১. শুদ্ধ উত্তৰটো বাছি
উলিওৱা
১. সঞ্জীৱনী সংবাদ পত্ৰখন কোনে সম্পাদনা কৰিছিল
?
ক) সুৰেন্দ্ৰনাথ
বন্দোপধ্যায় খ) কৃষ্ণ কুমাৰ মিত্ৰ গ) ভূপেন্দ্ৰনাথ
দত্ত ঘ) অৰবিন্দ ঘোষ
২. ছাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল ?
![]() |
ছাইমন কমিছনৰ প্ৰতিবাদ |
ক) ১৯১৯ খ) ১৯২২
গ) ১৯২৮ ঘ) ১৯৪২
* ছাৰ জন ছাইমনৰ নেতৃত্বত৷
৩. অসমত কেতিয়া টিকট
কৰ (Stump Duties) প্ৰৱর্তন কৰা হৈছিল ?
ক) ১৮৫৪ খ) ১৮৫৮ গ) ১৮৬০ ঘ) ১৮৭০
৪. তলৰ কোনটো অনৱীকৰণযোগ্য
সম্পদ
ক) বায়ু খ) পানী
গ) শষ্য ঘ) কয়লা
![]() |
কয়লাৰ চাৰিটা প্ৰকাৰ |
৫. তলত দিয়াবোৰৰ
কোনটো তৃতীয়ক বৃত্তিৰ উদাহৰণ ?
ক) প্ৰচাৰ মাধ্যম
খ) মাছ ধৰা গ) শিল্পোৎপাদন ঘ) পৰিবহন
৬. তলৰ গেছবোৰৰ ভিতৰত
কোনটো সেউজ গৃহ গেছ নহয়?
![]() |
অ'জন |
ক) অ’জন খ) কার্বন-ডাই-অক্সাইড গ) মিথেন ঘ) নাইট্ৰাছ অক্সাইড
৭. মৰুকৰণৰ দ্বাৰা
আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা মহাদেশখন
ক) এছিয়া খ) আফ্ৰিকা
গ) উত্তৰ আমেৰিকা ঘ) দক্ষিণ আমেৰিকা
৮. তলৰ কোনজন সংবিধান
খচৰা কমিটিৰ সদস্য নহয়?
![]() |
নেহেৰু |
ক) ড° বি আৰ আম্বেদকাৰ খ) জৱাহৰলাল নেহেৰু গ)
আলাদি কৃষ্ণস্বামী আয়াৰ ঘ) এন মাধৱ ৰাও
৯. তলৰ কোনটো বাণিজ্যিক
বেংকৰ কার্য নহয়
ক) সঞ্চয় সংগ্ৰহ
খ) ঋণ যোগান গ) কাগজী মুদ্ৰা ছপা কৰা ঘ) ঋণমুদ্ৰা সৃষ্টি
কৰা৷
১০. “মোক তেজ দিয়া,
মই তোমালোকক স্বাধীনতা দিম”- উক্তিষাৰ কাৰ-
![]() |
নেতাজী |
ক) মহাত্মা গান্ধী
খ) সুভাষ চন্দ্ৰ বসু গ) কেপ্তেইন মোহন সিং ঘ) বাল গংগাধৰ
তিলক৷
১১. মহাত্মা গান্ধীৰ
নেতৃত্বত ১৯৪০ চনত হোৱা ব্যক্তিগত হত্যাগ্ৰহ (দিল্লী চলো) ত গ্ৰেপ্তাৰ বৰণ কৰা প্ৰথমজন
সত্যাগ্ৰহী কোন আছিল ?
![]() |
বিনোৱা ভাবে |
ক) আাচার্য বিনোৱা ভাৱে খ) মহাত্মা গান্ধী গ) জৱাহৰলাল নেহেৰু
ঘ) লালা ৰাজপত ৰয়৷
১২. পথৰুঘাটৰ কৃষক
বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?
ক) ১৮৫৭ খ) ১৮৬১
গ) ১৮৯৩ ঘ) ১৮৯৪
১৩. তলৰ কোনটো চিৰবিৰাজমান
সম্পদ
ক) কয়লা খ) পানী গ) পেট্ৰলিয়াম ঘ) ইউৰেনিয়াম
১৪. ভাৰতীয় সংবিধান
কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল ?
![]() |
ভাৰতীয় সংবিধানৰ ডাকটিকট |
ক) ১৯৪৭ চনৰ ১৫ আগষ্ট
খ) ১৯৪৭ চনৰ ২৯ আগষ্ট গ) ১৯৪৭ চনৰ ২৬ নৱেম্বৰ
ঘ) ১৯৫০ চনৰ ২৬ জানুৱাৰী৷
১৫. কেনে পৰিস্থিতিত
ক’লা মুদ্ৰা সৃষ্টি হয় ?
ক) আয়কৰ ফাঁকি দিলে খ) দেশ এখনত গভীৰ অর্থনৈতিক সংকট হ’লে গ)
কেন্দ্ৰীয় বেংকে সূদৰ হাৰ বৃদ্ধি কৰিলে ঘ) কেন্দ্ৰীয় বেংকে সূদৰ হাৰ হ্ৰাস কৰিলে
২. চমু উত্তৰ দিয়া
১. লর্ড কার্জনৰ
পিছত ভাইচৰয় পদত কোন অধিষ্ঠিত হৈছিল?
উত্তৰ:- লর্ড মিণ্টো (১৯০৫-১৯১০)
২. ভাৰতীয় জাতীয়
সেনা বাহিনীৰ মহিলা ৰেজিমেণ্টটোৰ নাম কি ?
![]() |
জান্সি ৰাণী ৰেজিমেণ্ট |
উত্তৰ:- জান্সি ৰাণী ৰেজিমেণ্ট৷
![]() |
জান্সী ৰাণী |
৩. পৰিৱেশ সুৰক্ষাৰ
বাবে কাম কৰি থকা অসমৰ এটা বেচৰকাৰী সংগঠনৰ নাম লিখা ?
![]() |
অসম বিজ্ঞান সমিতিৰ লগো |
উত্তৰ:- অসম বিজ্ঞান সমিতি৷
৪. পৰিৱেশৰ আঞ্চলিক
সমস্যাৰ এটা উদাহৰণ দিয়া
উত্তৰ:- মহানগৰ অঞ্চলৰ ভূ-গর্ভস্থ পানীৰ নাটনিজনিত সমস্যা৷
৫. মণিৰাম দেৱানৰ
লগত আৰু কোন ফাঁচীকাঠত উলমিব লগা হৈছিল ?
উত্তৰ:- পিয়লি বৰুৱা৷
৬. যুক্তৰাষ্ট্ৰৰ
গৃহভূমি বুলি কোন দেশক কোৱা হয় ?
উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট৷
৭. ভাৰতৰ কেন্দ্ৰীয়
বেংকটোৰ নাম কি ?
উত্তৰ:- ভাৰতীয় ৰিজার্ভ বেংক৷
৮. বংগ বিভাজনৰ সময়ত
লর্ড কার্জনক বিশেষ ভাৱে সহায় কৰা অসমৰ মুখ্য আয়ুক্তজন কোন আছিল ?
উত্তৰ:- জন ব্যামফিল্ড ফুলাৰ (১৯০২-১৯০৫)
৯. ‘বেংগল কেমিকেল
ইনষ্টিটিউ” কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ:- আচার্য প্ৰফুল্ল ৰায়৷
১০. ৰেগুলেটিং এক্ট
(নিয়ন্ত্ৰণকাৰী আইন) কেতিয়া প্ৰৱর্তন কৰা হৈছিল ?
উত্তৰ:- ১৭৭৩ চনত৷
১১. মহাত্মা গান্ধী
দক্ষিণ আফ্ৰিকালৈ কিয় গৈছিল ?
উত্তৰ:- পেছাগতভাৱে ওকালতি কৰিবলৈ৷
১২. অসমত ১৮৫৭ চনৰ
বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰ:- মণিৰাম দেৱান৷
১৩. নিৰপেক্ষ বা
নিস্ত্ৰীয় সামগ্ৰীৰ এটা উদাহৰণ দিয়া ?
উত্তৰ:- শক্তি উৎপাদনত ব্যৱহাৰ নকৰালৈকে থকা অৱস্থাৰ কয়লা৷
১৪. বায়ু প্ৰদূষণৰ
এটি প্ৰাকৃতিক কাৰক উল্লেখ কৰা ?
![]() |
আগ্নেয়গিৰি উদগীৰণ |
উত্তৰ:- আগ্নেয় উদগিৰণ৷
১৫. সংবিধানৰ কিমানত্বম
সংশোধনৰ দ্বাৰা ‘সমাজবাদী’ শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে ?
![]() |
সংবিধানৰ প্ৰস্তাৱনা |
১৬. ভাৰতবর্ষৰ সংদসীয়
গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ?
উত্তৰ:- ইংলেণ্ড৷
১৭. সীমান্ত গান্ধীৰূপে
কাক জনা যায় ?
![]() |
গান্ধী আৰু গফুৰ খান |
উত্তৰ:- খান আব্দুল গফুৰ খান৷
১৮. IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত
?
উত্তৰ:- ৰাষ্ট্ৰসংঘ৷
৩. খালী ঠাই পূৰ কৰা
১. ভাইচৰয় লর্ড কার্জনৰ শাসনকালত বংগবিভাজন সংঘটিত হৈছিল৷
২. পূব্ব বংগ আৰু
অসম নামৰ প্ৰদশখনৰ ৰাজধানী ঢাকাত স্থাপন কৰিবলৈ বিচৰা
হৈছিল৷
৩. গান্ধীয়ে হত্যাগ্ৰহ
ধাৰণাটো গ্ৰহন কৰোতে থৰু আৰু লিও টলষ্টয়ৰ ৰচনাৰ দ্বাৰা
প্ৰভাৱিত হৈছিল৷
![]() |
লোও টলষ্টয় |
৪. উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়া সকলে বৃটিছৰ বিৰুদ্ধে যুদ্ধ
কৰিছিল৷
৫. মণিপুৰৰ বিদ্ৰোহৰ
মূল নেতা আছিল টিকেন্দ্ৰজিত৷
![]() |
টিকেন্দ্ৰজিত বন্ধী কৰাৰ ফটো |
৬. জর্জ ছিজহ’ম ক অর্থনৈতিক ভূগোলৰ পিতৃ বুলি কোৱা হয়৷
৭. জল মণ্ডলে ভূ-পৃষ্ঠৰ
প্ৰায় ৭১ শতাংশ আগুৰি আছে৷
![]() |
পৃথীৱীৰ জলমণ্ডল |
৮.সেউজগৃহ গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ ০.১ শতাংশ৷
৯. চাৰকাৰিয়া আয়োগ ১৯৮৩ চনত গঠন হৈছিল
১০. ভাৰতবর্ষত ভাৰতীয় ৰির্ভাভ বেংকে কাগজী মুদ্ৰা ছপা কৰে৷
৪. স্বদেশী আন্দোলনত ছাত্ৰসকলৰ অৱদান কি আছিল আলোচনা কৰা৷ (৪)
উত্তৰ:- ইংৰাজ চৰকাৰে
বংগ ভংগ কৰাত ৰাইজৰ মাজত প্ৰৱল বিক্ষোভৰ সৃষ্টি কৰিছিল৷ প্ৰায় সাতবছৰীয়া ৰাজনৈতিক আন্দোলনটোৱে
ছাত্ৰ সকলকো প্ৰভাৱিত কৰিছিল৷ ৰিপন কলেজ (বর্তমান সুৰেন্দ্ৰনাথ কলেজ)ৰ ছাত্ৰসকলে পোনপ্ৰথমে
শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল৷ তেওঁলোকৰ নেতৃত্বত কলিকতাৰ সমগ্ৰ স্কুল কলেজৰ
ছাত্ৰই বিশাল ছাত্ৰ সমাৰোহ আয়োজন কৰি বংগ বিভাজনৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷
![]() |
ৰিপন কলেজৰ প্ৰতীক |
ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিটি গঠন কৰি আন্দোলন
দৃঢ় কৰাৰ সংকল্প লৈছিল৷ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যাৰ নেতৃত্বত ‘ছাত্ৰ সংসদ’ গঠন হৈছিল৷
ছাত্ৰসকলে আন্দোলনত অংশ গ্ৰহণ কৰাত শংকিত হৈ বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰ ডব্লিউ
কার্লাইলে জাননী জাৰি কৰি ভয় দেখুৱাইছিল৷ জাননীৰ প্ৰতিবাদ কৰি ছাত্ৰসকলে শ্ৰেণীকোঠা
ত্যগ কৰে৷ ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰী বসু আদিৰ উদ্যোপত ‘বংগ জাতীয় বিদ্যালয়’; ‘জাতীয়
শিক্ষা পৰিষদ’ আদি গঠন কৰে৷ এনেদৰে স্বদেশী আন্দোলনত ছাত্ৰসকলে অংশগ্ৰহণ কৰি অৱদান
আগবঢ়াইছিল৷
৫. মুছলীম
লীগ প্ৰতিষ্ঠা কৰাত লর্ড কার্জনৰ ভুমিকা সর্ম্পকত চমুকৈ লিখা৷ (৪)
উত্তৰ:- ভাইচৰয় লর্ড
কার্জনে ভাৰতবর্ষত একত্ৰিত বিশাল ভাৰতীয় জাতি গঠন হোৱাটো বিচৰ নাছিল৷ সাম্ৰাজ্যবাদ
অক্ষুণ্ণ ৰখাৰ স্বার্থত তেওঁ বংগ বিভাজন কৰি ভাৰতীয় জাতীয়তাবাদক নিশকতীয়া কৰাৰ অস্ত্ৰ
প্ৰয়োগ কৰিছিল৷ তেওঁ বংগ বিভাজনৰ সপক্ষে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে ১৯০৪ চনত বংগদেশৰ ঢাকা, মৈমনসিং, চট্ৰগ্ৰাম আদি
ঠাইৰ জনসভাত অংশ লৈছিল৷ মুছলমান জনগণ বংগ ভংগৰ যোগেদি প্ৰচুৰ লাভৱান হ’ব বুলি বুজাইছিল৷
ইছলাম ধর্মীয় জনগণক হিন্দুসকলৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ আহ্বান জনাই৷ ঢাকাৰ নবাব
ছলিমউল্লাক হাত কৰিবলৈ কার্জনে নগণ্য সূতত টকা ধাৰলৈ দিছিল৷ ইছলাম ভূ-স্বামীসকলকো বিশেষ
-সা সুবিধা দিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ‘পূর্ব বংগ আৰু অসম’ নামৰ প্ৰদেশ গঠনে মুছলমানক
ৰাজনৈতিকভাৱে লাভাম্বিত কৰিব বুলি প্ৰচাৰ চলাইছিল৷ কার্জনৰ এইবোৰ কার্যই মুছলমানসকলক
মুছলিম লীগ প্ৰতিষ্ঠা কৰাত অৰিহনা যোগাইছিল৷
নাইবা
স্বদেশী
আন্দোলনৰ চাৰিটা উল্লেখযোগ্য অৱদান উল্লেখ কৰা৷
উত্তৰ:- স্বদেশী আন্দোলনৰ
চাৰিটা অৱদান হৈছে-
ক) বেছিভাগ
মানুহেই আন্দোলনত সমৱেত হ’লে গণ আন্দোলনৰ ৰূপ পায় সেই ৰাজনৈতিক শিক্ষা আন্দোলনৰ পৰা
লাভ কৰিছিল৷
খ) স্বদেশী
আন্দোলনৰ ভাৰতীয় জাতীয় কংগ্ৰেছক এটা বৃহত্তৰ আনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাত সুযোগ
প্ৰদান কৰে৷
গ) স্বদেশী
আন্দোলনৰ মাজেৰে ভাৰতবর্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল৷ অস্ত্ৰৰ দ্বাৰাহে বিপ্লৱৰ
পথ সুগম বুলি প্ৰতিফলিত হৈছিল৷
ঘ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় নাৰীৰ আন্দোলনৰ প্ৰৱণতা
গঢ়ি উঠিছিল৷ উদাহৰণ- প্ৰফুল্ল চাকীৰ ফাঁচিৰ দিনটো বংদেশৰ প্ৰতিটো পৰিয়ালে
উপবাসে আছিল মহিলাসকলে পাকঘৰৰ ৰন্ধনকার্য বন্ধ ৰাখি আন্দোলনকাৰীক সমর্থন জনাইছিল৷
![]() |
প্ৰফুল্ল চাকী |
৬. গান্ধী আৰউইন চুক্তিৰ যিকোনো তিনিটা চর্ত উল্লেখ কৰা৷ (৩)
![]() |
গান্ধী আৰউইন চুক্তি |
উত্তৰ:- ভাৰতৰ ভাইচৰয়
লর্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত ১৯৩১ চনত এখন চুক্তি হৈছিল৷ এই চুক্তিৰ তিনিটা
চর্ত তলত উল্লেখ কৰা হ’ল-
ক) চৰকাৰে হিংসাত্মক
ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো মুকলি কৰি দিয়াৰ সিদ্ধান্ত৷ অসংগ্ৰিহীত জৰিমণা
মাফ কৰা৷
খ) চৰকাৰে সাগৰৰ
পাৰৰ গাওঁৱাসীক প্ৰয়োজনীয় নিমখ তৈয়াৰৰ অনুমতি প্ৰদান৷
গ) তৃতীয় পক্ষৰ ওচৰত
বিক্ৰী নকৰা সত্যাগ্ৰহীৰ পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘুৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ৷
৭. মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ভাৰত ত্যাগ আন্দোলনৰ এটি চমু
আভাষ দিয়া৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত
কৰিব খুজানে ? তোমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া (৩+২= ৫)
উত্তৰ:- দ্বিতীয় মহাসমৰত জয়লাভ কৰিলে ভাৰতক সম্পূর্ণ স্বাধীনতা
প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি পূৰণ নকৰাত কংগ্ৰেছৰ মন্ত্ৰীসকলে পদত্যাগ কৰিছিল৷ ভাৰতীয়
জাতীয় কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ কৰি এলানি আন্দোলনৰ কার্য্যসূচী গ্ৰহণ কৰে৷ ক্ৰিপছ মিছনে
আগবঢ়োৱা ডমিনিয়ন ব্যৱস্থা’ৰ টোপ কার্য্যকৰী নকৰাত ১৯৪২ চনৰ আগষ্ট মাহত মহাত্মা গান্ধীয়ে
মুম্বাইৰ গোৱালিয়া টেংকত ‘কৰিম কিম্বা মৰিম’ শ্লোগানেৰে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে৷
প্ৰতিবাদকাৰী আৰু জাতীয় কংগ্ৰেছৰ প্ৰায়বোৰ নেতাক বন্দী কৰিলেও আন্দোলন ৰোধ কৰিব পৰা
নাছিল৷ দেশজুৰি হৰতালৰ লগতে চৰকাৰী প্ৰতিষ্ঠানবোৰ জনসাধাৰণে আক্ৰমণ কৰিছিল৷ ৰেল লাইন,
টেলিফোন লাইন, পুলিচ থানা ধ্বংস কৰিছিল৷ কিছউমান ঠাইত ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি
নিজাকৈ চৰকাৰ গঠন কৰিছিল৷
ভাৰত ত্যাগ আন্দোলনক ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মাইলৰ খুটি বুলি
গণ্য কৰিব পাৰি৷ কিয়নো এইখন জাতীয়তাবাদী সংগ্ৰামত ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিক
সকলোৱে অংশগ্ৰহণ কৰিছিল৷
দ্বিতীয়তে জনতাই বিদেশী সামগ্ৰী ধ্বংস কৰাৰ লগতে কিছু কিছু স্থানত
স্বাধীন চৰকাৰ গঠনৰ বাবে আন্দোলন কৰিছিল৷
তৃতীয়তে ভাৰত ত্যাগ আন্দোলনৰ পিছত স্বাধীনতা দৰদামৰ বিষয় হৈ
নাথাকি ক্ষমতা হস্তান্তৰ কেতিয়া হ’ব সেই পর্যায়লৈ লৈ গৈছিল৷
সেইবাবে ভাৰত ত্যাগ আন্দোলনক মাইলৰ খুটি বুলিব পাৰি৷
নাইবা
কি পৰিস্থিতিত
অসহযোগ আন্দোলনৰ সূচনা হৈছিল ৷ এই আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক কার্যসূচী সমূহ বিশ্লেষণ
কৰা৷ (২+৩=৫)
উত্তৰ:- ভাৰতীয় স্বাধীনতা
সংগ্ৰামৰ গুৰুপ্তপূর্ণ অসহযোগ আন্দোলন (১৯২০-২২) সূচনা হোৱাৰ বহুকেইটা কাৰক আছিল৷ তাৰে
কেইটামান উল্লেখ কৰা হ’ল-
ক) ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বর্দ্ধিত দমনমূলক নীতি৷
সন্ত্ৰাসবাদৰ সন্দেহত যিকোনো লোকক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাত প্ৰতিবাদী আন্দোলন
গঢ়ি উঠিছিল৷
খ) ব্ৰিটিছ সকলৰ অর্থনৈতিক শোষণ আৰু জালিয়ানাৱালাবগৰ হত্যাকাণ্ডও
অসহযোগ আন্দোলন সূচনা হোৱাত সহায় কৰিছিল৷
অসহযোগ আন্দোলনৰ ইতিবাচক দিশ হৈছে- আন্দোলনৰ ফলত হাতেৰে
সূতা কঁটা আৰু তাঁতবোৱা শিল্পুৰ উন্নতিৰ জৰিয়তে স্বদেশী আন্দোলন এটা গঢ়ি উঠিছিল৷ হিন্দুৰ
মাজত প্ৰচলিত অস্পৃশ্য দূৰীকৰণৰ প্ৰচেষ্টা, হিন্দু-মুছলমানৰ ঐক্য সাধন, মাদকদ্ৰব্য
নিবাৰণ আদি সামজিক উৎকর্য সাধন হৈছিল৷ লগতে স্বৰাজ্য পূঁজি হিচাপে তিলক স্মাৰক পূজিৰ
বাবে কোটি টকাৰ দান-বৰঙনি সংগ্ৰহ হৈছিল৷
অসহযোগ আন্দোলনৰ নেতিবাচক দিশ হৈছে জনসাধাৰণৰ বিধান মণ্ডল,
আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান বর্জন কার্য৷ সেইদৰে ব্ৰিটিছ চৰকাৰৰ পৰা পোৱা নানান
বঁটা বাহন আৰু উপাধি পৰিত্যাগ কৰিছিল৷ অৱশ্য নেতিবাচক দিশসমূহে ইতিবাচক দিশৰ উন্মেষ
ঘটাইছিল৷ ৰাজহুৱা বিচাৰ ব্যৱস্থা, স্বদেশী জাতীয় শিক্ষা ব্যৱস্থা আদি৷ লগতে আন্দোলন
কাৰীয়ে যিকোনো পৰিস্থিতে যাতে অহিংসা নীতি মানি চলে সেয়া স্পষ্ট কৰি দিয়া হৈছিল৷
৮. কি
কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হৈছিল আলোচনা কৰা৷ (৪)
উত্তৰ:- অসমত ১৮৫৭-৫৮
চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ বহুকেইটা কাৰণ আছে৷ সেইবোৰ তলত উল্লেখ কৰা হ’ল-
ক) বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া আৰু মণিৰাম দেৱানৰ সমর্থকসকল
কেৱল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল৷নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমর্থন লাভ কৰিব
পৰা নাছিল৷
খ) বিদ্ৰোহী সকলৰ নেতা মণিৰাম দেৱান কলিকতাত থকাত আলোচনা
সমূহ চিঠি পত্ৰৰ দ্বাৰা পৰিচালিত হোৱাত যোগাযোগ
ব্যৱস্থা দুর্বল হৈছিল৷ লগতে মণিৰামৰ নেতৃত্ব লব পৰা গুণৰ অভাৱ৷ প্ৰতিপক্ষক দুর্বলতা
আৰু বুদ্ধিমত্তাক হেওজ্ঞান কৰাটো মণিৰামদেৱানৰ ব্যক্তিগত দুর্বলতাৰ নিদর্শন৷
গ) নতুন মধ্যবিত্ত শ্ৰেণীটোৰ বিদ্ৰোহৰ প্ৰতি উৎসাহ নাছিল৷
তেওঁলোকে পুনৰ আহোম ৰাজতন্ত্ৰ হোৱাটো বিচৰা নাছিল আৰু বিদ্ৰোহৰ প্ৰতি সমর্থন আৰু সহানুভূতি
প্ৰদর্শন নকৰিছিল৷
ঘ) অসমৰ বিদ্ৰোহীসকলৰ সময় জ্ঞান সম্পূর্ণ নাছিল৷ লগতে
কার্য্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত চৰমভাৱে ব্যর্থ হৈছিল৷
ঙ) বিদ্ৰোহীসকলে প্ৰয়োজন অনুসৰি অস্ত্ৰ-শস্ত্ৰৰ যোগান
পোৱা নাছিল৷
এইবোৰ কাৰণত অসমত ১৮৫৭ চনৰ বিদ্ৰোহে সফল হব পৰা নাছিল
আৰু ব্ৰিটিছ চৰকাৰে সর্ম্পূনভাৱে নিমূর্ল কৰিছিল৷
বা
ফুলগুৰি
ধাৱাৰ তৎকালীন কাৰণ কি আছিল ? ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুপ্ত কি লিখা ? (১+৩=৪)
উত্তৰ:- অসমৰ প্ৰথমটো
কৃষক বিদ্ৰোহ ফুলগুৰি ধাৱাৰ (১৮৬১) তৎকালীন
কাৰণ আছিল, চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰি জনসাধাৰণৰ আফু খেতি সর্ম্পূণৰূপে বন্ধ
কৰি দিয়া ব্যৱস্থা৷ কিয়নো তিৱা জনজাতিসলে আফুগুটিৰ পৰা কানি, মাদক দব্য প্ৰস্তুত কৰিছিল৷
তদুপৰি তামোল-পাণৰ ওপৰতো কৰ লগাব বুলি বাতৰি প্ৰকাশেও ৰাইজক উত্তেজিত কৰিছিল৷
দেখাত কানি খেতিয়কৰ চৰকাৰৰ অফু খেতি বন্ধকৰণৰ প্ৰতিবাদৰ
আন্দোলন যেন লাগিলেও ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুপ্ত আছে৷ কিয়নো-
ক) বিদ্ৰোহত প্ৰথমে লালুং (তিৱা) জনজাতি আৰু মাছমৰীয়া
সম্প্ৰদায়ে অংশগ্ৰহণ কৰিলেও অনান্য শ্ৰেণীৰ পৰাও সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল৷ আঢ়্যৱন্ত
অসমীয়া মধ্যবিত্ত শ্ৰেণী, ব্যৱসায়ী, মৌজাদাৰ আদিয়ে আন্দোলনকাৰীক সহায় কৰিছিল৷
খ) ফুলগুৰিৰ বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা
মুক্ত হোৱা সাধাৰণ জনগনৰ এক নিদর্শন আছিল৷ আহোম ৰাজতন্ত্ৰৰ অধীনৰ অভিজাত শ্ৰেণীৰ কিছু
লোকেও সা-সুবিধাৰ পৰা বঞ্চিত হৈ বিদ্ৰোহত যোগ দিছিল৷
গ) ফুলগুৰিৰ কৃষক বিদ্ৰোহে অসমৰ অনান্য অঞ্চলৰ কৃষককো
তেওঁমানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুলোকৰ দুর্দশাৰ কথা সাংগঠনিকভাৱে
ভাৱিবলৈ অনুপ্ৰেৰণা যোগাইছিল৷ ফুলগুৰি ধাৱাৰ পিছতে বি্ট্ৰিছৰ বিপক্ষে বহুকেইটা অঞ্চলত
কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল৷
৯. উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা৷
(৪)
উত্তৰ:- মানুহৰ প্ৰয়োজনীয়
সকলোবোৰ বস্তুকেই সম্পদ বুলি কোৱা হয়৷ পৃথিৱীত বহুতো সম্পদ আছে আৰু ইয়াক শ্ৰেণীবিভাজনো
কৰা হৈছে৷ তলত উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন তালিকা দাঙি ধৰা হ’ল—
ক) সৃষ্টি প্ৰক্ৰিয়া
অনুসৰি সম্পদ তিনি প্ৰকাৰৰ
১. প্ৰাকৃতিক সম্পদ:-
সূর্য্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, খনিজ
পদাথৰ আদি৷
২. মানৱ সৃষ্ট সম্পদ:-
বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা ৰং, ৰাসায়নিক সাৰ আদি৷
৩. মানৱ সম্পদ:-
মানৱ জাতি৷
খ) গঠন অনুসৰি সম্পদ
দুই প্ৰকাৰৰ
১. জীৱীয় সম্পদ:-
উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি৷
২. অজীৱীয় সম্পদ:-
শিল, মাটি, পানী, বায়ু, খনিজ পদার্থ
গ) উপলব্ধ/ স্থায়িত্ব অনুসৰি সম্পদ দুই প্ৰকাৰৰ
১. নৱীকৰণযোগ্য সম্পদ:-
সূর্য্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, শস্য৷
২. অনবীকৰণযোগ্য
সম্পদ:- কয়লা, খনিজ তেল, খনিজ পদার্থ (তাম, সোণ, চূণশিল, লো, ৰূপ আদি)
ঘ) মালিকীস্বত্বক
ভিত্তি কৰি সম্পদ তিনি প্ৰকাৰৰ
১. ব্যক্তিগত সম্পদ:-
নিজ নিজ দখলত থকা ভুমি, সা-সম্পত্তি, নিজৰ ভাল গুণ, শিক্ষা আদি৷
২. জাতীয় সম্পদ:-
ৰাস্তা-ঘাট, দলং, নদ-নদী, শিক্ষানুষ্ঠান, চৰকাৰ, অভয়াৰণ্য, অৰণ্যৰ জীৱজন্তু আৰু গাছ-গছনি
আদি৷
৩. আন্তর্জাতিক সম্পদ:-
সাগৰ মহাসাগৰ আৰু তাৰ খনিজ সম্পদ, বায়ুমণ্ডল, অৰণ্য আদি৷
১০. সম্পদ সংৰক্ষণ বুলিলে কি বুজা ? ইয়াৰ প্ৰয়োজনীয়তা সর্ম্পকে চমুকৈ
আলোচনা কৰা৷ (১+৩=৪)
সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে৷ কিয়নো অনবীকৰণ যোগ্য
সম্পদসমূহ যেনে খনিজ তেল, প্ৰাকৃতিক গেছ, আদি প্ৰকৃতিৰ পৰা কোনোধৰণৰ অপচয় নোহোৱাকৈ
মানৱ কল্যাণত ব্যৱহাৰ কৰিব লাগে৷ অন্যথা এটা সময়ত শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা এইবোৰ
সম্পদ শেষ হৈ যাব৷
একেধৰণে জীৱ জন্তুৰ আৱাসভুমি তথা জৈৱ-বৈচিত্ৰ
হ্ৰাস কৰিলে জীৱ জন্তু আৰু উদ্ভিদৰ বহু প্ৰজাতি নিশেঃষ হৈ যাব৷ সেয়ে সমগ্ৰ বিশ্বজুৰি
কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্ৰকল্প হাতত লোৱা হৈছে৷
সম্পদ সংৰক্ষণৰ বাবে আন্ত:ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পর্য্যায়তো বহুতো
বে-চৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে৷
সম্পদ সংৰক্ষণৰ বাবে মিতব্যয়ী হোৱাটো অতি জৰুৰী৷
সম্পদ সংৰক্ষণৰ বাবে বিকল্প সম্পদৰ সন্ধান, বর্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, সম্পদ সংৰক্ষণৰ
বাবে আইন প্ৰণয়ণ কৰি তাক কার্য্যকৰীও কৰিব লাগে৷
১১. গোলকীয় উত্তাপ বৃদ্ধিয়ে কেনেধৰণ সমস্যা সৃষ্টি কৰিব লিখা৷ এই সমস্যা
সমাধানৰ বাবে দুটা পৰামর্শ আগবঢ়োৱা৷ (২+২=৪)
উত্তৰ:- গোলকীয়
উত্তাপ হ’ল পৃথিৱীপৃষ্ঠৰ ঠিক ওপৰিভাগৰ বায়ুৰ উষ্ণতা৷ প্ৰকৃতি আৰু মানৱ সৃষ্ট কাৰকে
স্বাভাৱিল উত্তাপতকৈ অধিক উত্তাপ ঘটাই গোলকীয় উত্তাপক সমস্যালৈ ৰূপান্তৰিত কৰি তুলিছে৷
তলত গোলকীয় উত্তাপে সৃষ্টি কৰা দুটা সমস্যা উল্লেখ কৰা হ’ল-
ক) বায়ুত সেউজগৃহ
গেছ সমূহৰ বৃদ্ধি পাইছে. ইয়াৰ ফলত কার্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাব৷
খ) মেৰু অঞ্চলৰ বিশাল
বৰফস্তূপৰ গলন, সাগৰপৃ ষ্ঠৰ উত্থান আদি সমস্যা সৃষ্টি কৰিছে৷ পৃথিৱীৰ উপকূল অঞ্চলবোৰ
কেইটামান দশকৰ ভিতৰত পানীৰ তলত বুৰ গৈ সমস্যাৰ সৃষ্টি কৰিব৷
গোলকীয় উত্তাপ সমস্যা সমাধান কৰাৰ দুটা পৰামর্শ আগবঢ়োৱা
হ’ল-
ক) বায়ুমণ্ডলত কার্বন
ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰিবলৈ সকলোৱে উমৈহতীয়া চেষ্টা কৰা৷
খ) গোলকীয় উত্তাপ
বৃদ্ধিয়ে ভৱিয্যতে সৃষ্টি কৰিব পৰা সমস্যা সমূহৰ বিষয়ে বিশ্ববাসীক সজাগ সৃষ্টি কৰা৷
১২. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান চাৰিটা মণ্ডলৰ সর্ম্পকৰ বিষয়ে চমুকৈ লিখা৷
(৪)
উত্তৰ:- পৃথিৱীৰ
পৰিবেশৰ চাৰিটা প্ৰধান মণ্ডল আছে আৰু আটাইকেইটাৰ মাজত পাৰস্পৰিক সর্ম্পকৰে জড়িত৷
ক) স্থলমণ্ডল হৈছে
মহাদেশকেইক সামৰি লোৱা শিল, বালি, মাটি, মাণিকৰ সমষ্টি৷ মুঠ ভূ-পৃষ্ঠৰ ২৯% আগুৰি থকা
স্থলমণ্ডলত মালভূমি, সমভূমি, নদী-উপত্যকা, উপকূল আদি আাছে৷ স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱর্তন পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ আন তিনিটা মণ্ডলৰ ওপৰত নির্ভৰশীল৷
খ) জলমণ্ডল হৈছে
সাগৰ-মহাসাগৰৰ জলে সামৰি লো ভূ-পৃষ্ঠৰ ৭১% পানীৰ সমষ্টি৷ নদ-নদীসমূহো ইয়াৰ অন্তর্গত৷
জলমণ্ডলৰ স্থিতি আৰু পৰিৱর্তন স্থল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নির্ভৰশীল৷
গ) বায়ুমণ্ডল হৈছে
ভু-পৃষ্ঠৰ পৰা ১০০০০ কিলোমিটাৰলৈকে বিস্তাৰিত হৈ থকা গেছৰ সমষ্টি৷ বায়ুমণ্ডলৰ গুণাগুণ
আৰু পৰিৱর্তন পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ আন তিনিটা মণ্ডলৰ ওপৰত নির্ভৰশীল৷
ঘ) পথিৱীত পোৱা সকলো
জীৱ-জন্তু, উদ্ভিদ এই মণ্ডলৰ অর্ন্তগত৷ জীৱমণ্ডল জল আৰু স্থলমণ্ডল উভয়তে বসবাস কৰে৷
জীৱমণ্ডল তিনিওটা মণ্ডলৰ লগত জড়িত হৈছে৷ এটা মণ্ডলৰ পৰিৱর্তন ঘটিলেই জীৱমণ্ডলত প্ৰভাৱ
পৰে৷
১৩. ভাৰতবর্ষৰ
সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে লিখা৷ (৪)
উত্তৰ:- ভাৰতবর্ষৰ
সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট ‘সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু
প্ৰজাতন্ত্ৰ এই শব্দকেইটাৰ মাজত সংবিধানৰ আদর্শ প্ৰকাশ পাইছে৷ কিয়নো-
ক) সার্বভৌমে দেশখনক
সর্বোচ্চ ক্ষমতা অপর্ণ কৰিছে৷ দেশখন কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু কাৰো দ্বাৰা
পৰিচালিত নহয়৷
খ) সমাজবাদী শব্দটোৱে
ভাৰতৰ সকলো নাগৰিকক সমান মর্যদা দিয়াৰ লগতে বৈষম্য আৰু অসমতা নথকাৰ কথা প্ৰকাশ কৰিছে৷
গ) গণতান্ত্ৰিক শব্দটোৱে
দেশখন জনতাৰ দ্বাৰা পৰিচালিত তাক প্ৰকাশ কৰিছে৷ জনতাই ভোটৰ দ্বৰা চৰকাৰ নির্বাচন কৰিব
আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ৷
ঘ) ধর্মনিৰপেক্ষ
শব্দই ভাৰতবর্ষত কোনো ধর্মক চৰকাৰী মর্যদা নিদিয়াৰ কথা প্ৰকাশ কৰিছে৷ সকলো ধর্ম চৰকাৰৰ
দৃষ্টিত সমান৷ কোনো ধর্মক বৈষম্য কৰিব নোৱাৰিব৷
চ) গণৰাজ্য শব্দই
দেশখনৰ ৰাষ্ট্ৰপ্ৰধানক জনতাৰ ভোটৰ দ্বাৰা নির্বাচিত কৰাৰ কথা প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰপতি
পদটো বংশানুক্ৰমিক বা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহ’ব৷
ইয়াৰ বাদেই প্ৰস্তাৱনাত
উল্লেখ থকা ন্যায়, স্বাধীনতা, সমতা অৰু ভাতৃত্ববোধ শব্দকেইটাইও সংবিধানৰ আদর্শ আৰু
লক্ষ্যক বিশেষভাৱে প্ৰতিফলিত কৰিছে৷
১৪. মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা৷ (৫)
উত্তৰ:- বিনিময়ৰ
মাধ্যম হিছাপে ব্যৱহাৰ কৰা মুদ্ৰাৰ কেইবাটাও বৈশিষ্ট্য আছে৷ তলত তাৰে ৫ টা উল্লেখ কৰা
হ’ল-
ক) মুদ্ৰাৰ সাধাৰণ
গ্ৰহণযোগ্যতা থাকিব লাগিব অন্যথা ই বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে৷
খ) আন সকলোবোৰ সামগ্ৰীতকৈ
মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব৷
গ) মুদ্ৰা সহজতে
নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নালাগিব৷ মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিলে মুদ্ৰা বেছি দিনলৈ
টিকিব লাগিব৷
ঘ) মুদ্ৰাৰ তাৰল্য
গুণ থাকিব লাগিব৷ যিকোনো মুদ্ৰা সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে
ৰূপান্তৰিত কৰিব পৰা গুণ থাকিব লাগিব৷
ঙ) মুদ্ৰা সমজাতীয়
বা পূর্ণ সাদৃশ্যযুক্ত হ’ব লাগিব৷ এখন মুদ্ৰাৰ লগত আনখন মুদ্ৰাৰ মিল থাকিব লাগিব৷
নাইবা
ভাৰতৰ
কেন্দ্ৰীয় বেংকৰ কার্য্যাৱলী সমূহ উল্লেখ কৰা৷
উত্তৰ:- ১৯৩৫ চনত
স্থাপন কৰা ভাৰতীয় ৰিজার্ভ বেংক হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক৷ এই বেংকৰ বহুতি কার্য্যাৱলী
আছে৷ তলত সেয়া উল্লেখ কৰা হ’ল-
ক) ভাৰতীয় ৰিজার্ভ
বেংকে কাগজী মুদ্ৰা ছপা কৰে:-
খ) ভাৰতীয় ৰিজার্ভ বেংকে চৰকাৰক বাজেটত প্ৰয়োজন হোৱা
বিত্তৰ যোগান ধৰে৷
গ) ভাৰতীয় ৰিজার্ভ বেংকে বেংকসমূহৰ হিচাপে কার্য সম্পাদন কৰে৷ আর্থিক সংকটৰ সময়ত কেন্দ্ৰীয়
বেংক হিচাপে পূজিৰ যোগান ধৰে৷
ঘ) ভাৰতীয় ৰিজার্ভ
বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে৷
ঙ) ভাৰতীয় ৰিজার্ভ
বেংকে বেংকসমূহৰ বাবে পৰিশোধৰ বেংকৰ কাম কৰে৷
ইয়াৰ বাদেও কেন্দ্ৰীয় বেংক হিচাপে ভাৰতীয়
ৰিজার্ভ বেংকে দেশৰ আর্থিক পৰিস্থিতৰ খতিয়ান দাঙি ধৰা; সমবায় বেংক আৰু অন্যান্য বিত্তীয়
অনু্ষ্ঠানসমূহলৈ ঋণৰ যোগান, ছাত্ৰ-ছাত্ৰী সকললৈ ঋণৰ যোগান; বিভিন্ন কল্যাণমূলক আঁচনিৰ
বাবে বৰঙণি আগবঢ়োৱা আদি কাম কৰে৷
0 মন্তব্যসমূহ