দ্বিতীয় অধ্যায়-মানৱ ভূগোল

 

 মানৱ ভূগোল (দ্বিতীয় অধ্যায়)



পৃথিৱীৰ মানুহ:- ভূগোলৰ যি বিভাগে প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সর্ম্পক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা পৰিবেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰে সেয়ে মানৱ ভূগোল৷ ইয়াৰ বহু শাখা-প্ৰশাখা আছে, ক্ৰমে- বসতি ভূগোল, সমাজ ভূগোল, অর্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল, নগৰীয়া ভূগোল, জনসংখ্যা ভূগোল, স্বাস্থ্য ভূগোল, ঐতিহাসিক ভূগোল, আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল আদি৷



২.১ প্ৰধান মানৱগোষ্ঠী



২.১.১ মানৱগোষ্ঠীৰ সংজ্ঞা:- প্ৰায় একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্ৰমে এনে বৈশিষ্ট্যবোৰ কঢ়িয়াই তাকে মানৱ জাতি বা মানৱ গোষ্ঠী বোলা হয়৷ চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ গঠনৰ পাথর্ক্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ পৃথিৱীৰ মানৱ জাতিক তিনি ভাগত বিভক্ত কৰা হৈছে- ক) ককেছীয় খ) নিগ্ৰ’ইড আৰু গ) মঙ্গোলীয়

* জীৱবিদ্যা অনুসৰি সকলো মানুহ হ’ম’চেপিয়েনছ নামে এটা বিশেষ প্ৰজাতিৰ অন্তর্গত৷





* নৃতত্ত্ববিদসকলৰ মতে জলবায়ু আৰু অনান্য ভৌগোলিক কাৰকৰ পার্থক্যৰ বাবে মানৱ সৃষ্টিৰ আদিকালৰে পৰাই পৃথিৱীত কেইবাটাও ভিন ভিন দৈহিক গঠন সম্পন্ন মানুহ দেখিবলৈ পোৱা হৈছিল৷ ইয়াৰ পৰাই মানৱ জাতিৰ ধাৰণাটোৱে বিকাশ লাভ কৰিছিল৷

২.১.২ মানুহ আৰু মানৱ জাতিৰ সৃষ্টি:-






* জীৱ বিজ্ঞানীৰ বির্ৱতনৰ সূত্ৰ অনুসৰি প্লিষ্ট’চিন যুগৰ প্ৰায় মাজভাগত (৫-৬ লাখ বছৰ পূর্বে) জলবায়ুকে ধৰি এক অনুকূল প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰাৰ বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপ্ৰায়ী প্ৰাণীৰ বিৱর্তন প্ৰক্ৰিয়াৰ ফলত হ’ম’চেপিয়েনছ নামৰ মানৱ প্ৰাণীৰ সৃষ্টি হৈছিল৷




 *  জীৱ বিজ্ঞানী আৰু নৃতত্ত্ববিদ সকলৰ মতে আফ্ৰিকাৰ মধ্যাংশত আদিতে মানুহৰ জন্ম হৈছিল আৰু পিছলৈ অন্য ঠাইলৈ বিস্তাৰিত হৈছিল৷




২.১.৩ পৃথিৱীৰ প্ৰধান মানৱ জাতিৰ বৈশিষ্ট্যসমূহ



ক) ককেছীয় গোষ্ঠী:- ইউৰোপৰ কিছু ঠাণ্ডা অঞ্চলত বসবাস কৰা বগা ছালৰ লোক৷ তেওঁলোক বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় আধা৷ অন্তর্গত লোকসকল হৈছে- ইউৰোপীয় নর্ডিক, আলপাইন আৰু ভূমধ্য সাগৰীয় লোকসকল, দক্ষিণ এছিয়াৰ ইন্দো-এৰিয়ানসকল, আৰু পশ্চিম এছিয়াৰ চেমিটিক-হেমিটিক৷ ছালৰ ৰং- অতি বগা আৰু বাদামী (দক্ষিণ পশ্চিম এছিয়াৰ); চুলি- পোন বা কিছু পকোৱা আৰু ক’লা বা বাদামী; নাক- জোঙা আৰু ঠেক৷ 



খ) নিগ্ৰ’ইড গোষ্ঠী:- আফ্ৰিকাৰ উষ্ণ অঞ্চলত বসতি কৰা ক’লা ছালৰ লোক৷ তেওঁলোক প্ৰধানকৈ আফ্ৰিকা, এছিয়া মহাদেশৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকা, দক্ষিণ-পূব এছিয়াৰ কিছু অংশ আৰু ওচেনিয়া মহাদেশৰ কিছু ঠাইত বাস কৰে৷ নিগ্ৰ’ইড গোষ্ঠীৰ উপজাতিবোৰ হৈছে- পূব আফ্ৰিকাৰ নিল’টিক আৰু হেমিটিক; মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ বাণ্টু; পশ্চিম আফ্ৰিকাৰ বুচমেন আৰু পিগমী, দক্ষিণ ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ নেগ্ৰিটো; দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মেলানেচীয় আৰু ওচেনিয়া মহাদেশৰ অষ্ট্ৰেল’ইডসকল৷ ছালৰ বৰণ- ক’লা বা বাদামী ক’লা, চুলি- কেঁকোৰা; নাক- বহল আৰু চেপেটা৷ তেওঁলোকৰ বেছিভাগ লোকেই যথেষ্ট ওখ৷



গ) মঙ্গোলীয় গোষ্ঠী:- মধ্য এছিয়াৰ কিছু নিম্ন উষ্ণতাৰ হালধীয়া ছালৰ লোক৷ তেওঁলোক প্ৰধানকৈ মধ্য আৰু পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বাস কৰে৷  অন্তর্গত লোকসকল হৈছে- চীনা, জাপানী, কোৰিয়া, ব্ৰক্ষ্মদেশীয়, থাই, ভিয়েটনামী, খমেৰ, মালয় আদি৷ অসমৰ বেছিভাগ জনজাতি যেনে- বড়ো, কার্বি, মিচিং, গাৰো, ৰাভা আদি মঙ্গোলীয় গোষ্ঠীৰ লোক৷ ছালৰ বৰণ- হালধীয়া, চুলি- পোন আৰু থিয়৷ চকুবোৰ সৰু৷

২.১.৪. পৃথিৱীৰ প্ৰধান মানৱ গোষ্ঠীৰ বিস্তাৰ আৰু বিতৰণ:-





পুৰাতত্ত্বৰ তথ্য অনুসৰি মানুহ পুৰণি পৃথিৱীখণ্ডৰ ক্ৰান্তীয় আফ্ৰিকাৰ পুব অংশত কমেও একলাখ বছৰৰ আগেয়ে সৃষ্টি হৈছিল৷ সেই অঞ্চলৰ পৰাই আজিৰ পৰা ২৫-৩০ হাজাৰ বছৰ পূর্বে পৃথিৱীৰ বিভিন্ন অংশলৈ মানুহৰ বিস্তাৰ ঘটিছিল৷

·        জলবায়ু আৰু আন প্ৰকৃতিষ্ঠ পৰির্ৱতনক নির্ভৰ কৰি মানুহৰ দৈহিক গঠনৰ পৰিৱর্তন হৈছিল৷ বংশানু প্ৰক্ৰিয়াৰ বাবেও ধীৰ গতিত মানুহৰ দৈহিক গঠনৰ পৰিৱর্তন ঘটিছিল৷

·        পৰৱর্তী সময়ত দক্ষিণ-পশ্চিম এছিয়াৰ পৰা ককেছীয়, মধ্য এছিয়াৰ পৰা মংগোলীয় আৰু মধ্য আফ্ৰিকাৰ পৰা নিগ্ৰ’ইড জনগোষ্ঠীয় লোকৰ বিভিন্ন স্থানলৈ প্ৰব্ৰজন হৈছিল৷




·        হিমযুগৰ অন্তপৰাৰ পাছত যেতিয়া জলবায়ুয়ে স্বাভাৱিক ৰূপ পাইছিল সেই সময়তে মানৱ সৃষ্টিৰ কেন্দ্ৰস্বৰূপ আফ্ৰিকাৰ মধ্যভাগৰ পৰা মানুহৰ সংমিশ্ৰণ আৰু বিস্তাৰ আৰম্ভ হৈছিল৷

·        বিশাল সমুদ্ৰই কিছু বাধা সৃষ্টি কৰাত মানুহে দ্বীপ শ্ৰেণীসমূহৰ আঁত ধৰিয়েই আদিতে মানুহে প্ৰব্ৰজন কৰিছিল৷

·        প্লীষ্ট’চিন হিমযুগত সমুদ্ৰবোৰ বৰফাবৃত্ত হোৱাৰ ফলত ভুমিখণ্ড বোৰৰ মাজত সংযোগ স্থাপন হোৱাত মানুহে প্ৰব্ৰজনৰ সুবিধা পাইছিল৷

·        চাইবেৰিয়া আৰু আলাস্কাৰ মাজত সৃষ্টি হোৱা বৰফাবৃত্ত বেৰিং প্ৰণালী আছিল মানুহৰ প্ৰব্ৰজনৰ অন্যতম পথ৷




·        মংগোলীয় মূলৰ মানুহবোৰ মধ্য এছিয়াৰ পৰা পূবৰ ফালে প্ৰব্ৰজন হৈ উত্তৰ, মধ্য আৰু দক্ষিণ আমেৰিকাত বিস্তাৰিত হৈছিল৷

·        ককেছীয় মূলৰ মানুহবোৰ দক্ষিণ-পশ্চিম এছিয়াৰ পৰা উত্তৰ আৰু পশ্চিম ইউৰোপলৈ; উত্তৰ আৰু পূব আফ্ৰিকালৈ আৰু মধ্য আফ্ৰিকাৰ পৰা দক্ষিণ আৰু পূব আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ কিছু অংশলৈ বিস্তাৰিত হৈছিল৷

·        ভাৰত উপমহাদেশত বসবাস কৰা ইন্দো-এৰিয়ান লোকসকল মূলতঃ দক্ষিণ ইউৰোপৰ পৰা প্ৰব্ৰজিত ককেছীয় গোষ্ঠীৰ ভূমধ্যসাগৰীয় শ্ৰেণীৰ৷

·        দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বসবাস কৰা বগা লোকসকল পশ্চিম ইউৰোপৰ পৰা প্ৰব্ৰজিত ককেছীয় মূলৰ নর্ডিক শ্ৰেণীৰ৷

২.২. ধর্মীয় গাঠনি:-



ধর্ম হৈছে জীৱন নির্বাহৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইৰ বা গোটৰ মানুহে মানি চলা ধৰা বন্ধা নিয়মাবলী আৰু নীতিৰ মাজেৰে পৰিচালিত সাধাৰণ ব্যৱস্থা৷ ধর্মত কেৱল বিশ্বাস জড়িত হৈ থাকে৷ কেইটামান ধর্ম হৈছে- হিন্দু, ইছলাম, খ্ৰীষ্টান, জুদাই (জিউ-হিব্ৰু), বৌদ্ধ, কনফুচিয়াছ, জৈন, শিখ, বাহাই আদি৷

·        আটাইতকৈ অধিক ধর্মাৱলম্বীলোকৰ ধর্ম- খ্ৰীষ্টান

·        আটাইতকৈ পুৰণি ধর্ম- হিন্দু

·        বিশ্বৰ মুঠ জনসংখ্যাৰ ৭৫ % লোক হৈছে- হিন্দু, খ্ৰীষ্টান, ইছলাম আৰু বৌদ্ধ ধর্ম

·        কিছুমান জনজাতীয় মূলৰ মানুহে কোনো ধর্ম গ্ৰহণ নকৰি বর্তমানেও প্ৰকৃতিৰ উপাদান যেনে - গছ, পর্বত, পাহাৰ, সূর্য, নদী আদিক বিশ্বাস কৰি আহিছে৷

২.২.১- পৃথিৱীৰ প্ৰধান ধর্মসমূহ:-



হিন্দু ধর্ম:- হিন্দু নদীৰ পূবত অৱস্থিত ভাৰতবর্ষত হিন্দু ধর্ম উৎপত্তি হৈছিল৷ নদীখনৰ নামেৰে নামাকৰণ কৰা হৈছে৷ এই ধর্ম দেৱ-দেৱী বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত৷ লগতে ভৌতিক-অধ্যাত্মিক ধাৰণা আৰু সংস্কৃতিৰ বার্তাবাহক৷ ভাৰতবর্ষত বাস কৰা আর্য্য আৰু দ্ৰাবিড়সকল হিন্দু ধর্মৰ অন্তর্গত৷ মূল গ্ৰন্থ- বেদ৷



খ্ৰীষ্টান ধর্ম:- ইউৰোপৰ গ্ৰীক আৰু ৰোমান সভ্যতাক কেন্দ্ৰ কৰি বর্তমানৰ পৰা ২০০০ বছৰ আগেয়ে উৎপত্তি হৈছিল৷ প্ৰৱর্তক- যীশুখ্ৰীষ্ট্ৰ৷ একেশ্বৰবাদত বিশ্বাসী খ্ৰীষ্ট্ৰান ধর্ম পিছলৈ মিছনেৰী পদ্ধতিৰে পৃথিৱীৰ অন্য প্ৰান্তলৈ বিয়পি পৰিল৷ বর্তমান দুটা ভাগত বিভক্ত- ৰোমান কেথ’লিক আৰু প্ৰোটেষ্টাণ্ট৷ মূল গ্ৰন্থ- বাইবেল



ইছলাম ধর্ম:- মধ্য-প্ৰাচ্যৰ মৰুভূমি অঞ্চলত বর্তমানৰ পৰা ১৪০০ বছৰ আগেয়ে উৎপত্তি হৈছে৷ প্ৰৱর্তক- হজৰত মহম্মদ৷ মিছনেৰী পদ্ধতিৰে আফ্ৰিকা, দক্ষিণ-এছিয়া, দক্ষিণ-পূব এছিয়ালৈ প্ৰসাৰ লাভ কৰে৷ একেশ্বৰবাদত বিশ্বাসী৷ বর্তমান দুটা ভাগত বিভক্ত- চিয়া আৰু চুন্নী৷ মূল গ্ৰন্থ- কোৰাণ৷



বৌদ্ধ ধর্ম:- উত্তৰ ভাৰতৰ বৌদ্ধ গয়া অঞ্চলত ত আজিৰ পৰা ২৫০০ বছৰ পূর্বে উৎপত্তি৷ প্ৰৱর্তক গৌতম বুদ্ধ৷ বর্তমান ভাৰতৰ উপৰিও ভূটান, চীন, শ্ৰীলংকা, দক্ষিণ পূৱ এছিয়া মহাদেশতো বৌদ্ধ ধর্ম বিয়পি আছে৷ হিন্দু ধর্মৰ কিছু সংস্কাৰ সাধন কৰি জন্ম দিয়া বৌদ্ধ ধর্মৰ দুটা ভাগ- হিনায়ন আৰু মহায়ন৷ মূল গ্ৰন্থ- ত্ৰিপিটাকা৷

২.২.২. পৃথিৱীত প্ৰধান ধর্মীয় গোষ্ঠীসমূহৰ বিতৰণ-

প্ৰথম অৱস্থাত প্ৰধান ধর্মসমূহৰ জন্মভূমি আৰু কাষৰীয়া অঞ্চলবোৰতে তেনে ধর্মৰ লোকসকল আছিল৷ জনপ্ৰব্ৰজনৰ বাবে বর্তমান সকলো ঠাইতে বিভিন্ন ধর্মাৱলম্বীৰ লোকসকল আছে৷

·        খ্ৰীষ্টান ধর্মলৈ বর্তমান আটাইতকৈ অধিক পৰিমাণে ধর্মান্তৰণ হৈছে৷ জনজাতীয় লোকসকলে নিজৰ ধর্ম এৰি খ্ৰীষ্টান ধর্ম গ্ৰহণ কৰিছে৷ বর্তমান খ্ৰীষ্টান ধর্ম উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পৰা ইউৰোপ, এছিয়াৰ কিছু অংশ, আফ্ৰিকাৰ দক্ষিণ অংশ আৰু ওচেনিয়ালৈ বিস্তৃত৷ মহাদেশৰ ভিত্তিত দুয়োখন আমেৰিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ ৯০% তকৈ অধিক লোক খ্ৰীষ্টান৷





·        খ্ৰীষ্টানসকলৰ অধিকাংশ লোকেই ৰোমান কেথ’লিকপন্থী গোটৰ৷



·        প্ৰোটেষ্টাণ্টপন্থী খ্ৰীষ্টানসকল গ্ৰেট ব্ৰিটেইন, উত্তৰ আয়াৰলেণ্ড, উত্তৰ নেদাৰলেণ্ড, স্কেণ্ডিনেভিয়া, ফিনলেণ্ড, ডেনমার্ক, জার্মানিৰ উত্তৰ আৰু মধ্য অংশ, এষ্টোনিয়া, কানাডা, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড আদি অঞ্চলত বসবাস কৰে৷

·        দ্বিতীয় বৃহৎ ইছলাম ধর্মাৱলম্বী লোকসকল প্ৰধানত আফ্ৰিকাৰ উত্তৰ অংক্ষৰ আলজেৰিয়া, ইজিপ্ত, লিবিয়া, মোৰক্কো, টুনিচিয়া, চাদ, মালি, মৌৰিটানিয়া, নাইজাৰ, চুডান, চোমালিয়া, গাম্বিয়া, নাইজেৰিয়া, চেনেগাল আদি দেশত; ইউৰোপৰ আলবেনিয়া, বোচনিয়া, তাজিকিস্তান, র্টুকমেনিস্তান, উজবেকিস্তান আদি দেশত; এছিয়া মহাদেশৰ আফগানিস্তান, চৌডি আৰব, বাহৰেইন, ইৰাক, ইৰান, জর্ডান, কুৱেইট, কাটাৰ, ওমান, চিৰিয়া, তুর্কী, ইমেনে, পাকিস্তান, বাংলাদেশ, সংযুক্ত আৰৱ এমিৰেটচ, ব্ৰুণেই, ইন্দোচেনিয়া আৰু মালয়েছিয়া আদি দেশত অধিক পৰিমাণে পোৱা যায়৷

·        তৃতীয় বৃহৎ হিন্দু ধর্মৰ লোকসকল ভাৰতবর্ষ আৰু নেপালত থকাৰ বাদেও মৰিচাচ আৰু ফিজি, গুৱেনা, চুৰিনাম, ত্ৰিনিদাদ, শ্ৰীলংকা, বাংলাদেশ আৰু মালয়েছিয়াৰ কিছু অংশত পোৱা যায়৷ মুঠ হিন্দুৰ ৮০% লোক ভাৰতবর্ষৰ৷

·        বৌদ্ধ ধর্মৰ লোক ভাৰতবর্ষৰ জম্মু কাশ্মীৰ, মহাৰাষ্ট্ৰ আৰু অৰুণাচল প্ৰদেশৰ কিছু অংশত পোৱা যায়৷ হিনায়ন পন্থীৰ বৌদ্ধধর্মৰ লোক শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, লাওচ, কম্বোদিয়া আদি দেশতো বাস কৰে৷ আনহাতে মহায়ান পন্থী বৌদ্ধসকলে তির্ব্বত, মঙ্গোলিয়া, টাইৱান, চীনদেশৰ চিংকিয়াং, জাপান, উত্তৰ আৰু দক্ষিণ কোৰিয়া, ভূটান, ভিয়েতনাম, মালয়েছিয়া, ব্ৰুনেই আদিত বেছিকৈ আছে৷

·        ভাৰতবর্ষৰ কিছুমান ৰাজ্য বিশেষ ধর্মৰ লোকৰ পাধান্য দেখা পোৱা যায়- উদাহৰণ- জম্মু আৰু কাশ্মীৰ ইছলাম ধর্ম প্ৰধান; পাঞ্জাৱ আৰু হাৰিয়ানা শিখ প্ৰধান, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় খ্ৰীষ্টান প্ৰধান, চিকিম আৰু অৰুণাচল প্ৰদেশ পশ্চিমবংগৰ উত্তৰ অংশ আৰু বিহাৰৰ উত্তৰ অংশ বৌদ্ধ ধর্মাৱলম্বী; ৰাজস্থান জৈন ধর্ম প্ৰধান৷

·        আমাৰ অসমখন বহু ধর্মাৱলম্বী লোকৰ বাসভূমি৷   

 

 

 

 

 

 

 

 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ