মৃত্যুঞ্জয়- বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচার্য্য
প্ৰথম প্ৰকাশ- জুলাই ১৯৭০ (অষ্টম প্ৰকাশ ২০১৫) চন্দ্ৰ প্ৰকাশ
মূল্য- ২৫০/ মুঠ পৃষ্ঠা- ২৮০
জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথমখন অসমীয়া গ্ৰন্থ৷ উপন্যাসখন সর্ম্পকে উপন্যাসিকে উল্লেখ কৰি গৈছে এইদৰে- “এই উপন্যাসখনত বর্নোৱা ঘটনাৰ কাল ১৯৪২ চন৷ চৰিত্ৰসমূহ কাল্পনিক৷ অৱশ্য ইয়াত স্বাধীনতাৰ শেষ আন্দোলনৰ চিৰস্মৰণীয় ঘটনাৱলীৰ আভাষ আৰু চিত্ৰণ আছে৷ ই ইতিহাস নহয়৷ নিজৰ কালত ঘটা ঘটনাৰ আলম লৈ ৰচা কাহিনীহে৷ এই ঘটনাবোৰ আন যুগৰ মানুহে অথবা ঐতিহাসিকে আন ধৰণে চাব আৰু সেইবোৰৰ বেলেগ বাখ্যা দিব৷ কিন্তু তথাপি ৰচকে নিজে দেখা সেই মহৎ জাগৰণ, তাত লিপ্ত হৈ অনুভৱ কৰা উত্তোলনৰ ভাৱ আৰু তাৰ মাজদি প্ৰত্যক্ষ কৰা স্বপ্ন- এইবোৰ জনাবলৈ অন্যযুগৰ লেখক বা বুৰঞ্জীবিদ সমর্থ হব বুলি আমাৰ ধাৰণা নহয়৷ সেইবিলাক অভিজ্ঞতা কোৱাৰ অধিকাৰ কেৱল সমকালীন লেখকৰ৷ দেখা, লিপ্ত হোৱা আৰু অনুভৱ কৰাৰ সুবিধা প্ৰত্যেক কালে কেৱল নিজৰ মানুহকহে দিয়ে৷ আন কালৰ বিদ্বানে অথবা কাহিনী লেখকে এইবোৰ ঘটনাক হয়তো ভিন্ন ৰূপে চাব৷ কিন্তু এই উপন্যাসখনত ফুটি উঠা ৰূপ স্বাধীনতাৰ সাধনা কালৰ৷ সেই সাধনাৰ মহত্ত্ব আৰু একক অনুভুতিৰ যিসকল অধিকাৰী হৈছিল, সেই সকলৰ আত্মাৰ যৎসামান্য চিনাকি ইয়াত আছে৷ মানৱ-মুক্তিৰ সাধনাতকৈ মানুহৰ সমগ্ৰ সত্ত্বা আৰু চিত্ত আলোড়িত কৰা আন কিবা কোবাল সাধনা আছে বুলি ধাৰণা কৰা টান৷ এই সাধনাইহে মানৱ-সমাজ আৰু মানৱ-চিত্তৰ দ্ৰুত ৰূপান্তৰ সাধে৷”
উপন্যাসখনৰ
আৰম্ভণিৰ পৰা একাংশ-
“কেঁচা
বৰলক জোকাই ল’লে গা সাৰিবলৈ টান’ কথাষাৰ কৈছিল ভিভিৰামে৷ আঁঠুমুৰীয়া চুৰীয়া, হাতখৰা
বগা খদ্দৰ কামিজ, ভৰিত এযোৰ আনিবৰে পৰা পলিচ নকৰা দগধা কাবুলী জোতা আৰু কেঁকোৰা-চুলীয়া,
জোঙানকীয়া, মিঠাবৰণীয়া মুখত এটা টলকিব নোৱাৰা শান্ত চেহেৰা৷ সিহঁত তিনিটা নামনিৰ ৰে’লত
কামপুৰৰ পৰা আহি জাগিৰোডত নামি নাৱত ক্ৰমশীর্ণা কপিলী পাৰ হৈ কোৱাকুবিকৈ খোজ দিছিল
লুংলুঙীয়া খৰাং বাটেদি দৈপাৰলৈ৷ পঁচিশ মাইলমান হব বাটছোৱা৷ মাজতে মনহা মৌজা৷ শান্ত
উদ্বেগহীন হৈ পৰিছিল মন, কাৰণ মনহা পাৰ হোৱাৰ পিছৰে পৰা প্ৰায় গোটেই বাটছোৱা ঘন হাবিয়নি,
বাটৰ দুয়োকাষে পাহাৰ অথবা বননি, নেদেখালৈকে হাবি, দলনি অথবা মুকলি পথাৰ৷ সোফালে দূৰলৈ
জিলিকিছিল কিছুমান চৰ৷
ধনপুৰ
লস্কৰ চফল ডেকা৷ ৰবাব টেঙা যেন কেটোৰ ক’লা গোফঁযুক্ত গোল মুখখন৷ বেকব্ৰাছ কৰা চুলিৰে
সৈতে অতিকায় বীর্যবান দেহটোৰ অবিস্মৰণীয় বৈশিষ্ট্য হৈছে বিশাল লোচনৰ দৃষ্টি৷ সেই দৃষ্টিত
যেন সংবর্তক অগ্নিহে বিৰাজ কৰিছে এনে লাগে৷ অশেষ চেষ্টাৰ বলতো হাইস্কুলৰ ডেওনা পাৰ
হ’ব নোৱাৰা, ধুমপানাসক্ত কিন্তু ভ্ৰাম্যমাণ গ্ৰহৰ দৰে নিয়ত গমনশীল এই তৰুণৰ মনত একুৰা
জুই জ্বলি আছিল৷ সেই গোপন ব্যথাৰ জুই দ্বিতীয়জনৰ চক্ষুগোচৰ হোৱা নাছিল৷ আজি ভ্ৰমণ দুষ
পাতলাবৰ বাবে আৰু আসন্ন বিপদসংকুল কতর্ব্য সম্পাদনত ঘনে ঘনে ৰোমাঞ্চিত হোৱা মনক ভিন্নমুখী
কৰিবৰ অর্থে ধনপুৰে মনহা মৌজা পাৰ হৈ পোৱা আবেলিৰ ৰ’দে পোহৰাই থোৱা নিৰাপদ অৰণ্যখনত
মনৰ সঞ্চিত দুখৰ কথা আন দুজন বন্ধুৰ আগত প্ৰকাশ কৰিছিল (পৃষ্ঠা-১)
উপন্যাসখনৰ
বিষয়ে গোটচেৰেক লেচেৰী
১. জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া গ্ৰন্থ
‘মৃত্যুঞ্জয়’ চন্দ্ৰপ্ৰসাদ শইকীয়া
সম্পাদিত ‘অসমীয়া’ত বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচার্যৰ উপন্যাস ‘মৃত্যুঞ্জয়’ প্ৰথমে
প্ৰকাশ হৈছিল৷ ১৯৬৮ চনত প্ৰকাশিত গ্ৰন্থখনত উপন্যাসিকে ১৯৪২ চনৰ সময়ছোৱাত তথা ইয়াৰ
লগত জড়িত স্বাধীনতাৰ সত্য ঘটনাসমূহক লৈ উপন্যাখনৰ জুমুঠিটো নির্মাণ কৰিছিল৷ ১৬ টা
খণ্ডত বিভক্ত উপন্যাসখনৰ নায়ক ধনপুৰ৷ নায়কে ব্ৰিটিছৰদ্বাৰা ধর্ষিতা শুভদ্ৰাক
চিকিৎসা কৰাই পিচত বিবাহ কৰায়৷ গোঁসাই চৰিত্ৰটোৰ যোগেদি বিপ্লৱী নেতাসকলক
প্ৰতিনিধিত্ব কৰাইছে৷
0 মন্তব্যসমূহ