কিতাপ ৯৯৮২

বাৰেবৰণীয়া অসম- হৰিনাথ শর্মা দলৈ

পদ্মপ্ৰিয়া লাইব্ৰেৰী/ প্ৰথম প্ৰকাশ- ১৯৯৪ (দ্বিতীয় প্ৰকাশ ২০০৩)/ বেটুপাতৰ চিত্ৰকাৰিণী-অঞ্জনা দেৱী
মূল্য- ৯০.০০/ মুঠ পৃষ্ঠা- ২৩০

সাহিত্যচার্য হৰিনাথ শর্মা বৰদলৈৰ দ্বাৰা লিখিত অসমৰ সংস্কৃতি-লোকসংস্কৃতিৰ ৰূপাঙ্কন বিষয়ক গ্ৰন্থ৷ প্ৰথম খণ্ডত অসমৰ আৱয়িক স্বৰূপ; দ্বিতীয় খণ্ডত অসমীয়া জাতি; তৃতীয়ত অসমৰ সংস্কৃতি আৰু চতুর্থ খণ্ডত লোক-সংস্কৃতি বিষয়ক তথ্যৰে সজাইছে৷ পাতনিতে লেখকে উল্লেখ কৰিছে, “অসমৰ সংস্কৃতি আৰু লোকসংস্কৃতি বিষয়ৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত ৰূপত প্ৰচলিত হৈ আছে৷ গতিকে আমাৰ ভাষাত এই ধৰণৰ গ্ৰন্থৰ অভাৱ হোৱা নাই বুলিব পাৰি৷ একেটা বস্তুকে ভিন্ন লোকে ভিন্ন দৃষ্টিভংগীৰে চায়, ফলত প্ৰকাশৰীতিয়ে নতুন ৰূপ লোৱাৰ উপৰিও বস্তুৰ-বিশেষত্বৰো নতুন দিশ কেতিয়াবা উন্মুক্ত হয়৷ এই ফালৰ পৰা আমাৰ এই গ্ৰন্থৰ কিবা বিশেষত্ব থাকক বা নাথাকক, ই অন্তত: অসমৰ সংস্কৃতি আৰু লোক-সংস্কৃতিৰ ৰূপাঙ্কনৰ ক্ষেত্ৰত অন্যতম সংযোজন৷”

হৰিনাথ শর্মা দলৈ


কিতাপখনৰ পৰা একাংশ:

           প্ৰাগজ্যোতিষ, কামৰূপ আৰু অসম নামৰ উৎপত্তি সম্বন্ধে মত

প্ৰাগজ্যোতিষ, কামৰূপ আৰু অসম- উত্তৰ-পূর্বাঞ্চলীয় দেশখনক বুজোৱা এই তিনিটা নামৰ উৎপত্তি সম্বন্ধে বিভিন্ন কথা পোৱা যায়৷ পুৰাণ শাস্ত্ৰৰ আখ্যান মতে ব্ৰক্ষ্মাই প্ৰথমতে ইয়াত (এই ভুখণ্ডত) জ্যোতিষ্কসমূহ সৃষ্টি কৰে৷ সেয়েহে, এই ভুখণ্ড জনাজাত হয় প্ৰাগজ্যোতিষ নামেৰে৷ ৰায়বাহাদুৰ কনকলাল বৰুৱাই কৈছে- বর্তমানৰ গুৱাহাটী নগৰৰ পূব প্ৰান্তত অৱস্থিত নৱগ্ৰহ পাহাৰ প্ৰাচীন কালত জ্যোতিষ চর্চ্চাৰ প্ৰধান কেন্দ্ৰ৷ এই পাহাৰতেই প্ৰথমে   জ্যোতিষ চর্চ্চা হোৱা কাৰণে দেশখনৰ নাম হয় প্ৰাগজ্যোতিষ৷ ড° বাণীকান্ত কাকতিয়ে ভাষাতাত্ত্বিক দৃষ্টিকোণৰপৰা “প্ৰাগজ্যোতিষ”ৰ উৎপত্তিৰ উঁহ উলিয়াইছে৷ তেওঁ কৈছে যে, এই শব্দটো কেইটামান অনার্য্য শব্দৰ (পাগাৰ+জুহ+তিক) পৰা আহিছে৷ পাগাৰ= পর্বত, জুহ= ওখ, তিক= দীঘল৷ ধ্বনিসাম্যৰ ক্ৰমগতিত “পাগাৰ-জুহ-তিক’ৰ প্ৰাগজ্যোতিষ ৰূপ পাইছে৷ ইয়াৰ অর্থ দীঘল আৰু ওখ পর্বতমালা নাইবা অসমান পর্বতীয়া ঠাই৷

কামাখ্যা মন্দিৰৰ মূল বিগ্ৰহ


         ‘কামৰূপ’ শব্দটোৰ উৎপত্তি সম্বন্ধেও একাধিক মত পোৱা যায়৷ পৌৰাণিক আখ্যান এই যে, শিৱহীন-দক্ষ যজ্ঞত অপমানিতা সতীয়ে ৰোষবশত: দেহত্যাগ কৰে৷ মহাদেৱে তেতিয়া সতীৰ মৃতদেহ কান্ধত লৈ উদ্ভ্ৰান্তভাবে নানা ঠাই পৰিভ্ৰমণ কৰে৷ গতি বিষম দেখি বিষ্ণুৱে নিজ চক্ৰৰে সতীৰ দেহ কাটি দিবলৈ আৰম্ভ কৰে৷ এইদৰে সতীৰ খণ্ডিত অঙ্গবোৰ একাবন্ন ভাগত বিভক্ত হৈ শিৱৰ অজ্ঞাতত বিভিন্ন স্থানত পৰি যায়৷ য’তে য’তে এই খণ্ডাঙ্গ নিপতিত হৈছিল ত’তে ত’তে এখোখন প্ৰসিদ্ধ তীর্থস্থান গঢ় লৈ উঠে৷ য’ত বর্ত্তমানে কামাখ্যা-মহাপীঠ আছে, তাতেই পৰিছিল সতীৰ যোনিখণ্ড৷ এইদৰে সতীৰ সকলো অঙ্গ শেষ হৈ যোৱাত সংসাৰনির্বিন্ন মহাদেৱ ঘোৰ-তপস্যাত নিমগ্ন হয়৷ বহুকাল পাছত তাৰকাসুৰক বধ কৰাৰ কাৰণে দেৱ-সমাজৰ আৱশ্যক হয় মহাদেৱৰ ঔৰসজাত পুত্ৰৰ৷ তেতিয়া মহাদেৱক পুনঃ সংসাৰী কৰোৱাৰ কাৰণে দেৱতাসকলে কামদেৱক অনুৰোধ কৰে- তেওঁৰ (শিৱৰ) তপস্যা-ভঙ্গ কৰিবলৈ৷ দেৱতাৰ আপদুগ্ধৰণৰ কাৰণে কামদেৱে মৰণত শৰণ দিয়ে৷ নাতিদূৰস্থ ঠাইৰ পৰা ধ্যানস্থ শিৱৰ গালৈ তেওঁ পুষ্পবাণ নিক্ষেপ কৰে৷ ফলত মহাদেৱৰ ধ্যানভঙ্গ হ’ল. চকু ঘূৰাই দেখিলে- কুসুমায়ুবধাৰী কুসুমায়ুধ৷ অত্যন্ত কুপিত হৈ মহাদেৱে তৃতীয়-চক্ষুৰে দৃ্ষ্টিপাত কৰিলে, লগে লগে কামদেৱ থিতাতে ভস্মীভূত হৈ গ’ল৷ তেতিয়া কাম-পত্নী ৰতিদেৱী আহি বৰকৈ অনুনয়-বিনয় কৰে- স্বামীৰ প্ৰাণদান দিবলৈ৷ অশুতোষ মহাদেৱ তুষ্ট হৈ কামদেৱক জীৱন্ত কৰি তোলে৷ ভস্মীভূত কামদেৱে এইদৰে এই ঠাইতে পুনৰ ৰূপ পাইছিল কাৰণে, ঠাইখনৰ নাম হয় কামৰূপ৷ ছাৰ এডোৱার্ড গেইটেও কামৰূপ নামৰ উৎপত্তি সম্বন্ধে উক্ত পৌৰাণিক আখ্যানটোৰেই উল্লেখ কৰিছে৷ লগতে গেইটে ইয়াৰ প্ৰাসঙ্গিক পাদটীকাত কৈছে যে কামৰূপ নামৰ উদ্ভব সম্বন্ধীয় উক্ত আখ্যানটোৰ অঙ্কুৰ গোপথ-ব্ৰাক্ষ্মণৰ ভূমিকাতেই পোৱা যায়৷ ড° বাণীকান্ত কাকতিয়ে কিন্তু ভাষাতত্ত্বৰ ভেটিত কৈছে যে, ‘প্ৰাগজ্যোতিষ’ শব্দৰ নিচিনা ‘কামৰূপ’ শব্দও অনার্য্যমূলীয়৷ অষ্ট্ৰীক- গোষ্ঠীৰ চাওতালী ভাষাৰ অর্ন্তগত ‘কামৰু’ বা ‘কাম্বৰু’ শব্দৰ অর্থ শ্মশান দেৱী৷ মৰাশ, মন্ত্ৰ কৰি মাৰাক জীওৱা আদি শব্দও এই শব্দই প্ৰকাশ কৰে৷ কামদেৱে মৃত্যুৰ পৰা পুনৰ জীৱন পোৱা উক্ত আখ্যানটোৰ লগত সাদৃশ্য লক্ষ্য কৰি ড° কাকতিয়ে কৈছে যে, মৰা মানুহ জীওৱা সম্বন্ধে প্ৰাচীন অধিবাসীসকলৰ মাজত হয়তো কিবা কথা প্ৰচলতি আছিল৷ তাৰেই আধাৰত ‘কামৰ’ শব্দৰ লগত স্থানবাচক ‘ত’ পৰসর্গ লগ হৈ ‘কামৰূত’ হয়৷ ক্ৰমশঃ আর্য্যীকৰণৰ ফলত ‘কামৰূত’ৰ পৰা ‘কামৰূপ’ হয়৷  

কামদেৱ


         …ষোড়শ-সপ্তদশ শতিকাত সাহিত্যিক ৰচনাৰ মাজত (দৰং ৰাজবংশাৱলী, গুৰু চৰিত আদিত) ‘অসম’ আৰু ‘আসাম’ শব্দ জাতিবাচক হিচাপে (শান জাতিক বুজোৱাৰ কাৰণে) প্ৰথমতে প্ৰয়োগ হোৱা দেখা যায়৷ …উত্তৰ-পূৱ প্ৰান্তীয় ভূখণ্ডক বুজোৱাৰ কাৰণে পাছৰ কালত ‘অসম’ নামটোৰ প্ৰচলন কেনকৈ হ’ল, সেই সম্বন্ধে কেইবাটও যুক্তিপূর্ণ মত পোৱা যায়৷ যেনে- (ক) গুণাভিৰাম বৰুৱাই কৈছে- “কোনো কোনো লোকে কয় বোলে এই দেশৰ দুয়োফালে পর্বত আছে, আৰু মাজ ভাগৰো অনেক ঠাইত খাল বাম ওখ আৰু চাপৰ, ঠাই সমান নহয়, সেই দেখি এই খনক অসম দেশ অর্থাৎ ঠাই নোহোৱা দেশ বোলে৷….. যেতিয়া আর্য্যস্ৰোত এই দেশলৈ আহিল, তেতিয়া এই দেশ সমান নোহোৱাত ইয়ালৈ অহা আর্য্যসকলে ইয়াক অসম বুলিলে৷ (খ) পদ্মনাথ গোহাঞিবৰুৱাৰ মতে, “ব্ৰক্ষ্মদেশৰ অন্তর্গত ইৰাৱতী উপত্যকাৰ শ্যান প্ৰদেশী টাই জাতীয় ‘অসম’ বা ‘অহম’ বা ‘আহম’ বা ‘আহোম’ স্বর্গদেৱ চুকাফাই এই দেশত অসীম প্ৰতাপেৰে ৰাজত্ব বঢ়োৱাৰ পিছৰপৰাহে সেই “অসম প্ৰতাপী ৰজাৰ” নাম অনুসৰিয়েই এই দেশৰ নাম ‘অসম’ হয় আৰু বৃট্ৰিছৰ শাসনৰ তললৈ যোৱাৰ পিচৰ পৰা অপভ্ৰংশ নাম ‘আসাম’ হৈছে৷ (গ) ছাৰ এডোৱার্ড গেইটৰ মত এই যে আহোমসকল- অর্থাৎ শান বা টাই জাতিৰ মানুহৰ বল বিক্ৰমৰ তুলনা নাছিল আৰু তেওলোকৰ সমকক্ষ কোনো নাছিল৷ সেয়েহে তেওলোকক বোলা হৈছিল ‘অসম’৷ (ঘ) বেডেন পাৱেলৰ মতে ‘অসম’ শব্দটো বড়োভাষামূলীয়৷ তেওঁৰ মতে ‘হা-চোম’ (নিম্নভূমি) শব্দৰ পৰা ‘হাচাম’- ‘আচাম’- ‘অচম’ এই ক্ৰমগতিত গৈ শেষত ‘অসম’ হৈছে৷ (ঙ) ড° বাণীকান্ত কাকতিৰ মতে ‘আসাম’ শব্দৰ সংস্কৃতিকৰণ ৰূপ হৈছে ‘অসম’৷ তেওঁ কয়- নতুনকৈ অহা জাতিটোৱে (আহোমে) নিজকে ‘টাই’ বা ‘শান’ বুলিছিল৷ টাই ভাষাত ‘চাম’ ধাতুৰ অর্থ  পৰাজিত৷ ইয়াত নিষেধার্থক ‘আ’ যোগ কৰিলে হয় ‘আচাম’, আৰু এই ‘আচাম’ শব্দই বুজাইছিল বিজয়ী ‘শান’ সকলক৷ এই ‘আচাম’ শব্দ পৰিৱর্ত্তিত হৈ ক্ৰমে ‘অচম’- ‘অহম’- ‘আহোম’ হয়৷ শেষত গৈ ‘আচাম’ সকলে জয় কৰা ৰাজ্যখনৰ নাম হয় ‘অচম’- ‘অসম৷ ইয়াত উদ্বৃত কৰা হোৱা নাই যদিও ‘অসম’ নামটোৰ উৎপত্তি সম্বন্ধে আৰু একাধিক মতবাদ আছে৷ ( পৃষ্ঠা- ১৩-১৫)            

একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ