কিতাপ ৯৯৪৫


বিলাতী হোজা- ড° প্ৰফুল্লদত্ত গোস্বামী


অসম শিশু সাহিত্য ন্যাস গুৱাহাটী/ প্ৰথম সংস্কৰণ ১৯৪৮ (পঞ্চম সংস্কৰণ-২০০১) মূল্য-২৬ টকা/ মুঠ পৃষ্ঠা- ৬৪

লোকসংস্কৃতিৰ সাধক প্ৰফুল্লদত্ত গোস্বামীৰ ১৭ টা সাধুৰ শিশুগ্ৰন্থ৷ দুআষাৰ কথাত তেখেতে উল্লেখ কৰিছে, “এই গল্পকেইটা ঘাইকৈ ন-দহ বছৰৰ ল’ৰা-ছোৱালীৰ কাৰণে যুগুত কৰা হৈছে৷ তাতকৈ অলপ কম বয়সীয়া পাঠক-পাঠিকায়ো বুকি পাব পাৰে৷ ভাষা সৰল কৰিবলৈ চেষ্টা কৰিলেও আটাইকেইটা গল্প যে ‘পানীৰ দৰে’ ঠাঁচত লিখা হৈছে সেই কথা ক’ব নোৱাৰি৷ ল’ৰা ছোৱালীৰ কৌতুহল আৰু আগ্ৰহ যাতে বাঢ়ে তালৈ লক্ষ্য ৰাখি এইবিলাক কিছু পৰিমাণে গল্পৰ ধৰণত সজোৱা হৈছে, অর্থাৎ সাধাৰণ মানুহৰ সাধুকথাৰ দৰে ঘটনাৰ ক্ৰম ধৰি এফালৰ পৰা মাথোন বর্ণনা কৰা হোৱা নাই৷ গল্প বিলাকৰ দুই-চাৰিটা, যেনে- ‘সিংহৰ গৰাহত’, ‘শিয়ালৰ বুদ্ধি’ (১), ‘ক্ৰুছৰ যুদ্ধৰ অকণ সৈন্যবোৰ’, ‘আলেকজেণ্ডাৰ আৰু ভাৰতীয় যোগী—অনুবাদৰ পর্য্যায়ত পৰে৷ আন কেইটামান ‘বিলাতী হোজা’, ‘শিয়ালৰ বুদ্ধি’ (২) ‘মগজৰ দৰব’ বিদেশী গল্পৰ অৱলম্বনত ৰচিত৷ ‘জয়ন্তীপুৰৰ ন্যায়-ঘণ্টা’ মূলত ইটালী দেশৰ গল্প, ত্ৰয়োদশ শতিকামানতে ৰচিত৷ আধুনিক চুটিগল্পৰ উহ বিচাৰিলে এইধৰণৰ ইটালীয় গল্পবোৰলৈ যাব লাগে৷”

কিতাপখনৰ পৰা এটা গল্প

বিলাতী হোজা

মানুহজনৰ নাম হোজা৷ পিছে সি অসমীয়া হোজা নহয়, বিলাতী অথাৎ বিদেশী, আৰু প্ৰকৃততে অতি টেঙৰ৷ এদিন সি তাৰ চুবুৰীয়া মানুহ এঘৰৰ পৰা ভাত ৰন্ধা কেৰাহী এটা খুজি আনিলে৷ কেইদিনমানৰ মূৰত সেইটো ওভোতাই দিবৰ সময়ত সি লগতে অকণমানি কেৰাহী এটাও উলিয়াই দিলে দিলে৷ কেৰাহীৰ গিৰিহতে আচৰিত হৈ সুধিলে—“এইটো আকৌ কিয় দিলা ?” “অ’- এইটো টোমাৰপৰা নিয়া কেৰাহীটিৰ পোৱালি, মোৰ ঘৰতে জগিল৷” মানুহজনে ভাবিলে , ই কেনে অঁকৰা! কিন্তু সি ৰং মনে সুমুৱাই থলে৷ কেইদিনমানৰ পাচত হোজাই কেৰাহীটো আকৌ খুজি আনিলে৷ কেৰাহীটো ওভোতাই দিয়াত পলম হোৱা দেখি গৰাকী সাধিবলৈ আহিল৷ হোজাই তাক ক’লে, “কেৰাহীটো মৰিল৷” “কি কৈছে, কেৰাহীওনো মেৰেনে ?” “এৰা, পোৱালী দিওঁতে মৰি থাকিল৷” মানুহজনৰ মুখৰ মাত হৰিল৷



এদিন গাঁৱত এখন মেল বহিল৷ আটায়ে হোজাক ক’লে, “তুমি দু-আষাৰমান ক’ব লাগে৷” হোজা উঠিল আৰু ক’লে, ‘ৰাইজসকল, আমি আটায়ে এই মেলত কিয় গোট খাইছোঁ আপোনালোকে নিশ্চয় জানে…”৷ আটায়ে শলাগিলে, “হয় হয়৷”৷ “তেনেহ’লে মোৰ কোৱাৰনো আৱশ্যক কি ? মই বহিলোঁ৷”


আৰু এদিন মেল বহিল৷ সেইদিনাও আটায়ে হোজাক ক’লে. “হোজা, তুমি আষাৰচেৰেক ক’ব লাগে৷” হোজা উঠিল, ৰাইজসকল, আমি আজি ইয়াত কিয় গোট খাইছোঁহি আপোনালোকে জানে নিশ্চয়…”৷ সকলোৱে চিঞৰি উঠিল, “নাই, নাজানো৷” “ই দেখোন কেনে বিপৰীত কথা! আজি ইয়াত এখন মেল বহিছে, আৰু আপোনালোকে নাজানে কিয় বহিছে৷ আপোনালোকে নাজানে যদি ময়ো নাজানো৷ মই বহিলোঁ৷”


         তাৰ পাচত গাঁৱত কিবা কাজিয়া-পেচাল লগাত গঢ়াই আৰু এখন মেল বহুৱালে৷ মেলত উপস্থিত সকলো মানুহে মতামত দিয়া নিয়ম৷ বুঢ়ালোকে কয়-

মেলত থাকি নকয় উচিত

পাপে পায় কিঞ্চিত কিঞ্চিত৷

    সেইদিনাও হোজাৰ ক’বৰ পাল পৰিল৷ হোজা উঠিল, ‘ৰাইজসকল, মইনো কি ক’ম ? আপোনালোকে সকলো জানেই—” 

ৰাইজে ভাবিলে, ইয়াক এইবেলি ভালকৈ লঘু কৰিম, সিনো কিমান সিয়ান চাম৷ এইদৰে আলচ কৰি কেতবোৰ মানুহে ক’লে, “আমি নাজানো” আৰু কেতবিলাকে ক’লে, “হয়, আমি জানো৷” তেতিয়া হোজাই ক’বলৈ ধৰিলে, “ৰাইজসকল, আপোনালোকে কৈছে, কেতবিলাকে জানে আৰু কেতবিলাকে নাজানে৷ মই আশাকৰোঁ, জনাবিলাকে নজনাবিলাকক সকলো কথা ভাঙি-পাতি ক’ব৷ মই বহিলোঁ৷”

মানুহবিলাকে কি ক’ব ভাবিয়ে নাপালে৷ 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ