চীনা এডমিৰেলৰ জাল- ধ্ৰুৱজ্যোতি বৰা
বনলতা/
প্ৰথম প্ৰকাশ-২০০৪. প্ৰচ্ছদ: দাদুল চলিহা
ভ্ৰমণ
সাংবাদিকতা/ মূল্য-৫৫.০০/ পৃষ্ঠা-১৫২
ব্যক্তিগত
অভিজ্ঞতাৰ নির্মাণেৰে সিক্ত আৰু সতেজ তিনিটা ভ্ৰমণ কাহিনীৰ সংকলন৷ ক) চীনা এডমিৰেলৰ
জাল- কেৰেলাৰ মাটিত এজন চীনা এডমিৰেলৰ (মংগোল সম্ৰাটৰ প্ৰধান হিজৰা ঝেং-হী) খোজৰ চিন বিচৰা এক অভিনৱ যাত্ৰা কাহিনী খ) ছিন্নমূল
মানুহ- ভাৰতত থকা তিব্বতী শৰনার্থী সমাজৰ (গেংটক, কালোম্পঙ, দিল্লী আৰু ধমৰশালাৰ মেকলংডঞ্জ
ভ্ৰমণৰ আধাৰত) জীৱন আৰু আশাৰ জলছবি গ) ইছলামৰ আৱিস্কাৰত এক অসম্পূর্ণ যাত্ৰা- গুজৰাটৰ
পৰা বিজাপুৰলৈ দিল্লীৰ পৰা অসমলৈ ইছলামধর্মী
ভাৰতত এক আলোকসন্ধানী চিত্ৰ গাথা৷ কাহিনীৰ কথকতাই কিতাপখন উপন্যাসৰৰ দৰে মনোৰম
আৰু বিষ্ময়কৰ কৰি তুলিছে৷
গ্ৰন্থখনৰ
তিনিওটা ভ্ৰমণ কাহিনীৰ পৰা তিনিছোৱা অংশ:-
১.
ইউৰোপত এনে সুন্দৰ সুকণ্ঠী ল’ৰাবোৰৰ অণ্ডকোষথলীৰ ভিতৰৰ অণ্ডকোষ ছেদ কৰা হৈছিল৷ খাচী
কৰা বা কাষ্ট্ৰেট কৰা হৈছিল৷ অণ্ডকোষ নোহোৱা এনে ল’ৰাবোৰ টেষ্টাষটেৰণ হৰম’নৰ অভাৱত
ল’ৰা নহৈ অতি লাৱণী ছোৱালীৰ দৰে হৈছিল৷ এনে ল’ৰাক সংগীতৰ শিক্ষা দিয়া হৈছিল৷ তেওঁলোকে
অনায়াসে অতি ওপৰৰ স্বৰবোৰ গাব পাৰিছিল৷ এনে গায়কক কোৱা হৈছিল কাষ্ট্ৰেট'৷ অভিজাত মন্দিৰৰ
পুৰোহিত আৰু ৰাজন্যবর্গৰ যৌন ভোগৰ সামগ্ৰী হৈ পৰিছিল৷ ….ল’ৰাটোক চীনা সম্ৰাটৰ প্ৰসাদত
জমা দিয়াৰ দুই-তিনিদিনৰ ভিতৰতে প্ৰধান হিজৰাৰ তত্ত্বাৱধানত তাৰ অংগচ্ছেদন উৎসৱ হৈছিল৷
পেচাবৰ বাটেৰে এডাল ফোপোলা মিহি কোমল নলীকা
মূত্ৰনলীৰ ভিতৰলৈ বহুদূৰ সুমুৱাই দিয়া হৈছিল৷ তাৰ পাছত জননাঙ্গটো গুৰিতে বান্ধি এখন
অতি চোকা ছুৰীৰে ছেদ কৰি পেলোৱা হৈছিল৷ কাটি যোৱা মূত্ৰনলীৰ ভিতৰৰ কোমল নলীডাল ভিতৰৰ
পৰা অকণমাণ টানি বাহিৰলৈ উলিয়াই দিয়া হৈছিল যাতে কটা অংশ সম্পূর্ণভাৱে শুকাই ভাল হোৱালৈকে
সেই ফোপোলা নলীডাৰৰে শৰীৰৰ ভিতৰৰ পৰা পেচাব নির্বিঘ্নে ওলাই আহিব পাৰে৷ … ড: চানয়েৎ
চেনৰ নেতৃত্বত যেতিয়া চীনত গণতান্ত্ৰিক বিপ্লৱ জয়ী হৈ সম্ৰাটৰ শাসনৰ ইতি পেলাই প্ৰজাতন্ত্ৰ
প্ৰতিষ্ঠা কৰা হৈছিল, তেতিয়া বেইজিঙৰ নিষিদ্ধ নগৰীৰ ৰাজপ্ৰসাদৰ পৰা অন্তেষপুৰৰ হিজৰাহঁতক
যাবলৈ দিয়া হৈছিল এক প্ৰকাৰ খেদি পঠোৱা হৈছিল৷
আৰু দলবান্ধি পৰুৱাৰ দৰে পিলপিলাই ওলাই যোৱা হিজৰাহঁতে মূৰৰ ওপৰত এতা সৰু বাকচ
লৈ যোৱা দেখুৱা হৈছিল… সেই বাকচটোতে আছিল সিহঁতৰ কাটি পেলোৱা পুৰুষ জননাঙ্গটো ? (পৃ্ঠা-
৪-৫)
২.
‘মদ আৰু ড্ৰাগছ আমাৰ তিব্বতী নৱ-যুৱকসকলৰ বাবে এক ডাঙ সমস্যা হৈ পৰিছে৷ ইমান ‘ডিপ্ৰেশ্যন’
হৈছে চাৰিওফালে আপোনাক কি ক’ম৷’ হিমাচল প্ৰদেশৰ ধৰমশালাৰ কাষৰ মেকলড’গঞ্জত পুৰণা কিতাপৰ
দোকান এখনত সোমাইছিলো৷ এক প্ৰৌড় তিব্বতী ভদ্ৰলোকক সেই দোকানখনতে লগ পাইছিলো৷ পুৰণা
কিতাপ-পত্ৰও বিক্ৰী হয় তাত৷ মেকলডগঞ্জলৈ প্ৰচুৰ বিদেশী পর্যতক আহে, তাৰে ভউত দালাই
লামাৰ ভক্ত আৰু শিষ্য- বহুতে বৌদ্ধ ধর্মও গ্ৰহণ কৰিছে৷ তেওঁলোকৰ বেছিভাগেই কিতাপ পঢ়ে৷
পঢ়ি হোৱাৰ পিচত কিতাপখন সস্তাতে বিক্ৰী কৰি দি নতুন এখন কিনে৷ তেনেই অকণমানি চহৰ মেকল’ডগঞ্জত
ছয়-সাতখনমান কিতাপৰ দোকান দেখিলো৷ বিদেশী পর্যটকসকলৰ বাবেই তাত কিতাপৰ ব্যৱসায় ভাল৷
শিক্ষকতা কৰা ভদ্ৰলোকজনেও সস্তাত চেকেণ্ডহেণ্ড কিতাপ বিচাৰি সেই দোকানখনলৈ আহে (পৃষ্ঠা-৮১)
….. আমাৰ তিব্বতী বৌদ্ধসকলে বিশ্বাস কৰে যে দালাই লামাই লামা অভতাৰী পুৰুষ৷ মৃত্যুৰ
পিছত তেওঁৰ পুনৰ জন্ম হয়৷ দালাই লামাৰ মৃত্যুৰ পিছত তেওঁৰ পুনৰ জন্ম হ’ব৷ বৌদ্ধ নীতি-নিয়মৰ
মাজেৰে উচ্চ লামাসকলে ৪/৫ বছৰীয়া এটি শিশুৰ মাজত দালাই লামাৰ পুনৰ জন্ম হোৱাৰ লক্ষণসমূহ
আৱিস্কাৰ কৰিব৷ সেই কণমানি শিশুটি ডাঙৰ হৈ প্ৰাপ্তবয়স্ক হয় মানে আৰু ওঠৰ/কুৰি বছৰ লাগিব৷
গতিকে এজন দালাই লামাৰ মৃত্যুৰ পিছত পাঁচ/ছয় বছৰমান দালাই লামাতো নাথাকেই, প্ৰাপ্তবয়স্ক
এজন দালাই লামাৰ বাবে আৰু পোন্ধৰ-কুৰি বছৰ অপেক্ষা কৰিব লাগিব৷ চীনাহঁতে ৰৈ আছে এই
সময়লৈকে, সিহঁতে ভাবিছে দালাই লামা নাথাকিলেও চীনৰ ওপৰত তিব্বত সম্বন্ধে আর্ন্তজাতিক
হেঁচাও নাথাকিব৷ (পৃষ্ঠা-৯২)
৩.
সংখ্যাত অতি কম হাফিজি মাদ্ৰাছাত আৰৱী ভাষাত কোৰাণ পঢ়োৱা হয়৷ পাৰম্পাৰিক ধর্মীয় শিক্ষা
ইয়াত দিয়া হয়৷ ইয়াৰ পৰা উর্ত্তীণ হোৱা ছাত্ৰসকলে মোল্লা বা মৌলৱী হ’ব পাৰে৷ আৰবী শিক্ষক
হ’ব পাৰে৷ আনবোৰ মাদ্ৰাছা হ’ল চৰকাৰী, হাই-মাদ্ৰাছা৷ ইয়াত বাধ্যতামূলক ভাৱে আৰবী সাহিত্য,
ইতিহাস তথা সমাজ বিদ্যাৰ ৩০০ নম্বৰৰ পাঠ্যক্ৰম পঢ়িব লাগে৷ বাকী পাঠ্যক্ৰম হাইস্কুলৰ
লগত একে৷ সময় পৰিৱর্তনৰ লগত কিছুমান হাফিজি মাদ্ৰাছা হাই মাদ্ৰাছালৈ পৰিৱর্তন হৈছে৷ (পৃষ্ঠা-১২৩) ….. ‘ভাৰতৰ বেছি ভাগ মাদ্ৰাছাত- দেওবন্দৰ মাদ্ৰাছা,
লক্ষ্নৌৰ মাদ্ৰাছা সকলোতে এই মোল্লা নিজামুদ্দিনৰ পাঠ্যক্ৰমকে মানি আনিছে৷ অষ্টদশ শতিকাতে
প্ৰস্তুত এই পাঠ্যক্ৰম মুছলমান মাদ্ৰাছছাৰ বর্ত্তাব্যক্তিসকলে একেবাৰে সলনি কৰিবলৈ
নিদিয়ে৷ কোনো সমালোচনাও তেওঁলোকে সহ্য নকৰে৷ কোনোবাই কিবা কলেও তেওঁক বিধর্মী বুলি
গালি পাৰে৷ (পৃষ্ঠা-১২৭) … ‘হুল্লৰ’ মানে গুজৰাটী ভাষাত সংঘর্ষ৷ সাম্প্ৰাদায়িক সংর্ঘৰ
পাছত দৰগাহ, মছজিদ ভাঙি যিবোৰ হনুমান মন্দিৰ প্ৰতিষ্ঠা কৰা হয়, গুজৰাটি মানুহে এইবোৰ হনুমানক কয় হুল্লেৰীয়া হনুমান বুলো৷
গুজৰাটত আগতেও এনে ঘটনা ঘটিছে, বিশেষকৈ ১৯৬৯ চনৰ সাম্প্ৰদায়িক সংঘর্ষৰ পাছত৷

0 মন্তব্যসমূহ