পৃথিৱীৰ ভূগোল
৩.১-
পৃথিৱীৰ চমু পৰিচয়
মাটিকালি- ৫১০ নিযুত বর্গ কিলোমিটাৰ৷ ইয়াৰে ১৪৯ নিযুত বর্গ কি: মি: স্থলমণ্ডল (Lithosphere) (২৯%), ৩৬১ নিযুত বর্গ কি: মি: জলমণ্ডল (Hydrosphere) (৭১%)৷ জলমণ্ডলৰ বৃহৎ অংশ (৫৭%) দক্ষিণ গোলার্ধত আৰু স্থলভাগৰ বৃহৎ অংশ (৬৭%) উত্তৰ গোলার্ধত অৱস্থিত৷ সেয়েহে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০% উত্তৰ গোলার্ধত বাস কৰে৷
![]() |
| জলমণ্ডল আৰু স্থলমণ্ডল |
স্থলভাগত
আছে- এছিয়া (বৃহত্তম), আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু
এণ্টাকটিকা৷
জলভাগত
আছে- প্ৰশান্ত (বৃহত্তম), আটলাণ্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰ৷
![]() |
| জলভাগ |
৩.২:
মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ
![]() |
| মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ |
মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ (Continental
Draft theory) অনুসৰি আদিতে ৩০০ নিযুত বছৰ পূর্বে (পূৰাজীৱীয় কল্পৰ পাৰমিয়াম যুগত)
জলমণ্ডলৰ মাজত এটা স্থলমণ্ডল আছিল৷ স্থলমণ্ডলটোক পেঞ্জিয়া (Pangea) আৰু তাৰ চাৰিওফালে
থকা জলমণ্ডলটোক পান্থালাছা (Panthalassa) বোলা হৈছিল৷ কিছুকাল অতিক্ৰম কৰাৰ পাছত পেঞ্জিয়াৰ
প্ৰায় সোঁমাজেৰে পুবা-পশ্চিমাকৈ এখন সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল৷ টেথিছ (Tethys
Sea) নামৰ এইখন সাগৰে পেঞ্জিয়াক উত্তৰা-দক্ষিণাকৈ দুটা খণ্ড ক্ৰমে উত্তৰে আঙ্গাৰালেণ্ড
(Angaraland) অথবা লৰেছিয়া (Laurasia) আৰু দক্ষিণে গণ্ডোৱানালেণ্ড (Gondowana Land)
নামেৰে বিভক্ত কৰে৷ ২৫০ নিযুত বছৰৰ পূর্বে এই অংশ পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম
দিশলৈ গতি কৰি বর্তমানৰ মহাদেশসমূহ সৃষ্টি হৈছিল৷ লৰেছিয়াৰ পৰা -উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড
আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশ৷ আৰু গণ্ডোৱানালেণ্ডৰ পৰা- দক্ষিণ
আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবর্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অনান্য দ্বীপসমূহ,
অষ্ট্ৰেলিয়া আদিৰ সৃষ্টি হৈছিল৷
·
জলমণ্ডল আৰু স্থলমণ্ডল
দুয়োটা অংশই ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে৷ অৱশ্য কাস্পিয়ান, মৰু
আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ-মহাসাগৰ ইখনে সিখনৰ লগত সংযোগ স্থাপন
কৰি আছে৷
![]() |
| কাস্পিয়ান সাগৰ |
![]() |
| আৰল সাগৰ |
·
স্থলমণ্ডলক চাৰিটা
বৃহৎ অংশ ক্ৰমে- প্ৰথম অংশ (এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশ) দ্বিতীয় অংশ
(উত্তৰ আৰু দক্ষিণ আমেৰিকা) তৃতীয় অংশ (অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগলাগি
সৃষ্টি হোৱা ওছেনিয়া মহাদেশ) আৰু চতুর্থ অংশ (এণ্টার্কটিকা মহাদেশ)
·
প্ৰশান্ত মহাসাগৰ
এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত; আটলাণ্টিক মহাসাগৰ
উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকাৰ মাজত; ভাৰত মহাসাগৰ এছিয়াৰ
দক্ষিণে, আফ্ৰিকাৰ পূবে আৰু ওছেনিয়াৰ পশ্চিমত অৱস্থিত; উত্তৰ মহাসাগৰ উত্তৰ
আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ উত্তৰ দিশত অৱস্থিত আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা,
আফ্ৰিকা আৰু ওছেনিয়াৰৰ দক্ষিণে অৱস্থিত৷
৩.৩: মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য
![]() |
| ভূপৃষ্ঠৰ গঠন |
·
আটাইকেইখন মহাসাগৰৰ
তিনিখন ক্ৰমে প্ৰশান্ত (মাটিকালি-১৬৫.২ নিযুত বর্গ কি: মি:), আটলাণ্টিক (৮২.৪) আৰু
ভাৰত মহাসাগৰ (৭৩.৪) উত্তৰ আৰু দক্ষিণ দুয়োটা
গোলার্ধলৈ বিস্তৃত৷ কেৱল উত্তৰ মহাসাগৰ (১৪.১) উত্তৰ গোলার্ধত আৰু দক্ষিণ মহাসাগৰ
(২০.৩) দক্ষিণ গোলার্ধত অৱস্থিত৷
·
মহাসাগৰৰ তলিভাগ
সমান নহয়৷ ইয়াৰ তলিত শৈলসিৰা, দ্ৰোণী, সামুদ্ৰিক টিলা, খাত আদিৰে ভৰি আছে৷ গড় গভীৰতা
৪০০০ মিটাৰ৷
![]() |
| মহীসোপান আৰু মহীঢাল |
![]() |
| মহাসাগৰ তলি |
·
উপকূলৰ পৰা মাজভাগলৈ
যথাক্ৰমে মহীসোপান (উপকূলৰ চাৰিওফালে থকা অগভীৰ/২০০ মিটাৰ পর্য্যন্ত), মহীঢাল (২০০০
মিটাৰ পর্য্যন্ত), গভীৰ সমুদ্ৰতল (৪০০০ মিটাৰ পর্য্যন্ত গভীৰ), সমুদ্ৰতলীয় দ্ৰোণী,
সামুদ্ৰিক শৈলসিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্ৰখাত (গড় হিচাপত ৮০০০ মিটাৰ পর্য্যন্ত)
বিভক্ত৷
· প্ৰশান্ত
মহাসাগৰ:- উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ
আলাস্কা, চাইবেৰিয়াৰ পূব অংশ আৰু উত্তৰ মহাসাগৰ; দক্ষিণে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু
দক্ষিণ মহাসাগৰ; পূবে উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল; আৰু পশ্চিমে
এছিয়া মহাদেশৰ পূব উপকূল আৰু জাপান, ফিলিপাইন দ্বীপপুঞ্জ আদিয়ে আগুৰি আছে৷
ü
গড় গভীৰতা-৫০০০ মিটাৰ৷
ü
সৰু-ডাঙৰ কমেও
২০,০০০ টা সামুদ্ৰিক দ্বীপ আছে৷ যেনে- জাপান, টাইৱান, ফিলিপাইন, নিউজিলেণ্ড,
ইন্দোনেছিয়া, হাৱাই আদি৷
![]() |
| জাপান |
![]() |
| টাইৱান |
![]() |
| ফিলিপাইন |
![]() |
| মালয়ছিয়া |
![]() |
| হাৱাই |
ü
পৃথিৱীৰ গভীৰতম
খাত মেৰিয়ানা বা চেলেঞ্জাৰ (১১,০২২ মিটাৰ) ইয়াত অৱস্থিত৷ অনান্য উল্লেখযোগ্য
খাত- এলিউছিয়ান, কিউৰাইল, ফিলিপাইন, টোংগা, পেৰু-চিলি আদি৷
ü
সাগৰ- বেৰিং সাগৰ, ওখটস্ক, জাপান, দক্ষিণ চীন, ফিলিপাইন,
আলাস্কা সাগৰ আদি৷
·
আটলান্টিক
মহাসাগৰ:- দ্বিতীয় বৃহত্তম সাগৰখন পৃথিৱীৰ
মুঠ মাটিকালিৰ এক ষষ্ঠাংশ৷ আকৃতি ইংৰাজী S আখৰটোৰ দৰে৷ উত্তৰে গ্ৰীণলেণ্ড আৰু উত্তৰ
মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে ইউৰোপ আৰু আফ্ৰিকা মহাদেশ আৰু পশ্চিমে উত্তৰ
আমেৰিকা আৰু দক্ষিণ আমেৰিকা৷
ü
গড় গভীৰতা ৩০০০ মিটাৰ৷
ü
মহাসাগৰখনৰ প্ৰায়
সোঁমাজেৰে উত্তৰা-দক্ষিণাকৈ এটা দীঘলীয়ে মধ্য আটলাণ্টিক শৈলসিৰা আছে৷ উত্তৰ
অংশটো ডলফিন উত্থান আৰু দক্ষিণ অংশটো চেলেঞ্জাৰ উত্থান৷
ü
সামুদ্ৰিক
দ্বীপ:- আইচলেণ্ড, নিউফাউণ্ডলেণ্ড,
বৃটিচ দ্বীপপুঞ্জ, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ, কেনেৰি, ফকলেণ্ড, বাৰমুদা আদি৷
![]() |
| আইচলেণ্ড |
![]() |
| নিউফাউণ্ডলেণ্ড |
![]() |
| বৃটিচ দ্বীপপুঞ্জ |
![]() |
| বামুর্দা দ্বীপ |
![]() |
| ফকলেণ্ড দ্বীপ |
ü
সামুদ্ৰিক
খাত- পুৱাটোর্ৰিকা, ৰোমাঞ্চ আৰু দক্ষিণ
ছেণ্ডউইচ৷
ü
সাগৰ:- ভূমধ্যসাগৰ, বাল্টিক সাগৰ, কেৰিবিয়ান, মেক্সিকো উপসাগৰ,
লাব্ৰাডোৰ সাগৰ, হডছন সাগৰ আদি৷
·
ভাৰত
মহাসাগৰ:- তৃতীয় বৃহত্তম সাগৰ৷ উত্তৰে
ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়া, দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে অষ্ট্ৰেলিয়া আৰু
দক্ষিণ পূব এছিয়াৰ দ্বীপসমূহ; আৰু পশ্চিমে আফ্ৰিকা মাদাগাস্কাৰ৷
ü
গড় গভীৰতা- প্ৰায় ৪০০০ মিটাৰ৷
ü সামুদ্ৰিক
দ্বীপ- শ্ৰীলংকা, আন্দামান-নিকোবৰ
দ্বীপপুঞ্জ, ইন্দোনেছিয়া, মালদীভ, মৰিচাচ, চিচিলিজ, মাডাগাস্কাৰ আদি৷
![]() |
| মাদাগাস্কাৰ |
![]() |
| আন্দামান নিকোবৰ |
![]() |
| শ্ৰীলংকা |
![]() |
| ইণ্ডোনেচিয়া |
![]() |
| মালদ্বীপ |
![]() |
| মৰিচাচ |
![]() |
| চিচিলি |
ü
সামুদ্ৰিক
খাত- চোকোত্ৰা-চাগোচ, চিচিলিজ, মাডা
ü
সাগৰ:- আৰব সাগৰ, পাৰস্য উপসাগৰ, বংগোপসাগৰ, আন্দামান সাগৰ,
লোহিত সাগৰ আদি৷
·
দক্ষিণ
মহাসাগৰ:- চতুর্থ বৃহত্তম সাগৰখন এর্ণ্টাকটিকা
মহাদেশৰ চাৰিওফালে আগুৰি আছে৷ ৪০° অক্ষাংশৰ
দক্ষিণে বিস্তৃত৷
ü
এইখন দৰাচলতে
প্ৰশান্ত, আটলাণ্টিক আৰু ভাৰত মহাসাগৰৰ বর্ধিতাংশহে৷
ü
দক্ষিনে মেৰু
অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়েই মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে৷
·
উত্তৰ
মহাসাগৰ:- পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখন
উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত আৰু আকৃতি ঘূৰণীয়া৷ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা
মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে৷
ü
গড় গভীৰতা ৩৫০০
মিটাৰ৷
ü
পানী বছৰটোৰ বেছিভাগ
সময়ে ডাঠ বৰফেৰে ঢাক খাই থাকে৷



.jpg)























.png)







0 মন্তব্যসমূহ