কিতাপ ৯৯৮৯

 

ৰ’দে বৰষুণে- দীপালী ভট্ৰাচার্য বৰুৱা

শৰাইঘাট প্ৰকাশন/ প্ৰথম প্ৰকাশ ১৯৯৮/ বেটুপাত- বেণু মিশ্ৰ৷

মূল্য- ৫০.০০/ পৃষ্ঠা- ১২৯



কবি হীৰেন ভট্ৰাচার্যৰ পাঠিকা দীপালী ভট্ৰচার্য বৰুৱাই কবিৰ জীৱনী কল্পনাপ্ৰসূত কাহিনীৰ পৰা আঁতৰাই অগতানুগতিক কিন্তু তথ্যপূর্ণ ভাৱে লিপিবদ্ধ কৰিবলৈ যাওতে কেইবাবছৰো কষ্ট কৰিব লগা হৈছে ৷ গ্ৰন্থখন সর্ম্পকে অতুলানন্দ গোস্বামীয়ে মন্তব্য কৰিছিল, “আমাৰ ভাষাতে বহুতো সাহিত্যিকৰ জীৱনকালতে প্ৰকাশ পোৱা জীৱনী গ্ৰন্থ বহুতো ওলাইছে৷ কিন্তু হীৰেন ভট্ৰাচার্যৰ কবিতা আৰু জীৱনে অনুপ্ৰাণিত কৰা দীপালীৰ হাতৰ এইখন গ্ৰন্থেৰে ৰিজাব পৰা জীৱন কাহিনী মই পঢ়িবলৈ পোৱা নাই৷ ‘ৰ’দে-বৰষুণ’ সেইফালৰপৰা বিশেষ ৰচনা৷

কিতাপখনৰ পৰা হীৰুদাৰ দুটা কাহিনী-

ক) পশ্চিম জার্মেনিৰ পৰা এখন ‘একাউণ্টপেয়ী’ চেক আহিছে৷ ইংৰাজী ভাঙনি কবিতাৰ পুথি Ancient Gong – অৰ কেইটামন কবিতা কোনোবা  জার্মান  কবিয়ে অনুবাদ প্ৰকাশ কৰাৰ পাছত সৌজন্যসূচক স্বীকৃতি৷ চেকখন ভঙাবৰ বাবে বেঙ্কত এটা একাউণ্টো থাকবি লাগিব৷ ষ্টেট বেঙ্ক অৱ ইণ্ডিয়াৰ গুৱাহাটী শাখাত সামান্য পইচা দি এটা একাউণ্ট খুলিবৰ বাবে মানুহজনে এখন ফর্ম ফিলাপ কৰি দিলে৷ অকুপেচন- Poet,, ডেক্সৰ সিপাৰৰ ছোৱালীজনীৰ সন্দেহ হ’ল, মানুহজনে কথাটো ধৰিব পৰা নাই নেকি ? তেওঁ পুনৰ সুধিলে, ‘আপোনাৰ অকুপেচন কি ?’ মানুহজনে উত্তৰ দিলে- Poet’৷ দুয়োজনৰ মাজত একেটা কথাৰ পুনৰাবৃত্তি হ’ল৷ ছোৱালীজনীয়ে এইবাৰ মানুহজনক চাই লৈ সামান্য হাঁহি ক’লে, অকুপেচন হিচাপে আমাৰ File ৰখাৰ নিয়ম থকা হ’লে আপোনাৰ র্ফমখনেই File – অত একমাত্ৰ কাগজ হ’লহেঁতেন৷




খ) লোকে লোকাৰণ্য কামপুৰ৷ জনসংযোগ কক্ষৰ দুৱাৰমুখতে অলোকশিল্পী অজিৎ বৰুৱাই কেমেৰাত নতুন ৰীল ভৰাই চিঞৰিলে, "হীৰুদা, এইটো আজি আপোনাৰ প্ৰগেমৰ কাৰণে৷”/ হীৰেন ভট্ৰাচার্জি ক’লে, “Out of 36 Exposures”, এটা বা দুটাহে ফটো উঠিব৷” সকলোৰে মুখত হাঁহিৰ  ৰোল উঠিল৷ কবি মঞ্চ অভিমুখে ৰাওনা হ’ল৷ অনেক কথা বতৰাৰ মাজতে তেওঁ লগত যোৱা সকলক ৰাস্তাত ক’লে, “এটা গল্প কওঁ৷ বার্ণার্ড শ্ব’ৰ কথা৷ বার্ণার্ড শ্ব আছিল অতি খীণ৷ চেষ্টাৰটন আছিল অতি শকত৷ এদিন এখন সভাত সভাপতিৰূপে বার্ণার্ড শ্বৰ নাম প্ৰস্তাৱ কৰি তেওঁ কলে, “মই আজি যিজন লোকৰ নাম সভাপতিৰ বাবে প্ৰস্তাৱ কৰিছো, তেওঁক দেখিলে ভাৱ হয়, যেন ইংলেণ্ডত দুর্ভিক্ষ হৈছে৷” শ্ব’ই তৎক্ষণাত মাত লগাই ক’লে, “যিজনে মোৰ নাম প্ৰস্তাৱ কৰিছে, তেওঁক দেখিলে ভাৱ হয়, যেন তেৱেঁই সেই দুর্ভিক্ষৰ মূল কাৰণ৷” মানুহবোৰে হাঁহিছে৷ মুক্ত মনে৷ সশব্দে৷ কবিয়ে এখন হাত আগবঢ়াই দিছে৷ এটা চাৰমিনাৰ--৷ অসম সাহিত্য সভাৰ দ্বিপঞ্চাশতম অধিৱেশনৰ কবি সন্মিলন৷ (পৃষ্ঠা-৭৯)


** হীৰুদাৰ বিষয়ক কেইটামান লেচেৰি

হীৰেন ভট্ৰাচার্য (২৮ জুলাই ১৯৩১- ৪ জুলাই ২০১২):- কবিয়ে নিজৰ কথা কৈছিল এনেকৈ, কবি হম বুলি কোনোদিন ভবা নাছিলো৷ বিশ-বাইশ বছৰ বয়সতহে মই কবিতা লিখিবলৈ আৰম্ভ কৰো৷ কিয় ইমান দেৰিকৈ কবিতা লিখিলো মই নিজেও নাজানো৷ কবি বুলি নিজকে কেতিয়াও ভৱা নাই আৰু মই লেখাবোৰ কবিতা হয় নে নহয়, তাকো নাজানো৷ কিন্তু লিখি গৈছো৷ নিজক বিচাৰি কবিতা লিখি গৈছো৷খেয়ালী স্ভাৱৰ হীৰেন ভট্ৰাচাযই এবাৰ মাতৃ স্নেহলতা দেবীৰ নিদের্শমতে  দোকানৰ পৰা  চেনি আনিবলৈ বুলি ওলাই গৈ শ্বিলং পালেগৈ৷ দুশ্চিন্তাত পৰিয়ালবর্গই ওৰেটো দিন ইচাট-বিচাট কৰি থাকিল৷ নিশলৈ শ্বিলংৰ পৰা পৰিয়ালৰ লোকে ফোন কৰাতহে ঘৰখনৰ মানুহৰ মুখলৈ পানী আহিছিল৷ তেওঁআবেলিনামৰ এখন চাহ দোকান খুলিছিল৷ দোকানখনৰ বিশেষত্ব এয়ে যে দোকান কেৱল আবেলিহে খুলিব৷ আন সময়ত চাহ বিচাৰি গলে  ছাইনবর্ডখনলৈ আঙুলিয়াই দিয়ে৷ লগতে দোকানত গ্ৰাহকে নিজ হাতেৰে চা বনাই খাব লাগিব৷ তদুপৰি অমলেট খাব খুজিলে কাষৰ দোকানৰ পৰা নিজে গৈ কণী কনি আনিব লাগিব৷ শ্বিলঙৰ এজন খাছি্যা যুৱকক আর্থিকভাৱে সহায় কৰিবলৈ তেওঁ এটা ওখ-পাখ অষ্ট্ৰেলিয়ান প্ৰজাতিৰ ঘোঁৰাও কিনিছিল৷ সকলোৰে প্ৰিয় কবি হীৰুদা সর্ম্পকীয় কেইটামান লেচেৰি৷


Ø  সৰুতে এবাৰ এখন সভাত জ্যোতিপ্ৰসাদৰ ডিঙিত ফুলৰ মালা পিন্ধাই দিছিল৷ জ্যোতিপ্ৰসাদে বক্তৃতা দি শেষ হোৱালৈকে মালাডালত থকা খৰিকাইজাঁইৰ কলিবোৰ ফুলি উঠিছিল৷ ১৯৪১ চনত পণ্ডিত নেহেৰু অসমলৈ আহোতেও হীৰুৱে প্ৰথম দেখি আজলি ভৰাই ফুল উপহাৰ দিছিল৷

Ø  ১৯৫৪ চনত ২২ বছৰ বয়সত জীৱনৰ প্ৰথমটো কবিতানিমন্ত্ৰণ’ (কেশৱ মহন্ত সম্পাদিতপ্ৰবাহত প্ৰকাশিত) লিখা হীৰুৱে বিদ্যালয়তঅনাগতনামৰ এখন কাব্য আলোচনী সম্পাদনা কৰিছিল৷ বন্ধু জয়ন্ত বৰুৱাৰ লগ লাগি যুটীয়াকৈৰূপালী নদী সোণালী সাঁকোকাব্য সংকলন প্ৰকাশ কৰিছিল৷

Ø  ১৯৫৫ চনত দিলীপ শর্মা, বিষ্ণু খাউণষড আৰু অমিত চৰকাৰৰ সহযোগত কথাছবি নাটক আৰু সাহিত্য সর্ম্পকীয়চিত্ৰবননামৰ আলোচনী এখন তেওঁ প্ৰকাশ কৰে৷ ১৯৬৪ চনত বন্ধু অতুলানন্দ গোস্বামী আৰু বেণু মিশ্ৰ লগ লাগিচিত্ৰবন প্ৰিণ্টার্ছস্থাপন কৰি পিছলৈ দেউলীয়া হৈ প্ৰেছৰ কাম বাদ দিয়ে৷ সেই বছৰতেই তেওঁ মিশ্ৰ আৰু নৱকান্ত বৰুৱা লগ লাগিমনননামৰ বাতৰি কাকতো প্ৰকাশ কৰে৷  পিছলৈ ড হীৰেন গোহাঁইৰ লগ হৈআন্তৰিকনামৰ আলোচনী উলিয়াই৷ কিন্তু অর্থৰ অভাৱত সকলো বন্ধ হৈ পৰিছিল৷

Ø  ৰৌদ্ৰ কামনাহৈছে তেখেতৰ প্ৰথম কাব্য গ্ৰন্থ৷ অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা (১৯৮৫), ভাৰতীয় বিদ্যা ভৱনৰৰাজাজী বঁটা (১৯৮৫) আৰুছোভিয়েট দেশ নেহেৰু বঁটালাভ কৰা তেখেতৰ শ্ৰেষ্ঠ কাব্য সংকলন হৈছেসুগন্ধি পখিলা’ (১৯৮১)৷ ১৯৯২ চনত তেওঁশইচৰ পথাৰ মানুহ (১৯৯১)’ ৰ বাবে সাহিত্য অকাডেমী আৰু পিছৰ বছৰত ভাৰতীয় ভাষা পৰিষদৰ বাজলিনী বঁটালাভ কৰে৷

Ø  ফুলে তেজে এন্ধাৰো মেতেখেতৰ কবিতা পাঠৰ অডিঅকেছেট৷ প্ৰদীপ আচার্যই তেখেতৰ কেইটামান কবিতা ইংৰাজীলৈ অনুবাদ কৰি ছপাইছিল ‘Ancient Gongs’ নামেৰে৷স্নেহতীর্থতেখেতৰ বাসগৃহৰ নাম৷

Ø  চিত্ৰকৰ হীৰেন ভট্ৰাচার্যই নিজে ছবি সর্ম্পকত কৈছিল, “ছবি বুলি কব নোৱাৰি৷ ছবি বুলি কবলৈ ভয় লাগে৷ ৰং ভালপাও কাৰণে ৰং কৰিছো৷ দুই-এজনে ভাল পাইছো বুলি কৈছে অৱশ্য৷ তেখেতৰশইচৰ পথাৰ মানুহকাব্যসংকলনত কবিতাৰ লগত ছবিও প্ৰকাশ হৈছিল৷

Ø  ১৯৫৭ চনত আকাশ বাণীৰ বাবে বায়েক প্ৰীতি বৰুৱাই লিখা নাটকসোৱনশিৰি ভেটিব কোনেৰ আধাৰত কমল নাৰায়ণ চৌধুৰীৰ প্ৰয়োজনাত দিলীপ শর্মাৰ সংগীত পৰিচালনাত তেওঁ এখন চিনেমা নির্মাণ কৰিব লৈছিল৷ নৱকান্ত বৰুৱাই গীত লিখা আৰু কুইন হাজৰিকাই গোৱাৰ পাছতো অর্থৰ অভাৱত চিনেমা হৈ নুঠিল৷ 

Ø  ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হীৰুদাই গুৱাহাটীত সাংস্কৃতিক অনুষ্ঠান কৰি ৫০০০ টকা উঠাই বিষ্ণু ৰাভাৰ চিকিৎসাৰ বাবে আগবঢ়াইছিল৷

Ø   তোমাৰ গান (১৯৭৬)’ আৰুকেইটামান গান(২০০৭) গীতৰ সংকলন প্ৰকাশ কৰা হীৰুদাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বাবে নিয়মীয়াকৈ গীত লিখিছিল৷ হীৰুদাৰ কেইটামান গীতৰ তালিকা) আজি বৰষুণে মোৰ- কণিকা ভট্ৰাচার্য (সুৰ-মুকল বৰুৱা) ) মোৰ মিঠা মৌ- লোকনাথ গোস্বামী ৩) জোনাক নাছিল বনত- পাপৰি দাস ৪) বন্ধু মেলি দে- ৰুবী সিংহ ৫) মোৰ পাহৰা গান- দুর্গাময়ী বৰা (সুৰ- হীৰেন গোহাঁই) ) কালি ৰাতি সপোন দেখিলো তোমাৰ- বিউটি শর্মা বৰুৱা ৭) মোৰ বুকুত এজোপা গোলাপ- শ্ৰেয়া ঘোষাল ৮) বকুল ফুলৰ দৰে- অনিন্দিতা পাল ৯) এন্ধাৰলে হাত মেলি দিলো কিজানিবা তোমাক পাওঁ- পুলক বেনার্জী ১০) সোণ সুৱদী চৰাই উৰে আকাশেৰে- মনজ্যোস্না গোস্বামী মহন্ত ১১) বকুল ফুলৰ দৰে- জুবিন গার্গ ১২) সৌ শিৰীষডালত বহি এজনী চৰাই বীৰেন্দ্ৰ নাথ দত্ত ১৩) কোঁচ ভৰি ললো বকুলৰ ছাঁ- মিতালী দে ১৪) আমোলমোল শেৱালীৰ গোন্ধ ১৫) গানে কি আনে- জুবিন গার্গ

Ø  বাহাৰুল ইছলামে তেওঁৰৰদৰ চিঠিচিনেমাখন হীৰুদাৰ নামত উৎসর্গা কৰিছিল৷ ইয়াৰ নামটোও তেওঁৰ এটি কবিতাৰে নামাকৰণ কৰিছিল৷

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ