কিতাপ ৯৯৪৪

 

লাচিত বৰফুকন (নাটক)- প্ৰবীণ ফুকন



বাণী মন্দিৰ/ মূল্য- ২৫.০০ টকা/ পৃষ্ঠা- ৮৮

নাট্যকাৰ প্ৰবীণ ফুকনে এইখন বুৰঞ্জীমূলক নাটৰ আগকথাত লিখিছে, ‘মহাবীৰ লাচিত বৰফুকনৰ অসমৰ কাহিনী- আৰু শৰাইঘাটৰ ৰণৰ ওপৰত ভেটি কৰি আমাৰ আগতে আৰু কেইবাজনেও নাট ৰচনা কৰিছিল৷ এই প্ৰসঙ্গত অসমীয়া সাহিত্যৰ দুগৰাকী ঘাই গুৰিয়াল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু সাহিত্যিক পেঞ্চনাৰ পদ্মনাথ গোহাঁঞি বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ সময়ৰ লগে লগে মানুহৰ ভাব-গতিৰো সালসলনি হোৱাটো স্বাভাৱিক৷ সেইকাৰণে আমাৰ আদর্শস্থানীয় সকলৰ পদাঙ্ক অনুসৰণ কৰিয়েই নতুন যুগৰ নতুন ভাৱধাৰাৰ সৈতে খাপ খুৱাই  অসমৰ গৌৰৱময় যুগ এটাৰ পটভূমিকাত কল্পনাৰ ৰহন সানি ‘লাচিত বৰফুকন’ নাট ৰচনাৰ এই প্ৰয়াস৷

নাটকখনৰ সূচনা অংশৰ পৰা একাংশ



জয় অসম”

 বহু শতাব্দীৰ পৰাধীনতাৰ শিকলি ভাৰতে আজি ছিঙি পেলালে৷ ভাৰত আজি স্বাধীন হ’ল৷ অসম আজি স্বাধীন হ’ল৷ কিন্তু অসমৰ সুকীয়া অস্তিত্ব কেনে জীয়াই ৰাখিলে ?

-লাচিত বৰফুকনে-

সেই লাচিতৰ বিজয়-স্তম্ভ ক’ত ?

শৰাইঘাটৰ দুয়োকাষে থিয় হৈ থকা অগণন পর্ব্বতমালাই বীৰ লাচিতৰ বিজয় স্তম্ভ৷ শৰাইঘাট অসমৰ মহাতীর্থ৷

সোণৰ সফুৰা

অসম ভূমিৰ

তীর্থ-স্থল শৰাইঘাট

লুইত পৰীয়া

বীৰ লাচিতৰ

পূণ্য প্ৰতিভা বিৰাজে তাত৷

-শৰাইঘাট

অসমীয়া জাতি আজি স্বাধীন৷ কিন্তু অসমীয়া জাতিৰ অস্তিত্ব আজি বিপদ-সঙ্কুল৷ অসমীয়াক অসমীয়া স্বৰূপে জগতৰ আগত যিজনা বীৰে প্ৰতিষ্ঠা কৰি থৈ গ’ল, অসমীয়া জাতি আজি সেই বীৰ লাচিতৰ ওচৰত চিৰ-কৃতজ্ঞ৷

-লাচিত ফুকন

দেশে নেপাহৰে তোকে

হেংদান হাতত লৈ

দেশৰে শতুক

কৰিলি আঁতৰ

যাউতি-যুগীয়া

থাপিলি খিয়াতি

অসম অসমীয়াৰ বুলি

-লাচিত বাহুবলী৷

লাচিতৰ বীৰত্বৰ বাবেই, লাচিতৰ ঐকান্তিক কর্ত্তব্য নিষ্ঠাৰ বাবেই, লাচিতৰ দেশৰ প্ৰতি ভালপোৱাৰ বাবেই অসমে আজি জগতত এটি সুকীয়া জাতি হিচাপে নিজক প্ৰতিপন্ন কৰিবলৈ মূৰ দাঙি উঠিছে৷ বিদেশী শতুৰুক লাচিতে হেংদানেৰে অসমৰ চৌ-সীমাৰ পৰা ৰাজকৈ দিলে৷ দেশৰ গোসানী সন্তুষ্ট হ’ল৷

গোসানীৰ কলচী

আছে চকেমকায়

লুইতৰ পানীয়ে

আহে থকেবকায়

তোৰে গুণকে গায়৷

তোৰে বিজয় বতৰা

অকাশে গগনে পায়

যদিও লাচিত নাই৷

আজি লাচিত নাই৷ কিন্তু আমাৰ আগত আছে লাচিতৰ চানেকী৷ অসমে মাথো স্বাধীনতা লাভ কৰিলেই নহব৷ জগতৰ অইন অইন প্ৰগতিশীল জাতিৰ সতে একে শাৰীতে অসন লাভ কৰিব লাগিব৷ সেয়ে লাচিতৰ সংকল্পই আজি আমাৰো সংকল্প হওক৷

-আজি স্বাধীন অসম

অ’ মোৰ অসম

অগবাঢ়ি যোৱা আগবাঢ়ি

বীৰ লাচিতৰ দ’ল

ডেকা-গাভৰুৰ দল

শৰাই ঘাটৰ

বীৰ লাচিতৰ

পূণ্য স্মৃতিকে সুঁৱৰি-

আগবাঢ়ি যোৱা আগবাঢ়ি

৪০০ বছৰীয়া জন্ম জয়ন্তীত লাচিত বৰফুকন বিষয়ক তথ্যকোষ

লাচিত বৰফুকনৰ (২৪ নৱেম্বৰ, ১৬২২-২৫ এপ্ৰিল,  ১৬৭১)  কথাৰে:-

Ø  মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ৷ প্ৰথম অৱস্থাত লাচিত আছিল আতন বুঢ়াগোহাঁইৰ হাঁচতি ধৰা তাউলী৷ চক্ৰধ্বজ সিংহই বৰসেনাপতি আৰু বৰফুকনৰ খিতাপ দিয়ে৷ তেওঁ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ নিজৰ ৰণনীতি সলনি কৰিবলৈ উপযুক্ত নীতি জানিছিল৷ তেওঁ বর্তমানৰ কামাণ্ডো সদৃশ চোৰবচা সেনা ৰাখিছিল৷// লালুকসোলা বৰফুকন লাচিতৰ ভাতৃ৷ জয়ধ্বজ সিংহৰ কুঁৱৰী পাখৰী গাভৰু আকৌ লাচিতৰ ভনীয়েক৷ পাখৰীৰ জীয়েক আৰু লাচিতৰ ভাগিনীয়েক ৰমণী গাভৰুক ঔৰংজেৱৰ পুত্ৰ আজমতাৰালৈ বিয়া দিছিল৷   

দিল্লীত ঔৰংজেৱ মোগলৰ সম্ৰাট হৈ থকা অৱস্থাত অম্বৰৰ ৰজা মানসিংৰ পুত্ৰ ৰাম সিংহ আৰু ৰছিদ খাঁক অসম আক্ৰমণ কৰিবলৈ পঠালে৷ ১৬৬৯ চনত তেওঁলোক গোৱালপাৰাৰ ৰঙামাটিত উপস্থিত হ’লহি৷ লগত শিখ গুৰু টেগবাহাদুৰ আৰু অন্য পীৰ৷ অসম ৰক্ষা কৰিবলৈ আতন বৰগোহাঁই আৰু লাচিত বৰফুকন সাজু হ’ল৷ ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰে আমিন গাঁৱৰ ওচৰত এটা প্ৰকাণ্ড গড় নির্মাণৰ বাবে দায়িত্বভাৰ গ্ৰহণ লাচিতে৷ নিদিষ্ট সময়ত হৈ নুঠা দেখি তেওঁ ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি এজনক হেংদাঙেৰে ডিঙি কাটে৷ ভয়তে সকলোৱে কাম কৰাত নিশাৰ ভিতৰতে গড় হৈ উঠে৷ সেয়াই মোমাই কটা গড়৷ কিছুমানে কয় লাচিতে নিজৰ মোমায়েকক কটাৰ বাবে মোমাইকটা গড়৷ কিছুমানে কয় টাই ভাষাত ‘মৌমাই’ মানে অভিযন্ত্ৰা বা কুশলী লোক৷ গড় বন্ধা অভিযন্ত্ৰা এজনক কাটিছিল৷ উচ্চাৰণৰ বিভ্ৰান্তি হৈ মৌমাইৰ ঠাইত মোমাই হ’লগৈ৷ বৰফুকনৰ টিলাতেই বর্তমান মহাবাহু ব্ৰক্ষ্মপুত্ৰ ৰিভাৰ হেৰীটেজ চেণ্টাৰ স্থাপন কৰা হৈছে৷

Ø  আলাবৈ যুদ্ধ হৈছিল ১৬৬৯ চনত৷ হাজোৰ দলিবাৰীৰ কাষৰ আলাবৈত মোগলৰ ৰামসিংহৰ নেতৃত্বৰ অশ্বাৰোহী আৰু পদাতিক সৈন্যৰ সম্মুখত লাচিত সৈন্য ১০,০০০ ৰণত নিহত হৈছিল৷ যুদ্ধত যে আহোমৰ পৰাজয় হ’ব সেয়া লাচিতে বুজি পাইছিল৷ কিন্তু চক্ৰধ্বজ সিংহই যুদ্ধ বিচৰাত তেওঁ যুঁজিবলৈ সাজু হৈছিল৷  দুখৰ বাতৰি ৰজাক দিব খোজাত আতন বৰগোহাঁঞিয়ে কৈছিল, “বাৰীৰ ভিতৰত পুখুৰী এটা সিচিলেও ৮/১০ টা মানুহক শিঙিমাছে পুটে৷ এখন ৰণত, বিশেষকৈ মোগলৰ নিচিনা শক্তিবন্ত শত্ৰুৰ ৰণত ৮/১০ হাজাৰ মানুহ মৰিল, সিওনো এটা কথানে ? তাকে আকৌ স্বর্গদেউক জনাব লাগেনে ?”

চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পাছত তেওঁ ভায়েক চুন্যাতফাই উদয়াদিত্য সিংহ (১৬৬৯-১৬৭৩) নাম লৈ ৰজা হৈছিল৷ তেওঁৰ শাসনকালতে ১৬৭১ চনৰ মার্চ মাহত আহোম আৰু মোগলৰ মাজত সংঘটিত শৰাইঘাট যুদ্ধত লাচিত বৰফুকন  আছিল আহোমৰ মুখ্য সেনাপতি৷ লগত ইছমাইল চিদ্দিকি (বাঘ হাজৰিকা)৷ যুদ্ধৰ পূর্বে জ্যোতিষী অচ্যুতানন্দ দলৈয়ে শুভক্ষণ চাই দিছিল৷ যুদ্ধত মোগলবাহিনী বিষমৰূপে পৰাভূত হৈ অসম এৰি যাবলৈ বাধ্য হৈছিল৷ আহোমে তেওঁলোকৰ ৰাজ্যৰ পশ্চিম সীমা মানাহ নদীলৈ বিস্তাৰিত কৰিবলৈ সক্ষম হৈছিল৷

Ø  নৰীয়া শৰীৰেই লাচিতে মোগলৰ বিপক্ষে নৌযুদ্ধ কৰিছিল৷ কিছুমান সৈন্যই হাৰিম বুলি পলাবলৈ বিচৰাত কৈছিল, ‘কটা বন্দী নৰীয়াৰে মোক উজুৱাই কলৈ নিব খুজিছিল ? তেনেহ’লে ম বাঘৰ পোৱালি নহওঁ নেকি ?  এইবুলি নাৱৰীয়া এটাক কাটি পেলালে৷ আৰু ক’লে – ‘বঙালে মোক ধৰি নিয়ক৷ ৰাইজে উজাই গৈ সেই বাতৰি স্বর্গদেউক দিয়কগৈ ?’ লাচিত কথাত সকলোৱে বল পালে৷ শৰাইঘাটৰ যুদ্ধত আহোম জিকিল৷ যাৰৰ সময়ত ৰাম সিংহই কৈছিল, ‘বৰফুকন সামান্য মানুহ নহয়৷ জন্ত্ৰাকৃতি গঢ৷ একোঠাইত ছিদ্ৰ নেপালো৷ প্ৰত্যেক অসমীয়া সেনাই নাও বাব পাৰে, টোপ আৰু হিলৈ মাৰিব পাৰে, জল, স্থল সকলোতে সমান যোদ্ধা৷ এনে নিপুণ সৈন্য মই ভাৰতবর্ষৰ কতো নেদেখিলো৷”

লাচিতক লৈ কি কৰা হৈছে-

লাচিত দিৱস:- লাচিতৰ বীৰত্ব আৰু শৰাইঘাট  বিজয়ৰ স্মৃতিত ২৪ নৱেম্বৰ দিনটো অসমত লাচিত দিৱস পালন কৰা হয়৷

লাচিতৰ মৈদাম:- শৰাইঘাটৰ বিজয় উৎসৱ ৰংপুৰত আয়োজন কৰা হৈছিল৷ উৎসৱত ভাগ লবলৈ আহোতে বাটতে লাচিত নৰিয়াত পৰে ১৬৭২ চনত লাচিতৰ মৃত্যু হয়৷ যোৰহাটৰ হোলোঙাপাৰত উদয়াদিত্য সিংহই ১৬৭২ চনত নির্মাণ কৰে৷  মৈডামৰ কাষতে থকা পুখুৰীটোৰ নাম বৰফুকনৰ পুখুৰী৷

সাহিত্যত লাচিত:-  লাচিত বৰফুকনক কেন্দ্ৰ কৰি জীৱনী, নাটক, উপন্যাস আসমীয়া সাহিত্যত পোৱা যায়৷ তাৰে কেইখনমান হৈছে  বুৰঞ্জীবিদ সূর্য্যকুমাৰ ভূঞা ‘লাচিত বৰফুকন’ (১৯৭৯) ৰ লগতে ইংৰাজীত Lachit Borphukan and His Times (১৯৪৭); গণেশ গগৈৰ নাটক ‘লাচিত’; মহেন্দ্ৰ বৰঠাকুৰৰ নাটক ‘লাচিত বৰফুকন’; পদ্মধৰ চলিহাৰ ‘মহাবীৰ লাচিত বৰফুকন’;প্ৰবীণ ফুকনৰ ‘লাচিত বৰফুকন’ জগদীন্দ্ৰ ৰায়চৌধুৰীআকৌ মহানায়ক লাচিত বৰফুকন’; সুৰেশ ফুকন‘মৈদামৰ মই লাচিতে কৈছো’; কেশৱ চন্দ্ৰ ডাকুৱাজীৱনীমুলক উপন্যাখ ‘হেংদাং’ আদি৷

একেদৰে ইংৰাজী ভাষাত আনিশ গোৱালে লাচিতক চত্ৰপতি শিৱাজীৰ লগত তুলনা কৰি ‘Brhamaputra The Story of Lachit Barphukan-Assamese contemporary of Chhatrapati Shivaji’; বীৰেন্দ্ৰ কুমাৰ গোহাঁই ‘Lachit Borphukan The National Hero’; নিলোৎপল গোঁহাই ‘The Legend of Lachit Borphukan’ আদি গ্ৰন্থ লিখিছে৷



গীত আৰু কবিতাত লাচিত:- লাচিত বৰফুকনক আধাৰ কৰি বহুতো অ

সমীয়া গীত আছে আছে৷ তাৰে কেইটামান হৈছে ভূপেন হাজৰিকাৰ কণ্ঠত, ‘মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইত পৰীয়া ডেকা দ’ল’; জুবিনৰ কণ্ঠত, ‘তীৰ কপে উঠিছে ঐ লাচিতৰ জয় ৰবৰে সময় নাই’; মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠত , ‘কোনে  কয় আজি লাচিত নাই নাই’;  নীল আকাশৰ কণ্ঠত, ‘লুইতৰ বুকুত উজায়ে আহিছে’ আদি৷

একেদৰে অসমীয়া কবিতাতো লাচিতৰ বীৰত্বৰ কথা উল্লেখ পোৱা যায়৷ উদাহৰণ- ধ্বনি কবি ‘বিনন্দচন্দ্ৰ বৰুৱাৰ লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধৰ কথাৰে ‘নজনা বীৰ মূৰ’; জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লাচিতৰ আহ্বান’; দেৱকান্ত বৰুৱা ‘সাগৰ দেখিছা’ কাব্যগ্ৰন্থ ‘লাচিত ফুকন’ (লাচিতৰ মাধ্যমেৰে বর্তমানৰ নেতাৰ কথা বর্ণনা) আদি৷  

চিত্ৰপটত লাচিত:- লাচিত বৰফুকন বুৰঞ্জীমুলক চৰিত্ৰ৷ তেখেতৰ কোনো চিত্ৰ পাবলৈ নাই সেই অসুবিধা দূৰ কৰিবৰ বাবে প্ৰথম ছবি আঁকিছিল চিত্ৰশিল্পী ইন্দ্ৰেশ্বৰ বৰঠাকুৰে৷ সর্বেশ্বৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা কটন কলেজৰ প্ৰথমখন হাতেলিখা আলোচনী ‘সেউতী’ত প্ৰকাশ পাইছিল৷

চলচিত্ৰত লাচিত:- লাচিতৰ কাহিনীক আধাৰ কৰি ১৯৬১ চনত ক’লা-বগা মাধ্যমত প্ৰাগজ্যোতি কলা মন্দিৰ প্ৰয়োজনা‘লাচিত বৰফুকন’ চলচিত্ৰখনে মুক্তি লাভ কৰিছিল৷ চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা আছিল ক্ৰমে- প্ৰবীণ ফুকন আৰু লক্ষ্যধৰ চৌধুৰী৷ মূখ্য চৰিত্ৰত সর্বেশ্বৰ চৌধুৰী৷ কাহিনী জয়ধ্বজ সিংহই মোগলৰ লগত কৰা অপমানজনক সন্ধি পাছৰ জনা ৰজা চক্ৰধ্বজ সিংহই মানি নলৈ মোগলৰ লগত পুনৰ সংঘর্ষৰ পৰা আৰম্ভ হৈছে৷ চলচিত্ৰখনত ক্ষীৰদা কান্ত বিষয়াৰ কথাৰে দীপালী বৰঠাকুৰে গাইছিল, ‘অৱেগৰ বোকোচা বব মই নোৱাৰো, যৌৱনৰ আমনি কৰে৷”

মঞ্জু বৰাৰ ‘জয়মতী’ (২০০৬) চলচিত্ৰখন আকৌ লাচিত বৰফুকনৰ মোমায়েকক কটা দৃশ্যৰ পৰা আৰম্ভ হৈছে৷ চলচিত্ৰখনত প্ৰাঞ্জল শইকীয়াই লাচিতৰ চৰিত্ৰত অভিনয় কৰিছিল৷ একেদৰে ২০১৯ চনত মুক্তি পোৱা ‘অস্তিত্ব’ ৰ মূল চৰিত্ৰটিৰ নাম লাচিত হাজৰিকা৷ লাচিত বৰফুকন আৰু বাঘ হাজৰিকাৰ সংমিশ্ৰণেৰে নামটো লোৱা হৈছিল৷

কমিকচত লাচিত :- অমৰ চিত্ৰ কথাই ৬৯৪ সংখ্যক খণ্ডটো লাচিত বৰফুকনৰ নামত প্ৰকাশ কৰিছিল৷



লাচিত বৰফুকন বঁটা:-  ১৯৯৯ চনত তেতিয়াৰ সেনাপ্ৰধান বি পি মালিকে পুণেৰ এন ডি এ ত বছৰৰ শ্ৰেষ্ঠ কেডেটজনক ‘লাচিত বৰফুকন স্বর্ণ বঁটা’ প্ৰদানৰ পৰম্পৰা প্ৰচলন কৰে৷ 


একটি মন্তব্য পোস্ট করুন

3 মন্তব্যসমূহ