১০০০ চমু প্ৰশ্ন৷ বিষয় সমাজ বিজ্ঞান৷ (HSLC 2023) 50-100

 

৫১. পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় __ শতাংশ উত্তৰ গোলার্ধত * বাস কৰে



ক) ৩০ % খ) ৫০% গ) ৭৫% ঘ) ৯০%

(* স্থলভাগৰ বৃহৎ অংশ (৬৭ শতাংশ) উত্তৰ গোলার্ধত অৱস্থিত ৷ সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০% এই গোলার্ধত বাস কৰে৷)

৫২. তলৰ কোনখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলার্ধলৈ বিস্তৃত নহয়-



ক) উত্তৰ মহাসাগৰ খ) আটলাণ্টিক মহাসাগৰ গ) প্ৰশান্ত মহাসাগৰ ঘ) ভাৰত মহাসাগৰ 

(* প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলার্ধলৈ বিস্তৃত৷ কেৱল দক্ষিণ মহাসাগৰ দক্ষিণ গোলার্ধত আৰু উত্তৰ মহাসাগৰ উত্তৰ গোলার্ধত অৱস্থিত৷)

৫৩. বিস্তৃতি বা মাটিকালি হিচাপে মহাসাগৰ সমূহৰ ভিতৰত সর্ববৃহৎ মহাসাগৰখন

ক) উত্তৰ মহাসাগৰ খ) আটলাণ্টিক মহাসাগৰ গ) প্ৰশান্ত মহাসাগৰ ঘ) ভাৰত মহাসাগৰ

৫৪. প্ৰশান্ত মহাসাগৰৰ বিস্তৃতি বা মাটিকালি __ নিযুত বর্গ কিলোমিটাৰ-

ক) ১৬৫.২ নিযুত বর্গ কিঃ মিঃ খ) ১৭৫.৮ নিযুত বর্গ কিঃ মিঃ গ) ১৭৫.৯ নিযুত বর্গ কিঃ মিঃ ঘ) ১৮৫.২ নিযুত বর্গ কিঃ মিঃ

৫৫. বিস্তৃতি বা মাটিকালি হিচাপে মহাসাগৰ সমূহৰ ভিতৰত ক্ষুদ্ৰতম মহাসাগৰখন-

ক) উত্তৰ মহাসাগৰ * খ) আটলাণ্টিক মহাসাগৰ গ) প্ৰশান্ত মহাসাগৰ ঘ) ভাৰত মহাসাগৰ

(* প্ৰায় ১৪ নিযুত বর্গ কিলোমিটাৰ মাটিকালিৰ উত্তৰ মহাসাগৰ আকাৰত ভাৰত মহাসাগৰৰ প্ৰায় এক পঞ্চমাংশ৷ উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে আকৃতি ঘূৰণীয়া৷)  

৫৬. উত্তৰ মহাসাগৰৰ বিস্তৃতি বা মাটিকালি __ নিযুত বর্গ কিলোমিটাৰ

ক) ২০.৩ নিযুত বর্গ কিঃ মিঃ খ) ১৪ নিযুত বর্গ কিঃ মিঃ গ) ১০.১ নিযুত বর্গ কিঃ মিঃ ঘ) ০৮.১ নিযুত বর্গ কিঃ মিঃ

৫৭. পৃথিৱীৰ গভীৰতম সামুদ্ৰিক খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত ____ মিটাৰ গভীৰ

ক) ১১,০০২ মিটাৰ খ) ১১,০২২ মিটাৰ গ) ২১,০০১ মিটাৰ ঘ) ২১,০১১ মিটাৰ৷

(* প্ৰশান্ত মহাসাগৰৰ মেৰিয়ানা দ্বীপৰ ওচৰত অৱস্থিত মেৰিয়ানা বা চেলেঞ্জাৰ খাতৰ বুকুত এভাৰেষ্ট শৃংগকো ডুব যোৱাব পাৰি৷ এই অংশত আণৱিক বোমাৰ অৱশিষ্ট সমূহ পেলোৱাৰ কামত ব্যৱহাৰ কৰা হয়৷ )

৫৮. সমুদ্ৰতলিলৈ হেলনীয়াভাৱে নামি যোৱা মহীসোপান * অঞ্চলৰ গড় কৌণিক ঢাল-

ক) ১° খ) ° গ) ১৫° ঘ) ২৫°

(* উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশক মহীপোপান বোলা হয়৷)

৫৯. মহীঢালৰ গভীৰতা

ক) ১০০ ফেডম বা তাতকৈ কম খ) ১০০ ফেডম* ৰ পৰা ২০০০ ফেডম গ) ২০০০ ফেডমৰ পৰা ৩০০০ ফেডম* ঘ) ৩০০০ ফেডম বা তাতকৈ বেছি

(* ফেডম হৈছে এটা আমেৰিকান দৈর্ঘ্যৰ একক৷ দুই য়ার্ড (৬ ফুট) ১ ফেডম৷) 

৬০. তলৰ কোনটো পৃথিৱীৰ সমুদ্ৰ খাতসমুহৰ ভিতৰত গভীৰতম-

ক) ছুণ্ডা খাত খ) ৰোমান্স খাত গ) মেৰিয়ানা খাত ঘ) এলিউছান খাত

৬১. ---- মহাসাগৰে পৃথিৱীৰ প্ৰায় এক তৃতীয়াংশ ঠাই আগুৰি আছে-

ক) উত্তৰ মহাসাগৰ খ) আটলাণ্টিক মহাসাগৰ গ) প্ৰশান্ত মহাসাগৰ ঘ) ভাৰত মহাসাগৰ

৬২. প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় – মিটাৰ

ক) ৩০০০ মিটাৰ খ) ৪০০০ মিটাৰ গ) ৫০০০ মিটাৰ ঘ) ৫৫০০ মিটাৰ

৬৩. পঞ্চৰত্নৰ পৰা গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় হৈ চৈখোৱা ঘাটলৈকে যোৱা ৰাষ্ট্ৰীয় ঘাই পথটো হ’ল- (১০)

ক) ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথ খ) ৪০ নং ৰাষ্ট্ৰীয় ঘাই পথ গ) ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ ঘ) ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ

(* ৬৮৫.৮৩ কিলোমিটাৰ দৈর্ঘ্যৰ পথ এই পথটো অসমৰ এটা ব্যস্ত আৰু দীর্ঘতম স্থলপথ৷ )

৬৪. ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা (১১)

ক) ২.৩৯% খ) ২.৭৯% গ) ২.৫৯ ঘ) ৩.২৯

৬৫. মাটিকালি হিচাপে অসমৰ সর্ববৃহৎ জিলাখন- (১২)

ক) কোকৰাঝাৰ খ) ডিমা হাছাও গ) কার্বি আংলং * ঘ) কাছাৰ

(* ৭,৩৯৯ বর্গ কিলোমিটাৰৰ মধ্য অসমত অৱস্থিত এইখন জিলাৰ সদৰ ডিফু৷ কার্বি জনগোষ্ঠীৰ অধিবাসীৰে ভৰা জিলাখনৰ নামটো কার্বি ভাষাত ‘কার্বিলোকসকলৰ পাহাৰ’৷)

৬৬. অসমৰ ডিমা হাছাও জিলাত থকা পর্বত পাহাৰসমূহ- (১৩)

ক) পাটকাই পর্বতশ্ৰেণীৰ অন্তর্গত খ) বৰাইল * পর্বতশ্ৰেণীৰ অন্তর্গত গ) মেঘালয় পর্বত শ্ৰেণীৰ অন্তর্গত ঘ) লুছাই পর্বতশ্ৰেণীৰ অন্তর্গত

(* অসম, মণিপুৰ আৰু নাগালেণ্ড জুৰি বিস্তৃত হৈ থকা বৰাইল পর্বত হৈছে অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ৷ ইয়াৰ সর্বোচ্চ শৃংগ লাইকেই৷ বৰাক নদী বৰাইল পাহাৰৰ পৰা উৎপত্তি হৈছে৷)  

৬৭. গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাই পথটো হ’ল- (১৫, ১৭)

ক) ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথ খ) ৪০ নং ৰাষ্ট্ৰীয় ঘাই পথ * গ) ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ ঘ) ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ

(* এই ঘাইপথটোৱে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙক ত্ৰিপুৰাৰ চাব্ৰুমৰ লগত লগ লগাইছে৷ মেঘালয়, অসম আৰু ত্ৰিপুৰাৰ মাজেৰে পাৰ হোৱা ঘাইপথটোৰ মুঠ দৈর্ঘ্য ৬০০ কিঃ মিঃ)

৬৮. বর্তমান অসমৰ কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল- (১৮)

ক) ১০, খ) ৫ খন গ) ২০ খন ঘ) ৭ খন *

(* কাজিৰঙা, ডিব্ৰু-চৈখোৱা, ওৰাং, মানস, নামেৰী, দিহিং পাটকাই আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান৷ )

৬৯. অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন-

ক) চীন খ) ভূটান * গ) ম্যানমাৰ ঘ) নেপাল

(* এছিয়া মহাদেশৰ অন্তর্গত ভূটানৰ ৰাজধানী থিম্ফু৷ দেশখনৰ নামৰ অর্থৰ উচ্চভূমি৷ বৌদ্ধ আৰু হিন্দু ধর্মৰ দেশ ভূটানৰ ৰাষ্ট্ৰীয় ভাষা ভূটানীজ বা জংখা৷)

৭০. অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন-

ক) বাংলাদেশ * খ) ম্যানমাৰ গ) ত্ৰিপুৰা ঘ) শ্ৰীলংকা

(* এছিয়া মহাদেশৰ অন্তর্গত বাংলাদেশৰ ৰাজধানী ঢাকা৷ দেশ বিভাজনৰ পাছত তেতিয়াৰ পুব পাকিস্তানে ১৯৭১ চনত স্বাধীনতা বিছাৰি স্বাধীন বাংলাদেশ গঠন কৰে৷ মুছলমান সংখ্যা গৰিষ্ঠতা থকা বাংলাদেশৰ ৰাষ্ট্ৰীয় ভাষা বাংলা৷ )  

৭১. অসমৰ ৬ খন দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰখন হৈছে-

ক) ধুবুৰী * খ) শিলচৰ গ) ডিফু ঘ) তেজপুৰ

(* আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক উভয় সীমান্ত চুই যোৱা ধুবুৰী জিলাৰ নামটো চান্দ সদাগৰৰ আখ্যানৰ নেতাই ধুবুনী ঘাটৰ পৰা অহা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ জনসংখ্যা ১৯,৪৮,৬৩২ জন৷ মুঠ জনসংখ্যাৰ ৭৪% লোক মুচলন্ত৷ ভাষা অসমীয়া, বঙালী আৰু গোৱালপৰীয়া উপভাষা৷)

৭২. ব্ৰক্ষ্মপুত্ৰ উপত্যকা * ত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে-

ক) ৬৫ % খ) ৭৫% গ) ৮৫ % ঘ) ৯৫ %

(* হিমালয় পর্বতমালাৰ পূব আৰু উত্তৰ-পূর্বাঞ্চলৰ মাজত অৱস্থিত সমভূমি অঞ্চলটোৱেই ব্ৰক্ষ্মপুত্ৰ উপত্যকা৷ ব্ৰক্ষ্মপুত্ৰ নদ আৰু ইয়াৰ উপনৈ সমূহেৰে গঠিত উপত্যকাটোৱে অসমৰ পশ্চিমলৈ গোৱালপাৰা আৰু কামৰূপ অঞ্চল, মধ্য অসমৰ দৰং আৰু নগাঁও অঞ্চল আৰু পূব অসমৰ যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ অঞ্চলেৰে গঠিত৷)

৭৩. বৰাক উপত্যকা * ত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে?

ক) ২৫% খ) ২১ % গ) ১৮% ঘ) ১১ %

(* অসমৰ দক্ষিণ অঞ্চলত অৱস্থিত কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰে গঠিত বৰাক নদী অৱবাহিকাৰ অঞ্চলটোকে বৰাক উপত্যাকা আখ্যা দিয়া হয়৷ শিলচৰ বৰাক উপত্যকাৰ বৃহৎ চহৰ৷ ডইমাচা ভাষাত ‘ব্ৰা’ মানে বিভক্ত আৰু ‘ক্ৰ’ মানে ওপৰৰ অংশ বা সোঁত৷ কৰিমগঞ্জ জিলাৰ হাৰিতাকীত বৰাক নদী সুৰমা আৰু কুছিয়াৰা নদীত বিভক্ত হৈছে৷ এই সোঁতক তেওঁলোকে ‘ব্ৰাক্ৰা’ বুলিছিল৷ )

৭৪. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত জিলাখন-

ক) কার্বি আংলং খ) ডিমা হাছাও গ) হাইলাকান্দি ঘ) ধেমাজি

(* ডিমাছা আৰু নগা জনগোষ্ঠীৰে গঠিত ডিমা হাছাও জিলাৰ পূর্বৰ নাম উত্তৰ কাছাৰ পার্বত্য জিলা৷ হাফলং জিলাখনৰ সদৰ ঠাই৷ জিলাখনৰ নামটোৰ অর্থ ডিমাছা পর্বত৷ )

৭৫. অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী আছিল-

ক) অষ্ট্ৰিকসকল * খ) মংগোলীয়সকল গ) মিছিংসকল ঘ) বড়োসকল

( * দক্ষিণ পূব-এছিয়াৰ পৰা অষ্ট্ৰিকসকল অসমলৈ আহিছিল৷ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত বিস্তৃত ভাৱে বাস কৰা খাছিয়া আৰু জয়ন্তীয়াসকল অষ্ট্ৰিক জনগোষ্ঠীৰ লোক৷ কিছুসংখ্যক লোক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কার্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰে৷ কিছু সংখ্যক জয়ন্তীয়ালোক মেঘালয়ৰ সীমাৰ কাছাৰ জিলাতো বসবাস কৰে৷ মুণ্ডাৰী ভাষা কোৱা অসমৰ চাহ জনজাতিৰ লোকসকলো অষ্ট্ৰিক জনগোষ্ঠীৰ লোক৷)

৭৬. জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে-

ক) বড়ো * খ) মিছিং গ) ৰাভা ঘ) কার্বি

(* অসমৰ প্ৰায় সকলো ঠাইতে কম বেছি পৰিমানে বসবাস কৰা বড়োসকল প্ৰধানকৈ ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰৰ কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা আৰু ওদালগুৰি, দৰং, শোণিতপুৰ জিলাত বাস কৰে৷ )
৭৭. অসমত বর্তমান বাস কৰা কলিতা, কায়স্থ, ব্ৰাক্ষ্মণ আদি অজনজাতীয় জাতিৰ লোকসকল-

ক) অষ্ট্ৰিক খ) ক’কেছীয় গ) মংগোলীয় ঘ) এটাও নহয়

(* এইসকল লোক অসমলৈ প্ৰথমে স্থানীয় ৰজা বা শাসন কর্তাসকলৰ পৃষ্ঠপোষকতাত অসমলৈ আহিছিল৷ পিছলৈ ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক সমভূমিৰ অর্থনৈতিক সম্পদৰাজিৰ দ্বাৰা আকর্ষিত হৈ অসমলৈ আহিবলৈ ধৰে আৰু এই প্ৰবজন বর্তমান সময়তো অব্যাহত আছে৷ অসমত বসবাস কৰা বেছিসংখ্যক অজনজাতীয় লোকেই ক’কেছীয় জনগোষ্ঠীৰ৷)

৭৮. ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখন

ক) পশ্চিমবংগ খ) অসম * গ) তামিলনাডু ঘ) এটাও নহয়

(* চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ৷ কেৱল ভাৰততে নহয় সমগ্ৰ পৃথিৱীতে অসমৰ চাহ উদ্যোগৰ এটা সুনাম আছে৷ চাহ খেতিৰ বাবে প্ৰয়োজনীয় অনুকূল প্ৰাকৃতিক পৰিৱেশৰ বাবেই ৰাজ্যখনত চাহ উদ্যোগ গঢ়ি উঠিছে৷ ডিব্ৰুগড় জিলাত সর্বাধিক চাহ বাগিচা আছে৷)

৭৯. ১২২৮ খ্ৰীষ্টাব্দত কাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পর্বত পাৰ হৈ আহোমসকল অসমলৈ আহে-

ক) লেংডন খ) চ্যু-কা-ফা * গ) লাচিত ঘ) এটাও নহয়

(* ১২২৮ চনৰ ২ ডিচেম্বৰত চাওলুং চ্যুকাফাই পাটকাই পর্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি দিয়া দিনটোত বর্তমান অসম দিৱস পলান কৰা হয়৷ তেওঁ অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল৷ )

৮০. অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা ৰে’ল মণ্ডলটো-

ক) মধ্য ৰে’ল মণ্ডল খ) উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডল * গ) দক্ষিণ-পশ্চিম সীমান্ত ৰে’ল মণ্ডল ঘ) দক্ষিণ-পুব সীমান্ত ৰেল মণ্ডল

(* ভাৰতীয় ৰেল মণ্ডলৰ ১৮ টা মণ্ডলৰ আটাইতকৈ সৰু ৰেল মণ্ডল৷ সামৰি লোৱা ৰাজ্যকেইখন হৈছে- অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মণিপুৰ৷)

৮১. উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মূখ্য কার্য্যালয় অৱস্থিত-

ক) গোৰক্ষপুৰ খ) চেন্নাই গ) মালিগাওঁ ঘ) নতুন দিল্লীত

( * কামৰূপ মহানগৰ জিলাত অৱস্থিত এই কার্য্যালয়ৰ পৰাই সমগ্ৰ উত্তৰ-পূর্বাঞ্চলৰ ৰে’ল সেৱাৰ লগতে পশ্চিমবংগ  আৰু বিহাৰৰ কিছু অংশৰ ৰে’ল সেৱা নিয়ন্ত্ৰিত হয়৷)

৮২. অসমৰ বর্তমান সবার্ধিক মাটিকালিৰ (আয়তন) জিলাখনৰ নাম

ক) কামৰূপ খ) নগাঁও গ) কার্বি আংলং ঘ) শিৱসাগৰ

৮৩. ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ-

ক) ডিগবৈ খ) বাৰাউনি গ) বোম্বে ঘ) দুলীয়াজান

(* ১৮৮৯ চনত ডিগবৈতে এছিয়া আৰু ভাৰতৰ সর্বপ্ৰথম ব্যৱসায়িক ভিত্তিত তেল উৎপাদন আৰম্ভ হয়৷ ১৯০১ চনত ইয়াতে এছিয়া আৰু ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হয়৷)  

৮৪. অসমৰ চুণশিল পোৱা ঠাইখনৰ নাম

ক) ডিলাই পাহাৰ খ) বোকাজান গ) নামৰূপ ঘ) ধুবুৰী

(* কার্বি আংলং জিলাত অৱস্থিত বোকাজান সাগৰ পৃষ্ঠৰ পৰা ১৩৮ মিটাৰ ওপৰত৷ ইয়াৰে ডিলাই পর্বতত চিমেণ্ট বা বোকামাটিৰো কাৰখানা আছে৷)

৮৫. অসমত সর্বপ্ৰথম কেতিয়া ৰেলসেৱা আৰম্ভ হয়-

ক) ১৮৭৪ খ) ১৮৮৩ গ) ১৮৮৪ ঘ) ১৮৮৮

(* ডিব্ৰুগড়ৰ পৰা মাকুমলৈ ৪০ মাইল দৈর্ঘ্য পথত চলাচল কৰে৷ ইয়াৰ পূর্বে ১৮৮১ চনত ডিব্ৰু-শদিয়া ৰেলৱে নামেৰে ৰেল চলাচল কৰিছিল৷)

৮৬. অসমত সর্বপ্ৰথম কেতিয়া জাহাজ * চলিবলৈ লয়-

ক) ১৮৪৭ খ) ১৮৫৩ গ) ১৮৫৫ ঘ) ১৮৫৯

(* ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ ব্যৱসায়ৰ সুবিধা আৰু যাতায়তৰ সুবিধাৰ বাবে অসমত গুৱাহাটীৰ পৰা কলকাতালৈ প্ৰথমে  জাহাজ চলাইছিল৷)

৮৭. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূব পৰিষদৰ * অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে- (২০১৭)

ক) উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ এজন মুখ্যমন্ত্ৰীক খ) উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ এজন ৰাজ্যপালক গ) উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ এজন বিত্তমন্ত্ৰীক ঘ) উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ এজন মুখ্য সচীবক

(* ১৯৭২ চনৰ ১ আগষ্ট তাৰিখত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূব পৰিষদক দেশৰ উত্তৰ-পূবাঞ্চল অংশৰ ৰাজ্যসমূহৰ উমৈহতীয়া স্বার্থ ৰক্ষণা-বেক্ষণৰ বাবে স্থাপন কৰিছিল৷ মূর্খ্য কার্য্যলয় শ্বিলং৷)

৮৮. ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত * সভাপতিত্ব কৰিছিল– (১৮)

ক) ড° বি আৰ আম্বেদকাৰ খ) এন গোপালস্বামী গ) ° সচ্ছিদানন্দ সিনহা ঘ) চৈয়দ মহম্মদ চাদুল্লা

(* কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা গঠন হয় আৰু ১০৪৬ চনৰ ৯ ডিচেম্বৰত বহা প্ৰথম সভাত সভাপতিত্ব কৰিছিল জ্যেষ্ঠ সদস্য সিনহাই৷)

৮৯. তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য * নাছিল-(১৯)

ক) এন গোপালাস্বামী আয়েংগাৰ খ) কে. এম. মুন্সি গ) জৱাহৰলাল নেহেৰু ঘ) ডি. পি. খৈটান

(* সদস্য কেইজন আছিল- ড° বি আৰ আম্বেদকাৰ (সভাপতি), এন গোপালাস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, কে. এম. মুন্সি, চৈয়দ মহম্মদ চাদুল্লা (অসমৰ সদস্য), এন মাধৱ ৰাও আৰু ডি. পি. খৈটান)

৯০. ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনতো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল- (২০)

ক) সার্বভৌম খ) গণতান্ত্ৰিক গ) গণৰাজ্য ঘ) সমাজবাদী

(* সমাজবাদ মানে অর্থনৈতিক আৰু সামাজিক ব্যৱস্থাৰ এক গোট যাক উৎপাদনৰ মাধ্যমৰ সামাজিক মালিকী আৰু গণতান্ত্ৰিক নিয়ন্ত্ৰণেৰে চিহ্নিত কৰা হয়৷ সমাজবাদে মানুহৰ মাজত আয়, মর্যাদা আৰু জীৱনধাৰনৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাইকীয়া কৰাত সহায় কৰে৷)

৯১. কেবিনেট মিছন * ইংলেণ্ডৰ কেইজন মন্ত্ৰীৰে গঠিত গোট আছিল-

ক) দুজন খ) তিনিজন গ) চাৰিজন ঘ) পাঁচজন

(* ইংলেণ্ডত ১৯৪৫ ৰ সাধাৰণ নির্বাচনত শ্ৰমিক দলৰ নেতাই শাসনলৈ আহি ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ দেশৰ সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ বাবে ১৯৪৬ চনৰ মার্চ মাহত তিনিজনীয়া মন্ত্ৰীৰ কেবিনেট ভাৰতলৈ আহিছিল৷)

৯২. সংবিধান সভাৰ সভাপতি আছিল-

ক) ড° বি আৰ আম্বেদকাৰ খ) ° সচ্চিদানন্দ সিনহা গ) ° ৰাজেন্দ্ৰ প্ৰসাদ * ঘ) এটাও নহয়

(* সার্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি৷ ভাৰতৰত্ন প্ৰাপক৷ সংবিধান সভাৰ স্থায়ী সভাপতি হৈ তেওঁৰ অধীনত ১১ খন বৈঠক বহিছিল৷ সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্টত এখন খচৰা কমিটি গঠন কৰিছিল৷ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰা প্ৰতিলিপিত স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে দেশে সংবিধান লাভ কৰিছিল৷)

৯৩. নতুন সংবিধান বলবৎ কৰা হৈছিল-

ক) ১৫ আগষ্ট ১৯৪৭ খ) ২৬ জানুৱাৰী ১৯৫০ গ) ৯ ডিচেম্বৰ ১৯৪৬ ঘ) ২৯ আগষ্ট ১৯৪৭

(* ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ ঠাইত ভাৰতৰ সংবিধান গৃহীত হোৱাৰ বাবে এই দিনটো ভাৰতত গণৰাজ্য দিৱসৰূপা পালন কৰা হয়৷ এই দিনটো এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন৷ )

৯৪. ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান কার্য্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত কোনকেইটা শব্দ নাছিল-

ক) সার্বভৌম, সমাজবাদী, ঐক্য খ) গণতান্ত্ৰিক,ধর্মনিৰপেক্ষ, গণৰাজ্য গ) সমাজবাদী, ঐক্য, গণৰাজ্য ঘ) সমাজবাদী, ধর্মনিৰপেক্ষ আৰু ঐক্য

(* শব্দ তিনিটা ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হোৱা ৪২ তম সংবিধান সংশোধনৰ জৰিয়তে প্ৰস্তাৱনাত সংযোগ কৰিছিল৷)
৯৫. সার্বভৌম হৈছে ৰাষ্ট্ৰৰ- __ ক্ষমতা-

ক) আভ্যন্তৰীণ খ) সর্বোচ্চ গ) বাহ্যিক ঘ) গণতান্ত্ৰিক

(* কিয়নো সার্বভৌমে কোনো ৰাষ্ট্ৰক বিদেশী শক্তিৰ তলতীয়া তথা অভ্যন্তৰীণভাৱেও কোনো শক্তিৰ দ্বাৰা পৰিচালিত হবলৈ নিদিয়ে৷)

৯৬. যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ Federation টো প্ৰকৃততে তলৰ কোনটো ভাষাৰ শব্দ-

ক) গ্ৰীক খ) ফৰাচী গ) স্পেনিচ ঘ) লেটিন*

(* ইংৰাজী শব্দটো লেটিন শব্দ ‘Foedus’ৰ পৰা আহিছে৷ যাৰ অর্থ ‘চুক্তি’ অথবা ‘সন্ধি’৷ সেয়ে যুক্তৰাষ্ট্ৰ হ’ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা ৰাজ্যৰ গোট অথবা সমষ্টি৷)  

৯৭. যুক্তৰাষ্ট্ৰৰ গৃহভুমি * বুলি কোৱা হয়-

ক) ইংলেণ্ড খ) আমেৰিকা গ) চুইজাৰলেণ্ড ঘ) জাপান

(* পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱর্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত৷ সেইবাবে ইয়াক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বোলা হয়৷)

৯৮. সংবিধানৰ প্ৰস্তাৱনাত ধর্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা কিমান তম সংশোধনী মতে অন্তর্ভূক্ত হয়-

ক) ২৪ তম সংশোধনী খ) ৪১ তম সংশোধনী গ) ৪৪ তম সংশোধনী ঘ) ৪২ তম সংশোধনী

৯৯. জনপ্ৰতিনিধিৰে গঠিত সন্থাক আমেৰিকাত কি বোলে ?

ক) কংগ্ৰেছ খ) মেম্বাৰ গ) প্ৰতিনিধি ঘ) এটাও নহয়

১০০. কোন চনৰ আইনে পৰাধীন ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰর্ৱতন কৰিছিল-

ক) ১৯০৫ চনৰ বংগ বিভাজন আইন খ) ১৮৫৮ চনৰ ভাৰত শাসন আইন গ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন ঘ) ১৯১৯ চনৰ ভাৰত পৰিষদ আইন

  

 

একটি মন্তব্য পোস্ট করুন

1 মন্তব্যসমূহ