এক ধীমানৰ জীৱনপঞ্জী- ৰূপান্তৰ- মৌচুমী কন্দলী (Daiary of A Genius- Salvador Dali ৰ অনুবাদ)
আঁক-বাক/
প্ৰচ্ছদ:- ছালভাদৰ দালিৰ পেইণ্টিং ‘দ্য এণ্টৰ’ৰ আধাৰত
প্ৰথম
প্ৰকাশ- ২০০৯/ মূল্য- ১২০.০০/ পৃষ্ঠা- ১৯২
চিত্ৰশিল্পী
ছালভাদৰ দালিৰ এইখন আত্মজীৱনী গল্পকাৰ, কলা সমালোচক মৌচুমী কন্দলীয়ে প্ৰথমে ২০০২-০৪
লৈ ‘আজিৰ অসম’ কাকতৰ মাহেকীয়া আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছিল৷ উদ্ভট-অতি-অধিবাস্তৱিক
চৰিত্ৰৰে ভৰা আত্মজীৱনীৰ যোগেদি চিত্ৰকৰৰ বিস্ময়কৰ জীৱনটোৰ কিছু কথা পাঠকে জানিব পাৰিব৷
সহজ সৰল অনুবাদ যদিও কাব্যকতাৰ আভাষ দেখিবলৈ পোৱা যায়৷ অসমীয়া অনুবাদ সাহিত্যত এক ধীমানৰ
জীৱনপঞ্জী অন্যতম সংযোজন৷ পাঠকে কিতাপখন পঢ়ি ডালিৰ কল্পকাহিনীৰ দৰে অদ্ভুদ জীৱনশৈলীৰ
বর্ণনা লাভ কৰিব৷
কিতাপখনৰ
পৰা এচোৱা:-
পুৱা
ছয় বজাত সাৰ পাই উঠিয়েই, ওঁঠৰ দুয়োকোণত দগমগাই থকা কেঁচা ঘা ডোখৰক জিভাৰ আগেৰে চুই
চালো৷ ওৱা-ৰাতি শকত-আৱত তজবজীয়া হৈ থকা ঘা দুডোখৰ দেখো তেনেই খীনাই-মিনাই শুকাই টেটেৰা
মাৰিল৷ আচৰিত! কি বেগাই সিহঁতি শুকাল৷ ইমান
শুকালে যে, জিভাৰ আগ দুটা টান কিবা কিৰকিৰিয়া বস্তুহে যেন লাগি ধৰিল৷ শুকান ফোঁহাৰ
কৰকৰিয়া ছালখন এই সৰি পৰো, পৰো৷ ওঁহো, ইমান সোনকালে মোৰ পৰা সিহঁতক বিচ্ছেদ হ’বলৈ নিদিওঁ,
কাৰণ ইমানদিনে মই সিহঁতৰ লগত খেলি অহা নিদোর্ষ ধেমালিবোৰৰ পৰা বঞ্চিত হ’ব নোখোজো৷ …..কালিৰ
দৰেই আজিও যেতিয়া মই মোৰ কেনভাছৰ সমতলত জহিখহি গেলিবলৈ ধৰা মাছটোৰ বাকলি আৰু কাঁইটবোৰ
চিক মিকোৱাত নিমগ্ন হৈ পৰিছিল, হঠাতে সোণালী সেউজ বৰণীয়া এজাক বিষাক্ত বৰলে মোক আগুৰি
ধৰিলহি৷ বৰলজাক আহিছিল গেলা মাছটোৰ তীব্ৰ গন্ধত আকর্ষিত হৈ৷ সিহঁতে কেনভাছৰ কাষত মই
সজাই লোৱা গেলা মাছৰ মডেলটো আৰু মোৰ মুখ আৰু দুহাতৰ মাজে মাজে উৰি ফুৰিবলৈ ধৰিল অৰু
মই মোৰ দৃ্ষ্টি আৰু চিত্তক একাগ্ৰৰূপত ধৰি ৰাখিবলৈ অপাৰ যত্ন কৰিব লগা হ’ল৷… সর্বশৰীৰ
সেই দংশনত বিধস্ত হ’ল, কিন্তু অকণো বিচলিত নোহোৱাকৈ মোৰ ৰঙ তুলিকাৰ প্ৰতিটো আঁচোৰ,
ৰূপকল্পৰ প্ৰতিডাল অবয়বী ৰেখাক মই যিমান পাৰো সিমান নিখুঁত ৰূপত ফুটাই তুলিবলৈ নিৰবিচ্ছিন্নভাৱে
নিমগ্ন হৈ ৰ’লো৷ এটা বৰল বাৰে বাৰে আহি মোৰ চকুৰ পতাত গোজোৰা মাৰি বহি ৰ’ল৷ আৰু তিনিটা
গেলা মাছটোত আঠা লগাদি লাগিল৷ বৰলটোৱে অকণমান লৰচৰ কৰিলেই বিদ্যুৎচ্ছটাৰ দৰে সেই ক্ষণিক
মুহূর্তত সুবিধা বুজি চকুৰ পতা লৰাওঁ আৰু পৰিস্থিতিক
অধ্যয়ণ কৰোঁ৷ আৰু এটা বৰল আহি মোৰ ওঁঠৰ কোণৰ
ঘা দুডোখৰতে বাহৰ পাতিলহি, কোৱাৰি দুটা সামান্য লৰচৰ কৰি তাক মাজে মাজে উৰুৱাই
খেদি পঠাব পাৰি, কিন্তু ইমান তীব্ৰভাৱে যেতিয়া ঘা দুডোখৰে আটাহ পাৰি উঠে যে মই অপাৰ
শক্তিৰে উশাহটো চেপামাৰি খামুচি ধৰিহে ছবি অঁকাৰ পৰা হাতখন আঁতৰাই ননাকৈ থাকিব পাৰো৷
কেতিয়াবা আকৌ একেৰাহে স্থানুৰ দৰে ৰৈ বৰলটোক মোৰ ঘাৰ ওপৰত চৰিবলৈ এৰি দিওঁ আৰু শুকাবলৈ
ধৰা সেই ঘাঁৰ বাকৰিত তাৰ অলস পদচালনাৰ নিবিড় পিৰপিৰণিৰ আমেজক একান্তমনে উপভোগ কৰোঁ৷
….উপায় নেপায় গেলামাছৰ মডেলটিক দূৰলৈ নিক্ষেপ কৰিলো আৰু কেনভাছৰ বুকুত যীশুখ্ৰীষ্টৰ
প্ৰতিকৃতিটো অংকনত মনোনিৱেশ কৰিলো৷ কিন্তু বৰলজাক দুটা শিবিৰত বিভক্ত হৈ সিংহভাগেই
পুনৰাই মোৰ কাষলৈকে উলতি আহি মোৰ শৰীৰৰ ৰম্যভূমিত বিচৰণ কৰিবলৈ লাগিল৷ তাৰো এক কাৰণ
নোহোৱা নহয়৷ দৰাচলতে, ছবি অঁকাৰ আগতে মই সর্ম্পূন নাঙঠ হৈ লৈছিলো আৰু ছবি অঁকাৰ খপজপতে
এবটল আঠা মোৰ গোটেই গাতে বাগৰি পৰিছিল৷ আৰু বৰলৰ জাকটো মোৰ সর্বশৰীৰত বিয়পি পৰা সেই
জুলীয়া পদার্থবিধৰ বিশেষ গোন্ধৰ প্ৰতি আকর্ষিত হৈ পৰিছিল৷ (পৃষ্ঠা-৪৭-৪৮)
**
এইগৰাকী চিত্ৰশিল্পীৰ Persistance of Time চিত্ৰখনৰ দ্বাৰা ভূপেন হাজৰিকা অনুপ্ৰাণিত হৈ দুটা গীত লিখিছিল৷ ক্ৰমে- ক) “জীৱন ঘড়ীৰ প্ৰতিটো পল, যেন গলি গলি গ’ল” আৰু খ) “সুখ নাই দুখ নাই, একো যেন নাই”



0 মন্তব্যসমূহ