লর্ড কর্ণৱালিশ (১৭৮৬-১৭৯৩)
টাইমলাইন
১৭৮৬:-
ৱাৰেন হেষ্টিছৰ পাছত ভাৰতৰ গৱর্ণৰ জেনেৰেল লর্ড কর্ণৱালিশ৷ পিটৰ বন্ধু আৰু বর্ড অৱ
কণ্ট্ৰলৰ সদস্য৷ আমেৰিকাৰ স্বাধীনতা সংগ্ৰামত সৈন্য হিচাপে কাম কৰিছিল৷ শীতল তেজেৰে
কাম কৰা ব্যক্তিজন ভাৰতৰ প্ৰশাসনিক সংস্কাৰৰ বাবে সদানমস্য৷

বাঘৰ সৈতে টিপু চুলতান 
টিপুৰ মুদ্ৰা
১৭৮৯:- ইংৰাজে টিপু চুলতানৰ বিপক্ষে যুদ্ধ কৰিবৰ বাবে হায়দৰবাদৰ নিজাম আৰু মাৰাঠাসকলৰ লগত একত্ৰিত হৈছিল৷
![]() |
![]() |
| তৃতীয় মশীসূৰ যুদ্ধৰ বাবে সাজু ব্ৰিটিছ সেনা চাউনিৰ তৈলচিত্ৰ |
১৭৯০-৯২:-
ইংৰাজ আৰু টিপু চুলতানৰ মাজত তৃতীয় মশীসূৰ যুদ্ধ৷ তিনিটা স্তৰত যুদ্ধ৷
১৭৯১:-
কর্ণৱালিছে টিপু চুলতানক ভেলুৰত আৱদ্ধ কৰিব খুজিছিল যদিও টিপুৰ বুদ্ধিৰ বাবে ৰক্ষা
পৰে৷
![]() |
| টিপু চুলতান |
১৭৯২:-
শ্ৰীৰঙ্গাপাট্ৰিনাম সন্ধিৰ (Treaty of Srirang apattinam) যোগেদি যুদ্ধ সমাপ্ত৷ টিপুৰ
পৰাজয়৷ সন্ধি অনুসৰি ৰাজ্যৰ আধাৰ লগতে যুদ্ধ ক্ষতিপূৰণ দিব লগা হৈছিল৷ এই সন্ধিৰ পাছৰ
পৰা দক্ষিণ ভাৰতত কোম্পানীৰ অধিপত্য বৃদ্ধি পায়৷
১৭৯৩:-
ছাৰ জন ছৰে ভাৰতৰ গৱর্ণৰ জেনেৰেলৰ পদ দখল কৰে৷
ছাৰ জন ছৰ
লর্ড
কর্ণৱালিশৰ কার্যকালত কৰা সংস্কাৰসমূহ
ক)
প্ৰশাসনিক সংস্কাৰ:-
১.
প্ৰশাসন ব্যৱস্থাৰ নিকাকৰণৰ বাবে কার্য্যপন্থা গ্ৰহণ৷ দৰমহাৰ পৰিমাণ বৃদ্ধি যাতে দুর্নীতিৰ
পৰা দূৰত থাকে৷
২.
মেধাৰ ওপৰত ভিত্তি কৰি প্ৰশাসনিক বিষয়া নিয়োগ৷ ভাৰতীয় প্ৰশাসনিক সেৱা (Indian
Civil Service) গঠন৷ ব্যৱসায়িক, ন্যায়িক আৰু ৰাজহ এই তিনি ভাগত প্ৰশাসন ব্যৱস্থাক বিভক্ত৷
![]() |
| প্ৰথম অসমীয়া আই চি এছ আনন্দৰাম বৰুৱা (ভাৰতৰ ষষ্ঠ) |
![]() |
| প্ৰথম ভাৰতীয় আই চি এছ সত্যেন্দ্ৰনাথ ঠাকুৰ |
খ)
ন্যায়িক সংস্কাৰ:-
এই
ক্ষেত্ৰত কর্ণৱালিশক সহায় কৰিছিল ন্যায়ধীশ বন্ধু ছাৰ উইলিয়াম জনছে৷
১. ভাৰতৰ সর্বোচ্চ চিভিল আৰু ক্ৰিমিনেল ন্যায়্যালয়- সদৰ দেৱানী আদালত আৰু সদৰ নিজমাট আদালত কলিকতাত স্থাপন কৰে৷ দয়োখন গৱর্ণৰ জেনেৰেল আৰু তেওঁৰ কাউঞ্চিলে তদাৰক কৰাৰ ব্যৱস্থা৷
২.
কলকাতা, ঢাকা, মুচির্দাবাদ আৰু পাটনাত ইউৰোপীয় উকীল আৰু ভাৰতীয় উপদেশকাৰীৰ সৈতে সুকীয়া
আদালত স্থাপন৷
৩.
ভাৰতীয় র্জজ বা মুঞ্চীফ সকলক তলৰ ন্যায়ালসমূহৰ বাব নিয়োগ কৰাৰ ব্যৱস্থা৷ প্ৰতিখন জিলাতে
একোখন ন্যায়ালয়ৰ ব্যৱস্থা৷
৪.
অপৰাধ গোচৰত মুছলীম আইন মানি চলা আৰু সামৰিক গোচৰত হিন্দু আৰু মুছলমান উভয়ে আইন চলাৰ
ব্যৱস্থা৷
![]() |
| ক্ষমাতৰ বিকেন্দ্ৰীকৰণ |
![]() |
| মণ্টেস্কো |
৫.
মন্টেস্কোৰ Separation of Power নীতি ব্যৱহাৰ কৰি প্ৰশাসন ব্যৱস্থাক সুকীয়া সুকীয়া
কৰি তৎপৰতাৰে কাম সমাধান কৰিব খুজিছিল৷
গ)
আৰক্ষীৰ সংস্কাৰ:-
১.
প্ৰতিখন জিলাকে একোখন থানা স্থাপন৷ থানাসমূহত একোন ভাৰতীয় বিষয়া- দাৰোগাৰ অধীনত
পৰিচালিত হব৷ তেওঁ যথেষ্ট ক্ষমতা লাভ কৰিছিল৷
এজন ভাৰতীয় দাৰোগা
ঘ)
অনান্য সংস্কাৰ:-
১.
বর্ড অৱ ট্ৰেড ৰ সংস্কাৰ৷ ভালদৰে কাম কৰা কর্মচাৰীৰ মাননি বৃদ্ধি কৰিছিল৷
![]() |
| লর্ড কর্ণৱালিছৰ সমাধি (উত্তৰ প্ৰদেশ) |






.jpg)







0 মন্তব্যসমূহ