জয়মতী (১৯৩৫):-
জ্যোতিপ্ৰসাদ আগৰৱোলাই প্ৰয়োজনা আৰু পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচিত্ৰ৷ কাহিনী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সতী জয়মতী’ নাটক৷ বেজবৰুৱাই আকৌ জোনাকী কাকতত ৰত্নেশ্বৰ মহন্তই লিখা ‘জয়মতী’ নিবন্ধৰ আধাৰত নাটকখন লিখিছিল৷ এই বিষয়ত তেওঁ সম্বলপুৰত থকা বেজবৰুৱালৈ চিঠি দিছিল৷ বেজবৰুৱাইও ১৯৩৩ চনত চিঠি দিছিল এইদৰে, ‘জয়মতী কুঁৱৰী নাটকৰ বিষয়ে তুমি যি কৰিব খুজিছা তাত মোৰ সমূলি আপত্তি নাই৷ তোমাৰ ওপৰত মোৰ বিশ্বাস দৃঢ়৷ তাৰ বাহিৰেও তোমাক ন’কলেও হ’ব যে অসমত আগৰৱালা ফেমেলীতকৈ মোৰ সৰহ মৰম আৰু শ্ৰদ্ধাৰ (বস্তু) আৰু আন কোনো নাই৷” জ্যোতিপ্ৰসাদে তেখেতৰ ‘জয়মতী আখ্যান’ প্ৰবন্ধত এই সর্ম্পকত উল্লেখ কৰিছে,“জয়মতীৰ আখ্যান সাহিত্যৰথী বেজবৰুৱাৰ ‘জয়মতী’ কুঁৱৰী নাটৰ পৰা লোৱা হৈছে তথাপিও তাক বহুতো সাল-সলনি কৰা হৈছে৷ বিশেষকৈ ড সূর্য্যকুমাৰ ভূঞাদেৱে প্ৰকাশ কৰা তুংখুঙীয়া বুৰঞ্জীৰ লালুকসোলা বৰফুকন আৰু দক্ষিণপটীয়া গাঠি হাজৰিকাৰ চৰিত্ৰ জয়মতী ফিল্মত নকৈ অৱতাৰণা কৰা হৈছে৷ জয়মতীৰ যি কাহিনী জোনাকী কাকতত ৰত্নেশ্বৰ মহন্তই লিখিছিল সেই কাহিনীকেই সাহিত্য-গুৰু পদ্মনাথ আৰু সাহিত্যৰথী বেজবৰুৱাই আলম লৈ নাটক লিখি গৈছে৷ সেই কাহিনীয়েই জনসাধাৰণৰ মাজতো প্ৰচলিত হৈ আছে৷
তুংখুঙীয়া বুৰঞ্জীয়েও প্ৰায় সেই কাহিনীকেই সমথৰন কৰে৷... পদ্যবুৰঞ্জীত জয়মতীৰ কাহিনী কিছু বেলেগকৈ দিয়া আছে৷ এই বিষয়ে সাহিত্যৰথী বেজবৰুৱা আৰু ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ ভিতৰত কাকতৰ যোগেদি যথেষ্ট আলোচনা-বিলোচনা হৈছিল৷ ড° বাণীকান্ত কাকতিদেৱ আৰু ড° সূর্য্যকুমাৰ ভূঞাৰ পৰামর্শমতে আমি ৰত্নেশ্বৰ মহন্তৰ কাহিনী আৰু তুংখুঙীয়া বুৰঞ্জীৰ তথ্যৰ ওপৰতেই ‘জয়মতী’ ফ্লিমৰ আখ্যান প্ৰতিষ্ঠিত কৰিছিলোঁ৷” যোৰহাটৰ ৰাজেন বৰুৱাই সহকাৰী পৰিচালনা কৰা জয়মতীৰ চিত্ৰনাট্য, সংলাপ, সংগীত আৰু সম্পাদনাত আছিল জ্যোতিপ্ৰসাদ আগৰৱালা৷ গীতবোৰৰ সুৰকাৰ জ্যোতিপ্ৰসাদৰ লগতে আছিল প্ৰফুল্ল চন্দ্ৰ আগৰৱালা. কণ্ঠ নিগৰাইছিল লিলি বৰুৱা, স্বর্গজ্যোতি বৰুৱা আৰু অন্ন আগৰৱালাই (আইদেউ)৷
১৯৩১ চনত প্ৰথমখন সবাক ভাৰতীয় চলচিত্ৰ ‘আলম আৰা’ মক্তি পাইছিল৷ এই দিশৰ পৰা জয়মতী ভাৰতৰ চতুর্থখন সবাক চলচিত্ৰ৷ ১৯৩৩ চনত ছবিৰ কাম আৰম্ভ হয় ভোলাগুৰি চাহ বাগিচাত সাজি লোৱা ‘চিত্ৰবন ষ্টুডিঅ’ত৷ তেজপুৰৰ পুৰণি ঘৰ, গুৱাহাটীৰ বশিষ্ঠ, খাৰঘূলিৰ নিউ প্ৰেছলৈ যোৱা পথৰ হাবিয়নী অঞ্চল আদিতো কিছু অংশৰ দৃশ্যগ্ৰহণ হৈছিল৷ সেই সময়ত অসমৰ বাবে সুকীয়াকৈ চেন্সৰ বর্ড নথকাত Bengal Cinematograph Rules ১৯২০ ৰ ১৪ (২) ধাৰা মতে জয়মতীৰ চেন্সৰ হৈছিল৷ ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত ‘জয়মতী’ৰ প্ৰিমিয়াৰ শ্ব’ ১৯৩৫ চনৰ ১০ মার্চত কলিকতাৰ ‘ৰৌনক মহল/ৰাওনাক মহল’ চলচিত্ৰগৃহত অনুষ্ঠিত হয়৷ অমৃত বাজাৰ পত্ৰিকাত জয়মতীৰ বিজ্ঞাপন প্ৰকাশ পায়৷ প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত চলচিত্ৰখন শুভ উদ্ধোধন কৰে লক্ষ্মীনাথ বেজবৰুৱাদেৱে৷ উক্ত প্ৰিমিয়াৰ শ্ব’ত প্ৰমথেশ বৰুৱা, কুন্দললাল ছাইগল, পৃথ্বিৰাজ কাপুৰ আদিও উপস্থিত আছিল৷ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত (তেতিয়াৰ কামৰূপ নাট্য মন্দিৰ) ২০ মার্চৰ দিনা অসমত ‘জয়মতী’য়ে মুক্তি লাভ কৰে৷ ছবিখন উপভোগ কৰি সাহিত্যৰথী লক্ষ্নীনাথ বেজবৰুৱা আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে ৰূপকোঁৱৰৰ সৃষ্টিক প্ৰশংসাৰে উপচাই পেলাইছিল৷ সেই সময়ত অসমত স্থায়ী চলচিত্ৰগৃহ নথকাৰ বাবে ভ্ৰাম্যমাণ প্ৰজেক্টৰ দ্বাৰা জ্যোতিপ্ৰসাদে অসমৰ বিভিন্ন ঠাইত দেখুৱাইছিল৷ এই ম’বাইল ইউনিটৰ দায়িত্বত আছিল ভায়েক বিবেকানন্দ আগৰৱালা আৰু সহকাৰী পৰিচালক ৰাজেন্দ্ৰনাথ বৰুৱা৷ জ্যোতিপ্ৰসাদৰ আশা আছিল অসমত ছবিখনৰ টকা ঘূৰি আহিলে হিন্দী আৰু বাংলাত একোটাকৈ সংস্কৰন কৰিব৷ কিন্তু সম্ভৱ হৈ নুঠিল৷ জয়মতীৰ পৰাই অসমীয়া চলচিত্ৰত শিশুশিল্পীৰ অভিনয় আৰম্ভ হৈছিল৷ জয়মতীত দুটি গুৰুপ্তর্পূণ শিশু চৰিত্ৰ লাই-লেচাইৰ ভুমিকা ৰূপায়ন কৰিছিল ক্ৰমে- জয়ন্ত বৰুৱা আৰু ৰঞ্জিত বৰুৱাই৷
জয়মতী কুঁৱৰী আখ্যান:- অসম বুৰঞ্জীৰ ঐতিহাসিক চৰিত্ৰ জয়মতী আছিল লাইথেপেনা বৰগোহাঁই আৰু চন্দ্ৰদাৰুৰ ডাঙৰ জী৷ জন্মস্থান শিৱসাগৰৰ পৰা ন কিল’মিটাৰ আঁতৰৰ নাজিৰাৰ ওচৰৰ মাদুৰি গাওঁ৷ কিংবদন্তীমতে গোৱৰ ৰজাৰ পুত্ৰ গদাপাণি কোঁৱৰ এদিন গৰমৰ বতৰত লাইথেপেনাৰ ঘৰত উপস্থিত হ’ল৷ গদাপাণিৰ খোৱা-লোৱাৰ পৰিমাণ বেছি আছিল৷ দুপৰীয়া ভোক আৰু ভাগৰত ঘৰত সোমাই যি আছে খাবলৈ বিচাৰিল৷ জয়মতী ঘৰৰ ডাঙৰ হিচাপে আলহী সোধাৰ বাবে পঁইতা ভাত আৰু ভাজি যোগাৰ কৰিল৷ আলপৈচান আৰু আহাৰ খাই গদাপাণি সন্তুষ্ট হ’ল৷ সেই চিনাকী সূত্ৰে পিছলৈ ঘৰৰ অনুমতি সাপেক্ষে গদাপাণিৰ লগত চকলং প্ৰথামতে জয়মতীৰ বিবাহ সম্পন্ন হয়৷
চক্ৰধ্বজ সিংহৰ মৃত্যৰ পাছত আহোম ৰাজপাতত ক’ম সময়ৰ ভিতৰত ৬ জন বেলেগ বেলেগ ৰজা হৈছিল৷ সেই সময় ছোৱাক অসম বুৰঞ্জীৰ অস্থিৰ যুগ বুলি কোৱা হয়৷ পর্বতীয়া ৰজাৰূপে খ্যাত চুডৈফাৰ (১৬৭৭-১৬৭৯) শাসন কালত ক্ষমতাৰ প্ৰকৃত অধিকাৰী আছিল আতন বঢ়াগোঁহাই৷ নামনি অসমৰ দায়িত্বত থকা লালুকসোলা বৰফুকনে বুঢ়াগোঁহাইৰ ক্ষমতা দেখি নিজৰো লোভ বাঢ়িল৷ ১৬৭৯ চনত তেওঁ গুৱাহাটী মোগলক গতাই দি ৰাজশক্তি অধিকাৰ কৰাৰ স্বার্থত আতন বুঢ়াগোহাঁই আৰু চুদৈফাক হত্যা কৰে৷ গড়গাঁৱলৈ গৈ চামুগুৰীয়া ফৈদৰ ১৪ বছৰীয়া চুলিকফা বা ৰত্নধ্বজ সিংহক (১৬৭৯-১৬৮১) স্বর্গদেউ পাতে৷ কম বয়সৰ বাবে তেওঁক ‘ল’ৰা ৰজা’ নামেৰেও জনা গৈছিল৷ নিজৰ ৫ বছৰীয়া কন্যাক লৰা ৰজালৈ বিয়া দি লালুকসোলাই বুঢ়াফুকন নামৰ পদ সৃষ্টি কৰি ৰাজ্যৰ শাসনভাৰ চম্ভালে৷ প্ৰতিদ্বন্দ্বিতাৰ আশঙ্কা কৰি নিজৰ সিংহাখনৰ পথ নিস্কণ্টক কৰিবলৈ ৰাজ্যৰ কোঁৱৰসকলক অংগহানিৰ নিদের্শ দিয়ে৷ কিয়নো অংগক্ষত কৰা থকা কোঁৱৰে ৰাজপাটত বহিব নোৱাৰ নিয়ম প্ৰচলন আছিল৷ লালিকসোলাই প্ৰায় সকলো ৰাজঁকোৱৰকে অংগক্ষত কৰিলে যদিও তুংখুঙীয়া ফৈদৰ লাংগি গদাপাণিক কৰায়ত্ত কৰিব নোৱাৰিল৷ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ পত্নী আৰু দুই পুত্ৰক এৰি গদাপাণি পলাই যায়৷ কেইবাখনো সত্ৰত, কাষৰীয়া নগা পাহাৰ আৰু অন্যান্য জনজাতীয় গাৱত আশ্ৰয় লৈ প্ৰাণ ৰক্ষা কৰে৷ ইফালে গদাপাণিৰ সম্ভেদ নাপাই ৰজাৰ আদেশমতে জয়মতীক ধৰি লৈ যায়৷ গিৰিয়েকৰ বতৰা দিবলৈ অত্যাচাৰ আৰম্ভ কৰে৷ জেৰেঙা পথাৰত কোটকোৰা গছত বান্ধি চাওদাঙে শাস্তি প্ৰদান কৰে৷ এই শাস্তিৰ বাতৰি গদাপাণিৰ কাণত পৰাত তেওঁ ছদ্মবেশেৰে নগাপাহাৰৰ পৰা জেৰেঙা পথাৰলৈ আহে৷ এজন অচিনাকী মানুহৰ ৰূপত পত্নীক স্বামীৰ কথা চাওদাঙক কৈ দিবলৈ অনুৰোধ জনায়৷ কিন্তু স্বামীক জয়মতীয়ে চিনি পাই আঁতৰি যাবলৈ কয়৷ ১৪ দিন অকথ্য নির্যাতন সহ্য কৰি ১৬৭৯ চনৰ ২৭ মার্চত জয়মতীৰ মৃত্যু হয়৷ লাই (ৰুদ্ৰসিংহ) আৰু লেচাই (নামৰূপীয়া গোঁহাই) জয়মতীৰ পুত্ৰ৷ জয়মতীৰ আত্মত্যাগৰ ২ বছৰৰ পাছত লালুকসোলাক হত্যা কৰি ল’ৰাৰজাৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাই৷ গদাপাণিয়ে ১৯৮১ চনত শাসনভাৰ দখল কৰে৷ ১৬৯৬ ত তেখেতৰ মৃত্যুত বৰপুত্ৰ লাই ৰাজপাটত উঠি চুখ্ৰুংফা বা ৰুদ্ৰ সিংহ নাম লয়৷ মাকৰ স্মৃতি ৰক্ষার্থে ১৬৯৭ চনত জেৰেঙা পথাৰত তেওঁ জয়সাগৰ পুখুৰী খন্দুৱাই তাৰ পাৰত জয়দৌল নিমার্ণ কৰায়৷ জয়দৌলক শ্ৰীকেশৱৰায় বিষ্ণু দৌল বুলিও কোৱা হয়৷ অসমৰ সর্ববৃহৎ ৰজাদিনীয়া পুখুৰীটোৰ মাটিকালি ১১৭ পুৰা ১ বিঘা ১ লেচা৷
আত্মত্যাগৰ প্ৰতীক হিচাপে জয়মতী অসমীয়া নাৰীৰ গৌৰৱৰ প্ৰতীক৷ অসমত প্ৰতিবছৰে ২৭ মার্চ (১৩ চ’ত) ত জয়মতীৰ ত্যাগৰ সুৱৰি ‘জয়মতী দিৱস’ অনুষ্ঠিত হয়৷ ২০১৩ চনৰ পৰা অসম চৰকাৰে জয়মতী কুঁৱৰীৰ নামত এটা বঁটাও প্ৰদান কৰি আহিছে৷ (চিত্ৰ- জয়দৌল, জয়সাগৰ পুখুৰী) জ্যোতিপ্ৰসাদে পিছলৈ ‘অসমৰ ফিল্ম শিল্প’ নামৰ পৱন্ধটোত উল্লেখ কৰিছিল যে, ৫০০০০ হাজাৰ টকা খৰচ কৰি চলচিত্ৰখনৰ পৰা ২২০০০ টকাহে ঘূৰাই পাইছিল৷ শব্দগ্ৰহণৰ বিজুতিৰ বাবে অসমৰ ৰাইজে তাক আকোৱালি নললে৷ ফলত ২৮০০০ টকাৰ লোকচান৷
অভিনেতা-অভিনেত্ৰী বিচাৰি বিজ্ঞাপন :- জ্যোতিপ্ৰসাদ আগৰৱলাই জয়মতীৰ বাবে অভিনেতা অভিনেত্ৰী বিছাৰি সেই সময়ৰ ‘বাতৰি’ আৰু ‘তিনিদিনীয়া অসমীয়া’ বাতৰি কাকতত ’চিত্ৰলেখা ম’ভিট’ন এণ্ড ফিল্ম প্ৰডিউচিং কম্পেনী, তেজপুৰ’ হৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ বিজ্ঞাপনত চৰিত্ৰ অনুযায়ী বানচৰ পৰিমাণো উল্লেখ আছিল৷ সেইবোৰ আছিল এনে ধৰণৰ- ল’ৰা ৰজা, বৰগোহাঁই, পাটমাদৈৰ বাবে ১০০, গদাপাণি, আঁতন বুঢাগোহাঁই, জয়মতী, ডালিমীৰ বাবে ২০০৷ অনান্য চৰিত্ৰ বাবে তেনেকৈ মাননি দিয়াৰ ব্যৱস্থা আছিল৷ লগতে বিজ্ঞাপনত ইয়াকো উল্লেখ আছিল যে মহিলা চৰিত্ৰৰ বাবে পুৰুষ শিল্পী লোৱা নহব৷ অসমৰ পার্বত্য জাতিৰ (বিশেষকৈ খাচিয়া জাতিৰ)ৰ ল’ৰা-ছোৱালী আৰু অসমত থাকি অসমীয়া হোৱা বিদেশী লোকেও আবেদন কৰাৰ সুবিধা দিছিল৷ অভিনেত্ৰীৰ বাবে নিম্নতম শৈক্ষিক অর্হতা দিছিল প্ৰাইমেৰী পাছ৷ আবেদনৰ লগত আলোকচিত্ৰ গাঁঠি দিবলৈও উল্লেখ কৰিছিল৷ আবেদন প্ৰাপ্তিৰ শেষ দিন ধার্য কৰিছিল ১৯৩৩ চনৰ ১৫ অক্টোবৰ৷
অভিনেতা অভিনেত্ৰীৰ গুণাৱলী- ১. গদাপাণি- ২০-৩৫ বছৰ বয়সৰ৷ ওখ ৫-৬ ফুট৷ বৰণ বগা শকত-আৱত৷ ২. ল’ৰাৰজা- ১৭-২২ বছৰ বয়সৰ৷ ওখ ৫ ফুট ৫ ইঞ্চি৷ শাওঁ বৰণীয়া বা বগা৷ শকত-আৱত৷ ৩. বুঢ়াগোহাঁই- ২৫-৫০ বছৰ বয়সৰ৷ ওখ ৫-৬ ফুট৷ শাওঁ বৰণীয়া বা বগা৷ ৪. জয়মতী- ২০-৩০ বছৰ৷ ওখ-৫-৫.১/২ ফুট৷ বৰণ বগা৷ লানি গাৰ গঢ়৷ মধ্যমীয়া সুন্দৰী৷ (চিত্ৰ- ইন্দ্ৰেশ্বৰ বৰঠাকুৰে অঁকা জয়মতী) ৫. ডালিমী- ১১-১৫ বছৰ বয়সৰ৷ ৪ ফুট৷ বৰণ বগা৷ দেখিবলৈ সুন্দৰী আৰু ঘূৰণীয়া মুখৰ৷ হাত-ভৰি শকত-আৱত৷ স্বাভাৱিক ক্ষিপ্ৰতা থকা৷ নাম-গুণ গাব পৰা৷ (চিত্ৰ- অভয় দুৱৰাই অংকন কৰা ডালিমী) ৬. ল’ৰা ৰজাৰ দুৱৰী- ১৬-২৫ বছৰ বয়সৰ৷ সাধাৰণ ওখ৷ বগা, দেখিবলৈ সুন্দৰী৷
কলগছৰ ৰাজসভা :- আহোম স্বর্গদেউৰ ৰাজসভা নিমার্ণৰ বাবে জ্যোতিপ্ৰসাদে কলগছৰ পটুৱাৰে চিকুণ মার্বলৰ ৰূপ দিছিল৷ কোনেও ধৰিব নোৱৰাত দৃশ্য মনোৰম হৈ পৰিছিল৷ কলগছেৰেই ৰাজসভাৰ হাতী দাঁতৰ স্থাপত্য সজোৱাইছিল৷ বিজ্ঞান জনপ্ৰিয়কৰণৰ অগ্ৰণী অসমীয়া লক্ষ্নীনাথ দাসে কিন্তু জ্যোতিপ্ৰসাদক এই কামত বাধা দিছিল৷ তেওঁ কৈচিল মঞ্চত কলগছ ব্যৱাৰ কৰিব পাৰি, কিন্তু কেমেৰাৰ সম্মুখত কলগছেৰে তেনেধৰণৰ মায়া সৃ্টি কৰিব পৰা নাযাব৷ কিন্তু জ্যোতিপ্ৰসাদে সেই পৰামর্শ মনা নাছিল৷ পিছে দিন যোৱাৰ লগে লগে কল পটুৱা লেৰেলি শুকাই যায়৷ দেখাত আপচু হোৱাত সেইবাৰ কলগছৰ লগত বাঁহ, বেত আৰু ঢাৰি ব্যৱহাৰ কৰে৷ এনে দৃশ্য-সজ্জা দেখি লক্ষ্মীনাথ বেজবৰুৱাই ‘জয়মতী’ চাই মন্তব্য দিছিল, “দুই ঘণ্টা আহোম সাম্ৰাজ্যত সোমাই থকা যেন লাগিছিল৷”
জয়মতীৰ পৰিচয়লিপি:- কথা-ছবি- জয়মতী/ পৰিবেশন- চিত্ৰলেখা মুভিটন, তেজপুৰ / প্ৰথম মুক্তি- ১০ মার্চ ১৯৩৫/ প্ৰয়োজনা- জ্যোতিপ্ৰসাদ আগৰৱালা (পৰমানন্দ আগৰৱালা)/ পৰিচালক- জ্যোতিপ্ৰসাদ আগৰৱালা/ কাহিনী- লক্ষ্মীনাথ বেজবৰুৱাৰ
‘জয়মতী কুঁৱৰী’ নাটক /সংলাপ- জ্যোতিপ্ৰসাদ আগৰৱালা/ সুৰ- জ্যোতিপ্ৰসাদ আগৰৱালা/ চিত্ৰগ্ৰহণ- ভূপালশঙ্কৰ মেহতা
(লাহোৰ), সহকাৰী- প্ৰতাপ চন্দ্ৰ বৰুৱা/ শব্দগ্ৰহণ- ফৈজী ছাউণ্ড ছিষ্টেম (লাহোৰ)/ সংগীত পৰিচালক- জ্যোতিপ্ৰসাদ আগৰৱালা/ কণ্ঠদান- লিলি বৰুৱা, স্বর্গজ্যোতি দত্ত, অন্ন আগৰৱালা (আইদেও) / নৃত্যপৰিচালক- জ্যোতিপ্ৰসাদ আগৰৱালা / কলানির্দ্দেশক, সাজপাৰ, অলংকাৰ, সাজোন কাঁচোন- জ্যোতিপ্ৰসাদ আগৰৱালা/ পটভূমি, আসন- গজেন বৰুৱা, প্ৰতাপ বৰুৱা/ চিত্ৰাঙ্কন- গজেন বৰুৱা, প্ৰতাপ বৰুৱা৷
জয়মতী চলচিত্ৰ উদ্ধোধন কৰি লক্ষ্নীনাথ বেজবৰুৱাই ১৯৩৫ চনৰ ১০ মার্চত দিয়া ভাষণটো:-
“আজি বৰ মঙ্গলৰ দিন৷ আজি অসমৰ এটা গৌৰৱৰ
দিন৷ ‘জয়মতী’ শ্ৰীমান জ্যোতি বোপাৰ অশেষ চেষ্টা, অপৰিসীম ধৈর্য্য আৰু ধনব্যয়ৰ ফল৷ তেওঁ
প্ৰকৃততে এজন শিল্পী৷ তৰুণ অসমৰ জয়মতী এখন উজ্জ্বল দাপোণ৷ মই আশা কৰোঁ, যাতে অইন প্ৰদেশৰ
লগে লগে এই লাগতিয়াল প্ৰতিষ্ঠানটোৱে অসমত ভালদৰে শিপায়, জকাইচুকৰ অসম যাতে গোটেই ভাৰততে নিজৰ
গৌৰৱ আৰু জাতীয়তা বিলাই ফুৰিব পাৰে, মই দেখিছোঁ, জয়মতী ছবিৰ পুৰণি গীত-মাত, বচন, ঘৰ-দুৱাৰ কাৰুকার্য্য সকলো অসমীয়া ঠাচত
কৰিবলৈ শ্ৰীমান জ্যোতি বোপাই অশেষ চেষ্টা কৰিছে৷ মোৰ অপাৰ আনন্দ যে মোৰো মানসী কন্যা
কল্পনাৰ নাগিনী প্ৰকৃতিৰ ছোৱালী ডালিমীক মই ভৱামতে, মই কল্পনা কৰা মতে দিঠকত দেখিবলৈ পালোঁ৷ // যি কালৰ ঘটনা আৰু
কার্য্যৰ চিত্ৰ ফিল্মখনে প্ৰকাশ কৰিছে, সেইবোৰ সাইলাখ সেই কালৰ যেন লাগে৷ ভাৰতৰ নানা ঠাইত আন আন
ভাৰতীয় ভাষাত ঐতিহাসিক আৰু পৌৰাণিক ঘটনা আৰু কার্য্যৰ সবাক চিত্ৰ মই দেখিছোঁ৷ কিন্তু
সেইবোৰ মোৰ মনৰ সেই পুৰণি কালোপযোগী পাৰিপার্শ্বিকতা এনেদৰে সৃষ্টি কৰিব পৰা নাছিল৷
দ্বিতীয় কথা মোৰ মনত লাগিছে যে আগেয়ে কেতিয়াও ফিল্ম নেদেখা বা ফিল্মত ভাও নিদিয়া অসমীয়া
মতা আৰু তিৰোতাই এনে সুন্দৰকৈ এই জয়মতী ফিল্মত ভাও দিব কেনেকৈ পাৰিলে? মুঠতে কব পাৰি যে
জয়মতী ফিল্মত ভাৱৰীয়া-ভাৱৰীয়ানীয়ে সপ্তদশ শতিকাৰ অসমত এই ফিল্মত পুনর্জ্জীৱন দি দেখুৱালে সতীৰ সতীত্বৰ
সনাতন তেজ, প্ৰকৃত বীৰৰ দুর্জ্জয় মহিমা পোহৰাই দিলে৷ মোৰ নাটখনৰ সৰহভাগ মানুহ তেওঁ আৰু
তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক, কিন্তু ডালিমীক মোৰ মানসপটৰ বাহিৰে ইহজনমত দেখিবলৈ পাম, কিন্তু ডালিমীক মোৰ
জয়মতী ফিল্মৰ ডালিমীয়ে মোৰ সপোন দিঠক কৰিলে৷ মোৰ মনৰ চিত্ৰপটত থকা সেই চঞ্চল, সৰল, আনন্দময়ী প্ৰকৃতিৰ
জীয়ৰী, এঘাৰ বছৰীয়া ডালিমীক মই ফিল্মত সোঁশৰীৰে পখিলাটিৰ দৰে উৰি ফুৰা দেখিলোঁ৷ যিটী
ছোৱালীয়ে জয়মতী ফিল্মত মোৰ মানস প্ৰতিমা ডালিমীক মোৰ চকুৰ আগত থিয় কৰি দিলে, সেই ভাৱৰীয়ানী ছোৱালীটিক
মই লগ পোৱাহেঁতেন তাইৰ মূৰত হাত দি আর্শীবাদ দিলোহেঁতেন৷ আশাকৰো চিত্ৰলেখা মুভিটোনৰ
গৰাকীয়ে মোৰ আর্শীবাদ-নির্ম্মালি ফুলপাহি তাইৰ খোপাৰ বনফুলত একাশে গুজি দিব৷ (উৎস- বাঁহী)
ছোৱালী চোৰৰ গাড়ী :- জয়মতী চলচিত্ৰ নিমার্ণ কৰিব খোজা জ্যোতিপ্ৰসাদে নাৰী চৰিত্ৰৰ বাবে অভিনেত্ৰী বিচাৰি পোৱা নাছিল৷ ডালিমী চৰিত্ৰত অভিনয়ৰ বাবে যি মেনকা নামৰ ছোৱালী পাইছিল তাইয়ো গদাপাণী ৰূপী প্ৰভাত শর্মাৰ প্ৰেমত পৰি আঁতৰি যায়গৈ৷ সমস্যাই দেখা দিয়াত নিজৰ বিলাতী ‘চেভ্ৰলেট’ গাড়ীখন চলাই তিনিমাহ ধৰি অভিনেত্ৰী বিছাৰে৷ নতুন গাড়ীয়ে জৰাজীর্ণ ৰপা পালে৷ তেওঁ ৫ জনী ছোৱালী গোটালে যদিও বোলছবিৰ চৰিত্ৰানুযায়ী ভাও লোৱাৰ উপযুক্ত অভিনেত্ৰী নাপালে৷ পুনৰ জয়মতীৰ নায়িকা বিচাৰি গাঁৱে-ভূঞেঁ ঘূৰি ফুৰিছিল৷ ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰে চলাথ কৰি দক্ষিণ পাৰ পালগৈ৷ জ্যোতিপ্ৰসাদে গাড়ীখন লৈ যেতিয়া কোনো গাঁও অঞ্চললৈ গৈছিল, তেতিয়াই অধিকাংশ লোকে ফৰিং চিটিকা দি ঘৰৰ ভিতৰত সোমাই দুৱাৰ-খিৰিকি বন্ধ কৰি দিছিল৷ কোনো কোনোৱে তেওঁৰ গাড়ী সোমালেই ‘ সৌৱা ছোৱালী চোৰৰ গাড়ী আহিছে’ বুলি কোৱা কৰিল৷ গাড়ীখন পাৰ হৈ যোৱাৰ পাছতহে তেওঁলোকে স্বস্তিৰ নিশ্বাস পেলাইছিল৷ কোনো কোনো ঠাইত গাওঁবঢ়াক সাক্ষী হিচাপে ৰাখি ছোৱালীৰ দেউতাকৰ আগত “যদি ছোৱালীৰ সতীত্ব নষ্ট হয় তেনেহলে দণ্ড হিচাপে মই টকা দিবলৈ বাধ্য হৈ থাকিম’ বুলিও খট লিখি দিব লগীয়া হৈছিল৷ ফণী শর্মাৰ আত্মজীৱনী ‘ৰং-বিৰং’ ত পোৱা যায়- “ড্ৰাইভাৰ দানিয়েল খ্ৰীষ্টান মানুহ৷ অভিনেত্ৰী বিচাৰি দৰঙৰ চাৰিসীমাৰ পথাৰ পিটনি ডোবাৰ মাজেৰে গাড়ী চলাই হর্ণ দিয়াৰ আৱশ্যক নোহোৱা কৰিছে৷ হাট কৰিবলৈ যোৱা মানুহক খুন্দা মৰা মৰা যেন লাগিলেও ষ্টিয়েৰিঙৰ কায়দা দেখুৱাই দানিয়েলে গাড়ী কাষেদি পাৰ কৰি নিয়ে৷”
(টোকা- ভোলাগুৰি চাহ বাগিচাৰ চিত্ৰবনত প্ৰায় দুকুৰি মান শিল্পী গোট খাইছে৷ তিৰোতাৰ কেম্প বেলেগ আঁতৰত আৰু সুৰক্ষিত৷ সহত্নে ৰক্ষিত৷ দিনে ৰাতি পহৰা ভোজালীধাৰী নেপালী৷ আখৰাৰ সময়ত বাহিৰে মিলামিচা সর্ম্পূণ নিষিদ্ধ৷ জ্যোতিপ্ৰসাদৰ কঢ়া হুকুম৷ আখৰা নিয়াৰীকৈ চলিছে. কিন্তু এদিন এজন ভোজালী আহি বিশেষ পুৰুষ চৰিত্ৰৰ ভাও লোৱা জনৈক অভিনেতা আৰু বিশেষ নাৰী চৰিত্ৰত ভাও লোৱা জনৈক অভিনেত্ৰীৰ বিৰুদ্ধে অতি খঙেৰে গোচৰ দিলে: ‘ছাৰ, এই দুয়োজনে চিত্ৰনাট্যত থকা সংলাপৰ বাহিৰেও আৰু কিবা কিবি কৈ ফিচিঙা ফিচিঙকৈ থাকে৷” চকুৱে চকুৱে মন দিয়া নিয়া কামক নেপালীৰ ভোজালীয়ে কেনেকৈ বন্ধ কৰিব৷ জ্যোতিপ্ৰসাদৰ আছিল উত্তৰ৷ (উৎস- জ্যোতিপ্ৰসাদক মই কেনেকৈ জানিছিলোঁ- হেমাংগ বিশ্বাস)
জ্যোতিপ্ৰসাদৰ জয়মতী কথাছবি: বেজবৰুৱাৰ মন্তব্য:-
“জয়মতী ফিল্ম অসমীয়াৰ
প্ৰথম উদ্যম৷ সেই উদ্যমত হাত দিছে কোনে ? অসমৰ সুবিখ্যাত পৰিয়াল এটাৰ দেশপ্ৰাণ স্বার্থত্যাগী ডেকা
এজনে, যিজনৰ ধন-বল, মন-বল যথেষ্ঠ আছে৷ বিদ্যাৰ বল মানে লেখা পঢ়াৰ অভিজ্ঞতা আৰু ইউৰোপ পৰিভ্ৰমণৰ বহুদর্শিতাৰ
ওপৰতো কাব্য আৰু শিল্পকলা (Art), সঙ্গীত ইত্যাদিৰ প্ৰচুৰ জ্ঞান৷ বিলাতৰ পৰা উভতি আহিও দেশৰ
দহজনৰ দৰে দেশৰ ভালৰ অর্থে তেওঁ স্বইচ্ছাতে কাৰাবৰণ কৰিছিল৷ আন দহজন ধনীৰ ঘৰৰ ডেকাৰ
দৰে তেওঁ নিজৰ সুখ-স্পৃহা চৰিতার্থ কৰি ভৰিৰ ওপৰত ভৰি তুলি থৈ মহাসুখেৰে জীৱন কটোৱাত তেওঁৰ ব্যাঘাত
নঘটিলহেঁতেন৷ তেওঁ হেজাৰে হেজাৰে ধন খৰচ কৰি অক্লান্তভাৱে পৰিশ্ৰম কৰি অসমত অসমীয়াৰ
প্ৰথম কথাছবি সর্ম্পূণ কৰি উলিয়ালে৷ মই বঢ়াই নকওঁ, কিন্তু কমেই যে তেওঁ যদি এই গুৰুপ্তৰ
কার্য্যত হাত নিদিলহেঁতেন কমপক্ষে আৰু কুৰি কি ত্ৰিশ বছৰৰ ভিতৰত অসমীয়াৰ দ্বাৰাই এনে
এটা কার্য্য হৈ নুঠিলহেঁতেন৷ প্ৰথম উদ্যম দেখি শব্দ ইত্যাদিত অলপ দোষ ৰৈ গল; আৰু এই দোষৰ কথা
তেওঁ নিজেই বাৰে বাৰে স্বীকাৰ কৰিছে৷ একে জাপেই কোনেও দ’লৰ টিঙত উঠিব নোৱাৰে৷ বঙ্গদেশত ওলোৱা
বঙালীৰ প্ৰথম ফিল্মতকৈ তেওঁৰ এই ফিল্ম যে শতগুণে ভাল হৈছে এই কথা বঙালী দর্শকেই কলিকতাত
কোৱা মই নিজ কাণে শুনিছোঁ৷ কিন্তু আমাৰ ভিতৰতে জনচেৰেক ওলাল, আৰু কঁকালত কাপোৰ
বান্ধি ওলাল, জয়মতী ফ্লিমখন বেয়া হল বুলি বৰকৈ চিয়ঁৰিবলৈ৷ অৱশ্যে সমালোচনা লাগে, নহলে আগলৈ মানুহে
দোষ শুধৰাব নোৱাৰে, তেনে সমালোচনা এজনে কাকতত কৰা দেখি মই সন্তোষো পাইছিলোঁ৷ কিন্তু বাকীসকলৰ সমালোচনা, সমালোচনা নহয়, সমালোচনাৰ নামত লাথি
আৰু ছেই ছেই৷ এইদৰে মানুহৰ সজ উদ্যমত ঠেটুৱাই ধৰা চেঁচাপানী ঢালি দি অসমীয়াই স্বদেশৰ
উন্নতি কৰিবলৈ যায়৷
“জয়মতী ফ্লিম মোৰ ‘জয়মতী কুঁৱৰী’ নাটৰ ভেটিৰ ওপৰত
ভেটি পাতি সজা হৈছে সঁচা৷ কিন্তু তাতে সর্ম্পূন আউজা নাই৷ মই নিজে শ্ৰীযুত জ্যোতিপ্ৰসাদ
আগৰৱালাক কোৱা বা অনুৰোধ কৰা নাছিলোঁ যে মোৰ জয়মতীক তেওঁ প্ৰথমে ফ্লিমত তোলক৷ তেওঁ
যেতিয়া অনুমতি খুজি চিঠি লিখিছিল, আৰু তেওঁৰ ফ্লিমৰ আৱশ্যক মতে তাৰ সালসলনি কৰিব পাৰিবনে নোৱাৰে
সুধিছিল, মই এক মূহূর্তলৈকে অপেক্ষা নকৰি অতি আনন্দ মনেৰে অনুমতি দিছিলোঁ৷ কাৰণ মোৰ ঘাই
হেঁপাহ, অসমীয়াৰ দ্বাৰাই অসমত প্ৰথম ফ্লিম দেখিবলৈহে, মোৰ জয়মতী নাট ফিল্মত উঠা সুখ লভিবলৈ
নহয়৷ যদি জয়মতী নাটক ফ্লিমত নুতুলি ‘মনোমতী’ বা ‘কাৰেঙৰ লিগিৰীক’ তুলিলেহেঁতেন তাতো মোৰ নথৈ সন্তোষ
হলহেঁতেন৷ কলিকতাত যিদিনা প্ৰথমতে মই জয়মতী ফ্লিম দেখিলোঁ, মোৰ আনন্দ বুকুত নধৰা হৈছিল৷ মোৰ নাটৰ
ঘটনাবোৰ অনেক লৰচৰ কৰি ফ্লিমত দিয়া হৈছিল৷ মই দেখিছিলোঁ আৰু সেই ঘটনা তাতে দর্শকৰ ভিতৰত
অনেকে মোক কৈছিলেও৷ কিন্তু তালৈ মোৰ ভ্ৰক্ষেপ নাছিল আৰু আজিও নাই৷ মোৰ আনন্দ জয়মতী
ফ্লিমত দেখি, আৰু এনে অভাৱনীয়ৰূপে ফ্লিমকর্তাই অসমীয়া ভাৱৰীয়া আৰু ভাৱৰীয়নীৰে সেই কার্য্য
সমাধা কৰা দেখি৷ জয়মতীক দেখি প্ৰত্যোক কবিয়ে প্ৰত্যক আর্টিষ্টে নিজৰ কল্পনাৰ সৌন্দর্য্য
আঁকিব পাৰে, আৰু সেই পট লোকৰ আগত প্ৰদর্শন কৰিব পাৰে, যি দর্শক পাঠকৰ মন হৰণ কৰিব পাৰিলেই
কার্য্য দিদ্ধি৷ এক বাল্মীকিৰ ৰাম-সীতাক লৈ কত কবি, কত নাট্যকাৰে জগতত অমূল্য সম্পদ দান
কৰিছে৷ বাল্মীকি যদি আচল বাল্মীকি তেন্তে তেওঁ তাত বিষম পোৱা দূৰৰ কথা অনন্দহে পাব৷
মই কৈ কৈ হৰিলোঁ যে বাক্য বা নাটত বা আজিকালি প্ৰচলিত ফ্লিমত প্ৰকৃত বুৰঞ্জী বা ইতিহাস
কোনো বিচক্ষণ লোকে নিবিচাৰে৷ সেইবোৰত কি বিচাৰে, তাৰ বিষয়ে আজি বহলাই নকওঁ৷ দূৰ ইংলেণ্ডৰ
শ্বেক্সপীয়েৰৰ Richard II, Richard III, King
John V ইত্যাদি বুৰঞ্জীমূলক নাটৰ কথাকে নকওঁ, আমাৰ ওচৰৰ বঙ্গদেশৰ
সুবিখ্যাত বঙ্কিমচন্দ্ৰৰ নাট এখনৰ কথাকে কওঁ. বঙ্কিমে ‘চন্দ্ৰশেখৰ’ নাট লিখিছে৷ তাত
মিৰকাচিম আছে৷ মিৰকাচিম বঙ্গৰ নৱাব আছিল, আৰু তেওঁ ইংৰাজৰ সৈতে যুদ্ধ কৰিছিল, আৰু উদয়নালৰ যুদ্ধত
হাৰিছিল৷ এইবোৰ ঐতিহাসিক ঘটনাৰ উল্লেখ চন্দ্ৰশেখনৰ নাটত আছে বুলিয়েই আমি বুজিব লাগিব
নেকি যে, সেই নাটত লেখা আন ঘটনাবোৰ সঁচা ? অথাৎ চন্দ্ৰশেখৰ, প্ৰতাপ, শৈবালিনী, সম্বন্ধে যিবোৰ কথা লেখা হৈছে, সেইবোৰ ঐতিহাসিক
সত্য বুলিয়ে ধৰিব লাগিব নে ? এইবাবেই বঙ্কিম বাবুৱেই এখন ঐতিহাসিক নাটকৰ পাতনিত লেখিছিল যে, ‘উপন্যাস উপন্যাসেই, ইতিহাস নহে৷’ এই উজু কথাটো অনেকে
পাহৰে৷
ওপৰত কৈ অহা আমাৰ ‘সমালোচক’ সকলে জয়মতী ফ্লিমৰ সমালোচনাৰ কোব ইমান
বঢ়াই দিলে যে শ্ৰীযুত জ্যোতিপ্ৰসাদ আগৰৱালা একেবাৰেই দমি গ’ল৷ তেওঁ ধনে প্ৰাণে
কৰা পৰিশ্ৰমৰ এনে পুৰস্কাৰ দেখি অবাক হৈ পৰিল৷ মই বিশ্বস্ত সূত্ৰেৰে জানিবলৈ পালোঁ
যে সমালোচকসকলৰ ভিতৰত দুজন এজন ডাঙৰ ডাঙৰ আৰু সন্মানিত মানুহৰ নাম দেখি, পৰৰ মুখেদি জোল খোৱা
অনেক সর্বসাধাৰণ মানুহে জয়মতী ফ্লিম বেয়া বুলি চাবলৈকে নাহিল৷ ফলত আগৰৱালা বপুৰাৰ মূৰত
টাঙোন৷ এনেকুৱাই আমাৰ ব্যৱহাৰ আৰু স্বদেশহিতৈষিতা৷
বিসঙ্গতিৰ অৱস্থা দেখি, মই থাকিব নোৱাৰি, যুঁজলৈ নামিলোঁ৷
তথাপি নানামিলোঁহেতেন যদি মোৰ এজন প্ৰতিদ্বন্দ্বী এলাপেচা মানুহ হ’লহেঁতেন৷ যুঁজৰ ফল
ৰাইজে দেখিলে, সেইদেখি সেই বিষয়ে কোৱা বাহুল্য৷ মই জিকিলোঁ বুলি ভৱাও নাই আৰু নাভাৱোঁ৷ মোৰ
প্ৰচেষ্টা সত্যৰ প্ৰতিষ্ঠাহে৷ যদি কৰিব পাৰিলোঁ ভাল কথা, ন’হলে যদি নাই৷”




0 মন্তব্যসমূহ