ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ কামৰূপ মেট্ৰ জিলা/ ২০২২
ক শাখা
১. শুদ্ধ উত্তৰটো বাছি
উলিওৱা
১. বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল ?
ক) লর্ড মাউণ্টবেটেন খ) লর্ড কার্জন গ) লর্ড আৰউইন ঘ) লর্ড কেনিং
২. কিমান চনত বংগ বিভাজন কার্য্যকৰী হৈছিল
?
ক)
১৯০৩ চনৰ ২৫ মার্চ খ) ১৯০৩ চনৰ ১ জুন গ) ১৯০৫ চনৰ ২ ফেব্ৰুৱাৰী ঘ) ১৯০৫ চনৰ ১৬ অক্টোবৰ৷
৩. পূর্ববংগ আৰু অসমৰ ৰাজধানী কি আছিল ?
![]() |
ঢাকাৰ পুৰণি ৰাজপথ |
ক) ঢাকা খ)
কলকাতা গ) শ্বিলং ঘ) চট্ৰগাম
৪. কিমান চনত জালিৱানাৱালাবাগৰ হত্যাকাণ্ড
সংঘটিত হৈছিল ?
ক) ১০ এপ্ৰিল ১৯১৭ খ) ১৩ এপ্ৰিল ১৯১৯ গ) ১৩ এপ্ৰিল ১৯১৭ ঘ) ১০ এপ্ৰিল ১৯২৬
৫. মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ কৌশল পোনপ্ৰথমে
ক’ত প্ৰয়োগ কৰিছিল ?
![]() |
দক্ষিণ আফ্ৰিকা |
ক) ভাৰত খ) জাপান গ) আমেৰিকা ঘ) দক্ষিণ আফ্ৰিকা
৬. কোনটো ঘটনাৰ পৰিপেক্ষিতত গান্ধীয়ে অসহযোগ
আন্দোলনৰ অন্ত পেলাইছিল ?
ক) জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড খ) চৌৰিচৌৰা গ) ৰাওলট আইন ঘ) খিলাফট আন্দোলন৷
৭. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল
?
ক) মণিৰাম দেৱান
খ) পিয়লি বৰুৱা গ) মধু মল্লিক ঘ) দূতিৰাম
বৰুৱা
৮. বায়ুত কার্বন ডাই- অক্সাইডৰ পৰিমাণ কিমান
?
ক) ৭৮.৮% খ) ২০.৯৮% গ) ০.০৩৫% ঘ) ০.১%
৯. তলৰ কোনটো মানৱসৃষ্ট সম্পদ ?
ক) নদী খ) খনিজ তেল গ) জলসিঞ্চনৰ নলা ঘ) অৰণ্য
১০. তলৰ কোনটো অজীৱীয় সম্পদ নহয় ?
ক) বায়ু খ) পানী গ) শস্য ঘ) কয়লা
১১. অসমীয় কৃষকৰ পৰা ভুমি খাজনা বৃদ্ধি নির্ধাৰণৰ
বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল ?
ক) মহাত্মা গান্ধী খ) পিয়লি বৰুৱা গ) মণিৰাম
দেৱান ঘ) আনন্দৰাম ঢেকিয়াল ফুকন
১২. বিশ্ব পৰিবেশ দিবস পালন কৰা হয় ?
ক) ১৫ জুন খ) ৫ জুন
গ) ১৫ জুলাই ঘ) ৫ জুলাই
১৩. কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল ?
ক) ১৯৪৫ খ) ১৯৪৬
গ) ১৯৪৭ ঘ) ১৯৫০
১৪. সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব
কৰিছিল ?
ক) ৰাজেন্দ্ৰ প্ৰসাদ খ) বি. আৰ. আম্বেদকাৰ
গ) ড° সচ্চিদানন্দ
সিনহা ঘ) মহাত্মা গান্ধী
১৫. কোনখন ৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি
বুলি কোৱা হয় ?
ক) ভাৰত খ) কানাডা গ) আমেৰিকা ঘ) আফ্ৰিকা
১৬. দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ
প্ৰতিনিধি হিচাপে কোনে যোগদান কৰিছিল ?
ক) জৱাহৰলাল নেহেৰু খ) মহাত্মা গান্ধী গ) খান আব্দুল গফুৰ খান ঘ) লালা লাজপত ৰায়
১৭. কোনজন চৰকাৰী বিষয়া ফুলগুৰি ধাৱাত বিদ্ৰোহীৰ
হাতত মৃত্যু হৈছিল ?
ক) লেফটেনেণ্ট হার্বাট খ) লেফটেনেণ্ট ছিংগাৰ গ) কেপ্তেইন হলৰইড ঘ) কেপ্তেইন ৰোজ
১৮. তলৰ কোনখন গণৰাজ্য নহয় ?
![]() |
জাপানৰ ৰাষ্ট্ৰীয় পতাকা |
ক) ভাৰত খ) ইংলেণ্ড গ) জাপান ঘ) পাকিস্তান
১৯. তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ
বৃদ্ধিৰ বাবে দায়ী নহয় ?
ক) কার্বন-ডাই-অক্সাইড খ) অ’যন গ) মিথেন ঘ) নাইট্ৰাছ অক্সাইড
২০. ____ মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হ’ল
![]() |
কলা মুদ্ৰা |
ক) কপত মুদ্ৰা খ) প্ৰতীক মুদ্ৰা গ) ক’লা মুদ্ৰা ঘ) আদেশী মুদ্ৰা
খ শাখা (প্ৰথম খণ্ড)
২. উত্তৰ লিখা ১×১০=১০
ক) কোনখন আইনৰ দ্বাৰা বংগৰ গৱর্ণৰ গৰাকীক
গৱর্ণৰ জেনেৰেল পদবীলৈ উন্নীত কৰা হৈছিল ?
উত্তৰ:- নিয়ন্ত্ৰণকাৰী আইন ১৭৭৩
খ) বিদেশী পণ্য বর্জনৰ প্ৰস্তাব কোনখন সভাত
গ্ৰহণ কৰা হৈছিল ?
![]() |
স্বদেশী আন্দোলনৰ সময়ৰ কলিকতা |
উত্তৰ:- দিনজানপুৰৰ
দ্বিতীয়খন জন সভাত৷
গ) এন্দ্ৰু ফ্ৰেজাৰ কোনখন প্ৰদেশৰ মুখ্য আয়ুক্ত
আছিল ?
![]() |
এন্দ্ৰু ফ্ৰেজাৰ |
উত্তৰ:- মধ্য প্ৰদেশৰ৷
ঘ) কিমান চনত এলাহবাদ চুক্তি স্বাক্ষৰিত হৈছিল
?
উত্তৰ:- ১৭৬৫৷
ঙ) কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে ‘কৰিম
কিম্বা মৰিম’ শ্ল’গান দিছিল ?
উত্তৰ:- ভাৰত ত্যাগ আন্দোলন৷
চ) ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি
নামেৰে জনা যায় ?
উত্তৰ:- ৰেডক্লিফ
লাইন
ছ) জালিৱানাৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিবাদত
কোনে নাইট উপাধি পৰিত্যাগ কৰিছিল ?
উত্তৰ:- ৰবীন্দ্ৰনাথ
ঠাকুৰ৷
জ) ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গৱর্ণৰ জেনেৰেল
জনৰ নাম কি আছিল ?
![]() |
লর্ড কানিং |
উত্তৰ:- লর্ড কানিং৷
ঝ) কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?
উত্তৰ:- কেপ্তেইন
হলৰইড৷
ট) লাচিমা ক’ত অৱস্থিত ?
উত্তৰ:- বৰপেটা জিলাৰ
সৰুক্ষেত্ৰী মৌজাত৷
৩. বংগ বিভাজন বিৰোধী
আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল ? (২)
উত্তৰ:- বংগ বিভাজনে (১৬ অক্টোৱৰ, ১৯০৫) বিশাল বংগক দুটা ভাগত
বিভক্ত কৰে৷ জনসাধাৰণক বংগচ্ছেদ কার্যই অসন্তুষ্টিৰ ভাৱ জগাই উলিছিল৷ পূর্ব বংগ, উত্তৰ
বংগ আৰু পশ্চিম বংগত অনুষ্ঠিত প্ৰতিবাদী সভাত সংঘবদ্ধভাৱে বিদেশী বস্তু বর্জন আৰু
নিজ দেশত ভাৰতীয়ৰ হাতেৰে প্ৰস্তুত সামগ্ৰী গ্ৰহণৰ সিদ্ধান্ত অনুমোদিত হয়৷ ১৯০৫
চনৰ ২০ জুলাইত দিনজানপুৰত অনুষ্ঠিত বিশাল জন সভাত বিদেশী বস্তু বর্জনৰ প্ৰস্তাৱ
গ্ৰহণ কৰাৰ পৰা আন্দোলনটো ‘স্বদেশী আন্দোলন’ নামেৰে পৰিণত হৈছিল৷
৪. কেতিয়া আৰু ভাৰতীয়
জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয় সকলৰ মূল দাবী পূর্ণ স্বৰাজ হিচাপে উত্থাপন কৰা
হৈছিল ? (২)
উত্তৰ:- ১৯২৯ চনৰ লাহোৰ জাতীয় কংগ্ৰেছ অধিৱেশনত৷
৫. স্বদেশী আন্দোলন
দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী আর্য্যসূচী গ্ৰহণ কৰিছিল ?
(৩)
উত্তৰ:- স্বদেশী
আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে বহুকেইটা আন্দোলনিৰোধী কার্য্যসূচী গ্ৰহণ
কৰিছিল৷ তলত তাৰে উল্লেখ কৰা হ’ল=
ক)
জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক নিজৰ হাতত ৰাখিবলৈ উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল৷
খ)
জাতীয় কংগ্ৰেছৰ সদস্য সকলক উচ্চ ন্যায়লয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, প্ৰাদেশিক
পর্যায়ৰ লোভনীয় পদ যাচিছিল৷
গ)
বংগদেশৰ মুখ্য সচিব আৰ. ডব্লিউ. কার্লাইলে ছাত্ৰসকলত আন্দোলনত অংশ নলবলৈ জাননী জাৰি কৰিছিল৷
ঘ) হিন্দু আৰু মুছলমানৰ মাজত বিভেদ আনি ঐক্যতা বিনষ্ট
কৰিবলৈ কৌশল প্ৰয়োগ৷
৬. বংগ বিভাজনৰ তিনিটা
অর্ন্তনিহিত উদ্দেশ্য লিখা ৷ (৩)
উত্তৰ:- ইংৰাজ চৰকাৰে ১৯০৫ চনৰ ১৬ অক্টোৱৰত বংগ বিভাজন কার্ষকৰী
কৰে৷ বংগ প্ৰদেশক এজন লেফটেনেণ্ট গৱর্ণৰে শাসন কৰিব নোৱৰাৰ অজুহাত দেখুৱাই দুভাগত বিভক্ত
কৰিছিল৷ কিন্তু ইয়াৰ অন্তনিহিত উদ্দেশ্য বেলেগ আছিল৷ তলত তাৰ কাৰণবোৰ দিয়া হ’ল-
ক)
বংগদেশৰ হিন্দু-মুছলমানৰ মাজত একতা ভাঙি সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা৷
খ)
বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱী সকলক দুয়োখন প্ৰদেশত সংখ্যালঘুত
পৰিণত কৰা৷
গ)
একতাৰ শক্তিক বিভাজিত কৰি ইংৰাজ বিদ্বেষী চৰমপন্থীসকলক দমন কৰা ৷
৭. ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ? (৩)
উত্তৰ:- মুছলমান সকলে তুৰস্কৰ সম্ৰাটক
খলিফা বা আধ্যাত্মিক গুৰু হিচাপে মানি আহিছিল৷ প্ৰথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ
বাবে কিন্তু খলিফাৰ গুৰুপ্ত একেবাৰে কমি আহিছিল৷ ইয়াৰ বাবে মুছলমান সকল উত্তেজিত হৈছিল৷
ভাৰতীয় মুছলমান সকলে শংকিত হৈ মৌলানা চৌকত আলি আৰু মহম্মদত আলিৰ নেতৃত্বত এখন সমিতি
গঠন কৰিছিল৷ এয়াই আছিল খিলাফৎ আন্দোলন৷ ৰাষ্ট্ৰীয় স্বার্থত গান্ধীয়ে অহিংসা পন্থাৰে
সকলোকে আন্দোলনত অংশ লবলৈ আহ্বান জনাইছিল৷
মূলত আৰৱ সাম্ৰাজ্যৰ
মুছলমানৰ পবিত্ৰ ঠাইবোৰত অতীতৰ হেৰুৱা অধিকাৰ উদ্ধাৰৰ বাবে ভাৰতত খিলাফৎ আন্দোলন আৰম্ভ
হৈছিল৷
৮. ১৯৩৯ চনত কংগ্ৰেছ
চৰকাৰে কিয় পদত্যাগ কৰিছিল ? (৩)
উত্তৰ:- ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতত প্ৰাদেশিক
স্বায়ত্ব শাসন প্ৰদান কৰাত নির্বাচনৰ ফল অনুসৰি
পাঞ্জাৱ, চিন্দ প্ৰদেশ আৰু বংগদেশৰ বাহিৰে আঠখনতে কংগ্ৰেছে চৰকাৰ গঠন কৰে৷ কিন্তু দ্বিতীয়
মহাযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় বিধান পৰিষদৰ নির্বাচিত সদস্য
সকলৰ লগত আলোচনা নকৰাকৈ ভাৰত চৰকাৰে জার্মানিৰ বিপক্ষে ভাৰতকো অংশ গ্ৰহণ কৰা বুলি ঘোষণা
কৰে৷ কংগ্ৰেছে দাবী কৰিলে যে যিহেতু ভাৰতৰ জনসাধাৰণৰ সন্মতি অবিহনে যুদ্ধ ঘোষণা কৰা
হৈছে, ‘ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি নোহোৱালৈকে এই যুদ্ধৰ লগত যুক্ত হ’ব
নোৱাৰিব৷ সেই মর্মে কংগ্ৰেছৰ সকলোবোৰ মন্ত্ৰী সভাই ১৯৩৯ চনৰ ১ নৱেম্বৰত পদত্যাগ কৰিছিল৷
৯. ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ
কাৰণ সর্ম্পকে চমুকৈ লিখা৷ (৪)
উত্তৰ:- ইষ্ট ইণ্ডিয়া
কোম্পানীয়ে এটা সময়ত শক্তিশালী শাসকৰূপে প্ৰতিষ্ঠিত কৰি ভাৰতত শোষণ চলাইছিল৷ তাৰ ফলস্বৰূপে
১৮৫৭-৫৮ চনত ভাৰতত চিপাহী বিদ্ৰোহ হৈছিল৷ এই বিদ্ৰোহৰ বহুতো কাৰণ আছে তাৰে কেইটামান
হৈছে-
ক) মুদ্ৰা অর্থনীতিৰ ব্যৱহাৰ কৰি অত্যাধিক কৰ কাটল সংগ্ৰহেৰে
জনতাক মাধমাৰ৷
খ) চাহ খেতিয়কক চাহ বাগিচাৰ ভূমিৰ ৰাজহ ৰেহাই দি দুখীয়া
সাধাৰণ কৃষকৰ পৰা ভূমি ৰাজহ সংগ্ৰহ৷
গ) কুটীৰ শিল্পৰ অৱনতি ঘটাই বিলাতী সামগ্ৰীৰ ব্যৱহাৰৰ
পৃষ্ঠপোষকতা কৰাত দেশীয় কুটীৰ শিল্পৰ দুৰৱস্থা৷
ঙ) অভিযাত শ্ৰেণীটোৱে অতীতৰ পৰা ভোগ কৰি অহা সুবিধাৰ
পৰা বঞ্চিত হোৱা৷
চ) দাস প্ৰথাৰ অৱসান৷
ছ) লর্ড ওৱেলছলিৰ বশ্যতামূলক মিত্ৰতা নীতি আৰু লর্ড
ডেলহাউচীৰ স্বত্ববিলোপ নীতি৷
(দ্বিতীয় খণ্ড)
১০. চমু উত্তৰ লিখা– ১×৮=৮
ক) আধুনিক অর্থনৈতিক ভুগোলৰ পিতৃস্বৰূপ কোন
?
উত্তৰ:- জর্জ ছিজহ’ম
খ) নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী মানে কি
?
গ) UNESCO সম্পূর্ণ ৰূপ কি ?
![]() |
ফ্ৰাঞ্চৰ পেৰিচত অৱস্থিত মূর্খ্য কার্য্যলয় |
ঘ) স্থানিক সম্পদ কি ?
উত্তৰ:- প্ৰাকৃতিক
সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ স্থানতহে উপলভ্য তেনে সম্পদেই স্থানিক সম্পদ৷ উদাহৰণ-
কয়লা, পেট্ৰ’লিয়াম, ইউৰেনিয়াম৷
ঙ) মাটি প্ৰদূষণৰ এটা কাৰণ লিখা৷
উত্তৰ:- ক্ৰমবর্ধিত
হাৰত চলি থকা বননি ধ্বংস মাটি প্ৰদূষণৰ এটা কাৰণ৷
চ) স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ
সেউজগৃহ গেছ থাকে ?
উত্তৰ:- ০.১ %
ছ) কোনখন মহাদেশ মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত
হৈছে?
উত্তৰ:- উত্তৰ আমেৰিকা মহাদেশ ৷
জ) সম্পদৰ এটা গুণ লিখা৷
উত্তৰ:- সম্পদৰ এটা
গুণ হৈছে উপকাৰিতা৷
১১. সম্পদৰ দুটা
বৈশিষ্ট্য উল্লেখ কৰা ? (২)
উত্তৰ:- সম্পদৰ দুটা বৈশিষ্ট্য হৈছে- ক) সম্পদ পৰিৱর্তনশীল আৰু খ) সকলোবোৰ
সম্পত্তি সম্পদ নহয়৷
১২. পৰিৱেশৰ আঞ্চলিক
সমস্যাৰ দুটা উদাহৰণ দিয়া ? (২)
উত্তৰ:- একো-একোটা অঞ্চলজুৰি সৃষ্টি হোৱা
সমস্যাবোৰক আঞ্চলিক সমস্যা বুলি কোৱা হয়৷ দুটা উদাহৰণ হৈছে- ক) নদী- অৱবাহিকাৰ
ভূমিক্ষয় সমস্যা৷ খ) বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ
সমস্যা৷
১৩. সম্পদ সংৰক্ষণৰ
তিনিটা পদ্ধতি উল্লেখ কৰা৷ (৩)
উত্তৰ:-সম্পদ সংৰক্ষণৰ তিনিটা
পদ্ধতিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-
ক) বিকল্প সম্পদৰ সন্ধান:- বহুলভাৱে
ব্যৱহৃত সম্পদ এটাৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্ভাৱনা উদঘাটৰ বাবে জৰীপ
আৰু উদঘাটৰ বাবে গৱেষণা কৰাৰ প্ৰয়োজন আছে৷ উদাহৰণ- কয়লা, খনিজ তেল ব্যৱহাৰৰ সময়তে সৌৰশক্তি,
বতাহ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা৷
খ) অভিযোজন বা নৱপ্ৰচলন:- প্ৰকৃতিৰপৰা
আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন প্ৰক্ৰিয়াৰে প্ৰয়োগ কৰি সম্পদ সংৰক্ষণ কৰিব পাৰি৷
উদাহৰণ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ সলনি জৈৱ সাৰ আৰু জৈৱ কীটনাশক আদি প্ৰয়োগ কৰিব পাৰি৷
গ) সংৰক্ষণ সর্ম্পকীয় আইনৰ কার্যকৰীকৰণ ব্যৱস্থা
কটকটীয়া আৰু সুনিশ্চিত কৰাৰ লগতে সঠিকভাৱে ৰূপায়ণকৰণ৷
১৪. সম্পদ ভূগোলক
কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুপ্তপূর্ণ শাখা বোলা হয়৷ (৩)
উত্তৰ:- অর্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত কথাবোৰ আলোচনা কৰে৷ অর্থনৈতিক ভুগোলৰ
বহুতো বিশেষ শাখা-প্ৰশাখা আছে তাৰে অন্যতম সম্পদ ভূগোল৷ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয়
সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়৷ এই ভুগোলে সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন
তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সর্ম্পক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা
আদি অধ্যয়ন কৰে৷ অর্থনৈতিক ভূগোলৰ শাখা সম্পদ ভূগোলে মানুহৰ বিভিন্ন অর্থনৈতিক কার্য
আৰু সেইবোৰৰ লগত জড়িত বিভিন্ন কথা-বতৰা তন্ন-তন্নকৈ আলোচনা কৰে৷ যিহেতু যিকোনো অর্থনৈতিক
কার্জ বা উন্নয়ন প্ৰক্ৰিয়া পৰিৱেশৰ লগত ওতপ্ৰোতভাৱে জড়িত সেয়ে সম্প্ৰতি সকলোতে বহনক্ষম
উন্নয়নৰ ওপৰত যথেষ্ট গুৰুপ্ত আৰোপ কৰে৷ সেইবাবে সম্পদ ভূগোলক অর্থনৈতিক ভূগোলৰ এটি গুৰুপ্তপূর্ণ
শাখা বোলা হয়৷
নাইবা
সম্পদ আৰু সম্পত্তিৰ মাজৰ তিনিটা
পার্থক্য লিখা ৷
উত্তৰ:- সম্পদ আৰু সম্পত্তিৰ মাজৰ তিনিটা
পার্থক্য হৈছে-
ক) সকলোবোৰ সম্পত্তিয়েই
সম্পদ, কিন্তু সকলোবোৰ সম্পদ সম্পত্তি নহ’বও পাৰে৷ অর্থনীতিৰ সূত্ৰ অনুসৰি যি =বোৰ
সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰহে সম্পত্তি৷
খ) সম্পদৰ জৰিয়তে মানৱ
জাতিৰ কল্যাণ হয়, কিন্তু সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুয়োটা হ’ব পাৰে৷
গ) সকলো সম্পত্তিৰ বজাৰ মূল্য থাকে কিন্তু সকলো
সম্পদৰ বজাৰ মূল্য নাথাকিবও পাৰে৷
১৫. ভৌগোলিক দিশৰ
পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি ? (৩)
ক) স্থানীয় সমস্যা:-
একো একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থকা সমস্যা৷ যেনে গৰাখহনীয়া, ভুমি প্ৰদূষণ, বিল এখন
তৰাং হৈ খৰালি সৃ্ষ্টি হোৱা পানীৰ নাটনি৷
খ) আঞ্চলিক সমস্যা:-একো
একোটা অঞ্চলজুৰি সৃষ্টি হোৱা সমস্যাক আঞ্চলিক সমস্যা বোলা হয়৷ যেনে- অসমৰ ব্ৰক্ষ্মপুত্ৰ
বা বৰাক উপত্যকাৰ বানপানী সমস্যা, নদী অৱবাহিকাৰ ভূমিক্ষয় সমস্যা, মহানগৰৰ ভু-জলৰ সমস্যা
আদি৷
গ) গোলকীয় সমস্যা:-
যিবোৰ পৰিৱেশ সমস্যা সমগ্ৰ পৃথিৱীক সামৰি লয় সেইবোৰ গোলকীয় সমস্যা৷ যেনে- গোলকীয় উত্তাপ
বৃদ্ধি৷
১৬. গোলকীয় উত্তাপ
বৃদ্ধি কি ? গোলকীয় উত্তাপ বৃদ্ধিৰ ৰোধ কৰাৰ উপায় লিখা ? (১+২=৩)
উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধি
হৈছে হ’ল পৃথিৱীপৃষ্ঠৰ ঠিক ওপৰিভাগৰ বায়ুৰ উষ্ণতা৷ প্ৰকৃতি আৰু মানৱ সৃষ্ট কাৰকে স্বাভাৱিক
উত্তাপতকৈ অধিক উত্তাপ ঘটাই গোলকীয় উত্তাপক সমস্যালৈ ৰূপান্তৰিত কৰি তুলিছে৷
গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ দুটা উপায় তলত উল্লেখ কৰা হ’ল-
ক) বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ পৰিমাণ
হ্ৰাস কৰিবলৈ সকলোৱে উমৈহতীয়া চেষ্টা কৰা৷
খ) গোলকীয় উত্তাপ বৃদ্ধিয়ে ভৱিয্যতে সৃষ্টি
কৰিব পৰা সমস্যা সমূহৰ বিষয়ে বিশ্ববাসীক সজাগ সৃষ্টি কৰা৷
(তৃতীয় খণ্ড)
১৭. উত্তৰ লিখা – ১×৬=৬
ক) ১৯৪৫ চনত অনুষ্ঠিত হোৱা নির্বাচনত ইংলেণ্ডৰ
কোনটো দল জয়ী হৈছিল ?
উত্তৰ:- শ্ৰমিক দ’ল৷
খ) ইংৰাজী Federation শব্দটো কোনটো লেটিন
শব্দৰ পৰা আহিছে ?
উত্তৰ:- Foedus অর্থ চুক্তি বা সন্ধি৷
গ) ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কার্য্যকৰী
হয় ?
উত্তৰ:- ১৯৫০ চনৰ
২৬ জানুৱাৰী৷
ঘ) বিনিময় প্ৰথা কি ?
উত্তৰ:- সামগ্ৰীৰ
বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ’ল বিনিময় প্ৰথা৷
ঙ) অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া ৷
উত্তৰ:- চেক মুদ্ৰা৷
চ) আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি
?
উত্তৰ:- ৰিক্স বেংক
(১৬৫৬)
১৮. বাণিজ্যিক বেংকে
সম্পাদন কৰা দুটা প্ৰধান কার্য ব্যাখ্যা কৰা৷ (২)
উত্তৰ:- বাণিজ্যিক বেংকে
সম্পাদনা কৰা দুটা কার্য হৈছে-
ক) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে:-
চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানতৰ যোগেদি জমাকাৰীৰ ধন বেংকে মজুত ৰাখে আৰু
যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই নিয়াৰ সুবিধা প্ৰদান কৰে৷
খ) বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে:-
সঞ্চয় কাৰীয়ে বাণিজ্যিক বেংকত জমা কৰা প্ৰাথমিক আমানতৰ ওপৰত ভিত্তি কৰি সক্ৰিয় আমানত
সৃ্ষ্টি কৰে৷ সেই আমানতৰ সহায়ত বেংকৰ গ্ৰাহকক ঋণ যোগান
১৯. কেন্দ্ৰীয় বেংকৰ
তিনিটা কার্য উল্লেখ কৰা৷ (৩)
উত্তৰ:- কেন্দ্ৰীয় বেংক যিকোনো এখন দেশৰমুৰব্বী বেংক৷ কেন্দ্ৰীয়
বেংকৰ তিনিটা প্ৰধান কার্য উল্লেখ কৰা হ’ল-
ক) কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে:-
এখন
দেশত মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটীয়া অধিকাৰ৷ বাকী বেংকৰ এই অধিকাৰ নাথাকে৷
উদাহৰণ-ভাৰতবর্ষত ৰির্জাভ বেংকে মুদ্ৰা ছপা কৰে৷
খ) কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান
ধৰে:- দেশ এখনত বাজেটত প্ৰয়োজন হোৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ
কম হ’লে বাজেট ঘাটিয়ে দেখা দিয়ে৷ তেতিয়া কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰে চৰকাৰক
সাহায্য আগবঢ়ায়৷
গ) কেন্দ্ৰীয় বেংকে বেংসমূহৰ বেংক হিচাপে
কার্য সম্পাদন কৰে:- আর্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকে পূজিৰ যোগান ধৰে৷ লগতে গোটেইবোৰ
বেংকৰ হিচাপ-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে৷
২০. ভাৰতবর্ষৰ সংবিধানৰ
প্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা৷ (৪)
উত্তৰ:- ভাৰতবর্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট
‘সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ এই শব্দকেইটাৰ মাজত
সংবিধানৰ আদর্শ প্ৰকাশ পাইছে৷ কিয়নো-
ক) সার্বভৌমে দেশখনক সর্বোচ্চ ক্ষমতা অপর্ণ
কৰিছে৷ দেশখন কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু কাৰো দ্বাৰা পৰিচালিত নহয়৷
খ) সমাজবাদী শব্দটোৱে ভাৰতৰ সকলো নাগৰিকক
সমান মর্যদা দিয়াৰ লগতে বৈষম্য আৰু অসমতা নথকাৰ কথা প্ৰকাশ কৰিছে৷
গ) গণতান্ত্ৰিক শব্দটোৱে দেশখন জনতাৰ দ্বাৰা
পৰিচালিত তাক প্ৰকাশ কৰিছে৷ জনতাই ভোটৰ দ্বৰা চৰকাৰ নির্বাচন কৰিব আৰু প্ৰশাসন জনসাধাৰণৰ
ওচৰত দায়বদ্ধ৷
ঘ) ধর্মনিৰপেক্ষ শব্দই ভাৰতবর্ষত কোনো ধর্মক
চৰকাৰী মর্যদা নিদিয়াৰ কথা প্ৰকাশ কৰিছে৷ সকলো ধর্ম চৰকাৰৰ দৃষ্টিত সমান৷ কোনো ধর্মক
বৈষম্য কৰিব নোৱাৰিব৷
চ) গণৰাজ্য শব্দই দেশখনৰ ৰাষ্ট্ৰপ্ৰধানক জনতাৰ
ভোটৰ দ্বাৰা নির্বাচিত কৰাৰ কথা প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰপতি পদটো বংশানুক্ৰমিক বা কোনোবাই
বাছনি কৰা বিশেষ ব্যক্তি নহ’ব৷
ইয়াৰ বাদেই প্ৰস্তাৱনাত উল্লেখ থকা ন্যায়,
স্বাধীনতা, সমতা অৰু ভাতৃত্ববোধ শব্দকেইটাইও সংবিধানৰ আদর্শ আৰু লক্ষ্যক বিশেষভাৱে
প্ৰতিফলিত কৰিছে৷
নাইবা
ভাৰতবর্ষত যুক্তৰাষ্ট্ৰৰ ব্যৱস্থাৰ
বৈশিষ্ট্যসমূহ আলোচনা কৰা৷
উত্তৰ:-
0 মন্তব্যসমূহ