৰু সহানুভূতি প্ৰদর্শন নকৰিছিল৷

ঘ) বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল৷ অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও তাৰ পূর্বেই মণিৰাম দেৱান ধৰা পৰিছিল৷

নাইবা

ইতিহাসত ফুলগুৰি ধাৱাৰ বিষয়ে চমুকৈ লিখা

উত্তৰ:- অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ৷ নগাঁও জিলাৰ ফুলগুৰিত কৃষকে আফু খেতি কৰিছিল৷ ১৮৬১ চনত ইংৰাজে এই খেতি সর্ম্পূণৰূপে বন্ধ কৰি চৰকাৰী কানিৰ প্ৰচলন কৰিব খুজিছিল৷ তদুপৰি তামোল-পাণৰ ওপৰতো কৰ লগাব বুলি বাতৰি ওলাইছিল৷ এই কথাত ক্ৰোধিত হৈ ১৫ অক্টোবৰৰ পৰা ১৫০০ কৃষকে ৰাইজমেল পাতিলে৷ ৰাইজে প্ৰথমে সেই সময়ৰ নগাঁও জিলাৰ উপায়ুক্ত লেফটেনেণ্ট হার্বাট স্কন্সে সহকাৰী উপায়ুক্ত ছিংগাৰক সভাস্থলীলৈ পঠায়৷ তেওঁ প্ৰতিবাদকাৰীৰ দাবীসমূহ অগ্ৰাহ্য কৰি সেই স্থান ত্যাগ কৰিবলৈ নিদের্শ দিয়াত ৰাইজৰ লগত টনা-আজোৰা লাগে৷ কৃষকসকলৰ এজনে ছিগাংৰক লাঠীৰে কোবাই মাটিত বগৰাই দিয়ে৷ আনসকলৰ আক্ৰমণত ছিংগাৰ থিতাতে হত্যা কৰি কলং নদীত পেলায় দিয়ে৷ চৰকাৰী পুলিচ বাহিনীয়ে ভয় খাই পলায় পত্ৰং দিয়ে৷ এই ঘটনাকে ফুলগুৰি ধেৱা নামেৰে জনা যায়৷ ঘটনাৰ পিছত প্ৰশাসনে বহু কৃষকক কাৰাগাৰত আৱদ্ধ কৰিছিল৷   

১৭. আইন অমান্য আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে লিখা৷ (৫)

উত্তৰ:- ব্ৰিটিছ চৰকাৰে গঠন কৰা চাইমন কমিছনৰ ভাৰত আগমনৰ বাবে মহাত্মা গান্ধীয়ে ভাৰতত আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল৷

অসমতো হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিয়ে আইন অমান্য আন্দোলনলৈ আনুগত্য প্ৰদর্শন কৰিছিল৷ কলিকতাত টি চি কলেজত পঢ়ি থকা অসমীয়া ছাত্ৰ লীলাধৰ বৰুৱাই ডাণ্ডি যাত্ৰাটো অংশগ্ৰহণ কৰিছিল৷

লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত অনুসৰি আইন অমান্য কার্য্যসূচী পালন কৰাৰ ক্ষেত্ৰত প্ৰথমে মতভেদ দেখা দিছিল৷ তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, ৰোহিণী কুমাৰ চৌধুৰী আদিৰ আন্দোলনলৈ উৎসাহ নাছিল৷ আনহাতে বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সীমিত পৰিসৰত আন্দোলনৰ সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছিল৷ জাতীয় কংগ্ৰেছৰ সাংগঠনিক দিশ চাবলৈ বহুতো নতুন সমিতি আৰু উপসমিতি গঠন কৰিছিল৷ সমিতি সমূহৰ উদ্দেশ্য আছিল- পূঁজি বৃদ্ধি কৰা, শোষণ আৰু দমন মূলক আইন অধ্যাদেশৰ বিৰোধ কৰা, বিদেশী বস্তু বর্জন কৰা, কানি আৰু সুৰা ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা৷

আইন অমান্য আন্দোলনৰ সময়ত অসমত ইংৰাজ চৰকাৰে কানিংহাম চার্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু অভিভাৱক সকলক ৰাজনৈতিক কার্য্যকলাপৰ পৰা আঁতৰাই পঠাব খুজিছিল যদিও এইখন অপমানজনক নিদের্শনাৰ বিৰুদ্ধে গৈ আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল৷ ব্ৰক্ষ্মপুত্ৰ আৰু সুৰমা দুয়ো উপত্যকালৈ আন্দোলন প্ৰসাৰিত হৈছিল৷

ছাত্ৰসকলে চৰকাৰী শিক্ষানুষ্ঠান বর্জনৰ সিদ্ধান্ত লৈছিল৷ খেতিয়ক সকলে ৫০ শতাংশ মাটিৰ খাজনা হ্ৰাসৰ দাবীত আন্দোলনত নামিছিল৷ ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা চলিছিল৷ এনেদৰে আইন অমান্য আন্দোলনৰ সময়ত অসমে উল্লেখযোগ্য ভুমিকা পালন কৰিছিল৷  

নাইবা

অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকাৰ সর্ম্পকে আলোচনা কৰা৷

উত্তৰ: :- মণিৰাম দেৱানে ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত অসমত গুৰুপ্তপূর্ণ ভূমিকা পালন কৰিছিল৷ প্ৰথম অৱস্থাত তেওঁ ইংৰাজপ্ৰীতি প্ৰদর্শন কৰিলেও পিছলৈ অভিযাত শ্ৰেণীৰ সুবিধা কর্তন কৰাত ইংৰাজ বিদ্বেষী হৈ পৰে৷ মিৰাটত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্ৰোহ কৰাৰ সময়ত তেওঁ কলিকতাত আছিল৷ অসমতো ব্ৰিটিছ শাসন ওফৰোৱাৰ লগতে উজনি অসমত আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ সপোন দেখে৷ মধুমল্লিক নামৰ বাঙালী মুক্তিয়াৰৰ লগ লাগি তেওঁ অসমৰ পৰা ইংৰাজ খেদি কন্দর্পেশ্বৰ সিংহক ৰজা পাতিবলৈ মন মেলে৷ এই ক্ষেত্ৰত বাহাদুৰ গাওঁবুঢ়া, র্ফমুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদিয়ে সহাঁৰি জনাইছিল৷

আগষ্ট মাহত তেওঁ কলিকতাৰ পৰা অসমৰ চিপাহীসকলে কেতিয়া আক্ৰমণ কৰিব সেই বিষয়ত চিঠি পঠাইছিল৷ দুর্গা পুজাৰ সময়ত ডিব্ৰুগড় আৰু ঘোলাঘাটৰ ভাৰতীয় সেনাবাহিনীয়ে আক্ৰমণ কৰাৰ কথা আছিল৷ কিন্তু কেপ্তেইন হলৰইডে সেই ষড়যন্ত্ৰ ধৰা পেলাই৷ কেপ্তেইন লাউদাৰে ব্ৰিটিছ পৌজৰ দ্বাৰা কন্দর্পেশ্বৰ সিংহক অটক কৰি আলিপুৰ জেললৈ পঠায়৷ মণিৰামক কলিকতাতে বন্দী কৰি প্ৰথমে আলিপুৰ জেলত ৰাখি যোৰহাটলৈ আনে৷ কেপ্তেইন হলৰইডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা বিচাৰ কৰি পিয়লি বৰুৱাৰ লগত মণিৰাম দেৱানক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত ফাঁচী দিয়ে৷

দ্বিতীয় খণ্ড

১৮. মৰুকৰণ কি ?

উত্তৰ:- মৰুকৰণ হৈছে এনে এটা প্ৰত্ৰিয়া যি ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভুমিক মৰুভুমিত পৰিণত কৰে৷

১৯. টেথিছ সাগৰৰ দক্ষিণত থকা মহাদেশীয় ভূ-খণ্ডৰ নাম লিখা ?

গণ্ডোৱালেণ্ড


উত্তৰ:- গণ্ডোৱালেণ্ড

২০. অনৱীকৰণ সম্পদ কি ?

উত্তৰ:- যোবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্ট্ৰি কৰিব নোৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, সেইবোৰেই অনৱীকৰণ সম্পদ৷

২১. উত্তৰ আমেৰিকাৰ প্ৰধান পর্বত শ্ৰেণীটোৰ নাম কি ?

উত্তৰ:- ৰ’কি পর্বতমালা

২২. প্ৰদূষণ কি ?

উত্তৰ:- অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াই প্ৰদূষণ৷

২৩. পৃথিৱীৰ গভীৰতম খাতটোৰ নাম কি ?

গভীৰ মেৰিয়ানা খাত


উত্তৰ:- মেৰিয়ানা খাত৷

২৪. অর্থনৈতিক ভুগোল কি ?

উত্তৰ:- ভুগোলৰ যিটো শাখাই সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত থাকে সেয়াই অর্থনৈতিক ভুগোল৷

২৫. নির্বনীকৰণজনিত সমস্যাৰ এটা উদাহৰণ দিয়া ?

হাবি জ্বলাই ঠাই বহলোৱা জুমখেতিৰ পথাৰ


উত্তৰ:- জুম খেতি পদ্ধতি৷

২৬. পৃথিৱীৰ কোনখন দেশ দুখন মহাদেশলৈ বিস্তৃত ?

তুর্কীৰ ৰাষ্ট্ৰীয় পতাকা

আফ্ৰিকা আৰু এছিয়াৰ সংযোগ স্থলী তুর্কী


উত্তৰ:- তুর্কী৷

২৭. সম্পদ সংৰক্ষণৰ এটা প্ৰয়োজনীয়তা উল্লেখ কৰা ?

উত্তৰ:- সম্পদ সংৰক্ষণ কৰি অপচয় ৰোধ কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷

২৮. সম্পদ আৰু সম্পত্তিৰ মাজত থকা পার্থক্য লিখা৷ (২)

উত্তৰ:- সকলোবোৰ সম্পত্তিয়েই সম্পদ, কিন্তু সকলোবোৰ সম্পদ সম্পত্তি নহ’বও পাৰে৷ অর্থনীতিৰ সূত্ৰ অনুসৰি যোবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰহে সম্পত্তি৷ তদুপৰি সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয়, কিন্তু সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুয়োটা হ’ব পাৰে৷

২৯. “সম্পদ পৰিবর্তনশীল”- উদাহৰণসহ ব্যাখ্যা কৰা৷ (৩)

উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই সম্পদ৷ সম্পদ পৰিৱর্তনশীল৷ কোনো এটা সামগ্ৰী নিস্ত্ৰীয় হৈ থাকিলেও মানুহৰ দ্বাৰা ব্যৱহৃত হৈ মানৱ কল্যাণত পৰিণত হ’ব পাৰে৷ উদাহৰস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদন কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে সেইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰী হৈ আছিল৷ একেদৰে কিছুমান সম্পদে প্ৰতিৰোধকৰ ৰূপ লৈ মানুহৰ অপকাৰো সাধন কৰে৷ উদাহৰণৰূপে পশ্চিমবংগত বানপানী সৃষ্টি কৰা দামোদৰ নদী৷ কিন্তু নদীখনত বান্ধ দি তাৰ পৰা বর্তমান বিদ্যুৎ শক্তি উৎপাদন কৰা হৈছে৷ সেইবাবে সম্পদৰ পৰিৱর্তনশীল বৈশিষ্ট্যৰ বাবে বর্তমান উপকাৰী সম্পদ এটাও পিছলৈ অপকাৰী বা নিস্ত্ৰীয় সামগ্ৰীলৈ ৰূপান্তৰিত হ’ব পাৰে৷

৩০. মৰুকৰণ সমস্যা সমাধানৰ বাবে তিনিটা উপায় আগবঢোৱা (৩)

উত্তৰ:- নানা ধৰণৰ প্ৰাকৃতিক আৰু মানৱসৃ্‌ষ্ট কাৰকে মৰুকৰণ প্ৰক্ৰিয়াক সহায় কৰি সমস্যা সৃষ্টি কৰিছে৷ মৰুকৰণৰ সমস্যা সমাধানৰ তিনিটা উপায় তলত উল্লেখ কৰা হ’ল-

ক) মৰু আৰু মৰুপ্ৰায় অঞ্চলবোৰত অধ্যাধিক পশুচাৰণ আৰু কৃষিৰ প্ৰসাৰ বন্ধ কৰা৷

খ) গোলকীয় উত্তাপ বৃদ্ধি হব পৰা কাৰক যুক্ত কার্য্যৰ পৰা বিৰত থকা আৰু সচেতন হোৱা৷

গ) বননি ধ্বংস কার্য হ্ৰাস কৰা৷  

৩১. মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনেকুৱা আছিল ? চমুকৈ আলোচনা কৰা৷ (৪)

উত্তৰ:- মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আদিতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল৷ স্থলমণ্ডলটোক পেঞ্জিয়া আৰু চাৰিওকাষৰ জলমণ্ডলক পান্থালাছা বোলা হৈছিল৷ কিছুকাল অতিক্ৰম কৰাৰ পাছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলি টেথিছ সাগৰৰ সৃষ্টি হ’ল৷ ফলত উত্তৰৰ অংশটোক আঙ্গাৰালেণ্ড আৰু দক্ষিণ ফালটোক গণ্ডোৱালেণ্ড বোলা হৈছিল৷ ২৫০ নিযুত বছৰ পূর্বে এই দুয়োটা অংশৰ ভূত্বৰ ফাটন ঘটি বর্তমানৰ মহাদেশ কেইখন সৃষ্টি হ’ল৷ মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি  আঙ্গাৰালেণ্ডৰ পৰা উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, ইউৰোপ আৰু এছিয়া সৃষ্টি হ’ল৷ গণ্ডোৱালেণ্ডৰ পৰা দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবর্ষ, আৰৱ অঞ্চল, অষ্ট্ৰেলিয়া, এণ্টার্কটিকাৰ সৃষ্টি হৈছিল৷ 

 ৩২. এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ লিখা (৫)

উত্তৰ:- এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ৷ উত্তৰ গোলার্ধত অৱস্থিত মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ, পূবে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ; পশ্চিমে লোহিত সাগৰ, ছুয়েজ খাল, ভুমধ্য সাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পর্বতে আগুৰি আছে৷ মহাদেশখনত ৫১ খন দেশ আছে৷

মহাদেশখন সুউচ্চ পর্বতশ্ৰেণী, মালভুমি, নদী উপত্যকা, নিম্নভুমি, উপকূলীয় সমভূমি, মহাসাগৰীয় দ্বীপ, মৰুভুমি আদিৰে আৱৰা৷ হিমালয় পর্বতশ্ৰেণীৰ অন্তর্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট এছিয়াতে অৱস্থিত৷

মহাদেশখনৰ মাজেৰে বৈ যোৱা ডাঙৰ ডাঙৰ নৈবোৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ-মহাসাগৰলৈ বৈ গৈছে৷ নদীয়ে কেবাখনো সাৰুৱা সমভুমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে৷ মহাদেশখনত বহু কেইটা সৰু-ডাঙৰ হ্ৰদো আছে৷

নাইবা

ইউৰোপৰ ভূ-প্ৰাকৃতিক গঠন সর্ম্পকে বিশ্লেষণ কৰা৷

উত্তৰ:- ইউৰোপ মহাদেশৰ ভু-প্ৰাকৃতিক গঠন অতি জটিল আৰু বৈচিত্ৰময়৷ ভূ-প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক বহলভাৱে দুভাগত ভগাব পাৰি- উত্তৰৰ অংশ (পশ্চিমৰ ফ্ৰাঞ্চৰ পৰা পূবৰ ইউৰাল পর্বতলৈ) টো সমতল ভূমিৰ পৰিমাণ বেছি৷ আৰু দক্ষিণ অংশটো স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈ পর্বত, পাহাৰ, মালভূমিৰে পৰিবেষ্টিত৷ দক্ষিণ ইউৰোপৰ পর্বত শ্ৰেণীৰ ভিতৰত আছে আল্পছ, পাইৰেনিজ, কাপেথিয়ান আৰু ককেছাছ৷ মাউণ্ট এলব্ৰাছ হৈছে ইউৰোপ মহাদেশৰ উচ্চতম ঠাই৷ মাউণ্ট ব্লেংক শৃংগ মহাদেশখনৰ উচ্চতম শৃংগ৷ মহাদেশখন বহুতো নদ-নদী আৰু হ্ৰদেৰে ভৰা৷ তাৰ ভিতৰত কেইখনমান হৈছে স্পেইনৰ এলব্ৰো; ফ্ৰাঞ্চৰ ৰোণ আৰু চেইন, জার্মানীৰ ৰাইন আৰু এল্বে আদি৷ হ্ৰদসমুহৰ ভিতৰত ওনেগা, লেড’মা, চডস্ক’য়ে, ভের্নান আদি৷   

তৃতীয় খণ্ড

৩৩. বেংক কি ?

উত্তৰ:- বেংক এবিধ বিত্তীয় অনু্ষ্‌ঠান, যি ঋণৰ ব্যৱসায় কৰে৷

৩৪. সার্বভৌম মানে কি ?

উত্তৰ:- সার্বভৌম মানে এখন ৰাষ্ট্ৰৰ সর্বোচ্ছ ক্ষমতা৷

৩৫. আঞ্চলিক গ্ৰাম্য বেংকৰ এটা কার্য উল্লেখ কৰা৷

উত্তৰ:- গ্ৰাম্য সঞ্চয় কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা৷

৩৬. অর্ধযু্ক্তৰাষ্ট্ৰ বুলি কোন ৰাষ্ট্ৰক কোৱা হয় ?

উত্তৰ:- ভাৰতবর্ষ৷

৩৭. ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা (৩)

উত্তৰ:- ভাৰতবর্ষ এখন সংসদীয় গণতন্ত্ৰৰ চৰকাৰ৷ স্বাধীনতাৰ পৰৱর্তী কালত সংবিধান অনুসৰি ভাৰতবর্ষত সংসদীয় চৰকাৰ গঠন কৰিছে৷ তলত ভাৰতীয় সংসদীয় চৰকাৰৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা হ’ল-

ক) ভাৰতবর্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য৷ দেশৰ ৰাষ্ট্ৰপ্ৰধানজনক ইয়াত জনসাধাৰণৰ দ্বাৰা নির্বাচিত হয়৷

খ) ভাৰতবর্ষৰ সংসদ ব্যৱস্থাত উচ্চ সদন ৰাজ্যসভা আৰু নিম্ন সদন লোকসভাৰ ব্যৱস্থা আছে৷ লগতে ৰাষ্ট্ৰপতি সংসদৰ অবিচ্ছেদ্য অংগ৷

গ) ভাৰতবর্ষৰ সংসদখন শক্তিশালী নহয়৷ সংখ্যাগৰিষ্ঠতা কমিলে যিকোনো সময়তে অনাস্থা প্ৰস্তাৱ আনিব পাৰি৷  

৩৮. বিনিময় প্ৰথা কি ? বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা৷ (১+২=৩)

উত্তৰ:- সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ’ল বিনিময় প্ৰথা৷

বিনিময় প্ৰথাৰ বহুকেইটা অসুবিধা আছে৷ তাৰে দুটা তলত উল্লেখ কৰা হ’ল-

ক) সংগতিহীন অভাৱ:- দুজন ব্যক্তিৰ অভাৱৰ সংগতি নাথাকিলে বিনিময়ত বাধা আহি পৰে৷

খ) হিচাপ নিকাচত উমৈহতীয়া এককৰ অভাৱ:- বিনিময় ব্যৱস্থাত কোনো উমৈহতীয়া একক নথকাৰ বাবে মূল্য নির্ধাৰণৰ অসুবিধা সৃষ্টি হয়৷

৩৯. ভাৰতবর্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ৷ (৩)

উত্তৰ:- ভাৰতবর্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট ‘সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ এই শব্দকেইটাৰ মাজত সংবিধানৰ আদর্শ প্ৰকাশ পাইছে৷ কিয়নো-

ক) সার্বভৌমে দেশখনক সর্বোচ্চ ক্ষমতা অপর্ণ কৰিছে৷ দেশখন কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু কাৰো দ্বাৰা পৰিচালিত নহয়৷

খ) সমাজবাদী শব্দটোৱে ভাৰতৰ সকলো নাগৰিকক সমান মর্যদা দিয়াৰ লগতে বৈষম্য আৰু অসমতা নথকাৰ কথা প্ৰকাশ কৰিছে৷

গ) গণতান্ত্ৰিক শব্দটোৱে দেশখন জনতাৰ দ্বাৰা পৰিচালিত তাক প্ৰকাশ কৰিছে৷

ঘ) ধর্মনিৰপেক্ষ শব্দই ভাৰতবর্ষত কোনো ধর্মক চৰকাৰী মর্যদা নিদিয়াৰ কথা প্ৰকাশ কৰিছে৷

চ) গণৰাজ্য শব্দই দেশখনৰ ৰাষ্ট্ৰপ্ৰধানক জনতাৰ ভোটৰ দ্বাৰা নির্বাচিত কৰাৰ কথা প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰপতি পদটো বংশানুক্ৰমিক বা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহ’ব৷

ইয়াৰ বাদেই প্ৰস্তাৱনাত উল্লেখ থকা ন্যায়, স্বাধীনতা, সমতা অৰু ভাতৃত্ববোধ শব্দকেইটাইও সংবিধানৰ আদর্শ আৰু লক্ষ্যক বিশেষভাৱে প্ৰতিফলিত কৰিছে৷

৪০. বাণিজ্যিক বেংকৰ তিনিটা কার্য্য উল্লেখ কৰা৷ (৩)

উত্তৰ:- বাণিজ্যিক বেংকে সম্পাদনা কৰা তিনিটা কার্য্য হৈছে-

ক) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে:- চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানতৰ যোগেদি জমাকাৰীৰ ধন বেংকে মজুত ৰাখে আৰু যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই নিয়াৰ সুবিধা প্ৰদান কৰে৷

খ) বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে:- সঞ্চয় কাৰীয়ে বাণিজ্যিক বেংকত জমা কৰা প্ৰাথমিক আমানতৰ ওপৰত ভিত্তি কৰি সক্ৰিয় আমানত সৃ্ষ্টি কৰে৷ সেই আমানতৰ সহায়ত বেংকৰ গ্ৰাহকক ঋণ যোগান ধৰে৷

গ) বাণিজ্যিক বেংকে

 আমানতকাৰীৰ মূল্যবান অলংকাৰ-পাতি, গুৰুপ্তপূর্ণ নথি পত্ৰ ইত্যাদিৰ সংৰক্ষক হিচাপে কার্য সম্পাদন কৰাৰ লগতে আমানতকাৰীৰ সা-সম্পত্তিৰ ন্যাসৰক্ষী হিচাপে কার্য পালন কৰে৷

 

 

 

 

 

 

 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ