১৫১. প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱা হ’ল-
ক) ১ এপ্ৰিল ১৯৫১ - ৩১ মার্চ ১৯৫৬ খ) ১ এপ্ৰিল ১৯৪৭ - ৩১
মার্চ ১৯৫২ গ) ১ এপ্ৰিল ১৯৬১ - ৩১ মার্চ ১৯৬৬ ঘ) এটাও নহয়
(* নির্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিদিষ্ট লক্ষ্যত
উপনীত হোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে পঞ্চবার্ষিক পৰিকল্পনা তৈয়াৰ কৰিছিল৷)
১৫২. NITI আয়োগ গঠন
কৰা হয়-
ক) ২০১১ খ) ২০০০ গ) ২০১৫ * ঘ) ২০১৪
(* প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে পৰিকল্পনা আয়োগৰ
ঠাইত NITI (National Institute for Transforming India Aayog) আয়োগ গঠন কৰিছিল৷ ইয়াৰ
অধ্যক্ষ হৈছে দেশৰ প্ৰধানমন্ত্ৰী৷ ২০১৫ চনৰ ১ জানুৱাৰীৰ ইয়াৰ কাম কাজ আৰম্ভ হয়৷)
১৫৩. দেশৰ আর্থিক
ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিল কৰণ হ’ল-
ক) গোলকীয়কৰণ খ) ব্যক্তিগতকৰণ গ) উদাৰীকৰণ * ঘ) অর্থনৈতিকৰণ
(* ১৯৯১ চনৰ পৰা ভাৰতত উদাৰীকৰণ আৰম্ভ হৈছইল৷ ইয়াৰ ফলত
ঔদ্যোগিক খণ্ড, বিত্তীয় খণ্ড, বৈদেশিক মুদ্ৰাৰ আহৰণ আৰু ব্যৱহাৰ আদি ক্ষেত্ৰত ৰাষ্ট্ৰৰ
নিয়ন্ত্ৰণ কমি গৈছিল৷ )
১৫৪. অসমত বর্তমান
(কার্যকাল শেষ হৈছে) চলি থকা পৰিকল্পনাখন হৈছে-
ক) দ্বাদশ *
খ) একাদশ গ) দশম ঘ) নৱম
( * ১ এপ্ৰিল ২০১৭- ৩১ মার্চ ২০১৭ লৈ)
১৫৫. কিমান চনত ৰাষ্ট্ৰসংঘৰ
উন্নয়ণ কার্যসূচী (United Nation Development Programme বা UNDP) ৰ অন্তর্গত প্ৰথমখন
মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয়-
ক) ১৯৮০ চনত খ) ১৯৮৫ চনত গ) ১৯৯০ চনত ঘ) ১৯৯৫ চনত
(* সেই বর্ষত প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন-যাত্ৰাৰ
মান এই তিনিটা সূচকৰ ওপৰত নির্ভৰ কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছিল৷)
১৫৬. ১৯৫০-৫১ চনৰ
পৰা ১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ গুৰিবঠা ধৰিছিল-
ক) ৰাজহুৱা খণ্ডই
খ) ব্যক্তিগত খণ্ডই গ) সেৱা খণ্ডই ঘ) কৃষি খণ্ডই
১৫৭. ৰামকৃষ্ণ মিছনৰ
প্ৰতিষ্ঠাতা আছিল- (২০১০)
ক) স্বামী দয়ানন্দ স্বৰস্বতী খ) স্বামী বিৱেকানন্দ গ) ৰাজা ৰামমোহন ৰায় ঘ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
(* ১৮৫৭ চনৰ ১ মে’ ত হিন্দু বেদান্ত দর্শনৰ ওপৰত আধাৰ
কৰি প্ৰতিষ্ঠা কৰিছিল৷ মুখ্য কার্য্যালয় পশ্চিমবংগৰ বেলুৰ মঠ৷
১৫৮. কাৰ কার্য্যকালত
‘বংগ বিভাজন আঁচনিখন’ কার্যকৰী কৰা হৈছিল ? (২০১৪, ২০১৭)
ক) লর্ড কার্জন খ)
লর্ড উইলিয়াম বেণ্টিংক গ) লর্ড ডেলহাউচী ঘ) লর্ড মাউণ্টবেটেন
১৫৯. ১৯০৬ চনত মুছলিম
লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল ? (২০১৫, ২০১৭)
ক) লর্ড কার্জন খ)
লর্ড মিণ্টো গ) লর্ড ৰিপণ ঘ) লর্ড কর্ণওৱালিছ
১৬০. ব্ৰিটিছ চৰকাৰে
দিল্লীত দৰবাৰ পাতি বংগ-ভংগ আঁচনি বাতিল কৰিছিল- (২০১৬)
ক) ১৯০৫ চনৰ ২০ জুলাই তাৰিখে খ) ১৯১১ চনৰ ১২ ডিচেম্বৰ তৰিখে গ) ১৯০৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে
ঘ) ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে
১৬১. ব্ৰিটিছ ভাইচৰয়
লর্ড কার্জনে বংগদেশক দুভাগত ভাগ কৰা দিনটো আছিল-
ক) ১৯২১ চনৰ ১৫ আগষ্ট খ) ১৯০৫ চনৰ ১৬ অক্টোবৰ * গ) ১৯০৫ চনৰ ২০ জুলাই ঘ) ১৯০৯ চনৰ
২৬ জানুৱাৰী
(* সেই বছৰৰ ২ ফেব্ৰুৱাৰীত লর্ড কার্জনে বংগ ভংংগৰ প্ৰস্তাৱটো
অনুমোদনৰ কাৰণে লণ্ডনলৈ প্ৰেৰণ কৰে৷ ৯ জুনত ভাৰত সচিব জন ব্ৰডৰিকে তাঁৰ বার্তাযোগে
অনুমোদন জনায়৷ ১৯ জুলাইত ভাৰত-ব্ৰিটিছ চৰকাৰে পৰিকল্পনাটো প্ৰকাশ কৰে৷ ১ ছেপ্টেম্বৰত
পৰিকল্পনাটো চৰকাৰী ভাৱে প্ৰকাশ কৰি ১৬ অক্টোবৰত কার্যকৰী কৰাৰ দিন ধার্য কৰে৷)
১৬২. নৱ গঠিত প্ৰদেশ
পূর্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা আছিল-
ক) ৭১ নিযুত খ) ৫০ নিযুত গ) ৩১ নিযুত ঘ) ২৬
নিযুত
১৬৩. কলিকতা টাউন
হলত বিশাল জনসভা অনুষ্ঠিত কৰি বংগ ভংগ বিৰোধী আন্দোলনৰ সূচনা কৰা দিনটো আছিল-
ক) ১৮৯৭ চনৰ ৩১ জুলাই খ) ১৯০৫ চনৰ ৭ আগষ্ট * গ) ১৯১৭ চনৰ ৫ অক্টোবৰ ঘ) ওপৰৰ এটাও নহয়
(* সেইদিনাৰ কাছাম বজাৰৰ টাউন হলৰ সভাত মহাৰাজা মণীন্দ্ৰচন্দ্ৰ
নন্দীৰ অধ্যক্ষতা কৰিছিল৷ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিনিধিৰ আহ্বানত বিদেশী পণ্য বর্জনৰ
প্ৰস্তাৱ সর্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল৷)
১৬৪
. ‘বংগলক্ষ্মী কটন মিল’ গঢ়ি উঠিছিল-
ক) গুৱাহাটীত খ) শিলিগুৰিত গ) পাটনাত ঘ) কলিকতাত*
( * স্বদেশী আন্দোলনৰ সময়ত নীলৰতন চৰকাৰৰ উদ্যোগত আমেৰিকাত
উৎপাদিত বস্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান জনাই খাদী কাপোৰ উৎপাদনৰ বাবে ১৯০৬ চনত গঢ় দিছিল৷ )
১৬৫. ‘বেংগল কেমিকেল’
* স্থাপন কৰা ব্যক্তিজন-
ক) আচার্য প্ৰফুল্ল
চন্দ্ৰ ৰায় খ) ৰবীন্দ্ৰনাথ ঠাকুৰ গ) সুৰেন্দ্ৰনাথ বেনার্জী ঘ) অৰবিন্দ ঘোষ
(* বেংগল কেমিকেলচে ব্লিচিং পাউদাৰ, এণ্টিচেপ্টিক, ভিটামিন
ডি, কেলচিয়াম আদি উৎপাদন কৰিছিল৷)
১৬৬. ১৯০৬ চনৰ ১১
মার্চত ‘জাতীয় শিক্ষা পৰিষদ’ গঠন হৈছিল-
ক) দিল্লী খ) বোম্বাই গ) মাদ্ৰাজ ঘ) কলিকতাত *
(* ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত বহা অনুষ্ঠানত
গঠন হৈছিল৷ সেই বছৰৰৰে ১৫ আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপন হৈছিল৷ অৰবিন্দ ঘোষে
মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল৷)
১৬৭. ১৯০৫ চনত বেনাৰসত
অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বার্ষিক অধিৱেশনত সভাপতিত্ব কৰিছিল-
ক) মহাত্মা গান্ধী খ) জৱাহৰলাল নেহেৰু গ)
বাল গংগাধৰ তিলক ঘ) গোপাল কৃষ্ণ গোখলে*
(* তেওঁ জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি লালা লাজপত ৰায়ক লগত
লৈ লণ্ডনত উপস্থিত হৈ চৰকাৰৰ ওচৰত বংগ ভংগ আঁচনি পৰিত্যাগ কৰিবলৈ আৱেদন জনাইছিল৷)
১৬৮. ১৯০৮ চনৰ ডিচেম্বৰ
মাহত দেশান্তৰিত কৰা এজন আগশাৰীৰ নেতা আছিল-
ক) মতিলাল নেহেৰু খ) ৰবীন্দ্ৰনাথ ঠাকুৰ গ)
লালা লাজপত ৰায় ঘ) কৃষ্ণ কুমাৰ মিত্ৰ
১৬৯. বাল গঙ্গাধৰ
তিলক * আছিল-
ক) মহাৰাষ্ট্ৰৰ
খ) পঞ্জাৱৰ গ) বিহাৰৰ ঘ) অসমৰ
(* লোকমান্য নামেৰে খ্যাত স্বদেশী আন্দোলনৰ নেতা৷ লালা
লাজপত ৰায়, বিপিন চন্দ্ৰ পালৰ লগত তিনিওকে একেলগে লাল-বাল-পাল নামেৰে জনা গৈছিল৷ মহাত্মা
গান্ধীয়ে তেওঁক আধুনীক ভাৰতৰ নির্মাতা আখ্যা দিছিল৷)
১৭০. ক্ষুদিৰাম বসুক
ফাঁচী দিছিল-
ক) ১৯০২ চনত খ) ১৯০৫ চনত গ) ১৯০৮ চনত ঘ) ১৯১২ চনত
(* তেওঁ আছিল স্বাধীনতা সংগ্ৰামৰ কণিষ্ঠ শ্বহীদ৷ নাওঘাটত
ইংৰাজ ব্যক্তিক পাৰ কৰাবলৈ অমান্তি হোৱাৰ বাবে ১১ আগষ্টত মাত্ৰ ১৮ বছৰ বসয়তে ফাঁচী
দিছিল৷)
১৭১. বংগ ভংগ আঁচনি
বাতিল কৰাৰ আগতে ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা স্থানান্তৰিত কৰা হৈছিল-
ক) বোম্বাইলৈ খ) দিল্লীলৈ * গ) মাদ্ৰাজলৈ ঘ) লক্ষ্নৌলৈ
(* ১৯১১ চনৰ ১২ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক
অনুষ্ঠানৰ যোগেদি বংগদেশ পুনৰ একত্ৰিকৰণ হয় আৰু দিল্লিলৈ ৰাজধানী স্থানান্তৰ কৰে৷)
১৭২. ভাইচৰয় লর্ড
কার্জনৰ কার্যকালত ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী আছিল-
ক) লর্ড হেমিল্টন খ) লর্ড ৰিপন গ) লর্ড ডেলহাউচি
ঘ) জন মর্লি
১৭৩. ‘নিখিল ভাৰত মুছলিম লীগৰ’ জন্ম হৈছিল-
ক) ১৮৯৭ চনত খ) ১৯০৬
চনত গ) ১৯২১ চনত ঘ) ১৯৪২ চনত
(* ৩০ ডিচেম্বৰত ঢাকাৰ নবাব ছলিমউল্লাৰ আহ্বানত বংগদেশৰ
একাংশ শিক্ষিত মুছলমান লগ হৈ নবাব বিকৰউল মূলকৰ পৌৰোহিত্যত মুছলিম লীগ গঠন হয়৷)
১৭৪. আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল- (২০১৩)
ক) জার্মানীত খ) ছিঙ্গাপুৰ গ) জাপান ঘ) ভাৰতবর্ষ
(* ১৯৪২ চনৰ মার্চ মাহত জাপানৰ টকি অ’ত বহা এখন সভাত
প্ৰথমে ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল৷ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগকেই
ভাৰতীয় জাতীয় সেনা বাহিনী বা আাদ হিন্দ ফৌজ নামাকৰণ কৰে৷)
১৭৫. আজাদ হিন্দ ফৌজৰ জন্মদাতা- - (২০১২)
ক) কেপ্তেইন মোহন সিং খ) ৰাসবিহাৰী বসু গ) সুভাষচন্দ্ৰ বসু ঘ) প্ৰেম ছেহগাল
১৭৬. কোনটো আন্দোলনৰ
সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল ? (২০১৮)
ক) আইন অমান্য আন্দোলনত খ) অসহযোগ আন্দোলনত
গ) ভাৰত ত্যাগ আন্দোলনত ঘ) খিলাফৎ আন্দোলনত
১৭৭. ১৯৩২ চনত সাম্প্ৰদায়িক
বাটোৱাৰা* ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল- (২০১৯)
ক) ক্লিমেণ্ট এটলি খ) উইনষ্টন চার্চিল গ)
ৰামছে মেকডোনাল্ড ঘ) থেৰেচা মে’ই
(* এই ঘোষণাই শিখ, খ্ৰিষ্টান আৰু মুছলমানৰ দৰে সংখ্যালঘূ
সম্প্ৰদায়ক পৃথক নির্বাচনমণ্ডল প্ৰদান কৰাৰ বাহিৰেও, অনান্য পিছপৰা শ্ৰেণীকো সংখ্যালঘু
হিচাপে চিহ্নিত কৰা হৈছিল৷ সেইসকলক পৃথক নির্বাচকমণ্ডল প্ৰদান কৰি অন্য হিন্দুসকলৰ
পৰা পৃথক কৰা হৈছিল৷ মহাত্মা গান্ধীয়ে ইয়াৰ প্ৰতিবাদ কৰিছিল৷)
১৭৮. চৌৰীচৌৰা সংঘর্ষ
কেতিয়া সংঘটিত হৈছিল- (২০২০)
ক) ৫ ফেব্ৰুৱাৰী,
১৯২২ * খ) ৩১ জানুৱাৰী, ১৯৩০ গ) ৮ আগষ্ট, ১৯৪২ ঘ) ৬ এপ্ৰিল, ১৯১৯
(* সেইদিনা উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয়
পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘর্ষ সংঘটিত হৈছিল৷ সংঘর্ষত তিনিজন প্ৰতিবাদকাৰী
পুলিচৰ গুলিত নিহত হোৱাত উন্মত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক হত্যা
কৰে৷)
১৭৯. ব্ৰিটিছ সংসদে
কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল- (২০২২)
ক) ফেব্ৰুৱাৰী, ১৯৪৭ খ) জুন, ১৯৪৭ গ) জুলাই, ১৯৪৭ ঘ) মার্চ, ১৯৪৭
১৮০. ব্ৰিটিছ চৰকাৰে
কেতিয়া ভাৰতলৈ কেবিনেট মিচন পঠিয়াইছিল- (২০২২)
ক) ১৯৩৫ চনৰ আগষ্ট মাহত খ) ১৯৪৫ চনৰ জুলাই
মাহত গ) ১৯৪৬ চনৰ মার্চ মাহত ঘ) ১৯৪৭ চনৰ আগষ্ট মাহত
(* সেই বছৰৰ নির্বাচনত শ্ৰমিক দ’লৰ নির্বাচিত প্ৰধানমন্ত্ৰী
মিঃ ক্লিমেণ্ট এটলিয়ে মন্ত্ৰীসভাৰ তিনিজন মন্ত্ৰী ক্ৰমে- ষ্টেফোর্ড ক্ৰীপছ, লর্ড পেথিক
লৰেন্স আৰু এ. ভি. আলেকজেণ্ডাৰক কেবিনেট মিচন হিচাপে পঠাইছিল৷)
১৮১. মণিৰাম দেৱানৰ
লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল- (২০১৮, ২০২০)
ক) জিউৰাম দুলীয়া বৰুৱা খ) পিয়লি বৰুৱা গ) গোমধৰ কোঁৱৰ ঘ) দুতিৰাম বৰুৱা
(* ১৮৫৭ চনৰ বিদ্ৰোহত জড়িত থকাৰ অপৰাধত শিৱসাগৰ জিলাৰ
বিষয়া কেপ্টেইন হলৰইড চাহাবে ১৯৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত দুয়োকে ফাঁচীকাঠত
ওলমায়৷)
১৮২. তলৰ কোনটো চনত
বৃটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল- (২০১৬, ২০১৯)
ক) ১৮৪৩ চনত * খ)
১৮৫৭ চনত গ) ১৮৬০ চনত ঘ) ১৮৬৩ চনত
(* তাৰ পূর্বলৈকে আহোম ৰাজত্ব কালত অসমৰ অভিজাত শ্ৰেণীটোৱে
লগুৱা-লিকচৌ, বান্দী-বেটি আদিৰ সেৱা-শুশ্ৰূষাৰে এক বিলাসী তথা আৰামৰ জীৱন যাপন কৰিছিল৷
দাস প্ৰথা বিলুপ্তি ঘটোৱাত ব্ৰাক্ষ্মণ, পুৰোহিত বা অনান্য অভিজাত শ্ৰেণীৰ ব্যক্তিসকলে
তেওঁলোকৰ খাট-পাম তথা কৃষিকর্মত শাৰীৰিক শ্ৰম কৰা মানুহৰ অভাৱ অনুভৱ কৰিছিল৷)
১৮৩. অসমীয়া কৃষকৰ
পৰা ভূমি খাজনা বৃদ্ধি নির্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল ?
ক) মণিৰাম দেৱান খ) পিয়লি বৰুৱা গ) মহাত্মা
গান্ধী ঘ) আনন্দৰাম ঢ়েকিয়াল ফুকন*
(* ১৮৫৩ চনত মফট মিলছ চাহাব অসমলৈ আহোতে ব্ৰিটিছে
প্ৰৱর্তন কৰা ভুমি ৰাজহে কৃষকে দিব পৰাতকৈ বহু বেছি বুলি আর্জি লিখিছিল৷)
১৮৪. আছাম এছ’চিয়েছনৰ
প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল? (২০১৮)
ক) শিৱসাগৰত খ) যোৰহাটত গ) ডিব্ৰুগড়ত * ঘ) গোলাঘাটত
(* অধিবেশনৰ সভাপতি আছিল গৌৰীপুৰৰ জমিদাৰ প্ৰভাতচন্দ্ৰ
বৰুৱা, উপ-সভাপতি- জগন্নাথ বৰুৱা আৰু সম্পাদক মাণিকচন্দ্ৰ বৰুৱা৷)
১৮৫. তলৰ কোনজন
‘জোনাকী’* ৰ প্ৰথম সম্পাদক আছিল ? (২০১৯)
ক) হেমচন্দ্ৰ বৰুৱা খ) হেমচন্দ্ৰ গোস্বামী
গ) লক্ষ্মীনাথ বেজবৰুৱা ঘ) চন্দ্ৰকুমাৰ আগৰৱালা
(* আলোচনীখন প্ৰকাশ কৰিছিল অসমীয়া ভাষা উননতি সাধিনী
সভাই৷ জোনকীয়ে অসমৰ সুধী সমাজক এক নতুন আলোড়ন সৃ্ষ্টি কৰিছিল৷ আলোচনীখনৰ প্ৰথম সংখ্যাত
এটা বিষয় স্পষ্ট কৰা হৈছিল যে ই ৰাজনীতিৰ পৰা সম্পূর্ণ মুক্ত হৈ থাকিব৷ কিন্তু কালক্ৰমত
স্বাভাৱিকভাৱেই জোনাকীত প্ৰকাশিত নিবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদি চিন্তাৰ প্ৰতিফলন
ঘটিছিল৷)
১৮৬. ১৯০৩ চনত কোনে
আছাম এছ’চিয়েছন গঠন কৰিছিল ? (২০২০)
ক) পদ্মনাথ গোহাঁই বৰুৱা খ) হেমচন্দ্ৰ গোস্বামী
গ) নবীনচন্দ্ৰ বৰদলৈ ঘ) মাণিকচন্দ্ৰ বৰুৱা
১৮৭. হেমকোষ* ৰচনা
কৰিছিল-
ক) হেমচন্দ্ৰ বৰুৱা
খ) হেমচন্দ্ৰ গোস্বামী গ) হেমেন্দ্ৰ প্ৰসাদ বৰুৱা ঘ) হোমেন বৰগোহাঞি
(* প্ৰথমখন আধুনিক অসমীয়া অভিধান ১৯০০ চনত প্ৰকাশ হৈছিল৷)
১৮৮. ১৯২১ চনৰ জুন
মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল ? (২০২২)
ক) কুলধৰ চলিহা খ)
গোপিনাথ বৰদলৈ গ) নবীনচন্দ্ৰ বৰদলৈ ঘ) বিষ্ণুৰাম মেধি
১৮৯. অসম ছাত্ৰ সন্মিলন
* গঠিত হৈছিল-
ক) ১৯১৬ চনত খ)
১৯১৭ চনত গ) ১৯১৮ চনত ঘ) ১৯২০ চনত
(* সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি
সাধন কৰা৷ সন্মিলনৰ প্ৰথম অধিৱেশন ৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা৷ মুখপত্ৰ- মিলন৷
)
১৯০. যোৰহাট সার্বজনিক
সভাৰ সভাপতি আছিল-
ক) জগন্নাথ বৰুৱা খ) পদ্মনাথ গোঁহাই বৰুৱা
গ) ৰাজা নৰনাৰায়ণ সিংহ ঘ) ৰজা পুৰন্দৰ সিংহ
১৯১. অসম প্ৰদেশ
কংগ্ৰেছ কমিটিৰ আনু্ষ্ঠানিকভাৱে নির্বাচিত হোৱা প্ৰথমজন সভাপতি আছিল ?
ক) কুলধৰ চলিহা খ) গোপীনাথ বৰদলৈ গ) নবীনচন্দ্ৰ
বৰদলৈ ঘ) বিষ্ণুৰাম মেধি *
(* ১৯২৬ চনত পাণ্ডু কংগ্ৰেছ অধিবেশনৰ অর্থসচিবৰ দায়িত্ব
গ্ৰহণ৷ স্বাধীনতা সংগ্ৰামীজন অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী৷ পিছলৈ মাদ্ৰাছ ৰাজ্যৰ ৰাজ্যপাল
হৈছিল৷)
১৯২. ৰোহিণী কুমাৰ
চৌধুৰী ভৰলুমুখৰ বাসভৱন চৌহদত আৰম্ভ কৰা প্ৰথম জাতীয় শিক্ষানুষ্ঠানখনৰ নাম হ’ল-
ক) কটন কলেজিয়েট খ) সোণাৰাম হাইস্কুল গ) ৰোহিণী
চৌধুৰী হাইস্কুল ঘ) তিলক সোঁৱৰণী স্কুল*
(* অসহসযোগ আন্দোলনৰ সময়ত ১৯২১ চনত বাল গংগাধৰ তিলকৰ
সোঁৱৰণত স্কুলখন স্থাপন কৰিছিল৷ পিছত উজান বজাৰৰ অসম ক্লাবলৈ স্থানান্তৰ কৰে৷)
১৯৩. কোন অধিবেশনত
‘পূর্ণ স্বৰাজ’ কংগ্ৰেছৰ মূল লক্ষ্যৰূপে বিবেচিত হৈছিল ?
ক) লাহোৰ
অধিৱেশন * খ) বোম্বাই অধিৱেশন গ) পাণ্ডু অধিৱেশন ঘ)
কলিকতা অধিৱেশন
(* ১৯২৯ চনত জৱাহৰলাল নেহেৰূৰ সভাপতিত্বত বহা অধিৱেশনত৷
সভাই ১৯৩০ চনৰ ২৬ জানুৱাৰী দিনটো গোটেই দেশজুৰি স্বাধীনতা দিৱস পালন কৰাৰ সিদ্ধান্ত
লৈছিল৷)
১৯৪. আগষ্ট বিপ্লব
* বুলি কোৱা হয়-
ক) অসহযোগ আন্দোলন খ) ভাৰত ত্যাগ আন্দোলন গ) আইন অমান্য আন্দোলন ঘ) স্বদেশী আন্দোলন
(* ১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভা
বহিছিল বোম্বাইৰ গোৱালিয়া টেংকত৷ সভাত গান্ধীয়ে উদ্দাত্ত ধ্বনি দি কৈছিল, ‘কৰিম কিম্বা
মৰিম’৷ বর্তমান ঠাইখনক ‘আগষ্ট ক্ৰান্তি মৈদান’ নামেৰে আৰু বিপ্লৱটোক আগষ্ট বিপ্লৱ’
বোলে৷)
১৯৫. দাণ্ডি যাত্ৰা
* একেৰাহে চলিছিল-
ক) ২০ দিন খ) ২৫
দিন গ) ৩০ দিন ঘ) ৩৫ দিন
(* ১৯৩০ চনৰ ১২ মার্চত আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা
যাত্ৰা আৰম্ভ কৰি ৬ এপ্ৰিলত পশ্চিম উপকূলৰ দাণ্ডিত উপস্থিত হয়৷ ৩৮৫ কিলোমিটাৰ যাত্ৰা৷)
১৯৬. গুৱাহাটী বিশ্ববিদ্যালয়
স্থাপন কৰা হয়-
ক) ১৯৪৭ চনৰ ২৬ জানুৱাৰীত খ) ১৯৪৯ চনৰ ২৬
জানুৱাৰীত গ) ১৯৪৮ চনৰ ২৬ জানুৱাৰীত * ঘ) ১৯৪৮ চনৰ
২৫ জানুৱাৰীত
(* প্ৰথমে কটন কলেজৰ ওচৰত স্থাপন কৰা বিশ্ববিদ্যালয় খনৰ
অধীনত ১৭ খন মহাবিদ্যালয় আৰু ৮ টি স্নানকোত্তৰ বিভাগেৰে গঠন কৰা হৈছিল৷ ১৯৫৫-৫৬ চনত
বিশ্ববিদ্যালয়ৰ চৌহদ জালুকবাৰীলৈ স্থানান্তৰিত কৰে৷ বর্তমান এই চৌহদটোক গোপীনাথ নগৰ
নামেৰে জনাজাত৷)
১৯৭. উত্তৰ-পূব ভাৰতৰ
প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল-
ক) যোৰহাট খ) ডিব্ৰুগড়* গ) গুৱাহাটী ঘ)
শিলচৰ
(* ১৯০০ চনত ড জন বেৰী হোৱাইটে দান কৰা ৫০,০০০ টকাৰে
ডিব্ৰুগড়ড়ত ‘বেৰী-হোৱাইট মেডিকেল স্কুল’ স্থাপন কৰে৷ দ্বিতীয়
বিশ্বযুদ্ধৰ সময়ত স্কুলখন সৈন্যবাহিনীৰ চিকিৎসালয় হিচাপে ব্যৱহাৰ কৰে৷ দেশে স্বাধীনতা
লাভ কৰাৰ পাছত ১৯৪৭ চনৰ ৩ নৱেম্বৰত আনুষ্ঠানিকভাৱে উত্তৰ-পূব ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়
ৰূপে নামকৰণ কৰে৷)
১৯৮. ১৯০৩ চনত গঠিত
আসাম এছ’চিয়েছনৰ নেতৃত্ব দিছিল- -
ক) মাণিকচন্দ্ৰ বৰুৱা* খ) পুৰন্দৰ সিংহ গ) দীননাথ বেজবৰুৱা ঘ) গংগাগোবিন্দ ফুকন
(* তেওঁ আছাম এছ’চিয়েছনৰ ১৯০৫ চনৰ ডিব্ৰুগড়ৰ প্ৰথম অধিবেশনৰ সম্পাদক আছিল৷ ফুকন ব্ৰাডাছ কোম্পানীৰ
ব্যৱসায়ীগৰাকীয়ে ‘আসাম নিউজ’ নামৰ কাকত ছপাইছিল৷ )
১৯৯. ১৯১৭ চনত অসমত
এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন হোৱা অসম এছ’চিয়েছনৰ অধিৱেশনখন হৈছিল-
ক) গুৱাহাটী খ) ধুবুৰী গ) তেজপুৰ ঘ) শিৱসাগৰ*
(* অসমত বিশ্ববিদ্যালয় স্থাপনৰ কথা ১৯১৭ চনত প্ৰথমে প্ৰকাশ
কৰিছিল কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে৷ সেই বছৰৰে ডিচেম্বৰ
মাহত শিৱসাগৰ অধিবেশনত প্ৰথম থলুৱা ৰাইজৰ দাবী উত্থাপিত হৈছিল৷ )
২০০. অসম প্ৰাদেশিক
কংগ্ৰেছ * গঠন হৈছিল-
ক) ১৮৫৭ চনৰ ৬ মার্চ খ) ১৮৯৭ চনৰ ৫ জুলাই
গ) ১৯২১ চনৰ ৫ জুন ঘ) ১৯৮২ চনৰ ৭ মে’
(* ১৮৮৫ চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ
স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদান অসমৰ জনতাই দেখি আহিছিল৷ আছাম এছ’চিয়েছনৰ সদস্য সকলে
ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত ১৯২১ চনৰ ১৮ এপ্ৰিলত যোৰহাটত
এখন সভা আয়োজন কৰি কংগ্ৰেছ সংগঠন গঠন কৰে৷ সেই বছৰৰে জুন মাহত নবীনচন্দ্ৰ বৰদলৈ, ছবিলাল
উপাধ্যায়, কৃষ্ণকান্ত ভট্ৰাচার্যৰ উদ্যোগত অসম প্ৰাদেশিক কংগ্ৰেছ গঠন কৰে৷)
0 মন্তব্যসমূহ