কিতাপ ৯৮৮১

 

        অসীমত যাৰ হেৰাল সীমা- কাঞ্চন বৰুৱা

প্ৰথম প্ৰকাশ- ১৯৪৫/ জাহ্নবী প্ৰকাশন/ বেটুপাত- বিজয় কৃষ্ণ মণ্ডল



               ভূৱন মোহন বৰুৱা বা কাঞ্চন বৰুৱা৷ জন্ম ১৯১৪৷ পিতৃ-মাতৃ- ভৈৰৱ বৰুৱা আৰু স্বর্ণলতা বৰুৱা৷ ১১ জন ভাই ভনীৰে গঠিত পৰিয়াল৷ শ্বিলঙৰ লাবানৰ সাবিত্ৰী কটেজত বসবাস কৰিছিল৷ অইল ইণ্ডিয়াত চাকৰি কৰি কৰি ১৯৪৮ শ্বিলঙলৈ যায়৷ তাত সৰল গছৰ টার্পিন তেলৰ কাৰখানা এটা স্থাপন কৰে৷ অবিবাহিত লোকজন জনচক্ষুৰ পৰা আতঁৰত থাকি ভাল পাইছিল৷ হবি আছিল বিভিন্ন ৰঙৰ জোতা সংগ্ৰহ কৰি নিতৌ পলিচ কৰি চিকচিকাই ৰখা৷ প্ৰকাশিত অনান্য উপন্যাস সমূহ হৈছে, অশান্ত প্ৰহৰ (দ্বিতীয় মহাসমৰৰ কাহিনীক লৈ), উমিলাৰ চকুলো ( চীনা আক্ৰমণক কেন্দ্ৰ কৰি) পুৱতি তৰা, গ্ৰহান্ত, মৌনপুৰী, ফেন, সহযাত্ৰী, জোনবাইৰ দেশত, নিৰর্থক, প্ৰতিমাই পালে জানো প্ৰাণ, সাতসৰী, চান্দদোবাৰ, মৃগয়া, কুৱৰীৰ দেশ, জয়ামহল, মৃত-বিহংগ, সুবর্ণবলয় আদি৷ লক্ষ্নীৰাম বৰুৱাক লৈও তেখেতে এখন গ্ৰন্থ লিখিছিল৷ প্ৰথম অসমীয়া সাংবাদিক কল্পনা (বৰুৱা) গুপ্তা, আৰু শিল্পী বন্দনা বৰুৱা তেখেতৰ ভগ্নী৷ ফুনু বৰুৱা আছিল তেখেতৰ মোমায়েক৷ পেচাগতভাৱে কাঞ্চন বৰুৱা চিত্ৰশিল্পী হিচাপেও পৰিচিত৷ তেওঁ অকা ছবি বিমলা প্ৰসাদ চলিহাই চৰকাৰী ভাৱে ক্ৰয় কৰিছিল৷ ৬ ফুট উচ্চতাৰ ব্যক্তিজনে ছ্যুট বুট টাই পৰিধান কৰিছিল৷ তেওঁ চিৰকুমাৰ হিচাপে কটাইছিল৷ ছদ্মনাম গ্ৰহণ কৰাৰ আঁৰত আছিল মাতৃ স্বর্ণলতা৷ মাতৃয়ে বহুতো কিতাপ পঢ়িছিল৷ ভূৱন মোহনৰ ভয় জানোছা তেওঁ লিখা প্ৰেমৰ কিতাপ বোৰ মাকে পঢ়ি গম পাব সেয়েহে নাম ল’লে ‘কাঞ্চন’৷ লিখাৰ পিছত উপন্যাসৰ পাণ্ডুলিপি ড্ৰয়াৰত ভৰাই ৰাখিছিল৷ চাহখেতিয়ক জয়ন্ত কুমাৰ বৰুৱাই নিহে প্ৰেছৰ মুখত দিয়াইছিল৷

ভূবন মোহন বৰুৱা

ভূবন মোহন বৰুৱা


জীৱনৰ শেষৰ ফাললৈ অকলশৰীয়া অনুভৱ কৰি বহুতো চিগাৰেট সুপিছিল৷ মৃত্যু ১৯৯৮ চনৰ ১০ মে৷ জ্যোতি প্ৰকাশনে উপন্যাসখনৰ ২২ টা সংস্কৰণ প্ৰকাশ কৰিছে৷ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ১৫ জুলাই ১৯৪৫ চনত৷ ডিগবৈত চাকৰি কৰি থাকোতেই লিখা এইখন উপন্যাসিকৰ প্ৰথম সৃষ্টি৷ কিতাপ আকাৰে প্ৰকাশৰ পূর্বে ইয়াৰ কাহিনীক লৈ ‘মীনাকাঞ্চন’ নামৰ এখন নাটক লিখিছিল৷ ৭০ দশকলৈকে উপন্যাখন জাহ্নৱী বৰুৱা নামৰ অখ্যাত মহিলাই ছদ্ম নাম লৈ লিখিছিল বুলিয়েই ভৱা হৈছিল৷ এই জনপ্ৰিয় উপন্যাসখন প্ৰথমবাৰ শিৱসাগৰৰ জাহ্নৱী প্ৰকাশন গোষ্ঠীয়ে ছপা কৰিছিল৷ প্ৰকাশক জয়ন্ত বৰুৱা৷ প্ৰকাশন টোৰ নাম লেখকৰ আইতাকৰ নামৰ সৈতে একে৷ তেওঁ আছিল আকৌ লক্ষ্মীৰাম বৰুৱাৰ পত্নী জাহ্নৱী বৰুৱা ৷ লক্ষ্মীৰাম বৰুৱাক আধাৰ কৰি ‘সুৰ দেউলৰ পূজাৰী’ গ্ৰন্থখন লিখিছিল৷ লেখকে অসীমত যাৰ হেৰাল সীমা উপন্যাসখন উৎসর্গা কৰিছিল বিয়াল্লিছৰ গণ বিপ্লৱত নিহত হোৱা মুক্তিকামী সৈনিকসকল পূণ্য স্মৃতিত৷

জনপ্ৰিয় উপন্যাসখন আৰম্ভণি হৈছে, “এখন কঁপি থকা ৰামধেনু। হয়তো কোঠাটোৰ কোনোবা দাঁতিত থকা বিশেষ আকৃতিৰ পানী গিলাচৰ ওপৰত, দুৱাৰেদি চুৰি কৰি সোমোৱা ৰ'দচেৰেঙা পৰিছেহি, তাৰ প্ৰতিবিম্বটো ৰামধেনুৰ সাতোটা ৰং গাত লৈ পৰিছেগৈ ওচৰৰ বেৰখনত, তাতে গঢ়ি তুলিছে এখন কঁপি থকা ৰামধেনু৷ ”

শেষ হৈছে, নাও এৰি দিলোঁ। নাজানো দিহিঙৰ বুকুত নে কাঞ্চনমতীৰ প্রথম সোঁতত। শেষবাৰলৈ ঘূৰি চালো ওচৰৰ আঁহতজোপালৈ। চকুত পৰিল তাৰ গুৰিৰ নিমজ পিঠিত কবিবৰে কটাৰীৰে লিখি অহা কেঁচা আখৰকেইটা- "অসীমত যাৰ হেৰাল সীমা৷”

সকলো প্ৰজন্মৰ প্ৰিয় এখন উপন্যাস "অসীমত যাৰ হেৰাল সীমা উপন্যাসখন কেনেকৈ সৃষ্টি হৈছিল তাৰ আঁৰৰ কাহিনী বৰুৱাই এটা বিশ্বজিৎ বৰুৱাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে কৈছিল,

 যুগসৃষ্টিকাৰী উপন্যাস ‘অসীমত যাৰ হেৰাল সীমা' খন আপুনি কেতিয়া আৰু কি পৰিবেশত লিখিছিল?

ডিগবৈত অইল ইণ্ডিয়াৰ ষ্টাইপেণ্ড এটা লৈ চাকৰি কৰি থাকোতেই লিখিছিলো। চেঙেৰা বয়সতে লিখা কিতাপ সেইখন।

এনে এখন কিতাপৰ কাহিনীটো কল্পনা কৰাৰ বাবে প্ৰেৰণা কেনেকৈ পালে?

ডিগবৈত ইংৰাজী চিনেমা এখন চাইছিলো। খুউব ইমপ্ৰেছিভ আছিল। সেই চিনেমাখন চায়েই ভাবিছিলো- ঐতিহাসিক কোনো কাল্পনিক কাহিনী লৈ যদি অসমীয়া ভাষাতো এখন চিনেমা ওলায়, তেন্তে খুউব ভাল হয়। অকনমান কল্পনা কৰিছিলো। সেয়াই এচেট, কল্পনা খিনিলিখি ল'লো।

কোনখন চিনেমা আছিল?

এহ, নাম পাহৰিলো৷ প্ৰত্যেক দেওবাৰে ৰাতিপুৱা চিনেমা চাবলৈ যাও৷ অসংখ্য চিনেমা৷ হঠাৎ কোনখনে বা কি বস্তু বা ঘটনাই মনৰ মাজত ৰেখাপাত কৰি যায় কোনেও কব নোৱাৰে৷

এফালৰ পৰাই লিখি গৈছিল নে?

নহয়, কিতাপখনৰ শেষ অধ্যায়টোহে আগতে লিখিছিলো। মই তেনেকৈ লিখোঁ। চিনেমাৰ ছিকুৱেঞ্চৰ নিচিনাকৈ জঁপিয়াই জঁপিয়াই লিখোঁ।

সাতসৰী আলোচনীৰ কাঞ্চন বৰুৱা সংখ্যা


পিচত সংযোগ কৰিবলৈ অসুবিধা নহয়নে?

[হাঁহি] নহয়, কিয়নো যোগটো কৰিব জনোৱেই। অলপ কিবা কৰি সমুৱাই মিলাই পেলাও। বিয়োগ কৰিবহে নাজানো, সেয়ে কাহিনীটো দিঘলীয়া হল৷

কিতাপখন একেলেথাৰিয়েই লিখি গৈছিলনে?

শেষ কৰোঁতে ন মাহ মান লাগিছিল। পিচে তাৰ মাজে মাজে সৰু সৰু গল্প কিছুমানো লিখি গৈছিলোঁ। সেইবোৰ মৃগতৃষ্ণা নামৰ গল্প সংকলনটিত সোমাইছিল ।

কিতাপখন লিখি শেষ কৰাৰ কিমান দিনৰ পিছত প্ৰকাশ পালে?

নাই, বহু বছৰ পৰি থাকিল। এদিন টেবুলতে পালে মোৰ এজন আত্মীয় গুৱাহাটীৰ জে. কে বৰুৱাই। তেওঁ নি প্ৰকাশ কৰিলে। তেওঁ নোপোৱাহেঁতেন মোৰ লেখক জীৱনৰো তাতেই ইতি পৰিলেহেঁতেন ।

চালিম এম হুছেইনে কৰা ইংৰাজী অনুবাদ


 কিতাপখন ডিগবৈতে লিখা?

 হয়। (উৎস:- তিনিদিনীয়া অগ্ৰদূত, ১৯৮৭/ বিশ্বজিত বৰুৱাৰ ফেচবুক)

একটি মন্তব্য পোস্ট করুন

2 মন্তব্যসমূহ

  1. কাহিনীৰ বিষয় বস্তু পাঠকৰ স্বঅধ্যয়নৰ বাবে এৰিলে নেকি ? এইখন নপঢ়া খুবেই কম মানুহ ওলাব। গতিকে লেখাটো ঠিকেই হৈছে বুলিব পাৰি।

    উত্তরমুছুন