ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ সমাজ বিজ্ঞান৷ বঙাইগাও জিলা/ ২০২২

 

ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ বঙাইগাও জিলা/ ২০২২



ক শাখা

১. শুদ্ধ উত্তৰটো বাছি উলিওৱা

১. মহাত্মা গান্ধীৰ জন্ম হৈছিল ?



ক) ১৮৬৯ খ) ১৮৭০ গ) ১৮৭১ ঘ) ১৮৭২

* গুজৰাটৰ পোৰবন্দৰত

২. মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল-

ক) শিৱসাগৰ কাৰাগাৰত খ) যোৰহাট কাৰাগাৰত গ) কলিকতা কাৰাগাৰত ঘ)  গুৱাহাটী কাৰাগাৰত

৩. বংগলক্ষ্মী কটন মিল গঢ়ি উঠিছিল-

ক) গুৱাহাটী খ) শিলিগুড়ি গ) পাটনা ঘ) কলিকতা

৪. য়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল-

য়াণ্ডাবু সন্ধি চুক্তিৰ স্তম্ভ

বার্মিজ যুদ্ধ


ক) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী খ) ১৮২৬ চনৰ ২৫ ফেব্ৰুৱাৰী গ) ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰী ঘ) ১৮২৬ চনৰ ২৮ ফেব্ৰুৱাৰী

৫. তলৰ কোনটো মানুহৰ প্ৰাথমিক বিত্তি নহয়-

ক) কৃষি কার্য খ) মাছ ধৰা কার্য গ) যাতায়ত আৰু পৰিবহণ ঘ) খনিজ সম্পদ আহৰণ

* এইটো তৃতীয়ক বৃত্তিৰ উদাহৰণ

৬. বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ-

ক) ০.০৩৫% খ) ৭৮.০৮% গ) ২০.৯৮% ঘ) ৩.০৫%

৭. তলৰ কোনটো পৰিবেশৰ স্থানীয় সমস্যা

ক) ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ খ) অসমৰ বানপানী সমস্যা গ) গোলকীয় উত্তাপ বৃদ্ধি ঘ) বিশাল ঔদ্যোগিক অঞ্চলৰ পানী- প্ৰদূষণ সমস্যা

৮. পৃথিৱীৰ বৃহত্তম মহাসাগৰখন

ক) ভাৰত মহাসাগৰ খ) আটলাণ্টিক মহাসাগৰ গ) দক্ষিণ মহাসাগৰ ঘ) প্ৰশান্ত মহাসাগৰ

৯. যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়

ক) ইংলেণ্ড খ) আমেৰিকা গ) চুইজাৰলেণ্ড ঘ) জাপান

১০. পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক হ’ল-

ক) বেংক অব হিন্দুস্থান খ) ভাৰতীয় ৰির্জাভ বেংক গ) ৰিক্স বেংক ঘ) বেংক অব ভেনিচ

খ-শাখা

প্ৰথম খণ্ড

২. বিদেশী পন্য বর্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল ?

উত্তৰ:- দিনজানপুৰৰ দ্বিতীখন জনসভাত৷

৩. বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?

ৰাজদৰবাৰলৈ ৰজাৰ আগমন৷ বৎগ বিভাজন একত্ৰিকৰণ কৰিবলৈ

অনুষ্ঠানৰ দৃশ্য


উত্তৰ:- ১৯১১ চনৰ ১২ ডিচেম্বৰত৷

৪. ‘এণ্টি-চার্কুলাৰ ছ’চাইটি কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ:- ১৯০৫ চনত৷

৫. চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল ?

চিপাহী বিদ্ৰোহৰ নায়ক মঙ্গল পাণ্ডে

১৮৫৭ চনৰ বিদ্ৰোহৰ চিত্ৰ


উত্তৰ:- ১৮৫৭ চনত

৬. সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথম প্ৰয়োগ কৰিছিল ?

উত্তৰ:- দক্ষিণ আফ্ৰিকা

৭. ভাৰত আৰু বাংলাদেশৰ সীমাৰেখাক কি নামেৰে জনা যায় ?

ভাৰতৰ আর্ন্তজাতিক সীমা


উত্তৰ:- ৰেডক্লিফ ৰেখা৷

৮. মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল ?

নাথুৰামৰ ফাঁচি


উত্তৰ:- নাথুৰাম গডচে৷

৯. মহাত্মা গান্ধীয়ে নাটালত কোনটো ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল ?

নাটাল কংগ্ৰেছত গান্ধী



উত্তৰ:- নাটাল ইণ্ডিয়ান কংগ্ৰেছ৷

১০. অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰ:- ১৮৩৭

১১. অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?

উত্তৰ:- মিলন৷

১২. গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ অঞ্চলটো বর্তমান কি নামেৰে জনা যায় ?

উত্তৰ:- গোপীনাথ বৰদলৈ নগৰ৷

১৩. কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?

কুশল কোঁৱৰ


উত্তৰ:- সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত

১৪. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্ৰথমজন সভাপতি কোন আছিল ?

উত্তৰ:- বিষ্ণুৰাম মেধি৷

১৫. স্বদেশী আন্দোলনৰ পটভুমিত ৰচিত দুখন নাটকৰ নাম লিখা ? (২)

উত্তৰ:- পলাশীৰ পায়শ্চিত্ত (ক্ষীৰোদ প্ৰসাদ) আৰু বংগৰ অংগচ্ছেদ (অমৰেন্দ্ৰ নাথ দত্ত)

১৬. স্বদেশী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা দুগৰাকী নাৰীৰ নাম লিখা ? (২)



উত্তৰ:- ভূবনেশ্বৰী দেৱী আৰু ভগিনী নিবেদিতা৷

১৭. আইন অমান্য আন্দোলনৰ দুটা দাবী উল্লেখ কৰা? (২)



উত্তৰ:- ক) মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা আৰু খ) মাটিৰ খাজনাৰ পৰিমাণ কম কৰা ৷

১৮. ১৯৪৭ চনৰ ৩ জুনৰ ঘোষণা পত্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ৷ (২)

উত্তৰ:- ক) ভাৰতবর্ষক বিভাজন কৰা হব আৰু খ) দেশীয় ৰাজ্যবোৰে নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তানত যোগ দিব পাৰিব৷

১৯. অসমত ১৮৬০ চনত লগোৱা দুবিধ কৰৰ নাম লিখা ?

উত্তৰ:- হাবিৰ কাঠ, বাঁহ, খেৰ আদি ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ আৰু চৰ-চাপৰি বা চৰণীয়া পথাৰত গৰু-ম’হ চৰোৱাৰ বাবদ গ্ৰেজিং কৰ৷

২০. অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ দুটা গুৰুপ্ত উল্লেখ কৰা ? (২)

উত্তৰ:- ক) অসমে প্ৰথমবাৰৰ বাবে সর্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত জড়িত হৈছিল খ) অসমো হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায়ে একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল৷

২১. কানিংহাম চার্কুলাৰৰ বিষয়ে চমুকৈ লিখা ? (২)

উত্তৰ:- মহাত্মা গান্ধীৰ নেতৃত্বত সংঘটিত আইন অমান্য আন্দোলন (১৯৩০-৩৪)ৰ প্ৰভাৱ অসমতো পৰিছিল৷ গান্ধী আৰু নেহেৰুক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত অন্য ৰাজ্যৰ লগতে অসমতো ছাত্ৰসকলে হৰতাল কার্যত অংশগ্ৰহণ কৰে৷ সেই সময়তে জে. আৰ.  কানিংহামে এখন চার্কুলাৰ (১৯৩০) জাৰি কৰে৷ চার্কুলাৰ মতে  ছাত্ৰ আৰু তেওঁলোকৰ অভিভাবক সকলে কোন ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিব লাগিব৷ দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা বঞ্চিত হ’ব৷ এই অপমানজনক নিদের্শনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া অসমত পৰিছিল আৰু আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল৷  

২২. মুছলিম লীগ কেতিয়া গঠন হৈছিল ? ইয়াৰ দুটা উদ্দেশ্য উল্লেখ কৰা ? (১+২=৩)

উত্তৰ:- মুছলিম লীগ  ১৯০৬ চনৰ ৩০ ডিচেম্বৰত গঠন হৈছিল৷

ইয়াৰ দুটা উদ্দেশ্য হৈছে-

) ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা

খ) ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বার্থৰ প্ৰতি সদা-সচেতন কৰি ৰখা৷

২৩. ১৯৪৭ চনত ভাৰত স্বাধীন আইনৰ তিনিটা দফা উল্লেখ কৰা ৷ (৩)

উত্তৰ:- ১৯৪৭ চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰ স্বাধীন আইন অনুমোদন জনাইছিল৷ আইনৰ তিনিটা দফা হৈছে-

ক) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব৷

খ) প্ৰতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱর্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব৷

গ) দুয়োখন দেশৰ বিধানমণ্ডলে সর্ম্পূণ নিজাববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব৷

২৪. ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা৷ (৫)

উত্তৰ:- দৰং জিলাৰ পথৰুঘাটত ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বর্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদত ৰাইজমেল অনু্ষ্ঠিত কৰিছিল৷ খবৰ লাভ কৰি জিলাধিপতি জে ডি এণ্ডাৰছনে সমাবেশ বন্ধ কৰিবলৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটনৰ লগত সামৰিক বাহিনীসহ উপস্থিত হয়৷ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰা কার্যই কৃষকক অধিক ক্ৰোধাম্বিত কৰি তোলে৷ হাজাৰ হাজাৰ কৃষকে হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ তেওঁলোকক আক্ৰমণ কৰিবলৈ সাজু হয়৷ আৰক্ষী অধীক্ষকে শক্তি প্ৰয়োগ কৰি কৃষকক আঁতৰাই পঠাবলৈ চেষ্টা কৰাত পৰিস্থিতি জটিল হৈ পৰে৷ দলি-চপৰাৰ খুন্দাত কোনেও চকু মেলিব নোৱৰা অৱস্থা হয়৷ শেষত উপায়ুক্তৰ নিদের্শত পুলিচৰ গুলীচালনাত ১৪০ জন কৃষকৰ মৃত্যু হয়৷ বহুতো আহত হয়৷ চৰকাৰী হিচাপমতে কিন্তু ১৫ জনৰ মৃত্যু আৰু ৩৭ জন আহত হৈছিল৷ বিদ্ৰোহ দমনৰ বাবে বহুকেইজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ বিচাৰত আকুল শ্বেখ আৰু ৬ জনত শাস্তি প্ৰদান কৰি বাকীসকলক মুকলি কৰি দিয়ে৷

অথবা

অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ পাঁচটা কাৰণ লিখা৷

উত্তৰ:- অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ বিফল হোৱাৰ ৫ টা কাৰণ তলত উল্লেখ কৰা হ’ল-

ক) বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া আৰু মণিৰাম দেৱানৰ সমর্থকসকল কেৱল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ আছিল৷নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমর্থন লাভ কৰিব পৰা নাছিল৷

খ) বিদ্ৰোহী সকলৰ নেতা মণিৰাম দেৱান কলিকতাত থকাত আলোচনা সমূহ চিঠি পত্ৰৰ দ্বাৰা পৰিচালিত  হোৱাত যোগাযোগ ব্যৱস্থা দুর্বল হৈছিল৷ লগতে মণিৰামৰ নেতৃত্ব লব পৰা গুণৰ অভাৱ৷ প্ৰতিপক্ষক দুর্বলতা আৰু বুদ্ধিমত্তাক হেওজ্ঞান কৰাটো মণিৰাম দেৱানৰ ব্যক্তিগত দুর্বলতাৰ নিদর্শন৷

গ) নতুন মধ্যবিত্ত শ্ৰেণীটোৰ বিদ্ৰোহৰ প্ৰতি উৎসাহ নাছিল৷ তেওঁলোকে পুনৰ আহোম ৰাজতন্ত্ৰ হোৱাটো বিচৰা নাছিল আৰু বিদ্ৰোহৰ প্ৰতি সমর্থন আৰু সহানুভূতি প্ৰদর্শন নকৰিছিল৷

ঘ) অসমৰ বিদ্ৰোহীসকলৰ সময় জ্ঞান সম্পূর্ণ নাছিল৷ লগতে কার্য্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত চৰমভাৱে ব্যর্থ হৈছিল৷

ঙ) বিদ্ৰোহীসকলে প্ৰয়োজন অনুসৰি অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল৷

দ্বিতীয় খণ্ড

২৫. এবিধ জীৱীয় সম্পদৰ উদাহৰণ দিয়া৷

উত্তৰ:- মাছ

২৬. প্ৰতিৰোধক কাক বোলে ?

উত্তৰ:- যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰেই প্ৰতিৰোধক৷

২৭. সম্পদ বুলিলে কি বুজায় ?

উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বুলি বুজা যায়৷

২৮. IUCN ৰ সম্পূর্ণ ৰূপটো লিখা৷

উত্তৰ:- International Union for Conservation of Nature

২৯. পৰিৱেশ বুলিলে কি বুজায় ?

উত্তৰ:- কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ  বুলি বুজা যায়৷

৩০. বায়ুমণ্ডল কাক বোলে ?

উত্তৰ:- অক্সিজেন, নাইট্ৰ’জেন, হাইড্ৰ’জেন, কার্বন-ডাই-অক্সাইড, আর্গন আদি গেছৰ দ্বাৰা গঠিত গেছীয় তৰপটোকে বায়ুমণ্ডল বোলে৷

৩১. পৰিৱেশৰ স্থানীয় সমস্যা বুলিলে কি বুজা ?

উত্তৰ:- উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ সমস্যা একো একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকে তাকে স্থানীয় সমস্যা বুলি বুজা যায়৷

৩২. এছিড বৰষুণৰ সৃ্ষ্টি কেনেকৈ হয় ?

উত্তৰ:- বায়ুমণ্ডলত মাত্ৰাধিক ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইড সঞ্চিত হৈ এচিড বৰষুণৰ সৃষ্টি কৰে৷

৩৩. মৰুকৰণৰ সংজ্ঞা দিয়া৷

উত্তৰ:- মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থা  সৃষ্টি কৰে৷

৩৪. জীৱমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে ?

উত্তৰ:- ১.৭৫ নিযুত৷

৩৫. মহীসোপান বুলিলে কি বুজা ?

উত্তৰ:-  ভূপৃষ্ঠৰ উপকূলৰ পৰা সাগৰপৃষ্ঠলৈ বিয়পি থকা ভুখণ্ডক মহীসোপান বোলা হয়৷

৩৬. ভূটানৰ ৰাজধানী কি ?



উত্তৰ:- থিম্ফু

৩৭. মাটিকালিৰ ভিত্তিত পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম কি?




উত্তৰ:- ভেটিকান চিটী৷

৩৮. এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগৰ মাজত থকা এটা পার্থক্য লিখা ?




উত্তৰ:- এভাৰেষ্ট শৃংগ হৈছে হিমালয় পর্বতশ্ৰেণীৰ অর্ন্তগত পৃথিৱীৰ উচ্চতম শৃংগ আনহাতে গডউইন অষ্টিন হৈছে কাৰাকোৰাম পর্বতমালাৰ অর্ন্তগত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ৷  

৩৯. সেউজ গৃহ কাক বোলে ? এবিধ সেউজ গৃহ গেছৰ নাম লিখা ?

উত্তৰ:- যিবোৰ গেছে সূর্য্যৰ তাপৰ প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰেতাকে সেউজ গৃহ বোলে৷ এবিধ সেউজ গৃহ গেছ হৈছে- মিথেন৷

৪০. পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা৷

উত্তৰ:- পানীৰ লগত কোনো ৰাসায়নিক পদার্থ, পদার্থকণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণ নষ্ট হোৱাই পানী প্ৰদূষণ৷ মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰপৰা নির্গত অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষিত হয়৷

৪১. জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজৰ দুটা পার্থক্য লিখা?

উত্তৰ:- ক) জীৱীয় সম্পদবোৰৰ জীৱ থাকে যেনে উদ্ভিদ, প্ৰাণী আনহাতে অজীৱীয় সম্পদবোৰ নির্জীৱ৷ যেনে মাটি শিল, পানী৷

খ) উৎপত্তিৰ দিশৰ পৰা কিছুমান অজীৱীয় সম্পদ জীৱীয় মূলৰ হব পাৰে৷ যেনে – খনিজ তেল, প্ৰাকৃতিক গেছ৷ কিন্তু সকলোবোৰ জীৱীয় সম্পদ অজীৱীয় সম্পদ নহবও পাৰে৷

৪২. পেঞ্জিয়াৰ বিষয়ে এটি চমুটোকা লিখা৷

উত্তৰ:- বর্তমানৰ পৰা ৩০০ নিযুত বছৰৰ পূর্বে পৃথিৱীখনত এটাই স্থলমণ্ডল আছিল৷ পান্থালাছা নামৰ জলমণ্ডলে আগুৰি থকা স্থলমণ্ডলটোৰ নাম আছিল পেঞ্জিয়া৷ কিছুকাল অতিক্ৰম কৰাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ টেথিছ নামৰ সাগৰখন সৃষ্টি হৈছিল৷ ফলত পেঞ্জিয়াখন আঙ্গাৰালেণ্ড আৰু লৰেছিয়া এই দুই ভাগত বিভক্ত হৈছিল৷

৪৩. সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ? সম্পদ সংৰক্ষণৰ লগত জড়িত এটা সন্থাৰ নাম লিখা৷ সম্পদ সংৰক্ষণৰ তিনিটা পদ্ধতি সর্ম্পকে চমুকৈ লিখা৷ (১+১+৩=৫)

উত্তৰ:- সম্পদ সংৰক্ষণ বুলিলে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূর্ণ ব্যৱহাৰ কৰা কার্যক বুজা যায়৷  

সম্পদ সংৰক্ষণৰ লগত জড়িত এটা সংগঠন হৈছে- বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ৷

সম্পদ সংৰক্ষনৰ তিনিতা পদ্ধতি হৈছে—

ক) বিকল্প সম্পদৰ সন্ধান:- বহুলভাৱে ব্যৱহৃত সম্পদ এটাৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্ভাৱনা উদঘাটৰ বাবে জৰীপ আৰু উদঘাটৰ বাবে গৱেষণা কৰাৰ প্ৰয়োজন আছে৷ উদাহৰণ- কয়লা, খনিজ তেল ব্যৱহাৰৰ সময়তে সৌৰশক্তি, বতাহ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা৷

খ) অভিযোজন বা নৱপ্ৰচলন:- প্ৰকৃতিৰপৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন  প্ৰক্ৰিয়াৰে প্ৰয়োগ কৰি সম্পদ সংৰক্ষণ কৰিব পাৰি৷ উদাহৰণ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ সলনি জৈৱ সাৰ আৰু জৈৱ কীটনাশক আদি প্ৰয়োগ কৰিব পাৰি৷

গ) সংৰক্ষণ সর্ম্পকীয় আইনৰ কার্যকৰীকৰণ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত কৰাৰ লগতে সঠিকভাৱে ৰূপায়ণকৰণ৷

তৃতীয় খণ্ড

৪৪. অর্ধ-যুক্তৰাষ্ট্ৰ কাক বোলে ?

উত্তৰ:- যি যুক্তৰাষ্ট্ৰত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্ম হৈ থাকে তাকে অর্ধ-যুক্তৰাষ্ট্ৰ বোলে৷

৪৫. ছাৰকাৰিয়া আয়োগ কেতিয়া গঠন কৰা হৈছিল৷

উত্তৰ:- ১৯৮৩ চনত৷

৪৬. সার্বভৌম মানে কি ?

উত্তৰ:- সার্বভৌম মানে ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা৷

৪৭. ভাৰতবর্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল ?

উত্তৰ:- ১৯৪৭ চনৰ ১৫ আগষ্টত৷

৪৮. বিনিময় প্ৰথা কি ?

উত্তৰ:- সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হৈ’ছে বিনিময় প্ৰথা৷

৪৯. চলিত আমানত কি ?

উত্তৰ:- সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পৰা আমানতেই চলিত আমানত৷ (Current Deposit)

৫০. প্ৰতীক মুদ্ৰা কি ?



উত্তৰ:- যি মুদ্ৰাৰ প্ৰদর্শিত মূল্য ইয়াৰ অন্তনির্হিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক সেয়াই প্ৰতীক মুদ্ৰা৷ যেনে কাগজৰ ৫০০ টকাৰ নোট৷

৫১. মুদ্ৰাৰ এটা কার্য উল্লেখ কৰা ?

উত্তৰ:- মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে৷

৫২. ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবর্ষৰ সংসদীয় গণতন্ত্ৰৰ তিনিটা মূল পার্থক্য লিখা৷ (৩)

উত্তৰ:- ভাৰতবর্ষৰ সংসদীয় আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্য কেইটা হৈছে-

ক) ভাৰতবর্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য হোৱাৰ বিপৰীতে ইংলেণ্ডৰ গণতন্ত্ৰ গণৰাজ্য নহয়৷ ইংলেণ্ডৰ ৰজা বা ৰাণীৰ বিপৰীতে আমাৰ দেশত ৰাষ্ট্ৰপতিক জনগণৰ দ্বাৰা নির্বাচিত কৰা হয়৷

খ) ভাৰতবর্ষৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অব লর্ডছতকৈ বহু পৃথক৷

গ) ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী হোৱাৰ বিপৰীতে ভাৰতবর্ষত শক্তিশালী নহয়৷  

৫৩. কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে সম্পাদন কৰা তিনিটা কার্য উল্লেখ কৰা৷ (৩)

উত্তৰ:- ক) গাওঁ অঞ্চলত যিমানবোৰ অনু্ষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰ শীর্ষ বিত্ত যোগানকাৰী অনুষ্ঠান হিচাপে কাম কৰা৷

খ) ঋণ প্ৰদান প্ৰক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালোচনা, প্ৰশিক্ষণ আদিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা৷

গ) সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজার্ভ বেংক আদিৰ সৈতে সমন্বয় ৰক্ষা কৰা৷

 

 

 

 

 

 

 

 

 

 

 

 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ