তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা (বেকেটৰ ভিতৰত
দিয়াবোৰ পূর্বে মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্ন)
১. তলৰ কোনটো
অনবীকৰণযোগ্য সম্পদ * - (১৪, ১৭, ১৯)
ক) পানী, খ) সূর্য্যৰ ৰশ্মি গ) গছ-গছনি ঘ)
প্ৰাকৃতিক গেছ
(* যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব
নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন
সম্পদ বোলে৷ প্ৰাকৃতিক গেছ তেনে এক সম্পদ৷ এনেবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ
বাবে লোপ পায়৷)
২. তলৰ কোনবিধ
সম্পদ অনবীকৰণযোগ্য সম্পদ (১৬)
ক) শস্য খ) মানুহ গ) লো ঘ) সূর্য্যৰ ৰশ্মি
৩. তলৰ সম্পদ
সমূহৰ কোনবিধ অজীৱীয় (১৭)
ক) বায়ু খ) উদ্ভিদ গ) জন্তুবোৰ ঘ) শস্য
(* প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰ নির্জীৱ তেনেবোৰ
সম্পদকে অজীৱীয় সম্পদ৷ কয়লা, খনিজ, তেল প্ৰাকৃতিক গেছ আদি উৎপত্তিৰ দিশৰপৰা জীৱীয় মূলৰ
আছিল যদিও বর্তমান অৱস্থাত নির্জীৱ সম্পদৰ শ্ৰেণীত পৰে৷)
৪. তলৰ কোনটো
মানৱসৃষ্ট সম্পদ (১৮. ২০)
ক) অৰণ্য খ) জলসিঞ্চন
গ) নদ-নদী ঘ) খনিজ তেল
(* প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সমাগ্ৰীয়েই প্ৰয়োজন সাপেক্ষে
বিভিন্ন প্ৰয়ুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়৷ মানুহৰ
প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্ৰীবোৰেই মানৱ সৃষ্ট সম্পদ৷ জলসিঞ্চন তেনে একে মানৱসৃষ্ট
সম্পদ৷)
৫. তলৰ কোনটো
এটা অজীৱীয় সম্পদ (২২)
ক) বায়ু খ)
বেক্টেৰিয়া গ) ভেকুঁৰ ঘ) শস্য
৬. অর্থনৈতিক
ভুগোলৰ পিতৃ স্বৰূপ হ’ল-
ক) চি এফ জোন্স খ) ডার্কেনৱাল্ড গ) পিটাৰ
হেগেট ঘ) জর্জ ছিজ হ’ম
৭. তলৰ কোনটো
প্ৰাথমিক বৃত্তি * নহয়-
ক) মাছ ধৰা খ) বনজ সম্পদ আহৰণ গ) শিল্পোৎপাদন প্ৰক্ৰিয়া
ঘ) কৃষি কর্ম
(* যি কার্যৰ দ্বাৰা মানুহে
প্ৰকৃতিৰপৰা সম্পদ আহৰণ কৰে সেয়ে প্ৰাথমিক বৃত্তি৷)
৮. তলৰ কোনটো দ্বিতীয়ক বৃত্তি * -
ক) কৃষি কার্য খ) যাতায়ত আৰু পৰিবহণ কার্য
গ) বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কার্য ঘ) নির্মাণ কার্য
(* যি কার্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন
দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলে সেয়াই দ্বিতীয়ক বৃত্তি৷)
৯. তলৰ কোনটো তৃতীয়ক বৃত্তি * -
ক) পাইকাৰী বা খুচৰা
বিক্ৰীৰ লগত জড়িত অর্থনৈতিক কার্য খ) বিভিন্ন নির্মাণ তথা পুনৰ নির্মাণ কার্য
গ) বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কার্য ঘ) বনজ সম্পদ আহৰণৰ কার্য
(* যি কার্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি
উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে৷)
১০. তলৰ কোনটো
চতুর্থক বৃত্তি * নহয়
ক) শিক্ষা গৱেষণাৰ লগত জড়িত কার্য খ) প্ৰচাৰ
মাধ্যমৰ সৈতে জড়িত কার্য গ) প্ৰশাসনৰ সৈতে জড়িত কার্য ঘ) পর্যটনৰ
সৈতে জড়িত অর্থনৈতিক কার্য
(* চতুর্থক বৃত্তি হৈছে দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহক
সূচল তথা ফলপ্ৰসূ কৰি তোলাত সহায়ক কৰি তোলা কার্য৷)
১১. তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়
ক) প্ৰযুক্তি খ) সৌৰশক্তি * গ) উদ্যোগ ঘ) কার্যালয়
(* সৌৰশক্তি সূর্য্যৰ ৰশ্মিৰপৰা আহৰণ কৰা শক্তি৷ এই শক্তি
মানুহে সৃষ্টি কৰিব নোৱাৰে৷)
১২. তলৰ কোনটো
ব্যক্তিগত সম্পদ নহয়-
ক) ভাল চৰিত্ৰ খ) শিক্ষা গ) কর্মদক্ষতা ঘ)
চৰকাৰ *
(* চৰকাৰ জাতীয় সম্পদহে৷ ইয়াক কোনো মানুহে নিজৰ দখলত
বা অধিকাৰত সুদীর্ঘকাল ৰাখিব নোৱাৰে৷)
১৩. তলৰ কোনটো
জাতীয় সম্পদ * -
ক) বায়ুমণ্ডল খ) শিক্ষা গ) শিক্ষানুষ্ঠান ঘ) সাগৰ
(* এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদক
দেশখনৰ জাতীয় সম্পদ বোলা হয়৷)
১৪. তলৰ কোনটো
স্থানিক সম্পদ * নহয়
ক) কয়লা খ) খনিজ পদার্থ গ) শস্য ঘ) পানী
(* প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ
স্থানতহে উপলভ্য তেনে সম্পদ বোৰক স্থানিক সম্পদ বোলা হয়৷ কিন্তু পানী পৃথিৱীৰ বেছিভাগ
ঠাইতে পোৱা যায়৷ )
১৫. সম্পদ হবলৈ
হ’লে-
ক) ইয়াৰ কার্যকৰিতা
আৰু উপকাৰিতা থাকিব লাগে খ) দাম আৰু মুল্য থাকিব লাগে গ) প্ৰাকৃতিক আৰু সহজলভ্য
হ’ব লাগে ঘ) পৰিবর্তনশীল আৰু ব্যৱহাৰযোগ্য
হ’ব লাগে
১৬. সোণ এবিধ
* -
ক) কৃত্ৰিম সম্পদ খ) প্ৰাকৃতিক সম্পদ গ) জৈৱিক সম্পদ ঘ) মানৱ সম্পদ
(* সোণ প্ৰকৃতিত পোৱা ৰাসায়নিক মৌল৷ ই চুপাৰনভা নিউক্লিয়বিশ্লেষণ
আৰু নিউট্ৰন তৰাৰ সংঘর্ষৰ ফলত সৃ্ষ্টি হৈছিল৷ মূল্যৱান ধাতুবিধ ভাৰতৰ কর্ণাটকৰ কোলাৰত
পোৱা যায়৷ )
১৭. মানৱ সম্পদত
আগবঢ়া দেশ হ’ল-
ক) ভুটান খ) জাপান
* গ) বাংলাদেশ ঘ) ভাৰত
(* দ্বিতীয় বিশ্বযুদ্ধত দুটাকৈ পাৰমাণবিক বোমাৰ আঘাতৰ
পিছতো জাপানে প্ৰাকৃতিক সম্পদমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্যদক্ষতাক, শিক্ষা,
প্ৰযুক্তি আৰু আগ্ৰহক ব্যৱহাৰ কৰি এখন শক্তিশালী দেশত উপনীত হৈছে৷ )
১৮. কাজিৰঙা ৰাষ্ট্ৰীয়
উদ্যানখন * এটা-
ক) প্ৰাকৃতিক সম্পদ খ) উদ্ভিদ সম্পদ গ) জাতীয় সম্পদ ঘ) নৱীকৰণ সম্পদ
(* অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা খঁগযুক্ত গড়ৰ বাবে
বিখ্যাত৷ ৰাষ্ট্ৰীয় উদ্যানসমুহ এখন দেশত তত্ত্বাবধানত থাকে বাবে ই দেশখনৰ বাবে জাতীয়
সম্পদ৷ )
১৯. দামোদৰ নদী
*
ক) অসমত খ) বিহাৰত গ) উৰিষ্যাত ঘ) পশ্চিমবংগত
(* পশ্চিমবংগত অৱস্থিত এইখন নদীয়ে ৰাজ্যখনত এসময়ত সঘনে
বানপানী সৃষ্টি কৰিছিল৷ পিছলৈ নদীখনৰ ওপৰত বান্ধ নির্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন
আৰু জলসিঞ্চন ব্যৱস্থা কৰি সম্পদলৈ ৰুপান্তৰিত
কৰিছিল৷ )
২০. গোলকীয় উষ্ণতা
বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ’ল- (১২)
ক) মিথেন খ) ক্ল’ৰফ্ল’ৰ কার্বন গ) নাইট্ৰাছ
অক্সাইড ঘ) কার্বন ডাই অক্সাইড *
(* বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত ০.০৩৫ শতাংশ থকা
কার্বন ডাই অক্সাইডে ভূ-পৃষ্ঠৰপৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলৰ লগতে ভূ-পৃ্ষ্ঠতো
জীৱৰ বাবে উপযুক্ত উত্তাপ বিৰাজ কৰাত সহায় কৰে৷ কিন্তু গেছবিধৰ স্বাভাৱিক পৰিমাণ বৃদ্ধি
পোৱাত গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে ভয়াবহ সমস্যা সৃষ্টি কৰিছে৷ )
২১. এছিড বৰষুণ
* সাধাৰণতে সৃষ্টি হয়- (১৮)
ক) মেৰু অঞ্চলত খ) অৰণ্য অঞ্চলত গ) ঔদ্যোগিক অঞ্চলত ঘ) ঘাঁহনি অঞ্চলত
(* বায়ুমণ্ডলত মাত্ৰাধিক ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন
ডাই-অক্সাইড সঞ্চিত হ’লে এচিড বৰষুণৰ সৃষ্টি হয়৷ সাধাৰণতে ঔদ্যোগিক এলেকা বায়ুবোৰত
দেখা দিয়া এইবিধ বায়ু প্ৰদূষণে বন-বননি ধ্বংস কৰাৰ লগতে বিল-খাল আদিৰ পানীও প্ৰদূষিত
কৰে৷)
২২. বায়ুমণ্ডলত
কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান ?
ক) ০.০০০৩৫ খ) ০.০৩৫
গ) ০.৩৫% ঘ) ৩.৩৫%
২৩. সেউজ গৃহ
গেছ * বোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী (১৯)
ক) অক্সিজেন খ) কার্বন
ডাই অক্সাইড গ) নাইট্ৰ’জেন ঘ) আর্গন
( * বায়ুমণ্ডলত থকা যিবোৰ গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত
সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে তেনে গেছ সমূহক সেউজ গৃহ
গেছ বোলে৷ বায়ুমণ্ডলত থকা সেউজ গৃহ গেছৰ মুঠ পৰিমাণ ০.১%৷ সাধাৰণ অৱস্থাত এইবোৰ গেছে
ভূপৃষ্ঠতো উত্তাপৰ ক্ষেত্ৰত ভাৰসম্য ৰক্ষা কৰাত সহায় কৰে৷ কিন্তু যিকোনো কাৰণতে বায়ুমণ্ডলত
এই গেছবোৰৰ স্থিতিৰ তাৰতম্য ঘটিলে, উত্তাপৰ স্বাভাৱিক অৱস্থাৰ পৰিৱর্তন ঘটে৷ )
২৪. তলৰ গেছবোৰৰ
ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়- (২২)
ক) কার্বন-ডাই-অক্সাইড খ) অ’জন * গ) মিথেন ঘ) নাইট্ৰাছ অক্সাইড
(* বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত থকা অ’জন হৈছে প্ৰাকৃতিকভাৱে
থকা অক্সিজেনৰে এটা ৰূপ৷ এই বিষাক্ত গেছবিধৰ স্তৰে অতি বেঙুণীয়া ৰশ্মিৰ বিকিৰণ পৃথিৱীলৈ
অহাত বাধা দি জীৱন সুৰক্ষিত কৰে৷ )
২৫. পিটাৰ হেগেট
(Peter Haggett) এজন
ক) বতৰ বিজ্ঞানী খ) ভূ-বিদ গ) ভূগোল বিজ্ঞানী ঘ) পৰিৱেশ বিজ্ঞানী
(* ইংৰাজ ভূগোল বিজ্ঞানী (১৯৩৩) জন বিষ্ট্ৰল বিশ্ববিদ্যালয়ৰ
অধ্যাপক৷ )
২৬. গোলকীয় উত্তাপ
বৃদ্ধি * এটা-
ক) স্থানীয় সমস্যা খ) আঞ্চলিক সমস্যা গ) আন্তঃৰাষ্ট্ৰীয় সমস্যা ঘ) ব্যক্তিগত সমস্যা
( * পৃথিৱীৰ বায়ুমণ্ডলৰ লগতে ভূ-পৃষ্ঠত উত্তাপ বৃদ্ধিৰ
বিবিধ কাৰকৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইত গোলকীয় উত্তাপ সৃষ্টি কৰি আন্তঃৰাষ্ট্ৰীয় পর্যায়ত
সকলোকে শংকিত কৰি তুলিছে৷)
২৭. জীৱাশ্ম ইন্ধনৰ
ব্যৱহাৰে বৃদ্ধি কৰে-
ক) অক্সিজেন খ) নাইট্ৰজেন গ) কার্বন-ডাই-অক্সাইড * ঘ) এটাও নহয়
(* জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰে বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ
লগতে কার্বন-মন’অক্সাইড (CO), নাইট্ৰ’জেন ডাই-অক্সাইড
(NO2), হাইড্ৰ’কার্বন, ছালফাৰ ডাই-অক্সাইড (SO2) আদি বিষাক্ত গেছ সংযোগ কৰে৷ যোৱা ১৫০ বছৰৰ ভিতৰত
বায়ুমণ্ডলত কেৱল কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্ৰায় ৩০% বাঢ়িছে৷ )
২৮. মাউণ্ট পিনাটু’ব’ৰ
* আছে-
ক) ভাৰতবর্ষত খ) নেপালত গ) চীনত ঘ) ফিলিপিনছত
(* ১৯৯১ চনৰ ১২ জুনত তিনি দিনৰ বাবে উদগিৰণ হৈ ১৫-২০
নিযুত টন পৰিমাণৰ ছালফাৰ ডাই-অক্সাইড গেছ এৰি দি বায়ু প্ৰদূষিত কৰিছিল৷)
২৯. ইয়াংজে *
নদী অৱস্থিত-
ক) চীনত খ)
জাপানত গ) বাংলাদেশত ঘ) ইণ্ডোনেচিয়াত
(* এছিয়া মহাদেশৰ আটাইতকৈ দীঘল নদী আৰু পৃথিৱীৰ তৃতীয়
দীঘল নদী৷ )
৩০. এছিড বৰষুণৰ
কাৰক গেছ দুটা হৈছে-
ক) অক্সিজেন আৰু নাইট্ৰজেন খ) অক্সিজেন আৰু
ছালফাৰ ডাই অক্সাইড গ) কার্বন-ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড ঘ) ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ’জেন ডাই অক্সাইড বায়ু
৩১. উত্তৰ মহাসাগৰলৈ
বৈ যোৱা এছিয়াৰ প্ৰধান নদীবিলাকৰ এখন হৈছে- (১০)
ক) হোৱাংহো খ) উৰাল গ) ইনিছি * ঘ) মেকং
(* এছিয়া মহাদেশৰ উত্তৰবাহিনী নদী ইনিছিৰ দৈর্ঘ্য ৫,৫৩৯
কিঃ মিঃ ৷ ৰাছিয়া আৰু মংগোলিয়াৰ মাজেৰে প্ৰবাহিত হৈ ছাইবেৰিয়াত উত্তৰ মহাসাগৰৰৰ কাৰা
সাগৰ অংশত পৰিছে৷ )
৩২. এছিয়া মহাদেশৰ
তলত উল্লেখিত নদীসমূহৰ অন্তর্বাহী নদীখন” হ’ল- (১১)
ক) আমূৰ খ) টাইগ্ৰিছ গ) মেকং ঘ) হলমেণ্ড *
(* যিবোৰ নদী উৎপত্তিস্থলৰ পৰা কোনো দেশ নাইবা মহাদেশৰ
মাজেৰে বৈ গৈ শেষত সাগৰ-মহাসাগৰত নপৰি দেশৰখনৰ মাজৰে হ্ৰদ বা জলাশয়ত পৰে সেইবোৰ অন্তর্বাহী
নদী৷ এছিয়া মহাদেশৰ হলমেণ্ড নদী হিন্দুকোষ পর্বতৰ পৰা উৎপত্তি হৈ আফগানিস্থান আৰু ইৰানৰ
মাজেৰে বৈ হলমেণ্ড হ্ৰদত মিলিছে৷ )
৩৩. এছিয়া মহাদেশৰ
* মাটিকালি হ’ল- (১৩)
ক) ৬৪.২ নিযুত বর্গ
কিঃ মিঃ খ) ২৪.২ নিযুত বর্গ কিঃ মিঃ গ) ৪৪.৬ নিযুত বর্গ
কিঃ মিঃ ঘ) ৫৪.২ নিযুত বর্গ কিঃ মিঃ
(* পৃথিৱীৰ সর্ববৃহৎ মহাদেশখনে মুঠ স্থলভাগৰ প্ৰায় ৩০%
আগুৰি আছে৷ এছিয়া পৃথিৱীৰ উত্তৰ গোলার্ধত অৱস্থিত মহাদেশ৷)
৩৪. কোনখন মালভূমি
‘পৃথিৱীৰ মুধচ’ হিচাপে জনাজাত- (১৪)
ক) আর্মেনিয়া মালভুমি খ) এনাতলীয়া মালভুমি
গ) পামিৰ মালভুমি * ঘ) কুৰদিস্তান মালভুমি
(* মধ্য এছিয়াত অৱস্থিত পামিৰ মালভূমি সাগৰ পৃষ্ঠৰ পৰা
১৬,০০০ ফুট ওপৰত অৱস্থিত৷ মালভুমিটো তাজিকিস্তান, আফগানিস্তান, তিব্বত, চীম আৰু পাকিস্তনালৈ
বিস্তৃত হৈ আছে৷ )
৩৫. উত্তৰ মহাসাগৰলৈ
বৈ যোৱা এছিয়াৰ প্ৰধান নদী- (১৬)
ক) উৰাল খ) ইনিছি
* গ) মেকং ঘ) হোৱাংহো
৩৬. কোনখন সাগৰে
এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে- (১৭)
ক) ভুমধ্য সাগৰ খ) লোহিত সাগৰ * গ) কাস্পিয়ান সাগৰ ঘ) আৰৱ সাগৰ
(* এছিয়া আৰু আফ্ৰিকা মহাদেশৰ দ্বিজিবুটি, ইজিপ্ত, ইৰিট্ৰিয়া,
চৌডি আৰব, চুডান, য়েমেন, চোমালিয়া, ইজৰাইল আৰু জর্ডানৰ সীমা স্পর্শ কৰি থকা লোহিত সাগৰৰ পাৰত বহুকেইখন চহৰ আছে লোহিত নামটোৰ
অর্থই দক্ষিণ দিশলৈ বৈ যোৱা প্ৰকাশ কৰে৷)
৩৭. প্ৰাকৃতিকভাৱে
এছিয়া মহাদেশক ইউৰোপ মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে- (১৮)
ক) কাৰাকোৰাম পর্বতমালা আৰু কৃষ্ণসাগৰ খ)
হিমালয় পর্বতমালা আৰু আমূৰ নদী গ) ইউৰাল পর্বতমালা আৰু ইউৰাল নদী ঘ) ৰকি পর্বতমালা আৰু
লেনা নদী
( * ৰাছিয়ান ভাষাত ইউৰাল মানে শিল৷ পাকৃতিক সম্পদত চহকী
ইউৰাল পর্বত পৃথিৱীৰ পুৰণি পর্বতমালাৰ অন্যতম৷ )
৩৮. পৃথিৱীৰ দীর্ঘতম
পর্বত শ্ৰেণীটো হ’ল- (১৯)
ক) হিমালয় খ) এণ্ডিজ
* গ) ৰকি ঘ) ইউৰাল
(* দক্ষিণ আমেৰিকাৰ পশ্চিম অংশত অৱস্থিত পর্বত শ্ৰেণীটো
ভংগিল পর্বত আৰু হিমালয়ৰ পাছতে দ্বিতীয় উচ্চতম পর্বতমালা৷ এই পর্বতৰ পৰাই ব্ৰাজিলত
আমাজান নদীৰ উৎপত্তি হৈ আটলাণ্টিক মহাসাগৰত পৰিছে৷ )
৩৯. কোনখন সাগৰে
এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে- (২০)
ক) লোহিত সাগৰ খ) ভূমধ্য সাগৰ গ) কাস্পিয়ান সাগৰ ঘ) এড্ৰিয়াটিক
সাগৰ
৪০. তলৰ কোনখন
মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম- (২২)
ক) ভাৰত মহাসাগৰ
খ) আটলাণ্টিক মহাসাগৰ গ) প্ৰশান্ত মহাসাগৰ * ঘ) দক্ষিণ
মহাসাগৰ
(* প্ৰায় ১৬৫ নিযুত বর্গ কিলোমিটাৰ মাটিকালিৰে প্ৰশান্ত
মহাসাগৰে পৃথিৱীৰ প্ৰায় এক তৃতীয়াংশ ঠাই আগুৰি আছে৷ মহাসাগৰখনৰ গড় গভীৰতা ৫০০০ মিটাৰ৷)
৪১. পৃথিৱীৰ দ্বিতীয়
বৃহত্তম মহাসাগৰ কোনখন
ক) প্ৰশান্ত মহাসাগৰ খ) ভাৰত মহাসাগৰ গ) আটলাণ্টিক মহাসাগৰ * ঘ) দক্ষিণ মহাসাগৰ
(* পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় এক ষষ্ঠাংশ সামৰি থকা
মহাসাগৰখন প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা৷)
৪২. পৃথিৱীৰ ক্ষুদ্ৰতম
মহাদেশ কোনখন-
ক) উত্তৰ আমেৰিকা খ) ইউৰোপ গ) এণ্টার্কটিকা
ঘ) ওছেনিয়া
৪৩. ফকলেণ্ড দ্বীপটো
* কোন মহাসাগৰত অৱস্থিত-
ক) আটলাণ্টিক মহাসাগৰ
খ) উত্তৰ মহাসাগৰ গ) প্ৰশান্ত মহাসাগৰ ঘ) ভাৰত
মহাসাগৰ
(* জৈব বৈচিত্ৰ্যৰে চহকী দ্বীপটোক লৈ গ্ৰেইট ব্ৰিটেইন
আৰু আর্জেণ্টিনাৰ মাজত বিবাদ হৈ থাকে৷ ১৮৩৩ চনত আর্জেণ্টিনা দখল কৰি দ্বীপটো ব্ৰিটেইনে
হস্তগত কৰিছিল৷ )
৪৪. আটলাণ্টিক
মহাসাগৰৰ বিস্তৃতি বা মাটিকালি __ নিযুত বর্গ কিলোমিটাৰ-
ক) ৬৫.২ খ) ৭৫.৮ গ) ৮২ ঘ) ৮২.২
৪৫. এছিয়া আৰু
ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে-
ক) ইউৰাল পর্বতমালা খ) ককেচাচ পর্বত গ) কাস্পিয়ান সাগৰ ঘ) ভল্গা নদী
৪৬. ইকুৱেডোৰ
* কোনখন মহাদেশত অৱস্থিত-
ক) উত্তৰ আমেৰিকা খ) দক্ষিণ আমেৰিকা গ) আফ্ৰিকা ঘ) এছিয়া
(* দেশখনৰ ৰাজধানী কিটো৷ ইয়াৰ লগত গালাপাগাজ দ্বীপপুঞ্জও
অন্তর্গত হৈ আছে৷ চৰকাৰী ভাষা স্পেনিচ৷ )
৪৭. ব্ৰাজিলৰ
ৰাজধানী কি ?
ক) ৰিও ডি জেনেইৰো খ) চাও পাওলো গ) ব্ৰাচিলিয়া ঘ) লিমা
৪৮. পৃথিৱীৰ মুঠ
মাটিকালি __ বর্গ কিলোমিটাৰ-
ক) প্ৰায় ২১০ নিযুত খ) প্ৰায় ৩৬১ নিযুত গ)
প্ৰায় ৪১০ নিযুত ঘ) প্ৰায় ৫১০ নিযুত
৪৯. ভূ-পৃষ্ঠৰ
___ বর্গ কিলোমিটাৰ জলভাগে আৱৰি আছে-
ক) প্ৰায় ২১৬ নিযুত খ) প্ৰায় ২৬৯ নিযুত গ)
প্ৰায় ৩১০ নিযুত ঘ) প্ৰায় ৩৬১ নিযুত
৫০. ভূপৃষ্ঠৰ
জলমণ্ডলৰ ___ শতাংশ দক্ষিণ গোলার্ধত অৱস্থিত-
ক) ২৭% খ) ৪৭% গ) ৫৭% ঘ) ৬৭%
1 মন্তব্যসমূহ
সুন্দৰ
উত্তরমুছুন