ভূগোল দশম শ্ৰেণী (ঐশ্বিক বিষয়) ৷ তৃতীয় অধ্যায় (প্ৰথম খণ্ড)

 

তৃতীয় অধ্যায়- আঞ্চলিক ভূগোল (Regional Geography)



পৃথিৱীৰ অঞ্চল একোটাৰ পূর্ণাংগ ভুগোলকে আঞ্চলিক ভূগোল বোলা হয়৷ ভুগোলবিদ সকলে নিদিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক ভাগ কৰি লৈছে৷ সেই দুটা হৈছে-

ক) ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত সমর্ধর্মী অঞ্চল (Homogenous Region) উদাহৰণ- মাটি, জলবায়ু, উদ্ভিদ আদিৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক অঞ্চল (Natural Region); হিন্দীভাষী, অসমীয়া, বড়োভাষী আদি ভাষাৰ ওপৰত ভিত্তি কৰি ভাষিক অঞ্চল (Languastic Region)

খ) উপাদানসমূহৰ ক্ৰিয়াত্মক সর্ম্পকৰ ভিত্তিত ক্ৰিয়াত্মক অঞ্চল (Functional Region) উদাহৰণ এখন নগৰৰ পৰিসীমাৰ ভিতৰুৱা উপাদানসমূহৰ ওপৰত কেন্দ্ৰ কৰি ক্ৰিয়া-কর্মৰ দ্বাৰা সংযুক্ত (Functionally linked) আৰু কেন্দ্ৰীয় স্থানক অঞ্চল (Central Place)

পৃথিৱীৰ চমু পৰিচয়:- ভুপৃষ্ঠৰ ২৯% মাটি (৪৯ বর্গ নিযুত কিঃ মিঃ) আৰু ৭১% পানী (৩৬১ বর্গ নিযুত কিঃ মি)৷ ৭ খন মহাদেশ আৰু ৫ খন মহাসাগৰ৷ পৃথিৱীৰ ৯০% লোক বাস কৰে উত্তৰ গোলার্ধত৷ প্ৰাকৃতিক পৰিবেশৰ বিবিধ তাৰতম্যৰ বাবে জনসংখ্যাৰ বিতৰণ আৰু জীৱন ধাৰণ প্ৰণালী একে নহয়৷ পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ-অবয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ এই কাৰকসমুহৰ ওপৰত ভিত্তি কৰি এটা প্ৰাকৃতিক অঞ্চল বোলা হয়৷ পৃথিবীৰ প্ৰধান প্ৰাকৃতিক অঞ্চল কেইটা হৈছে-

১. নিৰক্ষীয় অঞ্চল (Equatioal Region)



Ø  বিষুৱৰ দুইকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজৰ অঞ্চলটোৱে নিৰক্ষীয় অঞ্চল৷ জলবায়ু উষ্ণ আৰু আদ্ৰ৷ বছৰি গড় উত্তাপ ২৭° চেলচিয়াছ৷ অতিবৃষ্টি অঞ্চল৷ গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ চেণ্টিমিটাৰ৷ 

Ø  সূর্য্য ৰশ্মি প্ৰায় লম্ভভাৱে পৰে৷ অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম৷

Ø  চিৰ সেউজীয়া ডাঠ অৰণ্য৷ লগতে অসংখ্য সৰু সৰু জোপোহা বন আৰু নানাবিধ লতা৷

Ø  গোটেই বছৰ জুৰি অতিপাত গৰম আৰু বৰষুণ হোৱাৰ বাবে প্ৰাকৃতিক পৰিৱেশ মানুহৰ বসবাসৰ বাবে বৰ উপযোগী নহয়৷

Ø  উদাহৰণ- দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা, আফ্ৰিকাৰ কংগো নদীৰ অৱবাহিকা (জাইৰে অৱবাহিকা), পশ্চিম আফ্ৰিকাৰ গিনি উপকূল, আৰু দক্ষিণ পূব-এছিয়াৰ মালয়েছীয় উপদ্বীপ, আৰু ইণ্ডোনেছিয়া আৰু ফিলিপাইন দ্বীপপুঞ্জ

Ø  ছেলভা (Selva):- আমাজান আৰু কংগো অৱবাহিকাৰ বিস্তীণৰ ডাঠ অৰণ্যৰে ভৰা অঞ্চল৷ বহু ঠাই জলাহেৰে পৰিপূর্ণ আৰু বিভিন্ন শ্ৰেণীৰ বন্য প্ৰাণীৰ বাসস্থান৷ এনে অঞ্চলত ম’হ আৰু পোক পৰুৱাৰ উপদ্ৰৱৰ লগতে বেমাৰ-আজাৰৰ প্ৰকোপ বেছি৷



Ø  পিগমি:- কংগো অৱবাহিকাত বাস কৰা অঘৰী লোক৷ এইসকল লোকে চিকাৰ কৰি, মাছ ধৰি, আৰু অৰণ্যৰ পৰা খাদ্য আহৰণ কৰি জীৱন নির্বা কৰে৷ আলু জাতীয় শস্য আৰু কল উৎপাদন কৰে৷




Ø  ইণ্ডোনেছিয়া আৰু জাভাদ্বীপত লাভাৰ পৰা সৃষ্টি হোৱা বাবে উর্বৰ ভূমি৷ পাহাৰৰ ঢালত খাজ কাটি কৃষিকার্য সম্পাদন কৰে৷ বৃট্ৰিছসকলে বসতি আৰম্ভ কৰি ৰবৰ, চাহ আৰু কফি উৎপাদন আৰম্ভ কৰে৷   

২. মৌচুমী অঞ্চল (Monson Region)



Ø  নিৰক্ষীয় অঞ্চলৰ উত্তৰে ১০° ৰ পৰা ৩০° উত্তৰ অক্ষাংশ আৰু দক্ষিণে ১০° ৰ পৰা ৩০° দক্ষিণ অক্ষাংশলৈ এই অঞ্চল বিস্তৃত৷ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত৷ এই অঞ্চলত ঋতু পৰির্বতন হয়৷ গ্ৰীষ্মকাল- উষ্ণ আৰু আর্দ্ৰ; শীতকাল ঠাণ্ডা আৰু শুকান৷ দুয়োটা ঋতুৰ মাজৰ উত্তাপৰ পার্থক্য ১৫° চেলচিয়াছ৷

Ø  বৃ্ষ্টিপাতৰ পৰিমাণ গড়ে ২০০ চেণ্টিমিটাৰ৷ পর্ণপাতী উদ্ভিদৰ (Deciduous Vegetation) প্ৰাধান্য বেছি৷ শীতকালত বৰষুণৰ অভাৱৰ বাবে গছ-গছনিৰ পাত সৰে৷




Ø  এই অঞ্চলৰ মাটিবোৰ লেটেৰাইট আৰু নদী উপত্যকাৰ৷ দ-ঠাইবোৰ সাৰুৱা পলসুবা মাটিৰে ভৰা৷ কৃষিৰ বাবে উপযোগী৷ ধান, ঘেঁহি, কুঁহিয়াৰ, কপাহ, মৰাপাট, তৈলবীজ, চাহ আদিৰ বাবে উপযোগী৷

Ø  উদাহৰণ- ভাৰতবর্ষকে ধৰি দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া, অষ্ট্ৰেলিয়াৰ উত্তৰ-পূব অংশ, আফ্ৰিকাৰ পূব অংশ, ব্ৰাজিলৰ পূব অংশ, মধ্য আমেৰিকা৷ পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৪০% মৌচুমী অঞ্চলত বসবাস কৰে৷

৩. ক্ৰান্তীয় তৃণভুমি অঞ্চল



Ø  দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত এই অঞ্চল ১০° - ২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত৷ এই অঞ্চলত গ্ৰীষ্মকাল উষ্ণ আৰু চুটি; শীতকাল শুকান আৰু দীঘল৷ উষ্ণতা দৈনিক আৰু ঋতুভেদে বেলেগ৷ বৰষুণৰ পৰিমাণ মধ্যমীয়া৷

Ø  ছাভানা (Savannah):- ক্ৰান্তীয় তৃণভুমি অঞ্চলৰ পোৱা ঘাঁহনি৷ উল্লেখ্য যে ভেনেজুৱেলা আৰু ব্ৰাজিলত পোৱা তৃণভূমিক স্থানীয় ভাৱে যথাক্ৰমে লানোচ আৰু কেম্পোৱ নামেৰে কোৱা হয়৷




Ø  তৃণভূমি থকাৰ বাবে পশুপালনৰ বাবে উপযোগী৷ বাণিজ্যিক ভিত্তিত- গৰু, ঘোঁৰা, ম’হ, ভেড়া, ছাগলী পালন কৰা হয়৷ কোনো কোনো অঞচলত মাকৈ, জোৱাৰ, কপাহ, চীনা বাদাম শস্যৰ খেতি ভাল হয়৷

Ø  জীৱজন্তু- বাঘ, সিংহ, হাতী, গঁড়, জেব্ৰা, জিৰাফৰ বাসস্থান৷

Ø  জনবসতি সেৰেঙা৷ অনুন্নত যাতায়ত ব্যৱস্থা৷

Ø  উদাহৰণ:- দক্ষিণ আমেৰিকাৰ উচ্চ ভূমি, ভেনেজুৱেলাৰ অৰিনিকো নদী অৱবাহিকা, আফ্ৰিকাৰ জাইৰে অৱবাহিকাৰ উত্তৰ আৰু দক্ষিণ অংশ, পূব আফ্ৰিকাৰ উচ্চভূমি আৰু দক্ষিণ আফ্ৰিকাৰ কিছু অংশ, অষ্ট্ৰেলিয়াৰ উত্তৰ ক্ৰান্তীয় অঞ্চল৷

৪. ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল



Ø  মহাদেশসমুহৰ পশ্চিম প্ৰান্তত অৱস্থিত আৰু কর্কট ক্ৰান্তি (২৩ ১/২° উত্তৰ) আৰু মকৰক্ৰান্তি (২৩ ১/২° দক্ষিণ) ৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত৷ জলবায়ু সদায়েই উষ্ণ আৰু শুষ্ক৷ দিন আৰু ৰাতিৰ উষ্ণতাৰ পার্থক্য বেছি৷ বৰষুণৰ পৰিমাণ তেনেই কম৷ গড়ে ২০-২৫ চেণ্টিমিটাৰ৷

Ø  বালি মাটিৰে ভৰা বাবে কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে৷ মৰুভূমিৰ অ’ত ত’ত থকা মৰুদ্যানবোৰত খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু সামান্য পৰিমাণে খেতি কৰা হয়৷ জনবসতিহীন ঠাইৰ সংখ্যা অধিক৷

Ø  অঘৰী পশুপালকসকলে বাস কৰে৷ কালাহাৰী মৰুভূমিৰ বুছমেন আৰু অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমিৰ আদিবাসীসকলে প্ৰকৃতিৰ পৰা খাদ্য আৰু চিকাৰৰ পৰা মাংস সংগ্ৰহ কৰে৷

Ø  ছাহাৰা আৰু আৰৱ অঞ্চলত বসবাস কৰা বেদুইন সকলে (অঘৰী) উট, ঘোঁৰা, ছাগলী ইত্যাদি পালন কৰে৷




Ø  কিছুমান মৰু অঞ্চল পেট্ৰ’লিয়ামত চহকী৷ উদাহৰণ কুৱেইট, ছৌদি আৰৱ, ইৰাণ, ইৰাক আদি৷

Ø  নীল নদীৰ উপত্যকা আৰু বদ্বীপ অঞ্চলবোৰত জলসিঞ্চনৰ যোগেদি কৃষিকার্য কৰিব পৰা হৈছে৷

Ø  ক্ৰান্তীয় অঞ্চলত মৰুকৰণৰ প্ৰক্ৰিয়াই (Desertification) প্ৰসাৰ লাভ কৰাত মৰুৰ আকাৰ বৃদ্ধি পাইছে৷

Ø  উদাহৰণ:- এছিয়াৰ আৰৱ, ইৰাণ, আফগানিস্তান, সিন্ধুৰ মৰুময় অঞ্চল, আফ্ৰিকাৰ ছাহাৰা আৰু কালাহাৰী, দক্ষিণ আমেৰিকাৰ আটাকামা, অষ্ট্ৰেলিয়াৰ বৃহৎ মৰুভূমি৷

৫. ভূমধ্য সাগৰীয় অঞ্চল



Ø  মধ্য অক্ষাংশত অৱস্থিত পশ্চিম প্ৰান্তীয় আৰু ক্ৰান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশত অৱস্থিত৷ গ্ৰীষ্মকাল উষ্ণ আৰু শুকান আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা৷ শীতকালত বৰষুণ বেছি৷ গড় উষ্ণতা ৮°- ১৫° চেলচিয়াছ৷ ভূমধ্য সাগৰৰ পাৰত অৱস্থিত অঞ্চল বাবে ইয়াৰ নামটো আহিছে৷

Ø  চিৰ সেউজ চুটি গছ-গছনি আৰু জোপোহা বননি অধিক পৰিমাণে পোৱা যায়৷ প্ৰধান খেতি ঘেঁহু, বার্লি, মাকৈ, কপাহ, ধপাত আদি৷ পাহাৰৰ ঢালসমূহত আপেল আৰু আঙুৰৰ খেতি৷

Ø  অর্থনৈতিক দিশত আগবঢ়া আৰু বৃহৎ শিল্পৰে ভৰা৷

Ø  জলবায়ু মৃদু আৰু স্বাস্থ্যকৰ হোৱাৰ বাবে জনবসতি ঘন৷

Ø  উদাহৰণ:- ভূমধ্য সাগৰৰ কাষত অৱস্থিত দক্ষিণ ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ অঞ্চল৷ লগতে উত্তৰ আমেৰিকাৰ কেলিফোর্নিয়া, দক্ষিণ আমেৰিকাৰ মধ্য চিলি, দক্ষিণ আফ্ৰিকাৰ কেপ উপকূল আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ-পশ্চিম উপকূল৷

৬. মধ্য অক্ষাংশীয় মৰু অঞ্চল

Ø  এছিয়া আৰু উত্তৰ আমেৰিকাৰ অর্ন্তভাগৰ মালভূমি আৰু অৱবাহিকাৰ মৰুভূমিৰে ভৰা৷ এই অঞ্চলৰ কেউকাষ উচ্চ পর্বতেৰে আৱৰা৷ বৰষুণৰ পৰিমাণ অতি কম৷ দিন-ৰাতিৰ ক্ষেত্ৰত উষ্ণতাৰ পার্থক্য বেছি৷ শীতকালি কিছু অঞ্চলত তুষাৰপাত হয়৷

Ø  তিব্বত আৰু পেটাগ’নিয়া মালভূমি আৰু গোবি মৰুভূমিৰ কিছু অংশত যাযাবৰ পশুপালক শ্ৰেণীৰ লোকে বাস কৰে৷ পশুখাদ্যৰ সন্ধানত ঠাই সলায় ফুৰে৷

Ø  জনবসতি পাতল৷ কৃষিকার্য আৰু উদ্যোগৰ ওপৰত ভিত্তি কৰি কিছুমান ঠাইত ঘন বসতি গঢ়ি৷

Ø  উদাহৰণ:- তিব্বত মালভূমি আৰু গোবি মৰুভূমিৰ লগতে উত্তৰ আমেৰিকাৰ এণ্ডিজ পর্বত শ্ৰেণীৰ পূবত পেটাগ’নিয়া মালভূমি৷

৭. মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চল

Ø  পৃথিৱীৰ দুয়োটা গোলার্ধৰে মধ্য অক্ষাংক্ষৰ বহু অংশত এই অঞ্চল অৱস্থিত৷ উত্তৰ গোলার্ধত কর্কটক্ৰান্তিৰ (২৩ ১/২° উত্তৰ) পৰা ৫০° উত্তৰ অক্ষাংশলৈ আৰু দক্ষিণ গোলার্ধত মকৰ ক্ৰান্তিৰ (২৩ ১/২° দক্ষিণ) পৰা ৫০° লৈ কিছু অংশ সন্নিবিষ্ট হৈ আছে৷ জাৰ আৰু জহৰ প্ৰকোপ কম৷ সমুদ্ৰৰ পৰা দূৰত্ব অতিক্ৰম কৰাৰ লগে লগে বৃষ্টিপাত কম৷ শীতকাল অতি শুকান৷ বছৰি গড় বৃষ্টিপাত ৭৫-১৫০ চেণ্টিমিটাৰ৷

Ø  পর্ণপাতী উদ্ভিদৰ সংখ্যা অধিক৷ কিছু বেছিকৈ বৰষুণ দিয়া অঞ্চলত চিৰসেউজীয়া আৰু পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত সৰলবর্গীয় উদ্ভিদৰ পৰিমাণ বেছি৷ অৰণ্যবোৰ পাতল৷

Ø  উন্নত কৃষি পদ্ধতিৰে কৃষিকার্য কৰা হয়৷ উত্তৰ-পশ্চিম ইউৰোপ আৰু চীনদেশৰ উত্তৰ-পূব অংশৰ জনবসতি অতি ঘন বাবে গহণ কৃষি (intensive Cultivation) পদ্ধতিৰে ঘেঁহু আৰু ধান খেতি কৰা হয়৷ আমেৰিকা যুক্তৰাষ্ট্ৰত জনবসতি পাতল হোৱাৰ বাবে বিস্তৃত কৃষি (Extensive Cultivation) পদ্ধতিৰে কপাহ, ধপাত, বার্লি আৰু আলু খেতি প্ৰচুৰ পৰিমাণে কৰা হয়৷

Ø  দক্ষিণ আফ্ৰিকাৰ উপকূলীয় অঞ্চল কুঁহিয়াৰৰ বাবে বিখ্যাত৷ পশ্চিম ইউৰোপত কৃষিৰ লগতে বাণিজ্যিক ভিত্তিত পশুপালন কৰা হয়৷

Ø  খনিজ সম্পদত এই অঞ্চল চহকী আৰু যাতায়তৰ সুবিধাৰ বাবে উদ্যোগ ক্ষেত্ৰত আগবঢ়া৷

Ø  উদাহৰণ:- চীনদেশৰ উত্তৰ আৰু পূব অংশ, দক্ষিণ কানাডাৰ কিছু অংশ, ইংলেণ্ডকে ধৰি ইউৰোপ মহাদেশৰ উত্তৰ-পশ্চিম অংশ, ব্ৰাজিলৰ দক্ষিণ-পূব অংশ, উৰুগুৱে, চিলিৰ দক্ষিণ অংশ, দক্ষিণ আফ্ৰিকাৰ পূব উপকূল, অষ্ট্ৰেলিয়াৰ পূব উপকূল আৰু নিউজিলেণ্ড৷    

৮. মধ্য অক্ষাংশীয় তৃণভুমি অঞ্চল (Mid Latitude Grassland Region)

Ø  উত্তৰ গোলার্ধত ৩০°- ৫০° অক্ষাংশৰ মাজত আৰু দক্ষিণ গোলার্ধত মকৰক্ৰান্তিৰ (২৩ ১/২° দক্ষিণ) দক্ষিণত এই অঞ্চল অৱস্থিত৷ কম বৃষ্টিপাত হোৱাৰ বাবে বহু ঠাই তৃণভূমিত পৰিণত হৈছে৷ গ্ৰীষ্ম আৰু শীতকালৰ মাজৰ পার্থক্য অধিক৷ গ্ৰীষ্মকালত কিছু বৰষুণ হয়৷ গড় বৰষুণ ১৫-৫০ চেণ্টিমিটাৰ৷

Ø  বৰষুণৰ অভাৱ আৰু শীতৰ প্ৰকোপৰ বাবে এই অঞ্চলত গছ-গছনি প্ৰায় নথকাৰ দৰে৷ জৈৱ পদার্থ প্ৰাধান্য থকা এই অঞ্চলৰ মাটি সাৰুৱা৷ বেছিভাগ লোকেই অঘৰী আদিবাসী৷

Ø  জীৱিকা পশুপালন৷ গৰু-মহৰ বাদেও ভেড়া-ছাগলীৰ মাংস আৰু ভেড়াৰ নোম ৰপ্তানি কৰে৷

Ø  প্ৰধান শস্য ঘেঁহু৷ যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, আর্জেণ্টিনা, অষ্ট্ৰেলিয়া আৰু ৰাছিয়া৷

Ø  এই অঞ্চলত অৱস্থিত ঘাঁহনিবোৰক ঠাই ভেদে ভিন্ন নামেৰে জনা যায় ষ্টেপছ (Steppes) -এছিয়া আৰু ইউৰোপত; প্ৰেইৰী (Prairies)- উত্তৰ আমেৰিকা; পম্পাচ (Pampas)- দক্ষিণ আমেৰিকাৰ আজেণ্টিনা; ভেল্ড (Veld)- দক্ষিণ আফ্ৰিকা; ডাউনছ (Downs)- অষ্ট্ৰেলিয়া৷ 



 

Ø  উদাহৰণ:- উত্তৰ আমেৰিকাৰ মধ্যাংশ, ইউৰোপৰ পূব অংশ, এছিয়াৰ মধ্যাংশ, আর্জেণ্টিনা, দক্ষিণ আফ্ৰিকাৰ কিছু অংশ আৰু অষ্ট্ৰেলিয়াৰ কিছু অংশ৷  

৯. শীতল সৰলবর্গীয় অৰণ্য অঞ্চল

Ø  উত্তৰ গোলার্ধৰ ৫০°-৭০° অক্ষাংশৰ মাজত বিস্তৃত৷ ইয়াৰ উত্তৰ তুন্দ্ৰা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভুমি অঞ্চল অৱস্থিত৷ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা৷ গ্ৰীষ্মকালত উত্তাপ গড়ে ১৫° চেলচিয়াছলৈ বৃদ্ধি পায়৷

Ø  শীতকালত বৰফ গ’লে আৰু শীতকালতকৈ গ্ৰীষ্মকাল চুটি৷ গ্ৰীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়৷ চিৰসেউজীয়া সৰলবর্গীয় অৰণ্যৰে ভৰা৷ সৰল গছৰ কোমল কাঠৰ এই অৰণ্যবোৰক টাইগা (Taiga) বুলি কোৱা হয়৷





Ø  কৃষি আৰু পশুপালনৰ বাবে উপযুক্ত নহয়৷ জনবসতি তেনেই পাতল৷ জন্তু চিকাৰ আৰু কাঠ সংগ্ৰহ কৰি বেছিভাগ অধিবাসীয়েই জীৱিকা নির্বাহ কৰে৷ টাইগা অঞ্চলত ভেড়া পালন কৰিব পাৰি৷  

Ø  নৰৱে, ফিনলেণ্ড, ছুইডেন আদি দেশ কাঠৰ মণ্ড আৰু তাৰ পৰা তৈয়াৰ কৰা কাগজৰ বাবে বিখ্যাত৷

Ø  কানাডা, আলস্কা আৰু ছাইবেৰিয়াত নানা ধৰণৰ খনিজ সর্ম্পদ আৱিস্কাৰ হৈছে৷

Ø  উদাহৰণ:- ইউৰোপৰ স্কেণ্ডিনেভিয়াৰ পৰা পুবে প্ৰশান্ত উপকুল আৰু উত্তৰ আমেৰিকাৰ আলাস্কাৰ পৰা পূবে আটলাণ্টিক উপকূললৈ বিস্তৃত৷ ইউৰূপ, এছিয়া আৰু উত্তৰ আমেৰিকাৰ এক বিস্তীর্ণ ইয়াৰ অন্তর্গত৷

১০. শীতল মেৰু অঞ্চল



Ø  এই অঞ্চলটোৱে উত্তৰ আৰু দক্ষিণ মেৰুৰ কাষৰীয়া অঞ্চলটোক সামৰি লয়৷ উত্তৰ গোলার্ধত সুমেৰু বৃত্ত (৬৬° ১/২° উত্তৰ অক্ষাংশ)ৰ উত্তৰে অৱস্থিত৷ অতিমাত্ৰা ঠাণ্ডা৷ গ্ৰীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০°-১০° চেলচিয়াছৰ ভিতৰত৷ শীতকালত উষ্ণতা-১৮ চেলছিয়াছলৈ হ্ৰাস পায়৷

Ø  বছৰটোৰ বেছিভাগ সময়েই বৰফাবৃত হৈ থাকে৷ ফলত কোনো বিশেষ উদ্ভিদ গজিব নোৱাৰে৷ বৰফ গলিলে সেই ঠাইত ঘাঁহ, শেলুৱৈ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ গজে৷

Ø  আদিবাসীসকল অঘৰী৷ জীৱ-জন্তু চিকাৰ কৰি আৰু সাগৰৰ পৰা মাছ সংগ্ৰহ কৰে জীৱন নির্বাহ কৰে৷

Ø  ক) এস্কিমো আৰু লেপছ- আলস্কা, উত্তৰ কানাডা আৰু গ্ৰীনলেণ্ডৰ আদিবাসী৷ খ) লেপছ আৰু ফিনছ - উত্তৰ ইউৰোপ গ) ছামুৱেড আৰু ইয়াকুট- ছাইবেৰিয়া৷




Ø  এস্কিমো সকলে বৰফেৰে সজা ঘৰ- ইগলু (Igloo)৷ গ্ৰীষ্মকালত ছিল মাছেৰে সজা তম্বু টিউপিকত বাস কৰে৷ জহকালি তেওঁলোকে জন্তুৰ ছালেৰে তৈয়াৰ কৰা ‘কায়াক’ আৰু ‘উমিয়াক’ নমাৰ নাওৰে মাছ আৰু জীৱজন্তু চিকাৰ কৰে৷ কুকুৰে টনা শ্লেজ গাড়ীৰে যাতায়ত কৰে৷  



 

Ø  জীৱজন্তু- বল্গা হৰিণ, বগা শিয়াল, বগা ভালুক, ছিল আদি৷ দক্ষিণ মেৰু অঞ্চলৰ এণ্টার্কটিকাত পেঙ্গুইন চৰাইৰ বাসস্থান৷




Ø  উত্তৰ মেৰুৰ এই প্ৰাকৃতিক অঞ্চলটোক তুন্দ্ৰা অঞ্চল (Tundra) বুলি জনাজাত৷

Ø  আলাস্কাত পেট্ৰ’লিয়াম আৰু সোণ, লাব্ৰাডোৰত লো আৰু ছাইবেৰিয়াত নিকেল আৱিস্কাৰ হৈছে৷

Ø  ছাইবেৰিয়াত বাণিজ্যিক ভিত্তিত বৈজ্ঞানিক ভিত্তিক বল্গা হৰিণ পালন কৰিবলৈ লোৱা হৈছে৷  




Ø  উদাহৰণ- গ্ৰীনলেণ্ডকে ধৰি উত্তৰ গোলার্ধৰ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল আৰু দক্ষিণ গোলার্ধৰ এণ্টার্কটিকা৷ ছাইবেৰিয়া৷

১১. উচ্চ পার্বত্য অঞ্চল

Ø  উচ্চতা বঢ়াৰ লগে লগে যি বোৰ অঞ্চল পোৱা যায় সেইবোৰেই এই অংশত পৰে৷ ওপৰৰ শৃংগবোৰ বৰফেৰে ঢাক খাই থাকে৷ বতাহৰ দিশৰ ওপৰত নির্ভৰ কৰি এই অঞ্চলৰ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদৰ বৈশিষ্ট্য সলনি হয়৷



Ø  হিমালয়ত পর্বতমালাৰ অঞ্চলত মৌচুমী বতাহৰ বাবে বৰষুণ বেছি হয় আৰু ডাঠ অৰণ্যৰে ভৰা৷ আনহাতে তিব্বত মালভুমিত বৰষুণৰ অভাৱত গছ-গছনিৰ সংখ্যা কম৷ উচ্চতাৰ ওপৰত নির্ভৰ কৰি কম দূৰত্বৰ ভিতৰতে বেলেগ বেলেগ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদ দেখা পোৱা যায়৷

Ø  জীৱন ধাৰণ প্ৰণালী কষ্টকৰ৷ জনবসতি সেৰেঙা৷ পশুপালন আৰু কাঠৰ ব্যৱসায়েই এই অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি৷

Ø  আদিম ঠাই সলনি কৃষি (Shifting Cultivation) এই অঞ্চলত কৰা হয়৷ ঝুমখেতিও কৰা হয়৷




Ø  প্ৰাকৃতিক সৌন্দর্য আৰু স্বাস্থ্যকৰ পৰিবেশৰ বাবে বহু ঠাইত পার্বত্য নিবাস (Hill Station) আৰু পর্যটন কেন্দ্ৰ (Tourist Centre) গঢ় লৈ উঠিছে৷ দার্জিলিং, মুছৌৰী, নাইনিতাল, ছিমলা, শ্বিলং আদি৷

নাইনিতাল পার্বত্য নিবাস


Ø  উদাহৰণ:- হিমালয় পর্বত শ্ৰেণী, ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি পর্বত আৰু দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বতমালা৷



একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ