১০০০ চমু প্ৰশ্ন৷ বিষয় সমাজ বিজ্ঞান৷ (HSLC 2023) 201-250

 ২০১. সঞ্জীৱনী সংবাদ পত্ৰখন কোনে সম্পাদনা কৰিছিল?



ক) সুৰেন্দ্ৰনাথ বন্দোপধ্যায় খ) কৃষ্ণ কুমাৰ মিত্ৰ গ) ভূপেন্দ্ৰনাথ দত্ত ঘ) অৰবিন্দ ঘোষ

২০২. ছাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল ?

ক) ১৯১৯ খ) ১৯২২ গ) ১৯২৮ ঘ) ১৯৪২

(* ছাৰ জন ছাইমনৰ নেতৃত্বত ভাৰতলৈ আহিছিল৷)

২০৩. অসমত কেতিয়া টিকট কৰ (Stump Duties) প্ৰৱর্তন কৰা হৈছিল ?   

ক) ১৮৫৪ খ) ১৮৫৮ গ) ১৮৬০ ঘ) ১৮৭০

২০৪. মৰুকৰণৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা মহাদেশখন

ক) এছিয়া খ) আফ্ৰিকা গ) উত্তৰ আমেৰিকা ঘ) দক্ষিণ আমেৰিকা

২০৫. “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম”- উক্তিষাৰ কাৰ-

ক) মহাত্মা গান্ধী খ) সুভাষ চন্দ্ৰ বসু গ) কেপ্তেইন মোহন সিং ঘ) বাল গংগাধৰ তিলক৷  

২০৬. মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪০ চনত হোৱা ব্যক্তিগত হত্যাগ্ৰহ (দিল্লী চলো) ত গ্ৰেপ্তাৰ বৰণ কৰা প্ৰথমজন সত্যাগ্ৰহী কোন আছিল ?

ক) আাচার্য বিনোৱা ভাৱে খ) মহাত্মা গান্ধী গ) জৱাহৰলাল নেহেৰু ঘ) লালা ৰাজপত ৰয়৷

২০৭. পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?

ক) ১৮৫৭ খ) ১৮৬১ গ) ১৮৯৩ ঘ) ১৮৯৪

২০৮. এলাহবাদ সন্ধি হৈছিল

ক) ১৭৭৩ খ) ১৭৬৫ গ) ১৮৫৭ ঘ) ১৯০৫

(* মোগল সম্ৰাট শ্বাহ আলম আৰু ৰর্বাট ক্লাইভৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল৷)

২০৯. ‘বংগৰ অংগচ্ছেদ’ নাটকখনৰ ৰচক কোন ?

ক) ক্ষীৰোদ প্ৰসাদ খ) গিৰিশ ঘোষ গ) অমৰেন্দ্ৰ নাথ দত্ত ঘ) অমৃতলাল বসু

২১০. গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বর্ণবাদৰ বিৰুদ্ধে ভাৰতীয় সকলৰ আন্দোলন আৰম্ভ কৰিছিল-   

ক) ১৮৬৯ খ) ১৮৮৮ গ) ১৮৯১ ঘ) ১৮৯৩

২১১. তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী ?

ক) এশিঙীয়া গড় খ) জিৰাফ গ) নল-গাহৰি ঘ) মেথোন

২১২. ব্ৰিটিছ চৰকাৰৰ বিপক্ষে কৰা কৃষকসকলৰ প্ৰথম বিদ্ৰোহ আছিল

ক) ফুলগুৰি বিদ্ৰোহ খ) লাচিমা বিদ্ৰোহ গ) ৰঙিয়া বিদ্ৰোহ ঘ) পথৰুঘাট বিদ্ৰোহ
২১৩. গান্ধীয়ে সত্যাগ্ৰহৰ কৌশল পোনপ্ৰথমে প্ৰয়োগ কৰিছিল

ক) ভাৰত খ) দক্ষিণ আফ্ৰিকা গ) জাপান ঘ) আমেৰিকা

২১৪. এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়

ক) মেৰু অঞ্চলত খ) অৰণ্য অঞ্চলত গ) ঔদ্যোগিক অঞ্চলত ঘ) ঘাঁহনি অঞ্চলত

২১৫. তলৰ কোন চনত ভাৰতীয় ৰিজার্ভ বেংক স্থাপিত হৈছিল?

ক) ১৯৩৫ খ) ১৯৩৬ গ) ১৯৩৭ ঘ) ১৯৩৮

২১৬. তলৰ কোনটো স্বদেশী আন্দোলনৰ অংশ নহয় ?

ক) স্বদেশী খ) বয়কট গ) ৰাষ্ট্ৰীয় শিক্ষা ঘ) সত্যাগ্ৰহ

(* সত্যাগ্ৰহ বা অহিংস আন্দোলন ১৯১৯ চনত প্ৰথম হৈছিল৷)

২১৭. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল

ক) মণিৰাম দেৱান খ) কন্দর্পেশ্বৰ সিংহ গ) পিয়লি বৰুৱা ঘ) বাহাদুৰ গাওঁবুঢ়া

২১৮. ‘জোনাকী’ৰ প্ৰথম সম্পাদক কোন আছিল ?

ক) চন্দ্ৰকুমাৰ আগৰৱালা খ) লক্ষ্মীনাথ বেজবৰুৱা গ) হেমচন্দ্ৰ গোস্বামী ঘ) অম্বিকাগিৰি ৰায়চৌধুৰী৷

(* জোনাকীৰ প্ৰথম দুটা সংখ্যা তেখেতে সম্পাদনা কৰিছিল৷ জোনাকীত তেওঁ নিজে লিখা কবিতা হৈছে- বনকুঁৱৰী, তেজীমলা, মাধুৰী আদি৷ প্ৰথম কবিতাপুথি ‘প্ৰতিমা’৷)

২১৯. পূর্ববংগ আৰু অসমৰ ৰাজধানী কি আছিল ?

ক) ঢাকা খ) কলকাতা গ) শ্বিলং ঘ) চট্ৰগাম

২২০. দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি হিচাপে কোনে যোগদান কৰিছিল ?

ক) জৱাহৰলাল নেহেৰু খ) মহাত্মা গান্ধী * গ) খান আব্দুল গফুৰ খান ঘ) লালা লাজপত ৰায়

(* ১৯৩১ চনৰ ৭ ছেপ্তেম্বৰত লণ্ডনত এই মেলা অনু্‌ষ্ঠিত হৈছিল৷ মেজমেল অসফল হোৱাৰ ভাইচৰয় লর্ড ৱেলিংটনে ভাৰতত কঠোৰ দমনমূলক নীতি আৰম্ভ কৰিছিল৷)  

২২১. কোনজন চৰকাৰী বিষয়া ফুলগুৰি ধাৱাত বিদ্ৰোহীৰ হাতত মৃত্যু হৈছিল ?

ক) লেফটেনেণ্ট হার্বাট খ) লেফটেনেণ্ট ছিংগাৰ গ) কেপ্তেইন হলৰইড ঘ) কেপ্তেইন ৰোজ

২২২. তলৰ কোনখন গণৰাজ্য নহয় ?

ক) ভাৰত খ) ইংলেণ্ড গ) জাপান ঘ) পাকিস্তান

২২৩. “বর্জনৰ অর্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ সমার্থ হ’ল ইংৰাজৰ লগত সর্বতো প্ৰকাৰে অসহযোগীতা কৰা’- এই কথাষাৰ কৈছিল ?

ক) ৰবীন্দ্ৰনাথ ঠাকুৰ খ) বাল গংগাধৰ তিলক গ) অৰবিন্দ ঘোষ ঘ) বিপিনচন্দ্ৰ পাল

২২৪. ‘নাইটহুড’ উপাধি ব্ৰিটিছ চৰকাৰক পোনপ্ৰথমে ঘূৰাই দিছিল-

ক) গোপালকৃষ্ণ গোখলে খ) ৰবীন্দ্ৰনাথ ঠাকুৰ গ) লালা লাজপত ৰায় ঘ) অৰবিন্দ ঘোষ

২২৫. তলত উল্লেখিত কাৰ লিখনিৰ দ্বাৰা গান্ধীজীৰ সত্যাগ্ৰহৰ ধাৰণাটো প্ৰভাৱিত হৈছিল-

ক) টলষ্টয় আৰু থ’ৰো খ) টলষ্টয় আৰু দস্তয়ভস্কি গ) থ’ৰো আৰু হুইটমেন ঘ) ওপৰৰ এজনো নহয়৷

২২৬. ব্ৰিটিছ চৰকাৰে ফাঁচী দিয়া মণিপুৰৰ জনপ্ৰিয় নেতাজন আছিল-

ক) যুৱৰাজ কুলচন্দ্ৰ খ) মহাৰাজ সুৰচন্দ্ৰ গ) দেৱচন্দ্ৰ ঘ) টিকেন্দ্ৰজিৎ

২২৭. মুছলীম লীগ গঠনত লর্ড মিণ্টোক সহায় কৰা ব্ৰিটিছ বিষয়াজন হ’ল-

ক) এন্দ্ৰু ফ্ৰেজাৰ খ) ব্যামফিল্ড ফুলাৰ গ) হার্বাট ৰিজলী ঘ) জর্ন মর্লে

২২৮. তলৰ কোনটো উক্তি ভুল

ক) লর্ড ডেলহাউচীয়ে স্বর্ত্ব বিলোপ নীতি প্ৰৱর্তন কৰিছিল

খ) প্ৰথম আসাম লাইট ইনফেণ্ট্ৰি গুৱাহাটীত আছিল

গ) তাঁতিয়া টোপে মাৰাঠা নেতা আছিল৷  

ঘ) কেপ্তেইন হলৰইডে মণিৰাম দেৱানে লিখা চিঠি ধৰা পেলাইছিল৷

(* প্ৰথম আসাম লাইট ইনফেণ্ট্ৰী ডিব্ৰুগড়ত আৰু দ্বিতীয় আসাম লাইট ইনফেন্ট্ৰী গুৱাহাটীত আছিল৷ )

২২৯. তলৰ কোনজন কেবিনেট মিছনৰ সদস্য নাছিল ?

ক) লর্ড ৱাভেল খ) ষ্টেফোর্ড ক্ৰীপছ গ) লর্ড পেথিক লৰেন্স ঘ) এ. ভি. আলেকজেণ্ডাৰ

(* বাকী তিনিজনক ক্লিমেণ্ট এটলিয়ে সদস্য হিচাপে পঠাইছিল৷ )

২৩০. অসমৰ ব্ৰক্ষ্মপুত্ৰ বা বৰাক নদীৰ বানপানীৰ সমস্যা এটা-

ক) স্থানীয় সমস্যা খ) আঞ্চলিক সমস্যা গ) আর্ন্তজাতিক সমস্যা ঘ) ব্যক্তিগত সমস্যা

২৩১. ভাৰতৰ সংবিধান প্ৰস্তুত কৰোঁতে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱর্তনৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধানক অনুসৰণ কৰা হৈছিল ?

ক) আমেৰিকা খ) কানাডা গ) চীন ঘ) ইংলেণ্ড

২৩২. মাটিকালি হিচাপে পৃথিৱীৰ সর্ববৃহৎ দেশখন হ’ল-    

ক) ভাৰতবর্ষ খ) চীন গ) ৰাছিয়া * ঘ) ফ্ৰাঞ্চ

(* উত্তৰ ইউৰেছিয়াৰ এইখন দেশে পৃথিৱইিৰ বসবাস যোগ্য অঞ্চলৰ প্ৰায় এক অষ্টমাংশ অঞ্চল অধিকাৰ কৰি আছে৷ মুঠ মাটিকালি ১৭০৭৫৪০০ বর্গ কিঃ মিঃ৷ ৰাজধানী মস্কো৷ )

২৩৩. আইন অমান্য আন্দোলন সূচনা হয়-

ক) ১৯২২ চনৰ ১৬ ফ্ৰেব্ৰুৱাৰী খ) ১৯৩০ চনৰ ১২ মার্চ গ) ১৯২১ চনৰ ১৪ আগষ্ট ঘ) ১৯৪২ চনৰ ১৪ জুলাই

(* সেই দিনটোত দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল৷

২৩৪. দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল-

ক) ক্লিমেণ্ট এটলী খ) উইনষ্টন চার্চিল গ) ডিজৰেলী ঘ) ৰামছে মেকডোনাল্ড

(* ব্ৰিটিছ জাতিৰ বাবে নায়কজন চূঞান্ত ভাবে ভাৰত বিৰোধী আছিল৷ মহাত্মা গান্ধীক ‘হাফ নেকেড ফাকিৰ’ আখ্যা দিছিল৷)

২৩৫. কেতিয়াৰ পৰা ৰেডক্লিফ ৰেখাক ভাৰত পাকিস্তানৰ সীমা বুলি কৰা হয় ?

ক) ১৯৪৭ চনৰ ১৫ আগষ্ট খ) ১৯৫০ চনৰ ২৬ জানুৱাৰী গ) ১৯৪৭ চনৰ ১৭ আগষ্ট ঘ) ১৯৭১ চনৰ ৩১ মার্চ

২৩৬. মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পর্যায়টো হ’ল-

ক) বিনিময় প্ৰথা খ) জন্তুৰ মান গ) ধাতু মুদ্ৰা ঘ) কাগজী মুদ্ৰা

২৩৭. শিল এবিধ-

ক) জীৱীয় পদার্থ খ) অজীৱীয় পদার্থ * গ) মানৱ সৃষ্ট পদার্থ ঘ) মানৱ সম্পদ

(* বিভিন্ন প্ৰকাৰৰ খনিজৰ সমন্বয়ত গঠিত শিলক উৎপত্তি আৰু গঠন অনুসৰি আগ্নেয়, গেদীয় আৰু ৰূপান্তৰিত এই তিনি ভাগত ভগাব পাৰি৷)

২৩৮. গোলকীয় উত্তাপ বৃদ্ধি হ’ল-

) আন্তঃৰাষ্ট্ৰীয় সমস্যা ) স্থানীয় সমস্যা ) আঞ্চলিক সমস্যা )  ব্যক্তিগত সমস্যা

২৩৯. য়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল-

ক) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী * খ) ১৮২৬ চনৰ ২৫ ফেব্ৰুৱাৰী গ) ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰী ঘ) ১৮২৬ চনৰ ২৮ ফেব্ৰুৱাৰী

(* চুক্তিত ব্ৰটিছ বাহিনীৰ ফালৰপৰা ‘ছাৰ আর্চিবল্ড কেম্পবেল' আৰু ব্ৰক্ষ্মদেশৰ ফালৰপৰা  লেগাই প্ৰদেশৰ ৰাজ্যপাল ‘মহা মিন লা কিয়’ টিন’ এ সন্ধি কৰিছিল৷ চুক্তিৰ ৩ নং দফা অনুসৰি দুয়োখন দেশৰ মাজৰ সীমাৰেখা আৰকন গিৰিমালক ধৰা হয়৷)

২৪০. ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰা ভাষাৰ সংখ্যা-

ক) ২১ টা       খ) ১৯ টা       গ) ২২ টা *     ঘ) ২৫ টা  

(* হিন্দী ভাৰতৰ অধিকাৰিক ভাষা আৰু ইংৰাজী সহকাৰী অধিকাৰিক ভাষা৷ ২০০৩ চনৰ ৯২ তম সংবিধান সংশোধনী অনুসৰি স্বীকৃতী প্ৰাপ্ত ভাষা কেইটা হৈছে- অসমীয়া, উর্দু, ওড়িয়া, কন্নড়, কাশ্মিৰী, কোংকণী, গুজৰাটী, চাঁওতালি, ডোগ্ৰী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, বড়ো, মণিপুৰী (মেইতেই), মালয়ালাম, মাৰাঠী, মৈথিলী, সংস্কৃত, সিন্ধী আৰু হিন্দী৷)  

২৪১.  অসম চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছিল ?

ক) ৩ নৱেম্বৰ ১৯৪৭ খ) ৭ নৱেম্বৰ ১৯৫৯ গ) ২০ ছে্প্তেম্বৰ ১৯৬০ ঘ) ৩ নৱেম্বৰ ১৯১০

২৪২. তলৰ কোনখন নাটক অম্বিকাগিৰী ৰায়চৌধুৰীয়ে লিখি উলিয়াইছিল ?

ক) মিলন খ) বন্দিনী ভাৰত * গ) তপস্বিনী ঘ) মুক্তি দেউল

(* বংগ ভংগৰ বিৰোধিতা কৰি ১৯০৬ চনৰ সৰস্বতী পূজাৰ সময়ত এনে নিশাতে তেওঁ নাটকখন লিখিছিল৷ কটন কলেজিয়েট স্কুলত পূজাৰ দিনা মঞ্চস্থ কৰোতে নাটখনে দর্শকৰ মাজত মৃদু উত্তেজনা সৃষ্টি কৰে৷ মুক্তি বাহিনীয়ে ব্ৰিটিছ সৈন্যক আক্ৰমণ কৰিবলৈ যোৱা দৃশ্য চলি থাকোতেই পুলিছে নাটকখন বাজেয়াপ্ত কৰে৷)

২৪৩. অসম ছাত্ৰ সন্মিলন গঠন হৈছিল-

ক) ১৯১৫ খ) ১৯১৬ গ) ১৯১৭ ঘ) ১৯১৮

২৪৫. ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়-

ক) ২১ জুন * খ) ২১ জুলাই গ) ২১ আগষ্ট  ঘ) ২১ এপ্ৰিল

(* ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুন তাৰিখটো ঘোষণা কৰে৷ সেই দিনটো উত্তৰ গোলার্দ্ধত বছৰৰ আটাইতকৈ দীঘল দিন৷)

২৪৬. দ-পর্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা মূর্ত্তি দুটাৰ নাম-

ক) ৰাধা-ৰুক্মিণী খ) গংগা-যমুনা * গ) জয়-বিজয় ঘ) উষা-চিত্ৰলেখা

(* গুপ্তযুগত নির্মিত শৈল তোৰণখনৰ মূর্তি দুটাৰ শিল মসৃণ আৰু স্পষ্ট৷ সোঁফালৰ স্তম্ভটোত ফুলৰ মালা লৈ যমুনা আৰু বাঁওফালে একেই ৰূপত যমুনা)

২৪৭. তলৰ কোনখন আহোম যুগৰ শিলৰ সাঁকো নহয়

ক) চাওদাং * খ) দৰিকা গ) দিনজয় ঘ) নামদাং

(* চাওদাং হৈছে এটা বিষয় বাব যি অপৰাধীক শাস্তি বিহিছিল৷বা কী কেইখন শিলৰ সাঁকো৷)  

২৪৮. তলৰ কোনখন এছিয়া মহাদেশৰ নদী নহয় ?

ক) ডালিং খ) মে’নাম গ) আমূৰ ঘ) মেকং

২৪৯. তলৰ কোনখন দেশ ওছেনিয়া মহাদেশৰ অন্তর্গত

ক) টুভালু খ) গুৱেনা গ) হাইটি ঘ) গাম্বিয়া

২৫০. স্থলমণ্ডলৰ মাজত সোমাই নথকা সাগৰখন হৈছে-

ক) কাস্পিয়ান সাগৰ খ) মৰু সাগৰ গ) বংগোপ সাগৰ ঘ) আৰল সাগৰ

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ