১০০০ চমু প্ৰশ্ন৷ বিষয় সমাজ বিজ্ঞান৷ (HSLC 2023) 351-400



৩৫১. তলৰ কোনটো অসমৰ শক্তি উদ্যোগৰ উদ্যোগত নপৰে-

ক) জলশক্তি উদ্যোগ খ) পিতলৰ উদ্যোগ * গ) তেল-কয়লা ভিত্তিক উদ্যোগ ঘ) গেছভিত্তিক উদ্যোগ

(* পিতলৰ উদ্যোগ অসমৰ এটা হস্তশিল্প উদ্যোগ৷ মৰিয়া জনগোষ্ঠিৰ লোকসকলে হাজো অঞ্চলত ঘাইকৈ পিতলৰ সামগ্ৰী সাজে৷ তাম আৰু দস্তা সমপৰিমাণত মিহলি কৰি পিতল তৈয়াৰ কৰা হয়৷)

৩৫২. তলৰ কোনটো সেৱা খণ্ডৰ উদ্যোগৰ অর্ন্তগত হয়-

ক) বন পালন উদ্যোগ খ) বাঁহ-বেতৰ উদ্যোগ গ) কয়লা উদ্যোগ ঘ) পর্যটন উদ্যোগ *

(* ইয়াৰ বাহিৰেও অসমৰ আন কেইটামান সেৱা খণ্ডৰ উদ্যোগ হৈছে- বাণিজ্য, যোগাযোগ আৰু পৰিবহণ, হোটেল ব্যৱসায়, বেংক আৰু বীমা সেৱা, সকলো ধৰণৰ ব্যৱসায়, লোক প্ৰশাসন আদি৷)  

৩৫৩. তলৰ কোনটো অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি-২০১৪ ৰ প্ৰধান লক্ষ্য নহয়-

ক) ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা খ) গ্ৰামাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা গ) অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ কৰা ঘ) কম সংখ্যক দক্ষ লোক সৃষ্টি কৰা* 

(* বিনিয়োগ নীতিৰ লক্ষ্য অনুসৰি বৃহৎ সংখ্যক দক্ষ লোক সৃষ্টি কৰাহে লক্ষ্য আছিল৷)

৩৫৪. উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি ঘোষণা কৰা হৈছিল-

ক) ২০০৭ খ) ২০০৮ গ) ২০০৯ ঘ) ২০১০

(* অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ অর্থে ভাৰত চৰকাৰে এই নীতি ঘোষণা কৰিছিল৷ এই ঔদ্যোগ নীতিৰ পৰিপূৰক হিচাপে অসম চৰকাৰে ২০০৮ চনত ৰাজ্যিক ঔদ্যোগ নীতি ঘোষণা কৰি বহুকেইখন অভিলাষী আঁচনি গ্ৰহণ কৰে৷ )

৩৫৫. অসমৰ পার্বত্য কৃষি জলবায়বীয় অঞ্চলটোৱে সামৰি লোৱা কৃষি পদ্ধতিটো হৈছে-

ক) উদ্যান শস্য খেতি খ) ঝুম খেতি * গ) সমন্বিত কৃষি ঘ) ৰবৰ খেতি

(* এই অঞ্চলে কার্বি আংলং আৰু ডিমা হাচাও পার্বত্য জিলাক সামৰি লয়৷ সাধাৰণতে পাহাৰৰ সূচল ঢালত হাবি-জংঘল পুৰি খেতিৰ ঠাই মুকলি কৰি পৰম্পৰাগত পদ্ধতিৰে জনজাতীয় লোকসকলে ঝুমখেতি কৰে৷ একেডোখৰ মাটিতে কেইবাবছৰো ঝুমকেতি কৰাৰ পাছত মাটিৰ উর্বৰতা হ্ৰাস পালে আন এডোখৰ ঠাই নির্বাচন কৰি তাত নতুনকৈ খেতি আৰম্ভ কৰে৷ ঝুমখেতি একপ্ৰকাৰৰ মিশ্ৰিত কৃষি পদ্ধতি আৰু ই পাৰিবেশিক সমস্যাৰ সৃষ্টি কৰে৷ বর্তমান ঝুম খেতিৰ পৰির্বতে বেদিকা কৃষি পদ্ধতি জনপ্ৰিয় হৈছে৷ )

৩৫৬. অসমত মৰাপাটৰ খেতি প্ৰধানকৈ ___ পৰা হোৱা জনপ্ৰবজন হৈ অহা কৃষকসকলে জনপ্ৰিয় কৰিছিল-

ক) বাংলাদেশ* খ) নেপাল গ) ভূটান ঘ) ম্যানমাৰ

(* বাৰিষা কালত এই খেতি বিশেষকৈ নামনি আৰু মধ্য ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ প্লাবন ভূমিত কৰা হয়৷ র্বতমানে এই খেতি কিছু পৰিমাণে কমি যোৱাৰ পৰিলক্ষিত হৈছে৷ পূব পাকিস্তানৰ (বর্তমান বাংলাদেশ) জনপ্ৰ বজিত কৃষসকলে মৰাপাট খেতি অধিক কৰে৷)   

৩৫৭. মাটিৰ প্ৰকাৰ আৰু গুণাগুণ, পৃ্ষ্ঠভূমিৰ বৈশিষ্ট্য, বৰষুণ আৰু উত্তাপৰ বিতৰণৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি অসমক কেইটা কৃষি-জলবায়ৱীয় অঞ্চলত ভাগ কৰা হৈছে-

ক) ৫ টা খ) ৬ টা * গ) ৭ টা ঘ) ৮ টা

(* সেইকেইটা হৈছে ক্ৰমে- নামনি ব্ৰক্ষ্মপুত্ৰ উপত্যকা অঞ্চল, উত্তৰ পাৰৰ সমভুমি অঞ্চল, মধ্য ব্ৰক্ষ্মপুত্ৰ উপত্যকা অঞ্চল, উজনি ব্ৰক্ষ্মপুত্ৰ উপত্যকা অঞ্চল, বৰাক উপত্যকা অঞ্চল আৰু পার্বত্য অঞ্চল৷)

৩৫৮. অসমত কেই প্ৰকাৰৰ ধানৰ খেতি কৰা হয়-

ক) ১ প্ৰকাৰৰ খ) ২ প্ৰকাৰৰ গ) ৩ প্ৰকাৰৰ* ঘ) ৪ প্ৰকাৰৰ

(* ধান অসমৰ প্ৰধান শস্য৷ ৰাজ্যখনৰ আটাইকেইটা কৃষি-জলবায়বীয় অঞ্চলতে ধান খেতি কৰা হয়৷ অসমত কৰা ধান খেতিৰ প্ৰকাৰ ৩ টা হৈছে- আহু ধান (Autumn rice), শালি ধান (Winter Rice) আৰু বড়ো ধান (Summer rice)) 

৩৫৯. তলৰ কোনটো অসমত কৰা তেলজাতীয় শস্যৰ অন্তর্গত ফচল নহয়-

ক) এৰাগুটি খ) কুঁহিয়াৰ* গ) তিল ঘ) সৰিয়হ

(* কুঁহিয়াৰৰ পৰা চেনি- গুৰ হে তৈয়াৰ কৰা হয়৷ )

৩৬০. মানৱ সম্পদৰ অন্তর্গত যুৱচাম ধাৰণাটোৱে সামৰি লোৱা বয়স-

ক) ১-১৪ বছৰ খ) ১৮-২১ বছৰ গ) ১৫-৩৪ বছৰ ঘ) এটাও নহয়৷

৩৬১. অসমৰ ভূমিৰ গুণাগুণ বিচাৰ কৰি মাটিবোৰক ভাগ কৰা হৈছে-

ক) ৪ প্ৰকাৰৰ * খ) ৫ প্ৰকাৰৰ গ) ৬ প্ৰকাৰৰ ঘ) ৭ প্ৰকাৰৰ

(* ভাগ কেইটা হৈছে- নদী-সমভূমিৰ পলসুৱা মৃত্তিকা, গিৰিপদ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা৷)

৩৬২. ধান, মৰাপাট, মাহজাতীয় শস্য আৰু শাক পাছলিৰ খেতিৰ বাবে কেনে মাটি প্ৰয়োজনীয়-

ক) নতুন পলসুৱা মাটি * খ) পুৰণি পলসুৱা মাটি গ) কংকৰ মাটি ঘ) পাহাৰীয়া মাটি

(* এই মাটি ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈ বোৰৰ প্লাবন ভুমি আৰু নদী কাষৰীয়া সমভুমি অঞ্চলত পোৱা যায়৷)  

৩৬৩. চাহ খেতিৰ বাবে উপযোগী মাটি হৈছে-

ক) নতুন পলসুৱা মাটি খ) পুৰণি পলসুৱা মাটি গ) কংকৰ মাটি ঘ) পাহাৰীয়া মাটি

৩৬৪. অসমৰ সমভুমি, মালভুমি, পাহাৰ আদি প্ৰাকৃতিক অঞ্চলবোৰত পোৱা অৰণ্যৰ প্ৰকাৰবোৰ হৈছে-

ক) ৫ প্ৰকাৰৰ * খ) ৬ প্ৰকাৰৰ গ) ৭ প্ৰকাৰৰ  ঘ) ৮ প্ৰকাৰৰ

(* প্ৰকাৰবোৰ হৈছে- ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় অর্ধ চিৰসেউজীয়া অৰণ্য, নদী-কাষৰীয়া অৰণ্য, ক্ৰান্তীয় আর্দ্ৰ পর্ণপাতী অৰণ্য আৰু ক্ৰান্তীয় শুষ্ক পর্ণপাতী অৰণ্য৷)  

৩৬৫. অসমত পোৱা কয়লাত কিহৰ পৰিমাণ বেছি-

ক) কার্বন খ) ছালফাৰ * গ) আর্গন ঘ) মিথেন

(* এই কয়লা ইন্ধন হিচাপে স্থানীয় ৰেল পৰিবহণ, জাহাজ পৰিবহণ আৰু বিদ্যুত শক্তি উৎপাদনত ব্যৱহাৰ কৰা হয়৷ অসমৰ মাকুম (ডিব্ৰুগড়), দিল্লী-জয়পুৰ অঞ্চল (ডিব্ৰুগড়-শিৱসাগৰ), চৰাইপুং-তৰাজান অঞ্চল (তিনিচুকীয়া), কলীয়া জান আৰু শিলভেটা অঞ্চল (কার্বি-আংলং), উমৰাংছ আৰু গৰমপানী (ডিমা হাছাও))

৩৬৬. ৰূপছী বিমান বন্দৰটো অসমৰ কোনখন জিলাত অৱস্থিত

ক) তেজপুৰ খ) যোৰহাট গ) ধুবুৰী * ঘ) উত্তৰ লখিমপুৰ

(* বহুদিন অচল হৈ থকা ৰূপছী বর্তমান কোকৰাঝাৰ জিলাৰ অন্তর্গত৷ ট্ৰানজিটৰ উড়ান প্ৰকল্পৰ অধীনত নতুনকৈ ইয়াক নির্মাণ কৰি উলিওৱা হৈছে৷)  

৩৬৭. অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো কোনজন ব্যক্তিৰ নামেৰে নামাকৰণ কৰা হৈছে ?

ক) গোপীনাথ বৰদলৈ* খ) অম্বিকাগিৰি ৰায়চৌধুৰী গ) বিষ্ণুপ্ৰসাদ ৰাভা ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

(* ভাৰতৰ উত্তৰ পূর্বাঞ্চলৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ৷ বৰঝাৰত অৱস্থিত বন্দৰটো স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীৰ নামেৰে নামকৰণ কৰা হৈছে৷)

৩৬৮. অসম ৰাজ্যখন কোন দিশৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈ আছে-

ক) পূব খ) পশ্চিম গ) উত্তৰ ঘ) দক্ষিণ

(* ভাৰতৰ সৈতে সংলগ্ন হৈ থকা এই ভূখণ্ড ঠেক হোৱা বাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাই দেখা দিছে৷ শিলিগুৰি কৰিডৰ নাইবা চিকেন নেক নামেৰে ঠাইডোখৰ জনপ্ৰিয়৷)

৩৬৯. যিবিলাক দ্ৰব্য বা বস্তু ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ আৰু অভিলাষ পূৰণ কৰিব পাৰোঁ সেইবোৰ-

ক) সম্পদ* খ) বিপদ গ) সমস্যা ঘ) প্ৰদূষক

(* আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ সম্পদ আছে আৰু বৈশিষ্ট্যৰ ভিত্তিত সেইবিলাকক কেইবা প্ৰকাৰে শ্ৰেণী বিভাগ কৰিব পাৰি৷ সম্পদ প্ৰধানকৈ দুই প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ আৰু মানৱ-সৃষ্ট সম্পদ৷)

৩৭০. ভাৰতৰ মুঠ জলপথৰ কিমান শতাংশ অসমে অধিকাৰ কৰি আছে-

ক) ৩০ % খ) ৩১ % গ) ৩২ %* ঘ) ৩৩ %

(* ব্ৰক্ষ্মপুত্ৰ, বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈ মিলি বিস্তৃত জলপথ সৃষ্টি কৰিছে৷)                                                        

৩৭১. শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰক্ষ্মপুত্ৰৰ ৮৯১ কিঃ মিঃ নাব্য জলপথক ১৯৮৮ চনত দেশৰ কোনটো জলপথ বুলি স্বীকৃতি দিয়া হৈছিল-

ক) প্ৰথম ৰাষ্ট্ৰীয় জলপথ খ) দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ গ) তৃতীয় ৰাষ্ট্ৰীয় জলপথ ঘ) চতুর্থ ৰাষ্ট্ৰীয় জলপথ

৩৭২. বৰাক নদীৰ লখিপুৰৰ পৰা ভাংগালৈ মুঠ ১২১ কিঃ মিঃ নাব্য জলপথক ভাৰত চৰকাৰে ২০১৩ চনত কোনটো জলপথ বুলি স্বীকৃতি দিছে ?

ক) চতুর্থ ৰাষ্ট্ৰীয় জলপথ খ) পঞ্চম ৰাষ্ট্ৰীয় জলপথ গ) ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ ঘ) সপ্তম ৰাষ্ট্ৰীয় জলপথ

৩৭৩.  অসমত দ্বিতীয় সংখ্যা গৰিষ্ঠতাৰ ধর্মালম্বী লোকসকল হৈছে-

ক) হিন্দু খ) মুছলমান গ) খ্ৰীষ্ট্ৰিয়ান ঘ) বৌদ্ধ

৩৭৪. বৰাক উপত্যকাৰ প্ৰধান কথিত ভাষা হৈছে-

ক) বাঙালী খ) চিলটীয়া গ) হিন্দী ঘ) বড়ো

৩৭৫. তলৰ কোনটো সংবিধান অনুসূচীভুক্ত ভাষা হয়-

ক) মিছিং খ) বড়ো গ) কার্বি ঘ) গাৰো

(* বড়ো ভাষা ভাৰতৰ অষ্টম অনুসূচীৰ তালিকাভুক্ত ২২ টা ভাষাৰ এটা৷ ১৯৭৫ চনৰ পৰা তেওঁলোকে দেৱনাগৰী লিপি ব্যৱহাৰ কৰি আহিছে৷)

৩৭৬. অসমৰ কোনখন জিলাত জমিদাৰ সকলৰ পৃষ্ঠপোষকতা চলিছিল-

ক) শিৱসাগৰ খ) ডিব্ৰুগড় গ) কামৰূপ ঘ) গোৱালপাৰা

৩৭৭. তলৰ কোনবিধ অসমত পৰম্পৰাগত ভাৱে পোৱা ৰেচম নহয়-

ক) মুগা খ) এৰি গ) নুনী পাট ঘ) পকোৱা

(* অসমৰ সমাজ সংস্কৃতিক অন্য তিনিবিধ ৰেচমে গুৰুপ্তপূর্ণ স্থান দখল কৰিছে৷ ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা এৰি, মুগা আৰু পাট কাপোৰে ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত সমাদৰ লাভ কৰিছে৷ এৰি উৎপাদনত অসমে ভাৰতৰ ৬৫ %  সামৰি লয়৷)

৩৭৮. সোণালী সূতা নামেৰে জনাজাত কোনবিধ সূতা অসমে ভাৰতৰ ৯৭ % উৎপাদন কৰে

ক) এৰি সূতা খ) মুগা সূতা* গ) পাট সূতা ঘ) নুনী সূতা

(* অসমৰ শুৱালকুছি মুগা কাপোৰৰ বাবে জনাজাত৷ ২০০৬ জনত মুগাই জি আই টেগ লাভ কৰিছিল৷ মুগা পলুৱে চোম গছৰ পাত খাই জীৱন নির্বাহ কৰে৷ )

৩৭৯. অসমলৈ হোৱা প্ৰথমটো জনস্ৰোতৰ গৰাকী অষ্ট্ৰিক সকল আহিছিল-

ক) দক্ষিণ পূব এছিয়াৰ পৰা খ) মধ্য এছিয়াৰ পৰা গ) দক্ষিণ ভাৰতৰ পৰা ঘ) ইউনান পদেশৰ পৰা

(* অসমৰ চুবুৰীয়া মেঘালয়ত বাস কৰা খাছিয়া আৰু জয়ন্তীয়াসকলো অষ্ট্ৰিক জাতিৰ লোক৷)

৩৮০. তলৰ কোনটো জনজাতি মংগোলীয় * মূলৰ নহয়-

ক) ৰাভা খ) বড়ো গ) হাজং ঘ) খাছিয়া

(* অসমত বাস কৰা মংগোলীয় জনগোষ্ঠীৰ প্ৰধান জনজাতি সকল- বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী, সোণোৱাল কছাৰী, মেছ, কাছাৰৰ বর্মণ, কার্বি, ডিমাছা কছাৰী, গাৰো, কুকি, মাৰ, হাজং, ৰেংমা নাগা, জেমি নাগা আৰু কোঁচ ৰাজবংশী৷ )

৩৮১. তলৰ কোনটো ভৈয়াম জনজাতিৰ লোক নহয়-

ক) জেমি নাগা খ) দেউৰী গ) কাছাৰৰ বমর্ণ ঘ) সোণোৱাল কছাৰী

(* জেমি নাগাসকল পার্বত্য জনজাতিৰ লোক৷ তেওঁলোক ডিমা হাছাও জিলাৰ উত্তৰ পূব অংশত আৰু দক্ষিণ মাইবঙত বসতি কৰে৷)

৩৮২. ১৩ শ শতিকাত কোন ঠাইলৈ অগ্ৰসৰ হোৱাৰ পথত কুটুবুদ্দিন আইবাকৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলীজিৰ এদল সৈন্য অসমত ৰৈ গৈছিল -

ক) ভূটান খ) নেপাল গ) ম্যানমাৰ ঘ) তিব্বত

৩৮৩. ১২২৮ খ্ৰীষ্টাব্দত চ্যু-কা-ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা __ পর্বত পাৰ হৈ আহোমসকল অসমলৈ আহে-

ক) মিকিৰ খ) পাটকাই * গ) বৰাইল ঘ) নগা পর্বত

(* ভাৰতৰ উত্তৰ পূব আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত পর্বতমালা৷ নামফুক, টিৰাপ আৰু দিবাং নদী ইয়াৰ পৰাই ওলাইছে৷ ষ্টিলৱেল পথ পাটকাই পাহাৰৰ মাজেৰেই নির্মাণ কৰিছিল৷)

৩৮৪. কোনজন কোঁচ ৰজাৰ নেতৃত্বত কোঁচসকলে অসমৰ পশ্চিম প্ৰান্তত ৰাজ্য স্থাপন কৰি পিচত নামনি অসমৰ বৰনদী লৈকে সাম্ৰাজ্য বিস্তাৰ কৰিছিল-

ক) নৰনাৰায়ণ খ) বিশ্বসিংহ গ) ৰঘূ নাৰায়ণ ঘ) চিলাৰায়

৩৮৫. ৰজা নৰনাৰায়ণৰ ভাতৃ গোসাঁই কমলৰ নেতৃত্বত ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰত কোঁচবিহাৰৰ পৰা লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰলৈ নির্মাণ কৰা আলিটোৰ নাম-

ক) ধোদৰ আলি খ) ৰজা আলি গ) গোহাঁই কমল আলি ঘ) কমল আলি

৩৮৬. ব্ৰাক্ষ্মণ, কায়স্থ, কলিতা, নাথ-যোগী, কৈৱর্ত্ত আদি জাতিৰ লোকসকল __ গোষ্ঠীৰ অর্ন্তগত-

ক) ক’কেছীয় খ) অষ্ট্ৰিক গ) তির্বতীয়-বর্মণ ঘ) মঙ্গোলীয়

৩৮৭. নদী কাষৰীয়া অঞ্চলত বসবাস কৰা অসমৰ দ্বিতীয় বৃহত্তম ভৈয়াম জনজাতিটো হৈছে

ক) মিছিং খ) বড়ো গ) কার্বি ঘ) দেউৰী

(* জনজাতিৰ ফালৰ পৰা জনংখ্যাৰ দিশত দ্বিতীয় বৃহৎ জনজাতি মিচিং সকল সাধাৰণতে নদী কাষৰীয়া অঞ্চলত বাস কৰে৷ তেওঁলোক লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, ধেমাজি আৰু শোণিতপুৰ জিলাত বাস কৰে৷)  

৩৮৮. মধ্য ভাৰতৰ চোটানাপুৰৰ মালভূমি অঞ্চলৰ পৰা অসমলৈ ইংৰাজসকলে অনা লোকসকল বর্তমানৰ

ক) কায়স্থ খ) ব্ৰাক্ষ্মণ গ) চাহ জনজাতি ঘ) নেপালী

(* মুণ্ডাৰী ভাষা ব্যৱহাৰ কৰা চাহ জনজাতিসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক৷ তেওঁকে উজনি অসমৰ চাহ বাগিচা থকা অঞ্চলসমূহত বসবাস কৰে৷ )

৩৮৯. জনসংখ্যাৰ দিশৰ পৰা অসমৰ দ্বিতীয় জনবহুল নগৰখন হৈছে-

ক) গুৱাহাটী খ) শিলচৰ গ) ডিব্ৰুগড় ঘ) যোৰহাট

(* শিলচৰ বৰাক উপত্যাকৰ প্ৰথম শ্ৰেণীৰ চহৰ৷ গুৱাহাটী অসমৰ আটাইতকৈ জনবহুল নগৰ আৰু উজনি অসমৰ ডিব্ৰুগড় অসমৰ তৃতীয় বৃহত্তম নগৰ৷)

৩৯০. অসমৰ পশ্চিম দিশত আছে- 

ক) অৰুণাচল প্ৰদেশ আৰু ভূটান খ) মিজোৰাম আৰু মেঘালয় গ) অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ ঘ) পশ্চিমবংগ, ত্ৰিপুৰা আৰু বাংলাদেশ

৩৯১. অসমৰ পূব দিশত আছে- 

ক) অৰুণাচল প্ৰদেশ আৰু ভূটান খ) মিজোৰাম আৰু মেঘালয় গ) অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ ঘ) পশ্চিমবংগ, ত্ৰিপুৰা আৰু বাংলাদেশ

৩৯২. অসমৰ উত্তৰ দিশত আছে- 

ক) অৰুণাচল প্ৰদেশ আৰু ভূটান খ) মিজোৰাম আৰু মেঘালয় গ) অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ ঘ) পশ্চিমবংগ, ত্ৰিপুৰা আৰু বাংলাদেশ

৩৯৩. অসমৰ দক্ষিণ দিশত আছে-

ক) অৰুণাচল প্ৰদেশ আৰু ভূটান খ) মিজোৰাম আৰু মেঘালয় গ) অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ ঘ) পশ্চিমবংগ, ত্ৰিপুৰা আৰু বাংলাদেশ

৩৯৪. কোনটো বর্ষত অসমত লোকপিয়ল হোৱা নাছিল-                                                                                                                                                                                                                                                                                                                                                                                      

ক) ১৯৭১ খ) ১৯৮১ গ) ১৯৯১ ঘ) ২০০১

(* অসম আন্দোলনৰ বাবে সেইবাৰ অসমত লোকপিয়ল হোৱা নাছিল৷ ভাৰতৰ লোকপিয়ল বিভাগে গাণিতিকভাৱে তথ্যবোৰ প্ৰদান কৰিছিল৷)

৩৯৫. তলৰ কোনখন জিলা ২০০১ চনৰ আগত গঠন হৈছিল-

ক) ওদালগুৰি খ) বঙাইগাঁও গ) বাক্সা ঘ) চিৰাং

৩৯৬. ২০১১ বর্ষৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ ঘনবসতি জিলাখন হৈছে-

ক) গুৱাহাটী খ) নগাঁও গ) শিলচৰ ঘ) নলবাৰী

৩৯৭. উত্তৰ কাছাৰ পার্বত্য জিলাৰ নতুন নাম হৈছে-

ক) ডিমা হাচাও খ) কার্বি আংলং গ) হাইলাকান্দি ঘ) কৰিমগঞ্জ

৩৯৮. কুকি সকল অসমৰ কোনখন জিলাৰ অন্যতম বাসিন্দা–

ক) ডিমা হাচাও খ) কার্বি আংলং গ) হাইলাকান্দি ঘ) কাছাৰ

৩৯৯. ___ চিমেণ্ট প্ৰস্তুত কৰোতে আৰু লো তীখা উৎপাদন কৰোতে ব্যৱহাৰ কৰাৰ উপৰি কিছুমান ৰাসায়নিক উদ্যোগত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়-

ক) ফেলস্পাৰ খ) কোর্ৱাটজ গ) চূণশিল ঘ) লোৰ আকৰ

(* অসমৰ কার্বি আংলং জিলাৰ কলীয়াজান-মানজা অঞ্চল; দিলাই পর্বত, শিলভেটা অঞ্চল আৰু বোকাজানৰ পূব অঞ্চলত আৰু ডিমা হাছাও জিলাৰ পানীমুৰ, গৰমপানী, টুমবুং আৰু উমৰাংছ অঞ্চলত চূণশিল পোৱা যায়৷ )

৪০০. অসমে ভাৰতবর্ষৰ মুঠ উৎপাদৰ প্ৰায় ___ শতাংশ প্ৰাকৃতিক গেছ উৎপন্ন কৰে-

ক) ২৫ শতাংশ খ) ৫০ শতাংশ গ) ৭৫ শতাংশ ঘ) ১০০ শতাংশ

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ