কিতাপ-৯৯৪৬

 

কিশোৰ-কিশোৰীৰ গদ্য আৰু পদ্য- হৰিনাৰায়ণ দত্তবৰুৱা



/ লয়ার্ছ বুক ষ্টল/ প্ৰথম প্ৰকাশ-২০০০/ মূল্য-১৫.০০/ মুঠ পৃষ্ঠা- ২৩৷  

অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী লয়ার্ছ বুক ষ্টলৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ দত্তবৰুৱাই অসংখ্য ধর্মপুথি সম্পাদনা কৰিছিল৷ তাৰ বাদেও কিশোৰ-কিশোৰীসকলৰ বাবে তেওঁ কিছুমান গদ্য আৰু পদ্য ৰচনা কৰিছিল৷

কিতাপখনৰ পৰা এটা সাধু

কৃপণৰ অনুতাপ (১ম ছোৱা)



কিছু বছৰৰ আগতে ফাহী নামে এজন সাধু আছিল৷ তেওঁ ভাৰতবর্ষৰ ভালেখিনি ঠাই ফুৰে৷ ফাহী বাকসিদ্ধ পুৰুষ আছিল৷ তেওঁ এদিন গাওঁ ফুৰোঁতে সন্ধ্যা সময়ত এঘৰ চহকী মানুহৰ ঘৰত উপস্থিত হয়৷ মানুহ ঘৰৰ ল’ৰা-ছোৱালী নাই, কেৱল গিৰীয়েক আৰু ঘৈণীয়েক মাথোন৷ তেওঁলোকৰ ধন-বস্তু ঢেৰ, কিন্তু খাওঁতা নাই৷ মানুহজন কৃপণ, ঘৈণীয়েকজনীও লোভী আৰু দন্দুৰী আছিল৷ সাধু তেওঁলোকৰ ঘৰ সোমোৱাত সাধুৰ অভিপ্ৰায় বুজি কৃপণে নিজৰ নানা আলৈ আহুকালৰ কথা কবলৈ ধৰিলে৷ ফাহীয়ে সেইবোৰ শুনিয়ে নিশা তাত থাকিবলৈ বিচৰাত গিৰীয়েক-ঘৈণীয়েকে দুয়ো টান কথা কৈ তেওঁক ঘৰৰ পৰা উলিয়াই দিলে আৰু বাটচ’ৰাৰ দুৱাৰ বন্ধ কৰি থ’লে৷

চহকী মানুহঘৰৰ সম্মুখতে এঘৰ মানুহ আছিল৷ তেওঁলোকৰ ল’ৰা-ছোৱালী এবাহ, কিন্তু উপার্জন কম৷ সাধুক উলিয়াই দিয়া সময়ত এই দুখীয়া মানুহজন পদূলিমুখত আছিল৷ তেওঁ সাধুক দেখি আদৰ কৰি ঘৰলৈ মাতি নিলে আৰু নিশাটো তাতে থাকিবলৈ অনুৰোধ কৰিলে৷ ৰাতি হৈ অহা দেখি ফাহীও থাকিবলৈ সন্মত হ’ল৷ দুখীয়া গৃহস্থে সাধুক শোৱা ঠাই ঠিক কৰি দিলে; সাধুৰ কাপোৰ কম দেখি গৃহস্থৰ গাত লোৱা কম্বলখনকে বিছনাত পাৰি দিলেল গৃহিনীয়ে দুঘৰ ফুৰি কিবা অলপ বিচাৰি আনি সাধুক জলপান খাবলৈ দিলে৷ তেওঁ জলপান খাই আনন্দ মনে টোপনি গ’ল৷

ৰাতিপুৱালৈ অলপ বাকী থাকোঁতে ফাহী উঠিল অৰু গৃহস্থক মাত লগাই যাবলৈ ওলাল৷ গৃহস্থ-গৃহিণী দুয়ো উঠিল আৰু তেওঁলোকৰ শুশ্ৰূষাৰ নানা ক্ৰটী স্বীকাৰ কৰি ক্ষমা খুজিলে৷ ফাহীতে তেতিয়া সুধিলে, “তোমালোকক কি বৰ লাগে কোৱা৷” তেওঁৰ কথা শুনি গিৰীয়েক-ঘৈণীয়েক দুয়ো ক’লে, “আপুনি আশীর্বাদ দিয়ক, যাতে আমি সদায়, ভালমতে অতিথি-সেৱা কৰিব পাৰোঁ৷” ফাহী তেওঁলোকৰ উদাৰ প্ৰার্থনাত পৰম সন্তুষ্ট হ’ল৷ তেওঁ হাঁহি ক’লে “এই জুপুৰি ঘৰ ৰাতিৰ ভিতৰতে ৰাজপুৰীৰ দৰে হওক আৰু ল’ৰা-ছোৱালীৰ সৈতে তোমালোকে পৰম সুখেৰে থাকা৷” এই বুলি ফাহীয়ে খোজ ল’লে৷ গৃহস্থও কিছু দূৰ তেওঁৰ পিচে পিচে গ’ল৷ গৃহস্থ ঘুৰি আহি দেখে যে তেওঁৰ জুপুৰি ঘৰৰ ঠাইত অট্ৰালিকা স্থাপিত হৈছে, অসংখ্য দাস-দাসীৰে ঘৰ পৰিপুর্ণ হৈছে, তেওঁক দেখি তেওঁৰ গৃহিণীয়ে ৰাজৰাণীৰ দৰে বেটীসকলৰ সৈতে তেওঁক আদৰি নিবলৈ আহিছে৷ নিছলা গৃহস্থই ঘৈণীয়েকক দেখি প্ৰথমে বৰ আচৰিত হ’ল, পাচত সাধুৰ আশীর্বাদ মনত পৰাত তেওঁৰ নিজৰ ঘৰ বুলি বিশ্বাস হ’ল৷ গৃহিণী লৰি গৈ ভাল সাজ-পোছাক আনি গৃহস্থক পিন্ধাই দিলে৷

২য় ছোৱা

কৃপণে ৰাতিপুৱা দুৱাৰমুখত সুন্দৰ অট্ৰালিকা দেখি অতি বিষ্মিত হ’ল৷ পাচত যেতিয়া তেওঁ তেওঁৰ পদূলিৰ আগৰ নিছলা জনেই অট্ৰালিকাৰ অধিকাৰী বুলি বুজি পালে, তেতিয়া তেওঁ বৰ আচৰিত হ’ল৷ যোৱা গধূলি ফিৰাই পঠিওৱা অতিথিৰ আর্শীবাদত যেতিয়া এই পৰির্বতন হোৱা বুলি শুনিলে, তেতিয়া তেওঁৰ মনত বৰ বেজাৰ লাগিল৷ ঘৈণীয়কৰ বেজাৰ আৰু চৰিল; তেওঁ সহিব নোৱাৰা হৈ গিৰীয়েকক ক’লে, “তুমি এতিয়াই ঘোঁৰাত উঠি সাধুক বিচাৰি যোৱা৷”

কৃপণৰ এটা ঘোঁৰা আছিল৷ তেওঁ লৰালৰিকৈ সেই ঘোঁৰাটোত উঠি হাত মুখ নোধোৱাকৈ যাত্ৰা কৰিলে৷ ফাহী বেছি দূৰ জাত্ৰা কৰা নাছিল; এপৰমান বেলি হওঁতেই কৃপণে গৈ তেওঁক লগ ধৰিলে৷ কৃপণে নানা নানা প্ৰকাৰৰ মিছা কথা কৈ যোৱা নিশা তেওঁক ৰাখিব নোৱাৰা বাবে তেওঁৰ ওচৰত ক্ষমা খুজিলে আৰু তেওঁক ঘৰলৈ আনিবলৈ ভউত কাকুতি মিনতি কৰিলে৷ ফাহী আহিবলৈ সন্মত নহ’ল; কিন্তু কৃপণৰ তিনিটা ইচ্চা পূর্ণ হ’ব বুলি কৃপণক বিদায় দিলে৷ বিনা খৰচে কৃপণে এইদৰে তিনিটা বৰ পোৱাত তেওঁৰ মনত বৰ ৰং লাগিল৷ কৃপণে গৈণীয়েকক এই সংবাদ বেগতে দিও বুলি ঘোঁৰাটো বেগাই চলাবলৈ ধৰিলে৷ ঘোঁৰাটো খোৰা, যাওঁতে দৌৰিছে৷ সি আৰু কিমান লৰিব ?

কৃপণে ঘোঁৰাটোক কোবাবলৈ ধৰিলে, তথাপি সি বেছিকৈ নেচেকুৰে৷ খং উঠি কৃপণে ক’লে, “এনে ঘোঁৰা মৰি যোৱাই ভাল৷’ ঘোঁৰাটো ততালিকে মৰিল৷

কৃপণে উপায় নাপায় জীন-লাগাম কান্ধত লৈ খোজ ধৰিলে৷ আহাৰ-শাওন মাহৰ ৰ’দত কৃপণ ঘামি জামি জুৰুলি-জুপুৰি হ’ল৷ তেতিয়া কৃপণৰ ঘৈণীয়েকলৈ খং উঠিল৷ তেওঁ মনে মনে ভাবিলে, “তাইৰ পৰাই মোৰ ইমান কষ্ট হ’ল, কালি যদি তাই সাধুক ৰাখিলেহেঁতেন, মোৰতো আজি এনে কষ্ট নহ’য়; তাইক পালে এতিয়াই তাইৰ পিঠিত জীন লগালোঁহেতেন!” কৃপণৰ মনৰ ভাবৰ লগতে জীন-লাগাম আকাশলৈ উৰিল আৰু কৃপণৰ ঘৈণীয়েকৰ পিঠিত লাগিল৷

কৃপণে ঘৰ পাই দেখে যে ঘৈণীয়েকে আটা ধৰিছে৷ লাগাম মুখত লাগিছে, জীনে পিঠিত ধৰিছে আৰু ওচৰ-চুবুৰীয়া অহি চোতাল ভৰি পৰিছে৷ ঘৈণীয়েকে চিঞৰি কৃপণৰ ভৰিত পৰিল৷ কৃপণে ভাবিলে, “সাধুৰ দুটা বৰ অনাহক খৰচ হ’ল; বাকী যিটো আছে, তাকে যদি কওঁ-জীন-লাগাম খোলকি পৰা বুলি, তেন্তে মোৰ একো লাভ নহয়৷” এইবুলি আৰু কিবা ভাবিব খোজোঁতেই দেখিলে যে লীন-লাগাম খোলকি পৰিল৷ তেতিয়া কৃপণে তাৰ সকলো কষ্ট অথলে যোৱা দেখি মূৰে-কপালে হাত দি বেজাৰ কৰিবলৈ ধৰিলে৷

একটি মন্তব্য পোস্ট করুন

2 মন্তব্যসমূহ