আইনষ্টাইন ১৫০/ দ্বিতীয় খণ্ড (১১-২০)

১১. হিটলাৰ আৰু আইনষ্টাইন:- 



জার্মানীৰ ৰাজনৈতিক পৰিস্থিতিৰ নাটকীয় পৰিবর্তন ঘটাই এডলফ হিটলাৰে জাতীয়তাবাদৰ বিকাশ ঘটাই নাৎসী বাহিনী গঠন কৰে৷ স্বস্তিকা চিহ্ন ব্যৱহাৰ কৰা হিটলাৰ আৰম্ভণিৰে পৰা ইহুদীবিদ্বেষী আছিল৷ ইহুদী হোৱাৰ বাবে তেওঁৰ দলে আইনষ্টাইনৰ বিৰুদ্ধেও অভিযোগ আনিল, “আনৰ তত্ত্ব নকল কৰা, খ্যাতি লাভৰ বাবে বলিয়া, জার্মান বিৰোধী বিজ্ঞানী, সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰা ইত্যাদি৷ আইনষ্টাইনৰ চোকা মন্তব্যসমূহো ফেচীবাদী হিটলাৰে অলপো ভাল পোৱা নাছিল৷ ১৯৩২ চনত তেওঁ পত্নী এলজাসহ জার্মানীৰ পৰা বিদাই লৈ আমেৰিকালৈ গুচি আহিছিল৷ নাৎসী বাহিনীয়ে ক্ৰুদ্ধ হৈ আইনষ্টাইনৰ শিৰৰ মূল্য বিশ হাজাৰ টকা নির্ধাৰণ কৰিছিল৷

আইনষ্টাইনক খলনায়ক সজোৱা নাৎসী পোষ্টাৰ

 ঘোষণাৰ কথা আইনষ্টাইনৰ কাণত পৰাত কৈছিল, “মোৰ মূৰটোৰ দাম ইমান বেচি বুলি মই জনাই নাছিলো৷” জার্মানীৰ জাতীয়তাবাদী সাংবাদ-পত্ৰ বোৰতো বাতৰিৰ শিৰোনাম ওলাইছিল- ‘আইনষ্টাইনৰ বিষয়ে ভাল খবৰ৷ তেওঁ আৰু উভতি নাহে৷” লগতে জার্মানীৰ কাপুথস্থিত ঘৰ লণ্ডভণ্ড, নাও আৰু বেংক একাউণ্ট জার্মানীৰ শত্ৰু কমিউনিষ্ট আখ্যা দি জব্দ কৰে৷ কিয়নো তেওঁৰ পাকঘৰত এখন পাচলি কটা ছুৰী উদ্ধাৰ হৈছিল৷

১২. ফিলিপ লেনার্ড আৰু আইনষ্টাইন:- 

ফিলিপ লেনার্ড
আলোক বিদ্যুৎ পৰিঘটনা আৱিস্কাৰৰ বাবে নোবেল পুৰস্কাৰপ্ৰাপ্ত বিজ্ঞানী ফিলিপ লেনার্ড আইনষ্টাইনৰ ঘোৰ শত্ৰু আছিল৷ গোটেই জীৱনটো তেওঁ আইনষ্টাইনৰ বিৰোধিতা কৰিয়েই কটাইছিল৷ এবাৰ বার্লিনৰ ফিলহাৰমনিক প্ৰেক্ষাগৃহত আইনষ্টাইনে দুটা বক্তৃতা দিছিল৷ সভাৰ বাহিৰত লেনার্ডে স্বস্তিকা চিহ্নযুক্ত ‘পদার্থবিজ্ঞানৰ বলচেভিকবাদ’ বুলি আইনষ্টাইনবিৰোধী প্ৰচাৰ পত্ৰ বিতৰণ কৰে৷ একেদৰে তেওঁ ১৯২০ চনৰ ২০ আগষ্টত আপেক্ষিকতাবাদ তত্ব্ৰ বিৰুদ্ধে এখন গণ সমাবেশ অনুষ্ঠিত কৰি তেওঁক নোবেল বঁটা নিদিবলৈ যুক্তি প্ৰদর্শন কৰিছিল৷ এই দ’লটোক আকৌ আইনষ্টাইনে নাম দিছিল, “এণ্টিৰিলেটিভিটি কোম্পানী”৷ কোম্পানীটোৱে বার্লিনৰ ষ্টেট অপেৰা হাউচ’ৰ সম্মুখত আইনষ্টাইনৰ সমস্ত্ৰ বৈজ্ঞানিক কার্য্যাবলী ৰাজহুৱাভাৱে পুৰি পেলাইছিল৷ এই কাহিনীক আধাৰ কৰি তলৰ কিতাপখন লিখা হৈছিল



১৩. আমেৰিকাই ১৯৪৫ চনত জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত এটম বোমা পেলোৱা ঘটনাই আইনষ্টাইনক গভীৰভাৱে দু:খিত আৰু চিন্তিত কৰিছিল৷ কিন্তু তেওঁৰ ফৰমূলা (E=mc2) ৰাষ্ট্ৰপতি ৰুজভেটল্টলৈ চিঠি  লিখি বোমা নির্মাণৰ বাবে উৎসাহ দিয়াৰ বাবে টাইম আলোচনীৰ বেটুপাত আৰু নিউজউইক আলোচনীৰ বেটুপাতত খলনায়ক হিচাপে ফটো চপা হৈছিল৷ এই ঘটনাই তেওঁক পৰম ব্যথিত কৰিছিল৷

টাইম আলোচনী

নিউজ উইক আলোচনী


১৪. কিশোৰ-কিশোৰীক লৈ আইনষ্টাইনৰ মতামত:- “কিশোৰ কিশোৰীৰ কুমলীয়া মনবিলাক কিছুমান তথ্য, নাম আৰু ফর্মূলাৰে ভৰাই পেলোৱাটো ভূল৷ এইবিলাক জানিবৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰমৰ প্ৰয়োজন নাই, যিকোনো কিতাপতে এইবিলাক পোৱা যায় শিক্ষাৰ উদ্দেশ্য হোৱা উচিত ল’ৰা-ছোৱালীবোৰক চিন্তা কৰিবলৈ শিকোৱাটো, আৰু কোনো পাঠ্যপুথি ইয়াৰ বিকল্প হ’ব নোৱাৰে৷”

১৫. আইনষ্টাইনক ১৯২৫ চনত ইংলেণ্ডৰ ৰয়েল ছোচাইটিয়ে সন্মানীয় ‘কপলে মেডেল’ প্ৰদান কৰিছিল৷ পিছৰ বছৰ ৰয়েল এষ্ট্ৰনমিকেল ছোচাইটিৰ পৰাও সোণৰ পদক প্ৰদান কৰিছিল৷

১৬.  দ্য ব্ৰাউন বুক অব হিটলাৰ টেৰৰ:- জামানী ত্যাগ কৰি আইনষ্টাইন গুচি যোৱাৰ পিছত ইংলেণ্ড আৰু ফ্ৰাঞ্চৰ পৰা ১৯৩৩ চনত  ‘দ্য ব্ৰাউন বুক অব হিটলাৰ টেৰৰ’ নামৰ এখন কিতাপ প্ৰকাশ পাইছিল৷ কিতাপখনত হিটলাৰৰ ইহুদীৰ ওপৰত কৰা অপকর্মৰ বিতং তথ্য আৰু হত্যা কৰা লোকৰ নাম তালিকা প্ৰকাশ পাইছিল৷ জার্মান ফেচিষ্টবাদৰ গঠিত হোৱা বিশ্ব সমিতিয়ে প্ৰকাশ কৰা কিতাপখনৰ অন্যতম লেখক আছিল আইনষ্টাইন৷ কিয়নো উক্ত কমিটিৰ তেওঁ সভাপতি আছিল৷



১৭. এজনী কণমানি স্কুলীয়া ছোৱালীয়ে ঘৰত কৰিবলৈ দিয়া গণিতৰ অনুশীলনত কিছু আহুকাল পাই আছিল৷ তাই শুনিছিল যে তাইৰ ঘৰৰ ওচৰতে এজন অতি বিখ্যাত গণিতজ্ঞ থাকে আৰু তেওঁ সাংঘাতিক ভাল মানুহো৷ তাই তেওঁৰ ওচৰলৈ গ’ল আৰু গৃহ-অনুশীলনত তাইক সহায় কৰিবলৈ সর্নিবন্ধ অনুৰোধ জনালে৷ বুঢ়া মানুহজনে তাইক যথেষ্ট সহায় কৰিলে আৰু ধৈর্য ধৰি গণিতৰ সকলো কথা তাইক বুজাই দিলে৷ “স্কুলত আমাৰ শিক্ষকে বুজাই দিয়াতকৈ তেতিয়াহে গণিত বুজিবলৈ সহজ হৈ পৰিছিল৷” বুলি ছোৱালী জনীয়ে পিছৰ তাইৰ মাকক কৈছিল৷ এই ‘বুঢ়া গণিতজ্ঞ’ জন আছিল আইনষ্টাইন৷ ছোৱালীৰ মাকে যেতিয়া এই কথা শুনিলে তেতিয়া তেওঁ ছোৱালীজনীয়ে দিয়া অসুবিধাৰ বাবে ক্ষমা প্ৰার্থনা কৰিবলৈ আইনষ্টাইনৰ ঘৰ পালেগৈ৷ কিন্তু আইনষ্টাইনে আদৰ সাদৰ কৰি তেওঁক ভিতৰলৈ মাতি নিলে আৰু ক’লে, “আপুনি মোৰ ওচৰত ক্ষমা খুজিব নালেগে৷” কণমানি জনীয়ে মোৰ পৰা যিমান শিকিলে, তাতোকৈ বৰং মইহে তাইৰ সতে হোৱা কথা বতৰাৰ পৰা বেছি কথা শিকিলোঁ৷”

১৮. আইনষ্টাইনে চাইকেল চলাই ভাল পাইছিল৷ চাইকেলৰ বিষয়ে কৈছিল, “জীৱনটো এখন চাইকেলৰ দৰে৷ সন্তুলন ৰাখিবলৈ হ’লে তুমি চলাই থাকিব লাগিব৷”


১৯. ২০০৫ চনত ডেভিড অহানছন আৰু কোৰিয়াৰ এডভাঞ্চ ইনষ্টিটিউট অব চায়েঞ্চ এণ্ড টেকনলজিৰ সহযোগত এলর্বাট আইনষ্টাইন HUBO নামৰ এটা ৰবট আইনষ্টাইনৰ মুখমণ্ডলৰ আকৃতিত নির্মাণ কৰা হৈছিল৷



২০. কথা কবলৈ সক্ষম আফ্ৰিকান এই গ্ৰে পেৰটটোৰ নাম দিয়া হৈছিল- আইনষ্টাইন৷




  

একটি মন্তব্য পোস্ট করুন

2 মন্তব্যসমূহ