২.১
চৰকাৰৰ শ্ৰেণীবিভাগ
চৰকাৰৰ
শ্ৰেণী বিভাজন মানেই ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন৷ গ্ৰীক দার্শনিক প্লেটোৱে প্ৰথমে চৰকাৰৰ
শ্ৰেণী বিভাজন কৰিছিল৷ তেওঁৰ শিষ্য এৰিষ্ট’টলে পিছলৈ চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ
ভিত্তিত কেইবাটাও বিভাজন কৰিছিল৷
![]() |
জনকল্যাণৰ হকে থকা ৰাষ্ট্ৰক-
ক)
ৰাজতন্ত্ৰ (Monarchy)- এজন শাসকৰ দ্বাৰা শাসিত৷
খ)
অভিজাততন্ত্ৰ (Aristocracy)- কেইজনমান শাসকৰ দ্বাৰা শাসিত৷
গ)
ৰাজ্য ব্যৱস্থা (Polity)- বহুজনৰ বা ৰাইজৰ শাসনৰ দ্বাৰা শাসিত৷
জনস্বার্থৰ
বিপৰীতে শাসকৰ স্বার্থৰ হকে থকা ৰাষ্ট্ৰক-
ক)
স্বৈৰতন্ত্ৰ (Tyranny)- এজন শাসকৰ দ্বাৰা শাসিত৷
খ)
আঢ্যৱন্ততন্ত্ৰ (Oligarchy)- কেইজনমান শাসকৰ দ্বাৰা শাসিত৷
গ)
গণতন্ত্ৰ (Democracy)- বহুজনৰ বা ৰাইজৰ শাসনৰ দ্বাৰা শাসিত৷
·
সময় পৰিৱর্তনৰ
লগে লগে ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰই জনপ্ৰিয়তাৰ লগতে প্ৰাসংগিকতা হেৰুৱাইছে৷ সেই সময়ত
গণতন্ত্ৰক ভাল চৰকাৰ বুলি বিবেচনা নকৰিলেও বর্তমান ই জনপ্ৰিয়৷ বর্তমান ইংলেণ্ড, নেপাল,
ভূটান আদি দেশৰ ৰাজতন্ত্ৰ কেৱল মাত্ৰ পৰম্পৰাতহে পৰিণত হৈছে৷ ৰজাৰ হাতত একো ক্ষমতা
নতকাৰ বাবে এই ব্যৱস্থাক কোৱা হয় সীমিত ৰাজতন্ত্ৰ৷
·
আধুনীক যুগত ষ্টিফেন লীকক নামৰ পণ্ডিতজনে
চৰকাৰৰ মূলত দুভাগত ভাগ কৰিছে-
ক) একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ (Dictatorship)-
এনে চৰকাৰ ব্যৱস্থাত একোজন ব্যক্তি বা এটা ৰাজনৈতিক দলৰ একচ্ছত্ৰী শাসন চলি থাকে৷ উদাহৰণ-
উত্তৰ কোৰিয়া
খ) গণতন্ত্ৰ (Democracy)- এনে চৰকাৰ ব্যৱস্থাত
জনসাধাৰণক ক্ষমতাৰ উৎস আৰু অধিকাৰী আখ্যা দি তেওঁলোকৰ কল্যাণৰ বাবে চৰকাৰ চলি থাকে৷
ইয়াৰো দুটা ভাগ আছে
১. প্ৰত্যক্ষ
গণতন্ত্ৰ (Direct Democracy)- জনসাধাৰণে প্ৰত্যক্ষভাৱে শাসনত অংশগ্ৰহণ কৰিব পাৰে৷ উদাহৰণ-
প্ৰাচীন কালৰ গ্ৰীচৰ এথেন্স৷ বর্তমান ই সম্ভৱপৰ নহয়৷
২. পৰোক্ষ গণতন্ত্ৰ (Indirect Democracy) - জনসাধাৰণে
প্ৰতিনিধি নির্বাচিত কৰি তেওঁলোকৰ দ্বাৰা পৰিচালিত হৈ থাকে৷ উদাহৰণ- ভাৰতবর্ষ৷
লীককে আকৌ আধুনিক গণতন্ত্ৰক দুটা ভাগত ভাগ কৰিছে-
ক) সীমিত ৰাজতন্ত্ৰ (Limited Monarchy)- ইয়াৰ দুটা ভাগ
১.
এককেন্দ্ৰীয় চৰকাৰ (Unitary) যি পদ্ধতিৰ চৰকাৰত
সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে অথাৎ মাত্ৰ এটা কেন্দ্ৰৰ
পৰাই শাসন চলে, তেনে চৰকাৰক এককেন্দ্ৰীয় চৰকাৰ আখ্যা দিয়া হয়৷ এই চৰকাৰত শাসনৰ সুবিধাৰ
বাব স্থানীয় প্ৰশাসনিক গোট থাকে যদিও সেইবিলাক সাংবিধানিক নহয়৷ ব্ৰিটেইন, ফ্ৰান্স,
জাপান, ইটালী, নেদাৰলেণ্ড আদি দেশত বর্তমান এককেন্দ্ৰিক চৰকাৰ দেখিবলৈ পোৱা যায়৷
ইয়াৰ আকৌ দুটা ভাগ-
ক) সংসদীয় চৰকাৰ (Parliamentary) :-- কার্যপালিকা
আৰু বিধানমণ্ডলৰ সর্ম্পকৰ ওপৰত ভিত্তি কৰা গঠন কৰা চৰকাৰ৷ বর্তমান সময়ত এনে চৰকাৰে
সমাদৃত লাভ কৰিছে৷ জন্মস্থান- ইংলেণ্ড৷ ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ নামেৰেও জনা যায়৷
খ) ৰাষ্ট্ৰপতীয় চৰকাৰ (Presidential) :- যি
চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতিৰ দ্বাৰা কার্যপালিকা আৰু বিধানমণ্ডল দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত
স্বাধীন আৰু কোনো কাৰো পক্ষৰ ওচৰত দায়বদ্ধ
নহয় তেনে চৰকাৰকে ৰাষ্ট্ৰপতীয় চৰকাৰ বোলে৷ উদাহৰণ- আমেৰিকা যুক্তৰাষ্ট্ৰ৷
২.
যুক্তৰাষ্ট্ৰীয় চৰকাৰ (Federal) যি চৰকাৰ ব্যৱস্থাত
এখন কেন্দ্ৰীয় চৰকাৰ থকাৰ বাদেও ভালেকেইখন ৰাজ্য চৰকাৰ ব্যৱস্থা থাকে, তেনে চৰকাৰকে
যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলা হয়৷ আমেৰিকা যুক্তৰাষ্ট্ৰতে এনে চৰকাৰ প্ৰথমে সৃষ্টি হৈছিক৷
দেশখনক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বোলা হয়৷ বর্তমান- আফ্ৰিকা, অষ্ট্ৰেলিয়া, ছুইজাৰলেণষড
আৰু ভাৰতবর্ষত যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থা আছে৷ ইয়াৰ ভাগ দুটা-
ক)
সংসদীয় চৰকাৰ
খ)
ৰাষ্ট্ৰপতীয় চৰকাৰ
খ)
গণৰাজ্য বা প্ৰজাতন্ত্ৰ (Republic) ইয়াৰ দুটা
১. এককেন্দ্ৰীয়
চৰকাৰ
ক)
সংসদীয় চৰকাৰ
খ)
ৰাষ্ট্ৰপতীয় চৰকাৰ
২. যুক্তৰাষ্ট্ৰীয় চৰকাৰ
ক)
সংসদীয় চৰকাৰ
খ)
ৰাষ্ট্ৰপতীয় চৰকাৰ
২.১.১ সংসদীয় পদ্ধতিৰ
চৰকাৰ
ক) বৈশিষ্ট্যসমূহ
১.
দুজন মুৰব্বী- এজন প্ৰকৃত কার্যপালিকা (প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন)
আৰু আনজন নামমাত্ৰ কার্যপালিকা (ৰজা/ৰাণী/ৰাষ্ট্ৰপতি)৷
২. কার্য্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য:- সকলোবোৰ মন্ত্ৰী বিধানমণ্ডলৰ
সদস্য
৩.
বিধানমণ্ডল আৰু কার্যপালিকাৰ ওচৰ সম্বন্ধ:- দুয়োৰে মাজৰ সর্ম্পক নিবিড়
৪.
মন্ত্ৰীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ:- বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ আনিলে
মন্ত্ৰীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য৷
৫.
মন্ত্ৰীপৰিষদৰ সামূহিক দায়বদ্ধতা- বিধানমন্ডলৰ ওচৰত সকলো দায়বদ্ধ৷ এজন সদস্যৰ
ব্যর্থতাৰ বাবে সকলো সদস্য দায়বদ্ধ৷
১.
কার্য্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সর্ম্পক আৰু সহযোগিতা থকাৰ বাবে যিকোনো সমস্যা
আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰে৷
২.
চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা হেতুকে দেশ আৰু জনতাৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰে
কৰিব নোৱাৰে৷
৩.
ক্ষমতাত থকা ৰাজনৈতিক দলে স্বেচ্চাচাৰিতাৰে কাম কৰিবলৈ ওলালে বিধানমণ্ডলত অনাস্থা গ্ৰস্তাৱ
গ্ৰহণ কৰি চৰকাৰখনক আঁতৰ কৰিব পৰা যায়৷
৪.
সংসদীয় পদ্ধতিৰ চৰকাৰে জনমতক গুৰুপ্ত দিয়ে৷ অন্যথা বিৰোধী পক্ষৰ কঠোৰ সমালোচনাৰ সম্মুখীন
হয়৷
৫.
নমনীয় চৰিত্ৰৰ বাবে কার্য্যপালিকা পৰিৱর্তনৰ প্ৰক্ৰিয়া সহজ৷
গ) সংসদীয় পদ্ধতিৰ চৰকাৰৰ দোষ-
১.
কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ
গঠন নকৰিলে মর্চা চৰকাৰ গঠন কৰিব লগা হয়৷ তেনে চৰকাৰ অস্থায়ী আৰু যিকোনো ৰাজনৈতিক সংকট
হব পাৰে৷
২.
চৰকাৰৰ মন্ত্ৰীসকল বিভাগীয় কাম কাজত অনভিজ্ঞ হোৱাৰ ফলত আমোলা সকলৰ ওপৰত নির্ভৰ কৰিব
লগা হয়৷ ইয়াৰ ফলত চৰকাৰখন আমোলাতান্ত্ৰিক চৰকাৰৰ ৰূপ লয়৷
৩.
ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ ফলত মন্ত্ৰীপৰিষদৰ হাতত বিধায়িনী আৰু কার্যকৰী ক্ষমতা
লাভ কৰে৷ ফলত মন্ত্ৰীপৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা নথকা নহয়৷
৪.
দলীয় প্ৰথাই গুৰুপ্ত লাভ কৰে৷ দলবিলাকৰ মাজত থকা অন্তঃকন্দলে ৰাজনীতি বিষাক্ত কৰি তোলে৷
৫.
এবাৰ নির্বাচিত জনপ্ৰতিনিধসকলে পুনৰ নির্বাচন নোহোৱালৈ জনস্বার্থ অৱজ্ঞা কৰিলেও জনতাই
কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে৷
২.১.১ ৰাষ্ট্ৰপতীয়
চৰকাৰ
ক) বৈশিষ্ট্যসমূহ
১.
ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত পার্থক্য নাই- ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপ্ৰধানৰ
লগতে চৰকাৰ প্ৰধানো৷
২.
ক্ষমতাৰ পৃথকীকৰণ নীতি- কার্যপালিকা আৰু বিধানমণ্ডল দুয়ো দুয়োৰে ওচৰত দায়বদ্ধ
নহয়৷ বিধানমণ্ডলৰ সদস্য কার্যপালিকাৰ সদস্য হ’ব নোৱাৰে৷
৩.
ৰাষ্ট্ৰপ্ৰধানৰ নিদিষ্ট কার্যকাল- সংবিধান অৱমাননাৰ মহাভিযোগৰ বাদে ৰাষ্ট্ৰপ্ৰধানক
কোনো কাৰণতে নিদিষ্ট কার্যকালৰ সময়ত ক্ষমতাৰ পৰা আঁতৰ কৰিব নোৱাৰে৷
৪.
বিধানমণ্ডলৰ নিদিষ্ট কার্যকাল- বিধানমণ্ডল ৰাষ্ট্ৰপতিয়ে ভংগ কৰাৰ ক্ষমতা নাই৷
তেওঁলোকৰ নিদিষ্ট কার্যকাল শেষ হোৱাৰ আগতে কোনো কাৰণত ভংগ নহয়৷
৫.
কেবিনেট মাথোঁ পৰামর্শদানকাৰী গোট- ৰাষ্ট্ৰপতিয়ে কেবিনেটৰ সদস্য (ছেক্ৰেটাৰী/সচিব)
সকলৰ পৰামর্শ গ্ৰহণ কৰিবলৈ বাধ্য নহয়৷ কেবিনেটৰ সদস্যসকলৰ কার্যকাল ৰাষ্ট্ৰপতিৰ ইচ্ছা-অনিচ্ছাৰ
ওপৰত নির্ভৰশীল৷
৬.
অনমনীয় সংবিধান- সহজে সংশোধন কৰিব নোৱাৰি৷
খ) সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণ-
১.
ৰাষ্ট্ৰপতিজনক নিদিষ্ট কার্যকালৰ বাবে নির্বাচিত হোৱা বাবে আৰু সহজে পদবীৰ পৰা ক্ষমতাচ্যুত
কৰিব নোৱৰাত চৰকাৰখন স্থায়ী হয়৷
২.
ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়৷
অৱৰোধন আৰু সন্তুলন (Checks and balance) নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্ছাচাইি
হ’ব নোৱাৰে৷
৩.
ৰাষ্ট্ৰপতীয় চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী৷ সিদ্ধান্ত ক্ষিপ্ৰতাৰে লোৱাত
সহজ৷
৪.
শক্তিশালী কার্য্যপালিকা ক্ষমতাৰ বাবে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰি৷
৫.
ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্ৰপতিজনে কার্য্য সম্পাদন কৰাৰ ক্ষেত্ৰত
সংসদৰ গৰিষ্ঠতাৰ সমর্থনৰ ওপৰত নির্ভৰ কৰিব নালাগে৷
গ) ৰাষ্ট্ৰীপতীয় পদ্ধতিৰ চৰকাৰৰ দোষ-
১.
ৰাষ্ট্ৰপতিজনে বিধানমণ্ডল নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ বাবে চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা
থাকে৷
২.
ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কার্যপালিকা আৰু বিধানমণ্ডলৰ মাজত
সহযোগিতা নথকাত প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায়৷
৩.
অনমনীয় সংবিধানৰ বাবে পৰিৱর্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানৰ সংশোধন কৰাত জটিলতা
আহে৷
৪.
এনে চৰকাৰত কার্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ’লে ৰাজনৈতিক সংকট সৃষ্টিৰ
সম্ভাৱনা অধিক৷
৫.
এই চৰকাৰত মন্ত্ৰীত্ব (ছেক্ৰেটাৰী/ সচিব) লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক
গুৰুপ্ত লাভ কৰাৰ সম্ভাৱনা থাকে৷
২.১.৩ এককেন্দ্ৰিক চৰকাৰ
ক) বৈশিষ্ট্যসমূহ
১.
শক্তিশালী কেন্দ্ৰীয় চৰকাৰ- সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ন্যস্ত থাকে
বাবে চৰকাৰৰ স্থিতি অতি শক্তিশালী
২.
লিখিত অথবা অলিখিত সংবিধান- উদাহৰণ- ইংলেণষডৰ অলিখিত সংবিধান থকাৰ বিপৰীতে নেদাৰলেণ্ষডৰ
লিখিত সংবিধান৷
৩.
একক নাগৰিকত্ব- আমেৰিকা যুক্তৰাষ্ট্ৰত থকাৰ দৰে এনে চৰকাৰত দ্বি-নাগৰিকত্বৰ
ব্যৱস্থা নাই৷
৪.
দুর্বল ন্যায়পালিকা- আইন সভাই প্ৰস্তুত কৰা আইন সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য হয় আৰু
তেনে আইনৰ ওপৰত ন্যায়িক পুনৰীক্ষাৰ ব্যৱস্থা নাথাকে৷ আইন সভাই প্ৰণয়ন কৰা আইনক ন্যায়পালিকাই
অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে৷
৫.
নমনীয় সংবিধান- কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে৷
১.
এনে চৰকাৰত সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্ৰশাসন ব্যৱস্থা প্ৰয়োগ আৰু কার্যকৰী কৰাৰ বাবে
প্ৰশাসন শক্তিশালী হয়৷ জটিলতা অবিহনে কামকাজ চলাব পাৰি৷
২.
কেন্দ্ৰীয় চৰকাৰ যিকোনো ভূলৰ বাবে দায়ী হয়৷ কেন্দ্ৰীয় চৰকাৰে স্থানীয় চৰকাৰক নিজৰ ভূলৰ
বাবৰ জগৰীয়া কৰিব নোৱাৰে৷
৩.
চৰকাৰ পৰিচালন ব্যয় কম হোৱাৰ বাবে উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযোগ থাকে৷
৪.
জৰুৰীকালীন অৱস্থাত এককেন্দ্ৰিক চৰকাৰ বিশেষ উপযোগী৷ অতি ক্ষিপ্ৰভাৱে এনে চৰকাৰ যোকোনো
অৱস্থাৰ সম্মুখীন হব পাৰে৷
৫. এনে চৰকাৰ নমনীয় চৰিত্ৰৰ হোৱা বাবে পৰিৱেশ আৰু
পৰিস্থিতি সাপেক্ষে সহজে সংশোধন কৰিব পৰা যায়৷
গ) এককেন্দ্ৰীয় চৰকাৰৰ দোষ-
১.
এই চৰকাৰ বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে উপযুক্ত নহয়৷
২.
এককেন্দ্ৰিক চৰকাৰত জনতাই সক্ৰিয়ভাৱে দেশখন শাসন কার্য্যত অংশগ্ৰহণৰ সুযোগ নাপায়৷ ফলত
ৰাজনৈতিক সক্ৰিয়তা কমি যায়৷
৩.
কেন্দ্ৰীয় চৰকাৰৰ হাতত অধিক কামৰ বোজা বৃদ্ধিৰ বাবে আঞ্চলিক সমস্যাসমূহে গুৰুপ্ত নাপায়৷
৪.
এককেন্দ্ৰীক চৰকাৰ অধিক আমোলাতান্ত্ৰিক৷ এনে চৰকাৰত আমোলা সকলেহে প্ৰকৃততে চৰকাৰ চলায়৷
৫.
এককেন্দ্ৰিক চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ আশংকা প্ৰবল৷ ক্ষমতাৰ বিতৰণ ব্যৱস্থা নথকাত চৰকাৰে
নিজ ইচ্ছাৰে শাসন চলায়৷
২.১.৪. যুক্তৰাষ্ট্ৰীয় চৰকাৰ
ক) বৈশিষ্ট্য
১.
ক্ষমতাৰ বিকেন্দ্ৰীকৰণ- কেন্দীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অংগৰাজ্য বিলাকৰ মাজত
ক্ষমতাৰ ভাগ-বিতৰণ হয়৷
২.ক্ষমতাৰ
পৃথকীকৰণ- চৰকাৰৰ তিনিটা অংগ ক্ৰমে- কার্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিক নিজৰ
নিজৰ কর্মক্ষেত্ৰত স্বাধীন৷
৩.
লিখিত আৰু দৃঢ় সংবিধান- সংবিধানখন লিখিত আৰু অনমনীয় হোৱাৰ লগতে দৃঢ়৷ সংশোধন
পদ্ধতি অতি জটিল৷
৪.
দুই প্ৰকাৰৰ চৰকাৰ- যুক্তৰাষ্ট্ৰ ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যচৰকাৰ
থাকে৷ দুয়োবিধ চৰকাৰৰে নিজা নিজা সংবিধান থাকে৷
৫.
দ্বৈত-নাগৰিকত্ব- এনে চৰকাৰত নাগৰিক এজন সমগ্ৰ দেশৰ নাগৰিক হোৱাৰ বাদেও নিজ
ৰাজ্যখনৰ বাবে সুকীয়া নাগৰিকৰ মর্যাদা লাভ কৰে৷
৬.
স্বাধীন ন্যায়পালিকা- এই চৰকাৰ ব্যৱস্থাত এখন স্বাধীন আৰু নিৰপেক্ষ আদালত ব্যৱস্থা
থাকে, যিয়ে সংবিধানৰ চৰম কার্যকর্তা আৰু অভিভাৱক হিচাপে দায়িত্ব পালন কৰে৷
খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণ
১.
এনে চৰকাৰত প্ৰতিখন ৰাজ্যই স্বায়ত্ব শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী
ৰাষ্ট্ৰৰ অংগৰাজ্যও হয়৷ ফলত আঞ্চলিক স্বায়ত্ব শাসন আৰু জাতীয় একতা দুয়োটাৰ সুবিধাসমূহ
লাভ কৰে৷
২.
ভিন্ন ধর্ম, জাতি আু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয়
চৰকাৰ বেছি ফলপ্ৰসূ হয়৷
৩.
ক্ষমতাৰ বিভাজনে স্থানীয় তথা ৰাজ্যিক সমস্যাসমূহ সমাধানৰ দায়িত্বৰ পাৰ কেন্দ্ৰীয় চৰকাৰক
ৰেহায় দিয়ে৷ ফরত জাতীয় গুৰুত্ব থকা বিষয়বিলাকত কেন্দ্ৰীয় চৰকাৰে অধিক গুৰুপ্ত দিবলৈ
সময় লাভ কৰে৷
৪.
ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থা থকাৰ বাবে এনে চৰকাৰত অন্তবিপ্লৱৰ শংকা কম থাকে আৰু
কেন্দ্ৰীয় চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ প্ৰবণতাৰ সমস্যা নাথাকে৷
৫.
যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্ৰিক বাবে অধিক লোকে অংশ লোৱাৰ সুবিধা লাভ কৰে৷
খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণ
১. ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ফলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ
ভিতৰত নিজৰ নিজৰ ক্ষমতাৰ প্ৰয়োগক লৈ বিৰোধ হোৱাৰ সম্ভাৱনা থাকে৷
২.
যুক্তৰাষ্ট্ৰীয় চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত
ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাত জটিলটাৰ সৃষ্টি হয়৷
৩.
যুক্তৰাষ্ট্ৰীয় চৰকাৰত সংবিধানখন দৃঢ় আৰু অনমীয় হোৱাৰ বাবে সময় আৰু পৰিস্থিতি সাপেক্ষে
সংশোধন কৰাত জটিলতা আহে৷ যি প্ৰগতিত বাধা প্ৰদান কৰে৷
৪.
যুক্তৰাষ্ট্ৰীয় চৰকাৰত আঞ্চলিকতাবাদ সৃষ্টি হয়, যি যুক্তৰাষ্ট্ৰৰ পৰিপন্থী৷
৫.
যুক্তৰাষ্ট্ৰীয় চৰকাৰত অধিক ব্যয় হয়৷ বিভিন্ন চৰকাৰ থকাৰ ফলত ৰাজহুৱা ধন অধিক খৰচ হয়৷
অতি চমু উত্তৰৰ প্ৰশ্ন-
১.
চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক কোন ?
উত্তৰ-
প্লেটো
২.
বর্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ ?
উত্তৰ-
গণতন্ত্ৰ
৩.
সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা-
উত্তৰ-
ইংলেণ্ড
৪.
সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন?
উত্তৰ-
চৰকাৰপ্ৰধান- প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰীপৰিষদখন আৰু ৰাষ্ট্ৰপ্ৰধান- ৰজা/ৰাণী/ৰাষ্ট্ৰপতি
৫.
ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে?
উত্তৰ-
ৰাষ্ট্ৰপতীয় চৰকাৰ
৬.
ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা-
উত্তৰ-
আমেৰিকা যুক্তৰাষ্ট্ৰ
৭.
এককেন্দ্ৰিক চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা-
উত্তৰ-
জাপান
৮.
যুক্তৰাষ্ট্ৰী পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি ?
উত্তৰ-
কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ
৯.
ছুইজৰালেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে ?
উত্তৰ-
যুক্তৰাষ্ট্ৰীয় চৰকাৰ
১০.
ভাৰতবর্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে ?
উত্তৰ-
নাই৷
0 মন্তব্যসমূহ