আখৰৰ জখলা- নৱকান্ত বৰুৱা
লর্য়াছ বুক ষ্টল/ প্ৰথম প্ৰকাশ-১৯৭৭/ দ্বিতীয় লর্য়াছ সংস্কৰণ-
১৯৯৭৷
মূল্য- ১২.০০/ মুঠ পৃষ্ঠা-৩৫
নৱকান্ত বৰুৱা

নৱকান্ত বৰুৱাই শিশুৰ বাবে লিখা এইখন কিতাপত সন্নিবিষ্ট কাহিনী
কেইটা হৈছে- আখৰৰ জখলা; ঈশ্বৰচন্দ্ৰ ওৱাচিংটন; মেজিক; অঙ্ক-জঙ্ক-পঙ্ক; প্ৰমাণী দৰৱ;
কবিতাৰ দেশ; শব্দ নিৰুদ্দেশ আৰু ৰক্ত বদন ৰজা৷ কাহিনীকেইটাৰ নায়ক জোন৷
কিতাপখনৰ পৰা দুটা গল্প
ক) কবিতাৰ দেশ
আকৌ শব্দ৷ কেউফালে
সোঁ-সোৱনি৷ বতাহ নে এৰোপ্লেন বুজিব নোৱাৰি৷ যেন শই শই হেজাৰে হেজাৰে চিলনীহে উৰি আহিছে৷
চিলনীয়ে কাণ নিয়ে বুলি কাণ দুখন ঢাকি জোনে ভয়ত ইফালে সিফালে চালে৷ ওহোঁ, ক’তো একো নাই৷
মাথোন অলপ আঁতৰতে গছৰ তলত বহি মানুহ এটাই হাতত থকা ফুল এটাৰ ফালে চাই কিবা কিবি ভাবি
আছে৷ মানুহটোৰ চুলি দীঘল, চুৰিয়া দীঘল, পঞ্জাবী দীঘল—সকলো দীঘল৷ মানুহটোৱে জোনৰ ফালে
চাই কোমলকৈ সুধিলে- ভয় খাইছা নেকি মইনা ? ভয় নাই৷ এইবোৰ হ’ল ফুলৰ ৰেণু ! ফুলৰ ৰেণু
বতাহত উৰি আহে নহয়—কবিতাত পোৱা নাই জানো ?” এই বুলি তেওঁ দীঘল বহী এখন উলিয়াই গাবলৈ ধৰিলে—
“বতাহত উৰি ফুলৰ ৰেণুৱে
অচিন দেশৰ বাতৰি কয়
সেই বাতৰিৰ আভাস পালেই
গোটেই জগতে উতলা হয়৷”
জোনে আকৌ এই কবিতাবোৰ অকণো ভাল নেপায় তাত জোনহঁতৰ নিজৰ কথা একোৱেই
নেথাকে৷ সেই বাবে “অ’ বুজিছোঁ বুজিছোঁ” বুলি লাহেকৈ আঁতৰি আহিব খুজিলে৷ তেনেতে আকৌ
শব্দ৷ এইবাৰ কিবাকিবি ভগাৰ শব্দ৷ মেটেক্, মেটেক্, খুট্- হুৰুম ! জেওৰাইনে গছৰ ডালেই
নে ঘৰ দুৱাৰেই- কি ভাগিল জানো ! ঘূৰি চাই দেখে মানুহজনে বুকুত হাত দি সেহাই সেহাই গাইছে—“তুমি
গুচি গ’লে হিয়া ভাগি যাব৷” জোনে বুজিলে জেওৰা বা ঘৰ নহয়- মানুহজনৰ হিয়াহে ভাগিছে৷ কি
যে আচৰিত এই পদ্য লিখা মানুহবোৰ৷
তাৰ পিছত কিন্তু
আৰু অদ্ভুদ! এইবেলি গান৷ দুম তানা না না সা ৰে গাম ৰে সা- গাধা দাধা! তানপুৰাৰ মেওঁ
মেওঁ!
সাৰেঙ্গৰ কেওঁ
কেওঁ—বাঁহীৰ পিউ পিউ—তবলাৰ গদি গেনেধা! ধুপ ধুপ! কোনোবাই ওস্তাদী গান গাইছে৷ কিন্তু
মাতটো যে ক’ৰপৰা আহিছে জোনে উলিয়াব নোৱাৰিলে৷ আকৌ মানুহটোৰ ফালে চাওঁতে মানুহটোৱে মিচিক
কৰে হাঁহি বহীৰ পাত লুটিয়ালে
“গছৰ ডালত বিবিধ চৰায়ে
শুৱলা সঙ্গীত গায়!”
মূৰৰ ওপৰত থকা আমগছ জোপাৰ ডালটোৰ
ফালে চাই জোনে দেখিলে দহিকতৰাই বাঁহী বজাইছে, ঘৰ শালিকাই তানপুৰা বজাইছে- কোঢ়া চৰায়ে
বজাইছে তবালা আৰু সখিয়তীয়ে গাইছে গান! সকলোবোৰ মিলি এটা হুলস্থূল কাণ্ড !
ওহোঁ ওহোঁ কবিতাৰ দেশত থাকিব নোৱাৰি৷
কেৱল শব্দ আৰু শব্দ৷ “মোৰ কাণ ফাটি যাব- মোৰ কাণ ফাটি যাব- মোৰ কাণ ফাটি যাব—” বুলি
চিঞৰি চিঞৰি জোন লৰি লৰি যাবলৈ ধৰিলে৷ কিছুপৰৰ পিছত দেখিলে জোনে চিঞৰিয়েই আছে—অথচ শব্দটো
নাই৷ জোনে অইন কিবা কথা ক’বলৈ চেষ্টা কৰিলে৷ ওহোঁ শব্দ নাই৷ জেপত থকা মাউথ অর্গেনটো
বজাব খুজিলে- ওহোঁ তাৰো শব্দ নাই৷ এনেকৈ মাতটো নাইকীয়া হৈ গ’লেটো বৰ বিপদ৷ জোনে সুহুৰিয়াই
চালে, কথা কৈ চালে, “কেনেনো জোনাক ৰাতি চোৱা আজি ভাই” পদ্যটো গাই চালে_ ওহোঁ শব্দ নোলাল৷
ভয়ে ভয়ে আগবাঢ়ি গৈ জোনে এখন নোটিচ দেখা পালে৷ তাত ভোটোকা ভোটোক আখৰেৰে লিখা আছেঃ
খ) “শব্দ নিৰুদ্দেশ”
আৰু তাৰ তলতে কিবাকিবি কিছুমান লিখা৷ জোনে পঢ়িলে (শব্দ যদিও
নোলাল)
শব্দ নামৰ ল’ৰাটোচোন আজি হেৰাল হঠাৎ
পলালেইনে ছুটি লৈ গ’ল গাজির্য়েনে মতাত ?
পঢ়াশালিত মাণিকচাৰে যিমান কথা ক’লে
গোঁফ কোঁচাহে লৰি উঠা ল’ৰাই দেখা পালে৷
সৌকাডালৰ মাত নুশুনি, বুজি, পৰিলে গাত
পিৰিয়ডটোও শেষ যে নহয়- ঘণ্টাৰ নহলে মাত!
আজি কাৰো পদ্য মতাত নহ’লে গণ্ডগোল
শব্দই যদি শুনা নেপায়, ধৰিব কোনে ভুল ?
মিনাৰামটো বৰ কথকী, আগতেল খোৱা বাঘৰ
দিলখুলি সি কথা পাতিছে কৰি চিঞৰ বাখৰ৷
মস্কিল হ’লঃ চিঞৰটো তাৰ কেৱল দেখাহে পায়
কোনোৱে তাৰ কথাৰ একো অর্থ বুজা নাই৷
কোনেও যদি নুশুনিলে- চাৰৰো নুঠিল খং
কথাপতাত কিনো আৰাম ? নাই অকণো ৰং!
বেলিবহাত ইস্কুল ভাগিল গৈয়েই দেখোঁ ঘৰত,
শব্দ-পেহীৰ আজি হেনো একাদশীৰ বৰত৷
সেই কাৰণে ঘৰখনতো শব্দৰ শ’টো নাই
ভাইটিহঁতৰ দন্ আছে, নাই উৰুমি হাই৷
জোন মইনাৰ ছেছাইৰিয়ে সৰায় গছৰ পাত
কাষত বহিও বাইদেৱেকে নেপায় শুনা মাত৷
বৰদেউতা ভোৰতালেৰে প্ৰসং কৰাত মাতাল
তাত দুপাতত ফাঁট মেলাতো, গোটেই জগত নিতাল৷
চাহ বিচাৰি মাহী আইতাক জনাব খোজোঁ আপীল
কথাই নেপালে কাণ ছুবলৈ মোৰ মুখতে থাকিল৷
এচাৰ বিচাৰি আলমাৰিটো কৰিলোঁ পাত পাত
কাঁহীবাটিবোৰ পৰি ভাগিল- নোলাল হ’লে মাত৷
আইতাহঁতেও গম নেপালে৷ পলাই পালো বাট
মটৰখনে ব্ৰেক কৰিলে, ভাগ্যে নুঠিল গাত৷
ড্ৰাইভাৰটোক গালি পাৰিলোঁ “কটা নেদেখ কণা ?”
ঠাৰে চিঞাৰে সি বুজালেঃ একোকে নাই শুনা
হর্ণত থকা টেনিচ বলত হেজাৰ পৰক হেঁচা
শব্দ দেখোন একো নোলায় এক্কেবাৰে
চেঁচা!
পঢ়াশালিত, ঘৰট, বাটত শব্দৰ নাই লেশ
ঠিক বুজিলোঁ “শব্দ-মছাই” সচাঁই নিৰুদ্দেশ৷
তাৰপিছতো কিমান কথা, কিমান কাণ্ড ঘটিল
দিনক দিনে সমস্যাটো আৰু হে হ’ল জটিল৷
পতানী
বাইৰ গালি হেৰাল, আতৈৰ হেৰাল নাম
হোঁকাৰ
গুচিল টোৰোক টোৰক, (গ’ল) গানৰ চাৰৰ কাম৷
গান
বাজনা তেনেই হেৰাল—থাকিল মুখহে মেলা,
বেহেলাৰ
সেইবাবে হ’ল বেডমিণ্টন খেলা!
জাতিসঙ্ঘৰ
কামত হ’লে বহুত বাঢ়িল স্পীড্ (Speed)
নাইকীয়া
হ’ল সভ্যবোৰৰ কথা কোৱাৰ জিদ্৷
বৈজ্ঞানিকৰ
সভা বহিল- তাতে মহা লেঠা
বোবাৰ
দৰে কবলাগে ঠাৰে চিঞাৰে কথা!
শব্দ-বেজি
ওলাব হেনো বি, চি, চি -ৰ দৰে
শব্দবিহীন
তাৰেই কথা গোটেই ঘৰেপৰে!
শব্দ
হেৰাল, মহা আপদ, একো উপায় নেপাই
সম্পাদকে নোটিচ দিলে ছপাই৷
হুলিয়া
জাৰী কৰিবলৈ কর্ত্তৃপক্ষক ক’লে,
শব্দবিহীন
বক্তৃতাৰে কাগজ কেনেকৈ চলে ?
বৰ চাহাবে
চমন দিলে, পুলিচ চাহাবে স্পাই
ক’লেঃ
“শব্দ আচামীটাকে ধৰে আনা চাই৷”
পুলিচ
ওলাল, পিয়াদা ওলাল, ওলাল চাহাব নিজে
ৰাইজো
ওলাল, যুটীয়াকৈহে ডাঙৰ সকাম সিজে!
হাবি
বননি চলাথ কৰিলেঃ নট টু বি ফাউণ্ড্…
নেতাসকলে
আলচিলেঃ নিশ্চয় আণ্ডাৰ গ্ৰাউণ্ড্…
আচলে
সি ক’তনো আছিল! আহাছো কওঁ কাণত
মনৰ
দুখত পলাই সোমাই আছিল অভিধানত৷
মানুহ
মখাই কথাহে কয় নেভাবে তাৰ মানে
সেই
কাৰণে খং হেনো তাৰ- ক’লে কাণে কাণে৷
0 মন্তব্যসমূহ