আইনষ্টাইন ১৫০/ প্ৰথম খণ্ড (১-১0)

 ১. বেহেলা আৰু আইনষ্টাইন :-
বেহেলা বাদক ৰূপত আইনষ্টাইন

সমগ্ৰ জীৱন বেহেলা একান্ত সংগী হৈ পৰা আইনষ্টাইনে ৬ বছৰৰ পৰাই মাক পাওলিনৰ পৰা বেহেলা শিকিছিল৷ শৈশৱতে মোর্জাটৰ প্ৰতি আকর্ষিত৷ ১৭ বছৰত বিথোভেনৰ ছনাটা বজাব পাৰিছিল৷ পৰৱর্তী জীৱনতো নিজৰ গৱেষণাৰ কামকাজত অলঙ্ঘনীয় বাধাৰ সম্মুখীন হোৱা যেন অনুভৱ কৰিলেও তেওঁ সংগীতত তন্ময় হৈ সমস্যা সমাধানৰ বাট বিচাৰি লৈছিল৷  নৌকাবিহাৰ যাত্ৰাত কৰবাত নাও ৰৈ গ’লে বেহেলা বজাই ভালপোৱা আইনষ্টাইনে তেওঁৰ বেহেলাবাদন কোনোবাই মন নিদিয়া যেন দেখিলে তৎক্ষণাত সামৰি বাকচত ভৰাইছিল৷ মানসিক চাপ নিৰাময়ৰ ক্ষেত্ৰত তেখেতে কৈছিল, “সংগীতে মোৰ গৱেষণাকার্যৰ কামৰ ওপৰত প্ৰভাৱ নেপেলায়; কিন্তু সংগীত আৰু গৱেষণা একেধৰণৰ আকুলতাই পৰিপোষণ কৰে বাবে ইটো সিটোৰ পৰিপূৰক৷”

        মোর্জাট আৰু বাখৰ সংগীত ভালপোৱা আইনষ্টাইনে এবাৰ ইহুদী মেনুহীনৰ বেহেলা বাদন শুনি ইমান অভিভূত হৈ পৰিছিল যে সমস্ত পাহৰি মঞ্চলৈ উঠি গৈ তেখেতক সাবটি ধৰি কৈছিল, “তুমি মোৰ স্বগলৈ যোৱা পথ দেখুৱালা৷”

বেলজিয়ামলৈ এবাৰ আইনষ্টাইন অহাৰ খবৰ ৰজা এলৱার্ট আৰু ৰাণী এলিজাবেথে লাভ কৰি ৰাজপ্ৰসাদলৈ নিমন্ত্ৰণ জনালে৷ আইনষ্টাইনে ট্ৰেইনৰ পৰা নীৰৱে নামি লগত নিয়া বেহেলাৰ সৈতে খোজ কাঢ়ি ৰাজপ্ৰসাদ পালেগৈ৷ সাক্ষাৎতৰ পাছত ৰাণীৰ লগত সংগীত পৰিবেশন কৰিল দুয়োৰে মাজত বন্ধুত্ব হৈছিল৷ সেই বন্ধুত্বক ভেজা দি পিছলৈ প্ৰট’কল ভাঙি আইনষ্টাইনে ৰাণীলৈ চিঠিত সম্বোধন কৰিছিল- Dear Queen…



এবাৰ প্ৰাগত এটা সফল বক্তৃতা দিয়াৰ পাছত কেইগৰাকীমান বিশেষভাৱে আমন্ত্ৰিত ব্যক্তিৰ আগত কেইটামান কথা বুজাই দিবলৈ আইনষ্টাইনক অনুৰোধ জনোৱা হ’ল৷ তেওঁ তেতিয়া উত্তৰ দিলে, “ভাষণ দিয়াৰ পৰিবর্তে মই যদি বাদ্যযনত্ৰ বজাওঁ, তেতিয়াহ’লে হয়তো আপোনালোকৰ কাৰণে ই বেছি বোধগম্য আৰু উপভোগ্য হ’ব৷” সেইবুলি কৈ তেওঁ বেহেলাখন উলিয়ালে আৰু অতিশয় গুণগ্ৰাহী সেই অল্পসংখ্যক শ্ৰোতাৰ সম্মুখত ম’ৎযার্টৰ চ’নাটা বজাবলৈ আৰম্ভ কৰিল৷  

এজন উদ্যোগপতিয়ে এবাৰ আইনষ্টাইনক এখন ‘গাৰনেৰিয়াচ’ বেহেলা পঠাইছিল যাৰ মূল্য আছিল ৩০,০০০ পাউণ্ড৷ আইনষ্টাইনে বিনম্ৰ টোকা এটাৰে সৈতে বেহেলাখন ঘূৰাই পঠালেঃ “এই মূল্যবান বাদ্যযন্ত্ৰটো এগৰাকী প্ৰকৃত শিল্পীয়েহে বজাব লাগে৷ অনুগ্ৰহ কৰি আপুনি মোক ক্ষমা কৰে যেন, মই মোৰ পুৰণা বেহেলাখন বজায়েই ভাল পাওঁ৷”  

জীৱনৰ শেষৰ ফাললৈ তৈয়াৰ কৰা ইচ্ছাপত্ৰখনত আইনষ্টাইনে বেহেলাখন নাতিনীয়েক বার্ণহার্ডৰ নামত উৎসর্গা কৰিছিল৷

২. মেৰিলিন মনৰো আৰু আইনষ্টাইনৰ কৌতুক:- 

ত্ৰিমাত্ৰিক ছবি আইনষ্টাইন আৰু মনৰো

এদিনাখন এখন পাবত মেৰিলিন মনৰোৱে এলর্বাট আইনষ্টাইনক দেখা পালে৷ ওচৰলৈ আহি নিজৰ চিনাকী দি পৰিচিত আকর্ষিত কণ্ঠৰে ক’লে, “ অনুভৱ কৰাচোন যদি আমাৰ দুয়োৰে সন্তান জন্ম হয় আৰু মোৰ দৰে কমনীয় আৰু আপোনাৰ দৰে মেধাবী৷ কিমান ভাল লাগিব৷” আইনষ্টাইনে অলপ সময় ভাবি উত্তৰ দিলে, “ভাবাচোন যদি তাৰ বিপৰীতে আমাৰ সন্তান তোমাৰ দৰে মোৰ দৰে আপচু আৰু তোমাৰ দৰে মগজুৰে জন্ম হয়৷” (পশ্চিমীয়া সমাজত জনপ্ৰিয় কৌতুক)

৩. হলিউড, চার্লি চেপলিন আৰু আইনষ্টাইন:-

এলার্বাট আইনষ্টাইন আৰু চার্লি চেপলিন
আইনষ্টাইনক এবাৰ হলিউডলৈ নিমন্ত্ৰন জনালে৷ তাত তেওঁ জার্মানীত নিষিদ্ধ কৰা প্ৰথম বিশ্বযুদ্ধৰ মৃত সৈনিকৰকাহিনীৰে নির্মিত All Quiet on the Western Front (১৯৩০) চিনেমাখন চালে৷  


 ১৯৩১ চনত  হলিউদডৰ অভিনেতা চার্লি চেপলিনে নিজৰ ‘চিটি লাইটচ’ চলচিত্ৰৰ প্ৰিমিয়াৰ শ্বো’ চাবৰ বাবে নিমন্ত্ৰণ জনোৱাৰ লগতে বার্তালাপত মিলিত হৈছিল৷ আইষ্টাইনে কৈছিল, “What I most admaire about art is your universality, You don’t say a word , yet the world understand You.” চেপলিনে উত্তৰ দিলে “True, but your glory is even greater, The whole world admire you , even through they don’t understand an word of what you say.”



৪. ষ্টিভেন স্পিলবার্গৰ ‘ই. টি.’ আৰু আইনষ্টাইন:-

ই. টি. পোষ্টাৰ

ই. টি
স্পিলবার্গ পৰিচালিত বহুচর্চিত কল্পবিজ্ঞানধর্মী চলচিত্ৰ E.T. ইত দেখিবলৈ পোৱা বহিগ্ৰহৰ প্ৰাণীটোৰ মুখমণ্ডল এলর্বাট আইনষ্টাইন, আনেষ্ট হেমিংৱে, কার্ল চাণ্ডবার্গ আৰু এটা পাগ প্ৰজাতিৰ কুকুৰৰ সংমিশ্ৰণত তৈয়াৰ কৰা হৈছিল৷

৫. য়দা আৰু আইনষ্টাইন:- 
য়দা
হলিউডৰ ব্যয়বহুল চলচিত্ৰ ‘ষ্টাৰ ৱার্ছ’ দেখিবলৈ পোৱা এটা চৰিত্ৰ হৈছে য়দা (Yoda)৷ পৰিচালক জর্জ লুকাছে এইটো চৰিত্ৰৰ চকু পিৰিকিয়াই থকা কার্যটো আইনষ্টাইনৰ মুখমণ্ডলৰ পৰা গ্ৰহণ কৰা হৈছিল৷

৬. চক্ৰবৃদ্ধি সূদ সর্ম্পকত আইনষ্টাইনৰ মন্তব্য :-

 Compound Interest is the eight wonder of the world. He who understand it, earns it... he who doesn’t… pay it.

৭. শতিকাৰ শ্ৰেষ্ঠ ব্যক্তি আইনষ্টাইন:- 



১৯৯৯ চনৰ টাইম আলোচনীৰ ৩১ ডিচেম্বৰৰ সংখ্যাত শতিকাৰ ব্যক্তি হিচাপে আইনষ্টাইনে প্ৰচ্চদত স্থান লাভ৷

৮.  দেশপ্ৰেমিক নাৰী সন্থা:- 

আইনষ্টাইন আমেৰিকালৈ যাওতে ‘দেশপ্ৰেমিকা নাৰী সন্থা’ এটাই চৰকাৰৰ ওচৰত প্ৰতিবাদ দাখিল কৰিছিল৷ তেওঁলোকে কৈছিল যে তেওঁ সাম্যবাদী লক্ষ্যৰ বিকাশত সহায় কৰিছে৷ বার্লিনত থকা আমেৰিকাৰ বাণিজ্য দূতাবাসৰ অধ্যক্ষলৈ এখন চিঠিত আইনষ্টাইনে লিখিলেঃ “মোৰ প্ৰথম পদক্ষেপতে নাৰী জাতিৰ সদস্য সকলে এনে শক্তিৰে মোক কেতিয়াও বাধা দিয়া নাই৷ আৰু যদি এনেকুৱা কেতিয়াবা ঘটিছেও, তেনেহ’লে ই তেতিয়াও একে সময়তে ইমানবোৰ নাৰীৰ দ্বাৰা হয়তো নহয়৷ কিন্তু এই সতর্ক নাগৰিক সকল দ্বার্থহীনভাৱে ন্যায়নিষ্ঠ নহয় জানো? গ্ৰীক উপাখ্যানৰ ক্ষুধাতুৰ বৃষদৈত্যই মনোমোহা গ্ৰীক গাভৰুসকলক গ্ৰাস কৰিছিল৷ অনুৰূপ ক্ষুধাৰে পূঁজিপতিসকলক গ্ৰাস কৰিব খোজা মোৰ দৰে এজন ব্যক্তিৰ বাবে কিয় তেওঁলোকে দুৱাৰ খোলা ৰাখিব ? ইয়াতকৈও জঘন্য কথা, নিজৰ পত্নীৰ লগত হোৱা অনিবার্য যুদ্ধৰ বাহিৰে আন যিকোনো যুদ্ধৰ ধাৰণা মই বর্জন কৰিছো৷ গতিকে আপোনাৰ দেশপ্ৰেমিকা নাৰীসকলৰ পৰামর্শক অবজ্ঞা নকৰিব৷ মনত ৰাখিব ৰোম নগৰীক ৰক্ষা কৰিছিল কেইটামান উদ্যমী ৰাজহাঁহৰ কেঁক-কেঁকনিয়ে৷”

৯. ইজৰাইলৰ ৫ টকাৰ নোটত আইনষ্টাইনৰ ফটো সন্নিবিষ্ট আছে৷

ইজৰাইলৰ ৫ টকাৰ নোটত আইনষ্টাইন

১০. ই-মেন আৰু আইনষ্টাইন:-

ই মেন
১৯৭৩ চনত আমেৰিকাৰ চার্লটন কমিকচে (Charlton comics) আইনষ্টাইনৰ E=MC2 ৰ আধাৰত E-Man নামৰ এটা চুপাৰ হিৰো সৃষ্টি কৰিছিল৷ 

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ