প্ৰথম অধ্যায়
বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন
অতি চমু উত্তৰৰ প্ৰশ্ন:-
১. বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ
শাসনকালত সংঘটিত হৈছিল ?
উত্তৰ-
ভাইচৰয় লর্ড নেথানিয়েল কার্জন (১৮৯৯-১৯০৫)
![]() |
| লর্ড কার্জন |
২. ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে
বংগ বিভাজন কার্যকৰী হৈছিল?
উত্তৰ-
১৬ অক্টোৱৰ, ১৯০৫
৩. বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ
কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
উত্তৰ-
দিনজানপুৰৰ প্ৰতিবাদী সভাত (২০ জুলাই, ১৯০৫)
৪. স্বদেশী আন্দোলনৰ সময়ছোৱাত
‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল ?
উত্তৰ-
ভূপেন্দ্ৰনাথ দত্ত (সাপ্তাহিক, ১৯০৬)
৫. বংগদেশত ‘জাতীয় শিক্ষা
পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ-
১১ মার্চ, ১৯০৬ (কলিতাৰ টাউন হলত)
৬. ‘বেংগল কেমিকেলছ’
নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?
উত্তৰ-
আচার্য প্ৰফুল্ল চন্দ্ৰ ৰায় (২৫ জুলাই, ১৯০৬)
৭. কাৰ পৌৰোহিত্যত অনুষ্ঠিত
জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
উত্তৰ-
দাদাভাই নৌৰজী (কলিকতা অধিৱেশন, ১৯০৬)
৮. ‘বন্দিনী ভাৰত’ নামৰ নাটকখনৰ
ৰচক কোন?
উত্তৰ-
অম্বিকাগিৰী ৰায়চৌধুৰী
৯. বংগদেশৰ একত্ৰিকৰণ কেতিয়া
হৈছিল?
উত্তৰ-
১৯১১ চন৷
চমু উত্তৰৰ প্ৰশ্ন:
১. বংগ বিভাজনে সৃষ্টি কৰা
‘পূর্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা প্ৰধান তিনিটা ভৌগোলিক
সংমণ্ডল উল্লেখ কৰা৷
উত্তৰ- ‘পূর্ববংগ আৰু অসম’ প্ৰদেশৰ সৈতে সংলগ্ন হোৱা
ভৌগোলিক সংমণ্ডল তিনিটা হৈছে- ৰাজশাহী, ঢাকা আৰু চট্ৰগাম৷
২. বংগ বিভাজনৰ অন্তর্নিহিত
উদ্দেশ্য কি আছিল চমুকৈ লিখা৷
উত্তৰ- ইংৰাজ চৰকাৰে ১৯০৫ চনৰ ১৬ অক্টোৱৰত বংগ বিভাজন কার্ষকৰী
কৰে৷ বংগ প্ৰদেশক এজন লেফটেনেণ্ট গৱর্ণৰে শাসন কৰিব নোৱৰাৰ অজুহাত দেখুৱাই দুভাগত বিভক্ত
কৰিছিল৷ কিন্তু ইয়াৰ অন্তনিহিত উদ্দেশ্য বেলেগ আছিল৷ তলত তাৰ কাৰণবোৰ দিয়া হ’ল-
ক)
বংগদেশৰ হিন্দু-মুছলমানৰ মাজত একতা ভাঙি সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা৷
খ)
বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱী সকলক দুয়োখন প্ৰদেশত সংখ্যালঘুত
পৰিণত কৰা৷
গ)
একতাৰ শক্তিক বিভাজিত কৰি ইংৰাজ বিদ্বেষী চৰমপন্থীসকলক দমন কৰা ৷
৩. বংগ বিভাজনবিৰোধী আন্দোলনে
‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা ৷
উত্তৰ- বংগ বিভাজনে (১৬ অক্টোৱৰ, ১৯০৫) বিশাল বংগক দুটা ভাগত
বিভক্ত কৰে৷ জনসাধাৰণক বংগচ্ছেদ কার্যই অসন্তুষ্টিৰ ভাৱ জগাই উলিছিল৷ বঙালী জাতীয়তাবাদক
ধ্বংস কৰি হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব খুজিছে বুলি জাতীয় আন্দোলন সূচনা
কৰিছিল৷
পূর্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগত অনুষ্ঠিত প্ৰতিবাদী
সভাত সংঘবদ্ধভাৱে বিদেশী বস্তু বর্জন আৰু নিজ দেশত ভাৰতীয়ৰ হাতেৰে প্ৰস্তুত সামগ্ৰী
গ্ৰহণৰ সিদ্ধান্ত অনুমোদিত হয়৷ ১৯০৫ চনৰ ২০ জুলাইত দিনজানপুৰত অনুষ্ঠিত বিশাল
জন সভাত বিদেশী বস্তু বর্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা আন্দোলনটো ‘স্বদেশী আন্দোলন’
নামেৰে পৰিণত হৈছিল৷
৪. স্বদেশী আন্দোলনে জাতীয়
শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা৷
উত্তৰ:- বংগ বিভাজনৰ বিপক্ষে ভাৰতীয়ই আৰম্ভ কৰা স্বদেশী আন্দোলনত
ভাৰতীয় ছাত্ৰসকলেও অংশগ্ৰহণ কৰিছিল৷ সেই কাৰনে বংগ প্ৰদেশৰ চৰকাৰৰ মূখ্য সচিব আৰ
ডব্লিউ কার্লাইলে ছাত্ৰসকলত আন্দোলনৰ পৰা বিৰত থাকিবলৈ জাননী জাৰি কৰে৷ ৰবীন্দ্ৰনাথৰ
আহ্বানত কিন্তু চৰকাৰৰ আদেশ অমান্য সিদ্ধান্ত গ্ৰহণ কৰে৷ বিশ্ববিদ্যালয়সমূহক গোলামখানা
আখ্যা দি ছাত্ৰ সকল ওলাই আহি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷
কলিকতাৰ এখন জনসভাত কবিগুৰুৱে ‘বংগ জাতীয়
বিদ্যালয়’ আৰম্ভ কৰে৷ পিছলৈ ৰংপুৰ আৰু অনান্য স্থানত চৰকাৰী বিদ্যালয় ত্যাগ কৰা শিক্ষার্থীক
লৈ জাতীয় বিদ্যালয় স্থাপন কৰে৷ ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাত জাতীয় শিক্ষাৰ
শীর্ষ অনুষ্ঠান ‘জাতীয় শিক্ষা পৰিষদ’ গঠন হয়৷
অৰবিন্দ ঘোষৰ অধ্যক্ষতাত ১৯০৬ চনত বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হৈছিল৷
ডিচেম্বৰত সেইখন বংগ জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়৷ একেদৰে তাৰকনাথ পালিতৰ
অর্থসাহার্য্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠান গঢ়ি উঠিছিল৷ বর্তমান
এইখনক যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে জনা যায়৷ আন্দোলনৰ সময়খিনিত ৬২ খন মাধ্যমিক আৰু
৩০০০ প্ৰাথমিক জাতীয় বিদ্যালয় গঠন হয়৷ কেৱল বংগদেশতেই নহয় ভাৰতৰ অন্য প্ৰান্তটো জাতীয়
বিদ্যালয় স্বদেশী আন্দোলনৰ সময়ত স্থাপন হৈছিল৷ এইবোৰে জাতীয় শিক্ষালৈ উল্লেখযোগ্য বৰঙণি
আগবঢ়াইছিল৷
৫. স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ
কেনেদৰে হৈছিল ?
উত্তৰ- বংগ বিভাজনৰ বিৰোধিতাৰৰে আৰম্ভ হোৱা স্বদেশী আন্দোলনৰ
সময়ছোৱাত বংশদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি হৈছিল৷ স্বদেশী
সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পোৱাত কুটিৰ শিল্প আৰু ডাঙৰ শিল্প, জাতীয় বেংক, স্বদেশী বীমা
কোম্পানীৰ চাহিদা বৃদ্ধি পাইছিল৷ তাৰ ফলস্বৰূপে বংগদেশত আত্মশক্তি আৰু আত্মনির্ভশীলতাৰ
বাতাবৰণ গঢ়িবলৈ বহুতো ব্যক্তিয়ে স্বদেশী উদ্যোগ-প্ৰতিষ্ঠান স্থাপন কৰিছিল৷ ব্যৱসায়
বাণিজ্য আৰু শিল্পৰ ক্ষেত্ৰত বংগদেশত স্থাপিত স্বদেশী প্ৰতিষ্ঠানৰ বিকাশ তলত উল্লেখ কৰা হ’ল
ক)
ৰবীন্দ্ৰনাথ ঠাকুৰৰ- স্বদেশী ভাণ্ডাৰ (১৮৯৭) বস্ত্ৰ প্ৰতিষ্ঠান৷
খ)
যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেন- বউবজাৰৰ ‘ইণ্ডিয়ান ষ্টোৰছ’
(১৯০৫) ত সকলো স্বদেশী সামগ্ৰী৷
গ)
সৰলা দেৱী- বিধান সৰণীত স্থাপিত ‘লক্ষী ভাণ্ডাৰ’ (১৯০৩)৷
ঘ)
আব্দুল হালিম গজনবি- লাল বজাৰত প্ৰতিষ্ঠিত ‘ইউনাইটেড বেংগল ষ্টোৰছ’
(১৯০৬)৷
ঙ)
নীলৰতন চৰকাৰ- ‘বংগলক্ষী কটন মিল’ (১৯০৬, ১ আগষ্ট)৷
চ)
আচার্য প্ৰফুল্লচন্দ্ৰ ৰায়- ‘বেংগল কেমিকেলছ’ (১৯০৬, ২৫ জুলাই)৷
ছ)
জামছেদজী টাটা- লৌহ শিল্প কাৰখানা (১৯০৭) ইত্যাদি৷
এনেদৰে স্বদেশী আন্দোলনৰ সময়ত বংগদেশত জাতীয় শিল্পৰ
বিকাশ হৈছিল৷
৬. স্বদেশী আন্দোলন
দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কার্য্যসুচী গ্ৰহণ কৰিছিল?
উত্তৰ- স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে
বহুকেইটা আন্দোলনিৰোধী কার্য্যসূচী গ্ৰহণ কৰিছিল৷ তলত তাৰে উল্লেখ কৰা হ’ল=
ক)
জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক নিজৰ হাতত ৰাখিবলৈ উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল৷
খ)
সদস্য সকলক উচ্চ ন্যায়লয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, প্ৰাদেশিক পর্যায়ৰ
লোভনীয় পদ যাচিছিল৷
গ)
বংগদেশৰ মুখ্য সচিব আৰ. ডব্লিউ. কার্লাইলে ছাত্ৰসকলত আন্দোলনত অংশ নলবলৈ জাননী জাৰি কৰিছিল৷
৭. স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা৷
উত্তৰ- স্বদেশী আন্দোলনৰ বহুকেইটা ফলাফল আছিল৷ তাৰে তিনিটা
তলত উল্লেখ কৰা হ’ল-
ক) মুছলিম লীগৰ প্ৰতিষ্ঠা:- হিন্দু-মুছলমানৰ একতা ধ্বংস কৰিবৰ বাবে ইংৰাজে বংগ
বিভাজন কৰিছিল৷ লর্ড কার্জনৰ পিছত লর্ড মিণ্টোৱে ভাইচৰয় পদত অধিষ্ঠিত হৈ নবাব ছলিমউল্লাৰ
সহায়ত মুছলিম লীগ গঠন কৰে৷ মুছলমানসকলৰ বাবে পৃথক নির্বাচনৰ ব্যৱস্থাৰ সুবিধা দিছিল৷
খ) মহিলাৰ অংশগ্ৰহণ:- স্বদেশী আন্দোলনত পুৰুষৰ লগতে মহিলাই অংশগ্ৰহণ কৰিছিল৷
সৰলা দেৱী চৌধুৰীণীয়ে বিভিন্ন উৎসৱ অনুষ্ঠান আয়োজন কৰাৰ লগতে যুৱক-যুৱতীসকলৰ বাবে লাঠীখলে
আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল৷ ভগিনী নিবেদিতাই দেশৰ নাৰী আৰু যুৱকসকলক দেশীয় শিল্পৰ
যোগেদি স্বনির্ভৰশীল হ’বলৈ আহ্বান জনাইছিল৷
গ) জাতীয় সাহিত্য:- শ্বদেশী আন্দোলনৰ পটভূমিত বিভিন্ন সংবাদপত্ৰ, আলোচনী,
গ্ৰন্থ, নাটক, প্ৰবন্ধ আৰু গীত প্ৰকাশ পাইছিল৷ সংবাদপত্ৰসমূহে বংগভংগ বিৰোধী আন্দোলনৰ
গতি তীব্ৰ কৰি তুলিছিল৷ গীতসমূহে বঙালী জাতীক উদ্বুদ্ধ কৰিছিল৷
৮. স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা৷
উত্তৰ:- স্বদেশী আন্দোলনৰ তিনিটা অৱদান হৈছে-
ক) বেছিভাগ মানুহেই আন্দোলনত সমৱেত হ’লে গণ আন্দোলনৰ
ৰূপ পায় সেই ৰাজনৈতিক শিক্ষা আন্দোলনৰ পৰা লাভ কৰিছিল৷
খ) স্বদেশী আন্দোলনৰ ভাৰতীয় জাতীয় কংগ্ৰেছক এটা বৃহত্তৰ
আনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাত সুযোগ প্ৰদান কৰে৷
গ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবর্ষত সশস্ত্ৰ বিপ্লৱৰ
সূচনা হৈছিল৷ অস্ত্ৰৰ দ্বাৰাহে বিপ্লৱৰ পথ সুগম বুলি প্ৰতিফলিত হৈছিল৷
চমু টোকা লিখা:-
১)
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ:-
![]() |
| ভাৰতীয় ডাক টিকটত কবিগুৰু |
কবিগুৰু খ্যাত ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ ভংগৰ বিৰোধিতা
কৰিছিল৷ হিন্দু-মুছলমানৰ মাজত ঐক্যতা বজাই ৰাখিবলৈ আহ্বান জনাইছিল৷ বংগ ভংগ কার্যকৰী
হোৱাৰ দিনা তেওঁ ‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক’ নামৰ ৰাশী সংগীতটি
লিখি কলিকতাত পথচাৰীক গোৱাই হাতত ৰাখী পিন্ধাইছিল৷ আন্দোলনক আধাৰ কৰি তেওঁ মুঠ
২৩ টি গীত ৰচনা কৰিছিল৷ তাৰ মাজৰ দুটি বিখ্যাত গীত হৈছে- ‘যদি তোৰ ডাক শুনে কেও
না’ আৰু ‘আমাৰ সোনাৰ বাংলা’৷ স্বদেশী আন্দোলনৰ পটভূমিত তেওঁ
‘ভাই ভাই এক ঠাই’ নামৰ বিখ্যাত প্ৰবন্ধ লিখিছিল৷
শিক্ষার্থীসকলক চৰকাৰী শিক্ষানুষ্ঠান এৰি স্বদেশী শিক্ষা
গ্ৰহন কৰিবলৈ তেওঁ আহ্বান জনাইছিল৷ নিজেও স্বদেশী
ভাণ্ডাৰ নামৰ প্ৰতিষ্ঠা স্থাপন কৰে৷ তেখেতে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘জনগণ মন অধিনায়ক’
লিখিছিল৷ নোৱেল পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয়৷
২)
মার্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা) (১৮৬৪-১৯১১):
![]() |
| ভগিনী নিবেদিতা |
আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা এইগৰাকী মহিলাই
কলিকতাত থকা সময়ত বহুকেইটা ভাৰতীয় সংগঠনৰ লগত জড়িত আছিল৷ তেওঁ স্বদেশী আন্দোলনৰ সময়ত
বিবেকানন্দ ছ’চাইটি, অনুশীলন সমিতি, ইয়ংমেনছ হিন্দু ইউনিয়নৰ হৈ সেৱা আগবঢ়াইছিল৷ ড’ন
ছ’চাইটিৰ হৈ ছাত্ৰ সকলৰ মাজত দেশাত্মবোধ জাগ্ৰত কৰিছিল৷ লগতে যুৱক-যুৱতীসকলক দেশীয়
শিল্পৰ যোগেদি স্বনির্ভৰশীল হ’বলৈ আহ্বান জনাইছিল৷ তেওঁ অবনীন্দ্ৰনাথ ঠাকুৰৰ ‘বংগ মাতা’
ছবিখনক ‘ভাৰত মাতা’ ৰূপ দিছিল৷
৩) নবাব ছলিমউল্লা
![]() |
| নবাব ছলিমউল্লা |
তেওঁ আছিল ঢাকাৰ নবাব৷ লর্ড মিণ্টোৰ পৰা তেওঁ ১৪ লাখ টকা নগণ্য সূতত ধাৰলৈ লৈছিল৷ ১৯০৬ চনত বংগদেশৰ একাংশ শিক্ষিত মুছলমান লৈ ঢাকাত ‘সর্বভাৰতীয় মুছলিম লীগ’ অনুষ্ঠান গঠন কৰে৷ অনুষ্ঠানত তেওঁ ঘোষণা কৰিছিল ব্ৰিটিছ চৰকাৰে মুছলমান চৰকাৰক ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বার্থৰ প্ৰতি সদা সচেতন৷ মুছলমান ৰাইজে চৰকাৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব লাগে বুলি আহ্বান জনাইছিল৷
৪)
অম্বিকাগিৰী ৰায়চৌধুৰী
টাইমলাইনত বংগ বিভাজন (১৯০৫-১১) আৰু স্বদেশী আন্দোলন
১৭৬৫:- এলাহবাদ সন্ধিৰ
যোগেদি মোগল সম্ৰাট শ্বাহ আলমৰ পৰা কোম্পানীৰ ৰবার্ট ক্লাইবে বংগৰ
লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কতৃর্ত্ব লাভ৷ পিছলৈ তিনিওটা
অংশক মিলাই বংগ প্ৰদেশ সৃষ্টি কৰে৷
১৭৭৩:- ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী
আইন (Regulating Act-1773) প্ৰৱর্তন কৰি বংগ প্ৰেছিডেন্সিৰ গৱর্ণৰ পদটো ‘গৱর্ণৰ
জেনেৰেল’ (Governor General) লৈ উন্নীত কৰে৷ ব্যৱস্থাই বোম্বাই আৰু মাদ্ৰাজৰ গৱর্ণৰ
দুগৰাকীক Fort William ৰ তলতীয়া কৰে৷ তেওঁৰ দায়িত্বভাৰ বৃদ্ধি পোৱাৰ বাবে বংগ প্ৰদেশ
শাসনৰ বাবে এজন লেফটেনেণ্ট গৱর্ণৰ নিয়োগ কৰে৷
১৮২৬:- য়াণ্ডাবু সন্ধি
(২৪ ফেব্ৰুৱাৰী)ৰৰ যোগেদি অসম তথা ব্ৰক্ষ্মপুত্ৰ উপত্যাকাৰ আহোম ৰাজ্য কোম্পানীৰ অধীনলৈ
যায়৷ একেদৰে কাছাৰ (১৮৩২), খাছীয়া পাহাৰ (১৮৩৩), জয়ন্তীয়া পাহাৰ (১৮৩৫), মটক আৰু শদিয়া
ৰাজ্য (১৮৩৯), খামতি অৰু চিংফৌ ৰাজ্য (১৮৪৩), আঙ্গামীসকলৰ নগা পাহাৰ (১৮৫৪) চনত ভাৰত
বৃট্ৰিছ শাসনৰ অধীন হৈছিল৷ ১৮৭৪ চনলৈ এই অঞ্চলসমূহ বংগ প্ৰদেশৰ লেফটেনেণ্ট গৱর্ণৰ যোগেদি
পৰিচালিত হৈছিল৷
১৮৫৭:- চিপাহী বিদ্ৰোহ৷
ভাৰতীয় প্ৰশাসনিক ব্যৱস্থা নতুনকৈ সজাবলৈ সিধান্ত৷ উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা
আৱৰা বংগ প্ৰদেশৰ সু-শাসনৰ বাবে ভাগ কৰিবৰ সিধান্ত৷ দেশৰ শাসন ব্যৱস্থাৰ বাবে কলিকতা,
বোম্বাই অৰু মাদ্ৰাজক ‘প্ৰেছিডেন্সি’ ঘোষণা কৰে৷
১৮৬৬:- বংগদেশৰ অর্ন্তগত উৰিষ্যাত
ভয়ানক দুর্ভিক্ষত প্ৰায় ১০,০০০ হেলাৰ লোকৰ মৃত্যু৷ ভাইচৰয় লর্ড নর্থব্ৰুকে বংগ প্ৰশাসনৰ
দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰক বংগ বিভাজনৰ প্ৰস্তাৱ দাখিল কৰে৷
১৮৭৪:- ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ
৬ খন জিলা ক্ৰমে- গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ আৰু লক্ষীমপুৰ ক খাছীয়া-জয়ন্তীয়
পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহত্ৰক লগ লগাই অসম ৭ ফেব্ৰুৱাৰীত
‘অসম’ প্ৰদেশ গঠন কৰে৷ মুঠ মাটিকালি ৫৪, ১০০ বর্গমাইল আৰু জনসংখ্যা ৪১,৫০,০০০৷
শাসনৰ বাবে মুখ্য আয়ুক্ত (Chief Commissioner পদ সৃষ্টি কৰি কর্ণেল আৰ এইচ কীটিঞ্জক (Colneal R. H. Ketings, 1874-78) দায়িত্ব দিয়ে৷
১৮৯৪:- অসমৰ মুখ্য আয়ুক্ত
উইলিয়াম ৱার্ড (William E. Ward) অসমৰ চাহখেতিৰ সম্প্ৰসাৰণ আৰু ইউৰোপৰ ব্যৱসায়িক
সা-সুবিধাৰ বাবে বংগদেশৰ চট্ৰগামলৈকে অসমৰ ভৌগোলীক সীমা সম্প্ৰসাৰণৰ প্ৰস্তাৱ দাঙি
ধৰে৷
১৯০১:- মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত
এন্দ্ৰু ফ্ৰেজাৰে বংগৰ জনসংখ্যা অধিক হোৱাৰ অচিলাৰে বংগদেশৰ ভৌগোলিক সীমাৰ পৰির্ৱতন
কৰাৰ প্ৰস্তাৱ কার্জনৰ আগত দাঙি ধৰে৷ তেওঁ সম্বলপুৰ আৰু উৰিষ্যাক বংগ প্ৰদেশৰ পৰা কাটি
নি মধ্যপ্ৰদেশত চামিলৰ প্ৰস্তাৱ দাঙি ধৰে৷
একে বছৰতে অসমৰ আয়ুক্ত জন ব্যামফিল্ড ফুলাৰে
(১৯০২-০৫) চাহ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে চট্ৰগামক অসমৰ লগ লগাই দিবলৈ প্ৰস্তাৱ দিয়ে৷
১৯০৩ :- এন্দ্ৰু ফ্ৰেজাৰ
বংগ প্ৰদেশৰ লেফটেনেণ্ট গৱর্ণৰ পদত অধিষ্ঠিত হোৱাত কার্জনে সীমান্ত পুনৰ গঠন পৰিকল্পনাৰ
নিদের্শ দিয়ে৷ তেওঁ উইলিয়াম ৱার্ডে আগবঢ়োৱা পৰামর্শৰ ৰদ বদল কৰি বংগ বিভাজনৰ
আঁচনি যুগুত কৰে৷
২৩ মার্চ: ফ্ৰেজাৰে বংগ প্ৰদেশৰ পৰা ঢাকা, চট্ৰগ্ৰাম আৰু ৰাজশাহী
সংমণ্ডলক (মুঠ মাটিকালি ১,০৬,৫৪০ বর্গমাইল) কাটি অসমৰ লগত সংলগ্ন কৰি আঁচনি কার্জনৰ
হাতত অর্পণ কৰে৷ তেওঁ বিস্তাৰিত বিৱৰণসহ লণ্ডন চৰকাৰৰ হাতলৈ বিষয়টো পঠায়৷
৬ ডিচেম্বৰ:
কার্জনৰ আঁচনিখন ভাৰত সচিব হার্বাট (Herbert Risley) ৰিজলীয়ে ‘ৰিজনী পেপাৰ’ নামেৰে
প্ৰকাশ কৰে৷ উল্লেখ থাকে যে এজন লেফটেনেণ্ট গৱর্ণৰেসমগ্ৰ বংগ প্ৰদেশ শাসনত অসুবিধা
আছে৷ গতিকে উত্তৰ আৰু পূব বংগৰ ১৫ খন জিলা অসমৰ সৈতে লগ লগাই ‘পূব বংগ আৰু অসম’ গঠন
কৰিব৷ এই পেপাৰক বংগ ভংগ নামেৰে জনা গৈছিল৷
মাদ্ৰাজত অনুষ্ঠিত ভাতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ
পৰা সভাপতি লালমোহন ঘোষে চৰকাৰক বংগ ভংগ পৰিকল্পনা ত্যাগ কৰিবলৈ সকীয়নী৷
১৯০৫:- ২ ফেব্ৰুৱাৰীত কার্জনে
বংগ ভংগৰ প্ৰস্তাৱ অনুমোদনৰ বাবে লণ্ডনলৈ প্ৰেৰণ কৰে৷ ৯ জুনত ভাৰত সচিৱ জন ব্ৰডৰিকে
তাঁৰ বার্তাৰ যোগেদি অনুমোদন জনায়৷ ১৯ জুলাইত পৰিকল্পনাটো ভাৰত-ব্ৰিটিছ চৰকাৰে প্ৰকাশ
কৰে৷ ১ ছেপ্তেম্বৰত পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰে৷
১৬ অক্টোৱৰ পৰা ভাৰতত বংগ ভংগ চাৰিটা পর্বত কার্যকৰী
হয়৷ ক্ৰমে-
প্ৰথম দফা:- ক) ৰাজশাহী, ঢাকা আৰু চট্ৰগ্ৰাম সংমণ্ডল অসমৰ সৈতে চামিল হৈ ‘পূব বংগ
আৰু অসম’ হব৷ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ নিয়া হব৷ শাসন অর্পণ কৰিব এজন লেফটেনেণ্ট
গৱর্ণৰ হাতত৷
দ্বিতীয় দফা:- পূব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয়
স্থাপন কৰা হব৷ সুকীয়া ন্যায়ালয় নোহোৱা পযর্ন্ত কলিকতা উচ্চ ন্যায়লয়ৰ অধীনত বিচাৰ চলিব৷
তৃতীয় দফা:- পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰক লৈ ‘বংগ প্ৰদেশ’ কলিকতাত
ৰাজধানী পাৰি গঠন কৰা হ’ব৷
চতুর্থ দফা:- ১৯০৫ চনৰ ১৬ অক্টোৱৰৰ পৰা বিভাজন পৰিকল্পনা কার্য্যকৰী
হ’ব৷ ইয়াৰ প্ৰতিবাদ বিভিন্ন ধৰণে জনতাৰ মাজত হৈছিল৷
বংগভংগৰ প্ৰতিবাদত স্বদেশী
আন্দোলনৰ টাইমলাইন
১৯০৪:- ১৮ ফেব্ৰুৱাৰী:-
কার্জনে ঢাকাত জনসভা অনুষ্ঠিত কৰি ইছলাম ধর্মীয় জনগনক হিন্দুসকলৰ বিৰুদ্ধে মাৰবান্ধি
থিয় হ’বলৈ আহ্বান৷ ভংগ বিভাজনৰ সপক্ষে জনমত গঠন৷
৬ জুলাই: সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কৃষ্ণকুমাৰ মিত্ৰই ‘বংগৰ সর্বনাশ’ নামৰ নিবন্ধ
লিখি জনতাক আলোড়িত কৰে৷
১৯০৫:- ৬ জুলাই:- জাতীয়
কংগ্ৰেছৰ প্ৰতিনিধি লালা লাজপত ৰায় আৰু গোপালকৃষ্ণ গোখলে লণ্ডনত উপস্থিত হৈ বংগ ভংগ
আচঁনি পৰিত্যাগ কৰিবলৈ চৰকাৰক আৱেদন৷ গোখলে চৰকাৰক ‘নাইটহুড’ উপাধি ঘূৰাই দিছিল৷
১৪ জুলাই:- বংগভংগৰ বিৰুদ্ধে খুলনাত (বাগেৰবাৰী)ত প্ৰথম প্ৰতিবাদী সভা৷ অংশগ্ৰহণ
কৰিছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, মতিলাল ঘোষ, দ্বিজেন্দ্ৰলাল মিত্ৰ৷ ১৬ আৰু ১৭
জুলাইত কিশোৰগঞ্জ আৰু পাবনাত প্ৰতিবাদী সভা৷
১৮ জুলাই:-ৰিপন কলেজ (বর্তমান সুৰেন্দ্ৰনাথ কলেজ) ৰ ছাত্ৰসকলে শ্ৰেণীকোঠা ত্যাগ
কৰি আন্দোলনত অংশগ্ৰহণ৷
১৯ জুলাই:-
বংগভংগৰ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ পোৱাত পিছদিনা (২০ জুলাই) দিনাজপুৰত বিশাল প্ৰতিবাদী
সভা৷
৩১ জুলাই:- ৰিপন কলেজৰ নেতৃত্বত কলিকতাৰ সকলো স্কুল-কলেজৰ ছাত্ৰই আন্দোলনৰ প্ৰতিবাদী
সভাত অংশগ্ৰহণ৷ কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন৷
৬ আগষ্ট:- ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বানত কলিকতাত ‘বংগ জাতীয় বিদ্যালয়’ প্ৰতিষ্ঠা৷
৭ আগষ্ট:- মহাৰাজা মণীন্দ্ৰচন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন
হলত প্ৰতিবাদী সভা৷ ছাত্ৰসকলে সভাত মুকুন্দ্ৰ দাসৰ ‘হে বংগ জননী, স্বর্ণ প্ৰসবিনী..’
গীত পৰিৱেশন৷ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ‘ছাত্ৰ সংসদ’ গঠন৷
২৩ ছেপ্তেম্বৰ:- কলিকতাৰ ৰাজাবজাৰত হিন্দু মুছলীম সকলোৱে প্ৰতিবাদী
সভাত অংশগ্ৰহণ৷ সভাপতি কৰিছিল আব্দুল ৰছুলে৷ উপস্থিত আছিল হালিম গজনবী, লিয়াকৎ হুছেইন
আদি৷ ঐতিহাসিক পদযাত্ৰা৷
১০ অক্টোবৰ:- ভাৰত চৰকাৰৰ মুখ্য সচিব আৰ এইচ কার্লাইলে জাননী জাৰি
কৰি ছাত্ৰসকলক আন্দোলনত ভাগ নলবলৈ আহ্বান জনায়৷
১৬ অক্টোবৰ:- শোকদিৱস পালন৷ (বছৰজোৰাকৈ পালন) * ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদীৰ প্ৰস্তাৱত সেইদিনা বংগদেশত
পাকঘৰ বন্ধ ৰাখিছিল৷ * হিন্দু-মুছলমান উভয়ে ৰাখীবন্ধনত অংশ লৈছিল৷ * স্বদেশী বস্তু
ব্যৱহাৰৰ প্ৰস্তাৱ আখৰে আখৰে গ্ৰহণ৷ ছাত্ৰ সংগ্ৰাম সমিতিৰ নিদের্শমর্মে বংগভংগ উঠাই
নোলোৱা পর্যন্ত খালী ভৰিৰে বিদ্যালয়লৈ অহাযোৱা কৰাৰ সিদ্ধান্ত৷ * আৱেলি হৰতাল পালন৷
দোকান পোহাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান, বাছ-ট্ৰাম বন্ধ৷ * আনন্দমোহন বসুৱে (জাতীয় কংগ্ৰেছৰ
১৮৯৮ৰ সভাপতি) সকলোকে আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান জনায়৷
৪ নৱেম্বৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিকবাৰীত অনুষ্ঠিত
ছাত্ৰসভাত ‘এণ্টি চার্কুলাৰ ছ’চাইটী' গঠন ৷
৮ নৱেম্বৰ:- ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন৷
১৭ ডিচেম্বৰ:- আৰ চি দত্তৰ সভাপতিত্বত বাৰাণসীত অনুষ্ঠিত ‘ভাৰতীয়
উদ্যোগ সন্মিলন’ত স্বদেশী উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তা সর্ম্পকে দেশবাসীক সজাগ কৰিছিল৷
১৯০৬:- ১১ মার্চত ৰাসবিহাৰী
বসুৰ অধ্যক্ষতাত ‘জাতীয় শিক্ষা পৰিষদ’ গঠন৷
১৩ এপ্ৰিল:- লর্ড মিণ্টোৱে মুছলমান জনগণ সুকীয়া ৰাজনৈতিক সা-সুবিধা
প্ৰদানৰ ইংগিত প্ৰদান৷
১৫ আগষ্ট:- বংগীয় জাতীয় মহাবিদ্যালয় অৰবিন্দ ঘোষৰ অধ্যক্ষতাত
স্থাপন৷ ১২ ডিচেম্বৰত বিশ্ববিদ্যালয়লৈ উন্নীত৷
১ অক্টোবৰ:- আগা খাঁৰ নেতৃত্বত ৩৫ জনীয়া মুছলমান সঁজাতী দলে চিমলাত মুছলমানৰ সুকিয়া
সাংবিধানিক অধিকাৰ বিচাৰি মিণ্টোৰ ওচৰত আৱেদন দাখিল৷
৩০ ডিচেম্বৰ:- ঢাকা ৰাজদৰবাৰত নৱাব ছলিমউল্লাৰৰ সভাপতিত্বত অনু্ষ্ঠিত
সভাত ‘সর্বভাৰতীয় মুছলিম লীগ’ গঠন৷
কলকাতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ সভাত সভাপতি দাদাভাই
নৌৰজীয়ে প্ৰথমে ‘স্বৰাজ’ দাবী উত্থাপন কৰে৷
১৯০৭:- অবনীন্দ্ৰনাথ ঠাকুৰৰ
প্ৰচেষ্টাত ‘বংগীয় কলা পৰিষদ’ গঠন৷ পাশ্চাত্য প্ৰভাৱমুক্ত নিভাঁজ ভাৰতীয় চিত্ৰকলাৰৰ
সাংস্কৃতিক ভেটি গঠন৷ ‘বংগ মাতা’ ছবি অংকন৷ সেইখন ছবি ভগ্নী নিবেদিতাই ‘ভাৰত
মাতা’ ৰূপ প্ৰদান কৰে৷
১৯০৯:- মর্লে-মিণ্টো সংস্কাৰ
আইন অনুসৰি মুছলমানসকলৰ বাবে পৃথক নির্বাচনৰ সুবিধা৷
১৯১০:- মার্চত মুছলিম লীগৰ কার্যালৰ ঢাকাৰ পৰা লক্ষ্নৌলৈ
স্থানান্তৰিত৷
১৯১১:- ইংৰাজ চৰকাৰে ১২ ডিচেম্ববৰত
বংগ ভংগ একত্ৰিকৰণ কৰিবলৈ বাধ্য৷ ফলাফল-
ক)
জাতীয় কংগ্ৰেছৰ যোগেদি স্বদেশী আৰু স্বৰাজৰ দাবীত সমগ্ৰ ভাৰতবাসী একত্ৰিত হোৱাৰ সুযোগ৷
একমাত্ৰ গণসংগ্ৰামৰ মাদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ’ ধাৰণা গাঢ়৷
খ)
অসম মুখ্য আয়ুক্তৰ তলতীয়া প্ৰদেশত পৰিণত৷
গ)
অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰিত৷
ঘ)
ভাৰতবর্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ৷
তথ্যকোষ
ক) কাকত আৰু দম্পাদক:-
১. বেংঙ্গলী (সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, ১৯০৪) ২. সঞ্জীৱনী (কৃষ্ণকুমাৰ মিত্ৰ, ১৯০৬) ৩. হিতবাদী (কালীপ্ৰসন্ন কাব্যবিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণ,
১৯০৫) ৪. যুগান্তৰ (ভূপেন্দ্ৰনাথ দত্ত, ১৯০৬/
ক্ষুৰধাৰ সমালোচনা লিখা বাবে সম্পাদকল পুলিচে কঠোৰ শাস্তি দিছিল৷ মাতৃ ভুবনেশ্বৰী দেৱী
(স্বামী বিবেকানন্দৰো মাতৃ) য়ে দুখ নকৰি সকলো নাৰীক আন্দোলনত ভাগ লবলৈ আহ্বান জনাইছিল)
৫. সন্ধ্যা (ব্ৰক্ষ্মবান্ধব উপাধ্যায়, ১৯০৬) ৬. দি ডন (সতীশ চন্দ্ৰ মুখোপাধ্যায়, ১৯০৬/ সম্পাদকে
ৰবীন্দ্ৰনাথ আাৰু চাৰুদাস বন্দ্যোপাধ্যায় লগ লাগি ছাত্ৰ সকলৰ মনত দেশাত্মক বোধ সৃ্ষ্টি
কৰিবৰ বাবে ‘ডন ছ’চাইটি গঠন) ৭. সু-প্ৰভাত (কুমুদিনী
মিত্ৰ, ১৯০৬/মহিলা আলোচনী) ৮. বন্দে মাতৰম (অৰবিন্দ
ঘোষ, ১৯০৫) ৯. সৰলা দেৱী চৌধুৰণী (ভাৰতী, ১৯০৭)
খ) নাটক:- ১. পলাশীৰ পায়চিত্ত
(ক্ষীৰোদ প্ৰসাদ),২-৩. চিৰাজউদ্দৌলা আৰু মিৰ কাছিম (গিৰীশ ঘোষ), ৪ চাব্বাস বাঙালী
(অমৃতলাল বসু), ৫. বংগৰ অংগচ্চেদ (অমৰেন্দ্ৰ নাথ দত্ত)
গ) গ্ৰন্থ:-
জাপানী বীৰ (স্বর্ণকুমাৰী দেৱী) ২. জয়
সংগীত (প্ৰমথনাথ ৰায়চৌধুৰী ৩. নব্য ভাৰত (কীতিকচন্দ্ৰ দাশগুপ্ত) ৪. বংগলক্ষীৰ ব্ৰতকথা
(ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদী)৷






4 মন্তব্যসমূহ
ছাত্ৰ ছাত্ৰী উপকৃত হ'ব।
উত্তরমুছুনআপোনালোকৰ স্কুলৰ শিক্ষার্থীসমূহক লিংকটো দি দিব
মুছুনবৰ ভাল হৈছে ছাৰ। বেছিসংখ্যক ছাত্ৰ-ছাত্ৰীক উপলব্ধ কৰোৱাব পাৰিলে সুফল পোৱা যাব।
উত্তরমুছুনশ্বেয়াৰ কৰিব শিক্ষাৰ্থী সকলৰ গ্ৰুপত
মুছুন