- অসম চৰকাৰে ২০২৩ বর্ষৰ ৩১ মার্চৰ দিনটো ৰাজ্যখনত বড়ো জাতিৰ পিতৃপুৰুষখ্যাত উপেন্দ্ৰ নাথ ব্ৰক্ষ্মদেৱলৈ( ৩১ মার্চ, ১৯৫৭-১ মে’, ১৯৯০) শ্ৰদ্ধার্ঘ্য জনাই ৰাজ্যখনত ছাত্ৰ দিৱস আয়োজ কৰিছে৷ দিৱসৰ লগত সংগতি ৰাখি বহুকেইখন শৈক্ষিক আঁচনিও গ্ৰহণ কৰিছে৷
আহঁকচোন তেখেতৰ বিষয়ে কিছু কথা জানি লওঁ-
·
বড়ো সকলৰ ৰাজনৈতিক
আৰু সামজিক উন্নতিৰ বাবে কাম কৰা বাবে তেখেতক বডোফা নামেৰেও জনা যায়৷ বডোফা শব্দটোৰ
অসমীয়া অর্থ হৈছে বড়োসকলৰ পিতৃ৷
·
কোকৰাজগাৰ জিলাৰ
দতমৰা বৰগাৰী গাওঁৱ জন্মা উপেন্দ্ৰনাথৰ ঘৰুৱা নাম আছিল থপেন৷ তেওঁৰ দেউতাকৰ নাম মংলাৰাম
ব্ৰক্ষ্ম আৰু মাকৰ নাম লেফাস্ৰী ব্ৰক্ষ্ম৷
·
কটন কলেজৰ পৰা বি.
এ. ছি পাছ কৰি তেওঁ পাছলৈ গোঁসাইনিচিনা’ৰ নেহেৰু ভ’কেছনেল হাইস্কুলত বিজ্ঞানৰ শিক্ষকৰূপে
যোগ দিয়াৰ সমান্তৰালভাৱে কোকৰাঝাৰ কলেজত বি. এ পঢ়িবলৈ কয়৷ ১৯৮৬ চনত পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ
পৰা এম. এছ. চি পাছ কৰি পিছত আয়কৰ বিভাগৰ চাকৰিত যোগদান কৰে৷
·
কটনত পঢ়ি থাকোতেও
তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ অসম আন্দোলনৰ ঢৌ দেখিছিল৷ কিন্তু আন্দোলনত বড়োসকলত উপেক্ষা
কৰাত নিখিল বড়ো ছাত্ৰ সন্থাত যোগদান কৰে৷ তেওঁ বড়ো সকলক উদ্দেশ্যি কৈছিল “জীয়াই থকা
আৰু জীয়াই থাকিবলৈ দিয়া’৷
·
পৃথক বড়ো ৰাজ্য দাবী
আৰু আন্দোলনৰ নেতা ব্ৰক্ষ্মই ১৯৭৮-৭৯ চনৰ পৰাই সক্ৰিয় ৰাজনীতিত জড়িত৷ প্ৰথমে গোৱালপাৰা
জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ ১৯৮৬ চনত
তেখেত ‘সদৌ বড়ো ছাত্ৰ সন্থা’ৰ সভাপতি নির্বাচিত হৈছিল৷
·
অসমৰ সামগ্ৰিক ৰাজনৈতিক,
অর্থনৈতিক আৰু সামজিক প্ৰেক্ষাপটত বড়োসকলৰ প্ৰতিনিধিৰ অভাৱ অনুভৱ কৰি তেওঁ ব্ৰক্ষ্মপুত্ৰৰ
উত্তৰপাৰে ‘বড়োলেণ্ড’ গঠনৰ দাবী তুলি আন্দোলন গঢ়ি তুলিছিল৷ ১৯৮৭ চনত আৰম্ভ হোৱা আন্দোলনে
১৯৮৮-৮৯ চনত তীব্ৰ হৈ পৰিছিল৷
·
১৯৮৯ চনত কেন্দ্ৰীয়
চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো ছাত্ৰ সন্থাৰ মাজত যি ত্ৰিপাক্ষিক আলোচনাৰ পৰিবেশ সৃষ্টি
হৈছিল তাৰ মূলতে আছিল উপেন্দ্ৰ ব্ৰক্ষ্ম৷ সেই সময়ত তেওঁ র্ককট ৰোগৰ চিকিৎসা কৰাই আছিল
যদিও আলোচনাত অংশ লৈছিল৷ বিটিচি ডেপুটি চিফৰূপে তেওঁক দায়িত্ব প্ৰদান কৰিছিল৷
·
১৯৯০ চনত তেখেতৰ
মৃত্যু হোৱাৰ ৭ দিনৰ পিছত বড়োসকলে ৮ মে’ত আনুষ্ঠানিকভাৱে বডোফা সন্মানেৰে সন্মানিত
কৰে৷ মৃত্যু দিনটো বডোফা দিৱসৰূপে পালন কৰি আহিছে৷
·
তেওঁৰ জন্মদিনটো
বড়োলেণ্ডত পূর্বৰে পৰা’ ছাত্ৰ-ছাত্ৰীৰ দিন’ (ফৰায়চা চান) ৰূপে পালন কৰি অহা হৈছিল৷
২০২৩ বর্ষৰ পৰা ‘ছাত্ৰ দিৱস’ ৰূপে ৰাজ্যতে পালনৰ সিদ্ধান্ত লৈছে৷
·
কবৰ দিয়া স্থানত
তেখেতৰ নামত এখন উদ্যান স্থাপন কৰাৰ লগতে ২১ ফুট ওখ প্ৰতিমূর্তি স্থাপন কৰা হৈছে৷
·
২০০৩ চনৰ পৰা তেওঁৰ
সোঁৱৰণত উপেন্দ্ৰনাথ ব্ৰক্ষ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰি অহা হৈছে৷
·
তেখেতৰ নামত সর্বভাৰতীয়
পর্যায়ৰ বডোফা উপেন্দ্ৰনাথ ব্ৰক্ষ্ম স্বর্ণকাপ ফুটবল প্ৰতিযোগিতাও বি টি আৰ ত অনুষ্ঠিত
কৰা হয়৷






0 মন্তব্যসমূহ