ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ বিশ্বনাথ জিলা/ ২০২২
১. শুদ্ধ উত্তৰটো বাছি
উলিওৱা
১. মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ কৌশল পোন
প্ৰথমে প্ৰয়োগ কৰিছিল-
ক) ভাৰতত খ) দক্ষিণ
আফ্ৰিকাত গ) জাপানত ঘ) আমেৰিকাত
২. এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়-
ক) মেৰু অঞ্চলত খ) অৰণ্য অঞ্চলত গ) ঔদ্যোগিক অঞ্চলত ঘ) ঘাঁহনি অঞ্চলত
৩. ছিদবিৰ মূখ্য কার্যালয় অৱস্থিত-
ক) নতুন দিল্লীত খ) মুম্বাইত গ) লক্ষ্নৌত ঘ) অসমত
৪. ভাৰতৰ প্ৰথম বেংকটি আছিল
ক) ষ্টেট বেংক অব ইণ্ডিয়া খ) বেংক অৱ ইণ্ডিয়া
গ) বেংক অব হিন্দুস্থান ঘ) ৰিজার্ভ বেংক অব ইণ্ডিয়া
৫. কোনটো চনত ৰির্জাভ বেংক স্থাপিত হৈছিল
?
ক) ১৯৩৫ খ)
১৯৩৬ গ) ১৯৩৭ ঘ) ১৯৩৮
৬. বায়ু মণ্ডলত কার্বন ডাই- অক্সাইডৰ পৰিমাণ
কিমান ?
ক) ০.০৩৫%
খ) ০.০৩৫% গ) ০.৩৫% ঘ) ৩.৩৫%
৭. গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বর্ণবাদৰ বিৰুদ্ধে
ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল –
ক) ১৮৬৯ খ) ১৮৮৮ গ) ১৮৯১ ঘ) ১৮৯৩
৮.
সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল-
ক) কে. এম. মুন্সি খ) এন মাধৱ ৰাও গ) আলানি
কৃষ্ণস্বামী আয়াৰ ঘ) ড° বি আৰ
আম্বেদকাৰ
৯. ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰথম
বিদ্ৰোহ আছিল-
ক) ফুলগুৰি বিদ্ৰোহ
খ) লাচিমা বিদ্ৰোহ গ) ৰঙিয়া বিদ্ৰোহ ঘ) পথৰুঘাট বিদ্ৰোহ
১০. এলাহবাদ সন্ধি হৈছিল-
ক) ১৭৭৩ খ) ১৭৬৫
গ) ১৮৫৭ ঘ) ১৯০৫
১১. বংগৰ অংগচ্চেদ নাটখনৰ ৰচক আছিল-
ক) ক্ষীৰোদ প্ৰসাদ খ) গিৰিশ ঘোষ গ) অমৰেন্দ্ৰ নাথ দত্ত ঘ) অমৃতলাল বসু
১২. অর্থনৈতিক ভূগোলৰ পিতৃ কোন আছিল ?
ক) চি. এফ. জন্স খ) জর্জ চিজহম গ) ডার্কেনৱাল্ড ঘ) পিটাৰ হেগেট
১৩. অসমত ইংৰাজে দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল-
ক) ১৮২৬ খ) ১৯৪৩
গ) ১৮৫৭ ঘ) ১৮৪৭
১৪. তলৰ কোনটো চিৰবিৰাজমান সম্পদ-
ক) সূর্য্যৰ ৰশ্মি
খ) শস্য গ) কয়লা ঘ) উদ্ভিদ
১৫. তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী
ক) এশিঙীয়া গড় খ) জিৰাফ গ) নল-গাহৰি ঘ) মেথোন
২. কেৱল উত্তৰ দিয়া
১. সম্পদ বুলিলে কি বুজা ?
উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বুলি বুজা
যায়৷
২. সীমান্ত গান্ধীৰূপে কাক জনা যায় ?
উত্তৰ:- খান আব্দুল
গফুৰ খান
৩. অর্ধযুক্তৰাষ্ট্ৰ বুলিলে কি বুজা ?
উত্তৰ:- এখন যুক্তৰাষ্ট্ৰত
থাকিব লগা সকলোবোৰ বৈশিষ্ট নাথাকি এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট সন্নিবিষ্ট থকাকে অর্ধযুক্তৰাষ্ট্ৰ
বোলে৷
৪. বিহিত মুদ্ৰাৰ সংজ্ঞা দিয়া ?
উত্তৰ:- যি মুদ্ৰাৰ
গ্ৰহণযোগ্যতা বিধিসন্মত আৰু তেনে মুদ্ৰা গ্ৰহণি কৰিবলৈ অমান্তি দর্শোৱা আইনমতে দণ্ডনীয়
সেয়াই বিহিত মুদ্ৰা৷
৫. অর্থনৈতি ভূগোল কি ?
উত্তৰ:- ভুগোলৰ যি
শাখাই সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত হৈ মানুহৰ কার্য্যকলাপসমূহৰ
স্থান আৰু কাল সাপেক্ষে অধ্যয়ণ কৰে, সেয়ে অর্থনৈতিক ভূগোল৷
৬. সার্বভৌমত্ব বুলিলে কি বুজা ?
উত্তৰ:- কোনো এখন
ৰাষ্টৰ সর্বোচ্চ ক্ষমতাকে ৰাষ্টষৰখনৰ সার্বভৌমত্ব বুলি বজা যায়৷
৭. খিলাফৎ আন্দোলনৰ জন্মদাতা কোন ?
উত্তৰ:- মৌলানা চৌকত
আলি আৰু মহম্মদ আলি৷
৮. মুদ্ৰা কাক বোলে ?
উত্তৰ:- বিনিময়ৰ
মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মুল্যৰ
ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰা সামগ্ৰীকে মুদ্ৰা বোলে৷
৯. অসমৰ সীমাত লাগি থকা এখন বিদেশী ৰাষ্ট্ৰৰ
নাম লিখা?
উত্তৰ:- বাংলাদেশ৷
১০. চৌৰীচৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ:- ১৯২২ চনৰ
৫ ফেব্ৰুৱাৰীত৷
১১. বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো
কেতিয়া গঠন হৈছিল ?
উত্তৰ:- ১৯০৬ চনত৷
১২. মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায়
কৰিছিল?
উত্তৰ:- মধু মল্লিক
১৩. লর্ড মিণ্টো কোন আছিল ?
উত্তৰ:-লর্ড মিণ্টো ভাৰতৰ ভাইচৰয় আছিল৷ ১৪. শীতল মৰুভূমি কি ?
উত্তৰ:- মেৰু অঞ্চলৰ
বৰফাবৃত্ত এলেকাবোৰেই শীতল মৰুভুমি৷
১৫. বাণিজ্যিক বেংক কাক বোলে ?
উত্তৰ:- কেন্দ্ৰীয়
বেংকৰ নির্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যেক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ-বাণিজ্য
আদিত জড়িত বেংককেই বাণিজ্যিক বেংক বোলে৷
১৬. ভাৰত পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি
?
উত্তৰ:- ৰেডক্লিফ
লাইন
১৭. কোনবিধ গেছৰ বৃদ্ধিয়ে এচিড বৰষুণৰ সৃষ্টি
কৰে ?
উত্তৰ:- ছালফাৰ ডাই
অক্সাইড৷
১৮. কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে ‘কৰিম
কিম্বা মৰিম’ শ্লোগানটি দিছিল ?
উত্তৰ:- ভাৰত ত্যাগ
আন্দোলন
১৯. ‘বন্দে মাতৰম’ গীতটো কোনে লিখিছিল ?
উত্তৰ:- উমেশচন্দ্ৰ
বেনার্জী৷
২০. মণিৰাম দেৱানক কেতিয়া ফাঁচি হৈছিল ?
উত্তৰ:- ১৮৫৮ চনত৷
৩. খালী ঠাই পূৰ কৰা
১. বংগ বিভাজন কার্য্যকৰী হৈছিল---
উত্তৰ:- ১৬ অক্টোবৰ,
১৯০৫৷
২. ভাৰতীয় ৰির্জাভ বেংক এটা—
উত্তৰ:- কেন্দ্ৰীয়
বেংক
৩. পৃথিৱীৰ ভিতৰত মৰুকৰণৰ দ্বাৰা সর্বাধিক
আক্ৰান্ত মহাদেশখনৰ নাম হল-
উত্তৰ:- উত্তৰ আমেৰিকা৷
৪. ‘বিশ্ব পৰিবেশ দিৱস’ পালন কৰা হয়-
উত্তৰ:- ৫ জুন
৫. ভাৰত ত্যাগ আন্দোলন হৈছিল-
উত্তৰ:- ১৯৪২ চনত
৬. ১৯৩০ চনত গান্ধীজীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ
কৰা অসমীয়া ব্যক্তি গৰাকী হ’ল-
উত্তৰ:- লীলাধৰ বৰুৱা
৭. অসম কেশৰী বুলি কোৱা হয়-
উত্তৰ:- অম্বিকাগিৰি
ৰায়চৌধুৰী
৮. যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়-
উত্তৰ:- আমেৰিকা
যুক্তৰাষ্ট্ৰ
৯. বংগদেশ একত্ৰীকৰণ হৈছিল-
উত্তৰ:- ১৯১১ চনৰ
১২ ডিচেম্বৰত৷
১০. আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল-
উত্তৰ:- ১৯৪৩ চনত
দ্বিতীয় খণ্ড
৪. গান্ধী আৰউইন
চুক্তিৰ দুটা চর্ত লিখা৷ (২)
উত্তৰ:- ক) তৃতীয়
পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্ৰহীৰ পৰা অধিগ্ৰহণ কৰা মাটি ঘূৰাই দিয়া আৰু খ) দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক কাৰাগাৰৰ পৰা মুকলি
কৰি দিয়া৷
৫. আছাম এছ’চিয়েচনৰ
প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ? (২)
উত্তৰ:- সভাপতি- গৌৰীপুৰৰ ৰজা প্ৰভাতচন্দ্ৰ
বৰুৱা আৰু সম্পাদক- মাণিক চন্দ্ৰ বৰুৱা৷
৬. বংগ বিভাজনৰ অর্ন্তনিহিত
উদ্দেশ্য কি আছিল বহলাই লিখা ? (৩)
উত্তৰ:- ইংৰাজ চৰকাৰে ১৯০৫ চনৰ ১৬ অক্টোৱৰত বংগ বিভাজন কার্ষকৰী
কৰে৷ বংগ প্ৰদেশক এজন লেফটেনেণ্ট গৱর্ণৰে শাসন কৰিব নোৱৰাৰ অজুহাত দেখুৱাই দুভাগত বিভক্ত
কৰিছিল৷ কিন্তু ইয়াৰ অন্তনিহিত উদ্দেশ্য বেলেগ আছিল৷ তলত তাৰ কাৰণবোৰ দিয়া হ’ল-
ক)
বংগদেশৰ হিন্দু-মুছলমানৰ মাজত একতা ভাঙি সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা৷
খ)
বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱী সকলক দুয়োখন প্ৰদেশত সংখ্যালঘুত
পৰিণত কৰা৷
গ)
একতাৰ শক্তিক বিভাজিত কৰি ইংৰাজ বিদ্বেষী চৰমপন্থীসকলক দমন কৰা ৷
৭. অসমত ১৮৫৭-৫৮
চনৰ বিদ্ৰোহ বিফল হোৱাৰ তিনিটা কাৰণ উল্লেখ কৰা ? (৩)
উত্তৰ:- অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ বিফল হোৱাৰ ৩ টা কাৰণ তলত
উল্লেখ কৰা হ’ল-
ক)
বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া আৰু মণিৰাম দেৱানৰ সমর্থকসকল কেৱল যোৰহাট শিৱসাগৰতে সীমাবদ্ধ
আছিল৷নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমর্থন লাভ কৰিব পৰা নাছিল৷
খ)
বিদ্ৰোহী সকলৰ নেতা মণিৰাম দেৱান কলিকতাত থকাত আলোচনা সমূহ চিঠি পত্ৰৰ দ্বাৰা পৰিচালিত হোৱাত যোগাযোগ ব্যৱস্থা দুর্বল হৈছিল৷ লগতে মণিৰামৰ
নেতৃত্ব লব পৰা গুণৰ অভাৱ৷ প্ৰতিপক্ষক দুর্বলতা আৰু বুদ্ধিমত্তাক হেওজ্ঞান কৰাটো মণিৰাম
দেৱানৰ ব্যক্তিগত দুর্বলতাৰ নিদর্শন৷
গ)
নতুন মধ্যবিত্ত শ্ৰেণীটোৰ বিদ্ৰোহৰ প্ৰতি উৎসাহ নাছিল৷ তেওঁলোকে পুনৰ আহোম ৰাজতন্ত্ৰ
হোৱাটো বিচৰা নাছিল আৰু বিদ্ৰোহৰ প্ৰতি সমর্থন আৰু সহানুভূতি প্ৰদর্শন নকৰিছিল৷
৮. ১৯২০-২২ চনত মহাত্মা
গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? গান্ধীজীয়ে এই আন্দোলন কিয় বন্ধ কৰিব লগা
হৈছিল ? (২+৩=৫)
উত্তৰ:- ১৯২০-২২ চনত গান্ধীজীয়ে অহিংস
পথেৰে ব্ৰিটিছ শাসনৰপৰা ভাৰতক মুক্ত কৰাৰ দৃঢ় প্ৰতিজ্ঞাৰে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল৷
অসযোগ আন্দোলন আৰম্ভ কৰাৰ কাৰকসমূহ আছিল ক্ৰমে- ক) প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি৷
খ) ৰাওলাট এক্টৰ দমনমূলক নীতি৷ গ) ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড৷ ঘ) ব্ৰিটিছসকলৰ অর্থনৈতিক শোষণ আদি৷
গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ
কৰাৰ মূল কাৰণ আছিল- উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰী চৌৰাত ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত
আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি৷ পুলিচৰ গুলীত তিনিজনৰ মৃত্যু৷ উন্মত্ত জনতাই
পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক হত্যা কৰে৷ এই কাণ্ডই অহিংস নীতি পৰিহাৰ কৰিছে
বুলি গান্ধীয়ে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰিছিল৷
নাইবা
কি কি কাৰকে ভাৰত ত্যাগ আন্দোলন
সুচনা হোৱাত ইন্ধন যোগাইছিল ? ভাৰত ত্যাগ আন্দোলনৰ পৰিক্ৰমা সম্বন্ধে চমুকৈ আলোচনা
কৰা৷ (২+৩=৫)
উত্তৰ:- গান্ধীজীৰ তৃতীয় বৃহৎ ‘ভাৰত ত্যাগ
আন্দোলন’ সূচনা হোৱাৰ বহুকেইটা কাৰকে ইন্ধন যোগাইছিল৷ সেইবোৰ আছিল দ্বিতীয় মহাযুদ্ধৰ
সময়ত জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূর্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব
নোৱাৰিব বুলি ভাৰতীয় সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভয়৷
১৯৪২ চনৰ আগষ্ট মাহত
নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি ঘটাইছিল৷ ৮ আগষ্টত বোম্বাইত
অনুষ্ঠিত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি প্ৰস্তাৱ গৃহীত কৰে৷
গান্ধীজীয়ে উদ্দাত্ত ভাষণ দি ‘কৰিম কিম্বা মৰিম’ ধ্বনি দি সকলোকে আন্দোলনৰ জঁপিয়াই
পৰিবলৈ প্ৰেৰণা যোগাইছিল৷ ব্ৰিটিছ চৰকাৰে আন্দোলনকাৰীসকলক কাৰাগাৰত নিক্ষেপ কৰিছিল
যদিও সমগ্ৰ দেশতে হৰতাল আৰু বিদেশী সামগ্ৰীপূর্ণ দোকান ঘৰ ভাঙি চূৰমাৰ কৰিছিল৷ ৰেল
ষ্টেচন, আদালত, পুলিচ থানাত আক্ৰমণ কৰিছিল৷ ৰেল লাইন আৰু টেলিফোন লাইন কাটি পেলাইছিল৷
কিছু কিছু ঠাইত দেশীয় শাসকে ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি নিজাকৈ চৰকাৰ গঠন কৰিছিল৷
এনেদৰে কম সময়ৰ বাবে ভাৰত ত্যাগ আন্দোলনৰ পৰিক্ৰমাৰ সূচনা হৈছিল৷
তৃতীয় খণ্ড
৯. অর্থনৈতিক ভুগোলৰ
সজ্ঞা দিয়া ? (২)
উত্তৰ:- ভুগোলৰ যি অংশই সম্পদ আৰু মানুহৰ
কাম-কান আদিৰ লগত জড়িত কার্যকলাপসমূহ আলোচনা কৰে সেয়াই অর্থনৈতিক ভূগোল৷
১০. সেউজগৃহ গেছৰ
লগত সর্ম্পকিত দুবিধ গেছৰ নাম লিখা (২)
উত্তৰ:- কার্বন ডাই অক্সাইড আৰু নাইট্ৰাছ
অক্সাইড
১১. গোলকীয় উষ্ণতা
বৃদ্ধি ৰোধ কেনেকৈ কৰিব পাৰি ? (৩)
উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধি বর্তমান বিশ্বৰ আটাইতকৈ ভয়াবহ সমস্যা৷
এই সমস্যা সমাধান কৰাৰ তিনিটা পৰামর্শ আগবঢ়োৱা হ’ল-
ক) বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ পৰিমাণ
হ্ৰাস কৰিবলৈ সকলোৱে উমৈহতীয়া চেষ্টা কৰা৷ ভূ-পৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপ যাতে নাবাঢ়ে
তাৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ পৃথিৱীৰ ৰাষ্ট্ৰসমূহ কম বেছি পৰিমাণে সাজু হ’ব লাগিব৷
খ) গোলকীয় উত্তাপ বৃদ্ধিয়ে ভৱিয্যতে সৃষ্টি
কৰিব পৰা সমস্যা সমূহৰ বিষয়ে বিশ্ববাসীক সজাগ সৃষ্টি কৰা৷ মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ
গলন, শস্য উৎপাদন হ্ৰাস, মৰুকৰণ আদি সমস্যাৰ বিষয়ে সমন্বিত সজাগতাৰ ব্যৱস্থা কৰা৷
গ) ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠানে কঠোৰ আইন প্ৰণয়ণ
কৰি গোলকীয় উত্তাপ সমস্যা সমাধানৰ ক্ষেত্ৰত নেতৃত্ব গ্ৰহণ কৰিব লাগিব৷
১২. সম্পদ সংৰক্ষণৰ
চাৰিটা পদ্ধতি উল্লেখ কৰা ? (৪)
উত্তৰ:- সম্পদ সংৰক্ষণৰ চাৰিটা
পদ্ধতিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-
ক) বিকল্প সম্পদৰ সন্ধান:- বহুলভাৱে
ব্যৱহৃত সম্পদ এটাৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্ভাৱনা উদঘাটৰ বাবে জৰীপ
আৰু উদঘাটৰ বাবে গৱেষণা কৰাৰ প্ৰয়োজন আছে৷ উদাহৰণ- কয়লা, খনিজ তেল ব্যৱহাৰৰ সময়তে সৌৰশক্তি,
বতাহ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা৷
খ) অভিযোজন বা নৱপ্ৰচলন:- প্ৰকৃতিৰপৰা
আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন প্ৰক্ৰিয়াৰে প্ৰয়োগ কৰি সম্পদ সংৰক্ষণ কৰিব পাৰি৷
উদাহৰণ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ সলনি জৈৱ সাৰ আৰু জৈৱ কীটনাশক আদি প্ৰয়োগ কৰিব পাৰি৷
গ) সংৰক্ষণ সর্ম্পকীয় আইনৰ কার্যকৰীকৰণ ব্যৱস্থা
কটকটীয়া আৰু সুনিশ্চিত কৰাৰ লগতে সঠিকভাৱে ৰূপায়ণকৰণ৷
ঘ) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ :- সম্পদৰ
অযথা অপচৰ ৰোধৰ বাবে শিক্ষাৰ যোগেদি সচেতনতা বৃদ্ধি কৰা৷
নাইবা
ভূমি প্ৰদূষণ কি ? ইয়াৰ কাৰণসমূহ
লিখা ?
উত্তৰ:- প্ৰাকৃতিক আৰু মানৱজনিত কাৰণত ভূমিয়ে নিজৰ
স্বাভাৱিক অৱস্থা হেৰুৱাই বিষাক্ত ধানু, আৱর্জনা, তেজষ্ক্ৰিয় পদার্থৰ লগত মিহলি হোৱাই
ভূমি প্ৰদূষণ৷
আধুনিক কৃষিকার্য্য,
উদ্যোগৰ প্ৰসাৰ আৰু ক্ৰমবর্ধিত হাৰত চলি থকা বননি ধ্বংসই ভূমি প্ৰদূষণৰ ঘাই কাৰণ৷ কৃষিৰ
আধুনিকৰণৰ কাৰণে ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰৱ প্ৰয়োগ বৃদ্ধিয়ে মাটিৰ স্বাভাৱিক
গঠন আৰু গুণাগুণ সলনি কৰি ভুমি প্ৰদূষিত কৰে৷
তদুপৰি ঔদ্যোগিক
আৱর্জনা, প্লাষ্টিক, কাঁচ আৰু ৰাসায়নিক পদার্থয়ো মাটিত মিহলি হৈ ভুমি প্ৰদূষণৰ কাৰক
হৈ পৰে৷
ভূগর্ভৰপৰা কয়লা,
খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ
ভূমি প্ৰদূষনৰ কাৰক হৈ পৰে৷
১৩. মহাদেশীয় বিস্থাপন
সূত্ৰমতে মহাদেশসমূহৰ বিস্তৃতি কেনেদৰে হৈছিল ? (৫)
উত্তৰ:- মহাদেশীয় বিস্থাপন
সূত্ৰ অনুসৰি আদিতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল৷
স্থলমণ্ডলটোক পেঞ্জিয়া আৰু চাৰিওকাষৰ জলমণ্ডলক পান্থালাছা বোলা হৈছিল৷
কিছুকাল অতিক্ৰম কৰাৰ পাছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলি টেথিছ
সাগৰৰ সৃষ্টি হ’ল৷ ফলত উত্তৰৰ অংশটোক আঙ্গাৰালেণ্ড আৰু দক্ষিণ ফালটোক
গণ্ডোৱালেণ্ড বোলা হৈছিল৷ ২৫০ নিযুত বছৰ পূর্বে এই দুয়োটা অংশৰ ভূত্বৰ ফাটন ঘটি
বর্তমানৰ মহাদেশ কেইখন সৃষ্টি হ’ল৷ মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি আঙ্গাৰালেণ্ডৰ পৰা উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, ইউৰোপ
আৰু এছিয়া সৃষ্টি হ’ল৷ গণ্ডোৱালেণ্ডৰ পৰা দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবর্ষ,
আৰৱ অঞ্চল, অষ্ট্ৰেলিয়া, এণ্টার্কটিকাৰ সৃষ্টি হৈছিল৷ এইদৰে মহাদেশীয় মহাদেশীয় বিস্থাপন
সূত্ৰমতে মহাদেশসমূহৰ বিস্তৃতি হৈছিল৷
নাইবা
মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ
সর্ম্পকে চমুকৈ লিখা৷
উত্তৰ:- পৃথিৱীত জলমণ্ডল
আৰু স্থলমণ্ডল সমূহ সুকীয়াকৈ একেলগে থূপ মাৰি থকা অৱস্থাত নাই৷ কাস্পিয়ান, মৰু আৰু
আৰল সাগৰক বাদ দি দুয়োটা মণ্ডলৰ অংশসমুহে ইটোৱে সিটোক বিভাজিত কৰি সোমাই আছে৷ আটাইকেইখন
মহাসাগৰে ইখনে সিখনৰ লগত সংযোগ স্থাপন কৰি আছে৷ হৈছে৷ প্ৰশান্ত মহাসাগৰ এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ
মাজত অৱস্থিত; আটলাণ্টিক মহাসাগৰ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকাৰ
মাজত; ভাৰত মহাসাগৰ এছিয়াৰ দক্ষিণে, আফ্ৰিকাৰ পূবে আৰু ওছেনিয়াৰ পশ্চিমত অৱস্থিত; উত্তৰ
মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়াৰ উত্তৰ দিশত অৱস্থিত আৰু দক্ষিণ মহাসাগৰ দক্ষিণ
আমেৰিকা, আফ্ৰিকা আৰু ওছেনিয়াৰৰ দক্ষিণে অৱস্থিত৷ স্থলমণ্ডলক চাৰিটা বৃহৎ অংশ ক্ৰমে-
প্ৰথম অংশ (এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশ) দ্বিতীয় অংশ (উত্তৰ আৰু দক্ষিণ আমেৰিকা)
তৃতীয় অংশ (অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগলাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশ) আৰু চতুর্থ
অংশ (এণ্টার্কটিকা মহাদেশ)
এনেদৰে
পৃথিৱীখনত মহাসাগৰ আৰু মহাদেশবোৰ বিতৰন হৈ আছে৷
নাইবা
পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশই
কিয় উত্তৰ গোলার্ধত বাস কৰে ? এছিয়া মহাদেশৰ ভৌগোলিক চৰিত্ৰ ব্যাখ্যা কৰা৷
উত্তৰ:- স্থলমণ্ডলৰ বৃহৎ অংশ (৬৭%) উত্তৰ
গোলার্ধত অৱস্থিত সেয়েহে মুঠ জনসংখ্যাৰ প্ৰায় ৯০% উত্তৰ গোলার্ধত বাস কৰে৷
এছিয়া
পৃথিৱীৰ বৃহত্তম মহাদেশ৷ উত্তৰ গোলার্ধত অৱস্থিত মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে
ভাৰত মহাসাগৰ, পূবে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ; পশ্চিমে লোহিত সাগৰ, ছুয়েজ
খাল, ভুমধ্য সাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পর্বতে আগুৰি
আছে৷ মহাদেশখনত ৫১ খন দেশ আছে৷
মহাদেশখন সুউচ্চ পর্বতশ্ৰেণী, মালভুমি, নদী
উপত্যকা, নিম্নভুমি, উপকূলীয় সমভূমি, মহাসাগৰীয় দ্বীপ, মৰুভুমি আদিৰে আৱৰা৷ হিমালয়
পর্বতশ্ৰেণীৰ অন্তর্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট এছিয়াতে অৱস্থিত৷
মহাদেশখনৰ মাজেৰে
বৈ যোৱা ডাঙৰ ডাঙৰ নৈবোৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ-মহাসাগৰলৈ বৈ গৈছে৷ নদীয়ে
কেবাখনো সাৰুৱা সমভুমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে৷ মহাদেশখনত বহু কেইটা সৰু-ডাঙৰ হ্ৰদো
আছে৷
চতুর্থ খণ্ড
১৪. প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰিছে ? (২)
উত্তৰ:- ভাৰতীয় সংবিধান প্ৰণেতাসকলে প্ৰস্তাৱনাত
‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি স্পষ্টকৈ ক’ব খুজিছে যে সংবিধানৰ ৰচক ভাৰতীয়
জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি৷
১৫. কোন চনৰ কিমান
সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধর্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট
কৰা হৈছিল ? (২)
উত্তৰ:- ১৯৭৬ চনৰ ১৮ ডিচেম্বৰত হোৱা সংবিধানৰ
৪২ তম সংশোধনীত প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধর্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা
হৈছি৷
১৬. ভাৰতীয় যুক্তৰাষ্ট্ৰীয়
ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা৷ (২)
উত্তৰ:- ভাৰতবর্ষৰ যুক্তৰাষ্ট্ৰীয়
ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হৈছে-
ক) ভাৰতবর্ষৰ যক্তৰাষ্ট্ৰীয় ব্যৱস্থাত আমেৰিকাৰ
দৰে দ্বৈত নাগৰিকত্বৰ পৰিবর্তে একক নাগৰিকত্বৰ ব্যৱস্থা আছে৷
খ) অন্য যুক্তৰাষ্ট্ৰৰ বিপৰীতে ভাৰতবর্ষৰ
কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী৷ সংবিধান সূচীৰ যৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ
ভাগ-বিতৰণ কৰিলেও সকলো গুৰু্প্তপূর্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্ৰীভূত হৈ আছে৷
১৭. বিনিময় প্ৰথা
বুলিলে কি বুজা ? (২)
উত্তৰ:- আটাইবোৰ সামগ্ৰী কোনেও নিজে উৎপাদন
কৰিব নোৱাৰে৷ ফলত উৎপাদিত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হৈ’ছে বিনিময়
প্ৰথা৷
১৮. চেক মুদ্ৰা হয়নে
? তোমাৰ সপক্ষে যুক্তি দিয়া৷ (২)
উত্তৰ:- চেক মুদ্ৰা নহয়৷ ই মুদ্ৰা পৰিশোধৰ
এটা আদেশহে মাথোন৷ চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে৷ ইয়াক ধনাদেশ বা নিকট মুদ্ৰা
হিচাপে ব্যৱহাৰ কৰিব পাৰি৷
১৯. মুদ্ৰাৰ তিনিটা
কার্য লিখা৷ (৩)
উত্তৰ:- মুদ্ৰাৰ তিনিটা কার্য তলত উল্লেখ
কৰা হ’ল-
ক) মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম
খ) মুদ্ৰাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে
কার্য সম্পাদন কৰে
গ) মুদ্ৰাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে
কার্য সম্পাদন কৰে৷
২০. আভ্যন্তৰীণ মূল্যায়ণ
(১০)
0 মন্তব্যসমূহ