দশম শ্ৰেণী৷ ভূগোল৷ তৃতীয় অধ্যায়৷ তৃতীয় খণ্ড

 দশম শ্ৰেণী ভূগোল৷ তৃতীয় অধ্যায়৷ তৃতীয় খণ্ড



·        ৩.৫ বিশ্বৰ দেশসমূহ:- পৃথিৱীত মুঠ ১৯৭ খন দেশ আছে৷ মাটিকালিৰ হিচাপত আটাইতকৈ ডাঙৰ ৰাছিয়া আৰু ক্ষুদ্ৰতম – ভেটিকান চিটী৷ জনসংখ্যাৰ ফালৰ পৰা জনবহুল দেশ চীন আৰু কম জনসংখ্যাৰ দেশ ভেটিকান চিটি৷

 

ü  এছিয়া মহাদেশৰ দেশসমূহ (ৰাজধানী)-মুঠ ৫১ খন

১. আফগানিস্তান (কাবুল), ২. আমের্নিয়া (ইয়েৰেভান) ৩. আজাৰবেইজান (বাকু) ৪. বাহৰেইন (মানামা) ৫. বাংলাদেশ (ঢাকা) ৬. ভূটান (থিম্ফু). ব্ৰুণেই (বান্দাৰচেৰি বেগাৱান) ৮. কম্বোডিয়া (ফন’মপেনহ) ৯. চীন (বেইজিং) ১০. চাইপ্ৰাচ (নিকোচিয়া) ১১. জর্জিয়া (টবিলিচি) ১২. ভাৰতবর্ষ (নতুন দিল্লী) ১৩. ইন্দোনেচিয়া (জার্কাটা) ১৪. ইৰান (তেহৰাণ) ১৫. ইৰাক (বাগদাদ) ১৬. ইজৰাইল (জেৰুজালেম) ১৭. জাপান (টকিঅ’) ১৮. জর্ডান (আম্মান) ১৯. কাজাখস্তান (আস্তানা) ২০. উত্তৰ কোৰিয়া (পিয়ংয়াং) ২১. দক্ষিণ কোৰিয়া (ছিঅ’ল) ২২. কুৱেইট (কুৱেইট চিটি) ২৩. কিৰিগিজস্তান (বিস্কেট) ২৪. লাওচ (ভিয়েনটিয়েন) ২৫. লেবানন (বেইৰুট) ২৬. মালয়েছিয়া (পুত্ৰাজয়া) ২৭. মালদ্বীপ (মালে) ২৮. মংগোলিয়া (উলানবাটৰ) ২৯. ম্যানমাৰ (য়াংগন) ৩০. নাগৰনোকাৰাবাখ (খাংকেন্দি) ৩১. নেপাল (কাঠমাণ্ডু) ৩২. ওমন (মাস্কট) ৩৩. পাকিস্তান (ইছলামাবাদ) ৩৪. ফিলিপাইন (মেনিলা) ৩৫. কটৰ (দোহা) ৩৬. ৰাছিয়া (মস্কো) ৩৭. ছৌদি আৰব (ৰিয়াদ) ৩৮. ছিংগাপুৰ (ছিংগাপুৰ) ৩৯. দক্ষিণ ওচ্ছেটিয়া (স্নিনভেলি) ৪০. শ্ৰীলংকা (কলম্বো) ৪১. ছিৰিয়া (দামাস্কাচ) ৪২. টাইৱান (টাইপেই) ৪৩. টাজিকিস্তান (দুচানৱে) ৪৪. থাইলেণ্ড (বেংকক) ৪৫. তুর্কী গণৰাজ্য (নিকোচিয়া) ৪৬. তুর্কমেনিস্তান (আছগাবাদ) ৪৭. উজবেকিস্তান (তাছকেণ্ট) ৪৮. ভিয়েটনাম (হানোই) ৪৯. ইয়েমেন (চনা) ৫০. সংযুক্ত আৰৱ এমিৰেট (আবু ধাবি) ৫১. পুব টিমৰ (দিলি)

 

ü  ইউৰোপ মহাদেশৰ দেশসমূহ (ৰাজধানী)- মুঠ ৪৪ খন

১. আল্বানিয়া (টিৰানা) ২. এণ্ডোৰা (এণ্ডোৰা লাভেল্লা) ৩. অষ্ট্ৰিয়া (ভিয়েনা). বেলাৰুছ (মিন্সক) . বেলজিয়াম (ব্ৰুছেলছ) ৬. বোচনিয়া হার্জেগোভিনা (চাৰাজেভ) ৭. বুল্গেৰিয়া (চোফিয়া) ৮. ক্ৰোৱেচিয়া ৯. জেক ৰাষ্ট্ৰ (প্ৰাগ) ১০. ডেনমার্ক (কোপেনহেগেন) ১১. এষ্ট’নিয়া (তাল্লিন) ১২. ফিনলেণ্ড (হেলচিংকি) ১৩. ফ্ৰাঞ্চ (পেৰিচ) ১৪. জার্মানী (বার্লিন) ১৫. গ্ৰীচ (এথেন্স) ১৬. হাংগেৰি (বুডাপেষ্ট) ১৭. আইচলেণ্ড (ৰেইকাজাভিক) ১৮. আয়াৰলেণ্ড (ডাব্লিন) ১৯. ইটালী (ৰোম) ২০. লাটভিয়া (ৰিগা) ২১. লিচটেনষ্টেইন (ভাডুজ) ২২. লিথুৱেনিয়া (ভিলনিয়াচ) ২৩. লাগজেম্বার্গ (লাগজেম্বার্গ চিটি) ২৪. মেচেড’নিয়া (স্ক’পজে) ২৫. মাল্টা (ভেল্লেট্ৰা) ২৬. মল্ডোভা (চিছইনাও) ২৭. মনাকো (মনাকো) ২৮. মণ্টেনেগ্ৰ (পডগ’ৰিকা) ২৯. নেদাৰলৱণ্ড (এমষ্টাৰডেম) ৩০. নৰ’ৱে (ওচলো) ৩১. পোলেণ্ড (ৱাৰচ’) ৩১. পর্টুগাল (লিচবন) ৩৩. ৰোমানিয়া (বুকাৰেষ্ট) ৩৪. চেন মেৰিন’ (চেন মেৰিন’) ৩৫. চার্বিয়া (বেলগ্ৰেড) ৩৬. শ্লোভাকিয়া (ব্ৰেতিশ্লেভা) ৩৭. শ্লোভেনিয়া (জুবলজানা) ৩৮. স্পেইন (মাদ্ৰিদ) ৩৯. ছুইডেন (ষ্টকহ’ম) ৪০. ছুইজাৰলেণ্ড (ৱার্ণ) ৪১. তুর্কী (আংকাৰা) ৪২. ইউক্ৰেইণ (কীভ) ৪৩ সংযুক্ত ৰাষ্ট্ৰ (লণ্ডন) ৪৪. ভেটিকান চিটী (ভেটিকান চিটী)

 

ü  আফ্ৰিকা মহাদেশৰ দেশসমূহ (ৰাজধানী)- মুঠ ৫৩ খন

১. আলজেৰিয়া (অলজিয়ার্ছ) ২. আংগোলা (লুৱাণ্ডা) ৩. বেনিন (কটনৌ) ৪. ব’টচোৱানা (গেব’ৰ’ন) ৫. বুর্কিনা ফাচ (উৱাগাড’উগৌ) ৬. বুৰুণ্ডি (বুজুম্বুৰা) ৭. কেমেৰুন (য়াওণ্ডে) ৮. কেপ ভার্ডে (প্ৰেয়া) ৯. মধ্য আফ্ৰিকা (বাংগুই) ১০. চাড (ন’ড’জামেনা) ১১. কম’ৰ’ছ (ম’ৰ’নী) ১২. কংগো গণতান্ত্ৰিক ৰাজ্য (কিনশ্বাহা) ১৩. কংগো (ব্ৰজভিল্লে) ১৪. জিবৌটি  (জিবৌটি চিটি) ১৫. ইজিপ্ত (কাইৰো) ১৬. বিষুবীয় গিনি (মালাবো) ১৭. এৰিট্ৰিয়া (আচমাৰা) ১৮. ইথিওপিয়া (আড্ডিজ আবাৰা) ১৯. গেবন (লিব্ৰেভিল্লেই) ২০. গাম্বিয়া (বনজুই) ২১. ঘানা (একৰা) ২২. গিনি (কোনাক্ৰি) ২৩. গিনি বিচ্চাও (বিচ্চাও) ২৪. আইভৰি ক’ষ্ট (আবিদজান) ২৫. কেনিয়া (নাইৰোবি) ২৬. লিছ’থো (মাছেৰু) ২৭.  লাইবেৰিয়া (মনৰ’ভিয়া) ২৮. লিবিয়া (ট্ৰিপলি) ২৯. মাদাগাস্কাৰ (এণ্টানানাৰিভ) ৩০. মালাবি (লিলংৱে) ৩১. মালি (বেমাকো) ৩২. মৌৰিটানিয়া (নৌবাকচ’ট) ৩৩. মৌৰিছাছ (প’ট লুইছ) ৩৪. ম’ৰ’ক্কো (ৰাবাট) ৩৫. ম’জাম্বিক (মাপুটো) ৩৬. নামিবিয়া (উইণ্ডহ’ক) ৩৭. নাইজাৰ (নিয়ামি) ৩৮. নাইজেৰিয়া (আবুজা) ৩৯. ৰোৱাণ্ডা (কিগালি) ৪০. ছেনেগাল (ডাকৰ) ৪১. ছিচেলিছ (ভিক্টোৰিয়া) ৪২. ছিয়েৰাল’ন (ফ্ৰীটাউন) ৪৩. ছোমালিয়া (মোগাডিছু) ৪৪. দক্ষিণ আফ্ৰিকা (ব্লোৱেমফণ্টেইন) ৪৫. ছুডান (খাৰটৌম) ৪৬. ছোৱাজিলেণ্ড (লোবাম্বা) ৪৭. টাঞ্জানিয়া (দাৰ এছ ছালাম) ৪৮. টোগো (লোম) ৪৯. টুনিছিয়া (ট্যুনিছ) ৫০. ইউগেণ্ডা (কাম্পালা) ৫১. জিম্বাব’ৱে (হাৰাৰে) ৫২. দক্ষিণ ছুডান (জুবা)

 

ü  উত্তৰ আমেৰিকা মহাদেশৰ দেশসমূহ (ৰাজধানী)- মুঠ ২৩ খন

১. এণ্টিগুৱা আৰু বাৰবুদা (ছেণ্ট জ’ল) ২. বাহামাছ (নাছাও) ৩. বার্বাড’ছ (ব্ৰিজটাউন) ৪. বেলিজ (বেল্মোপান) ৫. কানাডা (ওট্ৰাৱা) ৬. কোষ্টাৰিকা (ছেন জ’ছ) ৭. কিউবা (হাভানা) ৮. ড’মিনিকা (ৰছ্যু) ৯. ড’মিনিকান ৰিপাব্লিক (ছেণ্ট’ ড’মিঙো) ১০. এল ছেলাভাড’ৰ (ছেন ছেলভাড’ৰ) ১১. গ্ৰেনাডা (ছেণ্ট জর্জেছ) ১২. গুৱাটিমালা (গুৱাটিমালা চিটি) ১৩. হাইটি (প’ট-আও-প্ৰিন্স) ১৪. হ’ণ্ডৰাছ (টেগুছিগালপা) ১৫. জামাইকা (কিংষ্টন) ১৬. মেক্সিকো (মেক্সিকো চিটি) ১৭. নিকাৰগুৱা (মানাগুৱা) ১৮. পানামা (পানামা চিটী) ১৯. ছেণ্ট কিটছ এণ্ড নেভিছ (বাচ্ছেটেৰে) ২০. ছেণ্ট লুছিয়া (কেছট্ৰিজ) ২১. ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডিনছ (কিংছটাউন) ২২. ট্ৰিনিদাদ আৰু ট’বেগো (প’র্ট অৱ স্পেইন) ২৩. আমেৰিকা যুক্তৰাষ্ট্ৰ (ৱাশ্বিংটন ডি চি)

 

ü  দক্ষিণ আমেৰিকা মহাদেশৰ দেশসমূহ (ৰাজধানী)- মুঠ- ১২ খন

১. আর্জেণ্টিনা (বুৱেন’ছ এয়ার্ছ) ২. বলিভিয়া (লা পাজ) ৩. ব্ৰাজিল (ব্ৰাছিলিয়া) ৪. চিলি (ছেণ্টিয়াগো) . কলোম্বিয়া (বোগোটা) ৬. ইকুৱেডোৰ (কুইটো) ৭. গুৱেনা (জর্জ টাউন) . পেৰাগুৱে (এছুনছিওন) ৯. পেৰু (লিমা) ১০. উৰুগুৱে (মোণ্টেভিডিঅ’) ১১. ভেনেজুৱেলা (কাৰাকাছ) ১২. ছুৰিনেম (পেৰামাৰিবো)

 

ü  ওছেনিয়া মহাদেশৰ অন্তর্গত দেশসমূহ (ৰাজধানী)- মুঠ ১৪ খন

১. অষ্ট্ৰেলিয়া (কেনবেৰা) ২. ফিজি (ছুভা) ৩. কিৰিবাটি (দক্ষিণ তাৰাৱা) ৪. মাৰশ্বাল দ্বীপপুঞ্জ (দলাপ-উলিগা-দাৰিত) ৫. মাইক্ৰ’নেছিয়া (পালিকিৰি) ৬. নাওৰু (য়াৰেন ডিষ্ট্ৰিক্ট) ৭. নিউজিলেণ্ড (ওৱেলিংটন) ৮. পালাউ (মেলেকিওক) ৯. পাপুৱা নিউগিনি (প’র্ট মোৰেছবি)  ১০. ছামোৱা (এপিয়া) ১১. ছলোমন দ্বীপপুঞ্জ (হোনিয়াৰা) ১২. টুভালু (ফুনাফুটি) ১৩. ভেনুৱাটু (প’ট ভিলা) ১৪. টংগা (নুকুএলংফা) 

অনুশীলনী

১. পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা ৷

উত্তৰ:- পৃথিৱীৰ জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটা অংশই ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে৷ অৱশ্য কাস্পিয়ান, মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ-মহাসাগৰ ইখনে সিখনৰ লগত সংযোগ স্থাপন কৰি আছে৷ জলমণ্ডলে নদ-নদী, হ্ৰদ আদিৰ পানীকো সামৰি লয়৷ স্থলমণ্ডলক চাৰিটা বৃহৎ অংশ ক্ৰমে- প্ৰথম অংশ (এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশ) দ্বিতীয় অংশ (উত্তৰ আৰু দক্ষিণ আমেৰিকা) তৃতীয় অংশ (অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগলাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশ) আৰু চতুর্থ অংশ (এণ্টার্কটিকা মহাদেশ) ভাগত ভাগ কৰিছে৷ জলমণ্ডলৰ ক্ৰমে প্ৰশান্ত মহাসাগৰ এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত; আটলাণ্টিক মহাসাগৰ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকাৰ মাজত; ভাৰত মহাসাগৰ এছিয়াৰ দক্ষিণে, আফ্ৰিকাৰ পূবে আৰু ওছেনিয়াৰ পশ্চিমত অৱস্থিত; উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ উত্তৰ দিশত অৱস্থিত আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওছেনিয়াৰৰ দক্ষিণে অৱস্থিত 

২. মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল ?

উত্তৰ:- মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে পান্থালাছা নামৰ জলমণ্ডলে আৱৰি থকা পেঞ্জিয়া নামৰ এটা স্থলমণ্ডল আছিল৷

৩. মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়বৰ সর্ম্পকে চমুকৈ লিখা৷

উত্তৰ:- ওপৰৰ পৰা যদিও জলপৃষ্ঠ দেখাত অতি মৃসণ কিন্তু ইয়াৰ তলিভাগ তেনেই অসমান৷ স্থলমণ্ডলত দেখা পোৱা পর্বত-পাহাৰ, মালভুমি, সমভুমি আদিৰ দৰে মহাসাগৰৰ তলিতো শৈলসিৰা, দ্ৰোণী, সামুদ্ৰিক টিলা, খাত আদিৰে ভৰি আছে৷ ওখোৰা-মোখোৰা মহাসাগৰ গড় গভীৰতা ৪০০০ মিটাৰ৷ স্থলমণ্ডলৰ পৰা জলমণ্ডল সিঁচৰিত হৈ থকাৰ পৰা গভীৰতালৈকে ইয়াৰ ভূ-অৱয়বক তলত দিয়া ধৰণে ভগাব পাৰি-উপকূলৰ পৰা মাজভাগলৈ যথাক্ৰমে মহীসোপান (উপকূলৰ চাৰিওফালে থকা অগভীৰ/২০০ মিটাৰ পর্য্যন্ত), মহীঢাল (২০০০ মিটাৰ পর্য্যন্ত), গভীৰ সমুদ্ৰতল (৪০০০ মিটাৰ পর্য্যন্ত গভীৰ), সমুদ্ৰতলীয় দ্ৰোণী, সামুদ্ৰিক শৈলসিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্ৰখাত (গড় হিচাপত ৮০০০ মিটাৰ পর্য্যন্ত)৷ জলমণ্ডলৰ মাজতে অ’ত ত’ত ওপৰলৈ উঠি অহা শৈলসিৰা, দ্বীপ আদি দেখিবলৈ পোৱা যায়৷

. মহাসাগৰ আৰু মহাদেশমূহৰ বিতৰণ সর্ম্পকে চমুকৈ লিখা৷

উত্তৰ:- পৃথিৱীত জলমণ্ডল আৰু স্থলমণ্ডল সমূহ সুকীয়াকৈ একেলগে থূপ মাৰি থকা অৱস্থাত নাই৷ কাস্পিয়ান, মৰু আৰু আৰল সাগৰক বাদ দি দুয়োটা মণ্ডলৰ অংশসমুহে ইটোৱে সিটোক বিভাজিত কৰি সোমাই আছে৷ আটাইকেইখন মহাসাগৰে ইখনে সিখনৰ লগত সংযোগ স্থাপন কৰি আছে৷ হৈছে৷ প্ৰশান্ত মহাসাগৰ এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত; আটলাণ্টিক মহাসাগৰ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকাৰ মাজত; ভাৰত মহাসাগৰ এছিয়াৰ দক্ষিণে, আফ্ৰিকাৰ পূবে আৰু ওছেনিয়াৰ পশ্চিমত অৱস্থিত; উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ উত্তৰ দিশত অৱস্থিত আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওছেনিয়াৰৰ দক্ষিণে অৱস্থিত৷ স্থলমণ্ডলক চাৰিটা বৃহৎ অংশ ক্ৰমে- প্ৰথম অংশ (এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশ) দ্বিতীয় অংশ (উত্তৰ আৰু দক্ষিণ আমেৰিকা) তৃতীয় অংশ (অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগলাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশ) আৰু চতুর্থ অংশ (এণ্টার্কটিকা মহাদেশ)৷ এনেদৰে পৃথিৱীখনত মহাসাগৰ আৰু মহাদেশবোৰ বিতৰন হৈ আছে৷

৫. পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়ব সমূহৰ বিষয়ে চমুকৈ লিখা৷

উত্তৰ:-  পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত পর্বত-পাহাৰ, মালভুমি, সমভুমি, উপকূলীয় সমভুমি ইত্যাদিৰ উপস্থিতিয়ে অসমান কৰি ৰাখিছে৷ মহাদেশসমূহৰ ভু-অৱয়বৰ প্ৰকৃতি একে ধৰণৰ নহয়৷ মহাদেশসমূহৰ জলবায়ু ভূ-অৱয়বৰ ওপৰত নির্ভৰশীল৷ যেনে- বিষুৱীয় তথা ক্ৰান্তীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্ৰ; মধ্য অক্ষাংশ অঞ্চলৰ জলবায়ু নাতিশীতোষ্ণ, আৰু মেৰু অঞ্চলৰ জলবায়ু অতিপাত ঠাণ্ডা৷ জলবায়ুৰ ওপৰত নির্ভৰ কৰি মহাদেশসমূহৰ উদ্ভিদসমূহো ভিন্ন৷ যেনে- বিষুৱীয় অঞ্চলত চিৰসেউজীয়া; উষ্ণ বা শুকান মৰুত অৰণ্যবিহীন চুটি ঘাঁহ আৰু কাইটীয়া উদ্ভিদ; বৰফাবৃত্ত মেৰু অঞ্চলত শেলুৱৈ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ৷ জলবায়ু, মৃত্তিকা আৰু ভুপ্ৰকৃতিৰ ওপৰত নির্ভৰ কৰি কৃষিকার্য্য আৰু শসয়ৰ উৎপাদনো বেলেগ৷ প্ৰাকৃতিকভাৱে সুচল অঞ্চবোৰত জনবসতি বেছি৷ অতিপাত উষ্ণ আৰু অতিপাত ঠাণ্ডা অঞ্চলত জনসংখ্যাৰ ঘনত্ব নিম্ন৷  

৬. এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা৷

উত্তৰ:- এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ৷ উত্তৰ গোলার্ধত অৱস্থিত মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ, পূবে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ; পশ্চিমে লোহিত সাগৰ, ছুয়েজ খাল, ভুমধ্য সাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পর্বতে আগুৰি আছে৷ মহাদেশখনত ৫১ খন দেশ আছে৷

মহাদেশখন সুউচ্চ পর্বতশ্ৰেণী, মালভুমি, নদী উপত্যকা, নিম্নভুমি, উপকূলীয় সমভূমি, মহাসাগৰীয় দ্বীপ, মৰুভুমি আদিৰে আৱৰা৷ হিমালয় পর্বতশ্ৰেণীৰ অন্তর্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট এছিয়াতে অৱস্থিত৷

মহাদেশখনৰ মাজেৰে বৈ যোৱা ডাঙৰ ডাঙৰ নৈবোৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ-মহাসাগৰলৈ বৈ গৈছে৷ নদীয়ে কেবাখনো সাৰুৱা সমভুমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে৷ মহাদেশখনত বহু কেইটা সৰু-ডাঙৰ হ্ৰদো আছে৷

 ৭. কাৰণ দর্শাই উত্তৰ লিখা:

ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলার্ধত থুপ খাই আছে কিয় ?



উত্তৰ:- স্থলমণ্ডলৰ বৃহৎ অংশ (৬৭%) উত্তৰ গোলার্ধত অৱস্থিত সেয়েহে মুঠ জনসংখ্যাৰ প্ৰায় ৯০% উত্তৰ গোলার্ধত বাস কৰে৷

খ) এণ্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় ?




উত্তৰ:- এণ্টার্কটিকা মহাদেশত অতিপাত ঠাণ্ডা আৰু মহাদেশৰ দক্ষিণ মেৰুক কেন্দ্ৰ কৰি বৰফে আৱৰা বাবে মানুহৰ স্থায়ী বসতি নাই৷ 

৮. তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া:

ক) এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে ?

উত্তৰ:- ইউৰাল পর্বতমালাই৷

খ) পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু ক’ত অৱস্থিত ?

উত্তৰ:- এণ্ডিজ পর্বতমালা আৰু দক্ষিণ আমেৰিকাত অৱস্থিত৷

গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা৷

উত্তৰ:- এছিয়া আৰু ওচেনিয়া৷

ঘ) পৃথিৱীৰ কোনখন দেশ কোনো দুখন মহাদেশলৈ বিস্তৃত ?



উত্তৰ:- তুৰস্ক

ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা ?

উত্তৰ:- ৰাছিয়া আৰু ভেটিকান চিটী৷

চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বত শ্ৰেণীটোৰ নাম কি ? ই মহাদেশৰ কোন অংশত অৱস্থিত ?



উত্তৰ:- ৰকি পর্বত শ্ৰেণী৷ ই মহাদেশখনৰ পশ্চিম অংশত অৱস্থিত৷

ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত ?

উত্তৰ:- চাহাৰা আৰু আফ্ৰিকা মহাদেশত অৱস্থিত৷

জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা৷

উত্তৰ:- উত্তৰ দিশ- ওবি আৰু লেনা ; পূব দিশলৈ প্ৰবাহিত- আমূৰ আৰু হোৱাংহো

) অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পর্বতশ্ৰেণী, নদী আৰু মৰুভূমিৰ নাম লিখা৷

উত্তৰ:- পর্বত শ্ৰেণী- স্ব’ৱি মাউণ্টেইন. নদী- ডার্লিং আৰু মৰুভুমি- ছিম্পছন৷

ঞ) ইউৰোপ মহাদেশৰ অর্ন্তগত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা৷

উত্তৰ:- গ্ৰীচ, তুৰস্ক আৰু চাইপ্ৰাচ

৯. চমুটোকা লিখা:

ক) পেঞ্জিয়া

উত্তৰ:-  আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূর্বে পৃথিৱীত থকা একমাত্ৰ স্থলমণ্ডলটোৰ নাম হৈছে পেঞ্জিয়া৷ পেঞ্জিয়াৰ চাৰিওফালে আছিল পান্থালাছ নামৰ এখন সাগৰ৷ কিছুকাল অতিক্ৰম কৰাৰ পাছত পেঞ্জিয়াখনৰ সোঁমাজেৰে পূবা-পশ্চিমাকৈ থেটিছ নামৰ সাগৰ এখন উৎপত্তি হৈ দুভাগত বিভক্ত কৰিছিল৷ পেঞ্জিয়াখন আঙ্গাৰালেণ্ড আৰু গণ্ডোৱালেণ্ড নামেৰে বিভক্ত হৈছিল আৰু তাৰপৰাই কালক্ৰমত বর্তমানৰ ৭ খন মহাদেশ সৃষ্টি হ’ল৷

খ) উত্তৰ মহাসাগৰ

উত্তৰ:- পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত আৰু আকৃতি ঘূৰণীয়া৷ আকাৰত ভাৰত মহাসদৰৰ প্ৰায় এক পঞ্চমাংশ৷ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে৷ গড় গভীৰতা ৩৫০০ মিটাৰ৷ উত্তৰ মেৰু অঞ্চলত থকা বাবে মহাসাগৰখন বছৰটোৰ বেছিভাগ সময়ে ডাঠ বৰফেৰে ঢাক খাই থাকে৷

গ) ওছেনিয়া মহাদেশ

উত্তৰ:- পৃথিৱীৰ স্থলভাগৰ ৫.৪% আগুৰা ষষ্ঠ বৃহত্তম মহাদেশখন দক্ষিণ গোলার্ধত অৱস্থিত৷ ইয়াৰ উত্তৰে দক্ষিণ-পুব এছিয়াৰ জাভা, সুমাত্ৰা, ছেলেবিচ দ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ৷ ওছেনিয়া মহাদেশ অষ্ট্ৰেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি প্ৰশান্ত মহাসাগৰৰ দক্ষিণ-পশ্চিমত অৱস্থিত নিউজিলেণ্ড, টাছামানিয়া, নিউগিনি আদিকো সামৰি লয়৷  মহাদেশখনত থকা মুঠ দেশৰ সংখ্যা- ১৪৷ মূল ভূখণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি৷

ঘ) এছিয়া মহাদেশৰ নদ নদী

উত্তৰ:- পর্বত, পাহাৰ আৰু মালভূমিয়ে সৃষ্টি কৰা উচ্চভূমি অঞ্চলৰ পৰা এছিয়া মহাদেশত বহু ডাঙৰ নদীৰ উৎপত্তি হৈ কেইবাটাও দিশত থকা সাগৰ-মহাসাগৰলৈ বৈ গৈ গৈছে৷ লগতে সাৰু সমভুমি অৰু বদ্বীপৰ সৃষ্টি কৰিছে৷ মহাদেশখনত থকা কেইখনমান উল্লেখযোগ্য নদী হৈছে- দক্ষিণ-মধ্য অংশত- সিন্ধু, গংগা আৰু ব্ৰক্ষ্মপুত্ৰ; উত্তৰ অংশত- ইয়েনিছি, ওবি আৰু লেনা; পূব অংশত- আমূৰ হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং; আৰু দক্ষিণ-পূব অংশত- নর্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম, ইৰাৱতী, মেকং আদি৷

ঙ) আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ

উত্তৰ:- পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ আফ্ৰিকাত বহুকেইটা হ্ৰদ আছে৷ সেইবোৰ হৈছে৷- ভিক্টোৰিয়া, এলর্বাট টাংগানিকা, চাড, ভোল্টা, ন্যাচা, কেভ’ৰা বাচ্চা, মালবি, টুর্কানা, কিভু, কোচ্চৌ, এব্বে আদি৷ ইয়াৰে ভিক্টোৰিয়া হ্ৰদৰ সৌন্দর্য্যৰ বাবে বহু পর্যটক মহাদেশখনলৈ যাত্ৰা কৰে৷

চ) ইউৰোপ মহাদেশৰ নদ নদী

উত্তৰ:- ইৰুপ মহাদেশ বহুতো নদ-নদীৰে ভৰা মহাদেশ৷ মহাদেশখনৰ কেইখনমান উল্লেখ্যযোগ্য নদী হৈছে- স্পেইনৰ এলব্ৰে; ফ্ৰাঞ্চৰ- ৰোণ আৰু চেইন; জার্মানীৰ ৰাইল আৰু এল্বে; পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা; অষ্ট্ৰিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব; বেলাৰুচ আৰু ইউক্ৰেইনৰ নিপাৰ; ইটালীৰ পো; গ্ৰেট ব্ৰিটেইনৰ থেমচ; ৰাছিয়াৰ ডন, ভল্গা আৰু ইউৰাল আদি৷

ছ) আপেলছিয়ান উচ্চভূমি অঞ্চল

উত্তৰ:- উত্তৰ আমেৰিকা মহাদেশৰ পূব অংশ বহুতো পর্বত-পাহাৰ, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত৷ ওখোৰা মোখোৰা এই উচ্চভুমি অঞ্চলকে আপেলছিয়ান বুলি কোৱা হয়৷ এই অঞ্চলৰ দক্ষিণ অংশত এলিঘেনি আৰু ব্লুৰিচ পর্বতশ্ৰেণী আছে৷

জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ

উত্তৰ:- উত্তৰ আমেৰিকা মহাদেশত বহুতো হ্ৰদ আছে৷ হ্ৰদ হৈছে চাৰিফালে মাটিৰে আৱৰি থকা বিশাল আকাৰৰ জলৰাশি৷ তাৰে প্ৰধান কেইটামান হৈছে- ছুপেৰিয়ৰ, হুৰু’ন, মিচিগান, এৰি, ওণ্টেৰিও, গ্ৰেট বিয়াৰ, গ্ৰেট শ্লেভ, উইনিপেগ আৰু গ্ৰেট ছল্ট আদি৷

১০. পার্থক্য লিখা:-

ক) মহীসোপান আৰু মহীঢাল

উত্তৰ:- স্থলমণ্ডলৰ উপকূলৰ পৰা জলমণ্ডল স্পর্শ কৰি থকা উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশসমূহক মহীসোপান (Continental Shelf) বোলে৷ ইয়াৰ গড় গভীৰতা প্ৰায় ২০০ মিটাৰ৷ আনহাতে মহীসোপানৰ পিছৰ পৰা আৰম্ভ হোৱা যথেষ্ট গভীৰ অংশটোক মহীঢাল (Continental Slope) বোলে৷ ইয়াৰ গড় গভীৰতা ৪০০ মিটাৰ পর্য্যন্ত হোৱা দেখা যায়৷  

খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ

উত্তৰ:- হিমালয় পর্বতশ্ৰেণীৰ অর্ন্তগত পৃথিৱীৰ আটাইকৈ উচ্চতম শৃংগ হৈছে এভাৰেষ্ট৷ উচ্চতা ৮৮৪৮ মিটাৰ আনহাতে অডউইন অষ্টিন কাৰাকোৰাম পর্বতমালাৰ অর্ন্তগত শৃংগ৷ পৃথিৱীৰ দ্বিতীয় উচ্চতম এইটি শৃংগৰ উচ্চতা ৮৬১১ মিটাৰ৷

গ) ওছেনিয়া মহাদেশ আৰু এণ্টার্কটিকা মহাদেশ

উত্তৰ:- ওছেনিয়া হৈছে  পৃথিৱীৰ স্থলভাগৰ ৫.৪% আগুৰি থকা দক্ষিণ গোলার্ধত অৱস্থিত মহাদেশ৷ ওছেনিয়া মহাদেশত জনবসতি আছে আৰু মহাদেশখনত মুঠ ১৪ খন দেশ আছে৷ আনহাতে এণ্টার্কটিকা মহাদেশ অতিমাত্ৰা ঠাণ্ডা আৰু ডাঠ বৰফেৰে আৱৰা জনশূণ্য মহাদেশ৷

ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভুমি

উত্তৰ:- গোবি মাৰুভুমি হৈছে এছিয়া মহাদেশৰ এখন মৰুভূমি আনহাতে আটাকামা হৈছে এণ্ডিজ পর্বতমালাত অৱস্থিত এখন উচ্চ মৰুভূমি৷ ইয়াত একেবাৰে বৰষুণ নহয়৷

১১. শুদ্ধ উত্তৰটো বাছি উলিওৱা

ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ

১) প্ৰশান্ত মহাসাগৰ ২) ভাৰত মহাসাগৰ ৩) আটলাণ্টিক মহাসাগৰ ৪) দক্ষিণ মহাসাগৰ

খ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন ?

১) উত্তৰ আমেৰিকা মহাদেশ ২) ইউৰোপ মহাদেশ ৩) এণ্টার্কটিকা মহাদেশ ৪) ওছেনিয়া মহাদেশ

গ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ?

১) আটলাণ্টিক মহাসাগৰ ২) উত্তৰ মহাসাগৰ ৩) প্ৰশান্ত  মহাসাগৰ ৪) ভাৰত মহাসাগৰ

ঘ) এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ?

১) ভুমধ্য সাগৰ ২) লোহিত সাগৰ ৩) কাস্পিয়ান সাগৰ  ৪) আৰৱ সাগৰ

ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিক ভাৱে কিহে পৃথক কৰিছে ?

১) ইউৰাল পর্বতমালা ২) ককেচাচ পর্বত ৩) কাস্পিয়ান সাগৰ ৪) ভল্গা নদী

চ) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত ?

১) উত্তৰ আমেৰিকা ২) দক্ষিণ আমেৰিকা ৩) আফ্ৰিকা ৪) এছিয়া

ছ) ব্ৰাজিলৰ ৰাজধানি কি ?

১) ৰিও ডি জেনেইৰা ২) ছাও পাওলো ৩) ব্ৰাচিলিয়া ৪) লিমা

 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ