কিতাপ ৯৯৮৮

 লাচিত বৰফুকন- ড° সূর্য্যকুমাৰ ভূঞা

অসম প্ৰকাশন পৰিষদ/ প্ৰথম প্ৰকাশ ১৯৭৯ (সপ্তম প্ৰকাশ ২০১০)
মূল্য- ১৫০.০০ / পৃষ্ঠা-



বুৰঞ্জীবিদ সূর্য্যকুমাৰ ভূঞাই ১৯৩৫ চনৰ জুনত পুণাত অনুষ্ঠিত ‘ইণ্ডিয়ান হিষ্টৰী কংগ্ৰেছ’ৰ প্ৰথম অধিৱেশনত লাচিতে বিষয়ে এটা প্ৰবন্ধ পাঠ কৰিছিল৷ প্ৰবন্ধটোৰ জৰিয়তে তেওঁ মহাৰাষ্ট্ৰৰ জাতীয় বীৰ শিৱাজীৰ সমসাময়িক লাচিত বৰফুকনক ভাৰতীয় বুৰঞ্জীবিদ সকলৰ আগত মোগলৰ অসামান্য ক্ষমতা গতিৰোধ কৰাৰ কথা জনাইছিল৷ প্ৰবন্ধৰ জুমুঠিটোক আধাৰ কৰি লাচিতৰ বিষয়ে তথ্যপাতি পুংখানুপুখ অধ্যয়ন কৰি ১৯৪৬ চনত ‘লাচিত বৰফুকন’ ৰচনা লিখি উলিয়াই৷ কিতাপখনৰ বাবে প্ৰয়োজনীয় সমল গ্ৰহণ কৰিছিল অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ দ্বাৰা আৱিস্কৃত আৰু সংগৃহীত সমল৷ কিতাপখনৰ বাবে সংগ্ৰহ কৰা সমলসমূহ শেষলৈ প্ৰমাণপঞ্জী হিচাপে দিয়াত কিতাপখনৰ গুৰুপ্ত বৃদ্ধি পাইছে৷ অসম প্ৰকাশন পৰিষদে ১৯৭৯ চনত কিতাপ ৰূপত প্ৰথমবাৰৰ বাবে ছপাই৷

কিতাপখনৰ পৰা এছোৱা-


                       শৰাইঘাট যুদ্ধত অসমীয়াৰ জয়

ৰামসিংহ ৰজাই ভালকৈ বুজিছিল যে শান্তিৰ প্ৰস্তাৱৰপৰা একো ফল নধৰে৷ এইবাৰ তেওঁ আক্ৰমণৰ  ব্যৱস্থা কৰি যুদ্ধৰ চূড়ান্ত সিদ্ধান্তৰ কাৰণে চেষ্টা কৰিবলৈ ধৰিলে৷ আন্ধাৰুবালিৰ গড়ৰ সুৰঙ্গইদি গুৱাহাটী সোমোৱাৰ সম্ভাৱনা আৰু বৰফুকনৰ নৰিয়া অৱস্থাৰপৰা সুবিধা হ’ব বুলি ৰামসিংহই ক্ষিপ্ৰ গতিৰে কাম কৰিবলৈ ধৰিলে৷ পাঁচোটা মোগল চর্দাৰে নাৱৰপৰা  হিলৈ কাঁড় মাৰিবলৈ ধৰিলে৷ তাৰ ভিতৰত দুটা ফিৰিঙ্গিও আছিল৷ তাকে দেখি অসমীয়া নাও আমাৰজুৰি ঘাটৰ পোনে ভটিয়াবলৈ ধৰিলে৷ ঘোঁৰাত উঠি মোগলৰ সেনাই আন্ধাৰুবালিৰ পোনে নাও মেলিলে৷….

         বৰফুকনৰ তেতিয়া টান নৰিয়া৷ আৰু তেওঁ নিজে সৈন্য চলাব নোৱৰাৰ কাৰণে আহোমে এক প্ৰকাৰৰ যুদ্ধ জয়ৰ আশা এৰিব লগাত পৰিল৷ কিছুমানে উজাবৰ মনেৰে নাৱত মাল-পত্ৰ বোজা দিবলৈ ধৰিলে৷ অশ্বক্ৰান্তত সেনাপতি আছিল মিৰি সন্দিকৈ পৰিয়ালৰ হাজৰিকা এজন, তেওঁৰ মানুহে যুদ্ধ এৰা দেখি সহায় বিচাৰি বৰফুকনলৈ প্ৰার্থনা জনালে৷ বৰফুকনে হাজৰিকাক কৈ পঠিয়ালে বোলে- “তোৰ মানুহক কবি যে মই ইয়াতে মৰিম, আৰু যুদ্ধ এৰাৰ কথা মই সপোনতো ভাবিব নোৱাৰোঁ৷ চিলাৰ পর্বতত মই চাৰি কড়াৰ মাটি কিনি থৈছো৷ মই মৰাৰ কাল আছে, যদি নমৰাকৈ থাকোঁ মই ৰাজ্যতকৈ পাছতহে চাম৷” নৰা হাজৰিকা নামে সেনাপতি এজন সিন্ধুৰীঘোপাৰ পৰা আহি অশ্বক্ৰান্ত স্বর্গদেৱৰ শৰণ দি ভাগিব খোজা সৈন্যৰ আগত আঁঠু লৈ বোলে- “ৰাজ্য ঐ, সুনীয়া কাঁহীত বিহ ঢালিব খোজ যদি ভাগ৷” এই কথা শুনি বৰফুকনে নৰা হাজৰিকালৈ ততালিকে দুহেজাৰ সৈন্য পঠিয়াই দিলে৷….

         নৰিয়াৰ কাৰণে বৰফুকনে লৰচৰ কৰিব নোৱৰা হ’ল৷ তেওঁক পিৰাৰে সৈতে বাটঘৰলৈ নিবলৈ ক’লে, বোলে- “বঙাল কিমান পাইছেহি চাওঁ৷” চাৰিটা ভূঞাৰ পোৱালিয়ে বৰফুকনৰ পিৰাৰে চাৰিখুৰাত ধৰি তেওঁক বাটচৰালৈ আনিলে৷

         এটা মুহূর্তও পেলাই দিব নোৱাৰি৷ বৰফুকনে শক্ৰুক খেদি যাবলৈ মন কৰিলে৷ এতিয়া ভাল সময় উপস্থিত হোৱা নাই বুলি মোগলক আক্ৰমণ কৰিবলৈ অচ্যুতানন্দ দলৈয়ে বৰফুকনক হাক দিলে৷ …লাচিত বৰফুকনে দৈবজ্ঞৰ নিষেধ মান্য কৰিলে৷ যুদ্ধৰ অৱস্থাৰ বিষয়ে তেওঁ তিলে তিলে বাতৰি পাই আছিল৷ বৰফুকনে আৰু ধৈর্য ধৰিব নোৱাৰি ক’লে- “বঙাল দেখো আমৰাজুৰি পাৰ হ’ল৷ গণক, তয়ো কটা গলি, মোৰো দুর্ষশ আনি চাউল কানি মাৰিলি৷” ক্ষন্তেকৰ পাছতে দলৈয়ে ক’লে- “স্বৰোদয় শাস্ত্ৰত উত্তম পাইছোঁ৷ এতিয়া বঙালক ধৰিবলৈ উঠিব লাগে৷ এই ক্ষণতে ৰামচন্দ্ৰই ৰাৱণক আক্ৰমণ কৰিছিল৷”

         বৰফুকনে খৰঙ্গীখেলৰ নদাইৰ গাত ধৰি বাটৰঘৰলৈ আহি নাৱত উঠিলেহি, লগত ছখন যুদ্ধৰ নাও, আছিল৷ আহোমে সৈন্য পলাব ধৰা দেখি বৰফুকনৰ নাৱৰীয়াই তেওঁৰ নাওখন উজাবলৈ ধৰিলে৷ ইয়াকে দেখি বৰফুকনে নাঁৱৰ পৰা চিঞৰি মাত লগালে- “বঙালৰ লগত যুদ্ধ কৰিবৰ নিমিত্তে স্বর্গদেৱে এই থলৰপৰা সকলো লোক মোৰ হাতত দি থৈছে৷ এতিয়া মই নুযুঁজি ৰণ এৰি ল’ৰা-তিৰোতাৰ লগলৈ যাম নেকি ? বন্দী চহীয়ালে মোক নুসুধি কিয় নাও উজায় মেলিব ?” এইবুলি চাৰিটা চহীয়ালক হেংদানৰ গাদীৰে কোবাই পানীত পেলালে৷ লগৰ মানুহে মাতিলত সিহঁতক নাৱলৈ তুলিলে৷

         ইমান ততাতৈয়াকৈ চহীয়ালক শাস্তি দিয়া দেখি ৰণুৱা বোৰৰ প্ৰাণত বিষম ভয় সোমাল৷ এনে এটা ধক উঠিল বোলে বৰফুকনে বঙালক নধৰি ৰাজ্য ভাগিবৰ দেখি মানুহ কাটিছে, পানীত বান্ধী পেলাইছে৷ হাবিত লগা জুইৰ দৰে এই বার্তা বেগেৰে প্ৰচাৰিত হোৱাত সৈন্যসকল আচম্বিতে উৎকট সাহেৰে অনুপ্ৰাণিত হ’ল৷ বৰফুকনে সকলোৱে শুনাকৈ চিঞৰি ক’লে- “বঙালে মোক ধৰি নিয়ক, ৰাজ্য সুখে-শান্তিৰে ঘৰলৈ ওভতি যাওক৷” হিলৈ জাৰি কৰি বৰফুকনৰ সাতখন নাও বঙালৰ সম্মুখে মেলিলে৷ বৰফুকনক বঙালৰ নাৱৰ সম্মুখীন হোৱা দেখি দুয়োপাৰৰ অসমীয়া নাও ভটিয়াই বৰফুকনৰ গালৈ মেলিলে৷ অসমীয়া সৈন্যই পাৰৰ পৰা আৰু নাৱৰ পৰা গুলিয়াবলৈ ধৰিলে৷ আন্ধাৰুবালিৰ সুৰঙ্গইদি গুৱাহাটী সোমাব পাৰিম বুলি মোগল সেনাপতি ৰছিপ-খাঁই নাৱত  বহি অসমীয়াৰ পিনে পিঠি দি হোকা হুপি আছিল৷ শক্ৰুৰ গুলি লাগি ৰছিপ-খাঁই প্ৰাণ এৰিলে৷

         অসমীয়া যুদ্ধৰ নাও বঙালৰ নাৱৰ মাজত-সোমাল৷ দুয়োপক্ষৰে ভিতৰত টান যুদ্ধ হ’ল৷ কামাখ্যা, ইটাখুলি আৰু অশ্বক্ৰান্ত, এই তিনি ঠাইত নাও উপচি পৰিল, আৰু সৈন্যবোৰে নুবুৰি সাৰিবলৈ পানীত পৰি কক্ বকাবলৈ ধৰিলে৷  আহোমে এখন নাৱৰ পাছত আন এখন জোৰা দি ব্ৰক্ষ্মপুত্ৰৰ ওপৰত দলং বান্ধিলে৷ অসমীয়াৰ আক্ৰমণৰ প্ৰকোপত মোগল তিষ্ঠিব নোৱাৰিলে৷ অসমীয়াই নিজৰ প্ৰাণ আৰু স্বাধীনতা ৰক্ষা কৰিবলৈ যুদ্ধ কৰিছিল৷ আৰু মোগলে যুদ্ধ কৰিছিল যুদ্ধজয়ৰ গৌৰৱ আৰু ৰাজ্য-বৃদ্ধিৰ বিলাসৰ কাৰণে৷ বঙালৰ ফালে বিস্তৰ সৈন্য হানি পৰিল৷ যুদ্ধৰ থলীৰ পৰা তিনি মাইলমান ভাটিত থকা পাণ্ডুলৈকে অসমে বঙালক খেদিলে৷ বৰফুকনে আৰু খেদি যাবৰ মন কৰিছিল৷ অচ্যুতান্দ দলৈয়ে হাক দিলতহে আৰু খেদি নগ’ল৷ যুদ্ধৰ অৱসান হ’ল আৰু সুনিশ্চিতভাৱে অসমৰ জয়লাভ হ’ল৷ (পৃষ্ঠা- ৭৫-৭৯) 


একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ