দশম শ্ৰেণী, ইতিহাস খণ্ড৷ দ্বিতীয় অধ্যায়- মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা আন্দোলন

 

দ্বিতীয় অধ্যায়            '

        মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম




অতি চমু উত্তৰৰ প্ৰশ্ন:

১)  মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰ:- ২ অক্টোবৰ, ১৮৬৯৷ গুজৰাটৰ পোৰবন্দৰ৷

২) সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল ?

উত্তৰ:- দক্ষিণ আফ্ৰিকা৷

৩)  ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল ?

উত্তৰ:-  জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত৷

৪) কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?

উত্তৰ:- মৌলানা চৌকত আলি আৰু মহম্মদ আলি৷

৫) চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ:- ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী

৬) কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?

উত্তৰ:- ছাইমন বিৰোধী সমদলত অংশ লওতে আৰক্ষীৰ লাঠী চালনাত

৭) কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?

উত্তৰ:- ১৯২৯ চনৰ লাহোৰ জাতীয় কংগ্ৰেছ অধিৱেশনত৷

৮)  গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিলৈ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল৷ সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ দূৰত্ব কিমান ?

উত্তৰ:- ৩৮৫ কিলোমিটাৰ৷

৯)  সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?

উত্তৰ:- খান আব্দুল গফুৰ খান৷

১০) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলক কোনে কংগ্ৰেছক এককভাবে প্ৰতিনিধিত্ব কৰিছিল ?

উত্তৰ:- মহাত্মা গান্ধী৷ (১৯৩১)

১১. ১৯৩২ চনত সাম্প্ৰদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ?

উত্তৰ- ৰামজে মেকডোনাল্ড৷

১২. কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল ?

উত্তৰ- ভাৰত ত্যাগ আন্দোলন৷

১৩. আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰ:- সুভাষ চন্দ্ৰ বসু৷

১৪. ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?

উত্তৰ:- সুভাষ চন্দ্ৰ বসু৷

১৫. ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?

উত্তৰ:- ৰেডক্লিফ ৰেখা


দীঘল উত্তৰৰ প্ৰশ্ন:-

১. সত্যাগ্ৰহ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা৷

উত্তৰ:- সত্যাগ্ৰহ মানে ‘সত্যৰ প্ৰতি আগ্ৰহ’, অথাৎ সত্যনিষ্ঠ হৈ কাম কৰা৷ গান্ধীৰ মতে সত্যাগ্ৰহ এক একপক্ষীয় প্ৰতিৰোধ নহয়৷ ইয়াৰ তাৎপর্য হ’ল- জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কার্যকলাপত আত্মনিয়োগ কৰা৷ ইয়াৰ ভিত্তি অহিংসা৷

মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাতে ‘সত্যাগ্ৰহ’ প্ৰথমে আৰম্ভ কৰিছিল৷ ১৯১৫ চনত ভাৰতলৈ উভতি আহি  ভাৰততো সত্যাগ্ৰহ আৰম্ভ কৰিছিল৷ তিনিটা বিবাদৰ বাবে তেওঁ ভাৰতত প্ৰথমে সহ্যাগ্ৰহ কৰিছিল৷ সেই কেইটা হৈছে-

ক) বিহাৰৰ চম্পাৰণ জিলাৰ নীল খেতিয়ক সকলৰ ওপৰত ভূস্বামীসকলে কৰা অন্যায়ৰ বিৰুদ্ধে৷

খ) গুজৰাটৰ খেড়াত কৃষকৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে অৰোপ কৰা অত্যাধিক কৰৰ বিপক্ষে মাত মাতিবলৈ৷

গ) আমেদাবাদত বঞ্চিত মিল শ্ৰমিক সকলৰ হৈ মিল মালিকৰ বিপক্ষে৷

সম্পূর্ণ সত্য আৰু অহিংসাৰ মাজেৰে হোৱা আন্দোলনত বৃহৎ জনগনৰ অংশগ্ৰহণে সফল কৰি তুলিছিল৷  

২. ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ?

উত্তৰ:-  মুছলমান সকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে মানি আহিছিল৷ প্ৰথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ বাবে কিন্তু খলিফাৰ গুৰুপ্ত একেবাৰে কমি আহিছিল৷ ইয়াৰ বাবে মুছলমান সকল উত্তেজিত হৈছিল৷ ভাৰতীয় মুছলমান সকলে শংকিত হৈ মৌলানা চৌকত আলি আৰু মহম্মদত আলিৰ নেতৃত্বত এখন সমিতি গঠন কৰিছিল৷ এয়াই আছিল খিলাফৎ আন্দোলন৷ ৰাষ্ট্ৰীয় স্বার্থত গান্ধীয়ে অহিংসা পন্থাৰে সকলোকে আন্দোলনত অংশ লবলৈ আহ্বান জনাইছিল৷

মূলত আৰৱ সাম্ৰাজ্যৰ মুছলমানৰ পবিত্ৰ ঠাইবোৰত অতীতৰ হেৰুৱা অধিকাৰ উদ্ধাৰৰ বাবে ভাৰতত খিলাফৎ আন্দোলন আৰম্ভ হৈছিল৷  

৩. ১৯২০-২২ চনত গান্ধীকীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কার্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ?

উত্তৰ:- ১৯২০-২২ চনত গান্ধীজীয়ে অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা ভাৰতক মুক্ত কৰাৰ দৃঢ় প্ৰতিজ্ঞাৰে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল৷

         অসহযোগ আন্দোলনৰ কার্যসূচীত আছিল ক্ৰমে-

ক) ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হোৱা ঠায়ে ঠায়ে বিদেশী বস্ত্ৰ জ্বলাই দিয়া৷

খ) সুৰা বিক্ৰী কৰা দোকান বর্জন কৰা৷

গ) ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়-মহাবিদ্যালয় ত্যাগ৷ ইত্যাদি৷

গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ কৰাৰ মূল কাৰণ আছিল- উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰী চৌৰাত ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি৷ পুলিচৰ গুলীত তিনিজনৰ মৃত্যু৷ উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক হত্যা কৰে৷ এই কাণ্ডই অহিংস নীতি পৰিহাৰ কৰিছে বুলি গান্ধীয়ে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰিছিল৷

৪. আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল ? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ?

উত্তৰ:- আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ভাৰতৰ পূর্ণ স্বৰাজ বা সর্ম্পূণ স্বাধীনতা লাভ কৰা৷ মহাত্মা গান্ধীয়ে প্ৰথমে ১১ টা দাবীৰে ভাৰতৰ ভাইচৰয় জেনেৰেললৈ চৰম পত্ৰ প্ৰেৰণ কৰিছিল৷ তেওঁলোকে গুৰুপ্ত নিদিয়াত আন্দোলন আৰম্ভ হৈছিল৷

১৯৩০ চনত আৰম্ভ হোৱা আইন অমান্য আন্দোলনৰ মূল বৈশিষ্ট্য আছিল মহাত্মা গান্ধী আৰু তেওঁৰ অনুগামীসকলে গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা কৰি দাণ্ডী নামৰ ঠাইত নিজে নিমখ তৈয়াৰ কৰি লোণ আইনক প্ৰত্যাহ্বান জনোৱা৷

৫. কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কার্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে ? তোমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া৷

উত্তৰ:- গান্ধীজীৰ তৃতীয় বৃহৎ ‘ভাৰত ত্যাগ আন্দোলন’ সূচনা হোৱাৰ ঘাই কাৰণবোৰ আছিল দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূর্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয় সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভয়৷

ভাৰত ত্যাগ আন্দোলনক ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মাইলৰ খুটি বুলি গণ্য কৰিব পাৰি৷ কিয়নো এইখন জাতীয়তাবাদী সংগ্ৰামত ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিক সকলোৱে অংশগ্ৰহণ কৰিছিল৷

দ্বিতীয়তে জনতাই বিদেশী সামগ্ৰী ধ্বংস কৰাৰ লগতে কিছু কিছু স্থানত স্বাধীন চৰকাৰ গঠনৰ বাবে আন্দোলন কৰিছিল৷

তৃতীয়তে ভাৰত ত্যাগ আন্দোলনৰ পিছত স্বাধীনতা দৰদামৰ বিষয় হৈ নাথাকি ক্ষমতা হস্তান্তৰ কেতিয়া হ’ব সেই পর্যায়লৈ লৈ গৈছিল৷

সেইবাবে ভাৰত ত্যাগ আন্দোলনক মাইলৰ খুটি বুলিব পাৰি৷

. ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা৷

উত্তৰ:- ব্ৰিটিছৰ অধীনত থাকোতে নেতাজী সুভাষ চন্দ্ৰ বসু আৰু ৰাসবিহাৰী বসুৱে ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ গঠন কৰে৷ এই ধাৰণাটো প্ৰথমে পোষণ কৰিছিল কেপ্তেইন মোহন সিঙে৷ যুদ্ধবন্দীৰ লগতে সাধাৰণ ব্যক্তিও সেনাবাহিনীত ভর্ত্তি হোৱাৰ সুবিধা আছিল৷ সেনাবাহিনীৰ শ্লোগান হৈছে ‘জয় হিন্দ’৷ মহিলা সকলৰ বাবে ‘জান্সি ৰাণী ৰেজিমেণ্ট’ গঠন কৰে৷ সেনাবাহিনীয়ে জাপানৰ লগ লাগি ব্ৰক্ষ্মদেশ, মণিপুৰ, ইম্ফল, কহিমা আদিত যুদ্ধ কৰিছিল৷ জাপানৰ যুদ্ধ পৰাজয়ৰ পিছত ভাৰতীয় জাতীয় সেনা বাহিনীৰ শক্তি কমি আহিছিল৷ তেওঁলোকে আত্মসমর্পন কৰিবলৈ বাধ্য হৈছিল৷ ১৯৪৫ চনত নেতাজীৰ মৃত্যৰ লগে লগে জাতীয় সেনাবাহিনীৰ যৱনিকা পৰিছিল৷

 

মহাত্মা গান্ধী আৰু স্বাধীনতা আন্দোলনৰ টাইমলাইন

১৮৬৯:- ২ অক্টোবৰ৷ গুজৰাটৰ পোৰবন্দৰত জন্ম৷ পিতৃ মাতৃ- কৰমচাঁদ গান্ধী আৰু পুতলীবাই গান্ধী৷

১৮৮১:- কস্তুৰৱাৰ লগত বিবাহ৷

পত্নীৰ সৈতে মহাত্মা গান্ধী


১৮৮৮:- আইন অধ্যয়নৰ বাবে ইংলেণ্ডলৈ যাত্ৰা৷

১৮৯১:- ব্যাৰিষ্টাৰ হৈ ভাৰতলৈ উভতি ৰাজকোট আৰু মুম্বাইত ওকালতি আৰম্ভ৷

১৮৯৩:- নাটালত থকা পোৰবন্দৰৰ মুছলমান সকলৰ এটা প্ৰতিষ্ঠান আইনজ্ঞ হিচাপে প্ৰতিনিধিত্ব কৰি দক্ষিণ আফ্ৰিকালৈ যাত্ৰা৷ বর্ণবাদৰ বিৰুদ্ধে আন্দোলন কৰিছিল৷ ‘নাটাল ইণ্ডিয়ান কংগ্ৰেছ’ সংগঠন গঠন আৰু ‘ইণ্ডিয়ান অপিনিয়ন’ কাকত ছপাই উলিয়াই৷

দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধী


         ভাৰতীয় সকলক ট্ৰান্সভেল প্ৰদেশত প্ৰৱেশত বাধা দিয়াত সত্যাগ্ৰহ আন্দোলন৷ গান্ধীৰ মতে সত্যাগ্ৰহ মানে ‘এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া’৷

ভাৰতীয়সকলে বিয়া কৰিবলৈ পঞ্জীয়ন কৰোৱা আৰু খৃষ্টধর্মীয় বিধানমতেহে বিয়া কৰাৰ পতিবাদত আন্দোলন৷ ৯ মাহৰ কাৰাবাস৷ অৱশ্য ‘ইণ্ডিয়ান ৰিলিফ এক্ট’ৰ অধীনত মুক্তি৷

১৯১৪:- দক্ষিণ আফ্ৰিকাত বাস কৰা ভাৰতীয়সকলৰ অধিকাৰ সুৰক্ষাৰ বাবে প্ৰচাৰ৷

প্ৰথম বিশ্বযুদ্ধ আৰম্ভ৷ ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰাঞ্চৰ মিত্ৰশক্তিয়ে প্ৰতিশ্ৰুতি দিছিল যে জাতীয়তাবাদীসকলে মিত্ৰশক্তিক সহায় কৰিলে ভাৰতক স্বাধীনতা প্ৰদান কৰিব৷ গান্ধীয়ে গুজৰাটৰ কৃষকসকলক স্বৰাজ আৰু স্ব-শাসনৰ বাবে সৈন্য বাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰে৷

দ্বিতীয় বুৱা ৰ যুদ্ধৰ অবদানৰ বাবে ‘কাইজাৰ ই হিন্দ’ স্বর্ণ পদক প্ৰদান৷

১৯১৫:- ভাৰতলৈ প্ৰত্যাবর্তন কৰি সবৰমতী আশ্ৰম প্ৰতিষ্ঠা৷

১৯১৭:- ৰুছ মহাবিপ্লৱ৷ সাধাৰণ প্ৰজাৰ মাজত অসীম শক্তি লুকাই আছে সেই কথাই ভাৰতীয়ক উজ্জীৱিত কৰিছিল৷ চম্পাৰণ, খেড়া আৰু আহমেদাবাদত সত্যাগ্ৰহ আৰম্ভ৷

গৱর্ণৰ জেনেৰেল লর্ড ছেমছফোর্ডে ন্যায়ধীশ চিডনি ৰাওলাটক ভাৰতীয় বিদ্ৰোহীৰ কার্যকলাপৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰে৷ আৰু ব্যৱস্থা গ্ৰহণ কৰিবলৈ আদেশ দিয়ে৷

১৯১৮:- প্ৰথম বিশ্বযুদ্ধৰ অন্ত৷ মিত্ৰশক্তিৰ জয়৷ কিন্তু ভাৰতৰ পৰা ঔপনিৱেশিক শাসনৰ ওৰ নেপেলোৱাত জাতীয়তাবাদীৰ মোহভংগ৷

১৯১৯:-  চিডনি ৰাওলাটৰ মন্তব্যৰ ভিত্তিত ভাৰতত ‘ৰাওলাট  আইন’ প্ৰণয়ণ৷ আইন অনুসৰি “যিকোনো এজন ব্যক্তিক বিনা বিচাৰে ২ বছৰলৈ কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰৰ অধিকাৰ থাকিব৷” ব্ৰিটিছৰ প্ৰতি গান্ধীৰ মোহভংগ৷ ভাৰতীয় সকলৰ ব্যাপক প্ৰতিক্ৰিয়া৷

 

         ৬ এপ্ৰিল:- ৰাওলাট আইনৰ বিপক্ষে গান্ধীৰ সত্যাগ্ৰহ৷  হৰতাল, অনশন আৰু প্ৰাথনাৰে আৰম্ভ৷ গণ আন্দোলনলৈ ৰূপান্তৰিত৷ গান্ধীক গ্ৰেপ্তাৰ কৰে যদিও লগে লগে মুকলি কৰে৷

১০ এপ্ৰিল:- হৰতাল আন্দোলনৰ পঞ্জাৱৰ নেতা ড° সত্যপাল আৰু ড° কিটচলিউ ক গ্ৰেপ্তাৰ কৰি অমৃতসৰৰ পৰা নির্বাসিত কৰা হয়৷

১৩ এপ্ৰিল:- জালিৱানাৱালাবাগত বিশাল গণসভা৷ নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া জেনেৰেল ডায়াৰে শ শ লোকৰ ওপৰত গুলীচালনা কৰি হত্যাকাণ্ড সংঘটিত কৰে৷ প্ৰতিবাদত গান্ধীয়ে ‘কাইজাৰ ই হিন্দ’, ৰবীন্দ্ৰনাথে ‘নাইট’ বঁটা/সন্মান ঘূৰাই দিয়ে৷ পঞ্জাৱত সামৰিক শাসন জাৰি৷ ঘটনাৰ অনুসন্ধানৰ বাবে ‘হাণ্টাৰ কমিটি’ গঠন৷

মণ্টেগো চেমচফর্ড সংস্কাৰ বা ভাৰত চৰকাৰ আইন প্ৰণয়ণ৷ লর্ড চেমচফর্ড অসমলৈ আহিছিল কিন্তু অসম এছোচিয়েছনৰ হকাবধাত অভিনন্দন সভা অনুষ্ঠিত নহল৷

খিলাফৎ আন্দোলনলৈ গান্ধীৰ মুকলি সমর্থন৷

১৯২০:- ৰাওলাট আইন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, অর্থনৈতিক শোষণ, খিলাফট আন্দোলনলৈ সমর্থন আদি কাৰকৰ বাবে অসহযোগ আন্দোলন আৰম্ভৰ বিচাৰ বিবেচনা৷ আন্দোলনৰ লক্ষ্য- ‘ভাৰতবর্ষৰ মর্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুট ৰখা’৷

২০ ফেব্ৰুৱাৰী কলিকতাত খিলাফট অধিবেশনত অসহযোগ আন্দোলনৰ সিধান্ত৷

২৮ জুলাই:- গান্ধীয়ে প্ৰার্থনা আৰু অনশনেৰে আন্দোলনৰ শুভাৰম্ভ৷

ডিচেম্বৰ:- জাতীয় কংগ্ৰেছৰ নাগপুৰ অধিৱেশনে অসহযোগ আন্দোলনক মান্যতা প্ৰদান কৰে৷  

১৯২১:- কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত গান্ধীৰ নেতৃত্বত দেশত অসহযোগ আন্দোলন কৰিবলৈ সিদ্ধান্ত৷ ফলত দেশত 

-* কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় বিদ্যালয় স্থাপন হৈছিল৷ 

* হিন্দু মুছলমানৰ মাজত ঐক্য৷ 

* মাদক দ্ৰব্য নিবাৰণ 

* শেঠ যমুনালাল বাজাজে কাছাৰী ত্যাগ কৰা উকীলৰ পৰিয়ালৰ বাবে বছৰি এক লাখ টকা দান দিয়াৰ কথা ঘোষণা৷ 

* কংগ্ৰেছৰ স্বেচ্ছাসেৱক চল্লিশ লাখলৈ বৃদ্ধি৷ 

* বিশ হাজাৰ যঁতৰ নির্মাণ কৰা হৈছিল৷ সূতা কটা আৰু তাঁতবোৱা শিল্পৰ বিকাশ ৷ 

আন্দোলনৰ খৰচৰ বাবে তিলক পূজি গঠন কৰি ১ কোটিতকৈ অধিক সংগ্ৰহ হৈছিল৷ 

* মহিলা সকলেও আন্দোলনত অংশগ্ৰহণ কৰিছিল৷

১৮ আগষ্টত গান্ধীয়ে অসম ভ্ৰমণ কৰে৷ মহিলাৰ বয়ন শিল্প দর্শন৷ 

(অসমৰ ছাত্ৰ-ছাত্ৰীয়ে স্কুল বর্জন কৰে৷ ৭৫% আইনজীৱীয়ে ওকালতি বর্জন কৰে৷)

১৯২২:- ৫ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰী চৌৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি৷ পুলিচৰ গুলীত তিনিজনৰ মৃত্যু৷ উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচ হত্যা কৰে৷ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে আন্দোলন বন্ধ কৰি অনশনত বহে৷

১২ ফেব্ৰুৱাৰী:-  অসহযোগ আন্দোলন অন্ত পেলায়৷

১০ মার্চ:- বিদ্ৰোহত উদগনি জনোৱাৰ অপৰাধত গান্ধীক আটক কৰে আৰু ৬ বছৰৰ কাৰাদণ্ড৷ কাৰাদণ্ডই আন এক প্ৰবল আন্দোলনৰ পথ মুকলি কৰে৷

১৯২৮:- বৰদলি সত্যাগ্ৰহ৷

ভাৰত চৰকাৰ আইন কার্য্যকৰীতাৰ অনুসন্ধানৰ বাবে  ছাৰ জন ছাইমনৰ নেতৃত্বত ৭ জনীয়া আয়োগ ভাৰতলৈ আহে৷ আয়োগত এজনো কংগ্ৰেছ সদস্য বা ভাৰতীয় সদস্য নথকাত কংগ্ৰেছে ‘স্বেতকায় সকলৰ কমিছন’ বুলি আয়োগ খন বর্জন কৰে৷ কলিকতাত উপস্থিত হৈ বিভিন্ন প্ৰতিবাদৰ সম্মুখীন৷

৩ ফেব্ৰুৱাৰী:- ‘ছাইমন ঘূৰি যোৱা’ ধ্বনি দি হৰতাল৷  লাহোৰত পুলিচৰ লাঠি চালনাত লালা লাজপত ৰায়ৰ মৃত্যু৷

ছাইমন ঘূৰি যোৱা


ডিচেম্বৰ:- কলিকতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত চৰকাৰক সকিয়নি দিছিল হয় ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰক অন্যথা আইন অমান্য আন্দোলনৰ বাবে সাজু থাকক৷ মতিলাল নেহেৰুক ভাৰতৰ বাবে এখন সংবিধানৰ খচৰা প্ৰস্তুতৰ দায়িত্ব প্ৰদান৷  

১৯২৯:- জাতীয় কংগ্ৰেছৰ লাহোৰ অধিবেশনত জৱাহৰলাল নেহেৰুৰ সভাপতিত্বত ‘পূর্ণ স্বৰাজ’ৰ দাবী উত্থাপন৷

চাইমন কমিছন গঠনৰ বিৰোধিতাৰে গান্ধীয়ে জাতীয় কংগ্ৰেছক আইন অমান্য আন্দোলন সূচনা কৰিবলৈ অনুমোদন৷

১৯৩০- ২৬ জানুৱাৰী:- দেশজুৰি সেই দিনটো পূর্ণ স্বৰাজ বিচাৰি স্বাধীনতা দিৱস ৰূপে পালন৷

৩১ জানুৱাৰী:- ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লর্ড আৰউইনলৈ ১১ টা দাবী সন্মিলিত চৰম পত্ৰ প্ৰেৰণ৷ দাবী নামানিলে আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ৷ 

১২ মার্চ:- লোণ সত্যাগ্ৰহৰ জৰিয়তে আইন অমান্য আন্দোলনৰ সূচনা৷ সবৰমতীৰ পৰা গান্ধী আৰু অনুগামী সহ ৩৮৫ কিলোমিটাৰ পথ দাণ্ডি যাত্ৰা৷ 

ডাণ্ডী যাত্ৰা স্মাৰক মুদ্ৰা

 

৬ এপ্ৰিল:- ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডিত উপস্থিত৷ নিজে নিমখ প্ৰস্তুত কৰি লোণ আইনক প্ৰত্যাহ্বান৷

· সীমান্ত গান্ধী খ্যাত খান আব্দুল খানে উত্তৰ-পশ্চিম সীমান্তত ‘খুদাই খিটমদগাৰছ (ঈশ্বৰ সেৱক) আন্দোলন আৰম্ভ৷

·   আইন অমান্য আন্দোলনৰ বাবে প্ৰথম লণ্ডন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বর্জন কৰে৷

·   মহাত্মা গান্ধী আৰু কংগ্ৰেছ সভাপতি বল্লভ ভাই পেটেলক গ্ৰেপ্তাৰ৷

১৯৩১:- ৫ মার্চ:- গান্ধী আৰউইনৰ মাজত বুজাবুজি চুক্তি৷ হিংসাত্মক ঘটনাত জড়িত নোহোৱা সকলক কাৰাগাৰৰ পৰা মুক্তি৷ অসংগ্ৰিহীত জৰিমনা মাফ৷ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ৷

গান্ধী আৰউইন চুক্তি

১৯৩২:- ২০ ছেপ্তেম্বৰ:- ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ডে সাম্প্ৰদায়িক বাঁটোৱাৰা ঘোষণা কৰে৷ শিখ, খ্ৰিষ্টান আৰু মুছলমানৰ দৰে সংখ্যালঘূ সম্প্ৰদায়ক পৃথক নির্বাচনৰ সুবিধাৰ লগে অনান্য পিছপৰা শ্ৰেণীকো সংখ্যালঘূ হিচাপে চিহ্নিত কৰে৷

পুণা কাৰাগাৰৰ ভিতৰতে সাম্প্ৰদায়িক বাঁটোৱাৰ বিৰুদ্ধে গান্ধীৰ আমৰণ অনশন৷

২৫ ছেপ্তেম্বৰ:- পুনা চুক্তি৷ গান্ধীয়ে অন্য হিন্দুৰ লগত হৰিজনসকলক যুটীয়া নির্বাচন মণ্ডলত অন্তভুর্ক্ত কৰাত সফল হৈছিল৷ হৰিজন সেৱক সংঘ প্ৰতিষ্ঠা৷

১৯৩৩:- হৰিজন সাপ্তাহিক কাকত প্ৰকাশ

মে’ মাহত আইন অমান্য আন্দোলন সর্ম্পূণৰূপে স্তিমিত৷

১৯৩৪:- সক্ৰিয় ৰাজনীতিৰ পৰা অব্যাহতি৷ ৱার্ধা সেৱাশ্ৰমত আশ্ৰয়৷

মে’ আইন অমান্য আন্দোলন প্ৰত্যাহাৰ৷

১৯৩৫:- ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰি ভাৰতত প্ৰাদেশিক স্বায়ত্ব শাসন প্ৰদান কৰে৷ নির্বাচনৰ ফল অনুসৰি পাঞ্জাৱ, সিন্দ প্ৰদেশ আৰু বংগ প্ৰদেশৰ বাহিৰে মুঠ ১১খন প্ৰদেশৰ ৮ খনত কংগ্ৰেছে চৰকাৰ গঠন কৰে৷

১৯৩৭:- সক্ৰিয় ৰাজনীতিলৈ প্ৰত্যাগমন

১৯৩৯:- দ্বিতীয় মহাসমৰৰ সময়ত কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় বিধান পৰিষদৰ নির্বাচিত সদস্য সকলৰ লগত আলোচনা নকৰাকৈ ব্ৰিটিছ  চৰকাৰে জার্মানিৰ বিপক্ষে ভাৰতক অংশগ্ৰহণ কৰা বুলি দাবী কৰে৷  

ছেপ্তেম্বৰ:- দ্বিতীয় মহাসমৰ আৰম্ভ৷ গান্ধী আৰু নেহেৰু দুয়োজনেই হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধিতা৷ তেওঁলোকে ভাৰতৰ ‘সর্ম্পূণ স্বাধীনতা’ৰ প্ৰস্তাব গ্ৰহণ কৰিলে সহাত কৰাৰ প্ৰতিশ্ৰতি৷

১ নৱেম্বৰ:- প্ৰস্তাৱ অগ্ৰাহ্য কৰাত কংগ্ৰেছৰ সকলো মন্ত্ৰীসভাৰ সদস্যই পদত্যাগ৷ হেঁচা দিবলৈ বিভিন্ন কার্য্যসুচী গ্ৰহণ৷

২২ ডিচেম্বৰ:- কংগ্ৰেছ মন্ত্ৰীসভাৰ পদত্যাগক মুছলিম লীগৰ ‘মুক্তি দিৱস’ পালন৷

১৯৪০:- মার্চত অনু্ষ্ঠিত মুছলিম লীগৰ লাহোৰ অধিবেশনত মহম্মদ জিন্নাই সভাপতিৰ আসনৰ পৰা দ্বি-জাতি তত্ত্বৰ ভিত্তিত পাকিস্তানৰ দাবী তোলে৷

আগষ্ট- দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপেক্ষিতত ইংৰাজ চৰকাৰে ভাৰতৰ ভাইচৰয়ৰ যোগেদি ‘আগষ্ট প্ৰস্তাৱ’(Agust Offer) ঘোষণা কৰে৷ কিন্তু যুদ্ধত অংশগ্ৰহণ কৰিলেও স্বাধীনতা প্ৰদানক লৈ কোনো কথা উল্লেখ নথকাত কংগ্ৰেছ আৰু মুছলিম লীগ উভয়ে প্ৰত্যাখান কৰে৷

অক্টোবৰ:-‘আগষ্ট প্ৰস্তাব’ৰ বিৰোধিতা কৰি ‘দিল্লীলৈ বলক শ্লগানেৰে’ গান্ধীৰ ব্যক্তিগত সত্যাগহ৷ সত্যাগ্ৰহত গ্ৰেপ্তাৰ নোহোৱা একোজন সত্যাগ্ৰহীয়ে এখন নতুন ঠাইলৈ গৈ দিল্লী অভিমুখে যাত্ৰা কৰিছিল৷ প্ৰথমে গ্ৰেপ্তাৰ হৈছিল- আচার্য বিনোৱা ভাবে

১৯৪১:- জাতীয় কংগ্ৰেছৰ দুবাৰৰ সভাপতি সুভাষ চন্দ্ৰ বসুক ব্ৰিটিছ বিৰোধিতাৰ বাবে কলিতাৰ নিজৰ ঘৰত গৃহবন্দী৷ কিন্তু তেওঁ বেহু ভাঙি আফগানিস্তান, ৰাছিয়া, জামার্নী আৰু অৱশেষত ব্ৰক্ষ্মদেশ আৰু মালয়ত উপস্থিত হৈছিল৷

১৯৪২:-  বিশ্বযুদ্ধত জাপানে অংশগ্ৰহণ কৰি সাফল্য লভাত ভয় অনুভৱ কৰি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চার্চিলে মার্চত ব্ৰিটিছ যুদ্ধ পর্যালোচনা সমিতিৰ হৈ চাৰ ষ্টেনফোর্ড ক্ৰিপছক নতুন সাংবিধানিক প্ৰস্তাৱসহ ভাৰতলৈ প্ৰেৰণ৷ লক্ষ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত ভাৰতীয়সকলৰ সহায় আৰু সমর্থন আদায়৷ ক্ৰিপছ মিছনে যুদ্ধৰ পিছত স্ব-শাসিত এখন যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ প্ৰস্তাৱ দিয়ে৷ কিন্তু তৎকালে ক্ষমতা হস্তান্তৰ নকৰাত কংগ্ৰেছ আৰু মুছলিম লীগ উভয় পক্ষই গ্ৰহণ কৰা নাছিল৷ ক্ৰিপছ মিছনক ‘এটা দেৱলীয়া বেংকৰ এখন দিন ওকলা (Post dated) চেক’ আখ্যা৷’

মার্চ:- বিদেশবাসী ভাৰতীয় সকলক লৈ জাপানৰ টকিঅ’ত  ভাৰতীয় স্বতন্ত্ৰ লীগ (Indian Independent League) গঠন৷

জুন:- বেংককত বহা সন্মিলনত উক্ত লীগৰ সভাপতি নির্বাচিত হয় ৰাসবিহাৰী বসু৷ আজাদ হিন্দ ফৌজ (Indian National Army) গঠন কৰে৷ জাতীয় সেনাবাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল কেপ্তেইন মোহন সিঙে৷ নেতাজীকো জাপানলৈ নিমন্ত্ৰণ জনায় আই এন এৰ সর্ব্বোচ্চ মূৰব্বী বুলি ঘোষণা কৰে৷  

নেতাজী আৰু গান্ধী

৮ আগষ্ট:- বোম্বাইত বহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাত তাৎক্ষণিকভাৱে ব্ৰিটিছৰ অৱসান বিচাৰি ‘আগষ্ট বিপ্লৱ’ বা ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰে৷ গোৱালিয়ৰ টেংকৰ (বর্তমান আগষ্ট ক্ৰান্তি মৈদান) ভাষণত গান্ধীয়ে ‘কৰিম কিম্বা মৰিম’ (Do or Die) শ্লোগান দিয়াত আন্দোলনত সকলোৱে জপিয়াই পৰে৷

* গান্ধীৰ লগতে আন্দোলনকাৰীক গ্ৰেপ্তাৰ আৰু কংগ্ৰেছক নিষিদ্ধ কৰে৷

* হৰতালকাৰীয়ে বিদেশী সামগ্ৰী বিক্ৰী কৰা দোকান ভাঙিছিল৷ 

* চৰকাৰী প্ৰতিষ্ঠান বুলি গণ্য কৰা ৰেল ষ্টেচন, আদালত, পুলিচ থানা অক্ৰমণ৷ 

* ৰেল আলি ধ্বংস আৰু টেলিফোন লাইন কাটিছিল৷ 

* উত্তৰ প্ৰদেশ, বিহাৰ, বংগদেশ, বোম্বাই, উৰিষ্যা আৰু অন্ধপ্ৰদেশত আন্দোলনে ব্যাপক ৰূপ ধাৰন কৰে৷ 

* বালিয়া, চাতৰা, দৰবাৰ, বালাচোৰ, তালচেৰ আদিত নিজাকৈ চৰকাৰ গঠন কৰা বুলি ঘোষণা৷

১৯৪৩:- জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুৰ সৈতে নেতাজী সুভাষচন্দ্ৰ বসুৱে পুনৰ ভাৰতীয় জাতীয় সেনা বাহিনী নাইবা আজাদ হিন্দ ফৌজ গঠন কৰে৷ (আজাদ হিন্দ চৰকাৰ)৷ তেওঁলোকৰ শ্লোগান- জয় হিন্দ৷ মহিলাসকলৰ বাবে ‘জান্সি ৰাণী ৰেজিমেণ্ট’ গঠন কৰে৷

* নেতাজীৰ ‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’ শ্লোগান জনপ্ৰিয় হৈছিল৷ 

* সেনাবাহিনীয়ে জাপানৰ লগ লাগি ব্ৰক্ষ্মদেশ, মণিপুৰ, ইম্ফল, কহিমাত যুদ্ধ কৰিছিল৷

১৯৪৪:- আগান খান পেলেচত বন্দী হৈ মহাত্মা গান্ধীৰ পত্নী কস্তুৰৱাৰ মৃত্যু৷

১৯৪৫:- বিমান দুর্ঘটনাত নেতাজীৰ মৃত্যু৷ দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয়৷ ব্ৰিটিছৰ জয়লাভ৷ ভাৰতীয় সকলক কিছু স্বাধীনতা দিবলৈ ভাইচৰয় লর্ড ৱাভেলে চিমলাত ৰাজনৈতিক নেতাৰ সন্মিলন আয়োজন কৰে যদিও সফলতা নাপালে৷

১৯৪৬:- ইংলেণ্ডৰ নির্বাচনত নতুন প্ৰধানমন্ত্ৰী হিচাপে ক্লিমেণ্ট এটলি বিজয়ী হয় ৷ তেওঁ ভাৰতলৈ মন্ত্ৰীসভাৰ তিনিজন সদস্য ছাৰ ষ্টেফোর্ড ক্ৰীপছ, লর্ড পেথিক লৰেন্স আৰু এ. ভি. আলেকজেণ্ডাৰ  কেবিনেট মিছন’ ৰ সদস্য হিচাপে পঠায়৷ তেওঁলোকে অনুমোদন জনাইছিল- ) ব্ৰিটিছ অধিকৃত ভাৰতৰ লগতে দেশীয় ৰাজ্যবোৰক সামৰি বৈদেশিক পৰিক্ৰমা, প্ৰতিৰক্ষা আৰু যোগাযোগক নিয়ন্ত্ৰণক ৰাখি এখন যুক্তৰাষ্ট্ৰ গঠন কৰা৷ যুক্তৰাষ্ট্ৰখন তিনিটা গোটত থাকিব ক্ৰমে প্ৰথম গোটত - মাদ্ৰাজ, বোম্বাই, কেন্দ্ৰীয় প্ৰদেশ, মুক্ত প্ৰদেশ, বিহাৰ আৰু উৰিষ্যা৷

দ্বিতীয় গোটত- উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, পাঞ্জাৱ, সিন্ধু প্ৰদেশ আৰু বেলুচিস্তান৷

তৃতীয় গোটত- বংগদেশ আৰু অসম৷ খ) দেশখনৰ বাবে এখন সংবিধান সভা (Constituent Assembly) গঠন কৰা হব৷ আৰু গ) সংবিধান প্ৰস্তুত নোহোৱা পর্যন্ত কেন্দ্ৰত এখন অস্থায়ী চৰকাৰ গঠন কৰা হব৷

* সংবিধান সভাৰ নির্বাচনত জাতীয় কংগ্ৰেছে অধিক আসন লাভ কৰিল৷ মুছলিম লীগে সমিতি বর্জন কৰে৷

         ১৬ আগষ্ট:- পাকিস্তানৰ সাকাৰ ৰূপত পাবলৈ মুছলিম লীগে ‘প্ৰত্যক্ষ দাবী দিৱস’ (Direct Action Day) পালন কৰে৷ সাম্প্ৰাদায়িক সংঘর্ষ৷

১৯৪৭:- ২০ ফেব্ৰুৱাৰী:- প্ৰধানমন্ত্ৰী এটলিয়ে ভাৰতৰ স্বাধীনতা ১৯৪৮ চনৰ জুন মাহৰ পিছলৈ নিয়া নহব বুলি আনু্ষ্ঠানিকভাৱে ঘোষণা৷

         মার্চ:- লর্ড ৱাভেলৰ ঠাইত লর্ড মাউণ্টবেটেনভাৰতৰ ভাইচৰয় নিযুক্তি৷

জুন:- মাউণ্টবেটেনে দেশ বিভাজনৰ বাহিৰে ভাৰতৰ সমস্যা সমাধানৰ অন্য পথ নাই বুলি ঘোষণা৷ ঘোষণাৰ বৈশিষ্ট্যসমূহ-

ক) ভাৰতবর্ষক বিভজন কৰা হব৷  

খ) উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে জনতাই ভাৰত অথবা পাকিস্তানত যোগদান কৰিব পাৰিব

গ) পাঞ্জাৱ আৰু বংগদেশৰ প্ৰাদেশিক বিধান মণ্ডলে প্ৰদেশ দুখন বিভাজিত হ’ব নে নহয় নিজে সিদ্ধান্ত গ্ৰহণ কৰিব

ঘ) দেশীয় ৰাজ্যবোৰে নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তানত যোগ দিব৷

জুলাই:- ব্ৰিটিছ সংসদে ভাৰত স্বাধীনতা আইন অনুমোদন কৰে৷  ইয়াৰ ৪ টা দফা-

ক) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব৷

খ) দুয়োখন স্ব-শাসিত দেশ হব আৰু দেশৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেলথত যোদ দিব নে নিদিয়ে নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰিব৷

গ) প্ৰতিখন দেশতে একোজনকৈ গৱর্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব৷

ঘ) দুয়োখন দেশৰ বিধান মণ্ডলে সম্পূর্ণ নিজা ববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব৷ 

১৫ আগষ্ট:- তদানীন্তন দেশখন ভাৰত আৰু পাকিস্তান দুভাগত বিভক্ত হয়৷ পাকিস্তানৰ গৱর্ণৰ জেনেৰেল মহম্মদ আলী জিন্না আৰু ভাৰতৰ লর্ড মাউণ্টবেটেন৷ জৱাহৰলাল নেহেৰু ভাৰতৰ প্ৰধানমন্ত্ৰী৷

১৭ আগষ্ট:- ৰেডক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰে৷ ১৯৭১ চনত বাংলাদেশ স্বাধীন হওতে পূর্বৰ একেডাল সীমাকে দেশ দুখনৰ সীমাৰেখা বুলি গ্ৰহণ কৰে৷ 

১৯৪৮:- নাথুৰাম গডচে মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰে৷

 

 

 

একটি মন্তব্য পোস্ট করুন

2 মন্তব্যসমূহ