ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ সমাজ বিজ্ঞান৷ ওদালগুৰি জিলা/ ২০২২

 

ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ ওদালগুৰি জিলা/ ২০২২




প্ৰথম অংশ

১. শুদ্ধ উত্তৰটো বাছি উলিওৱা

১. বৃটিছে কেতিয়া ভাৰত আইন-অনুমোদন জনাইছিল ?



ক) ফেব্ৰুৱাৰী, ১৯৪৭ খ) জুন, ১৯৪৭ গ) জুলাই ১৯৪৭ ঘ) মার্চ ১৯৪৭

২. কোনজন ব্ৰিটিছ বিষয়াই ১৯০৬ চনত মুছলীম লীগ গঠনত সহায় কৰিছিল ?

ক) লর্ড মিণ্টো খ) লর্ড ৰিপন গ) লর্ড কার্জন ঘ) লর্ড কেনিং

৩. ৰাওলাট আইন প্ৰর্ৱতন কৰা হৈছিল-



ক) ১৯১৭ চনত খ) ১৯১৯ চনত গ) ১৯৯৭ চনত ঘ) ১৯৪৭ চনত

৪. IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত ?

ক) UNESCO খ) UNO গ) WWF ঘ) UNEP

৫. ভাৰতৰ প্ৰথম বেংকটো আছিল

ক) বেংক অৱ গুৱাহাটী খ) বেংক অৱ বৰোদা গ) বেংক অৱ হিন্দুস্তান ঘ) ৰির্জাভ বেংক অৱ ইণ্ডিয়া

৬. ভাৰতীয় সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল ? 

ক) বি আৰ আম্বেদকাৰ খ) ৰাজেন্দ্ৰ প্ৰসাদ গ) সচ্চিদানন্দ সিংহ ঘ) এন মাধৱ ৰাও

৭. মুদ্ৰাৰ ক্ৰমবিকাশত প্ৰথম পর্যায়টো হ’ল-

ক) বিনিময় খ) জন্তুমুদ্ৰা গ) ধাতুমুদ্ৰা ঘ) কাগজী মুদ্ৰা

৮. বিট্ৰিছ চৰকাৰে কেবিনেট মিচন ভাৰতলৈ পঠাইছিল ?

ক) আগষ্ট ১৯৩৫ খ) মার্চ ১৯৪৬ গ) আগষ্ট ১৯৪৭ ঘ) জুলাই ১৯৪৬

৯. তলৰ কোনটো কোনটো অজীৱীয় সম্পদ ?

ক) বায়ু খ) গছ-গছনি গ) জীৱ-জন্তু ঘ) ভেকুৰ

১০. তলৰ কোনটো মানৱসৃষ্ট সম্পদ ?

ক) নদ নদী খ) খনিজ তেল গ) জলসিঞ্চনৰ নলা ঘ) অৰণ্য

১১. বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা-‘

ক) ৭৮.০৮ % খ) ২০.৯৪ %  গ) ০.৯৮ %  ঘ) ০.৩৫ %

১২. এচিড বৰষুণ সৃষ্টিৰ কাৰণ হ’ল-

ক) মাটি প্ৰদূষণ খ) বায়ু প্ৰদূষণ গ) শব্দ প্ৰদূষণ ঘ) পানী প্ৰদূষণ
১৩. তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী ?



ক) এশিঙীয়া গঁড় খ) নল গাহৰি গ) জিৰাফ ঘ) মিথুন

১৪. বেংগল পুনৰ একত্ৰীকৰণ হৈছিল-

ক) ১২ ডিচেম্বৰ ১৯১১ চনত খ) ১২ ডিচেম্বৰ ১৯১২ চনত  গ) ১০ ডিচেম্বৰ ১৯১৪ চনত  ঘ) ১২ ডিচেম্বৰ ১৯২০ চনত

১৫. ‘কৰিম কিম্বা মৰিম’ শ্লোগান কোনে দিছিল ?

ক) নেতাজী সুভাষ চন্দ্ৰ বসু খ) চর্দাৰ বল্লভ ভাই পেটল গ) জৱাহৰলাল নেহেৰু ঘ) মহাত্মা গান্ধী

১৬. মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল- 

ক) দক্ষিণ আফ্ৰিকা খ) জার্মানীত গ) ভাৰতত ঘ) লণ্ডনত

১৭. মহাত্মা গান্ধীয়ে ডাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল-

ক) ১২ এপ্ৰিল ১৯৩০ খ) ১২ মার্চ ১৯৩০  গ) ১২ ডিচেম্বৰ ১৯৩০  ঘ) ১২ নৱেম্বৰ ১৯৩৪

১৮. কোনে কৈছিল, “মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম’-



ক) শ্বহীদ ভগৎ সিং খ) সুভাষ চন্দ্ৰ বসু গ) ৰাম বিহাৰী বসু ঘ) চন্দ্ৰ শেখৰ আজাদ

১৯. ফুলগুৰি ধেৱা কেতিয়া সংঘটিত হৈছিল ?

ক) ১৮৬১ চনত খ) ১৮৫১ চনত গ) ১৮৭১ চনত ঘ) ১৮৪১ চনত৷

২০. পথৰুঘাটৰ কৃষক বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল ?

পথৰুঘাট স্মাৰক

ক) ১৮৮৪ চনত খ) ১৮৯৪ চনত গ) ১৮৯৬ চনত ঘ) ১৮৬৪ চনত

দ্বিতীয় অংশ

২. উত্তৰ লিখা

১. এবিধ প্ৰতিৰোধক সামগ্ৰীৰ নাম লিখা৷

উত্তৰ:- বানপানী জর্জৰিত অঞ্চল৷

২. আধুনিক অর্থনৈতিক ভুগোলৰ পিতৃ কাক আখ্যা দিয়া হয়?

উত্তৰ:-  জর্জ ছিজহ’ম৷

৩. প্ৰদূষণ কি ?

উত্তৰ:- অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াই সহজ অর্থত প্ৰদূর্ষণ৷

৪. মৰুকৰণ কি ?

উত্তৰ:- ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমি মৰুভূমিত পৰিণত হোৱাই মৰুকৰণ৷

৫. ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সন্থা কেতিয়া গঠন হৈছিল ?



উত্তৰ:- ১৯৮৬

৬. অর্থনৈতিক ভূগোল কাক বোলে ?

উত্তৰ:- ভুগোলৰ যিটো শাখাই সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত থাকে সেয়াই অর্থনৈতিক ভুগোল৷

৭. UNESCO ৰ প্ৰথম সঞ্চালক প্ৰধান কোন আছিল ?

জুলিয়ান হাক্সলে


উত্তৰ:- জুলিয়ান হাক্সলে৷

৮. নিস্ক্ৰীয় বা নিৰপেক্ষ সামগ্ৰী কাক বোলে ?

উত্তৰ:- :- সম্পদসমূহৰ যিবোৰ সামগ্ৰীয়ে মানুহক কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰকে নিস্ত্ৰীয় বা নিৰপেক্ষ সামগ্ৰী বোলে৷

৯. ভাৰতত দ্বৈত্ব নাগৰিকত্ব আছেনে ?

উত্তৰ:- নাই৷

১০. সংবিধানৰ খচৰা কমিটিৰ অসমৰ সদস্যজন কোন আছিল ?

চৈয়দ মহম্মদ চাদুল্লা
উত্তৰ:- চৈয়দ মহম্মদ  চাদ্দুল্লা

১১. মুদ্ৰা কি ?

উত্তৰ:- বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰা যিকোনো সামগ্ৰীকেই মুদ্ৰা৷

১২. ভাৰতীয় ৰির্জাভ বেংক কেতিয়া গঠন হৈছিল ?

ৰির্জাভ বেংকৰ প্ৰৱেশদ্বাৰত যক্ষ


উত্তৰ:- ১৯৩৫ চনত৷

১৩. পৃথিৱীৰ সবাতোকৈ পুৰণি বেংকটোৰ নাম কি ?

উত্তৰ:- ৰিক্স বেংক৷

১৪. বেংক কি ?

উত্তৰ:- বেংক এবিধ বিত্তীয় অনু্ষ্ঠান, যি ঋণৰ ব্যৱসায় কৰে৷

১৫. বংগ বিভাজন কোনগৰাকী ভাইচৰয় দিনত হৈছিল ?

চিকাৰী ৰূপত পত্নীৰ সৈতে লর্ড কার্জন
উত্তৰ:- লর্ড কার্জন৷

১৬. বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?

উত্তৰ:- আচার্য প্ৰফুল্লচন্দ্ৰ ৰায়৷

১৭. স্বদেশী আন্দোলনৰ সময়ত যুগান্তৰ নামৰ সংবাদ পত্ৰৰখন কোনে সম্পাদনা কৰিছিল ?

ভূউপেন্দ্ৰনাথ দত্ত


উত্তৰ:- ভূপেন্দ্ৰনাথ দত্ত৷

১৮. মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?

গান্ধী


উত্তৰ:- ১৮৬৯ চনৰ ২ অক্টোবৰ৷

১৯. ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া নাইট উপাধি ত্যাগ কৰিছিল?

নাইটহুদ সন্মান


উত্তৰ:- ১৯১৯ চনত৷ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিৰোধিতাৰে৷

২০. চৌৰীচৌৰা ঘটনা কিয় সংঘটিত হৈছিল ?

উত্তৰ:- অসহযোগ আন্দোলনৰ সময়ত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক ঘটনাৰ বাবে৷  

২১. আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন ?

আই এন এ প্ৰতীক 

মোহন সিং


উত্তৰ:- কেপ্তেইন মোহন সিং

২২. ভাৰত পাকিস্তানৰ সীমাৰেখাডালৰ নাম কি ?

ভাৰত পাকিস্তানৰ সীমাৰেখা ৱাঘা বর্ডাৰৰ দৃশ্য


উত্তৰ:- ৰেডক্লিফ লাইন

২৩. কোন চনত মফট মিলচ অসমলৈ আহিছিল ?

উত্তৰ:- ১৮৫৩ চনত৷

২৪. অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল ?

উত্তৰ:- মণিৰাম দেৱান

২৫. মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল ?

উত্তৰ:- পিয়লি বৰুৱা

তৃতীয় অংশ

. বংগ বিভাজনে সৃষ্টি কৰা পূর্ব্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা ৷ (৩)



উত্তৰ:- বংগ বিভাজনে সৃষ্টি কৰা পূর্ব্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ ভৌগোলিক সংমণ্ডল তিনিটা হৈছে- ঢাকা, চট্ৰগ্ৰাম আৰু ৰাজশাহী৷

৪. স্বদেশী আন্দোলন ৰদ কৰাৰ উদ্দেশ্য বৃট্ৰিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কার্য্যসূচী হাতত লৈছিল ? (৪)



উত্তৰ:- স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে বহুকেইটা আন্দোলনিৰোধী কার্য্যসূচী গ্ৰহণ কৰিছিল৷ তলত তাৰে উল্লেখ কৰা হ’ল=

ক) জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক নিজৰ হাতত ৰাখিবলৈ উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল৷

খ) জাতীয় কংগ্ৰেছৰ সদস্য সকলক উচ্চ ন্যায়লয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, প্ৰাদেশিক পর্যায়ৰ লোভনীয় পদ যাচিছিল৷

গ) বংগদেশৰ মুখ্য সচিব আৰ. ডব্লিউ. কার্লাইলে ছাত্ৰসকলত আন্দোলনত অংশ নলবলৈ  জাননী জাৰি কৰিছিল৷

ঘ) হিন্দু আৰু মুছলমানৰ মাজত বিভেদ আনি ঐক্যতা বিনষ্ট কৰিবলৈ কৌশল প্ৰয়োগ৷  

৫. স্বদেশী আন্দোলনৰ তিনিটা ফলাফল লিখা

উত্তৰ:- স্বদেশী আন্দোলনৰ বহুকেইটা ফলাফল আছিল৷ তাৰে তিনিটা তলত উল্লেখ কৰা হ’ল-

ক) মুছলিম লীগৰ প্ৰতিষ্ঠা:- হিন্দু-মুছলমানৰ একতা ধ্বংস কৰিবৰ বাবে ইংৰাজে বংগ বিভাজন কৰিছিল৷ লর্ড কার্জনৰ পিছত লর্ড মিণ্টোৱে ভাইচৰয় পদত অধিষ্ঠিত হৈ নবাব ছলিমউল্লাৰ সহায়ত মুছলিম লীগ গঠন কৰে৷ মুছলমানসকলৰ বাবে পৃথক নির্বাচনৰ ব্যৱস্থাৰ সুবিধা দিছিল৷

খ) মহিলাৰ অংশগ্ৰহণ:- স্বদেশী আন্দোলনত পুৰুষৰ লগতে মহিলাই অংশগ্ৰহণ কৰিছিল৷ সৰলা দেৱী চৌধুৰীণীয়ে বিভিন্ন উৎসৱ অনুষ্ঠান আয়োজন কৰাৰ লগতে যুৱক-যুৱতীসকলৰ বাবে লাঠীখলে আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল৷ ভগিনী নিবেদিতাই দেশৰ নাৰী আৰু যুৱকসকলক দেশীয় শিল্পৰ যোগেদি স্বনির্ভৰশীল হ’বলৈ আহ্বান জনাইছিল৷

গ) জাতীয় সাহিত্য:- শ্বদেশী আন্দোলনৰ পটভূমিত বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ, নাটক, প্ৰবন্ধ আৰু গীত প্ৰকাশ পাইছিল৷ সংবাদপত্ৰসমূহে বংগভংগ বিৰোধী আন্দোলনৰ গতি তীব্ৰ কৰি তুলিছিল৷ গীতসমূহে বঙালী জাতীক উদ্বুদ্ধ কৰিছিল৷

৬. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ কি কি কাৰণত ব্যর্থ হৈছিল ? (৪)

উত্তৰ:- অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ বহুকেইটা কাৰণ আছে৷ সেইবোৰ তলত উল্লেখ কৰা হ’ল-

ক) বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া আৰু মণিৰাম দেৱানৰ সমর্থকসকল কেৱল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল৷ নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমর্থন লাভ কৰিব পৰা নাছিল৷

খ) বিদ্ৰোহী সকলৰ নেতা মণিৰাম দেৱান কলিকতাত থকাত আলোচনা সমূহ চিঠি পত্ৰৰ দ্বাৰা পৰিচালিত হোৱাত যোগাযোগ ব্যৱস্থা দুর্বল হৈছিল৷

গ) নতুন মধ্যবিত্ত শ্ৰেণীটোৰ বিদ্ৰোহৰ প্ৰতি উৎসাহ নাছিল৷ তেওঁলোকে পুনৰ আহোম ৰাজতন্ত্ৰ হোৱাটো বিচৰা নাছিল আৰু বিদ্ৰোহৰ প্ৰতি সমর্থন আৰু সহানুভূতি প্ৰদর্শন নকৰিছিল৷

ঘ) বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল৷ অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও তাৰ পূর্বেই মণিৰাম দেৱান ধৰা পৰিছিল৷

৭. ১৯২০-২২ চনত গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কার্য্যসূচী কি আছিল ? গান্ধীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ? (১+৩+১=৫)

উত্তৰ:- ১৯২০-২২ চনত গান্ধীজীয়ে অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা ভাৰতক মুক্ত কৰাৰ দৃঢ় প্ৰতিজ্ঞাৰে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল৷

         অসহযোগ আন্দোলনৰ কার্যসূচীত আছিল ক্ৰমে-

ক) ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হোৱা ঠায়ে ঠায়ে বিদেশী বস্ত্ৰ জ্বলাই দিয়া৷

খ) সুৰা বিক্ৰী কৰা দোকান বর্জন কৰা৷

গ) ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়-মহাবিদ্যালয় ত্যাগ৷ ইত্যাদি৷

গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ কৰাৰ মূল কাৰণ আছিল- উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰী চৌৰাত ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি৷ পুলিচৰ গুলীত তিনিজনৰ মৃত্যু৷ উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক হত্যা কৰে৷ এই কাণ্ডই অহিংস নীতি পৰিহাৰ কৰিছে বুলি গান্ধীয়ে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰিছিল৷

৮. সম্পদ বুলিলে কি বুজা ? ইয়াৰ প্ৰধান বৈশিষ্ট্য সমূহ কি কি ? (১+২=৩)

উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বুলি বুজোৱা হয়৷ পৃথিৱীৰ বুকুত থকা  বায়ু, পানী, সূর্যৰ-ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল সম্পদ৷

সম্পদৰ দুটা বৈশিষ্ট্য হৈছে-

ক) উপকাৰিতা:-প্ৰকৃতিৰ পৰা লাভ কৰা সম্পদবোৰৰ প্ৰাচর্যৰ বাবে মানুহৰ মৌলিক প্ৰয়োজন- খাদ্যম আশ্ৰয় আৰু বস্ত্ৰকে ধৰি অনান্য চাহিদা পূৰণ কৰি জীৱন ধাৰণৰ মাণদণ্ড উন্নয়ণ সাধন কৰে৷

খ) পৰিৱর্তশীল:- সম্পদ পৰিৱর্তনশীল৷ কোনো এট সামগ্ৰী মানুহৰ বাবে অপকাৰী হ’লেও ভৱিয্যতে তাক ব্যৱহাৰৰ উপযোগী কৰি সম্পদত পৰিণত কৰিব পাৰি৷ উদাহৰণ নদীৰ বানপানীক জলবিদ্যুৎ উৎপাদন আৰু জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিলে সম্পর্দলৈ ৰূপান্তৰিত হয়৷ 

৯. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজত পার্থক্য কি কি উদাহৰণ দিয়া ? (৩)

উত্তৰ:- নৱীকৰণ বা পুনঃপূর্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পৰা সম্পদবোৰ নৱীকৰণযুক্ত সম্পদ৷ যেনে সূর্য্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি৷  

আনহাতে অনবীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ যিবোৰ প্ৰাকৃতিক নাইবা মানৱজনিত কাৰণত চিৰকালৰ বাবে নিলুপ্ত হৈ যাব পাৰে৷ উদাহৰণ- কয়লা, খনিজ তেল, খনিজ পদার্থ, প্ৰাকৃতিক গেছ আদি৷ সেয়েহে এনেধৰণৰ সম্পদবোৰ যাতে সহজে শেষ হৈ নাযায়, তাৰ বাবে সুপৰিকল্পিত আহৰণ আৰু ব্যৱহাৰত গুৰুপ্ত দিব লাগে৷

 

১০. গোলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা৷ (১+৩=৪)

উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধি হৈছে পৃথিৱীপৃষ্ঠৰ ঠিক ওপৰিভাগৰ বায়ুৰ উষ্ণতা বৃদ্ধি৷ প্ৰকৃতি আৰু মানৱ সৃষ্ট কাৰকে স্বাভাৱিক উত্তাপতকৈ অধিক উত্তাপ ঘটাই গোলকীয় উত্তাপক সমস্যালৈ ৰূপান্তৰিত কৰি তুলিছে৷

গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰকবোৰ হৈছে-

ক) বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সর্বাদিক ভূমিকা লোৱা কার্বন-ডাই- অক্সাইডৰ পৰিমাণ বায়ুমণ্ডত অধিক পৰিমাণে বৃদ্ধি পোৱা৷ শিল্প উদ্যোগৰ পৰৱর্তীকালত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পোৱাত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে৷

খ) আগ্নেয়গিৰি উদগিৰণৰ ফলতো বায়ুমণ্ডলত কার্বন-ডাই -অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি  সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে৷ এইবোৰে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰিও গোলকীয় উষ্ণতা বৃদ্ধিত অৱদান আগবঢ়াইছে৷

গ) গছ-গছনি ধ্বংস আৰু গাড়ী মটৰত জৈৱিক ইন্ধনৰ অধিক ব্যৱহাৰও গোলকীয় গোলকীয় উষ্ণতা বৃদ্ধিৰ অন্যতম কাৰক৷ 

১১. পৰিৱেশৰ প্ৰধান সমস্যা সমূহ আলোচনা কৰা ? (৪)

উত্তৰ:- আমাৰ পৃথিৱীখনৰ লগতে মানৱ সমাজ নানা ধৰণে পৰিৱেশৰ সমস্যাৰ সম্মুখীন হৈছে৷ সমস্যাৰ গুৰিতে আছে ক্ৰমে বৃদ্ধি পাই অহা মানুহৰ কার্য-কলাপ৷ পৰিৱেশৰ বহুতো সমস্যা আছে৷ সেইবোৰক তলত দিয়া ধৰণে ভাগ কৰা হৈছে-

ক) প্ৰদূষণ (মাটি, বায়ু আৰু পানী প্ৰদূষণ) খ) মৰুকৰণ গ) ভুমিখষ্খলন, ঘ) ভূমিক্ষয়, ঙ) গোলকীয় উত্তাপ বৃদ্ধি (সেউজগৃহ প্ৰভাৱ) চ) কৃত্ৰিম বান, ছ) সাগৰপৃষ্ঠৰ উত্থান আদি৷  

 ১২. বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা লিখা ৷ ((৪)

উত্তৰ:- সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়কেই বিনিময় প্ৰথা বোলে৷ বিনিময় প্ৰথাৰ বহুতো অসুবিধা আছে৷ তাৰে চাৰিটা উল্লেখ কৰা হ’ল-

ক) সংগতিহীন অভাৱ:- দুজন ব্যক্তিৰ অভাৱৰ সংগতি নাথাকিলে বিনিময়ত বাধা আহি পৰে৷

খ) হিচাপ নিকাচত উমৈহতীয়া এককৰ অভাৱ:- বিনিময় ব্যৱস্থাত কোনো উমৈহতীয়া একক নথকাৰ বাবে মূল্য নির্ধাৰণৰ অসুবিধা সৃষ্টি হয়৷

গ) বিভাজনীয়তাৰ অভাৱ:- বিনিময় ব্যৱস্থাত কিছুমান সামগ্ৰী সৰু সৰু অংশলৈ ভাগ কৰিব নোৱৰাৰ অসুবিধাই দেখা দিয়ে৷

১৩. মুদ্ৰাই সম্পাদন কৰা চৰিটা প্ৰধান কার্য্য লিখা (৪)

উত্তৰ:- মুদ্ৰাৰ চাৰিটা প্ৰধান কার্য হৈছে-

ক) মুদ্ৰাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন কৰে৷

খ) মুদ্ৰাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কার্য সম্পাদন কৰে৷

গ) মুদ্ৰা বিনিময়ৰ মাধ্যম ৰূপে কাম কৰে৷  

১৪. সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজাই বহলাই লিখা৷ (৪)



উত্তৰ:- ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুপ্তপূর্ণ শব্দ- সার্বভৌম, সমাজবাদী, গণতান্ত্ৰিক ধাৰণা কেইটাৰ মাজত সংবিধানৰ আদর্শ প্ৰতিফলিত হৈছে৷

সার্বভৌম:- হৈছে ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা৷ উদাহৰণস্বৰূপে ভাৰতবর্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও পৰিচালিত নহয়৷ সেয়ে এখন সার্বভৌম ৰাষ্ট্ৰ৷

সমাজবাদী:- হৈছে মানুহৰ মাজত আয়, মর্য্যদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য আৰু অসমতা নথকা৷ সমাজবাদীত কোনো পূঁজিপতিৰ দ্বাৰা দেশৰ অর্থনীতি নির্ধাৰণ নহয়৷ ভাৰতবর্ষ এখন সমাজবাদী ৰাষ্ট্ৰ৷

গণতান্ত্ৰিক:- হৈছে দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত পদ্ধতি৷ এনে পদ্ধতিত জনতাই দেশৰ শাসন নিজৰ বাবে নিজেই চলাই আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব৷

গণৰাজ্য:- গণৰাজ্য শব্দই দেশখনৰ ৰাষ্ট্ৰপ্ৰধানক জনতাৰ ভোটৰ দ্বাৰা নির্বাচিত কৰাৰ কথা প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰপতি পদটো বংশানুক্ৰমিক বা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহ’ব৷

১৫. প্ৰকল্প (১০)

 

 

 

 

 

 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ