৩০১. অসমত ব্ৰিটিছ
শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰ জন আছিল-
ক) মণিৰাম দেৱান
খ) পিয়লি ফুকন গ) গমধৰ কোঁৱৰ * ঘ) পুৰন্দৰ সিংহ
(* অসমত ইংৰাজ শাসন প্ৰৱর্তিত
হোৱাৰ পিছৰে পৰা ১৯২৮-৩০ চনত তেওঁ প্ৰথমে বিদ্ৰোহ কৰিছিল৷)
৩০২. ব্ৰিটিছৰ কৰতলীয়া
আহোম ৰজা আছিল-
ক) পুৰন্দৰ সিংহ
খ) গোমধৰ কোঁৱৰ গ) কন্দপের্শ্বৰ সিংহ ঘ) গদাধৰ সিংহ
৩০৩. ১৮৬১ চনত জয়ন্তীয়া
বিদ্ৰোহৰ নেতৃত্ব দিছিল-
ক) টিকেন্দ্ৰজিতে খ) সম্বোধন কছাৰীয়ে গ) ৰাজেন্দ্ৰ
সিঙে ঘ) ওকিয়াং নবাহে
৩০৪. অসমৰ অভিজাত
শ্ৰেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ
দিয়া বিদ্ৰোহটো হৈছে-
ক) চিপাহী বিদ্ৰোহ
* খ) মোৱামৰীয়া বিদ্ৰোহ গ) জয়ন্তীয়া বিদ্ৰোহ ঘ) উত্তৰ কাছাৰ বিদ্ৰোহ
(* ব্ৰক্ষ্মপুত্ৰ উপত্যকাত
কিছুসংখ্যক লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি
বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাই তেওঁলোকৰ সহায়ত ইংৰাজ খেদি আহোম ৰাজপৰিয়ালৰ
এজন কোঁৱৰক অসমৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল৷ বৰাক উপত্যকাটো চিতাগঞ্জৰ
পৰা অহা চিপাহী সকলে বিদ্ৰোহৰ সূচনা কৰিছিল৷)
৩০৫. আলিপুৰ কাৰাগাৰত
বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন আছিল-
ক) পুৰন্দৰ সিংহ খ) গোমধৰ কোঁৱৰ গ) কন্দর্পেশ্বৰ সিংহ ঘ) যোগেশ্বৰ সিংহ
(* তেওঁ আছিল পুৰন্দৰ সিংহৰ
নাতি আৰু কামেশ্বৰ সিংহৰ পুত্ৰ ৷ চিপাহী বিদ্ৰোহৰ সময়ত অসমত তেখেতক সিংহাসনত প্ৰতিষ্ঠা
কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল৷ ১৮৫৭ চনৰ ৭ ছেপ্তেম্বৰত তেওঁক
কেপ্টেইন লইডাৰে যোৰহাটত আটক কৰি কলিকতাৰ আলিপুৰ কাৰাগাৰত বন্দী কৰে৷ নাবালক হোৱাৰ
বাবে বর্দমানত বিশেষ জেইলত ১৮৬০ চনলৈ ৰাখি ১৮৬৩ ৰ পৰা ৫০০ টকাৰ পেঞ্চন প্ৰদান কৰে৷
)
৩০৬. চৰকাৰে বন্ধ
কৰা খেতি যাৰ বাবে ফুলগুৰি ধাবা সংঘটিত হৈছিল সেইটো হ’ল-
ক) চাহ-খেতি খ) তামোল পাণৰ খেতি গ) আফুখেতি ঘ) সৰিয়হ খেতি
(* নগাঁৱৰপৰা কিছু নিলগৰ ফুলগুৰি
নামৰ তিৱা জনবসতিপূর্ণ গাঁৱখনত জনসাধাৰণে আফু খেতি বৃহত পৰিমাণত কৰিছিল৷ আফুৰ পৰা কানি,
মাদক দ্ৰব্য প্ৰস্তুত কৰা হয়৷ ১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি সম্পূর্ণৰূপে বন্ধ
কৰি দিয়াত তিৱা জনজাতিৰ লোকসকল অতিশয় অসন্তুষ্ট হৈছিল৷)
৩০৭. ৰঙিয়াৰ কৃষক
বিদ্ৰোহৰ সময়ত তাৰ সহকাৰী উপায়ুক্ত আছিল-
ক) লেফটেনেণ্ট চিংগাৰ খ) মেক কেব গ) জি ডি শ্বাবাৰ ঘ) কর্ণেল জনষ্টোন
(* ১৮৯৪ চনৰ ৮ জানুৱাৰীত বহা
ৰাইজমেলৰ পৰা ১৫ জন কৃষকক পুলিচে গ্ৰেপ্তাৰ কৰে৷ ১০ তাৰিখে ৰঙিয়া থানাৰ সম্মুখত প্ৰায়
৩০০০ কৃষক গোট খাইছইল৷ উপায়ুক্ত মেক কেবেই তেওঁলোকক আঁতৰি যাবলৈ আদেশ দিয়াৰ পাছতো তেওঁলোক
যোৱা নাছিল৷ কৃষকসকলে প্ৰতিবাদ কৰাত উপায়ুক্ত মেক কেবে আৰক্ষীক গুলীচালনাৰ নিদেশ দিয়ে
আৰু কৃষকসকল প্ৰস্থান কৰিবলৈ বাধ্য হয়৷)
৩০৮. নগাঁৱৰ সহকাৰী
উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰৰ মৃতদেহটো পেলাই দিয়া নদীখন হ’ল-
ক) ব্ৰক্ষ্মপুত্ৰ খ) কপিলী গ) কলং ঘ) ধনশিৰি
(* ১৮৬১ চনৰ ১৮ অক্টোৱৰ তাৰিখে
নগাঁও জিলাৰ সহকাৰী উপায়ুক্ত ছিংগাৰক ৰাইজমেললৈ পঠিয়াইছিল৷ ছিংগাৰ আৰু ৰাইজৰ মাজত উত্তেজনা
বৃদ্ধি লাভ কৰিল৷ ৰাইজৰ আক্ৰমণত ছিংগাৰৰ মৃত্যু হয়৷)
৩০৯. পথৰুঘাটৰ কৃষক
বিদ্ৰোহৰ সময়ত জিলাধিপতি আছিল-
ক) জে আৰ বেৰিংট খ) লেফটেনেণ্ট হার্বাট স্কন্স গ) বেনছন
চাহাব ঘ) জে ডি এণ্ডাৰছন
৩১০. উত্তৰ ভাৰতত
যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল তেতিয়া ইংৰাজ সৈন্যৰ অসমত থকা ৰেজিমেণ্টৰ সংখ্যা হ’ল-
ক) ১ টা খ) ২ টা
* গ) ৩ টা ঘ) ৪ টা
(* ৰেজিমেণ্ট দুটা হৈছে- ডিব্ৰুগড়ৰৰ প্ৰথম আসাম লাইট ইনফেণ্ট্ৰী
আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফেণ্ট্ৰী৷)
৩১১. ১৮৫৭ চনৰ বিদ্ৰোহৰ
সময়ত অসমৰ জিলাৰ সংখ্যা আছিল-
ক) ৩ খন খ) ৪ খন গ) ৫ খন * ঘ) ৬ খন
(* জিলা কেইখন আছিল- কামৰূপ,
দৰং নগাঁও, শিৱসাগৰ আৰু লখিমপুৰ৷ )
৩১২. কেঞা নামৰ শ্ৰেণীৰ
মহাজন শ্ৰেণীটো-
ক) বাঙালী খ) মাৰোৱাৰী
* গ) নেপালী ঘ) ভোজপুৰী
(* মাৰোৱাৰী সকল হৈছে ৰাজস্থানৰ
মেৱাৰ প্ৰদেশৰ পৰা অহা বণিক জাতি৷)
৩১৩. আহোম ৰাজত্বৰ
দিনৰ পৰাই অসমৰ ___ ভাৰতবর্ষত এক বিশেষ বজাৰ আছিল
ক) পান-তামোল খ) চাহপাত গ) পাট-মুগা * ঘ) শুকান মাছ
৩১৪. আহোম ৰাজত্বকালত
ডা-ডাঙৰীয়াসকলে ভোগ কৰি অহা নিস্কৰ ভূমিসমূহক কোৱা হয়-
ক) লাখেৰাজ
খ) ৰূপিত গ) ফৰিঙতি ঘ) জলডুবি
৩১৫. ১৮৫৭ চনৰ ১০
মে’ তাৰিখেত ভাৰতৰ ক’ত প্ৰথমে চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল-
ক) কানপুৰ খ) দিল্লী গ) কলিকতা ঘ) মিৰাট *
(* সেইবাৰ দিল্লীত বাহাদুৰ
শ্বাহ, কাণপুৰত নানা চাহেব, মাৰাঠা ৰাজ্যত তাঁতিয়া টোপে, ঝাঞ্চীত ৰাণী লক্ষ্মীবাঈ বিদ্ৰোহ
কৰিছিল৷)
৩১৬. চিপাহী বিদ্ৰোহৰ
সমর্থক সকলে সম্ৰাট পাতি ব্ৰিটিছৰ শাসন চিৰদিনলৈ ভাৰতবর্ষত অৱসান ঘটাব বিচাৰিছিল-
ক) দ্বিতীয় বাহাদুৰ
শ্বাহ খ) নানা চাহেব গ) তাঁতিয়া টোপে ঘ) মঙ্গল পাণ্ডে
৩১৭. ব্ৰিটিছ চৰকাৰৰ
কোনজন প্ৰিন্সিপাল এছিছটেণ্টে মণিৰাম দেৱানৰ বহুকেইখন চিঠিৰ ষড়যন্ত্ৰ ধৰা পেলাইছিল-
ক) কেপ্টেইন লয়র্ড খ) কেপ্টেইন হলৰইড গ) কেপ্টেইন লউডাৰ ঘ) কেপ্টেইন জেনেস্কিন
(* তেওঁ ষড়যন্ত্ৰকাৰীসকলক
আটক কৰে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ বিচাৰ কৰি
দোষী সাব্যস্ত কৰি ফাঁচীৰ হুকুম জাৰি কৰে৷)
৩১৮. ১৮৫৭ চনৰ বিদ্ৰোহত
জড়িত থকাৰ বাবে সকলো সা-সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে অসমৰ বাহাদুৰ গাঁওবুঢ়াৰ লগত কাক
আন্দামানলৈ প্ৰেৰণ কৰিছিল-
ক) মণিৰাম দেৱান খ) দুতিৰাম বৰুৱা গ) মায়াৰাম নাজিৰ ঘ) শ্বেখ ফমুর্দ আলী
৩১৯.
১৮২৮ চনত ব্ৰিটিছ চৰকাৰে মণিৰাম দেৱানক চিৰস্তাদাৰ
পদত নিযুক্তি দিয়ে৷ চিৰস্তাদাৰ মানে-
ক) ৰাজহৰ হিচাপ ৰক্ষক খ)
চাহ বাগিচাৰ হিচাপ ৰক্ষক গ) কানিৰ হিচাপ ৰক্ষক ঘ) মাটিৰ হিচাপ ৰক্ষক
৩২০. মফট মিলচে ১৮৫৩
চনত অসমলৈ আহিছিল৷ তেওঁ এজন
ক) কলিকতা উচ্চ ন্যায়ালয়ৰ
মুখ্য ন্যায়াধীশ খ) শিৱসাগৰৰ প্ৰিন্সিপাল এছিছটেন্ট গ) কোম্পানীৰ খাজনাৰ হিচাপ
ৰক্ষক ঘ) ওপৰৰ এজনো নহয়
৩২১. কোনটি পূজাৰ
সময়ত মণিৰাম দেৱানে অস্ত্ৰ-শস্ত্ৰ সহিতে উজনি অসমলৈ আহি বিদ্ৰোহত যোগ দিয়াৰ পৰিকল্পনা
কৰিছিল-
ক) কালি পূজা খ) দুর্গা পূজা গ) গণেশ পূজা ঘ) কাত্যায়ণী পূজা
৩২২. লক্ষ্মণ ডেকা,
চংবৰ লালুং আৰু ৰংবৰ ডেকাক নগাঁও জেলত কোনটো ঘটনাৰ লগত জড়িত হোৱাৰ বাবে মৃত্যুদণ্ডৰে
দণ্ডিত কৰিছিল-
ক) ফুলগুৰি ধাৱা
* খ) ৰঙিয়াৰ কৃষক বিদ্ৰোহ গ) চিপাহী বিদ্ৰোহ ঘ) পথৰুঘাটৰ ৰণ
(* তিনিওজনক লেফটেনেণ্ট ছিংগাৰক
১৮৬১ চনৰ ১৮ অক্টোবৰত মূৰত লাঠীৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগত দোষী সাবস্ত্য কৰি মৃত্যুদণ্ডৰে
দণ্ডিত কৰিছিল৷)
৩২৩. ফুলগুৰি ধাৱাৰ
সময়ত তদানীন্তন অসমৰ কমিছনাৰ আছিল-
ক) মেজৰ হেনৰি হপকিনছন
* খ) হার্বাট স্কন্স গ) লেফটেনেনেণ্ট ছিংগাৰ ঘ)
উইলিয়াম ৱার্ড
(* তেওঁ স্বীকাৰ কৰিছিল যে
তেজপুৰৰ দ্বিতীয় লাইট ইনফেণ্ট্ৰিৰ ৫০ জন সৈন্য আৰু গুৱাহাটীৰ ৮০ জন সৈন্য আনি বিদ্ৰোহটো
দমন নকৰা হ’লে সম্প্ৰসাৰিত গৈ থাকিলহেঁতেন৷ সেই অৱস্থাত ইয়াক দমন কৰাটো কঠিন হ’লহেতেঁন৷)
৩২৪. তলৰ কোনজন ব্যক্তিয়ে
১৮৯২ চনত মাটিৰ খাজনা শতকৰা ১০০% বৃদ্ধি কৰি সকলো কৃষকক ধৈর্য বান্ধ হেৰুৱাত সহায় কৰিছিল-
ক) হার্বাট স্কন্স খ) মেক কেব গ) উইলিয়াম ৱার্ড * ঘ) মেজৰ হেনৰি হপকিনছন
(* ১৮৬৮-৬৯ চনত মাটিৰ খাজনা
শতকৰা ২৫ৰ পৰা ৫০ ভাগ বৃদ্ধি কৰিছিল৷ কিন্তু এইজনাই অসমৰ চীফ কমিছনাৰ পদ গ্ৰহণ কৰি
১০০% খাজনা বৃদ্ধি কৰিছিল৷)
৩২৫. মৌজাদাৰ দাসোৰাম
চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰক কোনটো কৃষক বিদ্ৰোহৰ লগত জড়িত কৃষকে কৰ সংগ্ৰহ কৰিবলৈ
যাওতে মাৰপিট কৰিছিল-
ক) ৰঙিয়াৰ কৃষক বিদ্ৰোহ
খ) পথৰুঘাটৰ কৃষক বিদ্ৰোহ গ) লচিমাৰ কৃষক বিদ্ৰোহ ঘ)
জয়ন্তীয়া বিদ্ৰোহ
(* ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ
দিনা সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ কাপ্লা গাঁৱত দুয়োজনকে ৰাইজে প্ৰহাৰ কৰিছিল৷ কিছুদিন
পাছত মৌজাদাৰৰ মৃত্যু হয়৷)
৩২৬. কোনটো ঘটনাত
বেচৰকাৰী হিচাপে ১৪০ জন কৃষকৰ মৃত্যু আৰু ১৫০ জন আহত হয়৷ আনহাতে, চৰকাৰী হিচাপ মতে
১৫ জনৰ মৃত্যু আৰু ৩৭ জন আহত হয়-
ক) ৰঙিয়াৰ কৃষক বিদ্ৰোহ খ) পথৰুঘাটৰ কৃষক
বিদ্ৰোহ গ) লচিমাৰ কৃষক বিদ্ৰোহ ঘ) পথৰুঘাটৰ কৃষক বিদ্ৰোহ
*
(* ১৮৯৪ চনৰ ২৭ জানুৱাৰীত
জিলাধিপতি জে ডি এণ্ডাৰছনে কৃষক সমাবেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ ফৌজ লৈ
আহি গুলিচালনা কৰে৷)
৩২৭. কোনজন জনজাতীয়
নেতাক জীৱন্তে ব্ৰিটিছক গতাই দিলে ১০০০ টকা পুৰস্কাৰ ঘোষণা কৰিছিল-
ক) উকিয়াং নবা *
খ) ৰাজেন্দ্ৰ সিং গ) শম্ভুধন কছাৰী ঘ) টিকেন্দ্ৰজিত
(* জয়ন্তীয়া সকলৰ নেতা নবাই
১৮৬১ চনত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল৷ শেষত তেওঁ ধৰা পৰে আৰু বহু লোকৰ উপস্থিতিত
জোৱাই ব্ৰিটিছে ফাঁচীকাঠত ওলমায়৷)
৩২৮. শম্ভুধন কছাৰীৰ নেতৃত্বত উত্তৰ কাছাৰৰ
বিদ্ৰোহৰ কেন্দ্ৰস্থল অছিল-
ক) উত্তৰ কাছাৰ খ) মাইবং গ) গুণজুঙ ঘ) ডিমা হাচাও
(* ১৮৮১-৮২ লৈ এবছৰ কাল বিদ্ৰোহ
চলিছিল৷ বিদ্ৰোহী সকলে ব্ৰিটিছ চৰকাৰে নির্মাণ কৰা ঘৰ-দুৱাৰসমূহত অগ্নিসংযোগ কৰে৷ ভালেমান
লোকৰ মৃত্যু হয়৷)
৩২৯. অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইণ্টনক
কোনটো বিদ্ৰোহৰ নেতাসকলৰ হত্যা কৰিছিল-
ক) নগা জনগোষ্ঠীৰ বিদ্ৰোহ খ) উত্তৰ কাছাৰৰ বিদ্ৰোহ গ) নাগা আংগামী সকলৰ বিদ্ৰোহ
ঘ) মণিপুৰৰ বিদ্ৰোহ
(* ১৮৯০ চনত আৰম্ভ হোৱা মণিপুৰৰ
বিদ্ৰোহৰ সময়ত টিকেন্দ্ৰিজত আৰু সহযোগীসকলে কুইণ্টন আৰু চাৰিজন ব্ৰিটিছ বিষয়াক হত্যা
কৰিছিল৷)
৩৩০. কোনজন আহোম
স্বর্গদেউৰ দিনত মণিৰাম দেৱানে দেৱান পদৱীত অধিস্থিত হৈছিল-
ক) ৰাজেশ্বৰ সিংহ
খ) পুৰন্দৰ সিংহ গ) কর্ন্দপেশ্বৰ সিংহ ঘ) কামেশ্বৰ
সিংহ
(* অজ্ঞাত কাৰণত দেৱানে এই
পদবীৰ পৰা ইস্তফা দি অসম টি কোম্পানীত (ব্ৰিটিছ মালিকানাধীন) যোগদান কৰিছিল৷)
৩৩১. চিপাহী বিদ্ৰোহৰ
পাছত, __ চনৰ ইংলেণ্ডৰ ৰাণীৰ ঘোষণা অনুসৰি ভাৰতৰ শাসন ব্ৰিটিছ ৰাজমুকুটৰ অধীন হৈছিল-
ক) ১৯৫৭ খ) ১৮৫৮
গ) ১৮৫৯ ঘ) ১৮৬০
৩৩২. ১৮২৬ চনৰপৰা
১৮৫৮ চনলৈ সেই সময়ৰ অসমৰ সময়ছোৱাক কোৱা হয়-
ক) মানৰ দিন খ) ৰাণীৰ শাসনৰ দিন গ) কোম্পানীৰ দিন * ঘ) জনতাৰ দিন
(* ইষ্ট ইণ্ডিয়া কোম্পানীৰ
শাসনৰ অধীনত থকা সেই সময়ৰ অসমখনত কোম্পানীৰ আমোল বুলিও কোৱা হয়৷)
৩৩৩. অসমৰ বিদ্যালয়,
কার্যালয় আৰু আদালত বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল-
ক) ১৮৫৭ খ) ১৮৩৭
* গ) ১৮৭৩ ঘ) ১৮২৬
(* এই কার্ষৰ প্ৰতিবাদ কৰিছিল
আনন্দৰাম ঢ়েকিয়াল ফুকনে৷ ভাষাৰ স্বকীয়তা ৰক্ষা আৰু বিদ্যালয়, কাছাৰী তথা কার্যালয়ত
অসমীয়া ভাষা মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিবলৈ অসমত সাংস্কৃতিক জাগৰণৰ সৃ্ষ্টি হয়৷
১৮৭৩ চনত পুনৰ অসমীয়া ভাষা প্ৰচলন হয়৷)
৩৩৪. জগন্নাথ বৰুৱা
আৰু মাণিকচন্দ্ৰ বৰুৱাই কিহৰ তৰফৰ পৰা ১৮৭২ চনত ভাইচৰয় লর্ড নর্থব্ৰুকক এখন স্মাৰক
পত্ৰ দাখিল কৰিছিল-
ক) জ্ঞান প্ৰদায়িনী সভা খ) অসমীয়া লিটাৰেৰী ছ’চাইটী * গ) অসম ছাত্ৰ সন্মিলন ঘ) অসমীয়া ভাষা উন্নতি
সাধিনী সভা
(* ১৮৭২ চনত কলিকতাত মূলত
সাহিত্যচর্চা কৰাৰ উদ্দেশ্য দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনে সংগঠনটি গঠন কৰিছিল৷)
৩৩৫. লক্ষ্মীনাথ
বেজবৰুৱাৰ ‘মোৰ দেশ’ কবিতাটি কোনখন আলোচনীত প্ৰথমে প্ৰকাশ পাইছিল?
ক) অৰুণোদই খ) বাঁহী গ) জোনাকী ঘ) আৱাহন
৩৩৬. লক্ষ্মীনাথ
বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আচার্য প্ৰফুল্লচন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ তেওঁলোক
১৯১৬ চনত গঠন হোৱা কোনটো সংগঠনৰ সভাপতি আছিল-
ক) অসম ছাত্ৰ সন্মিলন
* খ) অসম সাহিত্য সভা গ) ৰায়ত সভা ঘ)
আহোম সভা
(* অসমৰ বিভিন্ন বিদ্যালয়
আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত অসমীয়া ভাষাৰ উন্নতি সাধন কৰাৰ উদ্দেশ্যৰে ১৯১৬ গঠন
কৰা হৈছিল৷ প্ৰথম সভাপতি লক্ষ্মীনাথ বেজবৰুৱা৷ সন্মিলনৰ মুখপত্ৰ মিলন৷)
৩৩৭. কোনটো আন্দোলনৰ
সময়ত অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ তত্ত্বাৱধানত অসমত পুনৰ ৰায়ত সভা সত্ৰিয় হৈ পৰিছিল-
ক) অসহযোগ আন্দোলন খ) আইন অমান্য আন্দোলন গ) ভাৰত ত্যাগ আন্দোলন ঘ) স্বদেশী আন্দোলন
৩৩৮. ১৯৩৩ চনত গঠন হোৱা সদৌ অসম ৰায়ত সভাৰ
প্ৰথম অধিৱেশনৰ সভাপতি আছিল-
ক) অম্বিকাগিৰি ৰায়চৌধুৰী খ) পদ্মনাথ গোহাঁই
বৰুৱা গ) নবীনচন্দ্ৰ
বৰদলৈ ঘ) লক্ষ্মীনাথ বেজবৰুৱা
৩৩৯. ১৮৩৩ ভনত গঠন
হোৱা ‘আহোম সভা’ৰ প্ৰথম অধিৱেশন পদ্মনাথ গোহাঁই বৰুৱাৰ সভাপতিত্বত অনু্ষ্ঠিত হৈছিল-
ক) যোৰহাট খ) লখিমপুৰ গ) শিৱসাগৰ ঘ) গোলাঘাট
৩৪০. আহোম সভাই আহোম
জনগোষ্ঠীৰ মাজৰ পৰা কিহৰ প্ৰচলন আঁতৰাবলৈ আহোপুৰুষার্থ কৰিছিল-
ক) কানি খ)
ভাং গ) লাওপানী ঘ) বিদেশী সুৰা
৩৪১. মাজুমেলীয়া
ৰজা নামেৰে জনাজাত কোনজন ব্যক্তিয়ে ১৮৮৪ চনত জগন্নাথ বৰুৱাই স্থাপন কৰা যোৰহাট সার্বজনিক
সভাৰ প্ৰতিষ্ঠাপক সভাপতি-
ক) নৰনাৰায়ণ সিংহ
খ) পুৰন্দৰ সিংহ গ) ৰাজেশ্বৰ সিংহ ঘ)
কামেশ্বৰ সিংহ
৩৪২. অসমৰ প্ৰথম
ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠানটো হৈছে-
ক) জাতীয়তাবাদী আহোম সন্মিলন খ) সদৌ অসম আহোম
এছ’চিয়েছন গ) দৰং ৰায়ত সভা ঘ) যোৰহাট সার্বজনিক সভা
৩৪৩. বংগ বিভাজনৰ
সময়ত অসমৰ তদানীন্তন মুখ্য আয়ুক্ত আছিল-
ক) ব্যামফিলড ফুলাৰ
* খ) উইলিয়াম ৱার্ড গ) জে ডি এণ্ডাৰছন ঘ) মেক কেব
(* তেওঁ ১৯০৫ চনৰ ১ নৱেম্বৰত
গুৱাহাটীত উপস্থিত হৈ বংগ ভঙ্গই অসমৰ উপকাৰ কৰিব বুলি কোৱাত অসম এছোচিয়েচন আৰু যোৰহাট
সার্বজনিক সভাই বংগভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল৷)
৩৪৪. গৌৰীপুৰ ৰজা
প্ৰভাতচন্দ্ৰ বৰুৱা ১৯০৫ চনত গঠন হোৱা কোনটো অনুষ্ঠানৰ প্ৰথম সভাপতি-
ক) আছাম এছ’চিয়েছন* খ) নাগৰিক সভা গ) অসম প্ৰদেশ কংগ্ৰেছ কমিটি
ঘ) গৌৰীপুৰ আঞ্চলিক সভা
(* মাণিকচন্দ্ৰ বৰুৱাৰ নেতৃত্বত
গঠন হোৱা অনুষ্ঠানটোৰ প্ৰথম সন্মিলন ডিব্ৰুগড় চহৰত অনুষ্ঠিত হৈছিল৷ সভাৰ
উপ-সভাপতি আছিল জগন্নাথ বৰুৱা আৰু সম্পাদক- মাণিক চন্দ্ৰ বৰুৱা৷)
৩৪৫. ১৮৮৫ চনত স্থাপন
হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত যোগাযোগ স্থাপন কৰা অসমৰ প্ৰথম সংগঠনটো হৈছে-
ক) আছাম এছ’চিয়েছন
* খ) অসম প্ৰদেশ কংগ্ৰেছ কমিটি গ) আহোম
সভা ঘ) অসম সাহিত্য সভা
(* ১৯১৬ চনত জাতীয় কংগ্ৰেছৰ
অধিবেশনলৈ অসমৰ পৰা প্ৰতিনিধি প্ৰেৰণ কৰিছিল৷ ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত সক্ৰিয়ভাৱে
যোগদান কৰিছিল৷)
৩৪৬. ৯৪৬ চনৰ নির্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে
সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ সেইবাৰ অসমৰ মুখ্যমন্ত্ৰী আছিল-
ক) নবীনচন্দ্ৰ বৰদলৈ খ) কুলধৰ চলিহা গ) গোপীনাথ বৰদলৈ ঘ)
চৈয়দ চাদুল্লা
৩৪৭. ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪১ সংখ্যক বার্ষিক
অধিৱেশন অনুষ্ঠিত হৈছিল
ক) লাহোৰ খ) চিমলা গ) বম্বে ঘ) পাণ্ডু
৩৪৮. কোনজন নেতাৰ
প্ৰতিবাদ আৰু গান্ধীজীৰ সমর্থনত কেবিনেট মিছনে অসম আৰু উত্তৰ-পূবক পূর্ববংগৰ লগত সাঙুৰি
গঠন কৰা গোট- ‘গ’ত অন্তর্ভুক্ত হোৱাৰ পৰা অসম ৰক্ষা পৰিল-
ক) গোপীনাথ বৰদলৈ
খ) অম্বিকাগিৰি ৰায়চৌধুৰী গ) কুলধৰ
চলিহা ঘ) ছবিলাল উপাধ্যায়
৩৪৯. অসমত বিশ্ববিদ্যালয়ৰ
দাবীত ১৯২০ চনত চৰকাৰৰ ওচৰত দাবী জনোৱা সংগঠনটো আছিল-
ক) আছাম এছ’চিয়েছন খ) নাগৰিক সভা গ) অসম প্ৰদেশ কংগ্ৰেছ কমিটি
ঘ) অসম সাহিত্য সভা
৩৫০. ১৯০৫ চনৰ ১৬
অক্টোৱৰত বংগ বিভাজন কার্যকৰী হোৱাৰ লগে লগে ‘পূর্ব বংগ আৰু অসম’ এখন ___ শাসিত প্ৰদেশ
হয়-
ক) নৱাব খ) লেফটেনেণ্ট গৱর্ণৰ * গ)
স্বায়ত্ব শাসিত ঘ) ৰাজ্যপাল শাসিত
(* অসমৰ তদানীন্তন মুখ্য আ্যুক্ত
ফুলাৰকেই উক্ত পদবী দিয়া হয়৷ একে সময়তে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত
কৰা হয়৷)

0 মন্তব্যসমূহ