দশম শ্ৰেণী৷ ভূগোল৷ তৃতীয় অধ্যায়৷ দ্বিতীয় খণ্ড

 ৩.৪: মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য



·      দক্ষিণ আমেৰিকাৰ বৃহৎ অংশ, আফ্ৰিকাৰ দক্ষিণাংশ, ওছেনিয়া আৰু এণ্টার্কটিকাক বাদ দি স্থলভাগৰ বাকী অংশ উত্তৰ গোলার্ধত অৱস্থিত৷ মুঠ স্থলভাগৰ ৬৭%৷

·     দেশবোৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা থাকে যদিও মহাদেশবোৰৰ মাজত মূলত প্ৰাকৃতিক উপাদান নদ-নদী, সাগৰ-মহাসাগৰক সীমাৰূপে নির্ধাৰণ কৰা হয়৷ যেনে- ইউৰোপ আৰু আফ্ৰিকাৰ মাজৰ সীমা ভুমধ্য সাগৰ; এছিয়া আৰু আফ্ৰিকাৰ মাজত সীমা লোহিত সাগৰ; ইউৰোপ আৰু এছিয়াৰ মাজৰ সীমা ইউৰাল পর্বতমালা আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ সীমা পানাম খাল৷

এছিয়া আৰু আফ্ৰিকাৰ সীমা লোহিত সাগৰ

ইউৰোপ আৰু আফ্ৰিকাৰ সীমা ভূমধ্য সাগৰ

উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ সীমা পানামা জলপথ

ইউৰাল পর্বত ইউৰোপ আৰু এছিয়াৰ সীমা



·        মহাদেশসমূহৰ জলবায়ু ভূ-অৱয়বৰ ওপৰত নির্ভৰশীল৷ যেনে- বিষুৱীয় তথা ক্ৰান্তীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্ৰ; মধ্য অক্ষাংশ অঞ্চলৰ জলবায়ু নাতিশীতোষ্ণ, আৰু মেৰু অঞ্চলৰ জলবায়ু অতিপাত ঠাণ্ডা

·        জলবায়ুৰ ওপৰত নির্ভৰ কৰি মহাদেশসমূহৰ উদ্ভিদসমূহো ভিন্ন৷ যেনে- বিষুৱীয় অঞ্চলত চিৰসেউজীয়া; উষ্ণ বা শুকান মৰুত অৰণ্যবিহীন চুটি ঘাঁহ আৰু কাইটীয়া উদ্ভিদ; বৰফাবৃত্ত মেৰু অঞ্চলত শেলুৱৈ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ

 

·        এছিয়া মহাদেশ:- মুঠ স্থলভাগৰ ৩০% জুৰি থকা উত্তৰ গোলার্ধৰ বৃহত্তম মহাদেশখনৰ মাটিকালি ৪৪.৬ নিযুত বর্গ কিঃ মিঃ৷ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ, পূবে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে লোহিত সাগৰ, চুৱেজখাল, ভুমধ্য সাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পর্বতমালা৷


ü  প্ৰশান্ত মহাসাগৰৰ জাপান, টাইৱান, ফিলিপাইন, জাভা, চুমাত্ৰা, বর্ণিও আদি দ্বীপপুঞ্জ আৰু ভাৰত মহাসাগৰত অৱস্থিত আন্দামান-নিকোবৰ, শ্ৰীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ, বাহৰেইন আদিও এছিয়া মহাদেশৰ অর্ন্তগত৷

ü  মুঠ ৫১ খন দেশ আছে৷

ü  পর্বতমালা- ইউৰাল পর্বতমালা (পশ্চিম সীমাত উত্তৰা দক্ষিণাকৈ), হিমালয় পর্বতমালা (পৃথিৱীৰ সর্বোচ্চ এই পর্বতমালা মধ্যাংশত পূবা পশ্চিমাকৈ অৱস্থিত), কাৰাকোৰাম, কোনলুন, আলটাইন, টিয়েনচাম, আলটাই, আৰাৱলী আদি৷

ü  পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট (৮৮৪৮ মিটাৰ/ হিমালয় পর্বতমালা) আৰু দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন বা Mount K2 (৮৬১১ মিটাৰ/ কাৰাকোৰাম পর্বতমালা) এছিয়াত অৱস্থিত৷

ü  মালভূমি- তিব্বত মালভূমি. পামিৰ মালভূমি (পৃথিৱীৰ উচ্চতম), ছাইবেৰিয়া, মংগোলীয়া, দাক্ষিণাত্য মালভূমি, আৰব, ইৰাণ মালভুমি আদি৷

ü  নদী- দক্ষিণ-মধ্য অংশত- সিন্ধু, গংগা আৰু ব্ৰক্ষ্মপুত্ৰ; উত্তৰ অংশত- ইয়েনিছি, ওবি আৰু লেনা; পূব অংশত- আমূৰ হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং; আৰু দক্ষিণ-পূব অংশত- নর্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম, ইৰাৱতী, মেকং আদি৷

ü  হ্ৰদ- বৰখাচ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, কল্লেৰু, লোকাটক আদি৷

ü  মৰুভুমি- গোবি, থৰ আৰু আৰৱ মৰুভুমি৷

 

·        ইউৰোপ মহাদেশ:- উত্তৰ গোলার্ধৰ অর্ন্তগত এছিয়াৰ উত্তৰ-পশ্চিম সীমান্ত অৱস্থিত পৃথিৱীৰ স্লভাগৰ ৭.৩ শতাংশ৷ মাটিকালিৰ হিচাপত ১০.৯ নিযুত বর্গ কিঃ মিঃ (ভাৰতবর্ষৰ প্ৰায় তিনিগুণ)৷  উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে- ভুমধ্যসাগৰ, কাস্পিয়ান সাগৰ আৰু কৃষ্ণসাগৰ, পূবে এছিয়া মহাদেশ আৰু পশ্চিমে- আটলাণ্টিক মহাসগৰ৷


ü  আটলাণ্টিক মহাসাগৰত অৱস্থিত বৃটিছ দ্বীপপুঞ্জ, আয়াৰলেণ্ড, আইচলেণ্ড আৰু ছেটলেণ্ড; ভূমধ্যসাগৰৰ অর্ন্তগত ক্ৰিট, ছিছিলি, মাল্টা, ছর্ডিনিয়া, কর্চিকা আৰু বেলিয়াৰিক দ্বীপপুঞ্জ; উত্তৰ মহাসাগৰৰ অর্ন্তগত, গটলেণ্ড, এলাণ্ড, নভায়া জেমল্যা, সেডলবার্ড আৰু গ্ৰীণলেণ্ড ইউৰোপ মহাদেশৰ অন্তর্গত৷

ü  মুঠ দেশ- ৪৪ খন৷

ü  প্ৰাকৃতিক ভাৱে মহাদেশখন উত্তৰ ইউৰোপ (পশ্চিমৰ ফ্ৰাঞ্চ উপকূলৰ পৰা পূবৰ ইউৰাল পর্বত শ্ৰেণীলৈ থকা সমতল খণ্ড) আৰু দক্ষিণ ইউৰোপ (স্পেইনৰ পৰা কৃষ্ণসাগৰ লৈকে থকা পর্বত-পাহাৰ, মালভূমিৰে ভৰা ওখোৰা-মোখোৰা অংশ)

ü  পর্বতমালা- আল্পছ, পাইৰেনিজ, কাপেথিয়ান আৰু ককেছাছ৷

ü  মহাদেশখনৰ উচ্চতম ঠাই- মাউণ্ট এলব্ৰাছ শৃংগ (৫৬৩৩ মিটাৰ/ ককেছাছ পর্বতমালাৰ অর্ন্তগত)

ü  নদী- স্পেইনৰ এলব্ৰে; ফ্ৰাঞ্চৰ- ৰোণ আৰু চেইন; জার্মানীৰ ৰাইল আৰু এল্বে; পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা; অষ্ট্ৰিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব; বেলাৰুচ আৰু ইউক্ৰেইনৰ নিপাৰ; ইটালীৰ পো; গ্ৰেট ব্ৰিটেইনৰ থেমচ; ৰাছিয়াৰ ডন, ভল্গা আৰু ইউৰাল আদি৷

ü  হ্ৰদ- ওনেগা, লেড’গা, চুডস্ক’য়ে, ভেনার্ন আদি৷

 

·        আফ্ৰিকা মহাদেশ:- মুঠ স্থলভাগৰ ২০% আগুৰি থকা আফ্ৰিকা দ্বিতীয় বৃহত্তম দেশ৷ মহাদেশখনৰ উত্তৰে ভুমধ্য সাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে ভাৰত মহাসাগৰ আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ৷



ü  বিষুৱ ৰেখাই আফ্ৰিকা মহাদেশক দুভাগত বিভক্ত কৰিছে৷

ü  মুঠ দেশ- ৫৩ খন৷ বৃহত্তম দেশ হৈছে- আলজেৰিয়া (২.৪ নিযুত বর্গ কিঃ মিঃ)

আলজেৰিয়া


ü  আফ্ৰিকাত সুউচ্চ পর্বত নাই যদিও বেছিভাগ অংশই সমতল আৰু মালভূমিৰে ভৰা৷

ü  মহাদেশৰ উচ্চতম স্থান- কিলিমানজাৰো শৃংগ (৫৮৯৫ মিটাৰ)

কিলিমানজাৰো শৃংগ


ü  উচ্চভূমি অঞ্চল- উত্তৰ প্ৰান্তৰ এটলাছ, উত্তৰ-পূব প্ৰান্তৰ- ইথিওপিয়ান উচ্চ ভুমি, পশ্চিম প্ৰান্তৰ এডা মাৱা উচ্চ ভূমি, দক্ষিণ আফ্ৰিকাৰ ড্ৰাকেন্সবার্গ উচ্চ ভুমি৷

এটলাছ উচ্চভুমি


ü  নদী- নীল, কংগো (জায়াৰে), নাইজাৰ, জেম্বেজি, অ’ৰেঞ্জ, লিম্পোপো, ভোল্টা, চেনেগাল, চিবে ওগু, লুৰিঅ’, লুৱাঙ্গুৱা, কেলেড’ন ইত্যাদি৷

নীল নদী


ü  হ্ৰদ:- ভিক্টোৰিয়া, এলর্বাট টাংগানিকা, চাড, ভোল্টা, ন্যাচা, কেভ’ৰা বাচ্চা, মালবি, টুর্কানা, কিভু, কোচ্চৌ, এব্বে আদি৷

ü  মৰুভুমি- চাহাৰা (বৃহত্তম), কালাহাৰী আৰু নামিবিয়া মৰুভূমি৷

 

·        উত্তৰ আমেৰিকা মহাদেশ:- পৃথিৱীৰ স্থলভাগৰ ১৬.৩ % আৱৰি থকা এইখন তৃতীয় বৃহত্তম মহাদেশ৷ উত্তৰ গোলার্ধত অৱস্থিত উত্তৰ আমেৰিকাৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ আমেৰিকা, মেক্সিকো উপসাগৰ আৰু প্ৰশান্ত মহাসাগৰ; পূবে আটলাণ্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিং সাগৰ, বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ৷



ü  মহাদেশখনে কানাডা, যুক্তৰাষ্ট আৰু মেক্সিকোকে ধৰি মধ্য আমেৰিকাৰ, গুৱাটেমাল, কোষ্টাৰিকা, পানাম আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ কিউবা, জামাইকা, বাহামা, ড’মিনিকান ৰিপ্লাবিক আদিক সামৰি লয়৷

ü  প্ৰাকৃতিকভাৱে মহাদেশখনক চাৰিটা ভাগত বিভক্ত- ক) ৰ’কি পার্বত্য অঞ্চল খ) বিশাল উচ্চ সমভুমি অঞ্চল গ) আপেলেছিয়ান উচ্চভুমি অঞ্চল আৰু ঘ) উপকূলীয় নিম্ন সমতল ভুমি অঞ্চল৷  

ü  মুঠ দেশ ২৩ খন৷ বৃত্ততম ৰাষ্ট্ৰ- কানাডা (পৃথিৱীৰ দ্বিতীয় বৃহত্তম)

কানাডা


ü  উচ্চতম ঠাই- মেকিনলে শৃংগ (৬১৯৪ মিটাৰ)

মেকিনলে শৃংগ


ü  নিম্নতম ঠাই- ডেথভেলী (সাগৰ পৃষ্ঠৰ পৰা ৮৬ মিটাৰ তলত)

ডেথভেলী


ü  পর্বতমালা:- ৰ’কি পার্বত্য অঞ্চল (আলাস্কাৰ পৰা মেক্সিকো পর্য্যন্ত উত্তৰা দক্ষিণাকৈ), কাস্কেড, ছিয়াৰা নেভাডা আৰু ক’ষ্টৰেঞ্জ পর্বতশ্ৰেণী (পশ্চিম অংশত), আপেলেছিয়ান উচ্চ ভূমি (উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডালৈ), এলিঘেনি আৰু ব্লুৰিজ পর্বত (দক্ষিণ দিশত)

ü  নদী- মিচৌৰী, মিছিছিপি, য়ুকুম, মেকেঞ্জি, ৰিওগ্ৰেণ্ডে, ৰেড, আৰকানছাছ, কোলোৰাড, কোলাম্বিয়া, স্নে’ক, ওহিঅ’ টেনেছি, হডছন, ছেণ্ট লৰেন্স আদি৷

মিছিছিপি নদী


ü  হ্ৰদ- ছুপেৰিয়ৰ, হুৰু’ন, মিচিগান, এৰি, ওণ্টেৰিও, গ্ৰেট বিয়াৰ, গ্ৰেট শ্লেভ, উইনিপেগ আৰু গ্ৰেট ছল্ট আদি৷

ü  মৰুভুমি- কোলোৰাড (দক্ষিণ পশ্চিম অঞ্চলত)৷

 

·        দক্ষিণ আমেৰিকা মহাদেশ:- পৃথিৱীৰ স্থলভাগৰ ১১.৯% আগুৰি থকা মহাদেশখন দেখিবলৈ ওভোতা ত্ৰিভূজৰ দৰে৷ মহাদেশখনৰ উত্তৰে উত্তৰ আমেৰিকা আৰু কেৰিবিয়ান মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে আটলাণ্টি মহাসাগৰ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ৷


ü  মুঠ দেশ- ১২ ৷ ইয়াৰ ভিতৰত ব্ৰাজিল বৃহত্তম (পৃথিৱীৰ পঞ্চম বৃহত্তম)

ব্ৰাজিল


ü  পৃথিৱীৰ দীর্ঘতম পর্বতশ্ৰেণী এণ্ডিজ (প্ৰায় ৮০০০ কিঃ মিঃ) মহাদেশখনৰ উত্তৰা দক্ষিণাকৈ পানামা যোজকৰপৰা হর্ণ অন্তৰীপলৈ বিয়পি আছে৷ উচ্চতাৰ ক্ষেত্ৰত এণ্ডিজে হিমালয়ৰ পিছতেই স্থান কৰিছে৷

এণ্ডিজ পর্বতমালা


ü  মালভুমি- ব্ৰাজিলিয়ন (মধ্য-পূব অংশত), ইকুৱেড (এণ্ডিজ পর্বতমালাৰ কাষত) পাৰাণা-পেটাগ’নিয়া (দক্ষিণ অংশত)

ü  নদী- অৰিনিক, আমাজান, পাৰাণা, পাৰাগুৱে, উৰুগুৱে আদি৷

আমাজান


ü  পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদ- টিটিকাকাও দক্ষিণ আমেৰিকা মহাদেশতে অৱস্থিত৷

টিটিকাকাও হ্ৰদ


ü  মৰুভূমি- আটাকামা (এণ্ডিজ পর্বতমালাত অৱস্থিত মৰুভূমিত একেবাৰে বৃষ্টিপাত নহয়)

আটাকামা মৰুভুমি


ü  নাতিশীতোষ্ণ মৰুভুমি- পাটাগ’নিয়া৷

 

পাটাগ’নিয়া মৰুভুমি

·        ওছেনিয়া মহাদেশ:- পৃথিৱীৰ স্থলভাগৰ ৫.৪% আগুৰা ষষ্ঠ বৃহত্তম মহাদেশখন দক্ষিণ গোলার্ধত অৱস্থিত৷ ইয়াৰ উত্তৰে দক্ষিণ-পুব এছিয়াৰ জাভা, সুমাত্ৰা, ছেলেবিচ দ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ৷



ü  ওছেনিয়া মহাদেশ অষ্ট্ৰেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি প্ৰশান্ত মহাসাগৰৰ দক্ষিণ-পশ্চিমত অৱস্থিত নিউজিলেণ্ড, টাছামানিয়া, নিউগিনি আদিকো সামৰি লয়৷  

ü  মুঠ দেশ- ১৪৷

ü  অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি৷ চাৰিওফালে ঠেক উপকূলভূমি৷ পূব অংশটো গ্ৰেট ডিভাইডিং ৰেঞ্চ আৰু স্ন’বি মাউণ্টেইনৰ উচ্চভূমি অংশটোক অষ্ট্ৰেলিয়াৰ আল্পছ বুলি জনাজাত৷



ü  প্ৰধান নদী- মূৰে, ডালিং, বেলিয়াণ্ডো, ফিটজৰয়, ফ্লিণ্ডার্ছ, ভিক্টোৰিয়া, ছোৱান আদি৷

ডালিং নদী


ü  হ্ৰদ- আয়াৰ, বার্লি, কার্ণেজি, মেকে, কেৰী আদি৷

কার্ণেজি হ্ৰদ

কেৰী হ্ৰদ

মেকে হ্ৰদ

বার্লি হ্ৰদ

আয়াৰ হ্ৰদ

ü  মৰুভূমি- গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট ছেণ্ডি, টানামী, ছিম্পছন, গিবছম, লিটল ছেণ্ডি, টিৰাৰি, পেডির্কা আদি৷

 

গ্ৰেট ভিক্টোৰিয়া মৰুভুমি

চিম্পচন মৰুভুমি

লিটল চেণ্ডী মৰুভুমি

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ