কিতাপ- ৯৯৭৯

 

        শিয়ালী পালেগৈ ৰতনপুৰ- নৱকান্ত বৰুৱা
শিয়ালী পালেগৈ ৰতনপুৰ

লর্য়াছ বুক ষ্টল/ প্ৰথম প্ৰকাশ-১৯৬২/ দ্বিতীয় লর্য়াছ সংস্কৰণ- ১৯৯৭৷

মূল্য- ১২.০০/ মুঠ পৃষ্ঠা-৩৭

শিশু সাহিত্যিক হিচাপেও সুখ্যাতি থকা নৱকান্ত বৰুৱাই এইখন কিতাপ জোন নামৰ এটা শিশুৱে সপোনত দেখা এটা কাহিনী সুন্দৰকৈ বর্ণনা দিয়াইছে৷ সপোনত যে সি কিমানবোৰ চৰিত্ৰ লগ পালে৷ মাজে মাজে কাহিনীৰ লগত মিলাকৈ চিত্ৰ৷ আৰম্ভণিতে পাতনিৰ পৰির্বতে ‘জোনহঁতলৈ চিঠি ডাঙৰ হ’লে পঢ়িবলৈ’ বুলি এখন সৰু দেউতাৰ হৈ চিঠি সন্নিবিষ্ট কৰিছে৷

“মৰমৰ জোন, সোণ, মুন আৰু কোন,

         তহঁত যেতিয়া পঢ়িব পৰা হ’বি তেতিয়া চাগে এইবোৰ পুৰণি-কলীয়া হৈ পৰিব৷ তথাপি তহঁতৰ হাততে নিদি মোৰ উপায় নাই, এইবোৰৰ মাজতে কোনোবা খিনিত তহঁত সোমাই আছ৷ তহঁতক আৰু তহঁতৰ দৰে বোৰক দেখি আমাৰো আকৌ এবাৰ সৰু হৈ যাবৰ মন যায়৷ কিন্তু নোৱাৰি নহয়৷ সেইবাবে খিৰিকিৰে কথা পাতিয়েই তহঁতৰ সতে যোগ দিবলৈ চেষ্টা কৰিছোঁ৷ খিৰিকীৰ মাজেৰে কেনেকৈ সম্পূর্ণকৈ অনুভৱ কৰিম তহঁতৰ হাঁহিৰ গোপন গভীৰ সত্যটো ? আমাৰ মাজৰ সংসাৰ বুদ্ধিৰ প্ৰাচীৰ৷

         ডাঙৰ হ’লে যেতিয়া এলিচৰ সাধু পঢ়িবি বা সুকুমাৰ ৰায়ে তহঁতলৈ লেখা কিতাপ, তেতিয়া দেখিবি যে তেওঁলোকৰ দৰে বহুতো কথা ইয়াত পাই গৈছ৷ তহঁতৰ কাৰণে, অকল তহঁতৰ কাৰণেই কিয় আমাৰ দৰে সংসাৰে কঠুৱা কৰা মানুহৰ কাৰণেও সেই কিতাপ কিখনতকৈ আৰু ভাল কিতাপ মই পঢ়া নাই৷ তহঁতো হয়তো পঢ়িবি৷ মোৰ সীমাতো বৰ ঠেক৷

         এফালে তেওঁলোক, এফালে তহঁত- তাৰ মাজতেই এইবোৰৰ সৃষ্টি৷ গ্ৰীমৰ সাধু ধুনীয়া- আইতাৰ সাধুৰ দৰে; ঈচপৰ উপকথাৰ আৰু পঞ্চতন্ত্ৰৰ নীতি-শিক্ষা হয়তো বহুমূলীয়া৷ কিন্তু তাত যেন তহঁত ঠিক নাই৷ আমাৰ কৃপণ চিন্তা তহঁতক দিবৰ অধিকাৰ আমাৰ নাই৷ আমি দিব পাৰো মাথোন আমাৰ মৰম আৰু আমাৰ হাঁহিৰ আশীব্বার্দ, কাৰণ সেই হাঁহি তহঁতৰেই দান৷

         হাঁহি কেতিয়াও পুৰণি নহয় বুলি তহঁতে মোক আশ্বাস দিবিনে ? মোৰ মৰম আশিস ল’বি৷

                                           তহঁতৰ

                                           সৰু দেউতা

  

কিতাপখনৰ পৰা কেইচোৱামান


১.“এনেকুৱা ‘তাজ্জুপ’ কাণ্ড জোনে আগেয়ে দেখা নাই৷ তিনিআলি দেখিছে, চাৰিআলি দেখিছে, ইচটেচনৰ পৰা আহোঁতে পাচোঁটা আলি লগ লগা ঠাই এটুকুৰাত চিপাহী এটাই শীলা বাইদেউৰ দৰে নাচি নাচি মটৰ গাড়ীবোৰত বাট দেখুৱাই দিয়াও দেখিছে- কিন্তু দহোটা আলি লগ লগা আলি-কেকুঁৰিটোৰ মাজত ঠিয় হৈ জোনৰ মুখখন নিজে নিজে মেল খালে৷ বেলিৰ ফালে মুখকৈ ঠিয় হ’ল পূব, পিঠিফালে পশ্চিম, সোঁহাতে দক্ষিণ, বাওঁহাতে উত্তৰ৷ তাৰ মাজে মাজে ঈশান, অগ্নি, বায়ু, নৈঋত (কি যে আচৰিত নামবোৰ নহয় ?) সেই এটাই কেউফালে একোটা আলি৷ কোনোটো ৰঙা ইটাৰ, কোনোটো ক’লা পীচ দিয়া, কোনোটা আকৌ ওখোৰা মোখোৰা শিলগুটিৰে ভৰা৷ আৰু দুটা বাট সি দেখিলে৷ মূৰৰ ওপৰ ফালে কি দিশ সেইটো- বানানটো যে বৰ টান, ওঁ… ঊর্দ্ধ৷ সেই ফালেও এটা বাট—সেই বাটটো আকৌ জখলাৰ দৰে৷ বাটটো ক’লৈ গৈছে তাকে চাবলৈ ওপৰলৈ চাওঁতে মাজুদেউতাই দিয়া চাহাবী টুপীটো সুলকি মাটিত পৰি গ’ল—টুপীটো তোলোতে দেখা পালে আৰু এটা—ভৰিৰ তলৰ ফালটোৰ নাম বিসর্গ থকা কিবা এটা- অধঃ নে কি, সেই ফালেও এটা বাট৷ মুঠতে এই দহোটা বাট তিনিআলি চাৰিআলি নহয়, এক্কেবাৰে দহআলি৷

মুখখন আঁ কৈ মেলি জোনে ভাবিলে, কোনফালে গ’লেনো আইতাই কোৱা ৰতনপুৰখন পামগৈ বাৰু৷ শিয়ালীজনীক পোৱা হ’লে সুধিয়েই ল’লোহেঁতেন৷ শিয়ালীলৈ ৰাতিহে ভয়, দিনত কিহৰ ভয়!” (পৃষ্ঠা-৩)

২.

যাযাবৰ ধুমকেতু নাগাচাকি খুমটাই

হাৰাকিৰি পানীপথ ? বন্দী হাতেম তাই৷

স্বপ্ন লাটুম স্মৃতি বেহেলাৰ ভলগা

কিন্তু তথাপি যদি হাতীপটি বলগা৷

শোক সভা ঘৰিয়াল- তামোলৰ পাখি নাই

সহকাৰী মৈনাক, ফুটনোট কোন হ্যায় ?

চিমফনি ব্যুমেৰাং আলপাকা সিন্ধু

নীলপখী খার্টুম টিমিমিচিকিন্দু!

আটোমটোকাৰি সুৰ জাম্বেজী লিম্ব’

চাওঁতালী এপিথে’ট কৰুন কলম্ব’

ডায়েলকটিকচত কনিয়াক কাশ্মীৰ

লাতিন গ্ৰামাৰ, হাঁহি কস্মিক ৰশ্মিৰ

ঘাঁচ চব কাট দেও ঘৰকা বগলকা

জীৱনৰ ছন্দ যে চিঠিলেখা উল্কা৷

পিৰামিড হিৰোচিমা! জোনৰ বিমিল ছাঁ ?

অমৃত মন্থম শিৰোমণি খালছা৷

টে’ৰাডে’ল ফিউগ’ৰ দুন্দুভি বক্সাৰ

চেমিটিক প্ৰফেচৰ ? থেঙ্ক ইউ, থক্ চাৰ!

বর্মা অয়েল কোং ভগনীয়া ইতিহাস

কবিতা তথাপি জীয়ে এয়ে মাথো আশ্বাস! “  

৩. 



জোনে ইৰিকতি মিৰকতি বাঁহৰ নাম শুনাই নাই কেতিয়াও সেইবাবে একো উত্তৰ নিদিলে৷ ডালশলীয়াইও আৰু একো নুসুধি ঘোঁৰাটো বান্ধি থ’লে৷ তাৰ পিছত ক’লে-

ইৰিকতি মিৰিকতি বাঁহৰ শলা৷

মোমাইৰ পদূলিত বান্ধিলো ঘোঁৰা৷

বুঢ়াৰ জী বুঢ়ী ঔ”

কৰবাৰ পৰা বুঢ়ী মেকুৰী এজনীয়ে ক’লে৷ “ঔ”

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ